ব্যাকৰণ-ৰচনা (১ম ভাগ)
ব্যাকৰণ-ৰচনা
১ম ভাগ ।
[ ৪র্থ মান শ্ৰেণীৰ বাবে ] ।
দত্তবৰুৱা ব্রাদার্চ এণ্ড কোং
নলবাৰী, কামৰূপ ।
ব্যাকৰণ-ৰচনা
১ম ভাগ।
[ ৪ৰ্থ মান শ্রেণীৰ বাবে ]
লিখক—
শ্রীহৰিনাৰায়ণ দত্ত বৰুৱা।
যোৰহাট |
কিতাপ পোৱাৰ ঠিকন৷--
দত্ত বৰুৱা ব্ৰাদাৰ্চ এণ্ড কোং
নলবাৰী, কামৰূপ।
- বেচ—৵৹ অনা |
- বেচ—৵৹ অনা |
প্রিণ্টাৰ--শ্ৰীসতীশ চন্দ্ৰ ব্ৰহ্মচাৰী ৷
অন্নদা প্রিন্টিং হাউচ্,
যোৰহাট
পাতনি ৷
৪ৰ্থ মান শ্ৰেণীৰ বাবে ব্যাকৰণ নির্দিষ্ট আছে; কিন্তু ব্যাকৰণৰ কথাবোৰ ব্যৱহাৰত খটাবলৈ বিশেষ চেষ্টা নকৰাৰ ফলত অধিক ভাগ ছাত্ৰৰ ব্যাকৰণত খুত ৰৈ যায়। সেই কাৰণে ৰচনাৰ ভিতৰেদি ব্যাকৰণৰ দোষ গুচাবৰ অর্থে আমি “ব্যাকৰণ-ৰচন৷” নাম দি এই ৰচনাৰপুথি সঙ্কলন কৰিলোঁ।
“উদাহৰণ দি শিক্ষা দিয়া আৰু অভ্যাস কৰোৱা” প্রণালী অৱলম্বন কৰি এই পুথি লিখা হৈছে। এই ভাগ “ব্যাকৰণ-ৰচনাত” বিশেষ ভাৱে তৃতীয় মান শ্রেণীত মুখে মুখে শিকা ব্যাকৰণৰ কথাখিনিকে ৰচনাৰ দ্বাৰা পৰিচয় কৰাবলৈ যত্ন কৰিছোঁ আৰু ব্যাকৰণৰ লগে লগে মৌখিক আৰু লিখিত ভাৱে ৰচনা শিক্ষা দিবলৈ চেষ্টা কৰিছোঁ। আমাৰ বিশ্বাস এইদৰে শিকিলে লৰাই পদবোৰৰ সাধাৰণ সুত্ৰ জনাৰ আগতেই ‘সেইবোৰ বুজি ব্যৱহাৰ কৰিবলৈ শিকিব।
বাক্যৰ সাধাৰণ জ্ঞান, পদৰ ব্যৱহাৰ, বস্তু আৰু চিত্র চাই চুটি চুটি বাক্যেৰে গল্প বচনা কৰা আৰু পত্র লিখা নিয়ম আদিও এই ভাগ কিতাপত অলপ অলপ দিয়| হৈছে। এইমতে ৰচনা শিক্ষা কৰিলে লৰাৰ চিন্তা শক্তি বুদ্ধিৰ লগে লগে শুদ্ধ বাক্যেৰে লৰাই ভাব প্রকাশ কৰিবলৈ সমর্থ হব বুলি আমি ভাবো। লিখক—
৪ৰ্থ মান শ্ৰেণীৰ পাঠ্য বিষয়--
ব্যাকৰণ—সৰল বাক্য বিশ্লেষণ, পদ প্রকৰণ, বচন, লিঙ্গ, কাৰক, কাল আক পদান্বয়।
ৰচনা—চিঠি লিখা পূৰ্ব্বৰ দৰে চলি থাকিব; আখ্যান আৰু বিৱৰণ ; পাঠ্য কিতাপৰ পাঠৰ সাৰাংশ ৷
সূচী ।
বিশেষ্য—সংজ্ঞাবোধক বিশেষ্য।
সৰ্ব্বনাম—ব্যক্তিবোধক, স্থানবোধক সৰ্ব্বনাম।
বচন—একবচন, বহুবচন।
বিশেষণ—বিশেষ্যাৰ বিশেষণ।
ক্ৰিয়া।
অব্যয়—যোজক, পৃথকবোধক, সন্দেহবোধক, ভাববোধক।
কাৰক—কৰ্তা আৰু কৰ্ম্মকাৰক।
বস্তু আক চিত্ৰ চাই ৰচনা—তামোল গছ, মেকুৰী, কল-
গছ, কুকুৰ, নাৰিকল গছ, ঘোৰা, মাছ, দুটা সিংহ আৰু
শিয়াল, ফুলনি, দৈনিক জীৱন, পিতৃ-মাতৃ।
বাক্যৰ ভাগ; পদবিন্যাস; সম্প্ৰসাৰক; বাক্য বিশ্লেষণ,
শব্দ আৰু পদ, পাঠৰ সাৰাংশ, পদান্বয়।
পত্ৰ—পিতালৈ, ভায়েকলৈ, শিক্ষকলৈ।
ব্যাকৰণ আৰু ৰচনা
১ ম ভাগ।
১ম পাঠ ৷
বিশেষ্য।
তলৰ বাক্যবোৰৰপবা নাম বুজোৱা শব্দবোৰ বাছি উলিওৱাঁ।
১। ৰাম আহিল।
২। ৰামৰ কিতাপ আছে।
৩। হৰিয়ে কঠ পাৰিছে।
৪। হানিকে ফলি থলে।
৫। ধৰ্ম্মই বহি লৈছে।
৬। মজিয়াত মেজ আছে।
৭। মেজত পেনচিল থৈছে।
৮। ওচৰত দোৱাত আছে।
৯। মেজৰ কাষত এখন চকি আছে।
১০। এজন শিক্ষক আহিছে।
১১। শিক্ষক চকিত বহিছে।
১২। শিক্ষকৰ কলম আছে।
১৩। মেপ আৰি থৈছে!
১৪ । ওচৰতে কাঠী আছে।
১৫ ৷ স্কুলত বোর্ড আছে।
১৬। বোৰ্ডৰ খুঁটিত চক থয়।
১৭ ৷ এটা আলমাৰি মেলি ৰাখিছে।
১৮। আলমাৰিত কাকত আছে।
১৯ ৷ পঢ়াশালিৰ আগতে এখন ফুলনি ৷
২০। ফুলনিত গোলাপ ফুল ফুলিছে ৷
২১ ৷ ফুলনিৰ কাষত এজোপা গছ আছে।
১২ | গছত চৰাই পৰিছে।
২৩ ৷ আকাশ নীল| দেখি ৷
২৪। আকাশত চন্দ্র অৰু সূৰ্য্য উঠে।
সূত্ৰ------- যি কোনো প্রাণী বা বস্তুৰ নাম বুজায় তাক নাম বুজোৱা বা সংজ্ঞাবোধক বিশেষ্য বোলে । শিক্ষাদানৰ সঙ্কেত............
(১) ওপৰত দিয়া বাক্যৰ নিচিনা আৰু কিছুমান বাক্য বোৰ্ডত লিখি দি সংজ্ঞাবোধক বিশেষ্য পদবোৰ বছাব।
(২) পাঠ্য সাহিত্যৰ এটা পাঠৰ সংজ্ঞাবোধক বিশেষ্যবোৰ উলিয়াবলৈ দিব।
(৩) লৰাই সংজ্ঞাবোধক বিশেষ্যপদ দেখিলেই চিনি পোৱা হোৱাটোৱেই প্রধান উদ্দেশ্য; ইয়াক শিক্ষকে সদায় মনত ৰাখিব। (8) গুণবোধক আৰু ক্ৰিয়াবোধক বিশেষাপদ এই সময়ত শিকাৰ নালাগে ।
১ম প্ৰশ্ন।
তলৰ বাক্যবোৰত থকা সংজ্ঞাবোধক বিশেষ্য পদবোৰ বাছি উলিওৱাঁ।
১। বেণুৱে চিলা উৰাইছিল।
২। মাধৱে গৰু চাৰিছে ।
৩। মই পানী খাম।
8। মাছ পানীত থাকে ।
৫। কীৰ্ত্তনঘৰত ভকত বহিল।
৬। মই মাগুৰ মাছ ধৰিলোঁ।
৭। চাঙত ডুলি থৈছিল।
৮। ভৰালত ধান আছে।
৯। গৰুৱে ঘাঁহ খাইছে।
১০। পুখুৰীপাৰত এজোপা আঁহত আছে ।
২য় প্ৰশ্ন।
১। মানুহৰ নাম থকা চাৰিটা বাক্যলিখা ।
২। গাৱঁৰ নাম থকা চাৰিটা বাক্যলিখাঁ ।
৩য় প্ৰশ্ন।
তলৰ বাক্যবোৰৰ খালি ঠাইবোৰত সংজ্ঞাবোধক পদবোৰ বহুৱাঁ ।
১। মোৰ এটা ..............আছে।
২। তেওঁ এটা..............লব ।
৩। ..............বহি আছিল।
৪। মই ..............খাইছোঁ ৷
৫। সি.............. চাইছে ।
৬ । তাই..............লেখিছে ।
৭। মোক.............. দেখুৱা।
৮। তই..............কাটিবি ।
৯। এটা..............ধৰিছে।
১০। তুমি..............খাই..............লোৱা ।
৪ৰ্থ প্ৰশ্ন।
দুটাকৈ সংজ্ঞাবোধক বিশেষ্য পদ থকা ১০টা বাক্য লিখাঁ।
৫ম প্ৰশ্ন।
সংজ্ঞাবোধক বিশেষ্য পদবোৰ বাছি উলিওৱা ।
এইখন আমাৰ পঢ়াশালি ।
ঘৰটোৰ চাল ছখন ।
ইয়াৰ দুৱাৰ চাৰিখন, আৰু
খিৰিকী আঠখন।
আমাৰ স্কুলত পাঁচটা শ্রেণী ।
আমাৰ শ্ৰেণীত বাৰজন ছাত্র ।
লৰাবিলাক ঢাৰিত বহে।
আমাৰ স্কুলৰ শিক্ষক তিনজন।
ওচৰৰ গাৱঁতে তেখেতসকলৰ ঘৰ।
২য় পাঠ।
সৰ্ব্বনাম।
মানুহ আৰু ঠাইৰ নামৰ সলনি ব্যৱহাৰ কৰা শব্দবোৰ বাছি উলিওৱাঁ।
১। মুনি আহিল, অলপতে তেওঁ ঘৰলৈ যাব ।
২। চাকৰ টোক মাতিলোঁ, সি মাতকে নিদিলে।
৩। বাকচটো চালোঁ, তাত কাপোৰ নাই ।
8। গুৰুজন আহিব, তেখতলৈ ঘৰ সাজিব লাগে।
৫। তেওঁ এটি ভাল লৰা ।
৬। মই তেওঁক বৰ ভাল পাওঁ।
৭। ঘৰলৈ গৈছিলোঁ, তাত হৰি নাই।
৮। হৰিয়ে মোক স্নেহ কৰে।
৯। মই গুৱাহাটীলৈ যাম, তাত এদিন থাকিম।
১০। তেওঁ কলৈকে৷ নাযায়।
১১। সিহঁতক আদৰ কৰিবা।
১২। আমি ক'ত থাকিম?
