বেউলা - লক্ষিন্দাৰ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

শ্ৰীকৃষ্ণায় নমঃ

বেউলা - লক্ষিন্দাৰ
         (পদ্ম-পুৰাণ-ভাটিয়ালি খণ্ড)

দিহাঃ- নেতাৰ গলে ধৰি কান্দে বিষহৰি
                    হৰি কান্দে বিষহৰি।
            বৈণি! বিবাদ বঢ়াইলোঁ অকাৰণ।।

পদঃ- চান্দ নামে সদাগৰে        সৰ্ব্ব নাগে খাইল তাৰ
               সংসাৰে ৰহিলা চন্দ্ৰধৰে।।
যত আছে সৰ্পগণ        পঠাই দিলা সেহি স্থান
               চান্দৰ কিছু কৰিতে নাপাৰে।।
গুইয়া গোখোৰা গোমা        কিউতিয়া কাচিয়া
               খলখলি আৰো অজগৰ।
বাকৰাজ ব্ৰহ্মজাল        কাল পাণ্ডু উদয়কাল
               সৰ্ব্বনাগ যাওক ৰসাতল।।
পশুবৰ মণিৰাজ        তাতো কিছু নাহি কাজ
               সৰ্ব্বনাগ হুইয়োক নাশ।
মহাকাল মহাশঙ্খ        উতপল কিউতিয়া
              পশু হুইয়া খাইক সবে যাস।।
নেতা কহি আছে যশ        বট বৃক্ষ কৈলা নাশ
               চান্দৰ নামে হেন বিষ টুটে।
অনন্ত তক্ষক ফণী        কেনে শিৰে ধৰা মণি
               মহাবিষ ধৰা কেনে কণ্ঠে।।
অনন্ত কৰ্কট নাগে        কহে পদ্মাৱতী আগে
               আমা হন্তে লখাইৰ মৃত্যু নাই।
নাৰায়ণ দেৱে কয়        সুকবি বল্লভ হয়
               কালীনাগক আনয় ধেমাই।।
দিহাঃ মৈৰাৰ গমনে কালা যায়, (ওৰে) যাইৰে যায়।
            যশোদাৰ কোলে ছাৱাল যদুৰায়।।
পদঃ নন্দঘৰে জন্ম ভৈলা ছাৱাল কানাই।
            ষোল শত শিশু সঙ্গে বনে ছাৰে গাই।।
            পিয়াহে পীড়িত হৈয়া শিশু একজন।
            কালীৰ হ্ৰদত গৈয়া জল কৰে পান।।
            এক শিশু মৰে যায় কালীৰ জল খাই।
            ক্ৰোধ কৰি কালিনাগে জাম্প দিলা যায়।।
            কালীৰ শিৰত ভৰ দিলা দামোদৰ।
            ক্ৰোধ কৰি কালিনাগে মাৰিলা কামোৰ।।
             কালীৰ বিষে পৰি ৰইলা দেৱ বনমালী।
             নন্দ যশোদা কান্দে হুয়া উত্ৰাৱলী।।
             যত গোপীগণ কান্দে হৈয়া অচেতন।
             বলভদ্ৰ আসিয়া লগাইলা চেতন।।
             তুমি ব্ৰহ্মা তুমি বিষ্ণু তুমি মহেশ্বৰ।
            আপোন ভুলিয়া তুমি হইছা কাতৰ।।
             তুমি অগ্নি তুমি পানী তুমি বিষধৰ।
             চৈতন্য স্বৰূপে তুমি দেৱ গদাধৰ।।
             তুমি স্বৰ্গ তুমি ৰাত্ৰি তুমি সন্ধ্যা কাল।।
            তোমাৰ মৰণে হৈব জগত বিনাশ।
             তুমি জাগৰণে হৈব জগত প্ৰকাশ।।
             বলভদ্ৰ বচন শুনিয়া নাৰায়ণ।
             মনে মনে গৰুড়ক কৰে সুমৰণ।।
             গৰুড় আসিয়া নাগ কৰিব ভক্ষণ।
             ভয় পাই গৈলা কালী পাতাল ভুৱন।।
            কালীক জিনিয়া যে উঠিলা নাৰায়ণ।
            দেৱগণে মিলিয়া কৰে পুষ্প বৰিষণ।।
            হেন কালিৰ আগে যাইবে পাৰে কোনজন।
            ত্ৰিভুৱনে নাহি দেখি কালিৰ সমান।।
            ধেমা বোলে শুনা পদ্মা আমাৰ উত্তৰ।
            মহাশঙ্খ আনি দেহ আমাৰ গোচৰ।।
            পূৰ্ব্বে শুনি আছোঁ মই শঙ্খৰ কাহিনী।
            শঙ্খ ধ্বনি শুনি সব বিষ হয় পানী।।
            পদ্মগোট আনি পদ্মা দিয়া শীঘ্ৰে মোক।
            তেবেসে যাইবে পাৰো পাতালপুৰক।।
            ধেমাৰ বচন পদ্মা শুনি তেতিক্ষণ।
            হংস ৰথে চৰি শীঘ্ৰে কৰিলা গমন।।
            সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
            পদ্মাৰ বচন বুলি একেই লেচাৰি।।
দিহাঃ শিৱৰ কুমাৰী পদ্মা ধীৰে ধীৰে চলে,
            ৰূপৰ ভঙ্গিমা দেখি মুণিগণ ভুলে।।
            পদঃ বাপৰ চৰণে পদ্মা কৰে নমস্কাৰ।
পদ্মাঃ দেখি সদাশিৱে লাগে কহিবাৰ।।
            আন দিনা আহা মাতা হৰষিত মনে।
            আজি ভাবা বিষাদ পদ্মা তুমি কি কাৰণে।।
            পদ্মা বোলে শুনা বাপ দেৱ ত্ৰিনয়ন।
             চান্দৰ অপমান পিতা সহিব কেমন।।
             বাৰে বাৰে চান্দে মোক দেই অপমান।
             কওঁ সকলোকে শুনা তোমাৰ চৰণ।।
             একবাৰ মাৰি আছে হেমতালৰ বাৰি।
             তাৰ বিষে গাৱ মই লাৰিতে নপাৰি।।
             শিৱৰ চৰণে কহে কৰযোৰ কৰি।
            তোমাৰ শঙ্খক পাইলে চান্দে পূজা কৰি।।
             চান্দ নাম শুনি বোলে দেৱ মহেশ্বৰ।
             শঙ্খ নাহি দিবো পদ্মা ফিৰি যাহা ঘৰ।।
             বাপৰ শুনিয়া পদ্মা নিষ্ঠুৰ বচন।
             ভূমিত পৰিয়া পদ্মা জুৰিলা ক্ৰন্দন।।
             সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
             পদ্মাৰ কান্দোন বুলি একেই লেচাৰি।।
দিহাঃ আহে, কান্দে পদ্মাৱতী বাপৰ আগত।
শঙ্খ গোট দিয়া মোক ধৰো চৰণত।।
পদঃ মাও নাই বাপ হৰ তাৰো নাই দয়া।
সিকাৰণে কান্দে পদ্মা ভূমিত পৰিয়া।।
খোনচা মাৰি চক্ষু এক নিলা সৈতা মাই।
কঁকাল ভাঙ্গিলা চান্দই হেমতালে কোবাই।।
সংসাৰ ভিতৰে হেন চান্দহে অকলে।
নৰ হৈয়া বাদ কৰে দেৱতাৰ লগে।।
মহা শোকে পদ্মাৱতী কৰিছে ক্ৰন্দন।
ভাঙ্গ খাই বহি আছে দেৱ ত্ৰিলোচন।।
কান্দোতে কান্দোতে পদ্মাৰ বসন খসিলা।
তাক দেখি চণ্ডী মাও বৰ লাজ পাইলা।।
চণ্ডী বোলে শুনা তুমি ভাঙ্গৰা লোচন।
পদ্মাৱতীৰ গুপ্ত অঙ্গ ভৈলা দৰশন।।
পেটৰ বেটীৰ তই সৰ্ব্বাঙ্গ দেখিলি।
মনৰ মানসা তই সম্পূৰ্ণ কৰিলি।।
লাজ পাই সদাশিৱে বুলিলা বচন।
নাকান্দা নাকান্দা বাচা পিন্ধহ বসন।।
শিৱে বোলে শুনা পদ্মা আমাৰ উত্তৰ।
চান্দক ৰাখিয়া খাইবা তাহাৰ কুমাৰ।।
হাসি ত্ৰিনয়নে হেন বুলিলা বচন।
জুলি হন্তে মহাশঙ্খ দিলা তেতিক্ষণ।।
শঙ্খ পাই পদ্মাৱতীৰ হৰষিত মন।
হংস ৰথে চৰি পদ্মা কৰিলা গমন।।
শঙ্খ নিয়া দিলা পদ্মা ধেমা নাগৰ হাতে।
শঙ্খ পাই ধেমা নাগে বন্দি লৈলা মাথে।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
ধেমাৰ বচন বুলি একেই লেচাৰি।।

দিহাঃ ঐ আকিৰে- হায়ৰে হায়;
চলে নাগ দুৱাৰী ধেমাই।

পদঃ পদ্মাৰ আদেশ পায়া        পৰম কৌতুক হৈয়া
কালী কালী ঘনে ডাক ছাৰে।
শুনিয়া ধেমাৰ বাণী        বোলে কাল নাগিনী
কোথাই থাকা কি নাম তোমাৰে।।
আমাক দেখিয়া নৰ        শীঘ্ৰে যায় যমঘৰ
ভাগ্যে প্ৰাণ বাচিলে তোমাৰ।
পদ্মাৰ কিঙ্কৰ আমি        সাৱধানে শুনা তুমি
দুৱাৰী ধেমা নাম মোৰ।।
চল চল শীঘ্ৰে কৰি        তলব দিছে বিষহৰি
সৰ্ব্বনাগ মিলিছে তথায়।
যদি নাযা মোৰ বোলে        দুৱাৰী ধেমাই বোলে
আপুনি আসিব বিষহৰি।
নাৰায়ণদেৱ কয়        সুকবি বল্লভ হয়
উঠা কালী চলা শীঘ্ৰ কৰি।

