সমললৈ যাওক

ভাগ্যপৰীক্ষা/দ্বিতীয় অঙ্ক: দ্বিতীয় দৃশ্য

ৱিকিউৎসৰ পৰা


২য় দৃশ্য—বজাৰৰ ওচৰৰ আলি।

(গেন্ধেলা ওজা আৰু জলহু ভকতৰ প্ৰবেশ)

জলহু— ইস, ৰাম ৰাম! ৰাম ৰাম! দেউ, নগৰখন এনে বুলি জনা হলে, ইয়াক চাবলৈ মই সত্ৰৰপৰা খোজকে নলৰালোঁহেতেন।
গেন্ধেলা— কিয়? কিনো বেয়া দেখিলাঁ?
জল— আকৌ সুধিছেহে? এইখন দেশত থাকিলেনো আৰু মানুহৰ জাত থাকে নে? আমি হিন্দুস্থানী মানুহ ইয়াত কেনেকৈ
থাকিম? বজাৰখন মই ভাবিছিলোঁ, বোলে। আমাৰ সত্ৰৰ ওচৰত থকা, গোবান্ধ মল্ কেয়াঁৰ গোলাখনৰ দৰেই হ’বলা; সেয়ে চাগৈ ডাঙৰ। পাচে দেখোন, চিৰাই পিঠা, মাছে শাকে, চাউলে পাতে, গোটেইখন একেকঠি! এইখন বজাৰৰ বস্তু খালে আৰু জাত ক’ত থাকিব, দেউ?
গেন্ধে— এৰা, নগৰমাটি ঠাই নহয়? ইয়াত অমাৰ সত্ৰৰ সমান বাছ-বিচাৰ নাই।
জল-- গৰু ম'হ চৰাবলৈ যি ঠাই নায়েই, আন কি ফুৰা হবলৈকো ক’তো এচমকা ঠাই নাই। আমি হলে, ইয়াত বান্ধি থ’লেও থাকিব নোৱাৰে। আমাক উদাসীন “বৈষ্টও মানুহক, ঘাইকৈ লাগে গৰু ম'হৰ খুটি আৰু তাৰ পাচতে হৰিনাম। ম’হটো থিয় কৰিবলৈ ঠাই নেপালে, আমি ইয়াত কেনেকৈ থাকিম?
গন্ধে-- সেইটো চল আৰু ইয়াত পোৱা নহয়।
জল— মই হলে দেউ সত্ৰ পায়েই, পোনেই ভাগতী বাপুৰ বহালৈ গৈ, পৰাচিত ধেনুচেৰেক হ’ম গৈ। ছয়ত্ৰিশ জাতিৰ মানুহে- সৈতে ঠেলা-ঠেলি নকৰাকৈ ইয়াৰ বাটত এটা খোজ দিবৰ সন্ধি নাই। এটাইবোৰ বাৰবলুৱা মানুহ। গাবোৰ কিবা ভেকেটা-ভেকেট, গোন্ধায়; কি নো বিংবিঙ্গায় তৰো একো তত ধৰিব নোৱাৰে। আৰু আমাৰ দৰে পোন কথা কোৱা যিখিনি হিন্দুস্থানী মানুহ দেখিছোঁ, সিহঁতৰ আমাৰ দৰে কোজোৰা এটা নাই; আৰু পিন্ধা-উৰা, ফুৰা-চকাও আমাৰ ফালৰ হিন্দুস্থানী মানুহৰ দৰে নহয়।
গেন্ধে— এৰা, নগৰীয়া মানুহ নহয়, কি নীতি নিয়ম আছে? আৰু বিংবিঙ্গোৱাৰ যে কথা কৈছা, সেইবোৰ বিদেশী মানুহ; সিহঁতৰ কথা বুজাটো এফেৰি টান তোন। তেও বুলি হলে, মই একো মস্কিল নেপাওঁ দেই। গোঁসাইৰ মুক্তিয়াৰী কামত ফুৰোঁতে ফুৰোঁতে, যত তৰহৰ বঙ্গলুৱা কথা আছে, মই সোপাকে শিকিলোঁ। আৰু ন'হবৈ নো কিয়? মই নেদেখা দেশ নো আৰু কেইখন আছে? যেনেকি বিদেশী মানুহটো হওক, মই বঙ্গলুৱা কথা ক'বলৈ ধৰিলে, সি তবধ লাগে নহয়।
জল— দেউ, এষাৰ দিয়েক শুনালে হেতেন।
গেন্ধে— বাৰু; সময় বুজি শুনাম, থাকাঁ।
জল— আপুনি অলপ ৰ'ব। সৌটো পুখুৰী দেখিছোঁ, পানী টোপাৰ চলটো আছে, মই মুখহাত ধুই আহোঁ।
গেন্ধে— বাৰু যোৱাঁ, মই এই বাটৰ দাঁতিতে বহি. গীত এটিকে ধৰোঁ।