১৩। তহঁত খেলা চাবলৈ যাবিনে ?
সূত্ৰ— মানুহ, আৰু ঠাইৰ নামৰ সলনি যি শব্দ ব্যৱহাৰ কৰা যায় তাক সৰ্ব্বনাম পদবোলে।
(১) মানুহৰ নামৰ সলনি ব্যৱহাৰ কৰা শব্দক ব্যক্তিবোধক সৰ্ব্বনাম বোলে।
(২) ঠাইৰ নামৰ সলনি ব্যৱহাৰ কৰা শব্দক স্থানবোধক সৰ্ব্বনাম বোলে।
চাবলগা— কালবোধক আৰু বিশেষণ সৰ্ব্বনাম এই সময়ত শিকাব নালাগে।
১ম প্ৰশ্ন।
তলৰ বাক্যবোৰত থকা ব্যক্তিবোধক আৰু স্থানবোধক সৰ্ব্বনামবোৰ বাছি উলিওৱাঁ।
১। তেওঁ ঘাটলৈ গল।
২। তাত বেপাৰী নাও চপাইছে।
৩। সিহঁত বৰ ধূৰ্ত্ত লোক।
৪। যলৈ যাব লাগে, মই যাব পাৰো।
৫। সিহঁত ইয়ালৈ আহিব।
৬। ইয়াৰ পৰা তাহাঁতৰ ঘৰ বহু দূৰ।
৭। তুমি কলৈ যাব খোজা!
৮। ইহঁত বাৰু ক'ত থাকিব?
৯। এইৰপৰা কথা উলিৰা সহজ নহয়।
১০। ইয়াৰ বাবে কাক দোষ দিম?
২য় প্ৰশ্ন।
খালি ঠাইবোৰত সৰ্ব্বনামবোৰ বহুৱাঁ :—
১। ...এটা ঘৰী দিয়াঁ।
২। হৰিয়ে ... ভায়েকক স্নেহ কৰে।
৩। হৰি ... বিচাৰিছিল ।
8। হৰি বাৰু ... গ'ল?
৫। হানিফ বাৰু ...?
৬। ... ...হাত দেখুৱা ।
৭। ...ঘৰলৈ গৈছে।
৮। ...পেনচিলডাল ... দিছিলে।।
৯। মণি ...গৈ... ৰণ কৰিছিল।
১০। ভবেনে ... বৰ ভাল পায়।
১১। কহিমালৈ গৈছিলোঁ, ... নাই।
১২। কিতাপখন মেজত থৈছিলোঁ, ... নিলে ?
১৩। ... বৰ দুষ্ট।
১৪। ... আনিলে... থলে, একো ঠিক নাই।
১৫ । ... তুমি ... যাবা ?
*৮, ৯, ১৪, আৰু ১৫ নম্বৰ বাক্যত সৰ্ব্বনাম দুটাকৈ আছে।
৩য় প্ৰশ্ন।
১। বিশেষ্য আৰু সর্বনাম পদ থকা পাঁচটা বাক্য ৰচনা কৰা। ২। স্থানবোধক আৰু ব্যক্তিবোধক সর্বনাম থকা পাঁচটা বাক্য ৰচনা কৰা।
৩। দুটাকৈ সৰ্ব্বনাম থকা দুটা বাক্য লিখা।
৪ৰ্থ প্ৰশ্ন।
তলৰ বাক্যবোৰত যিবোৰ বিশেষাৰ ঠাইত সৰ্ব্বনাম লাগে ব্যৱহাৰ কৰি দেখুৱা :—
১। হৰিয়ে হৰিৰ ভায়েকক মাৰিলে ।
২। কলিকতালৈ গৈছিলোঁ; কলিকতাত বৰ জহ৷
৩ । হানিফে হানিফৰ পেন্চিলডাল হেৰুৱালে।
৪। শিক্ষকে টমক মাতিলে, টমে মাতকে নিদিলে
৫। দেবী, দেৰাজত আৰু দণ্ডই দেবী, দেৰাজত আৰু
দণ্ডৰ কলমেৰে লিখিব ।
৬। কৰিম, যোগেন আৰু কাণুৱে কৰিম, যোগেন আৰু
কানুহঁতৰ ঘৰ সাৰে।
৭ । মই তেজপুৰলৈ গৈছিলোঁ, তেজপুৰৰপৰা মঙ্গলদৈলৈ
গৈছিলো।
৮। মোনাখনত চালোঁ। মোনাত টকা নাই ।
৩য় পাঠ
বচন ।
তলৰ বাক্যবোৰত থকা এটাতকৈ বেছি প্রাণী বা বস্তু
বুজোৱা বিশেষ্য আৰু সৰ্ব্বনামবোৰ বাহি উলিওৱাঁ ৷ ১। লৰাহঁত খেলিবলৈ গৈছে।
২। গছজোপা ভাগি পৰিল।
৩। গুৰুসকল উপস্থিত হৈছিল।
8। গৰুমখা দলনিত নামিছে।
৫। তোমালোকে দেৱতাসকলক আহ্বান কৰাঁ।
৬। তেওঁলোকৰ কথাবোৰ শুনিছোঁ।
৭। তৰাবোৰ জিলিকি উঠিল।
৮। সিহঁতে কিতাপবিলাক কিনিছে।
৯। চৰাইজাক উৰা মাৰিছে
১০। ইয়াক বহিবলৈ দিয়া।
সূত্ৰ— এটাক বুজালে একবচন, আৰু এটাতকৈ অধিকক বুজালে বহুবচন বোলে।
১ম প্ৰশ্ন।
তলৰ বাক্যবোৰত থকা একবচন আক বহুবচনৰ বিশেষ্যবোৰ বাছি উলিওৱাঁ :—
১। মই বাঁহবোৰ কাটিলো।
২। হৰিয়ে নাওবোৰ চপালে।
৩। লৰাবিলাকে ধূলিবোৰ উৰাইছে।
৪। চৰাইবোৰে চিঞৰিব ধৰিছে।
৫। খেৰবোৰ তিতিল।
৬। মোৰ কিতাপবোৰ কিনা হল।
৭। মণিয়ে কাকতবোৰ ফালি পেলালে।
২য় প্ৰশ্ন।
তলৰ বাক্যবোৰত থকা একবচন আৰু বহু বচনৰ সৰ্ব্বনামবোৰ বাছাঁ।:—
১। তেওঁ সিহঁতক মাতি আনিছে।
২। মই মাছবোৰ কাটিলোঁ।
৩। সি আমাৰ ঘৰলৈ গৈছিল।
৪। তেওঁলোকৰ ঘৰত ভোজ পাতিছে।
৫। তাহাঁতক বহিবলৈ দিয়া।
৬। ইবিলাকক বা ইয়ালৈ কোনে মাতিছে।
৭। তুমি তেখেতসকলক মাতি আনাগৈ ।
৩য় প্ৰশ্ন।
তলব বাক্যবোৰৰ খালি ঠাইবোৰত বহুবচনৰ বিশেষ্যপদ বহুৱাঁ:—
২। পানীত ...... আছে।
২। তোমাৰ ....... দেখুৱাঁ।
৩। সিহঁতে ...... ফালিছিল ।
৪। আমি ...... খামহঁক ।
৫। ......আহিব ।
৬। মধুহঁতে ...... কাটিলে ।
৭। দোকানীয়ে ...... ...... |
৪ৰ্থ প্ৰশ্ন।
তলৰ বাক্যবোৰৰ খালিঠাইবোৰত বহুবচনৰ সৰ্ব্বনাম বহুৱাঁ।
২। ... ... কিতাপবোৰ দেখুৱাহঁক।
২। ... ... লৰি ঘৰ পালেগৈ।
৩। ... ...ঘণ্টা বজাওঁ আহাহঁক।
৪। ... ... মণিহঁতে গৰুবোৰ ঘৰলৈ আনিলে।
৫। মই ... ... আনিছোঁ।
৬। পিতাই ... ... মৰম কৰে।
৭। কেতিয়া আহিবা?
