ভাগ্যপৰীক্ষা/দ্বিতীয় অঙ্ক: তৃতীয় দৃশ্য
অৱয়ব
৩য় দৃশ্য——পানীৰামৰ চোতাল
( পানীৰামৰ প্ৰবেশ )
| পানীৰাম— | ভাল মাৰিলাঁ প্ৰভু, ভাল মাৰিলাঁ মোক! হেৰ জেতুকী-মাক কিনো কৰিছ? ওলাই আহচোন। |
| মাণিকী— | ( ভিতৰৰপৰা) মাছ গানে। বুলিছিলাঁ দেখি, মই পাচলি এমুঠি কুটিছোঁ। |
| পানী— | মাছ খুৱালে ভালকৈয়ে আৰু! হে গোসাঁই, মোক মৰা পেলালাঁ, মোক মৰা পেলালাঁ। |
(মাণিকীৰ প্ৰবেশ )
| মাণি— | কিনো হ’ল? মাছ নেপালাঁ হ’বলা? অ'! হে পাগুৰি কৰিলাঁ কি? |
| পানী— | কিনো সুধিছ মোৰ জেতুকী-মাক ঐ! মৰিলোঁ। মৰিলোঁ। ঐ, নিগমে মৰিলে।! ধনে মাছে, পাগুৰিয়ে সোপাকে একে থাপতে নিলে, মোৰ কুটুম ঐ, একে থাপতে নিলে। |
| মাণি — | ঔ আই! ক'লৈ নিলে হেঁ? |
| পানী— | হে কলৈ নিলে কেনেকৈ কম? কেনিবা উড়াই নিলে। |
| মাণি — | কিনো কয় আ্'! কোনে নিলে? |
| পানী— | চিলনীয়ে নিলে, মোৰ জেতুকী-মাক ঐ, চিলনীয়ে নিলে। |
| মাণি— | সঁচানে মিছা? ধেমালি কৰিছা নে কি? |
| পানী— | হেৰ ধেমালি কৰিবলৈ, মোক নো কি বাঘ-তেলে খাইছে? ভাল হ’ল আৰু! তয়ো তৰিলি, ময়ো তৰিলোঁ। |
| মাণি— | কিনো হ’ল ভালকৈ ভাঙ্গি পাতি কোৱাঁচোঁন। |
| পানী— | কিনো কম, কিনো শুনিবি? আমাৰ বাছক-বনীয়া কপালেৰে সাধূ কথাৰ দৰে অপুদ্ঘাত্ কথাই পালে। মাছকিচকল হাতত লৈ বাটে বাটে আহি আছে, কৰবাৰপৰা চিলনীজনী আহি হাততে থাপ মাৰি পঠিয়ালে। ভাবিলোঁ বোলোঁ হাতত নিলে, এবাৰ নহয় এবাৰ, ছেগ চাই, তই আকৌ থাপ মাৰি লৈ যাব। সেই গুণে মাছখিনি বুটলি লৈ, তোৰ চেলেংখনৰ ইটো আগত বান্ধি পেলাই পাগুৰিটোৰ ভিতৰলৈ সুমাই ল'লোঁ। পাচে আহি আছোঁ, আহি আছোঁ, কোনোবা টলকত, কেনি নো ওলালহি ততকে ধৰিব নোৱাৰিলোঁ, একে থাপেই, নখৰ আগত পাগুৰি-গছ লৈ উড়া মাৰি হেৰ জেতুকী মাক ঐ, জানিবা গুলিটোহে গ'ল! চকুৱে দেখোঁ মানে পচে পাচে খেদিলোঁ; পাঁচে কি হ’ব? চাই থাকোঁতেই নেদেখা হ'লগৈ। |
| মাণি— | ইয়াকেহে কৰিলা গৈ? সিবাৰ জানিব মই তুঁহ-গুড়ি পাচিত গৈছিলোঁ দেখি আজিলৈকে মোৰ গাতে দায় দি আছাঁ; পাচে এই বাৰ একা? |
| পানী— | আজিৰপৰা আৰু তোৰ গাত দায় দিওঁ যদি, তয়ে যি লাগে তাকে কৰিবি। মই বঢ়িয়াকৈ বুজিছোঁ, কাৰো গাত দায় নাই; দায় আমাৰ কপালত। আমাৰ কপালেৰে, “হৰিয়ে দিলেও জৰীয়ে নিদিয়ে।” |
| মাণি— | এৰা, কপাল ভাল হলে নো এনে হয় নে? |
| পানী — | উস, কটা দুবাৰকৈ এখৰাহি এখৰাহি ধন পাওঁ! দুইবাৰ নো এনে হ’ব পায় নে? এনে খন কপাল লৈ জীয়াই থকাৰ সকাম কি? (ডিঙিত কলহ বান্ধি মৰি গলে একা? |
| মাণি — | ইস্! এনে কথা ক'ব নেপায়। গ'ল গ'ল ধন; তুমি ভালে কুশলে থাকাঁ আমাক নো ধন কেলেই? আমি আগৰো দুখীয়া, এতিয়াও দুখীয়া। দুখীয়া হ'লে মানুহ নহয় নে কি? আহাঁ আহাঁ গধূলি হ’ল, চোতালখনৰপৰা ভিতৰলৈ আহাঁ? |
(হাতত ধৰি লৈ যায় )