(বহে; জলহুৰ প্ৰস্থান)

(বৰ গীত)

ৰাগ—ধন।

“নাৰায়ণ মাগোঁ চৰণ-ৰতি তেৰা।
ই তিনি ভুবন, তুমহি বৰঠাকুৰ,
 নাহি জানত মতি মেৰা।
ভুবন চতুৰদশ কায়া ফিৰত মেৰি
 বেৰি বেৰি অন্ত নহোই।

গুৰু তাক তাক তাক ইবেৰি নাৰায়ণ
 থোৰে কৰুণা কৰ মোই।
সয়ল পাপী মহ হামে অধিকতম
 কমনে তৰিতে মেৰি আশা।
কহয় মাধৱ, হৰি তুহে পতিতগতি
 ওহি মেৰি পৰম ভৰসা।”

(মৰাপাট এমুঠি আৰু কুটা মাছ এভাগ লৈ পানীৰামৰ বেগেৰে প্ৰবেশ; মাছবিলাক সিচৰতি হৈ মাটিত পৰি যায়)
পানী— বাৰু চিলনীজনী হয়! হাতৰেপৰা মাছকেইচকল নিয়াহে!

(মাছ বোটলে)

গেন্ধে— কি হ'ল ৰাম?
পানী— এ নেদেখিছাঁ দেও; মাছকেইচকল কিনি লৈ আহিছোঁ; ক'ৰবাৰপৰা . চিলনীজনী ওলাই হাততে থপিয়াইছেহি। ৰ বাপেৰে, তোক মাছ খুৱাম।
(পাগুৰিৰ ইটো আগত মাছ বান্ধি পাগুৰিৰ ভিতৰলৈ সুমাই লয়; এনেতে বঙ্গালী বাবুৰ প্ৰবেশ)
বঙ্গালী বাবু-— (মনতে) কি মুস্কিলেই পৰেছি! আজ তিন দিন ধৰে ঘূৰে ঘূৰে, একটা চাকৰেৰ যোগাৰ, কৰে উঠতে পাল্লেম না! এখন দেখছি, চাকেৰেৰ দায়ে উপবাস্ কৰে কৰে পৈত্ৰিক
প্ৰাণটাই মাৰা যাবে। আচ্ছা, এই বেটাকে একবাৰ জিজ্ঞাস কৰে দেখা যাক। (পানীৰামৰ ওচৰ চাপি ) ওৰে, ভদ্ৰলোকেৰ বাড়ীতে চাকৰি কৰ বি? খেয়ে দেয়ে ভাল মাইনা পাবি।
পানী— ( খুটি দাঙি) এই একেটা টাঙ্গোনতে চেপেটা কৰিম। আহিছনে আকৌ?
ব-বা— (পাচ হুহঁকি) বাবা ৰে! এ অবাৰ কি?
পানী— ভালো ভালে আঁতৰ হ। সিদিনা এটাই তুঁহ-গুড়ি কিনাৰ ভাও ধৰি যি লাগে কৰিলে। আজি আকৌ এইটো ভাও ধৰি তই আহিছ? এইবাৰ নোৱাৰ ছলিব; টেঙ্গৰ হ’লোঁ।

