ভজন, নমস্কাৰ, উপদেশ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
নামঘোষা
লেখক শ্ৰীমন্ত মাধৱদেৱ
নামঘোষা
  1. ভজন, নমস্কাৰ, উপদেশ
  2. নিন্দা
  3. প্ৰাৰ্থনা আৰু অনুনাথনা
  4. মহিমা, আত্ম-উপদেশ, আত্ম-নিন্দা আৰু বস্তু-প্ৰকাশ
  5. প্ৰশংসা, অনুধিতা, নাম, পৰমাৰ্থ-সাৰ, সাৰ-নিৰ্ণয়, বৰ্ণাশ্ৰম, হৰবাৰ
  6. নামৰ অন্বয়, দুলড়ি, শৰণ আৰু ভজন
  7. নমস্কাৰ, উপদেশ, খেদ
  8. নিন্দা, প্ৰাৰ্থনা
  9. নাম-মহিমা, নাম, প্ৰশংসা
  10. বস্তু-প্ৰকাশ, নিৱেদন, কলি-ধৰ্ম্ম-নিৰ্ণয়, হৰবাৰ, কৃষ্ণৰ পুৰুষ-লক্ষণ, যুগ-ধৰ্ম্ম-নিৰ্ণয়
  11. ঈশ্বৰ নিৰ্ণয়, শৰণ, ভজন, নমস্কাৰ, উপদেশ, মহিমাযুক্ত উপদেশ, আত্ম-উপদেশ
  12. নিন্দা, প্ৰাৰ্থনা, নিৱেদন, প্ৰশংসা, কলি-ধৰ্ম্ম, নাম, তাত্‍পৰ্য্য, বিৰকতি
  13. তুতি, ঈশ্বৰ-নিৰ্ণয়,শৰণ, নমস্কাৰ, উপদেশ, ছবি, লেছাৰি, মহিমা-যুক্ত উপদেশ, ছবি, লেছাৰি
  14. নিন্দা, আত্ম-নিন্দা, মহিমা, নাম-মহিমা, তুতি
  15. প্ৰাৰ্থনা, তাত্‍পৰ্য্য, বস্তু-প্ৰকাশ, আশ্ৰয়, প্ৰশংসা, মহিমাযুক্ত কীৰ্ত্তন-প্ৰশংসা, নামৰ অন্বয়
  16. খেদ, ভাগৱত-প্ৰশংসা, উপদেশ, খেদ, পৰম-পুৰুষাৰ্থ
  17. শৰণ, ভজন, নমস্কাৰ, উপদেশ, মহিমা, আত্ম-উপদেশ, নিন্দা, আত্ম-নিন্দা
  18. খেদ, মহিমা, কাৰুণ্য
  19. তাত্‍পৰ্য্য, কাকূতি, প্ৰাৰ্থনা, প্ৰাৰ্থনা-নিবেদন
  20. ঘোষা, খেদ