দিহাঃ ঐ আৰে, বোলে কাল নাগিনী (আৰে)
বোলে কাল নাগিনী শুনিয়া ধেমাৰ বাণী।

পদঃ কালী বোলে শুনা ধেমা আমাৰ বচন।
আমাক তলব পদ্মাই কৰে কি কাৰণ।।
বৰ বৰ নাগ আছে পদ্মাৱতীৰ ঠাই।
তাৰ এৰি পদ্মাই কেনে আমাক ডাকই।।
মোত কৰি দশ গুণ বিষ যাৰ কণ্ঠে।
হেন অষ্টনাগ আছে পদ্মাৰ নিকটে।।
স্বৰগত বসি আছে যত দেৱগণ।
কৰিবাক পাৰে ভস্ম বিষৰ নয়ন।।
বামন হয় খোজে লব দিব্য শশধৰ।
গলে শিলা বান্ধি খোজে তৰিবে সাগৰ।।
মৌপিয়া চ'ৰে হুয়া পৰ্ব্বত লৱে তুলি।
অগ্নিক আঞ্চলে বান্ধে ক্ষুদ্ৰ বস্তু বুলি।।
ধেমা বোলে শুনা কালী আমাৰ বচন।
মন দিয়া শুনা কহো যত বিৱৰণ।।
দেৱতা গন্ধৰ্ব্ব কাৰো নহে হেন কাজ।
মনুষ্যৰ সঙ্গে পদ্মা পাই আছে লাজ।।
ধনেশ্বৰ ৰাজাৰ বেটাৰ নাম কতেশ্বৰ।
তাৰ পুত্ৰ চান্দ পাইছে হৰ-গৌৰী বৰ।
পূজা খাব যাই পদ্মা জালো-মালো ঘৰে।
ভক্তি কৰি নিলা সণাই পদ্মা পূজিবাৰে।।
চণ্ডীকাৰ আজ্ঞা লই চান্দ অধিকাৰী।
পদমাৰ কঁকালে মাৰে হেমতালৰ বাৰি।।
অপমানে গৈলা পদ্মা শিৱৰ গোচৰে।
শিৱ বোলে পুত্ৰ মাৰি ৰাখ সদাগৰে।।
ছয় বেটা মাৰিলা চান্দৰ সিমত সন্ধানে।
তথাপি দেৱতা বুলি পদ্মাক নামানে।।
আৰুবাৰ পদ্মাৱতী গৈলা সুৰপৰি।
ঊষা অনিৰুদ্ধক আনে ইন্দ্ৰত ভিক্ষা কৰি।।
ঊষাক জনম দিলা সাহে ৰাজাৰ ঘৰে।
অনিৰুদ্ধক জন্ম দিলা সনেকা উদৰে।।
দুয়োজনক দিলা জন্ম জাতিস্মৰ কৰিয়া।
সহে চান্দই মিলি দুয়োকো কৰি দিলা বিয়া।।
স্নান কৰিবাক গৈলা মুক্তেশ্বৰৰ জলে।
মায়াৰূপে পদ্মাৱতী তাই কাষে মিলে।।
পদ্মাৰ পাৱে পৰে বেউলাৰ পাতনিৰ পানী।
পদ্মাই বোলে খাক স্বামী ই কাল নাগিনী।।
দৈৱৰ নিৰ্ব্বন্ধ কভু নাযায় খণ্ডন।
বিয়াৰ ৰাত্ৰি হইব জানা লখাইৰ মৰণ।।
দেৱৰ দেৱতী মহাদেৱৰ কুমাৰী।
ত্ৰিভুৱনে পূজে যাক জয় বিষহৰি।।
ত্ৰিভূৱনে বৃথা নহে পদ্মাৰ বচন।
তোমাক মাতিছে কালী এহিসে কাৰণ।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
কালীৰ বচন বুলি একেই লেচাৰি।।

দিহাঃ (ঐ আৰে) সুমৰ সুমৰ প্ৰভু ৰাম নাম লও,
ও ভাই যাৱত চেতন থাকে।

পদঃ এত শুনি কালী নাগে গাও দিলা জাৰা।
বনজন্তু পলাই গৈলা পক্ষী দিলা উৰা।।
যেতিক্ষণে কালীনাগে গাৱক লাৰিলা।
শাল তাল বৃক্ষ সব ভাঙ্গিয়া পৰিলা।।
ভয়ঙ্কৰ মূৰ্ত্তি ধৰি বায়ু বেগে আসে।
সূৰ্য্যৰ গ্ৰহণ যেন লাগিছে আকাশে।।
কালী আসি পদ্মাৱতীৰ বন্দিলা চৰণ।
গলে ধৰি পদ্মাৱতী জুৰিলা ক্ৰন্দন।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
পদ্মাৰ কান্দোন বুলি একেই লেচাৰি।।

দিহাঃ কালী! তোমাক কহিম মই কোন লাজে।
যত দুখ চান্দই মোৰে দি আছে বাৰে বাৰে,
সহি আছো ভাঙ্গাৰা বাপৰ কাজে।।

পদঃ মাও নাইকা বাপ হৰ দুষ্ট সত্যই তাৰ ঘৰ
এক চক্ষু কৰিয়াছে কাণা।
আমাৰ যতেক দুখ কহিতে বিদৰে বুক
শুনা কালী আমাৰ বচন।।
তবে বাপ ত্ৰিপুৰাৰি বিয়া দিলা য়ত্ন কৰি
উত্তম বামুণ কুমাৰ আনি।
আমাৰেসে কৰ্ম্মফলে স্বামী ছাৰি গৈলা মোৰে
বিয়াৰ ৰাত্ৰি কৰি অনাথিনী।।
কালী বোলে হৰ বীৰ্য্যা সংসাৰে তোমাৰ পূজা
কেনে চান্দই কৰে অপমান।
নাৰায়ণ দেৱে কয় সুকবি বল্লভ হয়
নাৰায়ণ দেৱৰ সুবচন।।

দিহাঃ পদ্মা বোলে শুনা কালী আমাৰ উত্তৰ,
কাৰ্য্য সিদ্ধি কৰি দেহ ৰাত্ৰিৰ ভিতৰ-
বোলে মনসা দেৱী।

পদঃ পদ্মা বোলে শুনা কালী আমাৰ উত্তৰ।
সত্বৰে দংশিয়া দেহ চান্দৰ কুমাৰ।।
কালী বোলে শুনা পদ্মা আমাৰ উত্তৰ।
শুনি আছোঁ চান্দই বান্ধিছে লোহাৰ মেৰঘৰ।।
শ্ৰীখণ্ডি কপাট দিছে জোৰৰ কৰাল।
পিপৰা নোৱাৰে তাত পশিব ভিতৰ।।
সপ্ত হাল হস্তী দিয়া দুৱাৰ টানিলা।
তথাপিতো মেৰঘৰৰ লোম নলৰিলা।।
কাচা কাষ্ঠ কাটি আনি অগনি জ্বালিলা।
তথাপিতো মেৰঘৰৰ ছিদ্ৰ নপাইলা।।
ঠাট কটক দিয়া ৰাখিছে যতনে।
কি কৰিতে পাৰে তাক নাগৰ পৰাণে।।
ৰাজ্যে ৰাজ্যে চন্দ্ৰধৰে দি আছে ঘোষণা।
এক সৰ্প মাৰি দিলে লক্ষ তোলা সোণা।।
পদ্মা বোলে কালীনাগ নিচিন্তিবা তুমি।
কমাৰৰ হাতে ছিদ্ৰ ৰাখি থৈছোঁ আমি।।
ঐশান্য কোণাত আছে সিন্দুৰৰ ৰেখা।
তাহাৰা নিকতে গৈলে ছিদ্ৰ পাইবা দেখা।।
মুখৰ সেপ দিয়া কালী গুচাইবা কড়াল।
কেশ সমান হৈয়া কালী পশিবা ভিতৰ।।
তাক শুনি কালীনাগাৰ হৰষিত মন।
ভ্ৰমৰাৰ ৰূপ কালী ধৰে তেতিক্ষণ।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি
কালীৰ ছলনা বুলি একেই লেচাৰি।।

দিহাঃ ই কাল ভোমোৰা হেৰ উৰিয়া,
এ হে এ উৰিয়া পৰিছে নাগ মেৰে।

পদঃ পদ্মাৰ চৰণে কালী কৰিলা বন্দন।
উৰাণ কৰিলা কালী চান্দৰ ভৱন।।
দেখে কালী জাগি আছে ই পালি প্ৰহৰী।
ভ্ৰমৰাৰ ৰূপে কালী বৰ্ণ কৰে চুৰি।।
পদ্মাক সুমৰি কালী মন্ত্ৰ উচ্চাৰিলা।
ঠাট কটকগণ কেহ নেদেখিলা।।
উৰা দিয়া কালীনাগ মেৰতে পৰিলা।
বজ্ৰ সমান মেৰঘৰ দক্ষিণে হালিলা।।
বেউলা বোলে শুনা প্ৰভু আমাৰ উত্তৰ।
বায়ু বতাহ নাই কেনে ধলে মেৰঘৰ।।
লখাই বোলে শুনা প্ৰিয়া বচন অশেষ।
লোহাৰ ঘৰৰ মধ্যে হাৰাইছে উদিশ।।
লোহাৰ ঘৰ পৰি মৃত্যু নাহিকে আমাৰ।
ক্ষুধাৰ কাৰণে প্ৰিয়া দহে কলেৱৰ।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
লখাইৰ বচন বুলি একেই লেচাৰি।।