৪ৰ্থ পাঠ।
বিশেষণ।
তলৰ বাক্যবোৰৰপৰা বিশেষ্যৰ গুণ আৰু সংখ্যা বুজোৱা শব্দবোৰ বাছি উলিওৱাঁ :—
১। মই বগা কাপোৰ পিন্ধিছোঁ।
२। মই পাঁচটকা পালোঁ।
৩। ৰঙা চক আনিবা।
৪। সি টেঙা গাখীৰ দিলে।
৫| মানুহজন মিঠামুখীয়া।
৬। দীঘল পেনচিল এডাল লোৱাঁ।
৭। কৃষ্ণই কলা কাপোৰ পিন্ধিছে।
৮। শ্ৰেণীত বেয়া লৰা বহুতো।
৯। দুৰ্ল্লভ চুটি-চাপৰ।
১০। ইব্ৰাহিম নিষ্ঠুৰ লবা।
১১। তেওঁ অসুখীয়া লৰা।
১২। মেজত তিনখন কিতাপ আছে।
১৩। হালধীয়া ফুলৰ মালা গাঁঠিছে।
১৪। সৰু লৰাটি লৰি আহিল।
১৫। মোৰ কাঠ চলা বেঁকা।
সূত্ৰ— (১) যি শব্দে বিশেষ্যৰ গুণ, দোষ বা অৱস্থা বুজায় তাক বিশেষ্যৰ বিশেষণ বোলে।
(২) সংখ্যাবোধ শব্দবোৰ বিশেষ্যৰ আগত বহিলে সেইবোৰ বিশেষণ হয়।
চাবলগা :—
এই সময়ত বিশেষণীয় বিশেষণ আৰু ক্ৰিয়া বিশেষণৰ
বিষয় শিকাৰ নালাগে। ১ম প্ৰশ্ন।
তলৰ বাক্যবোৰত থকা বিশেষ্যৰ বিশেষণবোৰ বাছি উলিওৱাঁ।
১। চকিখন ভগা।
২। কান্দুৰা লৰাটো শুলে।
৩। কুঁজা দলংখন ভাগিল।
৪। নীলা আকাশখন চোৱা।
৫। লৰাটি ভাল।
৬। কাঁজলী গৰুজনী হেৰাল।
৭। সেই মানুহজন খোনা।
৮। সেইজনী আকৰী ছোৱালী।
৯। বেয়া কথা নকবি।
১০। মোক দহ টকা দিলে হব।
১১। গোপালৰ দাঁত বগা।
১২। দোঁৱাতত ৰঙা চিঁয়াহি আছে।
১৩। শ্ৰেণীত দহ জন লৰা আছে।
১৪। পীৰবক্সৰ কাপোৰবোৰ পৰিষ্কাৰ।
১৫। মোৰ পেনচিলডাল টান।
২য় প্ৰশ্ন।
তলৰ বাক্যবোৰৰ খালি ঠাইবোৰত বিশেষণবোৰ বহুৱা:-
১। ......... লৰাটি আহিছে।
২। ......... আম নাখাওঁ।
৩। আমাৰ বাৰীখন ........।
৪। তেওঁৰ কাপোৰ ........ ।
৫। মোৰ........ কলম আছে।
৬। নবীণব ........ ফলিখন হেৰাল।
৭। ........গাখীৰ ........ খাব নোৱাৰি।
৮। কলিকতা... ........ নগৰ।
৯। সেই ........ লৰাটিয়ে ........ পুৰস্কাৰ পাব।
১০। ........ চোলাটো বৰ ........।
১১। কাকতৰ চিলা দেখিবলৈ ........ ।
১২। মোৰ ........ কাপোৰখন ........ বাকচত থৈছোঁ।
১৩। মধুহঁতৰ...... খালটোৰ পানী ........।
১৪। আমাৰ এটা ........ ঘোৰা আছে।
৩য় প্ৰশ্ন।
সংখ্যা বুজোৱা শব্দ বিশেষণ ৰূপে ব্যৱহাৰ কৰি পাঁচটা বাক্য লিখা।
৪ৰ্থ প্ৰশ্ন।
বৰণ বুজোৱা বিশেষণ থকা পাঁচটা বাক্য লিখাঁ।
৫ম প্ৰশ্ন।
১। গুণ বা দোষ বুজোৱা বিশেষণ থকা ৫টা বাক্য লিখাঁ।
২। পাঠ্য কিতাপৰ এটা পাঠৰ বিশেষণবোৰ বাছাঁ।
৫ম পাঠ।
ক্ৰিয়া।
তলৰ বাক্যবোৰত থকা যিবোৰ শব্দে কাম কৰা বা হোৱা বুজাইছে, সেইবোৰ বাছি উলিওৱাঁ।
১। ৰহিমে নাও বাইছে।
২। চৰাই আকাশত উৰে।
৩। মই পৰুৱা ধৰিছিলো।
৪। সিহঁতে আম পাৰিছে।
৫। বৰষুণ পৰিছে।
৬। মহম্মদে সাতুৰিছিল।
৭। স্মিথে ঘোৰা দৌৰাইছে।
৮। প্ৰেমে গা ধুব।
৯। ধনেশ্বৰে পঢ়িব ধৰিছে।
১০। মণি ভাত খাই ঘৰলৈ গল।
১১। হৰেণ নাচি আহিছে।
১২। শৰতে ঘৰ বান্ধিছিল।
১৩। মই ভাত খাই ঘৰলৈ যাম।
১৪। বৰষুণ আনিব, কলৈও নাযাবা।
১৫। ঘৰলৈ যোৱা কিন্তু বেগেতে আহিবা |
সূত্ৰ— যি পদে কোনো কাম কৰা বা হোৱা বুজায় তাক ক্ৰিয়া বোলে। চাবলগা –এই শ্ৰেণীত সাহিত্যৰ পাঠৰ ক্ৰিয়াবোৰ চিনি পালেই যথেষ্ট; ইয়াত ক্ৰিয়াৰ প্ৰকাৰ শিকাব নালাগে।
১ম প্ৰশ্ন।
তলৰ বাক্যবোৰত থকা ক্ৰিয়াবোৰ বাছি উলিওৱাঁ—
১। বাবুলে কিতাপ পঢ়ে।
২। আমি বল খেলিছিলোঁ।
৩। ৰামে বিছনা পাৰিলে।
৪। মই ঘৰ সাজিছোঁ।
৫। ছাত্ৰবিলাকে মকৰাজাল গুচাইছে।
৬। আয়ে বস্তুবোৰ সজাই থৈছে।
৭। সি ভাত খাওঁতে মই গৈছিলোঁ।
৮। কিতাপবোৰ পৰিপাটিকৈ থোৱাঁ।
৯। তেওঁ ডাঙৰ হল।
১০। ধনে হাল বাইছে।
১১। তেওঁলোকে কোৰ মাৰিছে।
১২। পূৰ্ণ ই পেনচিল কাটিছে।
১৩। মই পঢ়ি উঠি খেলিবলৈ যাম।
১৪। সি কল ৰুইছে।
১৫। বাইদেৱে কাপোৰ ধুইছে।
২য় প্ৰশ্ন।
তলৰ বাক্যবোৰৰ খালি ঠাইবোৰত ক্ৰিয়াবোৰ বহুৱাঁ—
১। দোকান ......
২। হৰি বস্তু ......!
৩। মই বিচনী ......।
৪। আব্দুলে কুকুৰ ......।
৫। তেওঁ ...... ঘৰলৈ ......।
৬। আলিবাট ......।
৭। এই জঙ্গল ...... বাট ......।
৮। মিস্ত্ৰিয়ে ঘৰ ......।
৯। বেপাৰ ...... টকা ......।
১০। মই ..... গছত ......।
১১। মোৰ ...... পেনচিলডাল ......।
১২। মুকুন্দই অলঙ্কাৰ ......।
১৩। কমাৰে লোৰ অস্ত্ৰ ......।
১৪। তেওঁ ....... ঘৰলৈ ......।
১৫। মই এটা কুকুৰ ......।
৩য় প্ৰশ্ন।
৪ৰ্থ প্ৰশ্ন।
দুটাকৈ ক্ৰিয়া থকা ১০ টা বাক্য লিখা।
৫ম প্ৰশ্ন।
সাহিত্যৰ এটা পাঠৰ ক্ৰিয়া পদবোৰ বাছি উলিওৱাঁ।
৬ষ্ঠ পাঠ।
অব্যয়।
তলৰ বাক্যবোৰত থকা শব্দ বা বাক্য যোগ বা পৃথক কৰা, সন্দেহ বুজোৱা আৰু বেজাৰ বা ঘৃণা প্ৰকাশ কৰা শব্দবোৰ বাছি উলিওৱাঁ —
১। মই আৰু হলি গৈছিলোঁ।
২। হলি বা হানিফ যাব।
৩। তেওঁ যদি আহে মই যাম।
8। হায় হায় ধনেশে এনে কাম কৰিলে?
৫। ছি ছি তাক নামাৰিবি!
৬। কি জানি গুৰু আহিলহেতেন!
৭। ইচ্ মই নাযাম কিয়?
৮। আয়ে মাতি আছে অথচ সি নাযায়।
৯। মই বেগেতে যাওঁ, কাৰণ লৰাটো খেৰলৈ যাব।
১০। সেই নিমিত্তে তেওঁ নকলে।
১১। হৰি নাইবা মধু আহিলে হব।
১২। ইমান ধৰিলোঁ তেও সি নাহিল।
১৩। তেওঁক কব পাৰিম, জানোবা মোক লঘু কৰে।
১৪। আঃ কি সুন্দৰ ফুলনি।
১৫। হানিফ আহিল কিন্তু ভায়েকক নানিলে।
মনত ৰাখিব লগা— শব্দ বা বাক্য যোগ কৰা, পৃথক কৰা. অনিশ্চয়তা দেখুৱা আৰু মনৰ ভাব প্ৰকাশ কৰা শব্দক অব্যয় শব্দ বোলে।
অব্যয় শব্দৰ ৰূপ নলৰে। সদায় একেদৰে থাকে।
চাবলগা—এই সময়ত আনুষঙ্গিক, সম্বোধনাৰ্থক, প্ৰশ্নাৰ্থক, সমিধানবোধক অবায় শিকাব নালাগে।
এই শ্ৰেণীত যোজক, পৃথকবোধক, সন্দেহবোধক ভাববোধক অব্যয় শিকালেই যথেষ্ট; এইবোৰো শ্ৰেণী বিভাগ কৰি দেখুৱাব নালাগে।
১ম প্ৰশ্ন।
তলৰ বাকাবোৰত থকা অব্যয় শব্দবোৰ বাছি উলিওৱাঁ।—
১। মই তেন্তে যাওঁ।
২। হৰি কিম্বা মধু আহিলেই হব।
৩। কি জানি তেওঁ আহেই।
8। আহ্ কি কথা ক।
৫। তেওঁ ভাত খাওক, কাৰণ বেগেতে হাটলৈ যাব লাগিব।
৬। দুটা কি তিনটা লৰাই খেলিব।
৭। জানোচা তেওঁ আহে।
৮। হায়, দুখত পৰিলে কোনে ফিৰি চাব!
৯। তুমি আহিছা, এতেকে আমাৰ বেজাৰ নাই।
১০। হাফিজ আহিল, গতিকে মই নগলেও হব।
২য় প্ৰশ্ন।
পাঠ্য সাহিত্যৰ এটা পাঠৰ অব্যয়বোৰ বাছি উলিওৱাঁ।
৩য় প্ৰশ্ন।
তলৰ বাক্যবোৰৰ খালি ঠাইবোৰত অব্যয় শব্দ লগাই বাক্যবোৰ নকৈ লিখাঁ—
১। নুৰুদ্দিন ........ নৰেণ স্কুললৈ যাব।
২। বহি ........ ফলিত লিখিলে হব।
৩। তেওঁ ........ নাহে মই নাযাওঁ।
8। ...........এনে কথাও ক।
৫। হেম নহা .........মই যাব পৰা নাই।
৬। ইমান ধৰিলোঁ ........ সি নাহিল।
৭। মাতিলে শিৱ ........ আহিলহেঁতেন।
৮।মাউৰা লৰাক এতিয়া কোনে তুলিব?
৯। সি মোক মাতিছিল ........ ঘবত থকা উচিত আছিল।
১০। মই ইমান কাকূতি কৰিলোঁ ........ নুঠিল।
৪ৰ্থ প্ৰশ্ন।
অব্যয় শব্দ লগাই ১০ ট| বাক্য লিখাঁ।
৭ম পাঠ।
[ কৰ্ত্তা-কৰ্ম্ম। ]
তলৰ বাক্যবোৰত যিহে ক্ৰিয়া কৰা বুজাইছে, সেই বিশেষ্য আৰু সৰ্ব্বনাম পদবোৰ বাছি উলিওৱাঁ।
১। ৰহিম স্কুললৈ গল
২। মই কিতাপ পঢ়িছোঁ।
৩। লৰাটি মাটিতে বহিছে।
8। ধনীয়ে সৰিয়হ তুলিব।
৫। শিক্ষকে লৰ৷ পঢ়াইছে।
৬। নৰেন্দ্ৰ ঘৰতে আছিল।
৭। কৰিমে কড়ি খেলিলে।
৮। গছজোপা বাঢ়িছে।
৯। তেওঁ লৰি লৰি গল
১০। সিহঁত কলৈ গৈছে?
