ভাগ্যপৰীক্ষা/চতুৰ্থ অঙ্ক: তৃতীয় দৃশ্য
অৱয়ব
৩য় দৃশ্য—আলি।
(এফালৰ পৰা মোহনচন্দ্ৰ আৰু আন ফালৰ পৰা গোপীনাথৰ প্ৰবেশ)
| গোপী— | কোন সেইট, মোহন বাপা নে? |
| মোহ-— | Oh! good morning! ভালে আছে? |
| গোপী— | হয় পাচে তোমাক দেখোন ভালে (অপঠনীয় )ন দেখা নাই? |
| মোহ— | এৰা, মই এই পিনে Down লৈ গৈ, আলপ travel কৰি আহিলোঁ। |
| গোপী— | পাচে, আজিকালি কি কৰিছা? (1718--* lately Borkatky priva" Stigh Sebas, fofa te, thie z rupees salary Jolliciate off571 পাচে, সেইটো femporary vacancy ছিল permanent incumbent, (at leave 7 s1691; leave expire হ’লত আকৌ join কৰিলেহি। |
| গোপী— | পাচে, তুমি কৰিছাঁ কি? |
| মোহ-— | At present, মই without employment হৈয়েই আছোঁ। Earning টো stop হোৱাত, circumstance টো কিছু bad হৈছে; আৰু consequently, livelihood টোত অলপ difficulty feel কৰিছোঁ। |
| গোপী— | Earning টো নো কিয় stop হৈছে? তুমি শিক্ষিত মানুহ। ডেকা ল'ৰা; গাত বল আছে; মনত “স্ফুৰ্তি" আছে; আৰু |
| নো কি লাগিছে? কি হয় এটা নকৰাঁ কিয়? এতিয়াই নকৰিলে, আৰু নো কৰিবা কেতিয়া? |
| মোহ— | যথেষ্ট try কৰিছোঁ। Wanted occupation, as a school master, private tutor or office clerk, by a highly respectable Assamese twice plucked F. A, very strong in English—এই বুলি News paper ত, আজি full four months, advertisement দি থৈছোঁ। কোনো sideৰ পৰা কোনো offer অহা নেদেখিলোঁ। সেই দেখি সেই দিনা মাটি এডোখৰ mortgage দি fifty rupees loan কৰি, ধুবুৰীলৈকে travel কৰি আহিলোঁগৈ; তেও ক’তো serviceৰ arrangement কৰিব নোৱাৰিলোঁ। এতিয়া আকৌ another piece of land mortgage দি, forty rupees loan লৈছোঁ। এই বাৰ up to মাৰ্ঘেৰিটা যাম। ইয়াতকৈ নো আৰু মানুহে কি কৰিব পাৰে, কওকচোন। In my opinion, I have not left a single stone unturned. |
| গোপী— | নেপালাঁ, নেপালাঁ চাকৰি। চাকৰিৰ বাহিৰে জানো কৰিবলৈ আন একো নাই? দেশখনত যতবোৰ মানুহে লিখা-পঢ়া শিকিছে, এটাইবোৰে চাকৰি কৰিয়েই খাব নে? |
| মোহ— | তাকে ন'কৰি আৰু কি কৰিব? এই backward দেশত একো possible নহয়; কোনো field নাই। |
| গোপী— | Field কৰি ল'ব জানিলেই হয়। এই চোৱা তুমি সোণাৰিৰ ল’ৰা; সোণাৰিৰ ব্যৱসায় অতি ভাল ব্যৱসায়- |
| মোহ— | (95.-Quite so! quite so! |
