সমললৈ যাওক

ভাগ্যপৰীক্ষা/চতুৰ্থ অঙ্ক: প্ৰথম দৃশ্য

ৱিকিউৎসৰ পৰা

চতুৰ্থ অঙ্ক।

১ম দৃশ্য—মাণিকলাল জহৰীৰ ঘৰ।

(মাণিকলাল আৰু মালতী )

মাণিক— আচল হীৰা! এনে হীৰা আজিকালি পাবলৈ নাই। ক’ত পালাঁ তুমি এইডোখৰ?
মালতী— পানীৰামৰ ঘৈনীয়েকৰ হাতত আছিল; বস্তুটো কি চিনিব নোৱাৰি অনাদৰ কৰি পেলাই থৈছিল। মোৰ দেখিয়েই মনে গাজিলে; সেই দেখি আপোনাক দেখুৱাবলৈ খুজি আনিছোঁ
মাণিক— “ফটা কঁথাতো সোণ থাকে” বুলি যে কয়, ই তেনে কথা। আজি ২১ বছৰ হীৰা জহৰতৰ খেল কৰিছোঁ, এনে হীৰা কতো চকুত পৰা নাই। সেইটো মানুহৰ ঘৰত যে এনেটো ৰত্ন আছিল, তাক কোনে জানিছিল!
মাল— তেনেহ'লে সিহঁতৰ বৰ কপাল! ইয়াৰ বাৰু দাম নো কিমান হ'ব?
মাণিক— ইয়াক এই দৰে বেচিলেও, নাই নাই বুলিও, তিনি লাখ টকা পোৱা যাব। ভালৈকে কাটি কুটি অলঙ্কাৰত লগালে, ইয়াৰ দাম আৰু সৰহ হ'ব। সুন্দৰপুৰৰ ৰজাই, তেওঁৰ পাগুৰিত লগাবলৈ, আজি বহু দিনৰেপৰা, এনে এড়োখৰ হীৰাৰ কথা মোক কৈ আছে। তেওঁৰ গুৰিত উলিয়াবলৈহে লাগে, এতিয়াই টকালি মাৰি কিনি ল’ব। তাৰ উপৰিও, বিচাৰি দিয়াৰ বাবে, মোকো কিছু পুৰস্কাৰ দিব। তাৰ পাচত, কাটি কুটি, সজাই পৰাই, পাগুৰিত লগাব পৰা কৰি দিয়া বাবেও কিছু পাম। টকাদিয়েক ৰূপ দি, এনে গেৰোঁ-গেথোঁ ভাৱেৰে কিনি থোৱাঁ।
মাল— নহয়, নহয়, সেইটো কথা ভাল নহয়, বুজিছে নে? পাৰে যদি, ৰজাক বেচাই দি, যি দাম পায়, সিহঁতক আটুটে আটুটে দিয়াই দিয়ক। ওচৰ চুবুৰীয়া দুখীয়া মানুহ দেহি; অত কাল দুখতে গৈছে, এতিয়া তেও সুখ হ’ব।
মাণিক— পাচে, আমাৰ লাভ কি?
মাল— ৰজাই যি বঁটা দিয়ে, আৰু হীৰাখন গঢ় লগাই পাগুৰিত লগোৱা বাবে যি পোৱা হয়, সেয়ে আমাৰ বহুত। আমাক নো আৰু কি লাগিছে? ঈশ্বৰে সকলো দিছে। ইয়াৰ যি দাম পোৱা হয়, তাৰ তামাক ভাগ নেলাগে; দুখীয়াৰ উপকাৰ হওক দেহি।
মাণিক- তুমি বাস্তবিকতে গৃহলক্ষ্মী৷মোৰ যে অত অৰ্থ সম্পত্তি হৈছে, তোমাৰ এই অমুল্য চৰিত্ৰই সেই সকলোৰে মুল। তোমাৰ যেন এনে আশয় ঈশ্বৰে সদায় ৰাখে।
মাল— সকলোবিলাক আপোনাৰ কপালেৰে হৈছে। আৰু মোৰ স্বভাৱ ভাল হলেও, আপুনিয়েই ভাল কৰিছে, বেয়া হলেও আপুনিয়েই বেয়া কৰিছে; যেনেকৈ গঢ়ি লৈছে, তেনে হৈছে।
মাণিক— সেইটো হ’লেও, সকলো ধাতু সমান নহয়। সোণ ৰূপক যিমান সহজে মনৰ জোখাৰে গঢ় লগাব পাৰি, লো বা তীক নোৱাৰি।
মাল- পাচে, এতিয়া হীৰাৰ কি কৰিব, কওক।
মাণিক -- ইয়াৰ যি দাম পোৱা হয়, মই তাৰ এটা পইচাও চান্‌ নেকাঢ়ো৷ তুমি ক’বা, যদি বেচে, তেন্তে পানীৰামো ওলাওক; দুয়ো ৰজাৰ ওচৰলৈ গৈ, যিমান পাৰোঁ সৰহ দামত, মই হীৰাখন বেচাই দিম। মই আৰু দোকানলৈ যাওঁ, বেলিহে হ’ল।
মাল— (হীৰা লৈ ) বাৰু তেনে, মই এতিয়াই সিহঁতক বাতৰিটো দিওঁ।

(দুইৰো প্ৰস্থান )

——————