সমললৈ যাওক

ভাগ্যপৰীক্ষা/দ্বিতীয় অঙ্ক: চতুৰ্থ দৃশ্য

ৱিকিউৎসৰ পৰা

৪ৰ্থ দৃশ্য–পূৰ্ণিমাৰ পোহৰত হিমালয়ৰ ওচৰৰ কানন।

( নিজ বেশেৰে ধন কন্যা আৰু ভাগ্য কন্যা)

(নৃত্য গীত)

দুয়ো — সুন্দৰ প্ৰকৃতি সুন্দৰ অতি, সুন্দৰ সুন্দৰ সুন্দৰ আজি।

হৃদয় তন্ত্ৰী সুন্দৰ নাচে, সুন্দৰ সুৰেৰে সুন্দৰ ৰাজি।
 সুন্দৰ গগণৰ সুন্দৰ ইন্দু
 বৰ্ষিছেসুন্দৰ অমৃতবিন্দু
সুন্দৰ জোনাকত সুন্দৰ ধৰণী ৰঞ্জিছে, গঞ্জিছে নন্দন লাজি।

সুন্দৰ মলয়া সুন্দৰ ৰজনী

সুন্দৰ যমুনা সুন্দৰ তটিনী
 সুন্দৰ ফুলনি
 সুন্দৰ বননি
সুন্দৰ সুন্দৰ সুন্দৰ আজি

ভা-ক — এই বাৰো দেখিলাঁ কি হ'ল,

ধন কেনি গ'ল,
পুনৰপি উড়ি গ'ল দিয়া মাত্ৰে তুমি

ধ-ক— এইবাৰ উড়ি গ'ল সঁচা-সঁচি;

আকাশৰ চিলনীয়ে
উড়ি আহি উড়ুৱাই নিলে।
থৈছিল অতি সাৱধানে,
নোৱাৰিলে ৰাখিব তথাপি

ভা-ক— কোৱাঁ তেনে

কি কৰিবা ইবাৰ দুনাই?

ধ-ক— ইবাৰ তোমাৰ পাল।

দুবাৰ দিয়াতো ধন
নফলিল সুফল সমুলি,
নাই মোৰ কৰিব লগীয়া আৰু;
তুমি কি কৰিব পাৰাঁ
তাকে বাৰু চাওঁ।

ভা-ক— বাৰু তেনে মোৰ পাল এইবাৰ।

আজি ধৰি
সুপ্ৰসন্ন হলোঁ সেই দুখীয়াৰ প্ৰতি;
দেখিবাঁ এতিয়া,
মাটি ছুলে সোণ হ'ব
দিনে দিনে সম্পদ বাঢ়িব,
ধন সোণ
যেনি পায় তেনি আহি, উপচি পৰিব।
এই মতি এই গতি নেথাকে ইদৰে
সকলো উন্নত হ’ব,
অলপ দিনতে
আচৰিত সলনি দেখিবাঁ।
আহাঁ তেনে, যাওঁ দুয়ো আকৌ এবাৰ।

ধ-ক— ব’লা তেনে, যাওঁ।

(নৃত্য গীত)

দুয়ো— (আমি) ৰিবি ৰিবি মলয়াত উড়ি ভাল পাওঁ

উড়ি উড়ি ঘূৰি ঘূৰি নাচি নাচি যাওঁ।
 কুলিৰ অমিয়া মাত, জোনৰ পোহৰ
 মলয়াৰ ছাটি আৰু সুবাস ফুলৰ
লগে লগে নিওঁ আমি যেনি যেনি যাওঁ।

জোনাক জোনাক আমি জোনাক বিলাওঁ
জোনৰ জোনাক জোনাকত পোহৰাওঁ
জোনাক বিলাই ৰুণু জুনু জুনু, যাওঁ।

( দুইৰে প্ৰস্থান )