৩য় দৃশ্য—পানীৰামৰ চোতাল।
| সুম্—
|
অ' জেতুকী-মাক আছা নে?
|
| মাণিকী--
|
(ভিতৰৰপৰা) আছোঁ; কোন সেইটি? সুমথিৰা নে?
|
| সুম্—
|
এ দেও, এইটে ওলাই মাতাঁচোন।
|
| মাণি —
|
কি হ’ল আই? ৰাতিখন আহিলি দেখোন?
|
| সুম্—
|
বস্তু এখন বিচাৰি আহিলোঁ। দেও? আজি মাছৰ উজান পৰিছে। খটিৱাওঁতে খটিৱাওঁতে কোনোমতে আমাৰ সিটো মাছলৈ যাওঁ বুলিছে। তালকৈ পাচে জালখনত গুৰা নাই। সীহ্ এফেৰা পালেও গুৰা গোটাদিয়েক কৰি ল'ব পাৰে; তাকে ক'তো নেপালোঁ। তোমালোকৰ ফালে কেনেবাকৈ ক'ৰবাত আছে যদি সীহ, এফেৰা গোনাই নিবলৈ বুলি সোমালো।
|
| মাণি-—
|
এ, ক’ৰ হ’ব মোৰ আই? আয়ৈ দেহি। কেলৈ আহিলি ৰাতিখন মিছাতে?
|
| পানীৰাম—
|
( ভিতৰৰপৰা) হেৰ কেলৈ, সিদিনাৰ সেই সীহ্ ডোখৰ আছিল নহয়?
|
| মাণি—
|
অ’ হয়! ৰ’বিচোন বাৰু ৰ'বি; আছিল হয় এডোখৰ।
|
| সুম্—
|
এৰা দেও, আছে যদি, দিয়াঁ অকণমান চাই চিতি; ধৰিব পাৰে যদি, এফেৰা মাছকে খুৱাম।
|
| মাণি —
|
পালোঁ পালোঁ; হোঁ আই; (সীহ, দিয়ে) জুৰিব নে ইয়াৰে?
|
| সুম্—
|
অ’ জুৰিব জুৰিব; বাঢ়িয়াকৈ জুৰিৰ। উস্ হক তেও, , বৰ কথা হ’ল দেও; বৰ গুণ লৈছোঁ। মই কাইলৈ যেনে
|
|
|
তেনেকৈ ভাল মাছ এসাজ খুৱামহিয়েই খুৱামহি। মিছা কৈছোঁ যদি, বাটত দেখিলেও গালি শপিবাঁ; বাঢ়নীৰে খুচিবাঁ।
|
| মাণি—
|
এ আই, এনে কথা নো কিয় কৱ আই? কিনো বৰ ধন- সোণবোৰ দিলোঁ! আছে বস্তুখন, তই ওচৰ-চুবুৰীয়া মানুহ; লগা হৈছে, লৈ যা; আমি নো তাৰে কি কৰিম? মৰমত দিয় যদি, কেতিয়াবা সৰহীয়াকৈ মাছ পালে, এনেয়ে এচকল দিবি, নেপালে নিদিবি। মই কিবা মাছৰ সলনি সীহ্ দিছোঁ নে, তালৈকে তই কুকুৰা কাটি শপত খাব লাগিছে?
|
| সুম্—
|
এৰা, হওঁতে ওচৰচুবুৰীয়া মানুহ যেতিয়া, পালে এচকল এনেয়ে দিব লাগে। বাৰু এতিয়া আহিলোঁ, থাকিবাহে আৰু; সিটো চাগৈ ৰৈ আছে।
|
⸻