দিহাঃ উঠিয়া ৰন্ধ কৰা কন্যা বোলৰে লখিন্দাৰ।

পদঃ লখাই বোলে শুনা প্ৰিয়া সাহৰ জীয়াৰী।
ক্ষুধাৰ কাৰণে প্ৰাণ ধৰিতে নপাৰি।।
তোৰ বাপেৰ ঘৰক গৈলো দান পাবৰ আশে।
আচোক দান পাইবো চাৰি মৈলো পেটৰ ভোখে।।
সুমিত্ৰা শাহুৰী কন্যা বৰ যতেনাৰ।
জলপান কৰিবাক দিলেক আমাৰ।।
তোৰ সখীগণে কন্যা তুলিলেক হাস।
লজ্জাৰ কাৰণে তাত নেদিলো গৰাস।।
লজ্জা পাই বেউলাই বুলিলা বচন।
চাউল চৰু নাই প্ৰভু কৰিতে ৰন্ধন।।
নাই চাউল নাই চৰু নাই গঙ্গাৰ জল।
কিমতে ৰন্ধন চলাম কাঞ্চন মেৰঘৰ।।
লখাই বোলে শুনা প্ৰিয়া আমাৰ বচন।
সকল সম্ভাৰ আছে কৰিতে ৰন্ধন।।
দুনিত আছে চাউল কন্যা ঘটে আছে পানী।
ধূপৰ হব খৰি কন্যা প্ৰদীপে অগনি।।
বেউলা বোলে শুনা প্ৰভু কহোঁ তোমাৰ ঠাই।
হিন্দুৰ শাস্ত্ৰত ৰান্ধা ব্যৱহাৰ নাই।।
কুঁহিয়াৰ নাৰিকল বৰাতমণি কলা।
ফল আহাৰ কৰিবাক বেউলাই বুলিলা।।
যত বস্তু দিয়া আছে সনেকা সুন্দৰী।
তাহাক খাইলা লখাই কিছু কিছু কৰি।।
বেউলাৰ বচন লখাই নকৰিলা আন।
ক্ষুধাৰ সময় পাইলা অমৃত সমান।।
হৰষিতে ফলাহাৰ কৰিলা লখিন্দাৰ।
শয়ন কৰিলা লখাই বিছনাৰ উপৰ।।
শয়ন কৰিলা লখাই বনিয়াৰ নন্দন।
ৰথত থাকিয়া পদ্মাই হানে কামবাণ।।
কামে কাতৰ হৈ লখাই বণীয়াৰ নন্দন।
ঘনে ঘনে বেউলাক মাগে আলিঙ্গন।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
লখাইৰ বচন বুলি একেই লেচাৰি।।

দিহাঃ আৰে বালাই বোলে প্ৰাণ প্ৰিয়া
কোলাত আহি বহ।

পদঃ বালাই বোলে প্ৰিয়া মোৰ চাপি আহ কোলে।
মধুময় অমৃত পান কৰোঁ কৌতূহলে।।
থাম্প দিয়া আনে বেউলা কোলাৰ উপৰে।
খসাই পেলাইলা লখাই বিধি ব্যৱহাৰে।।
বেউলা বোলে শুনা প্ৰভু কহো তোমাৰ ঠাই।
যদি সত্য নষ্ট কৰা ধৰ্ম্মৰ দোহাই।।
কৰ্ণিকা কমলা পুষ্প মকৰন্দ হীন।
তাৰ কাষে ভোমোৰ নাযায় কোনো দিন।।
যদি পুষ্প প্ৰকাশিত হোৱে কাল পাই।
মধুকৰে পিয়ে মধু তাৰ মাজে ৰই।।
অফুটা ফুলত যাই ভ্ৰমৰাই দেয় মুখ।
মধু নাহি পাই তাৰ মুখে পাৱে দুখ।।
লখাই বোলে শুনা প্ৰিয়া আমাৰ বচন।
মন দিয়া শুনা কহোঁ যত বিৱৰণ।।
এক গোট ভ্ৰমৰা আছে বৰ যে সিয়ান।
ফুলৰ পাহি মেলি ধৰি মধু কৰে পান।।
বেউলা বোলে শুনা প্ৰভু কহোঁ তোমাৰ ঠাই।
স্বৰূপত জানো পুৰুষৰ লাজ নাই।।
কোঁৱল ঘাঁহ দেখিলে বলধৰ চাপে বল।
যুৱতী দেখিলে হয় পুৰুষ পাগল।।
পৰৰ বস্তু দেখি চোৰৰ উত্ৰাৱল হোৱে মতি।
উত্ৰাৱল পুৰুষৰ মন দেখিলে যুৱতী।।
কামৰ কাৰণে লখাই হৈ গৈছে পাগল।
ভোক ভোক কৰে যেন ভোকোৰা ছাগল।।
লখাইৰ বচনে বেউলাৰ ভয় ভৈলা মনে।
নাৰায়ণ দেৱে কহে মনসাৰ চৰণে।।

দিহাঃ স্বামী ভাল নহয়, অ কি আৰে, বিয়াৰ ৰাতি
স্বামী নহয় ভাল।

পদঃ ভাল নহয় দয়াৰ প্ৰভু বিয়াৰ ৰাত্ৰি দিনে।
শুনিলে বুলিবে মন্দ ব্ৰাহ্মণ সজ্জনে।।
শুনোতে শুনিছিলো প্ৰভু তুমি বৰ পণ্ডিত।
আজি কেনে দেখোঁ তোমাৰ ৰাখোৱাল চৰিত।।
ভাল নহয় দয়াৰ স্বামী তোমাৰ মুখৰ বাণী।
মদমত্ত হস্তীক অঙ্কুশে ৰাখে টানি।।
তোমাৰ মুখৰ বাণী প্ৰভু বৰ ভাল নহয়।
আপেন্তা বাঁহে কি পুৰঠৰ কোৱ সই।।
কাঁচা ডালিম প্ৰভু কোনো কাৰ্য্যৰ নহয়।
পকিলে খাইলে তাৰ অধিক ৰস পাই।।
কাঁচা কল খাইলে প্ৰভু জিভাত বান্ধে কষ।
পকিলে খাইলে তাৰ অধিক চাপে ৰস।।
তপত ভাত খাইলে প্ৰভু জিভাত যায় চাল।
জুৰে সথে খাইলে প্ৰভু অধিক লাগে ভাল।।
আমাৰ শৰীৰে প্ৰভু কামৰ নাই ৰতি।
নাজানো ইসব কৰ্ম্ম আমি শিশুমতি।।
অকুমাৰী নাৰীক যিটো জনে হৰে।
সপ্ত সপ্ত পুৰুষ তাৰ নৰকত পৰে।।
অবাইচা গৰুক প্ৰভু জুৰি বাৱে হাল।
নষ্ট কৰে নাঙ্গল জঙ্গলি নষ্ট কৰে ফাল।।
লখাই বোলে শুনা প্ৰিয়া আমাৰ বচন।
মন দিয়া শুনা কহোঁ যতি বিৱৰণ।।
চাৰি দিন বাজানে গৃহস্থক কৰে দাতি।
সজ হৈলে বাজানে মুটে নাখে কাতি।।
কামৰ কাৰণে লখাইৰ ভয় লজ্জা নাই।
বেউলাই যতেক কহে নুশুনে লখাই।।
লখাইৰ বচনে বেউলাৰ ভয় ভৈলা মন।
পূৰ্ব্বৰ যতেক কথা কৰাইল স্মৰণ।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
বেউলাৰ বচন বুলি একেই লেচাৰি।।

দিহাঃ তেজ লোভ ক্ষমা কৰ বণীয়াৰ সুত,
তোমাক লাগি পঠাই দিছে পদ্মাৰ কাল দূত।

পদঃ পূৰ্ব্বৰ যতেক কথা নাই সুমৰণ।
তুমিতো আছিলা কামদেৱৰ নন্দন।।
আমিতো আছিলো বাণ ৰজাৰ জীয়াৰী।
দুইজনক পদ্মাৱতী আনি আছে হৰি।।
আমাক জন্মাইলা নিয়া সনেকা উদৰে।
দুইজনক দিলা জন্ম জাতিস্মৰ কৰিয়া।
সাহে চান্দই মিলি দুয়োকো কৰাই দিলা বিয়া।।
পূৰ্ব্বে শুনি আছোঁ প্ৰভু ৰাতি নিশা ভাগে।
তোমাক খাইবে আজি পদ্মাৰ কালী নাগে।।
পুৰুষ হইয়া কিছু নাজানাহা তুমি।
স্ত্ৰী হৈয়া সৰ্ব্ব কথা জানি আছোঁ আমি।।
তোমাক খাইবে যদি ই কাল নাগিনী।
তোমাক জলে লৈ ভাঁহিম মই তেজি অন্ন পানী।।
যদি সত্য ধৰ্ম্ম প্ৰভু নেৰয় আমাক।
ছয় মাহ জলে ভাঁহি জীয়াইবো তোমাক।।
যদি সত্য নষ্ট প্ৰভু কৰাহা আমাৰ।
তেবেতো নাহিব প্ৰভু জীৱন তোমাৰ।।
মৰণৰ কথা শুনি বণিক নন্দন।
মনক থাপিয়া লখাই কৰিলা শয়ন।।
লখাইৰ শয়ন দেখি বেউলা সুন্দৰী।
লখাইৰ বাম পাশে আঞ্চোল এক পাৰি।।
বেউলাৰ শয়ন দেখি পদ্মাৰ হৰষিত মন।
নিদ্ৰাৱলী বুলি পদ্মাই ডাকে ঘনে ঘন।।
নিদ্ৰাৱলী বুলি পদ্মাই মাৰিলা হুঙ্কাৰ।
যত সব নিদ্ৰা আহি দিলা আগুসাৰ।।
নিদ্ৰা আসি পদ্মাৱতীৰ বন্দিলা চৰণ।
কি কাৰণে কৰিলা পদ্মা আমাক সুমৰণ।।
পদ্মা বোলে শুনা নিদ্ৰা আমাৰ উত্তৰ।
মোৰ বোলে ধৰা বেউলাৰ চক্ষুৰ ওপৰ।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
নিদ্ৰাৰ ছলনা বুলি একেই লেচাৰি।।

দিহাঃ (মোৰ হৰি ৰে) নিদ্ৰা ঢালে পদ্মাৱতী।

পদঃ প্ৰথমতে মাৰে নিদ্ৰা চান্দ অধিকাৰী।
তাৰ ভাৰ্য্যা মাৰে নিদ্ৰা সনেকা সুন্দৰী।।
দুৱাৰমুখে মাৰে নিদ্ৰা মদমত্ত হাতী।
চাৰি কাষে মাৰে নিদ্ৰা চাৰি কাষে ঢাকি।।
মেৰৰ ওপৰে মাৰে নিদ্ৰা মহা গৰুড় পক্ষী।
বাহিৰে মাৰিলা নিদ্ৰা যত আছে ৰক্ষী।।
মুৰশিথানে মাৰে নিদ্ৰা ওজা ধন্বন্তৰী।
খাটৰ তলে মাৰে নিদ্ৰা নেউলি মহৰি।।
আতিয়াৰ খালে মাৰে নিদ্ৰা ৰাঘৱা বৰালি।
আতালত মাৰে নিদ্ৰা কঙ্খ যে বিড়ালী।।
একে একে মাৰে নিদ্ৰা ই পালি প্ৰহৰী।
হস্তী ঘোঁৰা নিদ্ৰাত পৰিল হুয়া শাৰী শাৰী।।
তাৰ শেষে মাৰে নিদ্ৰা বালা লখিন্দাৰ।
তাৰ পাছে মাৰে নিদ্ৰা বেউলাৰ উপৰ।।
মেৰৰ ওপৰে কালী মাৰে লেঞ্জৰ বাৰি।
আচোক মনুষ্য পিপৰাৰ নাই সাৰি।।
তাক দেখি কালী নাগৰ হৰষিত মন।
মেৰৰ উপৰে কালী নামে তেতিক্ষণ।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
কালীৰ ছলনা বুলি একেই লেচেৰি।।