১১। ইহঁত কলিকতালৈ যাব!
১২। জাতিয়ে মটৰ গাড়ী কিনিলে।
১৩। আই শাক তুলিবলৈ গল।
১৪। পিতাই জাল বাইছিল।
১৫। তেখেত নো কেতিয়া আহিছিল।
১৬। তেওঁ মাতিলে মই গলোঁহেঁতেন।
সুত্ৰ— যি ক্ৰিয়া কৰে তাক কৰ্ত্তা বোলে।
১ম প্ৰশ্ন।
তলৰ বাক্যবোৰৰপৰা কৰ্ত্তাবোৰ বাছি উলিওৱাঁ।
১। কাণুয়ে পানী আনিলে।
২। আয়ে ভাত ৰান্ধিছিল।
৩। মুনীন্দ্ৰই কিতাপ পঢ়িব।
৪। দুৰ্লভে ঘটি থলে।
৫। আবুআই নাতিনী লৈছে।
৬। বাবুলে পানী পেলালে।
৭। যোগীন্দ্ৰই গান গাইছিল।
৮। তেওঁ কাপোৰ চিলাই কৰিব।
৯। আকাশত বেলি উঠিছে।
১০। ইহঁতেই হাহাকাৰ কৰিছিল।
১১। তাই উদ্বাউলী হল।
১২। ইয়াত এজোপা গছ আছিল।
১৩। আকাশত চন্দ্ৰ উঠিছে।
১৪৷ ৰজাই নতুনকৈ মন্ত্ৰী পাতিছিল।
১৫। নোক গালি পাৰিলে তাক মাৰিলোঁহেঁতেন।
১৬। সৌটো বহুৰূপী আহিছে।
২য় প্ৰশ্ন।
১। তেওঁৰ কলমটো মেজতে আছে
২। আমি কথা পাতি আছিলোঁ।
৩। জুৰ বতাহ বৈছে।
৪। আকাশখন নীলা।
৫। গছৰ ডালত চৰায়ে গান গাইছে।
৬। মোৰ কামটো হাততে আছে।
৭। অনিৰাম এজন ভাল লৰা।
৮। দুৱাৰখন জাপ গল
৯। মণিৰামৰ ঘৰ ভাগি পৰিল।
১০। শ্ৰেণীৰ সকলোবোৰ ছাত্ৰ ইয়াতেই আছে।
(ক) ' ওপৰৰ বাক্যবোৰৰ কৰ্ত্তাবোৰ বাছি উলিওৱাঁ।
(খ) বাক্যবোৰৰ ক্ৰিয়াবোৰ বাছাঁ।
[ শিক্ষকে লুপ্ত ক্ৰিয়া কেইটা দেখুৱাই দিব। ]
৩য় প্ৰশ্ন।
৪ৰ্থ প্ৰশ্ন।
তলৰ বাক্যবোৰৰ খালি ঠাইবোৰত কৰ্ত্তাবোৰ বহুৱাঁ :--
১। ... ... থিয় হৈ আছোঁ।
২। ... ... ভাত খালোঁ।
৩। ... ... লিখি আছিল।
৪। ... ... খেলি আছে।
৫। মোৰ ... গুৱাহাটীত আছে।
৬। ... ... কলৈ গল।
৭। সেই ... ... ভাগি পৰিল।
৮। কৰিমৰ ... ... হেৰাল।
৯। ... ... স্কুল খুলিছে।
১০। ...... ফুলনিত কোৰ মাৰিছোঁ।
১১। ...... মেপ চাইছিলোঁ।
১২। গাৱৰ ..... ধান চপাইছে।
১৩। মেঘ নহলে ... ... জিলিকিলহেঁতেন।
১৪। আমাৰ ... ... কান্দিব ধৰিলে।
১৫। ...... তৃতীয় মান শ্ৰেণীত পঢ়োঁ।
৫ম প্ৰশ্ন।
১০টা বাক্য ৰচনা কৰি কৰ্ত্তাবোৰৰ তলত চিন দি দেখুৱাঁ।
৮ম পাঠ।
কৰ্ম্ম।
তলৰ বাক্যবোৰত থকা যিবোৰ শব্দৰ ওপৰত ক্ৰিয়া কৰা হৈছে, সেই শব্দবোৰ বাছি উলিওৱা।
১। ৰামে মধুক মাতিলে
২। ৰহিমে গছ কাটিছিল।
৩। মই মাছ ধৰিলো।
৪। ৰতনে ধনীক আদৰ কৰিব।
৫। তেওঁলোকে পানী খালে।
৬। ইহঁতে কাকত লিখিলেহেঁতেন।
৭। তাই চিঁয়াহি কিনিছে।
৮। সি আম বেচিছে।
৯। ধৰনে প্ৰসাদ বিলালে।
১০। মিস্ত্ৰিয়ে ঘৰ সাজিছিল।
সূত্ৰ–যাৰ ওপৰত ক্ৰিয়া কৰা হয় তাক কৰ্ম্ম বোলে।
শিক্ষাদানৰ সঙ্কেত—
( ১ ) শিক্ষকে লৰাক পোনতে কৰ্ত্তা আৰু ক্ৰিয়া বাছিবলৈ দিব।
(২) কৰ্ত্তাই যি কৰে, যি দেখে ইত্যাদিক কৰ্ম্ম বোলে,
বুলিও শিকাব পাৰি। ১ম প্ৰশ্ন।
তলৰ বাক্যবোৰৰ কৰ্ম্মবোৰ বাছ! :—
১। তই গছ জোপা কাট।
২। তুমি মাছটো ধৰাঁ।
৩। মোৰ কিতাপখন কিনাঁ।
৪। ধৰ্মক ধৰি আনিছে।
৫। নবীনক বৰ ভাল পাওঁ ।
৬। পিতাই আমাক স্নেহ কৰে।
৭। তেওঁক কথাষাৰ ক।
৮। ফকীৰে সিহঁতক চহকী কৰিলে।
৯। তই সেই কথা আৰু নকবি।
১০। তেওঁ কল গছজোপা কাটিছে ।
১১। গৰুৱে ঘাঁহ খায়।
১২। গাইজনীয়ে পোৱালীক মৰম কৰে।
১৩। সাপে বেং ধৰিছে ।
১৪। তেওঁক মাতি আনি।
১৫। কাউৰীয়ে মোক খুটিলে।
[ শিক্ষকে লৰাক লুপ্ত কৰ্ত্তাবোৰ দেখুৱাই দিব। ]
২য় প্ৰশ্ন।
৩য় প্ৰশ্ন।
তলৰ বাক্যবোৰৰ খালি ঠাইবোৰত কৰ্ম্মপদ বহুৱা :--
১। লৰাই ...... লিখিছে।
২। হৰিয়ে ...... পাৰিছে।
৩। মই ...... দেখিছিলো।
৪। ভকতে ...... সিজাইছে।
৫। বাঘে এটা ...... ধৰিছে।
৬। শিক্ষকে ...... পঢ়ায়।
৭। -...... কাটি খাবলৈ ধৰিছে।
৮। সি ......লৈ লৰি পলাল।
৯। ...... চোৰে নিলে।
১০। ...... থবলৈ বাকচ নাই।
১১। ...... দক্ষিণা দি বিদায় দিলোঁ।
১২। ......আনি ..... কিনিলো।
১৩। ... মাৰি......খালোঁ।
১৪। ... পাৰি ......দিছিলোঁ।
১৫। মই ...... ধৰিব পাৰিলে বেচিলোঁহেঁতেন।
৪ৰ্থ প্ৰশ্ন।
১। এ কাটা কৰ্ম্ম থকা দহট বাক্য লিখাঁ।
২। দুটাকৈ কৰ্ম্ম থকা দুটা বাক্য লিখা।
৯ম পাঠ।
"ডকাইতহতে দিল্লিযাত্রী মানুহৰ ন|ল-বস্তু গোটাবলৈ ধৰিলে, আৰু কিছুমান ডকাইতে ভাৰ বান্ধি যাবলৈ ওলাল। গিয়াছ ল’ৰা দেখি আৰু তেওঁৰ গাত মূল্যবান কানি-কাপোৰ একো নেদেখি, তেওঁৰ ফালে কেৱে লক্ষ্য কৰা নাছিল। কিন্তু যি ডকাইতে ধনৰ লোভত মানুহৰ প্রাণ মাৰে, সি আকৌ লৰাক এৰি দিব কিয়?”
ওপৰৰ কথাখিনিত থক| (১) বিশেষা পদবোৰ বাছি উলিওৱাঁ।
" " (২) বিশেষণ পদবোৰ " "
" " (৩) সৰ্ববনাম পদবোৰ " "
" " (৪) অব্যয় শব্দবোৰ " "
" " (৫) ক্রিয়া পদবোৰ " "
" " একবচন আক বহুবচনৰ শব্দবোৰ
বেলেগ বেলেগকৈ লিখি দেখুওৱাঁ।
১০ম পাঠ।
[ বস্তু বা চিত্র চাই কৰ| ৰচনা।]
১। তামোল গছ।
[শিক্ষাদানৰ সংকেট—লৰাবিলাকক তামোলগছ বা তাৰ চিত্র এখন ভালদৰে চাবলৈ দিব। গছ বা চিত্ৰ দেখুৱাই লৰাক প্রশ্ন কৰিব আৰু পূর্ণ বাক্যত উত্তৰ লব। বাক্যবোৰ চুটি চুটি হব আৰু তাত বিশেষকৈ কৰ্ত্তা আৰু ক্ৰিয়াহে থাকিব । ক্রিয়া লুকাই থাকিবও পাৰে। নতুন শব্দ শিক্ষা দিয়া আৰু কৰ্ত্তা-ক্রিয়া ব্যৱহাৰ কৰোৱাই শিক্ষকৰ প্রধান উদ্দেশ্য হব লাগে। ]
এইজোপা কি গছ?
ইয়াৰ গা গছ দীঘল নে চুটি?
এই গছ তুমি দেখিছা নে?
ই কি গছৰ দৰে?
ইয়াৰ গা গছ টান নে টিলা?
গা গছৰ ওপৰখন মিহি নে খহটা?
ইয়াৰ শিপা দেখিছা নে?
পাতবোৰ বাৰু কেনেকুৱা?
পাত কেইটা আছে?
ইয়াৰ ফলক কি বোলে?
গছজোপাত কেই থোকা তামোল আছে?
