সমললৈ যাওক

ভাগ্যপৰীক্ষা/চতুৰ্থ অঙ্ক: দ্বিতীয় দৃশ্য

ৱিকিউৎসৰ পৰা

২য় দৃশ্য—পানীৰামৰ ঘৰ।

(পানীৰাম)

পানী— (মনতে) ঈশ্বৰৰ অনুগ্ৰহ কাৰবাৰ ডাঙৰ হৈ পৰিল। চাৰিও ফালৰ দূৰ দূৰ ঠাইৰ পৰা ফৰ্মাচ্” আহিবলৈ ধৰিলে; দিনে আঢ়ৈ কৰি তিনি কুৰি মানুহে বাটিও ফই যোগাব নোৱাৰা হল- গৈ; মহাদিয়েক ধনো গোট খালে। সেই দেখি সাতে পাঁচে ভাতীৰপৰা সেই ফই বটা কলটো আনিলো। পোনতে কিন্তু বৰ ভয় লাগিছিল। বোলোঁ ইমান দুখেৰে অৰ্জা ৰূপ কেইটকা ভাঙ্গিবলৈ ধৰিছোঁ, গ'লে তেনেই যাব। তেও মৰ সাহ দি, আগ বাঢ়িলোঁ। আৰু এতিয়া পাচে দেখিছোঁ, ঈশ্বৰে যি কৰালে, ভালকে কৰালে। কলটো আনিবৰে পৰা, সকলো কাম সুন্দৰকৈ চলিছে; কাৰবাৰে ভালেখিনি বহল হ’ল; আৰু লাভো আগতকৈ তিনি গুণ বাঢ়িল।

(উধাতু খাই মাণিকীৰ প্ৰবেশ)

মণি— এই পিনে আহাঁচোন! এই পিনে আহাঁ।
পানী— হেৰ, কি হ'ল, কি হ'ল?
মাণি— হে আহাঁচোন! আহাঁ! আহাঁ।
পানী— হেৰ কি হৈছে কচোন? মোৰ থৰক্-বৰক্ লাগিছে!
মাণি — বৰ কথা হৈছে , বৰ ডাঙৰ কথা; মোৰ মূৰ ঘূৰি গৈছে; তুমি বেগাই আহাঁ।
পানী— হে কি নো হ'ল। মই কি কৰোঁ এতিয়া! হে গোঁসাই, কি কৰিলাঁ ঐ! আমি নো ক’ত মৰোঁগৈ ঐ!
মাণি— নহয়, নহয়; নেলাগে মৰিব; তেনে কণা নহয়।
পানী— হেৰ তেনে নকৱ কিয়, (কনে নো কথা?
মাণি— হে কেনেকৈ নো কওঁ ঐ! মোৰ দেখোন মাতেই নোলোৱা হ'ল।
পানী— অতবোৰ বকিবলৈ মাত ওলাইছে কেনেকৈ? ক বেগেতে, কি হৈছে।
মাণি— সেই দিন যে মাছ খাইছিলোঁহক—
পানী— কি মাছ খাইছিলোঁ।
মাণি— সেই সীহ্ডোখৰ নি যে সুমথিৰাই বৰ বৰালি মাছটো দিছিছিলহি—
পানী— খালোঁহক, পচে কি হ'ল? তোৰ কিবা পেট মূৰ বেয়া কৰিছেনে কি?
মাণি— এ নহয়, নহয়; (সই যে মাছটোৰ পেটত---
পানী— মাছটোৰ পেটত গিলাচ্ না বোলোল্ এডোখৰ ওলাইছিল; সেই বাবে মাছটো খাব নোপোৱা হ’লনে?
মাণি— নয়য় হে; কথাটো শুনি লোৱাঁচোন; মোক নো ক’বলৈ তত, নিদিয়াঁ কিয়? বৰ কথা! বৰ কথা!
পানী— এতিয়া মইহে নুশুনা হ’লোঁ! তত বেলি নো কৈ নেপেলাৱ কিয়?
মাণি— কথাটোৱে খুন্দা মাৰি ধৰি বুকুখন ধান বনাদি বানিছে ' বেগতে ক'ব নোৱাৰোঁ; লাহে লাহে কওঁ, শুনা—সেইডোখৰ তুমি
বেলোল বুলি ক'লাঁ, মই তামোলৰ বটাটোতে পেলাই থলোঁ। তোমাৰ কথাতে তেনেই মৰিব লগীয়া! কিনো হ'লহেঁতেন ঐ! তেনেই মৰিলোঁ হেতেন ঐ!
পানী— হেৰ, তই মোক বলিয়া কৰিবি এতিয়া। কথাটো কি? হ’ল কি?
মাণি— মই দলিয়াই নেপেলাই, বটাটোতে ভাল থৈ দিছিলোঁ। ঐ? দেহি ঐ!
পানী— বাৰু মই পেলাই দিবলৈ ক'লোঁ, নেপেলাই থ’লি থ'লি বটাতে; সেই ৰাবে নোঁ এতিয়া কি জগৰ লাগিল?
মাণি — জগৰ লগা নাই। কালি মাণিকলাল জহৰীৰ ঘৈনীয়েক আহিছিল; তেওঁ, সেইডোখৰ দেখি, গিৰীয়েকক দেখুৱাবলৈ খুজি লৈ গ'ল। আজি এতিয়া তেওঁ আহিছে; কি কৈছে শুনাহিচোন।
পানী— হেৰ কি কৈছে? কি কৈছে?
মাণি— কৈছে বোলে সেইডোখৰ হেনো আচল হীৰা। কোনোবা ৰজাক দিলে হেনো এতিয়াই বহুত ধন দিব। তুমি ভাল পেলাই দিবলৈ কৈছিলাঁ ঐ।
পানী— হেৰ কিনো কৱ ! সঁচা নে?
মাণি— সঁচা মিছা তুমি নিজ কাণে শুনাহি; তেওঁ ভিতৰতে আছে।
পানী— ব'লচোন বাৰু ব’ল, ব’ল। তাকে অত ৰেলি নকৱ কিয়?

(দুইৰে প্ৰস্থান)