দিহাঃ (অনে এ হে) স্বৰ্গেশ্বৰী কাল সেনা
সোমাল মেৰতে (ভাল) সোমাৰ মেৰতে।

পদঃ ঐশান্য কোণাত আছে সিন্দুৰৰ ৰেখা।
তাহাৰ নিকটে কালী ছিদ্ৰ পাইলা দেখা।।
মুখৰ সেপ দিয়া কালী গুচাইলা কৰাল।
কেশ সমান হৈয়া কালী পশিলা ভিতৰ।।
লখাইৰ দক্ষিণ কাষে জ্বলে ঘৃত পাটি।
যেন বালা লখিন্দাৰ বেউলা ৰূপৱতী।।
কঁকালত হেমহাৰ গলে মুক্ত মালা।
গগন উপৰে যেন শোভে চন্দ্ৰকালা।।
লখাইৰ কপালে আছে সিন্দুৰৰ ৰেখা।
হাৰুৱা মেঘৰ তলে চন্দ্ৰ দিলা দেখা।।
তাক দেখি কালীনাগৰ বিচলিত মন।
সকৰুণভাৱে কালী জুৰিলা ক্ৰন্দন।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
কালীৰ ক্ৰন্দন বুলি একেই লেচাৰি।।

দিহাঃ (ওৰে) কান্দে কালীনাগ লখাইৰ মুখ চাই।
কোন সতে দকিম বালাক প্ৰাণ ফুটি যায়।।

পদঃ চুলিকোছা দকিম বালাক দেখিবাক ভাল।
মাথা গোট দকিম বালাৰ ডাব নাৰিকল।।
কপালখন দকিম বালা দ্বিতীয়ৰ জোন।
দুই কৰ্ণ দকিম বালাৰ বাৰে গাছৰ পাণ।।
দুই চকু দকিম বালাৰ আকাশৰ তাৰা।
নাক গোট দকিম বালাৰ সোণৰ পাকাৰা।।
দুই ওঁঠ দকিম বালাৰ মনোহৰ হাসি।
দন্তু দুই পাৰি দকিম বালাৰ মুকুতাৰ পাহি।।
জিভাখন দকিম বালাৰ আলতা বৰণ।
গলগোট দকিম বালাৰ হংসৰ বদন।।
দুই বাহু দকিম বালাৰ যেন শালৰ শিৰি।
দশ আঙ্গলি দকিম বালাৰ চম্পাফুলৰ কৰি।।
বুকুখন দকিম বালাৰ চন্দনৰ পাতা।
পিঠিখন দকিম বালাৰ সুৰুষৰ চাতা।।
ৰাজহাড় দকিম বালাৰ মুধাৰ মাৰলি।
কামিহাৰ দকিম বালাৰ পুতুলা শাৰী শাৰী।।
পেটগোট দকিম বালাৰ অমলা ভাণ্ডাৰি।
নাভিনালা দকিম বালাৰ মলানৰ দাৰি।।
কঁকালখন দকিম বালাৰ অতি বৰ সৰু।
আটিলে মুঠিত লুকে হৰৰ ডম্বৰু।।
দুই তপিনা দকিম বালাৰ দেখিবাক ভাল।
দুই উৰাত দকিম বালাৰ যেন ৰামকল।।
দুই আঠু দকিম বালাৰ সুৱৰ্ণৰ ঘিলা।
দুই ডিমা দকিম বালাৰ যেন কেতেকীৰ দিলা।।
দুই গড়া দকিম বালাৰ ডিমাৰ চোকলা।
দুই পতা দকিম বালাৰ টেঙাৰ বাকলা।।
সকল শৰীৰ লখাইৰ বিচাৰি চাহিলা।
তিলৰ সমান ছিদ্ৰা তাৰ খুজি নাপাইলা।।
ইহাক নাখাইলে যদি পদ্মাই মোক মাৰে।
তথাপি নিদিম কামোৰ লখাইৰ শৰীৰে।।
সৰ্প হৈয়া নসহিল আমাৰ পৰাণে।
লখাইৰ মাৱে বাপে আক সহিব কেমনে।।
দুই দণ্ড ৰাতি আছে গগন উপৰে।
প্ৰভাতে কহিব গৈয়া পদ্মাৰ গোচৰে।।
ঠাট কটকগণ জাগিয়া আছিলা।
লখাইক খাইতে মাতা সময় নভৈলা।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
কালীৰ বচন বুলি একেই লেচাৰি।।

দিহাঃ ঐ আহে কালী হুয়ো সাৱধান ও হায় হায়া।
যি নাম স্মৰণে হয় পাপ বিমোচন।।

পদঃ পদ্মাৰ বচন কালী ভাবিলেক মনে।
লখাইৰ পাৱ স্থানে কালী কৰিলা শয়নে।।
দৈৱৰ নিৰ্ব্বন্ধ হায় নাযায় খণ্ডন।
কালীৰ মাথাত বাজে লখাইৰ চৰণ।।
বেদনা পাইয়া কালী কহে ৰঙ্গ মন।
আপোনাৰ দোষে বেটাৰ হইব মৰণ।।
প্ৰথম লাঠি কালী নাগ ক্ষমিলাহা আগে।
পুনৰ্ব্বাৰ দিলা লাঠি হুইয়া নিদ্ৰা ভাগে।।
সাক্ষী কৰে কালীনাগে যত দেৱগণ।
ব্ৰহ্মা বিষ্ণু হৈবা সাক্ষী কুবেৰ বৰুণ।।
অষ্যটবসু হৈবা সাক্ষী যত দিগপাল।
চন্দ্ৰ সূৰ্য্য হৈবা সাক্ষী কাল যে বিকাল।।
এতেক কহি কালীনাগে সাক্ষী যে কৰিলা।
প্ৰদীপৰ তৈল আনি লেঙ্গূৰ মাজিলা।।
প্ৰতীপৰ জুইত কালী লেঙ্গূৰ সেকিলা।
লখাইৰ কিনা আঙুলিত চিহ্ন এক দিলা।।
যেতিক্ষণে কালী নাগে তৈলক ঢালিলা।
কোমল শৰীৰ লখাইৰ ফুলিয়া উঠিলা।।
পদ্মাক আৰাধি কালী মনে কৰি সাৰ।
লখাইৰ কিনা আঙ্গূলিত মাৰিলা কামোৰ।।
কামোৰ মাৰিয়া তিনি পাক বাগৰিলা।
ওঠৰ তোলা হলাহল শৰীৰে ঢালিলা।।
লখাইৰ হাতত আছিল অধিবাস কটাৰী।
খড়গ পৰি লেজ কাটি থাকিলেক পৰি।।
ৰাম ৰাম বুলি লখাই ছাৰিলেক ডাক।
উঠ প্ৰাণেশ্বৰী বুলি মাতে বেউলাক।।
বিস্তৰ ডাকিয়া লখাই নাপাই সমিধান।
শৰ্য্যাত বসিয়া লখাই জুৰিলা ক্ৰন্দন।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
লখাইৰ কান্দোন বুলি একেই লেচাৰি।।

দিহাঃ (ও কি অহ কি) বেউলা উঠ অহে জাগ
মোৰ প্ৰিয়া, উঠ উঠ জাগ প্ৰিয়া কত নিদ্ৰা যাহ,
মোক খাইলা কালীনাগে চক্ষুমেলি চাহ।

পদঃ তোৰ সম অভাগিনী নাই ৰবিৰ তলে।
অকালতে কৰিলা বাৰী মন্দ তপৰ ফলে।।
নহলেতো মাহ পক্ষ অষ্ট দিন চাৰি।
বিয়াৰ ৰাতি পদ্মাৱতী তোক কৰিলা বাৰী।।
তোৰ ৰূপ দেখি কন্যা দুখ লাগে মনে।
বিধৱা যন্ত্ৰণা কন্যা সহিবি কেমনে।।
শত পুত্ৰৱতী যদি পতিহীনা হয়।
তথাপিতো লোকে তাক অভাগী বোলয়।।
বিষাদ ভাবিয়া লখাই কৰিছে ক্ৰন্দন।
কাল নিদ্ৰা লাগি বেউলাৰ নাহিকে চেতন।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
লখাইৰ ক্ৰন্দন বুলি একেই লেচাৰি।।

দিহাঃ ঐ আৰে কান্দে বালা লখিন্দাৰ।

পদঃ দাৰুণ বিষৰ জালে প্ৰাণ কৰে বিয়াকুল
উঠা প্ৰিয়া মোক দিয়া সমিধান।
তুমি মোৰ প্ৰাণ প্ৰিয়া বিষে মোৰ প্ৰাণ যায়
পুৰোহিতক আনা এতিক্ষণ।।
উঠ প্ৰিয়া জ্বাল বাতি তোৰ চাওঁ ৰূপ কান্তি
মৰি যাওঁ পতি লখিন্দাৰ।
বিষম বিষৰ তাপে উঠিলে মোৰ প্ৰাণ কঁপে
পিতা মাতা নাহিকে আমাৰ।।
উঠা উঠা পানী আনি মুখে মোৰ দিয়া পানী
তাকে খাই শৰীৰ জুৰাওঁ।
উঠা প্ৰিয়া কাঢ়া ৰাৱ ডাক দিয়া আনা মাৱ
মাৱৰ মুখ নয়ন ভৰি চাওঁ।।
ছয় ভাই আছিল মোৰ ছয়ো যেন বিদ্যাধৰ
তাক পদ্মা কৰিলা নিধন।
মাৱে যত শোক পাইলা মোক চাই পাহৰিলা
এবে হইব মাৱৰ মৰণ।।
দুয়ো জনে এক সঙ্গে মেৰত আছিলোঁ ৰঙ্গে
কোন দেৱে বঞ্চিলা আমাৰ।
মৃত্যু কালে প্ৰিয়াতৰে লজ্জায় নামাতা মোৰে
মই মৰিলে দুখ হ'ব তোৰ।।
কাল সৰ্পে খাইলা মোক মাৱৰ হইব দাৰুণ শোক
ই শোকে মাৱে ত্যজিক পৰাণ।
নাৰায়ণ দেৱে কয় সুকবি বল্লভ হয়
নৰায়ণ দেৱৰ সুবচন।।