( বেগেৰে প্ৰস্থান)

ব-ব— বেটা পাগল না কি? কি হে বাপু, এটা কি পাগল?
গেন্ধে— আমি বাটৰুৱা মনুষ্য; পাগল হয়, কি পাগল না হয়, কহিতে নেপাৰি বাবু।
ব-বা— বাঃ! তুমি তো বেশ্ বাংলা শিখেছ!
গেন্ধে— (হাঁহি হাঁহি) আমি বহুত মুলুক ফুৰিয়াছি। আপুনি কোন স্থান হইতে আহিছেন?
ব-ব— সে অনেক দূৰ; হুগলি, নাম শুনেছ হুগলিৰ?
গেন্ধে— শুকলি! মনে নপৰে? ইষ্টক ডিবুৰু, লগায়ৎ গুৱাহাটী, ইয়াৰ ভিতৰে কোনো “দেচ্” আমাৰ বাকী নাই। “শুকলি” দেখোন “চুনি” ন! কিজানি “চাগৰৰ চিপাৰে" হ’ব।
ব-বা- বটে, ঠিক্‌ ঠিক্‌; ভুলে গেছ বাপু; ত্ৰেতাযুগে যে শ্ৰীৰামচন্দ্ৰেৰ সঙ্গে সাগৰ পাৰ হয়ে দেখে এয়েছ।

( প্ৰস্থান)

(জলহুক টানি লৈ ৰাম ভজন কনিষ্টবলৰ প্ৰবেশ )

জল- হে দেউ, নিলে ঔ! নিলে! মৰিলোঁ ঔ! ধৰক ঔ!
গেন্ধে--- কি হ’ল, কি হ’ল? কথাটো কি?
জল - মই যমদুতৰ হাতত পৰিলোঁ ঔ! হে. মোক ৰাখক ঔ
ৰামভজন— অৰে চুপ্‌ ৰহো; চিলাতাহে কাঁহে? চৰ্কাৰ বাহাদুৰ পাত্থৰ লাগাকে ৰাস্তা বনায়া, তোম “প্ৰচাৱ” কনেকুৱাস্তে? হামাৰ নাম ৰামভজন চিপাহী হোৱে তো, তোমকু “দচ” ৰূপেয়া জৰিমনা কৰাকে তব্‌, চোৰেগা। চল, থানামে চল।
জল- এইটোৱে এতিয়া মোক ঠনাত’ দিবগৈ ঔ; আপোনাৰ এটাইৰে শপত, যেক “ঠেনাত” নিদিয়াব ঔ, দেউ।
গেন্ধে- তুমি বাৰু নিচিঞৰিবাচোন। “কনিষ্ঠ” বাবু, এই লোক “চত্ৰীয়।” ভক্ত হে, আচল পকা “বৈষ্টওঁ’’ হে, খালি হৰিনাম গাতাহে আৰু বৰালি মাছ আৰ. হৰিণা “পচু” ধৰ, ধৰকে খাতা হে। ম’হ গৰুৰ

খুঁটি পাতিকে, বেপাৰ কৰিকে, দুই চাৰি মহা উলিয়াইকে পুতি পুতি থৈকে, পৰৱস্তি হোতাহে। হাবি-তল্‌মে থাক্‌তাহে, “কুচ” নাহি জানতাহে, একদম্ বলধিহে। নগৰমে ইতিপূৰ্বে নাহি “আচতাহে”; ৰাস্তাকে দাতিমে “চৰু পানী চোনেচে জগৰ, লাগতাহে, এই বাত সমুলি মালুম নেপাওতাহে। পহিলা

