ভাগ্যপৰীক্ষা/তৃতীয় অঙ্ক: চতুৰ্থ দৃশ্য
অৱয়ব
৪ৰ্থ দৃশ্য—ৰূপেশ্বৰৰ চোতাল।
(ৰূপেশ্বৰ, ভদীয়া।)
| ৰূপে— | উস্, দেও, এতিয়াহে গালৈ তৎ আহিছে। ধোঁৱা কেহোঁপা নিগিলোঁ মানে, মই তধামধা দেখি গ’লোঁ। এতিয়াহে মনটো |
| মুকলি লাগিছে, গাটোও ৰঞ্জিৎ ৰঞ্জিৎ লাগি পৰিছে। এনেহে লাগিছে যেন এপাক নাচিমেই। |
| ভদী– | ন’কবা আৰু। কানিৰ মান বস্তু ক’ত আছে! সেইহে জনা বুজা লোক বুলিলেই ইয়াৰ ভকত হয়। কানি হৈছে দেৱতাসকলে খোৱা স্বৰ্গৰ বস্তু। ন’হলে ইয়াৰ এনে গুণ হ’ব কিয়? |
| ৰূপে— | এনেটো বস্তুকোনো বাৰু মানুহে নিন্দা কৰিব পায়নে? |
| ভদী- | যি কানিৰ নিন্দা কৰে, সেই আটাইবোৰ “মুৰুখ্” মানুহ। সিহঁতে ইয়াৰ কি মোল বুজে। খাই চালেহে জানিব ইনো কেনে বস্তু। তেনেবোৰ অবুজন প্ৰাণীৰ কথা আমাক কিয় লাগিছে? |
(সুম্থিৰাৰ প্ৰবেশ)
| সুম্– | গুৰা নেপালোঁ; হোৱাঁ এই ডোখৰ সীহকে পাই আনিছোঁ। |
| ৰূপে– | (সীহ্ লৈ চাই) এ বঢ়িয়া হ’ব। এৰা, মোৰ সুম্থিৰী নে কোন! এনেবোৰ কথাৰ মুৰতেহে তেও মই তোক কেচা সোণ যেন দেখোঁ। যা এতিয়া, বেগতে গলাই পেলাগৈ। (সীহ্ ওভোতাই দি) গুৰা কেইটা কৰি লওঁ মাথোন, চাবি আজি মাছকে গোবাগোব্ কৰিম। (গীতত ধৰে) |
| (সুম্থিৰাৰ প্ৰস্থান। ৰূপেশ্বৰে গীত গাই নাচে লগতে ভদীয়াইও একো আষাৰ গাই একোটা পাক দিয়ে) |
(গীত)
আজি ৰৌ বাহু আৰি ভেউ ভাৰেৰে আনিম।
বিহাই বিহাই বৰ বৰালি ধৰিম।
চিতল খৰিয়া
মিৰিকা ঘৰিয়া
মখা–মখে ধৰি আনি দ’মাই ঢালিম।
মাছ দেখি ৰং পাব
তাই বেটী মোহ যাব
পাৰেনে এৰিব মোক দেখিম দেখিম;
মজা কৰি বহি বহি ঢিকিৰা পুৰিম।