ভজন, নমস্কাৰ, উপদেশ || নমো শ্ৰীকৃষ্ণায় নমো নম: ||

:ভজন
||ঘোষা || ছবি ||

মুক্তিত নিস্পৃহ যিটো       সেহি ভকতক নমো

ৰসময় মাগোহো ভকতি |

সমস্ত মস্তক মণি       নিজ ভকতৰ বৈশ্য

ভজো হেন দেৱ যদুপতি ||১

যাৰ ৰাম-কৃষ্ণ নাম       নামে ভৱ-সিন্ধু তৰি

পাৱে পৰমপদ পাপী যত |

সদানন্দ সনাতন       হেনয় কৃষ্ণক সদা

উপাসা কৰোহোঁ হৃদয়ত ||২
নমস্কাৰ

মত্‍স্য কুৰ্ম্ম নৰসিংহ       বামন পৰশুৰাম

হলিৰাম বৰাহ শ্ৰীৰাম |

বুদ্ধ কল্কি নামে দশ       আকৃতি ধৰিছা কৃষ্ণ

তযু পাৱে কৰোহো প্ৰণাম ||৩


উপদেশ

একান্ত ভকতসৱে       নিৰ্গুণ কৃষ্ণৰ গুণ

গাৱে সদা বসিয়া যথাত |

বৈকুণ্ঠক পৰিহৰি       যোগীৰো হৃদয় এৰি

থাকা হৰি সাক্ষাতে তথাত ||৪

কৰ্ম্মত বিশ্বাস যাৰ       হিয়াত থাকন্তো হৰি

আতিশয় দূৰ হোন্ত তাৰ |
দূৰতো বিদূৰ হোন্ত তাৰ ||

অহঙ্কাৰ থাকন্তেও       সাক্ষাতে কৃষ্ণক পাৱে

শ্ৰৱণ কীৰ্ত্তন ধৰ্ম্ম যাৰ ||৫

যিটোজনে শুদ্ধভাৱে       হৰিত শৰণ লৈয়া

হৰিক সুহৃদ বুলি আছে |

হৰিৰ প্ৰসাদে সিটো       বিঘ্নিৰ মুণ্ডত ভৰি

দিয়া হৰি-গুণ গায়া নাচে ||৬

সকল নিগমে লতা       তাৰ অবিনাশী ফল

কৃষ্ণ-নাম চৈতন্য-স্বৰূপ |

সুমধুৰ সুমঙ্গল       শ্ৰদ্ধায়ে হেলায়ে লৈয়া

নৰ মাত্ৰ তৰে ভৱ-কূপ ||৭

অব্যক্ত ঈশ্বৰ হৰি       কিমতে পূজিবা তাঙ্ক

ব্যাপকত কিবা বিসৰ্জ্জন |

এতাৱন্ত মূৰ্ত্তিশূণ্য       কেনমতে চিন্তিবাহা

ৰাম বুলি শুদ্ধ কৰা মন ||৮

যিটোজনে কৃষ্ণ-কথা      বিচাৰে সময়ে মনে

ধৈৰ্য্য ধৰি ক্ষণেক থাকয় |

যত তীৰ্থ স্নান দান       দেৱ-পিতৃ-যজ্ঞ যাগ

যোগাদিৰো ফলক পাৱয় ||৯

যাৰ পুত্ৰসৱে ঐত       হৰিত শৰণ লৈয়া

হৰি-গুণ গাৱে শুদ্ধভাৱে |

দধি দুগ্ধ ঘৃত মধু       নদীৰ জলক পিয়া

পিতৃগণে তৃপিতিক পাৱে ||১০

সেহিসে সকলে শাস্ত্ৰ       পঢ়িলে শুনিলে সিসি

অনুষ্ঠান সমস্তে কৰিল |

নিৰাশা ঈশ্বৰ কৃষ্ণ       তাহাঙ্ক সমুখ ভৈল

আশাক যিজনে পিঠি দিল ||১১

অপৱিত্ৰ যিটো আতি       পৱিত্ৰ হোৱৱা যদি

সমস্তে অৱস্থা আছা পায়া |

কমললোচন যিটো       সুমৰে তাৰেসে শুদ্ধ

বাহিৰে-ভিতৰে হোৱে কায়া ||১২

সেহিসে চতুৰ যিটো       পুণ্যৰ নিদান-ভূত

নাৰায়ণ-নামক উচ্চাৰে |

অচতুৰ সিসি আতি       পাপৰ নিদান-ভূত

নামে অৰ্থবাদ যিটো কৰে ||১৩