কচুৰ বুলিকে, এৰি দেনেচে, আপ্‌কা ধৰম হে, আৰু হৰিবস্তু ৰাজকাৰ্য্যমে জয় যুগুত কৰেগা, এই বাত ধুৰুপ হে।
ৰাম— আৰে চোৰ্ দেও তোমাৰ ধৰম ঔৰ হৰিবস্তু। হাম্‌লোক পুলিচ্‌কে আদ্‌মি কভি নিমক্-হাৰামি নাহি কৰতা হে। চৰ্কাৰ বাহাদুৰকে নিমক্ খায়া, ইস্কু পাকৰ্‌কে লে আয়া; আভি তোম্ নিমক্ খিলানেচে, তোমাৰা ভি নিমক্-হাৰমি কভি নাহি কৰেগা! আৰে চল ঠানামে।
গেন্ধে— নাহি নাহি, কোনো বুধি উলিয়াইকে এৰ্‌নেচে আচ্ছা হে।
ৰাম— আৰে অচ্ছা হে, আচ্ছা হে, কেয়চে হাম চোৰেগা? কাছাৰি- মে তো “দচ্” ৰূপেয়া জৰিমানা জৰূৰ দেনে হোগা; আচ্ছা কৌন্ তক্‌লিফ্, কৰেগা. জৰিমানাকে পাঁচঠু ৰূপেয়া নিকাল, হাম হিঁয়াই চোৰ্ দেতা।
গেন্ধে— হাও! পাচ ৰূপিয়া! কাহাঁ পায়েগা?
ৰাম— দেখ, অভি হাম্ ঠানামে লে যানেচে, “দচ্” ৰোজ কাছাৰিমে আনা-যানা কৰগে, উকিল ঔৰ মহৰীলোক্‌কু যুঠ্‌ মুঠ্‌ পইচা খিলাওগে; ঔৰ্‌ তব্‌ভি পিচাৰি ‘দচ্’, ৰূপেয়া জৰিমনা হো যায়েগা। হিয়া খালি পাঁচ ৰূপেয়া ফেক, ঔৰ্‌ এক্‌দম্ আপনা ঘৰ্‌মে চলে যাও
গেন্ধে— চিপাহী বাবু, নিচেই দুখীয়া হে, পাঁচ ৰূপিয়া নাহি হে; দুই ৰূপিয়াৰ সৰহ দেনেকা “সম্ৰথ্”হীন হে।
ৰাম— আচ্ছা, দে দেও দু; জল্‌দা-জল্‌দি।
গেন্ধে— মেৰতলিমে দেখ্‌তা হে। (ৰূপ দিয়ে)
ৰাম— কুচ্ বল, মৎ কৈকু।
গেন্ধে— এঃ, এনে কথা কয় নে?
ৰাম— আভি চলে যাও।

(প্ৰস্থান)

জল— ৰূপকেইটকা নিলে (ন কি?
গেন্ধে— তাকে লৈহে আকৌ এৰি দিছে!
জল— মই ৰূপকেইটক ননা হ'লে, ই আজি মোক নিতান্ত "ঠেনাত" দিলেগৈহেতেন।
গেন্ধে— হওঁতে পুঠিত (অপঠনীয় )ন্ধিছে, বোলে— "ভকতৰ কৈত আছে ভয়”। তেও একা, মই বঙ্গলুৱা মাত কিএষাৰ জনা বাবেহে, তাৰে সৈতে মিতালিটো পাতি কমফেৰা সাধিব পাৰিলোঁ।
জল— এই বাৰৰ পৰা আৰু দেউ, নগৰ চাবলৈ মন নেমেলোঁ। এতিয়া আহক, দিনে পোহৰে ইয়াৰ পৰা আঁতৰি গৈ, এঠাইত গাঁৱাত ৰাতিটো পৰি থাকোঁগৈ। ভাল জানিবা মই মুখ-হাত ধুই, তাক হাত-মুখ ধুৱালোঁ।

(দুইৰো প্ৰস্থান)