বৰদৈচিলা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
বৰদৈচিলা
লেখক হেমচন্দ্ৰ গোস্বামী

চ’তৰ বিহুত বৰদৈচিলা মাকৰ ঘৰলৈ যায়
গছ-গছনি ঘৰ-দুৱাৰ নিয়ে উৰুৱাই।
হিল-দোল ভাঙি-ছিঙি মেলিছা ঢাপলি
লগত নিছা লগৰীয়া যত বা মাৰলি।
আউল বাউল চুলি মেলি মাৰিছা কিয় লৰ?
লাহে ধীৰে গ’লেও দেখোন পাবা মাৰাৰ ঘৰ।
চোতালত দিছোঁ বৰপীৰা কাকৈ ফণী তাতে
মূৰৰ চুলী মেলাই যোৱা ৰজাৰ ৰাজবাটে।
মাৰাই দিব মাধৈ ফুল বাপেৰাই দিব খাৰু,
ককায়েৰাই দিব কাপোৰ কানি ভায়েৰাই দিব কেৰু।
শুবলৈ দিব শীতল পাটী, বহিবলৈ দিব পীৰা,
খাবলৈ দিব জহা ধানৰ দোৱা ভৰা চিৰা।
কাবৌ কৰি মাতিছোঁ আমি লাহে ধীৰে যোৱা
আমাৰ পজাঁ ঘৰ কেউটি ভালে ভালে থোৱা।