সমললৈ যাওক

ভাগ্যপৰীক্ষা

ৱিকিউৎসৰ পৰা

ভাগ্যপৰীক্ষা

 

(নাটক)

[এম, এ, পৰীক্ষাৰ পাঠ্যক্ৰম]



লিখক
শ্ৰীযুত চন্দ্ৰধৰ বৰুৱা
সাহিত্যৰত্ন।

দ্বিতীয় তাঙৰন—জুলাই ১৯৩৯



প্ৰকাশক

বৰকটকী কোং-যোৰহাট।

সৰ্ব্বস্বত্ব সংৰক্ষিত। দাম ৸৹ অনা

প্ৰথম তাঙৰণৰ পাতান

 “ভাগ্যপৰীক্ষা” লিখা আজি পাঁচ বছৰ হ’ল। তেতিয়াই অকল যোৰহাটতে কেইবা বাৰো অভিনয় কৰি, ইয়াক অত দিন সুমাই থৈছিলোঁ; আজি পেৰাৰ পৰা উলিয়াই ৰাইজলৈ আগ বঢ়ালোঁ।

 সুবিখ্যাত বিদেশী গ্ৰন্থ এখনৰ সাধুকথা এটি অৱলম্বন কৰি এই নাট লিখা হৈছে। কিন্তু ইয়াক ঘৰুৱা কৰিবলৈ যত্ন কৰোঁতে কৰোঁতে, সেই সাধুৰ ইয়াত অকল জুমুধিটোহে থাকিলগৈ; তাৰ ওপৰৰ মাটি, ফটাকানি, বৰণ, ৰাং-পতা আৰু আ-অলঙ্কাৰ আদি লিখকৰ নিজা। ভাগ্যকে সাৰোগত কৰি বহি থাকিবলৈ শিক্ষা দিয়াটো এই নাটৰ উদ্দেশ্য নহয়। ধনৰ লগত সুযোগ আৰু সুবুদ্ধিৰ কিমান প্ৰয়োজন, তাক দেখুৱাবলৈহে ইয়াত যথাসাধ্য যত্ন, কৰা হৈছে। সেই যত্ন কিমান ফলৱতী হৈছে, পাঠক-পাঠিকাসকলেহে ক’ব পাৰিব।

 ইয়াৰ লগতে গানবিলাকৰ স্বৰলিপি প্ৰকাশ কৰিবৰ মন আছিল; কিন্তু, কৰিব নোৱাৰিলোঁ। আৱশ্যক দেখিলে পাচতো কৰিব পৰা হ'ব।

 শ্ৰীযুত লোহিতচন্দ্ৰ ভূঞাই, এই নাট ছপাওঁতে, মোক অশেষ সাহায্য কৰিছে। সেই বাবে তেখেতৰ ন’থৈ শলাগ লৈছোঁ।

যোৰহাট
২৯|৮|১৯১৬

শ্ৰীচন্দ্ৰধৰ বৰুৱা

দ্বিতীয় তাঙৰণৰ পাতনি।

 আগৰ বাৰৰ “ভাগ্যপৰীক্ষা” ঢুকাবৰ ভালে বছৰো হ’ল। তথাপি নানা কাৰণত ইয়াক অত দিনে আকৌ ছপোৱা নাছিলোঁ। এতিয়া অনেকে বিচাৰ কৰাত ইয়াৰ দ্বিতীয় তাঙৰণ ছপাবলৈ দিলোঁ।

 এই বাৰ ইয়াৰ ৩য় অঙ্কৰ ২য় দৰ্শনটোত ভালেখিনি সালসলনি কৰা হ’ল। ভদীয়া নামেৰে, নাটত নতুন মানুহ এজনো সুমাই দিয়া হ’ল; আৰু ৩য় অঙ্কৰ ৫ম দৰ্শনটো নতুনকৈ লগাই দিয়া হ’ল।

যোৰহাট
১২|৭|১৯৩৯

শ্ৰীচন্দ্ৰধৰ বৰুৱা।

সূচীপত্ৰ(মূল গ্ৰন্থত নাই)

সূচীপত্র

এই লিখকৰে তলত লিখা কিতাপ কেইখন পঢ়ক ⵓ—

(১) মেঘনাদবধ (নাটক)

 ইয়াৰ পৰিচয়ৰ প্ৰয়োজন নাই; ই অসমীয়া নাট্য সাহিত্যত যুগান্তৰ প্ৰৱৰ্ত্তালে প্ৰকাশক—বৰকটকী কোং, যোৰহাট।

(২) তিলোত্তমা-সম্ভৱ (নাটক)

 ইও মেঘনাদবধৰ শাৰীৰে। প্ৰকাশক—ভট্টাচাৰ্য্য এজেন্সী, ডিব্ৰুগড়।

(৩) ৰাজৰ্ষি (নাটক)

 তিনি অঙ্কৰ, অমিত্ৰাক্ষৰ ছন্দৰ চুটি নাটক। প্ৰকাশক—শ্ৰীকৰুণাধৰ বৰুৱা, দৰ্পণ প্ৰেচ, যোৰহাট।

(৪) ৰঞ্জন (বিবিধ কবিতা)