দিহাঃ ঐ আৰে উঠ কমলমুখী জাগ প্ৰিয়া কত
নিদ্ৰা যাহ সুখে।

পদঃ কিনা আঙ্গূলিত খাইলা কিসে
সৰ্ব্বাঙ্গে ছান্দিলা বিষে
বিষ মোৰ উজান কোবাই
খাৰগাঠি ধৰিলা বিষে নাজানিলোঁ খাইলে কিসে
দাৰুণ বিষে মোৰ প্ৰাণ যায়।।
ডিমাত ধৰিলা বিষে নাজানিলো খাইলা কিসে
কাল বিষ অগনি সমান।।
আঁঠুত ধৰিলা বিষে নাজানিলোঁ খাইলা কিসে
দাৰুণ বিষে পৰাণ বিদাৰে।
যোৰাত ধৰিলা বিষে নাজানিলোঁ খাইলা কিসে
কাল বিষে মৰণ আমাৰে।।
উৰাতত ধৰিলা বিষে নাজানিলোঁ খাইলা কিসে
কাল বিষে মৰণ আমাৰে।।
নাভিত ধৰিলা বিষে নাজানিলোঁ খাইলা কিসে
বিষ যায় পেটত প্ৰবেশ।
পেটে ভৈলা সঞ্চাৰ লখাই দেখে অন্ধকাৰ
খসি পৰে মনোহৰ কেশ।।
বুকুত ধৰিলা বিষে বিষ যায় উজান মুখে
ৰাম ৰাম বোলে লখিন্দাৰ।
কৰত ধৰিলা বিষে বিষ যায় উজান মুখে
লখাই সুমৰে হৰি হৰ।।
গলত ধৰিলা বিষে বিষ যায় উজান মুখে
লখাইৰ হৰাইলা মাত বোল।
দুই কৰ্ণ ধৰে আতি বিষ যায় কৰ্ণ ফাটি
লখিন্দাৰক যমে দিলা কোল।।
তালুত ভৈলেক প্ৰবেশ লখাইৰ ভৈলা আয়ু শেষ
ৰাম নাম চিন্তে লখিন্দাৰ।
সুমৰিয়া হৰিহৰ প্ৰাণ ত্যজে লখিন্দাৰ
ধলি পৰে বিছনা উপৰ।
নাৰায়ণ দেৱে কয় সুকবি বল্লভ হয়
কালীনাগ হৈ গৈলা অন্তৰ।।

দিহাঃ ঐ আৰে অন্তৰ হৈয়া কালীনাগ ৰহিলা আচম্বিতে
আত্মবন্ধন কৰে কালী ঘৰ বাহিৰ হৈতে।

পদ লখাই তেজিলা প্ৰাণ কালীনাগ বিদ্যামান।
থাম্প দিয়া জীউ ধৰে তেতিক্ষণ।।
লখাইৰ জীউ কালী থাম্প দিয়া ধৰি।
সোণৰ সঁফুৰা ভৰাই লৈলা যত্ন কৰি।।
যেহি পথে গৈলা কালী মেৰৰ ভিতৰে।
সেহি পথে বাহিৰ কালী হইলা সত্বৰে।।
আত্মা পাই কালীনাগৰ হৰষিত মন।
আত্মা গোট দিলা নিয়া পদ্মা বিদ্যামান।।
আত্মা পাই পদ্মাৱতীৰ হৰষিত মন।
বেউলাৰ নিকটে গৈয়া দেখাইলা সপোন।।
কত নিদ্ৰা যাহ তুমি বেউলা সুন্দৰী।
চক্ষু মেলি চাহ তোমাৰ স্বামী গৈছে মৰি।।
এত কহি গৈলা পদ্মা আপোন ভৱন।
স্বপ্ন দেখি বেউলাই লভিলা চেতন।।
লখাইৰ গাৱে হাত দিয়া বেউলা চাহিলা।
হিম সম লখিন্দাৰ সৰ্ব্ব গাৱে পাইলা।।
লখাইৰ গাৱে হাত দিয়া পাইলা বৰ ভয়।
নাকত ধৰিয়া চাহে নিশ্বাস নবজায়।।
দুই কৰ্ণ হালি আছে বেউলা দেখয়।
দাৰুণ বিষৰ জালে মুখে লাল বয়।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
বেউলাৰ ক্ৰন্দন বুলি একেই লেচাৰি।।

দিহাঃ অ হে বেউলা কান্দে অভাগী দুখুনী বেউলা
কান্দে (আৰে) প্ৰভো প্ৰভো বুলি বেউলা কান্দে।
তুমি গৈলা যমঘৰে উত্তৰ নিদিলা মোৰে
মৰি গৈলা শহুৰৰ বাদে।।

পদঃ পূজিলোঁ পাৰ্ব্বতী হৰ তোমাক পাইলো বৰ
সদায় পূজিলো দিনে ৰাতি।
আগে সিদ্ধি ভৈলা কাম পাছে বিধি ভৈলা বাম
কপতে বঞ্চিলা পদ্মাৱতী।।
বিধৱা যতেক কৈলা সকলো প্ৰত্যক্ষ ভৈলা
স্বৰূপত লাগিল ব্ৰহ্মশাপ।
কান্দে বেউলা সুন্দৰী মৰিল স্বামী লখিন্দাৰ
স্বামীৰ শোকে মনে পাইবো তাপ।।
বেউলাই বোলে প্ৰহৰীয়া মেৰঘৰ গৈলা চুৱা
জনায়ো গৈয়া শহুৰৰ ঠাই।
নাৰায়ণ দেৱে কয় সুকবি বল্লভ হয়
কালীনাগে খাইলা লখাই।।

দিহাঃ অ হ কি হয় নাৰে; কি আৰে-
কান্দে অভাগী বেউলা।

পদঃ প্ৰভু প্ৰভু বুলি বেউলা কান্দে উচ্চস্বৰে।
দেৱগণে ডাকি বোলে মেৰৰ উপৰে।।
নাকান্দ নাকান্দা তুমি বেউলা সুন্দৰী।
অৱশ্যে পাইবা লখাইক গৈলে দেৱপুৰী।।
বেউলা নুশুনিলা কাণে দেৱগণৰ বচন।
হা প্ৰাণ প্ৰভু বুলি কৰন্ত ক্ৰন্দন।।
উঠা উঠা মোৰ প্ৰভু বালা লখিন্দাৰ।
লোহাৰ মেৰঘৰে বৈলা নিৰ্বন্ধ তোমাৰ।।
অমৃত সমানে প্ৰভু তোমাৰ মুখৰ বাণী।
পুনৰপি নুশুনিলোঁ মই অভাগিনী।।
মোৰ ৰান্ধা অন্ন খাব প্ৰভুৰ গৈলা মন।
মই বাধা দিলো তাক নকৰি ৰন্ধন।।
এইসে দাৰুণ দুখ ৰহিলা আমাৰ।
সি কাৰণে প্ৰভু মোক নেদহ উত্তৰ।।
মদনে পীড়িত হইয়া চাহিলা আলিঙ্গন।
লজ্জাৰ কাৰণে প্ৰভু নুতুষিলোঁ মন।।
সুৰাসুৰ চন্দ্ৰ সূৰ্য্য দেৱ ঋষিগণ।
তব ৰূপ দেখি প্ৰভু লজ্জা ভৈলা মন।।
হেনয় যৌৱন ৰূপ কাল ভৈলা মোৰে।
ৰাহুই গিলিলা যেন পূৰ্ণ শশধৰে।।
সুকবি নাৰায়ণ দেৱৰ সুৰুস পাচালি।
বেউলাৰ ক্ৰন্দন বুলি একেই লেচাৰি।।

দিহাঃ অ মোৰ হৰি না লো কি ওৰে ভাল-
কান্দে অভাগী বালা।

পদঃ বেউলাৰ ক্ৰন্দনে বৃক্ষৰ পাত সৰে।
পাথৰ ফাটয় যেন মেদিনী বিদাৰে।।
মহা শোকে বহে দুই নয়নৰ পানী।
বৃক্ষসব ভাঙি পৰে বেউলাৰ ক্ৰন্দন শুনি।।
কোকিলৰ ধ্বনি যেন বেউলাৰ ক্ৰন্দন।
শুনিয়া ওপজে দুখ শুনে যিবা জন।।
স্বামী ব্ৰহ্মা স্বামী বিষ্ণু স্বামী মহেশ্বৰ।
স্বামী বিনে স্ত্ৰীলোকৰ গতি নাহি আৰ।।
আকাশত চন্দ্ৰ নাই নিজিলিকে তাৰা।
যিটো নাৰীৰ পুৰুষ নাই জীৱিততে মৰা।।
শত পুত্ৰৱতী যদি পতিহীনা হয়।
তথাপিতো লোকে তাক অভাগী বোলয়।।
বিষাদিত ভাবে কান্দে বেউলা সুন্দৰী।
অন্তেষপুৰে থাকি শুনে সনেকা সুন্দৰী।।
ক্ৰন্দন শুনিয়া সোণাই সচকিত মন।
বিছনাৰ উপৰে সোনাই বসিলা তেখন।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
সোণাইৰ বচন বুলি একেই লেচাৰি।।

দিহাঃ ঐ আৰে বেউলাৰ ক্ৰন্দন শুনি সচকিত
সাধুবাণী, তাতে সোণাই পাইলেক চেতন।

পদ

সোণাই বলে ওৰে সাধু ক্ৰন্দন কৰিছে বধু
মেৰে শুনা ক্ৰন্দনৰ ধ্বনি।
সোণাই বোলে প্ৰাণেশ্বৰ কান্দে বধু একালচৰ
পুত্ৰক খাইলা ই কালী নাগিনী।।
চান্দই বোলে ওৰে সোণাই তোমাৰ কিছু বুদ্ধি নাই
তোমাৰ মনে কিছু নাহি জ্ঞান।
পুত্ৰ বধু দুই যুৱা মেৰত কৰিছে কিবা
তাতে তুমি কেনে পাতা কাণ।।
চান্দই যতেক কৈলা সোণাইৰ মনে নধৰিলা
উঠি সোণাই দিলেক লৱৰ।
লৰ দিয়া সোণাই যাই ঠাই ঠাই আছাৰ খাই
লৰি গৈলা মেৰৰ দুৱাৰে।।
নাৰায়ণ দেৱে কয় সুকবি বল্লভ হয়
পুত্ৰ পুত্ৰ বুলি সণে ডাকে ঘনে ছাৰে।।

দিহাঃ অহে মোৰ হৰি না ল কি ওৰে ভাল
সোণাই কান্দে বাচা লখাই।

পদঃ ক্ৰন্দন শুনিয়া সোণাই দিলেক লৱৰ।
চুলি নাহি বান্ধে সোণাই নিপিন্ধে কাপোৰ।।
পুত্ৰ পুত্ৰ বুলি সোণাই বুকে মাৰে ঘাও।
চাৰি দণ্ড মান সোণাইৰ মুখে নাহি ৰাও।।
চাৰি দণ্ড মান সোণাই পৰিয়া আছিলা।
কত বেলি সনেকাই কিছু সুস্থ ভৈলা।।
দুৱাৰ খসাইলা সোণাই আনিয়া কমাৰ।
ধৰা ধৰি কৰি লখাইক উলাইলা বাহিৰ।।
খসাই পেলাইলা লখাইৰ কঁকালৰ হাৰ।
টান দিয়া ছিঙ্গিলেক আনো অলঙ্কাৰ।।
কপাল ফালিয়া দেখে কি লেখিয়া বিধি।
কি দোষে কাঢ়ি নিলা কোলাৰ নিধি।।
আকাশ ভাঙ্গিয়া যেন পৰয় ভূমিত।
স্বৰ্গ হন্তে চন্দ্ৰ খহি পৰে আচম্বিত।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
সোণাইৰ ক্ৰন্দন বুলি একেই লেচাৰি।।

দিহাঃ এ হে আ হা পুতাই বুলি কান্দে মা,
ও মাৱ কান্দে আলৰে ভাল।

পদঃ কাৰ ধন হৰিলোঁ কাহাৰ শিলখন।
কাৰ পুত্ৰ বিষ খুৱাই বধিলোঁ পৰাণ।।
কাহাৰ ঘৰত মই লগালোঁ অগনি।
সেই পাপে খাইলা বেটাক ই কাল নাগিনী।।
কাৰ চাল হন্তে মই কুমুৰা কৰিলোঁ চুৰি।
সেই পাপে মোৰ সাত পুত্ৰ গৈলা মৰি।।
কাৰবাৰ মই চুৰি কৰিলোঁ জালুকীয়া পাণ।
সাত পুত্ৰ মাৰি মোৰ বুকে দিলা হান।।
কাৰবাৰ মই তেমি হন্তে চুৰি কৰিলোঁ চূণ।
সাত পুত্ৰ মৰি বোৱাৰীৰ ৰূপে বিন্ধে ঘুণ।।
কাহাৰ দন্দত মই কইলো মিছা সাক্ষী।
সেই পাপে মৰিল বেটা দৈবে নাৰাখি।।
বাচাৰ কাৰণে মোৰ মিছা গৃহবাস।
কাল ৰূপে মনসাই কৈলা সৰ্ব্বনাশ।।
তোমাৰ কাৰণে বাচা শূন্য কৈলা পুৰি।
তোমাৰ মৰণে শূন্য চম্পক নগৰি।।
সুন্দৰ শৰীৰ বধুৰ কিছু দোষ নাই।
কুলৰ বধূৰ দোষে নমৰে লখাই।।
বক্ষস্থল সুৱলিত পিঠি নুই উচ্চ।
হংস গমন নহে খৰেমা চৰণ।।
কাণা হইলো মই দুই চক্ষু থাকোঁতে।
এহেন সুন্দৰ বোৱাৰী ৰাখিবো কিমতে।।
চিতাক সাজিবো আজি গুঞ্জৰীৰ তীৰে।
পুত্ৰ কোলে লৈয়া উঠি চিতাৰ উপৰে।।
ত্ৰিভুবন জুৰি আজি ৰাখিব খিয়াতি।
মাৱে যে পুৰিয়া মৰে পুত্ৰৰ সংহতি।।
লখাইৰ মুখত সোণাই মুখে গুজি ধৰি।
বিলাপ কৰিয়া কান্দে সনেকা সুন্দৰী।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
সোণাইৰ ক্ৰন্দন বুলি একেই লেচাৰি।।

দিহাঃ ঔ পুতাই জাগো লখিন্দাৰ দেহ বাচা উত্তৰ
কেনে বাচা নাচাহ চক্ষু মেলি।

পদঃ বাচা মোৰ সুবোধ নাজানে বিৰোধ
কাঢ়ি নিলা কোলাৰ ছোৱালী।
মোৰ পুত্ৰ ছয়জন ৰূপে গুণে সুশোভন
বুদ্ধিত যেন বৃহস্পতি।
একে একে সকলোৱে গৈলা সবে যমালয়ে
বিবাদ কৰিলা পদ্মাৱতী।।
সংসাৰৰ ভিতৰে এত দুখ ভৈলা মোৰে
হৃদয়ে ৰহিলা মোৰ শেল।
নাৰায়ণ দেৱে কয় সুকবি বল্লভ হয়
কান্দে সোণাই হুইয়া বিকল।।

দিহাঃ অ পুত্ৰ মোৰ লখাইৰে মাণিক বাচাৰে ভাল।

পদঃ সোণাইৰ ক্ৰন্দনে সখীগণে কৰে ৰোল।
চম্পক নগৰ জুৰি ভৈলা গণ্ডগোল।।
ক্ৰন্দন শুনিয়া তথা চান্দই দিলা লৰ।
হেমতালৰ বাৰি লৈলা কান্ধৰ উপৰ।।
পুত্ৰ গোট মৰি আছে দেখিলেক পাছে।
বিচাৰি চাহিলা সাপ কৈত লুকাই আছে।।
বিচাৰিয়া কাণীৰ যদি পাওঁ এক সাপ।
তবে দূৰে যায় মোৰ সাত পুতাইৰ তাপ।।
বিচাৰিয়া চন্দ্ৰধৰে নাগক নাপাইলা।
পুত্ৰৰ মুখ চাই চান্দই সন্তাপ কৰিলা।।
সাত পুত্ৰ মৰিল মোৰ খণ্ডিল জগৰ।
চূণ চাই দিম কাণীৰ চকুৰ উপৰ।।
সোণাইৰ ক্ৰন্দনে মহী কৰে থকবক।
চান্দৰ ক্ৰন্দনে কান্দে সকলো কটক।।
বেউলাৰ ক্ৰন্দনে কান্দে যত সখীগণ।
বনিয়াৰ কুল কান্দে হুইয়া সকৰুণ।।
ক্ৰন্দন সামৰি স্থিৰ ভৈলা চন্দ্ৰধৰ।
ওজাক আনিতে যান্ত পাছে অনুচৰ।।
চান্দ বোলে শুনা লেঙ্গা আমাৰ বচন।
ধন্বন্তৰীৰ পুত্ৰক আনা লখাইৰ কাৰণ।।
যদি জীয়াইতে পাৰে সুন্দৰ লখিন্দাৰে।
অৰ্দ্ধৰাজ্য ভাগ কৰি দিবোহো তাহাৰে।।
চান্দৰ বচনে লেঙ্গা লৱৰিয়া গৈলা।
মহা বেগ দিয়া যাই ওজাৰ পুৰি পাইলা।।
লেঙ্গাই বোলে শুনা ওজা আমাৰ বচন।
ৰাজ আজ্ঞা ভৈলা তুমি কৰহ গমন।।
দূত মুখে বাৰ্ত্তা পাই ওজাৰ কুমাৰ।
ঔষধ লইয়া ওজা হইলা আগুসাৰ।।
কোন মন্ত্ৰে জাৰিব সন্ধান নাই চিতে।
আসিয়া মিলিলা ওজা চান্দৰ নিকটে।।
মাটিত গণিয়া চাইলো নিজীৱে সহজে।
নিজীৱেক লখিন্দাৰ মোৰ মন্ত্ৰ তেজে।।
বিয়াৰ ৰাত্ৰি সাপে খাইছে গণি চাইলো কড়ি।
তব প্ৰাণ পুত্ৰ লখাই জীয়াইতে নপাৰি।।
ওজাৰ মুখত শুনি নিষ্ঠুৰ বচন।
পুত্ৰ কোলে লৈয়া চান্দ কৰিলা ক্ৰন্দন।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
চান্দৰ ক্ৰন্দন বুলি একেই লেচাৰি।।

দিহাঃ এ হে মোৰ চান্দ কান্দে, ঐ ৰাম বিষাদ
ভাবিয়া, নমৰিয়া ৰৈলোঁ কেনে মই অভাগিয়া।

পদঃ পুত্ৰ মৰিল বুলি যদি খোতা দিয়ে কাণী।
তাইৰ যতেক খোতা আমি বাল জানি।।
পুষ্পবনে উপহাস কৰিলা শঙ্কৰে।
সেই ঘোষণাক মই জানো সাৰে সাৰে।।
হাচেনে হুচেনে তাইক কৰিলেক ৰণ।
মোৰ ঘৰত মাৰিলে বেটীক একেডাল টাঙ্গন।।
যদি কাণীক মই লগ পাওঁ একবাৰ।
একে কোবে সুজিম বেটীক সাতো পুত্ৰৰ ধাৰ।।
সাত পুত্ৰ মৰিল মোৰ খণ্ডিল আপদ।
লাণ্ডা মুণ্ডা হলোঁ কাণীক চাপি কৰিম বাদ।।
চণ্ডিকাৰ আজ্ঞা লৈয়া কাটিবো কাণীৰে।
তুষ্ট কৰি আছোঁ মই হৰ যে গৌৰীৰে।।
চান্দ বোলে শুনা লেঙ্গা আমাৰ উত্তৰ।
মৰা ভাসাইসা দেহ গুঞ্চৰী সাগৰ।।
বেউলা বোলে সদাগৰ বুদ্ধি নাহি ঘটে।
স্বামীৰ সহিতে মই পৰিবো সঙ্কটে।।
ভালমতে ভেল বান্ধি দেহ যত্ন কৰি।
মৰা স্বামী লৈয়া যাওঁ দেৱতাৰ পুৰী।।
শহুৰৰ আগে যাইতে বৰ লজ্জা পাই।
কহিতে লাগিলা বেউলা মালাকৰৰ ঠাই।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
বেউলাৰ বচন বুলি একেই লেচাৰি।।

দিহাঃ অ এ হে বেউলা বোলে শুন মালী কহো তোমাৰ ঠাই
ভেল বান্ধি দেহ মোকে প্ৰভু লৈয়া যায়।

পদঃ ছয় মাহ ভাসিম মই জলৰ উপৰ।
ভালমতে ভেল বান্ধি দিয়াহে সত্বৰ।।
বেউলাৰ বচনে মালী চলিলা সত্বৰে।
খুজিলেক কল চন্দ্ৰধৰৰ গোচৰে।।
চন্দ্ৰধৰে বোলে মোৰ মৰিল সাতবেটা।
তাহাত অধিক এক কল গৈলে কাটা।।
একডালি কলে পাওঁ দশ বিশ কড়ি।
কলক বেচিয়া ধন থৈব যত্ন কৰি।
কলক বেচিয়া ধন যত্ন কৰি থৈব।
বৃদ্ধ সময়ে ধন ভাঙ্গি ছিঙ্গি খাইব।।
শহুৰৰ মুখে শুনি নিষ্ঠুৰ বচন।
আপোনাৰ হাতৰ খসাই দিলেক কঙ্কণ।।
কঙ্কণ দেখিয়া বোলে চান্দ অধিকাৰী।
কদাচিতো বধূ মই তোমাক নেদো ছাৰি।।
সাপে খোৱা বেটাৰ বাবে দয়া নাইকা মোৰ।
শিলা বান্ধি ফেলে দিয়া গু়ঞ্জৰি সাগৰ।।
শহুৰৰ মুখে শুনি এতেক বচন।
স্বামী কোলে লৈয়া বেউলা জুৰিলা ক্ৰন্দন।।
সুকবি নাৰায়ণ দেৱৰ মধুৰ বচন।
জয়ধৰে চন্দ্ৰধৰক বুলিলা বচন।।

দিহাঃ মনাই ৰাম বল, বদন হৰি বল।

পদঃ জয়ধৰে বোলে দাদা শুনহ বচন।
এনুৱা নিষ্ঠুৰ কথা কহা কি কাৰণ।।
লখিন্দাৰ হেন পুত্ৰ ঢলিয়া পৰিছে।
ইহেন সুন্দৰ বধু তাৰ কাষে আছে।।
যদি জীয়াইবে পাৰে সুন্দৰ লখাই।
তবেতো এনুৱা শান্তি ত্ৰিভুৱনে নাই।।
কালি বিয়াৰ ৰাতি তেওঁ হৈ আছে বাৰী।
অপযশ নাৰাখিবা ত্ৰিভুৱন জুৰি।।
পদ্মাৰ সহিতে দন্দ কোন প্ৰয়োজন।
চাৰি পাঞ্চ কল তোমাৰ কত কড়িৰ ধন।।
ভালমতে ভেল বান্ধি দিয়া যত্ন কৰি।
মৰা পুত্ৰ লৈয়া যাক দেৱতাৰ পুৰি।।
দেৱপুৰে নিয়া বেউলাই লখাইক জীয়াইব।
লখাইক জীয়াই পুনু চম্পকে আসিব।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
জয়ধৰৰ বচন বুলি একেই লেচাৰি।।

দিহাঃ দুই হাত যোৰ কৰি বোলে বেউলা সুন্দৰী
চাই দুই শহুৰ শাহুৰী।

পদঃ নাভাবিবা ভয় লাজ কহিলোঁ সমাজ মাজ
আপুনি যাইবো দেৱপুৰে।
মই যাম দেৱপুৰি ক'ম পদ্মাক কৰযুৰি
নিবেদন কৰোঁহো তোমাৰে।।
জীয়াইবো নিজ পতি ভাইশহুৰ সহিতি
পুনু আসিম চম্পক নগৰে।
ডাকিয়া বুলিয়া চান্দ যত্ন কৰি ভেল বান্ধ
ভাহে দিয়া বেটাক সাগৰে।।
বধূক নেদিব এৰি কহিলোঁ মই নিষ্ঠ কৰি
সত্য জানিবা সাৰে সাৰ।
নাৰায়ণ দেৱে কয় সুকবি বল্লভ হয়
কহে পদ্মা মনসা কিঙ্কৰ।

দিহাঃ ঐ আৰে লৈয়ো গোৱিন্দৰ নাম ও ভাই
যাৱত চেতন থাকে, হৰিৰ নাম নলৈ ভাই
নমৰা বিপাকে।

পদঃ তুমি সদাগৰ তোমাৰ বুদ্ধি নাহি ঘটে।
প্ৰভূৰ সহিতে মই পৰিবো সঙ্কটে।।
নাৰীবধ পাপ সম নাহিকে সংসাৰে।
বিদায় দিয়া যাওঁ শহুৰ দেৱতাৰ পুৰে।।
আপুনি পুুৰুষালি কৰি জীয়াইবো পতি।
তেবেসে জানিবা বাপ আমি যেন সতী।।
ছয় ভাইশহুৰ জীয়াম ধনন্তৰী বেজ।
তেবেসে জানিবা বাপ সতীৰ কি তেজ।।
সত্তৰ হাজাৰ বাইচা চৈধ্যখানি নাও।
যদি কৃপা কৰে মোক পদ্মাৱতী মাও।।
সোমাই ব্ৰাহ্মণ আৰো তেৰ যে চাকৰ।
ধন জন যত আছে নৌকাৰ উপৰ।।
বেউলাৰ মুখে শুনি ৰাজা চন্দ্ৰধৰ।
সকৰুণ জ্ঞাতি ভাইক বুলিলা কাতৰ।।
তোমাসবে অনুমতি দিয়া বাপ ভাই।
বিদায় দেওঁ য়াক বধু দেৱতাৰ ঠাই।।
জ্ঞাতিগণে বোলে শুনা ৰাজা চন্দ্ৰধৰ।
বিদায় দিয়া যাক বধূ দেৱতা নগৰ।।
জ্ঞাতি স্থানে অনুমতি পাইয়া চন্দ্ৰধৰ।
বিদায় দিলো যাক বধূ দেৱতাৰ পুৰ।।
শহুৰৰ আগে বেউলা অনুমতি পাই।
বিদায় হুইয়া যাই শাহুৰীৰ ঠাই।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
বেউলাৰ বিদায় বুলি একেই লেচাৰি।।

দিহাঃ ঐ আৰে শাহুৰীৰ চৰণে ধৰি, বিদায় মাগে
সুন্দৰী, সকৰুণ কৰয় ক্ৰন্দন।

পদঃ ছয় যে মাসক লাগি তোমাক বিদায় মাগি
অবাগিনী যাওঁ দেৱৰ ভৱন।
দণ্ডৱতে পৰি পৰি বিদায় মাগে সুন্দৰী
সকৰুণে কৰয় ক্ৰন্দন।।
শুনা আই কহো আমি যাৱত নিজীয়ে স্বামী
তাৱত অন্ন নকৰোঁ ভোজন।
শুনিয়া বেউলাৰ বাণী সোণাই কহিলা গুণি
শুনা বাচা আমাৰ বচন।
পুত্ৰ কৰ্ম্ম দোষে গৈল অপযশ লোকে ৰৈল
হেন কথা কহা কি কাৰণ।।
কোন সাউদ সদাগৰে জলে লাগ পাইলে তাক
নৌকায় তুলি নিব ৰঙ্গ মনে।
জলে ফেলি লখিন্দাৰ তই যাবি তাৰ ঘৰে
খাইব বাচাক শৃগাল শগুণে।।
শুনিয়া সোণাইৰ বাণী বেউলা কহিলা গুণি
আমাৰ সত্য কোনে নষ্ট কৰে।
যিবা বোলে লঘু হীন তাৰ নাই শুভ দিন
নিশ্চয় মৰণ হৈব তাৰ।।
ছয় ডাক মাতি আনি কহিতে লাগিলা বাণী
তোমাসবে নাভাবিবা দুখ।
তুষ্ট হুয়া বিদায় দিয়া যাওঁ মই প্ৰভু লৈয়া
সকলে দেখিবা প্ৰভু মুখ।।
বিয়াৰ ৰাত্ৰি হৈয়া বাৰী ভয় লজ্জা পৰিহৰি
অভাগিনী যাওঁ দেৱপুৰে।
নাৰায়ণ দেৱে কয় সুকবি বল্লভ হয়
কহে দেৱী মনসা কিঙ্কৰে।।

দিহাঃ এ হে ইবাৰ তাৰিয়ো ভগৱান ও হৰি
নাজানো কিমতে পৰিত্ৰাণ।

পদঃ শাহুৰীৰ আগে বেউলা বুজিয়া প্ৰকাৰ।
পৰীক্ষা ৰাখিয়া যায় সত্য বুজিবাৰ।।
এক তোলা তেলে ছয় মাহ জলে বাতি।
তথাপিতো নুটুটিব তেল এক ৰাতি।।
আৰো এক দিওঁ মই সত্যৰ প্ৰমাণ।
মেৰৰ ভিতৰে মই বুবো উহা ধান।।
যিখনে ফেলাইবো ধান সিখনে গজিব।
তেবেসে সতীৰ মোৰ পৰীক্ষা বুজিব।।
ভুইচম্পা ফুল বেউলা আনিলা উভাৰি।
শাহুৰীৰ হস্তে দিলা বেউলা সুন্দৰী।।
এই ফুল মৰি যদি গন্ধ হয় নাশ।
তেবেসে জানিবা মোৰ সত্য হইব নাশ।।
লোহাৰ তণ্ডুলে জল আছিলেক ভৰি।
খুতিয়াত তুলি দিলা বেউলা সুন্দৰী।।
বিনা জুই যদ্যপি হাৰিত ভাত ভাঁহে।
তেবেসে জানিবা মাতা বেউলা ঘৰে আহে।।
মেৰৰ দুৱাৰে দেখা আটোপ টঙ্কাৰ।
আপোন গুণে মেল খাব মেৰৰ দুৱাৰ।।
বেউলাৰ পৰিণয় বচন শুনিলা।
হেন কথা সনেকাই চান্দত কহিলা।।
সোণাই বোলে পূৰ্ব্ব কথা তুমি পাহৰিলা।
পুত্ৰৰ বিবাহে বধূৰ লক্ষণ চাহিলা।।
হৰাইলে বস্তু পাইব জীয়াইবে মৰা।
কৰাইব বিবাহ এত লক্ষণেৰ যাৰা।।
জীয়াইতে পৰিব লখাইক হেন লয় মনে।
বিদায় দিয়া যাক বধূ দেৱতা ভূৱনে।।
সনেকাৰ মুখে শুনি ৰাজা চন্দ্ৰধৰ।
আজ্ঞা দিলা মালাকৰে ভেল বান্ধিবাৰ।।
সুকবি নাৰায়ণ দেৱৰ সৰস পাচালি।
ভেলৰ সাজন বুলি একেই লেচাৰি।।