মানুহে তামোল কি কৰে?
[ উত্তৰবোৰ লৰাই লিখি দেখুৱাব। ]
২। মেকুৰী।
[ শিক্ষাদানৰ সঙ্কেত— সৰ্ব্বনাম ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব।]
১। ইয়াৰ মূৰটো ঘূৰণীয়া নে দীঘলীয়া ?
২। কাণ থিয় নে পৰা?
৩। মেকুৰীৰ গোফবোৰ দীঘল নে চুটি?
৪। ইয়াৰ জিভা খহটা নে তিতা?
৫। মেকুৰীৰ আগ ঠেঙত কেইটাকৈ নখ থাকে?
৬। পাচ ঠেঙত আকা?
৭। মেকুৰীৰ নোম কোমল নে ঠৰঙা?
৮। মেকুৰীৰ গাৰ ৰং কেনে?
৯। মেকুৰী খোজ কাঢ়িলে শব্দ হয় নে?
১০। মেকুৰীয়ে কি কি খায়?
মেকুৰীয়ে কথা কোৱাৰ দৰে লৰাই লিখিব:
মই এটা মেকুৰী। মোৰ ....... আছে। মই ...... খাওঁ ।
এইদৰে ৬৭ট৷ বাক্য লিখিব।
৩। কল গছ।
[শিক্ষাদানৰ সঙ্কেত – (১) কৰ্ত্তা-ক্ৰিয়ালৈ লক্ষ্য ৰাখিব আৰু বিশেষণ পদ ব্যৱহাৰ কৰাব।]
১। কল গছ তামোল গছৰ দৰে দীঘল নে?
২। ইয়াৰ গা গছ তামোলৰ দৰে টান নে?
৩। কলৰ পাতবোৰ কেনে?
৪। তামোলৰ পাতৰ লগত ইয়াৰ পাতৰ কি কি অমিল?
৫। কলপাত কি কি কামত লাগে?
৬। কলবোৰৰ আকাৰ কেনে?
৭। কল পাকিলে কেনে ৰং ধৰে?
৮। পকা কল আমি কি কৰোঁ?
৯। কেচা কল একা?
১০। কল গছ কি কি কামত লাগে?
[আঞ্জাখায়, দোনা ব্যৱহাৰ কৰে, খাৰ খায় ইত্যাদি। ] কলগছে কথা কোৱাৰদৰে [ লৰাই নিজে চিন্তা কৰি ] লিখিব : মই বৰ আৱশ্যকীয় গছ......মই মোৰ বন্ধু নাৰিকলৰ দৰে মানুহক অনেক বিষয়ত সহায় কৰোঁ। যেনে— [পাঁচ, ছটা বাক্য লিখিব।]
৪। কুকুৰ।
[শিক্ষাদানৰ সঙ্কেত – লৰাৰপৰা সম্পূৰ্ণ উত্তৰ উলিয়াই লব। বাক্যত অব্যয় শব্দ ব্যৱহাৰ কৰাবলৈ যত্ন কৰিব।
এইটো কিহৰ ছবি?
কুকুৰৰ মূৰ মেকুৰীৰদৰে ঘূৰণীয়া নে?
ইয়াৰ কাণ কেনে? [কিছুমানৰ ওলমি পৰা?]
গোফ একা?
কুকুৰৰ জিভা কেনে?
কুকুৰৰ নখবোৰ মেকুৰীৰ দৰে নে?
বেচি আকোৰা নে?
কুকুৰৰ গাৰ ৰং কেনে?
কুকুৰে খোজ কাঢ়িলে শব্দ হয়নে?
কুকুৰে কি কি খায়?
কুকুৰ আৰু মেকুৰীৰ ভিতৰত কোনে বেচি লৰিব পাৰে?
কুকুৰে কোৱাৰ দৰে :—
মই এটা কুকুৰ। মোৰ......।
৫। নাৰিকল গছ।
[কৰ্ত্তা, কৰ্ম্ম আৰু ক্ৰিয়া যথা স্থানত পৰা সম্বন্ধে শিক্ষকে দৃষ্টি ৰাখিব।]
সৌ জোপা কি গছৰ চিত্ৰ?
ইয়াৰ গা গছ দীঘল নে চুটি?
শকত নে সৰু?
গা গছৰ ছাল মিহি নে?
ইয়াৰ পাতবোৰ কি গছৰ পাতৰ দৰে?
ইয়াৰ ফলক কি বোলে?
[তলৰ প্ৰশ্নবোৰৰ উত্তৰত শিক্ষকে আৱশ্যক বুজি গুৰি, আগ আদি শব্দ লগাই দিব।]
গছজোপাৰ শিপা দেখিছানে?
শিপাবোৰ গা গছৰ কোনখিনিৰপৰা ওলাইছে?
নাৰিকল জোপাৰ পাত কেইটা বাৰু?
নাৰিকলৰ থোক কেইটা দেখিছা?
থোকটো কোনখিনিৰপৰা ওলাইছে?
থোকটোত নাৰিকল কেইটা দেখিছা?
নাৰিকলৰ ভিতৰত কি কি থাকে?
নাৰিকলৰ পানী খাইছা নে? সি কেনে?
মানুহটোৱে কি কৰিছে?
[লৰাই উত্তৰবোৰ লিখিব।]
৬। ঘোৰা।
[শিক্ষকে ছাত্ৰক ঘোৰাৰ বিষয় কেইটামান প্ৰশ্ন কৰিব আৰু ছাত্ৰৰদ্বাৰা বিশেষণ ব্যৱহাৰ কৰাবলৈ যত্ন কৰিব।]
শিক্ষকে গৰুৰ লগত ঘোৰাক তুলনা কৰিব তলৰ শব্দ, আৰু কথাবোৰ বোৰ্ডত লিখি দিব :—
দেখিবলৈ ধুনীয়া, শিং আছে, দুপাৰি দাঁত, গলবিচনী, ছুট আছে, কেশৰ বা গফলি, নেজত শুৱনি চুলি, ফটা-খুৰা, গাখীৰ দিয়ে, বেচি দৌৰিব পাৰে, গাড়ী টানে, পিঠিত বোজা নিব পাৰে, হাল বায়।
প্ৰশ্ন—১ ঘোৰা আৰু গৰুৰ বিষয় কেইটামান বাক্য লিখাঁ। [গৰুৰ আকাৰ কেনে? গৰুৱে কি কৰে? ঘোৰাৰ আকাৰ কেনে? ঘোৰাৰে কি কি কৰোৱা হয়? ইত্যাদি।]
২। (ক) ঘোৰাই কথা কোৱাৰ দৰে লিখা—মই দেখিবলৈ শুৱনি নহওঁ নে? ইত্যাদি (পাঁচটা বাক্য লিখা। )
(খ) গৰুৰে কথা কোৱাৰ দৰে লিখা- মই দেখিবলৈ ধুনীয়া নহব পাৰো কিন্তু বৰ আৱশ্যকীয়। (পাঁচটা বাক্য লিখা। একেটা শব্দকে কেইবা বাৰো ব্যৱহাৰ নকৰিবা।)
৭। মাছ।
[ শিক্ষকে মাছৰ চিত্ৰ বা বোতলত ভৰাই ৰখা মাছ দেখুৱাই ছাত্ৰৰ লগত কথা পাতিব। ]
তলৰ শব্দ আৰু কথাবোৰ বোৰ্ডত লিখি দিব : পানীত থাকে ( নৈ, বিল, পুখুৰী ); পানীত সাঁতোৰে; বামত জীয়াই নাথাকে ; মুখেদি উশাহ লয়; পাখি বা বাজ্জাৰে সাঁতোৰে ; ফিছাই গুৰি বঠাৰ কাম কৰে। মাছমৰীয়াই মাছ ধৰে (জালেৰে, জাকৈৰে, পলোৰে, পচাৰে), পানীৰপৰা জাপ মাৰে, ৰ'দত জিলিকি উঠে।
প্রশ্ন - ( ১ ) তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়াঁ— মাছ ক'ত থাকে? ই কিহেৰে চলে ? বামত মাছ কিয় নাথাকে ? ই কি খায় ? কোনে মাছ ধৰে? কিহেৰে ধৰে ? আমি মাছ কি কৰে৷ ?
(২) মাছে কথা কোৱাৰদৰে লিখা :-
মই পানীত থাকোঁ। নৈ, বিল, পুখুৰী, সাগৰ আদি
......... ইত্যাদি ।
[ বোর্ডত লিখি দিয়া শব্দ আদি ব্যৱহাৰ কৰিব। ]
৯। দুটা সিংহ আৰু শিয়াল।
চিত্ৰখনত কি কি দেখিছা? সিংহ দুটাই কি কৰিছে ? পহুটো কোনফালে লৰিছে ? নৈখন কোনফালে আছে ? নৈলৈ যোৱা বাটটো কোনফালৰপৰা কোনফালে গৈছে ?
প্রশ্ন— তলত দিয়া শব্দ, আৰু কথা ব্যৱহাৰ চিত্ৰখনৰ বিষয় অলপ কথা লিখা :— ( গল্পৰদৰে হব লাগে । ) নৈ পাৰ, ডাঙৰ গছ, সিংহ, বাট, পহু, খাপ দি আছিল, একেলগে ধৰিলে, বুজ লাগিল, জোপলৈ থকা, শিয়াল, ভাগৰি পৰিল, দুফালে শুলে, ৰং মনে খালে, গুজৰি উঠিল, যুঁজত ভাগৰা, দুৰ্ব্বল, দাঁত নিকটাই, বাধা দিব।
১০। ফুলনি।
এইখন কিহৰ চিত্ৰ? ফুলগছবোৰ কোন কোন ফালে আছে? ফুলনিৰ মাজত ওপৰলৈ পানী ছিটিকা সেইটো কি? তাৰ আকাৰ কেনে বাৰু? ছোৱালী কেইজনীয়ে তাত কি কৰিছে? ফুলবোৰ ক'ত লৈছে?
উত্তৰ দিয়াত তলত দিয়া শব্দবোৰ ব্যৱহাৰ কৰিব — দুইফালে, বাট, বাটৰ মাজত, বৃত্তাকাৰ, আয়তাকাৰ- ফুলৰ শাৰী, ফুৱৰা, সাৱধানে, কুকি বা কৰণি।
[ এই পাঠত শিক্ষকে বহুবচনৰ শব্দ বেচি ব্যৱহাৰ কৰাবলৈ যত্ন কৰিব। ]
১১। দৈনিক জীৱন।
তুমি শুই উঠাৰ পৰা ৰাতি শোৱালৈ যি যি কাম কৰা সেই বিষয় ১২ টা বাক্য লিখা :— মুখ ধুই ফুৰোঁ, গা ধোঁ, জলপান খাওঁ, পঢ়োঁ, কাপোৰ পিন্ধোঁ, ভাত খাওঁ, স্কুললৈ যাওঁ, খেলা কৰোঁ, ভৰি-হাত ধোঁ, শোঁ। এইবোৰ কথা তুমি লিখোঁতে ব্যৱহাৰ কৰিবা।
[ এই পাঠত অসমাপিকা ক্ৰিয়া ব্যৱহাৰ কৰাবলৈ শিক্ষকে যত্ন কৰিব। ]
১২। পিতৃ-মাতৃৰ প্ৰতি ভক্তি।
১। ছবিখনৰ বিষয় দহটা বাক্য লিখাঁ :—
ছবিখনত কি কি দেখিছা? তাত কোন কোন আছে? তেওঁলোকে কি কি কৰিছে? মাকৰ কোলাত কি আছে? মাকে হাতেৰে কি কৰিছে? লৰাটিয়ে কি কৰিছে? লৰাটি কত আছে? মাকে পুতেকক ভাল পায় নে? পুতেকে মাকৰ কথা শুনে নে? ভক্তি কৰে নে?
২। তোমাৰ পিতা আছে নে? (আই আছে নে?) তেওঁলোকে তোমাক কেনে মৰম কৰে (বা কৰিছিল); সেই বিষয় দহটা বাক্য লিখা।
[এই পাঠত শিক্ষকে পুংলিঙ্গ আৰু ক্লীবলিঙ্গ ব্যৱহাৰ কৰাবলৈ যত্ন কৰিব।
১১শ পাঠ।
বাক্যৰ ভাগ।
[ উদ্দেশ্য আৰু বিধেয়। ]
দুই বা অধিক পদ গোটখাই কোনো অৰ্থ প্ৰকাশ কৰিলে তাক বাক্য বোলে; যেনে হৰিয়ে চাকৰি কৰিছে।
১। সকলো বাক্যৰ প্ৰধান ভাগ ছটা (১) এটা উদ্দেশ্য আৰু আনটো (২) উদ্দেশ্যৰ বিষয় বা বিধেয়।
প্ৰথম ভাগে যাৰ বিষয় কোৱা যায় তাক বুজায়, সেই কাৰণে ইয়াক উদ্দেশ্য বা কৰ্তা বোলে; আৰু দ্বিতীয় ভাগে উদ্দেশ্যই যি কৰে তাক বুজায়, সেই কাৰণে ইয়াক বিধেয় বোলে।
তলত দিয়া বাক্যৰ উদ্দেশ্য আৰু বিধেয়বোৰ চোৱা :—
উদ্দেশ্য ................................ বিধেয়।
ৰামে .................................... হাল বাইছে।
এই কোঠালীটো ... ... ... বৰ দীঘল।
হৰিয়ে ... ... ... চৰাইক চাউল খাবলৈ দিলে।
সূৰ্য্য ... ... ... শূন্যতে আছে।
চন্দ্ৰ ... ... ... পৃথিবীৰ উপগ্ৰহ
প্ৰশ্ন – (ক) তলত দিয়া বাক্যবোৰ উদ্দেশ্য শাক বিধেয়ত ভাগ কৰাঁ:—
(১) তোমাৰ পেনচিলডাল বৰ জোঙা।
(২) গোপালে গাইজনী বান্ধিছিল।
(৩) আমবোৰ পাৰি আনাঁ।
(৪) পাৰবোৰ বাহত সোমাল।
(৫) বগলীয়ে সৰু সৰু মাছ ধৰি খায়।
চাবলগা - (১) বিশেষ্য আৰু সৰ্ব্বনামেই সাধাৰণতঃ বাক্যৰ উদ্দেশ্য হয়। বিধেয়ৰ প্ৰধান পদ ক্ৰিয়া।
২ আন প্ৰকাৰৰ উদ্দেশ্য কোনো কোনো স্থলত বিশেষ্যৰ দৰে ব্যৱহাৰ হোৱা আন কোনো পদ বা পদ সমূহো উদ্দেশ্যৰূপে ব্যৱহাৰ কৰা হয়। যেনে- তোমাৰ কেতিয়া যোৱা হব?
এই বাক্যৰ “যোৱা ”টো উদ্দেশ্য কিন্তু সি কৃদন্ত পদ।
প্ৰশ্ন –কৃদন্ত পদ উদ্দেশ্য কৰি দুটা বাক্য লিখাঁ।
(২) শত্ৰুক ক্ষমা কৰা উত্তম নীতি। এই বাক্যৰ উদ্দেশ্য “শত্ৰুক ক্ষমা কৰা”, ই এটা বাক্যাংশ। চাবলগা — কৃদন্ত পদ আৰু বাক্যাংশও কোনো কোনো বাক্যৰ উদ্দেশ্য হয়।
প্ৰশ্ন—বাক্যাংশ উদ্দেশ্য কৰি দুটা বাক্য ৰচনা কৰা।
৩। লুপ্ত থকা উদ্দেশ্য—
কোনো কোনো বাক্যত উদ্দেশ্য লুকাই থাকে; যেনে— আহিলা নে?
এই বাক্যৰ উদ্দেশ্য “তুমি” লুকাই আছে। সেইদৰে কলৈ যাবি? আম পাবিলে জানো? ইত্যাদি।
প্ৰশ্ন— উদ্দেশ্য লুকাই থকা, দেখাত কেৱল বিধেয় থকা দুটা বাক্য লিখ।
চাবলগা — কৰ্ত্তাৰ বিশেষণ আদিক উদ্দেশ্যৰ গুণবাচক বোলা হয়।
৪। সমাপিকা ক্ৰিয়াই প্ৰকৃত বিধেয় কিন্তু কোনো কোনো স্থলত তাক উহ্য ৰাখিও বাক্য ৰচনা কৰা হয়। যেনে— হৰি দুষ্ট।
এই বাক্যত “হয়” ক্ৰিয়া উহা আছে কিন্তু “দুষ্ট” এই বিশেষণেৰে বিধেয়ৰ অংশ প্ৰকাশ কৰা হৈছে।
সেইদৰে :- মানুহজন চৰিত্ৰবান। কানটো টান। অংশ
চাবলগা — ক্ৰিয়া উহা বাখি বিশেষণেৰে বিধেয় প্ৰকাশ কৰা হয়। এনে বিশেষণক বিধেয় বিশেষণ বোলে।
৫। কোনো কোনো সময়ত ক্ৰিয়াই বিধেয়ৰ প্ৰকৃত অৰ্থ প্ৰকাশ কৰিব নোৱাৰাত আন পদ যোগ হৈ অৰ্থ পূৰ্ণ কৰে; তেনে যোগ হোৱা পদক বিধেয় পূৰক বোলে; যেনে – হৰিয়ে মাছ মাৰিছে; জানাল দুষ্ট ছাত্ৰ; ধনী বিদ্বান।
১২শ পাঠ।
পদবিন্যাস।
১। সকলো বাক্যত কৰ্ত্তা আৰু ক্ৰিয়া পদ থাকে : কৰ্ত্তা সচৰাচৰ বাক্যৰ আদিত আৰু ক্ৰিয়া বাক্যৰ শেষত থাকে। যেনে - ( ১ ) মই যাওঁ। ( ২ ) সিন্ধুনাথে বাঁহ কাটিছে।
বাকাৰ ক্ৰিয়াটো সকৰ্মক হলে কৰ্ম্মটো কৰ্ত্তা-ক্ৰিয়াৰ প্ৰায় মাজত বহে। ওপৰৰ দ্বিতীয় বাক্যত থকা ক্ৰিয়াটো সকৰ্ম্মক। ইয়াৰ কৰ্ম্ম বাঁহ, কৰ্ত্তা আৰু ক্ৰিয়াৰ মাজত বহিছে।
চাবলগা – বাক্যৰ কৰ্ম্ম, কৰ্ত্তা আৰু ক্ৰিয়াৰ মাজত বহে।
২। কৰ্ত্তা, ক্ৰিয়া, কৰ্ম্ম আদিৰ বিশেষণবোৰ সেই সেই পদৰ প্ৰায় আগে আগে বহে; যেনে—
(১) চিকাৰী মানুহজন আহিছে।
(২) চিকাৰী মানুহজনে ডাঙৰ বাঘটো মাৰিলে।
(৩) চিকাৰী মানুহজনে ডাঙৰ বাঘটো বেগেতে মাৰিলে।
ব্যৱহাৰ হৈছে চোৱা।
প্ৰশ্ন- ( ১ ) কৰ্ত্তা, ক্ৰিয়া, আৰু কৰ্ম্ম থকা ৫টা বাক্য লিখাঁ।
(২) কৰ্ত্তা, কৰ্ম্ম আৰু ক্ৰিয়াৰ গুণবাচক পদ থকা তিনটা
বাক্য লিখাঁ।
১৩শ পাঠ।
সম্প্ৰসাৰক।
উদ্দেশ্য আৰু বিধেয়ৰ গুণবাচক পদবোৰকেই সম্প্ৰসাৰক বোলে।
হৰিয়ে মাৰিলে; এই এটা বাক্য; ইয়াৰ উদ্দেশ্য “হৰিয়ে আৰু বিধেয় 'মাৰিলে”। এই উদ্দেশ্য আৰু বিধেয় দুটাক সম্প্ৰসাৰকেৰে বঢ়াই বাক্যটো দীঘল কৰিব পাৰি; যেনে - উদ্দেশ্যৰ সম্প্ৰসাৰক—
(১) খঙাল হৰিয়ে মাৰিলে। (বিশেষণেৰে)
(২) গুৱাহাটিৰ খঙাল হৰিয়ে মাৰিলে।
(ষষ্ঠী বিভক্তিৰ পদেৰে )
(৩) খঙত বলীয়া হোৱা গুৱাহাটিৰ হৰিয়ে মাৰিলে।
(বিশেষণৰূপে ব্যৱহাৰ হোৱা বাক্যাংশেৰে )
(সমকাৰক পদেৰে )
বিধেয়ৰ সম্প্ৰসাৰক--
(১) হৰিয়ে বৰকৈ মাৰিলে। (ক্ৰিয়া বিশেষণেৰে )
(২) হৰিয়ে লৰি গৈ মাৰিলে। (অসমাপিকা ক্ৰিয়াৰে)