 প্ৰকাশক ⵓ—লিখক নিজে। দৰ্পন প্ৰেচত পোৱা যায়।

 ৰঞ্জনৰ বিষয়ে কেইটামান অভিমত চাওক ⵓ—

৺লক্ষ্মীনাথ বেজবৰুৱা ⵓ—

 আপোনাৰ “ৰঞ্জন” পাই পঢ়ি চাই বৰ আনন্দ পালোঁ। ব্যঙ্গ কবিতাত আপুনি যে সিদ্ধহস্ত, তাৰ চিনাকি অনেক দিনৰ আগৰ পৰাই পাই আহিছোঁ। “কা-কা-কাব্যবিশাৰদোহহং”, “অসমীয়া ভাষা”, ইত্যাদি কবিতা তাহানি বাঁহীত বৰ ৰং মনেৰে ঠাই দিছিলোঁ। “ৰঞ্জনত” দিয়া কবিতাবোৰৰ ভাল বেয়া মই বাছিব নোৱাৰোঁ, কাৰণ এটাইবোৰ মোৰ ভাল লাগিছে। কিতাপখনৰ

গঢ় আৰু ছপা শুৱনি হৈছে। বৰ্ণাশুদ্ধি ভুল আজিকালি ছপোৱা কিতাপত পাচীয়ে পাচীয়ে দেখা যায়। এইটো বৰ সুখৰ কথা যে আপোনাৰ কিতাপত সেইটো কুগ্ৰহ নাই বুলিলেই হয়।

 “ৰঞ্জনে” পাঠক পাঠিকাৰ মনোৰঞ্জন কৰিবই; তাৰ উপৰি, আৰু এটা ডাঙৰ কাম কৰিব, যথা—ভণ্ড অপদাৰ্থৰ পিঠিত সৌকা মেলি, তাৰ আৰু দৰ্শকৰ চকু মোকালাই দিব। মোৰ শ্ৰদ্ধা আৰু সাদৰ সম্ভাষণ গ্ৰহণ কৰিব। ইতি

সম্বলপুৰ
৭|৫|২৭

আপোনাৰ
শ্ৰীলক্ষ্মীনাথ বেজবৰুৱা।

৺হেমচন্দ্ৰ গোস্বামী ⵓ—

 কিতাপখন হাতত পৰা মাত্ৰকে সকলো কাম কাতি কৰি থৈ, আগৰ পৰা গুৰিলৈকে পঢ়িলোঁ। যদিবাও বহুত কবিতা আগৰ পঢ়া আছিল, তথাপি সেইবোৰ পঢ়িও নতুন আনন্দ পালোঁ। ন-কৈ ওলোৱা কবিতাখিনি পঢ়ি তাতোকৈ বেচি আনন্দ পালোঁ। মুঠতে ক’বলৈ গ’লে, আমাৰ ভাষাত এনে সৰব্‌ৰহী আৰু ধেমেলীয়া কবিতা বহুত দিন পঢ়া নাছিলোঁ। তোমাৰ কবিতাৰ ভাষা যেনে সৰল আৰু ধুনীয়া, ভাবো তেনে আঁত নলগা আৰু বাছক্‌বনীয়া। বঙ্গভাষাত দ্বিজেন্দ্ৰলালৰ কবিতাই যেনে আদৰ পাইছে, অসমীয়া ভাষাত তোমাৰ কবিতায়ে তেনে আদৰ পাব বুলি মোৰ বিশ্বাস। ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, এই দৰে কবিতাৰ নিতৌ নতুন বিনয়ি মালা গাঁথি মাতৃভাষাকে সজাবৰ নিমিত্তে তোমাক যেন দীৰ্ঘজীৱী কৰে।

গুৱাহাটী
২১-৪-২৭

তোমাৰ
শ্ৰীহেমচন্দ্ৰ গোস্বামী।

শ্ৰীযুত উপেন্দ্ৰনাথ বৰুৱা ⵓ—

 I have read you “Ranjan” with unfeigned pleasure. It is a book worth reading. You have nicely treated our social evils in an amusing and instructive satarical vein, which is really delight- ful. Your thoughts are so beautifully put in pure and simple Assamese, that I find no words to admire them You are long known to the Assam public as an Assamese author of versatile genius. May god grant you long life and good health to be more useful and serviceable to your country. I hope to see your hook in the hand of every young Assamese.

Jorhat
12th Sept, 1727

Yours Sincerely
Upendranath Baruah.

ৰায়বাহাদুৰ শ্ৰীযুত কৃষ্ণকুমাৰ বৰুৱা।

 Many thanks for yor book “Ranjan”. I find the book very instructive and befitting the time. Really I like the book very much.

Jorhat
15-5-2

Yours affly.
K. K. Borooah

শ্ৰীযুত বুদ্ধীন্দ্ৰনাথ ভট্টাচাৰ্য্য ⵓ—

 It gives me great pleasure to receive your book ‘Ranjan’, for which I thank you very much. The book really deserves the name. This is the sort of books, we require at the present age.

Jorhat
25-5-27

Yours affly.
Buddhindranath Bhattacharya

লৰা-ছোৱালীক নতুনপাঠ পঢ়াওক।

 ক মানলৈ ১ম ভাগ, খ মানলৈ ২য় ভাগ, ১ম মানলৈ ৩য় ভাগ, ২য় মানলৈ ৪ৰ্থ ভাগ, ৩য় মানলৈ ৫ম ভাগ, আৰু ৪ৰ্থ মানলৈ ৬ষ্ঠ ভাগ নতুনপাঠ কিনক। নতুনপাঠ উৎকৃষ্ট প্ৰাইমেৰী সাহিত্য। প্ৰকাশক ঐকৰুণাধৰ বৰুৱা, দৰ্পন প্ৰেচ, যোৰহাট।

 


যোৰহাট দৰ্পণ প্ৰেচত—
শ্ৰীনন্দধৰ বৰুৱাৰ দ্বাৰা
ছপা হল।



 

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৫ চনত ১ জানুৱাৰী ১৯৬৫ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )