ভদৰী

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
ভদৰী
লেখক লক্ষ্মীনাথ বেজবৰুৱা


“ ঐ অ! ভাত লৈ আহ!- শুনিছনে? বোলো ভাত লৈ আহ!” এইবুলি নাঙলটো চোতালতে থৈ শিশুৰামে লৰা-লৰিকৈ আঁঠুমুৰীয়া তিতা চুৰিয়াখন সলাই ঘৈণীয়েক ভদৰীয়ে ভাত-ৰন্ধা খোটালী পাই দেখিলে, ভাতে ফুটহে কাঢ়িছে! আঞ্জাৰ ফালেও ততোধিক মলিয়াইছে বা কলিয়াইছেহে বুলিব লাগে | অৰ্থা‍ত্‍ ঢেঁকীয়া শাকমুঠি মেলাহি-বাটিটোত বাছি থোৱা হৈছে, ধোৱাও হোৱা নাই ; কলপাত এডোখৰৰ ওপৰত ওচৰতে মৈদাখন মৰা ম’ৰা চৰাইটো যেন কাতি হৈ পৰি আছে, আৰু ঠেতেলামূৰীয়া মাটি সনা কাৱৈ মাছকেইটাই, ভাং খাই টঙনাটঙনি কৰি মূৰ ফলাফালি কৰা ছাই সনা ফকিৰৰ দৰে, পৰি ছটফট কৰিব লাগিছে| সিফালে ভাতৰ চৰুৰ তলত গেৰেহা খৰি লৰালৰিকৈ সুমাই দি, ভদৰীয়ে কমাৰৰ ভাতীৰ নিচিনাকৈ ফোচ ফোচ কৰি ফুৱাইছেহে ফুৱাইছে; কিন্তু খৰিৰ জাৰেই মৰা নাই, সোঁ-সোঁ-সোঁ কৰি খৰিয়ে কেঁকনি-গেঁথনিহে ধৰিছে| শিশুৰামৰ খং মূৰৰ চূলিৰ আগ পালেগৈ| কেইবাটাও কথাই আজি পুৱাৰেপৰা শিশুৰ খংজুই জ্বলাই থৈছিল| দুপৰীয়া হালমেলি আহি আহি ভাত নোপোৱা কথাটোৱে সেই জ্বলা জুইকুৰাত ঘিঁউ ঢালি দিলে মাথোন| প্ৰথম কাৰণ, আগদিনা শিশুক লঘোণে থৈ আৰু তাৰ হাল খতি কৰি নিষ্ঠুৰ কৃষ্ণা একাদশী গুচি গ’ল| দ্বিতীয় কাৰণ, একাদশী কৰি গা-ৰহা গৰাকীৰ দৰে, গৰুহালেও হালত নেযাওঁ-নথওঁকৈ পুৱাৰে পৰা শিশুক মহা আমনি কৰি আছিল| স্বৰূপতে পথাৰৰ এটাইখিনি কথা ভাঙি-ছিঙি ক’ব লাগিলে, গৰুহালৰ গাত, কামৰ সময়ত “গাফিলি” কৰি কান্ধত যুঁৱলিৰেই শুইপৰা জগৰ পৰে, আৰু গৰুৰ গৰাকীৰ গাতো হিন্দুৰ পূজ্য গোজাতিৰ বিপক্ষে অতি অহিন্দু বাইক প্ৰয়োগ কৰা আদি ডাঙৰজগৰ আহি পৰে| লোকে যিহকে কওঁক, আমি কিন্তু লগনীয়া স্বভাবৰ লোক নহওঁ| সেইবিলাক টুটকীয়া কথা লগাই, একাদশী কৰি পেটে-কঁকালে লগা বপুৰা শিশুৰামক আৰু লঘোণে-ভোকে থ’বৰ আমাৰ ইচ্ছা নাই; আৰু গৰুহালৰ ওপৰত ভদৰীৰ শেলাই বন্ধ গৈ থকা ভাল মতটো ঘঁহি-পিঁহি গুচাই দিবৰ অভিলাষো আমাৰ নাই| তৃতীয় কাৰণটো এইখিনিতে লগে ভাগে কৈ থোৱা ভাল, নাইবা ভদৰী শিশুৰামৰ এই উপাখ্যানটো এই পৃথিৱীত অঙ্গহীন হৈ ৰ’ব| যথা, মাটিৰ সীমা ঠেলা বাবে বেথাই বহুৱাৰ সৈতে সেই পুৱাই পথাৰত শিশুৰামৰ অলপ খকা-খুন্দা লাগি আহিছে| খকা-খুন্দাটো, তপত ঘিউত লুচি ওফন্দাদি ওফন্দি, ডাঙৰ হৈ উঠিছিল| কিন্তু গতি বিষম দেখি বহুৱা বেথায়ে খোচ মাৰি, ওফন্দি উঠা ঢৌটো ফুটাই দি পলাল দেখি জানিবা সেই খকাখুন্দা অৱস্থাতে ৰ’ল| এই বিচিত্ৰ সংসাৰত পূৰ্বাপৰ প্ৰচলিত নিয়ম আছে, যে বাহিৰত য’তে যিহতে পুৰুষৰ খং উঠক, তাত সেই খঙৰ সদ্ব্যৱহাৰ বা অসদ্ব্যৱহাৰ তেওঁ কৰিব নোৱাৰিলে, ঘৰলৈ উভতি আহি ঘৈণীয়েকৰ ওপৰত, সঁচাই-মিছাই সেই খং দপালি দি বৰ মতা ওলায়| আমাৰ সংসাৰী শিশুৰামো এই প্ৰচলিত নিয়মৰ বাহিৰা নহয়| ইয়াৰ আগেয়ে সি এদিন অঘাইটং বেথাই বহুৱাৰ পালতে পৰিণগুৰ্ণাগতি হৈ আহি , গোহালিত এতিয়ালৈকে জাকি দিয়া হোৱা নাই বুলি, ঘৰ সোমায়েই অনাহকতে ভদৰী বেচেৰীৰ পিঠিত ঔ পৰা কথাও আমি জানো | গিৰীয়েকৰ এনে বৰমতালিৰ মানে ভদৰীয়ে বঢ়িয়াকৈ বুজি, একো নামাতি আই বসুমতীৰ দৰে পিঠি পাতি দি সদায় সহি থাকে | বাস্তবিক পক্ষতে ভদৰীৰ এনে বিশ্বাস হৈ গৈছিল যে ভুকুটো ঢকাটো চৰতো গোৰটো আৰু কাঠখৰি আৰু ঢেকীঠোৰাৰ মাৰটো, উঠা-বহা, খোৱা=লোৱাৰ লগৰে বিবাহিত জীৱনৰ এটা অপৰিহাৰ্য্য অংগ! কিন্তু সকলো কথাৰে এটা যুক্তিসঙ্গত সীমা আছে , মাৰ-কিলো যে অসীম ঈশ্বৰ লগতে এটা অসীম পদাৰ্থ এনে নহয়| সহন-শিৰোমণি বসুমতীৰো কেতিয়াবা কেতিয়াবা শিল-মাটিৰ গা কঁপে| আমাৰ সৰু-সহনীয়া ভদৰীৰ তেজ-মঙহৰ শৰীৰেও থাকি থাকি অসহ্য হ’লে কেতিয়াবা দুই এটা জিকাৰ মৰাটো কি টান কথা? কেঁচা খৰিৰ জুই ফুৱাই ফুৱাই নাকৰ পানী আৰু পানী আৰু চকুৰ পানীয়ে একে হোৱা ভদৰীয়ে দুৰ্ভাগ্যবশতঃ আজিও এটা অসঙ্গত আৰু অযুগুত জিকাৰ মাৰি দিলে |

শিশুৰাম : অমুকৰ জীয়েক, এই বেলি তিনিপৰীয়ালৈকে ভাত হোৱা নাই কিয় ? ভদৰী : মোৰ মূৰটোৰে ভাত ৰান্ধি দিম নেকি ? খৰি এডাল বুলিবলৈ নাই ! গেৰেহা কেঁচা খৰি ফুৱাওঁতে ফুৱাওঁতে হাৰাশাস্তি হৈছোঁ| নুবুজা নেমেলাকৈ দুপদুপাই উঠিলেই হয় নেকি ? “বেটী কি বুলিলি?” এইবুলি শিশুৰামে, কাৱৈ মাছৰ তেজ পিবলৈ টোপালি পাৰি পৰি থকা মৈদাখনেৰে, ভ্দৰীৰ পিঠিত ওপৰা ওপৰিকৈ দোকোব মাৰিলে| তৃতীয় কোব মৰাৰ আগেয়ে, ভদৰীৰ চিঞৰ শুনি লৰি আহি, শিশুৰামৰ বেলেগতীয়া ভায়েক কিনাৰামে পিচফালৰপৰা “হে হে ককাই কি কৰা!’ বুলি শিশুৰামক সাৱট মাৰি থাপমাৰি হাতৰপৰা তেজেৰে ৰাঙলি মৈদাখন কাঢ়ি নিলে| ভদৰী তেজেৰে টুংৰলি হৈ মুচকচ গৈ মাটিত পৰিল |

দ্বিতীয় আধ্যা

আস্পালত থাকি তিন দিনৰ মূৰত ভদৰীয়ে জ্ঞান পায়েই প্ৰথমতেই কাষত থকা ডেৰেচীক সুধিলে, “ তেওঁ ক’লৈ গ’ল ?” ডেৰেচী : কৌন তেওঁ ? ভদৰী : ( অলপ অপ্ৰস্তুত হৈ ) আমাৰ তেওঁ | মোৰ গিৰিহঁত | ডেৰেচী : ও আদমী হাজোত মে আছে | ভদৰী : তেওঁক মাতি পঠিয়াওক দেউতা ! ডেৰেচী : ক্যা মাতি পঠিয়াও গে ; ও আদমি আভি আহিবে নাহি পাৰিবে| উচকো তো হাজত মে দিছে | আচ্ছা | তুমি ৰহ আভি | তোমাৰা আদমিকা বাত তুমি আভি নাহি ভাবিবে | ও বাত আভি ভাবিলে হামি জানিছে তোমৰা বেমাৰ বহুত বেছি হবে |

আস্পাতালৰ ডেৰেচীৰ কথা শুনিয়েই ভদৰী আকৌ অজ্ঞান হৈ পৰিল| এনেতে ডাক্তৰ আহি পালেহি | ডাক্তৰে কম্পাউণ্ডৰৰ মুখে ৰোগীৰ সকলো অৱস্থাৰ ভূ পাই শিশুৰামক হাজোতৰ পৰা আনি তাইৰ আগত নিদিলে তাইৰ সোনকালে আৰোগ্য হ’বৰ আশা নাই বুজি তেতিয়াই তাৰ দিহা কৰিলে |

তৃতীয় আধ্যা

এইবাৰ জ্ঞান পাই ভদৰীয়ে চকু মেলিয়েই দেখিলে তাই পৰি থকা শয্যাৰ কাষত, দুটা ৰঙা পাগুৰীয়া কনিষ্টবলৰ মাজত শিশুৰাম থিয় হৈ আছে| কাষতে ডাক্তৰ চাহাব|

ভদৰী :(শিশুৰামৰ ফালে চাই ) তোমাৰ গা কেনে আছে? আজি ভাত খালানে? তোমাৰ ভাত পানী খোৱাত মহা দুখ হৈছে চাগৈ ?

উত্তৰস্বৰূপে শিশুৰামৰ দুচকুৰে দুধাৰ লোতক বৈ গ’ল|

ভদৰী :(ডাক্তৰলৈ চাই হাত যোৰ কৰি ) দেউতা ঈশ্বৰ! ধৰ্মাৱতাৰ! এওঁৰ কোনো দোষ নাই , এওঁক এৰি দিয়ক| বেটী গোলামীয়ে চুলি ছিঙি কাতৰ কৰি মাতিছোঁ, মো গিৰিহঁতক এৰি দিয়ক| মাছ বাছিবলৈ যাওঁতে উজুটি খাই পাতি থোৱা মৈদাত পৰি বেটী গোলামীৰ গা কাটিছে| ভদৰীৰ সকৰুণ কথা শুনি ডাক্তৰ, ডেৰেচী, কনিষ্টবল আদি সকলো অবাক! শিশুৰামেও আৰু থাকিব নোৱাৰি হৌ হৌ কৰে কান্দিবলৈ ধৰিলে,“নহয় হজুৰ! ম‍ইহে এইক মৈদাৰে কুবিয়ালোঁ, মোক হুজুৰ ফাঁচি দিয়ক| ধৰ্ম্মাৱতাৰ ম‍ই মহাপাপী, ম‍ই এনেজনী তিৰোতাৰ গাত অস্ত্ৰেৰে কোব মাৰিলোঁ|”

সামৰণি

অলপ দিনৰ ভিতৰত ভদৰী সম্পূৰ্ণৰূপে আৰোগ্য হ’ল| কিন্তু স্বামীক নিৰ্দোষী কৰি আইনৰ গৰাহৰ পৰা ৰাখিবলৈ তাই প্ৰাণপণে চেষ্টা কৰাতো, তাৰ কঠিন পৰিশ্ৰমৰ সৈতে তিনিমাহ ফাটকৰ হুকুম হ’ল| শিশুৰামে হাঁহি হাঁহি বৰ ফাটকৰ ভিতৰলৈ, আৰু ভদৰী কান্দি কান্দি শোক-ভৰা হৃদয় লৈ আপোন ঘৰৰ ভিতৰলৈ সোমাই, ......এইখিনিতে আমাৰ এই বেগেতীয়া সাধুটি শেষ কৰি দিলে|