মহেশে বোলন্ত মোৰ       ৰকাৰাদি নাম শুনি

পৰম প্ৰসন্ন হোৱে মন |

শুনিয়ো পাৰ্ব্বতী মঞি       মনত শঙ্কঞো ৰঙ্গে

ৰাম বুলিবেক ইটোজন ||১৪

কৰ্ণ-পথে ভকতৰ       হিয়াত প্ৰৱেশি হৰি

দুৰ্ব্বাসনা হৰা সমস্তয় |

জলৰ যতেক মল       যেহেন শৰত-কালে

স্বভাৱতে নিৰ্ম্মল কৰয় ||১৫

হুয়া দেৱ দিগম্বৰ       ভস্ম-বিভুষিত-অঙ্গ

শিৰত ধৰিছা জটা-ভাৰ |

মহেশে সেৱন্ত যাক       হেন হৰি বিনে আন

কোন শ্ৰেষ্ঠ দেৱ আছে আৰ ||১৬

ব্ৰহ্মা আদি দেৱগণে       নিচল সম্পত্তি মনে

লক্ষ্মীক সেৱন্ত তপ কৰি |

লক্ষ্মীও সেৱন্ত যাক       হেন মহেশ্বৰ বিষ্ণু

আন কোন দেৱ তাঙ্ক সৰি ||১৭

সমস্ত-বেদান্ত-সাৰ       মহাভাগৱত শাস্ত্ৰ

ইহাৰ অমৃত-ৰস পাই |

পৰম সন্তোষে পান       কৰিল যিজনে তাৰ

অন্যত্ৰ ৰসত ৰতি নাই ||১৮

মহাভাগৱত-ৰস       মাধৱৰ নাম-যশ

আক পান কৰিল যিজনে |

কৃষ্ণৰ চৰণে চিত্ত       দিয়া মোক্ষ-আদি ৰসে

ৰতি আৰ নকৰয় মনে ||১৯

কৃষ্ণৰ নামক সদা       কীৰ্ত্তন কৰয় যিটো

মনে দৃঢ় কৰিয়া নিশ্চয় |

নিষ্কাম হোক বা যদি       সকাম হোৱয় তাক

কদাচিতো কলি নবাধয় ||২০

চাণ্ডাল পৰ্য্যন্ত কৰি       জগতৰ উপকাৰী

নাহি নাম-গুণ বিনে আন |

সেহিসে কাৰণে হৰি       নিজ-যশ-প্ৰিয় ভৈল

ভগৱন্ত ভকতৰ প্ৰাণ ||২১

যিহেতু চৈতন্য-পূৰ্ণ       পৰমাত্মা-ৰূপে হৰি

হৃদয়ত আছন্ত প্ৰকাশি |

তাতেসে ইন্দ্ৰিয়গণ       ভূত প্ৰাণ বুদ্ধি মন

প্ৰৱৰ্ত্তে যতেক জড়ৰাশি ||২২

ৰাম-কৃষ্ণ-হৰি-নাম       সৰ্ব্ব-ধৰ্ম্ম-অনুপাম

সকল নিগম-তত্ত্ব-সাৰ
যত পৰে ধৰ্ম্ম নাহি আৰ |

হেন নাম নূসুমৰি       কমন ভাৰসা কৰি

ৰৈয়া আছা ভৱ তৰিবাৰ ||২৩

বিষ্ণু-পাদোদক গঙ্গা       মহেশে সহিতে ইটো

জগতকে পৱিত্ৰ কৰয় |

হেন কৃষ্ণ বিনে কোন      ভগৱন্ত হেন ইটো

শব্দৰ স্বৰূপ আছয় ||২৪

পুণ্য অৰণ্যৰ মাজে       মাধৱৰ নাম-সিংহে

প্ৰকাশ কৰয় আতি বড়ে |

যাৰ ধ্বনি শুনি      ভয়ে মহাপাপ-হস্তীচয়

পলায় আতি ত্ৰাসত লৱড়ে ||২৫

আপুনি আপুন বন্ধু       আপুনি আপুন শত্ৰু

আপুনি আপুন ৰাখে মাৰে |

হৰিক নভজি নৰে       আপুনি হোৱয় নষ্ট

হৰি ভজি আপুনাক তাৰে ||২৬

দুৰ্ল্লভ মনুষ্য-তনু       লভিয়া পশুৰ যোগ্য

বিষয়ৰ আশা পৰিহৰা |

সন্তৰ সঙ্গত বসি       সুখে হৰি-গুণ গায়া

সন্তোষ-অমৃত পান কৰা ||২৭

