সমললৈ যাওক

ভাগ্যপৰীক্ষা/তৃতীয় অঙ্ক: দ্বিতীয় দৃশ্য

ৱিকিউৎসৰ পৰা

২য় দৃশ্য—ৰূপেশ্বৰৰ চোতাল।

( সুমথিৰাৰ প্ৰবেশ )

সুম্ — ইয়াকে ক'লে মোৰ গাত জগৰ লাগিব। দিনৰে দিনটো এই গোট মানুহটোৱে বাৰু কি কৰিছে! মুঠেই খাব শুব আৰু কানি-পাণ পুৰিব। উজানৰ মাছ মাৰিবলৈ লোকে মখাই খাই গৈছে। জালখন লৈ ময়ো চোন ওলাওঁ; খেও এটা মাৰি দুটা মাছ-পুঠী ধৰি আনো। সিমানটো আকৌ কিয় কৰিব!

(ৰূপেশ্বৰৰ প্ৰবেশ )

ৰূপে— হেৰ, মই খুছি আছে যাম, খুছি নাই নেযাম; মোৰ ওপৰত হুকুম কৰিবলৈ কি বৰ “মেহেৰাণী জনী"
ওলাইছহি? মোক তই “সামাইন্” মানুহটো যেন পাইছ, নহয়? নেদেখিলিনে?---সিদিনা বাপুৰাম মৌজাদাৰেও, এই পিনে যাওঁতেহি, মোক "মাইন” কৰি, তুমি-তামাকৈহে মাতি গৈছে। মই তোক জাল বাই খুৱাব লাগে!
সুম্— জানিছোঁ; পাচে ঘৰত বহি টিকিৰা পুৰি থাকিলেই, বৰ লোক জনৰ খাবলৈ ওলায় ক’ৰ?
ৰূপে — মই নোখোৱাকৈ আছোঁ, নেই? মাছে শাকে, কানি পাণে চাহ-পানীয়ে দিনে ৰাজভোগ ভুজিছোঁ, তই দেখা নাই?
সুম্ — কাৰবাৰ যহ'ত!—মই বেটী জনীয়ে গোটাই পিতাই দিমহি, বৰ লোক জনে বহি গৰাহটো জুৰিব!
ৰূপে — তোৰ কৰিবৰ বাব্, তই কৰিবিয়েই। তিৰীৰ তিৰী কাম ন'কৰিলে তোক কোনে শুদাই এৰিব? তই হ’বলা ভাবিছ?-- তই নহলে মই কাতি হৈ পৰিম। তই গুচি যাচোন, তেতিয়াও মই কেনে দৰে খাওঁ, চাবি।
সুম্— মোৰ যাবলৈ ঠাই নোহোৱা হোৱা নাই। আইহঁতৰ ঘৰলৈ গ'লে, ককাইটিয়ে গাত টোপ নপৰাকৈ আলাসৰ লাড়ু থোৱাদি থ’ব।
ৰূপে— অ’ সেই ছাল-ছিগাটোৱে? সেই ভিকহুটোৱে তোক চাঙ্গত তুলি থ’ব?
সুম্ — আমি ছাল-ছিগা ভিকহু মানুহ ভিকহু ভাৱেই থাকিব পাওঁ। বৰ মানুহবোৰে তেনে ভিকহুৰ ছোৱালী আনিব নেপাইছিল।
ৰূপে— হেৰ, এতিয়াও তই গুচি যা। তই গ'লে, কাইলৈকে মোক ভৰিত ধৰি কেইজনী দিয়েহি, দেখিবি।
সুম্— একো কথা নাই। বাৰু কাইলৈকে অমুকীয়ে কি ধুন দেখুৱাওঁ, দেখুৱাম; পুৱাতে উঠি, আইৰ ঘৰলৈ গুচি নেযাওঁ যদি, মোৰ নামে কুকুৰ পুহিবাঁ।
ৰূপে— ( অলপ ভাৱি মনতে) ইস, কথাষাৰ বেয়া সুৰে গ'ল একা। তাই সঁচাকৈয়ে মোক এৰি গ'লে, মোৰেহে কলপ্-জলপ্ লাগিব। আকৌ নো এজনী কোনে দিব! ইমানতে এফেৰি কোমল নেকাটিলে নহয়। ( শুনাকৈ) হেৰেই, খং খালিনে কি, নেই? তোৰ আৰু ৰং কৰোঁতেই খংখন উঠে। মই জানো কিবা জাললৈ নেযাওঁ বুলিছোঁ?
সুম্— যাওঁ বুলিলেনে মোৰে সৈতে অতখন চুপতি কিহৰ?
ৰূপে-— জালখনত গুৰা নাই, তই জানে কি নেজান? গুৰা ন’হলে জালৰ খেও মাৰিব পাৰিনে? বোলোঁ তায়ো গাঁৱৰ পৰা আহক; দুয়ো গোট খাই কথাটোৰ “পোৰামাছ,” কৰি এটা দিহা কৰিম। পাচে তয়ো আহি ৰৌৰৌৱাই উঠিলিহি, সেই দেখি ময়ো দুএষাৰ ৰং কৰিলোঁ। তই আকৌ তাতে লাগিছ!
সুম— লোকৰ পেটৰ কথামখা মই আকৌ কেনেকৈ জানিম? বাৰু পাচে গুৰাৰ কি হ’ব এতিয়া?
ৰূপে-— তই যা; কাৰ হয় ঘৰৰ পৰা মোক লগতাই গুৰা গোটাদিয়েক আনি দে। যদি নেপাৱ, ক'ৰ হয় সীহ, এডোখৰকে আনিবি; মই ততালিকে গুৰা কৰি ল'ম। কানিৰ ৰাগী এৰাই, মোৰ গাত গোঁসাই নোহোৱা হৈছে। সৌৱা সখিও
আহিছে; টিকিৰা কেইটা কৰি লৈছোঁ; আমি তাকে বেগেতে পুৰি লওঁহক।
সুম্— বাৰু মই যাওঁ; তুমি টিকিৰা-টুকুৰা খাই বেগতে ওলোৱাঁ।

{ প্ৰস্থান)

(ভদীয়াৰ প্ৰবেশ)

ভদী- কি কৰিছাহে সখি? মাছ মাৰিবলৈ যাওঁহক, ব'লাঁ।
ৰূপে— এ, কিনো ক'বা দেও। সেই বাবেই এতিয়া সিজনীয়ে সৈতে এখন লগাহে; কোনো মতেহে সাৰিছোঁ।
ভদী— কিয় কিয়? কিনো হৈছিল
ৰূপে— আহা বাৰু ভিতৰলৈ আহাঁ। পাণ কৰি থৈ আহিছোঁ; দুয়ো খাওঁগৈ। কি হৈছিল, তাতে কম শুনিবাঁ।

{ দুইৰো প্ৰস্থান)