৪ৰ্থ দৃশ্য-—ৰজাৰ বিলাসমন্দিৰ
(সুন্দৰপুৰৰ ৰজা, ৰাণী আৰু নৰ্ত্তকীসকল )
| নৰ্ত্তকীসকল।
|
কোনে কয় প্ৰেমিকজনে প্ৰেমৰ মূৰে প্ৰেম বিচাৰে।
প্ৰেমিক অতি উদাৰমতি, ধাৰ সাধিবৰ ধাৰ নেধাৰে।
প্ৰেমৰ শকত সোণ-শিকলি
পিন্ধিলে কোন হয় মুকলি
নিজেই পিন্ধে নিজেই মজে লোকক বন্ধাৰ হাউচ, নকৰে।
|
| দুৱৰী—
|
মহাৰাজ, মাণিকলাল জহৰীয়ে বোলে এই সময়ত আহিবলৈ আদেশ পাইছিল। তেওঁ দুৱাৰত ৰৈ থাকি, মহাৰাজলৈ নিবেদন জনাই পঠাইয়ে।
|
| ৰজা—
|
অ’, বাৰু আহক; লৈ আহগৈ।
|
| ৰাণী—
|
কেনোবা জহৰী এটাই ভাল হীৰা এখন পাইছোঁ বুলি খবৰ দিছিল নহয়?
|
| ৰজা—
|
সেয়ে এই মাণিকলাল জহৰী; অতি সৎস্বভাৱৰ মানুহ। আজি হীৰাখন লৈ আহিবলৈ মই চিঠি দিছিলোঁ।
|
(মাণিকলাল আৰু পানীৰমে সৈতে দুৱীৰ পুনঃ প্ৰবেশ )
| মাণিক—
|
মহাৰাজ আৰু মহাৰাণীৰ প্ৰতি আমি দুইজনে সম্মানেৰে প্ৰণাম জনাইছোঁ।
|
| ৰজা-—
|
জহৰী, আহাঁ আহাঁ। তোমাৰ লগত এইটি কোন? এৱেঁই সেই হীৰাৰ গৰাকী হ’ব পায়?
|
| মাণিক—
|
হয় মহাৰাজ; হীৰা এইখন।
|
| ৰজা—
|
(হীৰা হাতত লৈ চাই আৰু ৰাণীক দেখুৱাই। এইখন বাস্তবিকতে অতি উৎকৃষ্ট হীৰা; মই যেনে বিচাৰিছিলোঁ, ঠিক তেনে পাইছোঁ।
|
| মাণিক—
|
ভাল বেয়াৰ বিষয়ে আৰু মহাৰাজৰ ওচৰত মই কি মাতিম? মই অকল ইয়াকে জনাব পাৰোঁ। যে, ইয়াতকৈ ভাল হীৰা মই পোৱা নাই।
|
| ৰজা—
|
পাচে, তোমাৰ মনেৰে ইয়াৰ দাম কিমান হ’ব?
|
| মাণিক—
|
মহাৰাজ, ইয়াৰ দাম কোনো মতেই তিনি লাখ টকাৰ কম হ’ব নোৱাৰে। কিন্তু তিনি লাখ টকা দিলেও, আজিকালি এনে হীৰা বিচাৰি পাবলৈ নাই। তাকে চাই, মহাৰাজে হীৰাৰ গৰাকীক যেন অলপ মৰম কৰে, এয়ে প্ৰাৰ্থনা।
|
| ৰজা—
|
(পানীৰামক ) তুমি কি কোৱাঁ?
|
| পানী—
|
মহাৰাজ, মই দুখীয়া মানুহ। এইখন যে হীৰা, মই তাকে অত দিনে নেজানিছিলো। ইয়াৰ নো কিমান দাম মই তাৰ একো ভু নেপাওঁ। এতেকে মোক সোধা মিছা। মহাৰাজে আৰু এখেতে যিহকে উচিত দাম বোলে, মই তাতে মান্তি হ'ম।
|
| ৰজা—
|
জহৰী, তুমি কোৱাতকৈ ইয়াৰ দাম আৰু কিছু সৰহহে হ'ব। আৰু তুমি যে এই হীৰাখন মোক বিচাৰি আনি দিলাঁ, সেই বাবে তুমিও অলপ পুৰস্কাৰ পাব লাগে।
|
| মাণিক—
|
মহাৰাজৰ পৰা মই অনেক অনুগ্ৰহ পাইছোঁ; মই এনেয়ে বিচাৰি দিব লাগে
|
| ৰজা—
|
মই সন্তোষেৰে দিয়া পুৰস্কাৰ তুমি কিয় ন’লবাঁ? দুৱৰী, এওঁলোক দুইকো বৰ ভৰালীৰ ওচৰলৈ লৈ যা। এই হীৰাৰ গৰাকীক তিনি লাখ পাঁচ হাজাৰ আৰু এই জহৰীক এহেজাব টকা দিবলৈ ক'গৈ।
|
| মাণিক—
|
মহাৰাজ, মই একো পাব নেলাগে। এই হীৰা মই ক'তো বিচাৰি ফুৰাগৈ নাই। এতেকে মোক দিবলৈ কোৱা টকাও হীৰাৰ গৰাকীকে দিবলৈহে আদেশ হ’ব লাগে।
|
| পানী—
|
নহয় মহাৰাজ, তেওঁহে পাব লাগে। তেও ক’লতহে এই এইখন হীৰা বুলিয়েই জানিছোঁ।
|
| ৰজা—
|
হীৰা বেচোঁতা আৰু কিনোতা দুইৰো একে ম'ত হ’ল যেতিয়া, ইয়াত আৰু তোমাৰ একো মাত নাই। তুমি এই হীৰাখন লৈ যোৱা। (হীৰা দি) ইয়াক ভালকৈ অঁতাই-পিতাই ধুন লগাই কাটি কুটি, মোৰ পাগুৰিত লগাব পৰাকৈ, যিমান পাৰাঁ সোনকালে লৈ আহিবাঁ। তাৰ বেচৰ বাবে দুশ টকা পাবাঁ।
|
| মাণিক—
|
মহাৰাজৰ আদেশ শিৰোধাৰ্য কৰি ললোঁ
|
(মাণিকলাল, পানীৰাম আৰু দুৱৰীৰ প্ৰস্থান)
| ৰাণী—
|
নৰ্ত্তকীসকল আৰু এটি প্ৰেম-সঙ্গীত শুনোৱাঁহক।
|
| নৰ্ত্তকীসকল—
|
প্ৰেমিক এই জগতখনেই তেনেই প্ৰেমময়।
প্ৰেমৰ চিনেই ওলায় মুঠেই চায় যেনিয়েই।
নৈ কুল কুলু কৈ
প্ৰেমৰ গুণেই যায় কৈ
প্ৰেমৰ গুণেই গছত মেৰাই লতাই বগাই যায়।
জোনাই বেলি প্ৰেমত ওলায়
প্ৰেমেই গছৰ ফুল ফুলায়
মধুৰ মলয় প্ৰেমৰ বাবেই ফুলক কপাই যায়।
|