(৩) হৰিয়ে টোকোনেৰে মাৰিলে। (৩য়া বিভক্তিযুক্ত পদেৰে )
(৪) হৰিয়ে ৰামক মাৰিলে। ( সকৰ্ম্মক ক্ৰিয়াৰ কৰ্ম্মেৰে )
ইত্যাদি।
প্ৰাশ্নঃ- ৰহিমে খাইছে |
১। এই বাক্যটোৰ উদ্যেশ্যত সম্প্ৰসাৰক যোগ কৰি যিমান পাৰা বাক্যটো বহলোৱাঁ।
২। এই বাকাটোৰ বিধেয়ত ক্ৰিয়া বিশেষণ, অসমাপিকা
ক্ৰিয়া, ৪ৰ্থী বিভক্তিযুন্তপদ আৰু কৰ্ম্ম পদ সম্প্ৰসাৰক যোগ কৰি একোটা বাক্য লিখাঁ।
৩। “নৰেণে কাটিছে।” এই বাকাটোৰ উদ্যোশ্য আৰু বিধেয়ত সম্প্ৰসাৰক যোগ কৰি যিমান পাৰা বাক্যটো দীঘল কৰি নি থাকাঁ।
প্ৰধান-অপ্ৰধান পদ--বাক্যৰ উদ্দেশ্য আৰু বিধেয়ই প্ৰধান
পদ; এই দুটা নাথাকিলে বাক্য হবই নোৱাৰে | উদ্দেশ্য
আৰু বিধেয়ৰ সম্প্ৰসাৰকবোৰ অপ্ৰধান, কিয়নো এইবোৰ নাথাকিলেও বাক্য হব পাৰে। প্ৰশ্নঃ- তলৰ বাক্য তিনটাৰ প্রধান আৰু অপ্রধান পদবোৰ বাছাঁঃ-
বেমাৰে আহি লগ ধৰে।
মানুহৰ শৰীৰ দুৰ্ব্বল হয়।
বেচি ভাগ বেমাৰ আকৌ, আহাৰে মাতি আনে।
১৪ শ পাঠ।
বাক্য-বিশ্লেষণ।
বাক্যত থকা পদবোৰৰ পৰস্পৰ সম্বন্ধ দেখুৱাক বাক্য-বিশ্লেষণ কৰা বোলে।
বাক্য বিশ্লেষণ কৰিবলৈ বাক্যটো পোনতে উদ্যেশ্য আৰু বিধেয়ত ভাগ কৰি সিহঁতৰ সম্প্ৰসাৰকবোৰ বিভিন্নকৈ দেখুৱাব লাগে; যেনেঃ-
“মহম্মদে কিতাপ পঢ়ে।”
এই বাক্যৰ উদ্দেশ্য মহম্মদে, বিধেয় (ক্ৰিয়া) পঢ়ে (কৰ্ম্ম) কিতাপ।
এই বাক্যৰ উদ্দেশ্য “লৰাই”, বিধেয় (ক্রিয়া) “নুশুনে;” “দুষ্ট” উদ্দেশ্যৰ গুণবাচক, “কথা” বিধেয়ৰ কৰ্ম্ম, “শিক্ষকৰ”
বিধেয়ৰ কৰ্ম্মৰ গুণবাচক বা ৬ষ্ঠী বিভক্তিযুক্ত পদ |
ওপৰৰ বাক্য দুটাৰ পদবোৰ তলত দিয়া মতে ঘৰ কৰি শ্ৰেণী-বিভাগ কৰি দেখুৱাব পাৰিঃ —
| বাক্য | উদ্দেশ্য | বিধেয় | |||||
| গুণ বাচক | প্ৰকৃত উদ্দেশ্য বা কৰ্ত্তা |
ক্ৰিয়া | গুণবাচক | পূৰক | কৰ্ম্ম | ||
| আচল কৰ্ম্ম | গুণ বাচক | ||||||
| ১। মহম্মদে কিতাপ পঢ়ে। ২। দুষ্ট লৰাই শিক্ষকৰ কথা নুশুনে |
... দুষ্ট |
মহম্মদে লৰাই |
পঢ়ে নুশুনে |
... ... |
... ... |
কিতাপ কথা |
... শিক্ষকৰ |
দেখুৱাঁ :—
(১) ড্ৰেকে সেই আশা ত্যাগ কৰিলে।
(২) নৰনাৰায়ণ ৰজা বৰ বিখ্যাত হৈ উঠিছিল।
১৫শ পাঠ।
শব্দ আৰু পদ।
১। ক, ৰ, ঔ, কল. ছাত্ৰ, পা, বা আদি প্ৰতিটোৰ অৰ্থ
আছে : এনে অৰ্থ থকা আখৰ বা আখৰৰ সমষ্টিক প্ৰকৃতি
বোলে।
(১) প্ৰকৃতি দুবিধ - সব্য়য় আৰু অব্যয়।
“কল” শব্দটো বঢ়াব পাৰি যেনে :— কলবোৰ, কলৰপৰা
ইত্যাদি —
‘“ক”টোকে| বঢ়াব পাবি যেনেঃ-- কৈছিল, কম, কলে
ইত্যাদি।
“বা” টোক কিন্তু বঢ়াব বা ঢুটাৰ নোৱাৰি। যিবোৰ শব্দৰ
আকাৰৰ পৰিবৰ্ত্তন হয়, তাক সব্যয় আৰু যিবোৰ শব্দৰ আকাৰৰ
পৰিবৰ্ত্তন নহয় তাক অব্যয় বোলে।
(২) সব্য়য় শব্দৰ আকৌ, দুভাগ কৰ হয়--ধাতু
আৰু প্ৰাতিপদিক।
খা, যা, নি, থ, দি আদি কথাই কোনো একোটা
কাৰ্য্য কৰা বুজায়, সেই কাৰণে এনে আখৰ বা আখৰৰ
সমষ্টিক ধাতু বোলে।
ৰঙা, কলা, নীলা, মাটি, পানী, তৰা আদি শব্দই বস্তুৰ
গুণ বা নাম বুজায়; এনে গুণ বা নাম বুজোৱা আখৰ বা
আখৰৰ সমষ্টিক প্রাতিপদিক বোলে।
শব্দৰ ব্যৱহাৰ--(ক) অব্যয় শব্দবোৰৰ আকাৰ নবঢ়া-
নুটুটাৰ কথা আগতে কৈ অহা হৈছে; এই শব্দ বাক্যত
নিজ ৰূপতেই ব্যৱহাৰ হয়।
(খ) ধাতুবোৰ নিজ ৰূপত বাৱহাৰ নহয়: যেনে ‘খা’
ধাতু বাক্যত বাৱহাৰ কৰিবলৈ হলে ( মই ) খাওঁ, (সি)
খাইছিল, ( তহঁতে ) খাঁ, এনে হব।
(গ) প্রাতিপদিকো বাকাত বাৱহাৰ হলে ৰূপ লৰে;
যেনে--মাটিৰে পুতলা সাজে। গছ মাটিত জন্মে।
(৩) ধাতুৰ পাচত যিবিলাক প্রত্যয় যোগ হৈ তাৰ
কাল আৰু পুৰুষ ঠিক কৰে তাক ক্ৰিয়া-বিভক্তি বোলে;
“খা” ধাতু “ইছিলোঁ”=খাইছিলোঁ “বহ্” ধাতু “ইম”
বহিম।
শব্দৰ পাচত যিবোৰ প্রত্যয় যোগ হৈ বাক্যৰ ভিতৰত
তাৰ স্থান নির্দেশ কৰে তাক শব্দ-বিভক্তি বোলে; যেনে
“লৰা” শব্দ ক=লৰাক; “লৰা” শব্দ ত-লৰাত।
২। সব্যয় শব্দত বিভক্তি যোগ হলে, তাক পদ
বোলে।
শব্দ বিভক্তি সাত প্রকাৰ ২ যেনে প্রথম, দ্বিতীয়া, তৃতীয়া,
চতুর্থী, পঞ্চমী, a আৰু সপ্তমী।
শব্দ বিভক্তিৰ চিন --
প্রথমা--এ
দ্বিতীয়া -- অক
তৃতীয় -- এৰে, দি, দ্বাৰা
চতুৰ্থী -- লৈ, অক
পঞ্চমী -- পৰা
ষষ্ঠী--অৰ
সপ্তমী -- অত, এ
পদ চাৰি বিধ -- বিশেষ্য, বিশেষণ, সৰ্ব্বনাম আৰু ক্রিয়া।
কিছুমান ব্যাকৰণত অব্যয় শব্দকো পদৰ লগত ধৰে।
১৬শ পাঠ।
পাঠৰ সাৰাংশ।
কোনে! এট! পাঠৰ সাৰাংশ লিখিবলৈ হলে পোনতে
পাঠটো কেইবা বাৰো ভালদৰে পঢ়িব লাগে। পাঠটো পঢ়ি
অঁতাই তাত লিখা কথাৰ বিষয় চিন্তা কৰি চাব; যদি
ভালদৰে মনত থকা যেন নাপায় তেন্তে পুনৰ পঢ়িব আৰু
ভাবি চাব। কিতাপ জপাই থৈ পাঠত লিখা থকা কথা
মনত ৰোৱা যেন বোধ হলে, লিখিবলৈ আৰম্ভ কৰিব ।
চাবলগা--পাঠৰ সাৰাংশ লিখি থাকোঁতে কিতাপ নাচাব;
তোন কৰিলে কিতাপৰ বেচি ভাগ শব্দ লিখাত সোমাই যায়।
তলৰ পাঠৰ সাৰাংশৰ নমুনা দিয়া হলঃ-
১। ফাগুণত কল ৰুলে সেই কল গছে বহাগত বৰষুণ পায়;
আৰু আহিন মাহত মাটিত জীপ থাকে দেখি সেই মাহতো বহুতে
কল ৰোৱে। অন্যান্য মাহতো কল ৰুব পাৰি, কিন্তু কলগছ
সিমান বলী নহয়। ভাদ মাহত কল ৰোৱা উচিত নহয়, কাৰণ
তেতিয়া তাক কেচুৱে খাই নষ্ট কৰে আৰু বতাহত ভাগি-ছিগি
পৰি যায় ।”
সাৰাংশ- বছৰৰ ভিতৰত ফাগুন আৰু আহিন মাহেই কল ৰোৱা
ভাল সময় ৷ অন্যান্য মাহত কল ৰুলে সিমান তেজী নহয়।
ভাদত কল ৰুলে কেচুৱে খায়।
“লৰা কাল বুলি সদায় উমলি
নিনিয়াবা তুমি কাল;
পঢ়া-শুনা হলে ৰদ মাৰ গলে
অলপ ওমলা ভাল।
পুৱা বা গধূলি কৰিবা ধেমালি
বল যাতে পোৱা গাত;
তাছ পাশ৷ কড়ি যদি থাকা ধৰি
এলাহ বাঢ়িব তাত।”
সাৰাংশ--
লৰাবিলাকে সদায় ধেমালি কৰি থকা উচিত নহয়:
পঢ়া-শুনা কৰাৰ পাচত অলপ ধেমালি কৰা বেয়া নহয়!