হৰি-নাম-কীৰ্ত্তনত       নাহি কাল দেশ পাত্ৰ

নিয়ম সংযম একো বিধি |

হৰিত শৰণ লৈয়ো       কেৱলে হৰিৰ নাম

কীৰ্ত্তন কৰন্তে হোৱে সিদ্ধি ||২৮

বিষয়-সম্বন্ধ-সুখ       সমস্ত যোনিত পায়

হৰি-সেৱা একো থানে নাই |

হৰিৰ সেৱাৰ যোগ্য       কেৱলে মনুষ্য-তনু

জানি ফুৰা হৰি-গুণ গাই ||২৯

মৃত্যুৰ মুখত পৰি       আছে যিটো সিটো নৰে

হৰি-গুণ-কীৰ্ত্তন নকৰে |

মৃত্যু তৰিবাৰ জানা       নাহিকে উপায় আন

হৰি-নাম-কীৰ্ত্তনত পৰে ||৩০

মৃত্যু তৰিবাৰ যত       আছয় উপায় আন

বিঘিনি-দূষিত নিৰন্তৰে |

বিঘিনি-ৰহিত যত       মাধৱৰ-গুণ-কৰ্ম্ম

কীৰ্ত্তন কৰন্তে সুখে তৰে ||৩১

লুব্ধ-মতি মনুষ্যৰ       হৰি-কীৰ্ত্তনত পৰ

নাহিকে ৰহস্য-বিত্ত আৰ |

আন আশা পৰিহৰি       মাধৱক মনে ধৰি

হৰিৰ কীৰ্ত্তন কৰা সাৰ ||৩২

শুনা পৰমাৰ্থ-তত্ত্ব       শ্ৰীমন্ত-শঙ্কৰ-মত

ধৰিয়োক সজ্জনসকল |

হৰিৰ কীৰ্ত্তন কৰি       সুখে সংসাৰক তৰি

পাইবা ভক্তি পৰম নিৰ্ম্মল ||৩৩

শুনা সভাসদচয়       নেৰিবা শাস্ত্ৰৰ নয়

হৰি-গুণ ভাগৱত সাৰ |

সাধু-সঙ্গ অনুসৰা       শ্ৰৱণ-কীৰ্ত্তন কৰা

পৰিহাৰা পাষণ্ড-আচাৰ ||৩৪

বৈৰাগ্যত পৰে ভাগ্য       নাহি প্ৰবোধত পৰে

সুখ আৰ নাহি পুৰুষৰ |

হৰি বিনে পৰিত্ৰাণ       কৰ্ত্তা আৰ নাহি জানা

ৰিপু নাহি সংসাৰত পৰ ||৩৫

লক্ষ্মীপতি ভগৱন্ত       যাহাৰ প্ৰসন্ন ভৈলা

তাহাৰ দুৰ্ল্লভ কিছু নাই |

নাৰায়ণ-পৰ ভৈলে       তথাপি কিঞ্চিতো আন

নবাঞ্জয় সেবা-সুখ পাই ||৩৬

কৃষ্ণৰ হৃদয় চাৰু       লক্ষ্মীৰ নিৱাস-থান

মুখ নয়নৰ পান-পাত্ৰ |

দিগপাল সমস্তৰ       আশ্ৰয় কৃষ্ণৰ বাহু

ভকতৰ পাদ-পদ্ম মাত্ৰ ||৩৭

পৰম ঈশ্বৰ দেৱ       কৃষ্ণক নপাৱে লাগ

তপ জপ যাগ যোগ দানে |

একান্ত ভক্তৰ পদ       ৰেণু শুদ্ধ-চিত্তে মাথে

অভিষেক নকৰয় মানে ||৩৮

গ্ৰাম্য-কথা-বিনাশন       উত্তম শ্লোকৰ গুণ

প্ৰসৱয় সাধুৰ সঙ্গত |

তাক অনুদিন যিটো       সেৱে তাৰ সতী মতী

হোৱে বাসুদেৱ-চৰণত ||৩৯

সেহিসে দিনক ভাই       দুৰ্দ্দিন বুলিয়া মানি

মেঘাচ্ছন্ন নোহয় দুৰ্দিন |

হৰি-কথা-অমৃতৰ       সম্যক-আলাপ-ৰসে

যিটো দিন হোৱয় বিহীন ||৪০

আত্মা-ঈশ্বৰক লাগ       প্ৰত্যেকে সততে পাই

নপাই জানা তাঙ্ক অবিদ্যাত |

অবিদ্যা নশিলে লাগ       কৃষ্ণক পাৱয় যেন

কণ্ঠ-লগ্ন বস্তুক সাক্ষাত || ৪১