| গোপী— | আমাৰ সোণাৰি আৰু লোকৰ সোণাৰিৰ কামৰ কিমান প্ৰভেদ তাক চকু থকা মানুহ মাত্ৰেই দেখিছে। তোমাৰ দৰে চকু-গজা শিক্ষিত মানুহ এই ব্যৱসায়ত লগা হ'লে, আমাৰ দেশৰ সোণাৰিৰ বনৰ উন্নতি ন'হৈ পাৰিলেহেতেন নে? তেতিয়া হলে, তুমিও এই দৰে ত্ৰিশ টকীয়া কাম বিচাৰি ফুৰিব লাগিলহেতেন জানো? কত ত্ৰিশ টকীয়া মানুহে তোমাৰ তলত খাটিলেহেতেন! সোণাৰিৰ বোলাঁ, কমাৰৰ বোলাঁ, তাঁতীৰ বোলাঁ, কঁহাৰৰ বোলাঁ, অমাৰ দেশৰ সকলো ব্যৱসায়, আমাৰ আওকাণত দিনে দিনে তললৈ গৈছে। আমাৰ ল'ৰাবিলাকে লিখা-পঢ়া শিকি, এইবিলাক কামত লাগি গলে, নিজৰ আৰু দেশৰ দুইৰো উপকাৰ কৰা হয়। তাকে নকৰি, এটাইবোৰে এইদৰে কাম বিচাৰি ফুৰা বাবে, নিজৰো এই জনমত সুখ হোৱা নাই আৰু সকলো ব্যৱসায় লোপ হৈ, দেশখনো নথৈ দুখীয়া হৈ গৈছে। |
| মোহ— | Business is certainly the best of all; কৰিব পাৰিলে খুব ভাল, অৰ্থাৎ very laudable. তাত কোনো সংশয়, অৰ্থাৎ doubt নাই; not the smallest shadow of a doubt, I dare say. |
| গোপী— | কৰিব নো নোৱাৰি কিয়? |
| মোহ— | কৰিবলৈ যে ধন, অৰ্থাৎ capital লাগে। Big capital ন’হলে, business start কৰা mere foolishness. |
| গোপী-— | তেনে কথা কেৱল অকৰ্ম্ম মানুহেহে কয়। সৰহলৈ যাব নেলাগে; চকুৰ আগতে আমাৰ পানীৰামলৈকে চোৱাঁ। সি কেই লাখ টকা মূলধন লৈ কাৰবাৰ কৰিছিল? সকলোৱে |
| জনা শুনা কথা, এদিন লঘোনে থাকি, চাৰি অনা পইচা ৰাহি কৰি লৈ, তাৰেই মুৰ পুতি কাৰবাৰত লাগি গ'ল; এতিয়া সেয়া কলেৰে ফই বাটিছে। অলপ দিনৰ ভিতৰতে কেনে ডাঙৰ কাৰবাৰ কৰি পেলালে! এনে দেখিলেহে চকু জুৰ হয়, মনত ৰং লাগে। |
| মোহ— | Oh! you are awfully mistaken! পানীৰামৰ কথা এৰি দিয়ক। সি without eduation, without respect-ability এটা ordinary সামান্য মানুহ , সেই দেখি পোনতে সিমান সৰুকৈ ধৰিব পাৰিছিল। Big capitalৰ আৰু big style business ন’হলে, আমাৰ দৰে educated and respectable মানুহক হাত দিবলৈ আপুনি reasonably
expert কৰিব নোৱাৰে; it is simply ridiculous- may quite horrible! কিন্তু আপোনাক মই blame নকৰোঁ। I do not wonder if an elderly man like yourself cannot comprehend what I mean. |
| গোপী। | বোপা, পানীৰামৰ পৰা দেশৰ যিমান উপকাৰ হৈছে, তুমি এজন শিক্ষিত ডেকাৰ পৰা, তাৰ এশ ভাগৰ এভাগো আশা কৰিব নোৱাৰি। শিক্ষাৰ উদ্দেশ্য হৈছে, মন উন্নত আৰু উদাৰ কৰা, বুদ্ধি প্ৰখৰ কৰা, চকু গজোৱা আৰু মানুহটো সকলো পিনে উপযুক্ত কৰি তোলা। যাৰ এইকেইটা কথা হৈছে, বৰ বৰ কিতাপ নপঢ়িলেও, তাক শিক্ষিত বুলিব লাগিব। পানীৰামৰ এইকেইটা কথা এনেয়ে হ’ল, তোমাৰ কিন্তু কলেজত পঢ়িও নহ'ল। আচলতে, তুমি অকল ইংৰাজী কথা গোটাদিয়েক |
| আওৰাই থৈছাঁ। তাক শিক্ষা নেবোলে। তোমাৰ প্ৰকৃত শিক্ষা সমুলি নহল। |
| মোহ— | আপুনি যাব পাৰে। Good morning! |
(বেগেৰে প্ৰস্থান)
| গোপী— | এই এটা অতি অকৰ্ম্মন্য মানুহ। এনেকুৱা শিক্ষিত মানুহৰ পৰা দেশৰ উপকাৰ নহৈ, অশেষ অপকাৰ হৈছে। মোৰ কিবা হাত থকা হ'লে, ইয়াৰ দৰে যত মানুহ আছে, এটাইবোৰক ধৰি আনি, হোলা মাটিত হ’লীয়া মহৰ হাল বাবলৈ লগাই দিলোঁহেতেন। |
( প্ৰস্থান)