তাছ, পাশ৷ আদি খেলত মানুহৰ এলাই বাঢ়ে; সেই কাৰণে
লৰাবিলাকে খেল নেখেলি ৰাতিপুৱা বা আবেলি গাত
ভাগৰ লগা ধেমালি কৰিব লাগে।
৩। “ভীষ্ম এজন প্ৰখাত বীৰ আছিল; দুৰ্যোধনৰ আদেশমতে তেওঁ কৌৰৱৰ ফালে সেনাপতি হৈ দহ দিন ৰণ কৰিছিল। যুদ্ধ কৰা কেইদিন তেওঁ প্ৰতি দিনে দহ হাজাৰকৈ পাণ্ডৱ-সৈন্য মাৰিছিল। তাকে দেখি পাণ্ডৱসকলে যুদ্ধ জয়ৰ আশা এৰিব লগাত পৰিছিল।”
সাৰাংশ-
ভীষ্ম বৰ ডাঙৰ বীৰ আছিল। তেওঁ কুৰু-পাণ্ডৱৰ যুজৰ সময়ত দুৰ্যোধনৰ সেনাপতি হৈ যুজ কৰিছিল আৰু প্ৰতি দিনে পাণ্ডৱৰ ঢেৰ সেনা মাৰিছিল; ভীষ্মৰ বীৰত্ব দেখি পাণ্ডৱলকলে ৰণত হাৰিব বুলি ভয় কৰিছিল।
১৭শ পাঠ।
পদান্বয়।
১। বাক্যত ব্যৱহাৰ হলে পদবোৰৰ ইটো সিটোৰ ভিতৰত
সম্বন্ধ ঘটে। বাক্যৰ পদবোৰৰ পৰস্পৰ সম্বন্ধ ঠিক কৰাক
পদান্বয় বোলে।
পদান্বয় কৰিবলৈ হলে বাক্যত থকা পদটো কি পদ,
আৰু তাৰ লিঙ্গ, বচন, পুৰুষ, কাল আদিৰ কথা কৈ সেই
বাক্যত থকা আন কোনো পদৰ লগত যি সম্বন্ধ থাকে তাক
দেখুৱাব লাগে।
কি পদ পাজিং কৰিলে কি কি কব লাগে-তলত দেখুৱা
হল:-
বিশেষ্য - প্ৰকাৰ, লিঙ্গ, পুৰুষ, বচন, বিভক্তি, কাৰক আৰু
কোন ক্ৰিয়াৰ লগত সম্বন্ধ।
বিশেষণ--কোন শ্ৰেণীৰ, আৰু কাৰ দোষ-গুণ দেখুৱাইছে।
সৰ্ব্বনাম - কোন বিধৰ, ( কাৰ সলনি ব্যৱহাৰ হৈছে );
পাচত বিশেষ্যৰ দৰে। ক্ৰিয়া প্ৰকাৰ, সকৰ্ম্মকনে অকৰ্মক, কৃদন্ত, সমাপিকানে অসমাপিকা বা নিজন্ত, বাচ্য, কাল, পুৰুষ, কৰ্তা বা কৰ্ম্মৰ লগত সম্বন্ধ।
অব্য়য়--কি অৰ্থত বাৱহাৰ হৈছে।
২। তলত পদান্বয়ৰ দুটা উদাহৰণ দিয়া হল :—
(ক) আৰঙ্গচা - স্কটলণ্ড পালেগৈ।
এই বাক্যৰ “আৰঙ্গচা” পদটোৰ পদান্বয় কৰিব লাগে। আৰঙ্গচা - বিশেষ সংজ্ঞাবোধক বিশেষ্য, পুংলিঙ্গ, তৃতীয় পুৰুষ, একবচন, কৰ্তাকাৰক। “পালেগৈ” ক্ৰিয়াপদৰ কৰ্তা।
(খ) আনন্দই স্বাস্থ্য মাতি আনে।
আনন্দই - গুণবোধক বিশেষ্য, ক্লীৱলিঙ্গ, তৃতীয় পুৰুষ, এক-বচন, ১মা বিভক্তি, কৰ্তাকাৰক। ‘‘মাতি আনে” ক্ৰিয়াৰ কৰ্তা।
স্বাস্থ্য - সাধাৰণ সংজ্ঞাবোধক বিশেষ্য, ক্লীবলিঙ্গ, তৃতীয়-পুৰুষ, ২য়া বিভক্তি, একবচন, কৰ্ম্মকাৰক। "মাতি আনে" ক্ৰিয়াৰ কৰ্ম্ম।
মাতি আনে - সকৰ্ম্মক সমাপিকা ক্ৰিয়া, নিত্যবৰ্ত্তমান, কাল, একবচন, তৃতীয় পুৰুষ কৰ্ত্তৃবাচ্য[১] ইয়াৰ কৰ্ত্ত "আনন্দই" আৰু কৰ্ম্ম "স্বাস্থ্য"।
১৮শ পাঠ ।
পত্ৰ।
পিতালৈ
[গর্ভ] ৩২ কাৰ ষ্ট্ৰিত
শ্রীহৰি মান্দ্ৰাজ ।
১০-৬-৩০
শ্ৰীচৰণ কমলেষু,
পিতাদেউ, আপোনাৰ আশীৰ্বাদ পাই পৰম আনন্দ পালোঁ।
আমাৰ সেই ফালে কেইবা দিনো ধাৰাসাৰে বৰষুণ হোৱা
শুনি ৰং পাইছোঁ ৷" আপোনালোকে চাগে জহ কম পাইছে।
ইয়াত টিকা-ফটা-ৰ'দ, ৰাতি গৰমত চকু মুদ নাযায়।
মই ইয়াত হাঁড়-ভঙা শ্রম কৰিব লগাত পৰিছোঁ।
আমি পঢ়াৰ উপৰিও কাঠৰ কাৰখানাত দুঘণ্টা খাটিব লাগে,
আৰু সদায় খেলিব লাগে। মই মনপুতি পঢ়িছে।। পঢ়া
শুনা মোৰ ভালেই চলিছে। যোৱ৷ মাহিলি পৰীক্ষাত মই
২য় হৈছিলোঁ, এই মাহত সম্ভবতঃ ১ম হব পাৰিম।
মই গান-বাজনা কিমান ভাল পাওঁ আপুনি জানে!
যোৱা সপ্তাহত আমাৰ স্কুলত গান-গোৱাৰ প্রতিযোগিতা
হৈছিল। লাহোৰৰপৰা এজন ওস্তাদ আহিছিল। আমি বাজনা
বজাই গান গাই তেওঁক শুনালোঁ। পাচত সেই ওস্তাদজনে
দুজন বঙালী গায়কৰ সৈতে বেহালা, তবলা আৰু তাম্বুৰা লৈ
গান গাই আমাক শুনাইছিল। তম্বুৰাৰ মাত বৰ মিঠা । ইয়াৰ মানুহবিলাকৰ আদৰ-সাদৰ, খুওৱা-ধুওৱা আৰু
বয়-বন্তু সজোৱা-মেলা মনত-লগা। মানুহবিলাক পৰিশ্ৰমী,
কোনোৱেই বহি নাথাকে।
মোৰ গা ভাল। পৰম পূজনীয়া শ্ৰীযুক্তা মাতৃদেৱীক সেৱা জনালে৷; আপুনিও মোৰ সেৱা লব।
সেৱক
শ্ৰী...................
[ শিৰোনামা।]
পৰম পুজনীয় শ্ৰীযুক্ত.............পিতৃদেৱৰ
শ্ৰীশ্ৰীচৰণ কমলেষু
আমলা পটি
নগাঁও
চাবলগ৷--১। চিঠিৰ ভাগ ছুটা_ গৰ্ভ আৰু শিৰোনাম। চিঠিৰ
ভিতৰত লিখা কথাক “গৰ্ভ" বোলে। লেফেফাৰ বা কাৰ্ডৰ ওপৰত
লিখা কথাক “শিৰোনামা” বোলে।
২। পূজনীয় লোক যেনে--বৰপিতা ( জেঠা ), খুড৷, (দদাই),
ককাই (দাদা ) আদিলৈ, পিতালৈ লিখা পাঠকে লিখিব পাৰি।
৩। পুূজনীয়া স্ত্ৰী লোকলৈ লিখিবলৈ হলে “পিতালৈ”
লিখ| পাঠকে লিখিব পাৰি কেবল “পূজনীয়”ৰ ঠাইত “পূজনীয়া”
দিলে হয়।
প্ৰশ্ন- (১) ওপৰত লিখা পত্ৰখনৰ তলত আচ টনা শব্দবোৰৰ
অন্ততঃ সাতটা শব্দ ব্যৱহাৰ কৰি তোমাৰ খুড়াদেৰলৈ এখন পত্ৰ লিখাঁ। পত্ৰত তলত দিয়া কথা কেইটা উল্লেখ কৰিবাঃ-
(ক) তুমি থকা ঠাইত বতাহ-বৰষুণ হৈছে।
(খ) খেতিয়কবিলাকৰ ধান খেতিৰ বাবে গাত তত
নাইকিয়। হৈছে।
(গ) স্কুলৰ পৰীক্ষাত তুমি ১ম হৈছা আৰু সেই কাৰণে
১০টকা পুৰস্কাৰ পাইছা।
(ঘ) জহৰ বন্ধত ঘৰলৈ আহিবলৈ তোমাৰ টকাৰ
আৱশ্যক হৈছে।
(২) পিতাদেৱলৈ লিখা পত্ৰৰ তলত আচটনা শব্দৰ
বাকী থকা ৫টাঁ শব্দ লগাই তোমাৰ বাইদেউৰা লৈ পত্ৰ লিখাঁ।
এই পত্ৰত তলত লিখা কথাবোৰ উল্লেখ কৰিবঃ-
(১) বহুদিন পত্ৰ পোৱা নাই। (২) তোমাৰ জ্বৰ
হৈছিল। (৩) তুমি গছৰ কলম দিবলৈ শিকিছা। (৪) তুমি সজা খৰাহী এটা প্ৰদৰ্শনীত এটকাত বেচা গৈছে।
নিজৰ ঠিকনা
তাৰিখ......
[গৰ্ভ]
(সম্বোধন)
পৰম কল্যানীয়,
বাপা..........................................................................................................................................................। ইত্যাদি,
আশীৰ্বাদক
[ শিৰোনামা ]
পৰম কলাণীয় শ্ৰীমান...........
সুদীৰ্ঘ জীৱেষু
ঠিকনা........
পিতালৈ লিখা পাঠকে লিখিব পাৰি কিন্তু আজিকালি তলত লিখা পাঠহে সচৰাচৰ লিখেঃ-
মহামহিমাৰ্ণৱ শ্ৰীল শ্ৰীযুক্ত ------ স্কুলৰ ----শিক্ষক মহোদয় মহিমাৰ্ণৱেষু।
ঠিকনা -----
(নিজ নামৰ ওপৰত ) একান্ত বাধ্য
ঠিকনা ----- শ্ৰী-------
তাৰিখ------
সমাপ্ত
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )
- ↑ বাচ্যৰ কথা এই ভাগ ব্যাকৰণ ৰচনাত দিয়া নাই।