দিহাঃ এ গৌৰাই সাজে ও হৰি পতিত পাৱন।

পদঃ ভাল ভাল কল গাছ কাটিলা বিস্তৰ।
সজাই দিলা ভেলাখান চান্দসদাগৰ।।
সুৱৰ্ণৰ খিলি আনি তাহাত মাৰিলা।
চাৰি কাষে সোণাৰ পুতিলা চাৰি খুটি।
ধৱল বস্ত্ৰ দিয়া বান্ধে চালৰ চেউতি।।
উপৰে বান্ধিলা ঘৰ দেখিতে সুন্দৰ।
চন্দ্ৰ সূৰ্য্য লেখি দিলা তাহাৰ উপৰ।।
মইৰা বিছনি দিলা ৰাৱাল কুকুৰা।
ভেলৰ চাৰি কাষে দিলা ৰাখিবাৰ মৰা।।
সুৱৰ্ণৰ খাট দিলা লখাই ঘুমাবাৰ।
মহৰি তানিয়া দিলা তাহাৰ উপৰ।।
সজাই দিলা ভেলখন দেখিতে সুন্দৰ।
জল মধ্যে ভাঁহে যেন আমতৰী খন।।
মালীয়ে কহিলা শুনা বেউলা সুন্দৰী।
ভেল সাজন ভৈলা তুলি চলা দেৱৰ পুৰী।।
দেৱপুৰ যাইবে বেউলা হৰষিত ভৈলা।
গলে ধৰি সনেকাই কান্দিবে লাগিলা।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
সোণাইৰ ক্ৰন্দন বুলি একেই লেচাৰি।।

দিহাঃ এ বেউলা, তুমিহে, এ বেউলা তুমি নাযাবা
দেৱৰ পুৰী।

পদঃ পুত্ৰৰ কাৰণে নসয় পৰাণে
কিমতে ভাঁহাই দিব তোক।
গুঞ্জৰি সাগৰে ভাঁহাই দিব তোকে
জ্ঞাতিলোকে হাঁহিবেক মোক।।
মৰাৰ বিধান যত দান যজ্ঞ কৰা ব্ৰত
আজ্ঞা দিয়া মৰা পুৰিবাৰ।
কোনবা সাউদ সদাগৰে জলে লাগ পাব তোৰে
নৌকায় তুলি নিব ৰঙ্গমনে।।
জলে পেলায় লখিন্দাৰ তই যাবি তাৰ ঘৰ
খাইব বাচাক শৃগাল শগুণে।
শুনিয়া সোণাইৰ বাণী বেউলা কহিলা গুণি
আমাৰ সত্য কোনে নষ্ট কৰে।।
যিবা বোলে লঘুহীন তাৰ নাই শুভ দিন
শাপি নষ্ট কৰিবো তাহাৰে।
শুনিয়া বেউলাৰ বাণী আজ্ঞা দিলা ৰাজৰাণী
লখাইক লৈয়া যাহাতে কল্যাণ।
নাৰায়ণ দেৱে কয় সুকবি বল্লভ হয়
নাৰায়ণ দেৱৰ সুবচন।।

দিহাঃ এ হে মোৰ কানায়া ৰে আজি বৃন্দাবনৰ
মাজে এ ঘনে বাজে।

পদঃ কাটা তামোল পাণ বেউলাই পেলাইলা ঢালিয়া।
কালীৰ লেঙ্গূৰ লৈলা সফুৰাত ভাৰায়া।।
বেউলাৰ সঙ্গক লাগি আসিল ৰতি ধাই।
ডাক দিয়া বোলে ৰতি কৈক যাহ আই।।
আমাক এৰিয়া কোথা যাইবা সুন্দৰী।
তোমাৰ বাপে তোমাৰ সঙ্গে দিছিল দাসী কৰি।।
বেউলাই বোলে শুনা আমাৰ ৰতি ধাই।
এই কথা কৈবা গৈ কালি মাইৰ ঠাই।।
নাৰীকুলে জন্ম মই বেউলা লভিলো।
এক ৰাত্ৰি স্বামীৰ সঙ্গে সুখে নবঞ্চিলো।।
নহলেক মাহ পক্ষ অষ্ট দিন চাৰি।
বিয়াৰ ৰাত্ৰি পদ্মাৱতী মোক কৰিলে বাঁৰী।।
এতেক শুনিয়া চলি গৈলা ৰতি ধাই।
লখাইক লৈয়া বেউলা ঘাটৰ কাষে যায়।।
টান দিয়া ভেলখন আনিলা ওচৰে।
লখিন্দাৰক তুলি লৈলা ভেলৰ উপৰে।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
বেউলৰা চলন বুলি একেই লেচাৰি।।

দিহাঃ ঐ আৰে সঙ্গে লৈয়া লখিন্দাৰ হা আৰে
ভাসে বেউলা সুন্দৰী।

পদঃ ধৰ্ম্ম ধৰ্ম্ম বুলি বেউলা ধৰ্ম্ম আৰাধিলা।
ধৰ্ম্মৰ নামে বেউলাই পাৰ মেলিলা।।
লখাইৰ শিথানে বেউলাই বসিলা চাপিয়া।
লখাইৰ মাথাগোট লৈলা উৰাতে তুলিয়া।।
বেউলা বোলে হওঁ যদি পতিব্ৰতা নাৰী।
আপুনি উজাই ভেল যাব দেৱপুৰী।।
সতী বাক্যে ভেলখন আপুনি চলি যায়।
পাৰৰ উপৰে বসি সবে ৰঙ্গ চাই।।
চম্পক এৰায়া যাই মথুৰা নগৰ।
কহে দেৱ নাৰায়ণ মনসা কিঙ্কৰ।।

দিহাঃ এ বাচা বেউলাৰে এ শূন্য কৰিলি
আমাৰ পুৰী।

পদঃ কেহো কোহো নাৰী সবে জোকাৰ মঙ্গল কৰি।
কত কত জনে দিলা ডগৰত বাৰি।।
ঘৰ বাৰি ছাৰি কত কুলৰ বনিতা।
কোলাৰ ছোৱাল সবে পেলাইলা ভূমিত।।
কেহো চুলি বান্ধে কেহো বান্ধিতে নাপাৱে।
পিন্ধন বসন কেহো তাক নসম্বৰে।।
বুঢ়া বুঢ়ীগণ যায় পুত্ৰৰ কান্ধে চৰি।
বাৰ্ত্তা পাইলা বেউলা যাই দেৱপুৰী।।
প্ৰজাগণে ৰঙ্গ চাই বসি শাৰী শাৰী।
পক্ষীগণে ৰঙ্গ চাই আকাশত উৰি।।
পাক সব চেৰাই যাই বেউলা সুন্দৰী।
অন্তৰীক্ষে দেখে পদ্মা ৰথে ভৰ কৰি।।
পদ্মা বোলে শুনা নেতা আমাৰ বচন।
উপায় কৰিয়া মৰাশৱ কাঢ়ি আন।।
উপায় কৰিয়া যদি মৰাক ৰাখিব।
দেৱপুৰে নিয়া বেউলাই কাহাক জীয়াব।।
কাউৰ শগুণ বৈনী হউক যত নাগ।
এই ৰূপ ধৰি যোৱা বেউলাৰ আগ।।
শগুণ বুলিয়া পদ্মা হুঙ্কাৰ মাৰিলা।
শগুণ স্বৰূপে নেতা আগুসাৰ দিলা।।
সঘুণে বোলে বেউলা শুনহ বচন।
মৰাগোট দিয়া আমাক কৰোহো ভক্ষণ।।
আঠ দিনা উপবাসী আমি যেন মৰো।
সতী কন্যা দেখি ভিক্ষা মই আশা কৰো।।
উপবাসী জনক যিবা দিয়ে ফল দান।
তাৰ ফলে কতকাল থাকে স্বৰ্গ স্থান।।
খুজিলে নিদিবা যদি খাইবো কাঢ়িয়া।
কোন স্থানে যাইবি কন্যা ইহাত ছাৰিয়া।।
এহি বুলি শগুণে দুই পাখা মাৰে।
বৰ ঠোঁট মেলি আহি বেউলাক আগুৰে।।
ভয় পায় বেউলা নাপাৰে এইবাৰ।
পদ্মাৰ দোহাই দিলা তিনি সাতবাৰ।।
পদ্মাৰ দোহাই শুনি শগুণ গৈলা উৰি।
আগ ঘাটে ৰৈলা যাই শৃগাল ৰূপ ধৰি।।
মৰাৰ গোন্ধ পাই শৃগালে ডাক ছাৰে।
ভয়যুক্ত ভৈলা বেউলা ভেলৰ উপৰে।।
নক্ষত্ৰ সঞ্চাৰে বেউলাৰ ভেলৰ চলন।
শিয়ালৰ পাকে ভেল দিলা দৰিশন।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
শিয়ালৰ কথা বুলি একেই লেচাৰি।।

দিহাঃ অ হ ভাইৰে ভাই এ ভাইৰে ভাই নৰতনু
দেখা জলে ভাঁহি যায়।

পদঃ শিয়ালে বোলে বেউলা শুনহ বচন।
মৰাগোট দিয়া আমাক কৰহো ভক্ষণ।।
মৰা সহিতে কেনে ভুঞ্জাহা নিকাৰ।
মৰা দিয়া ভজা কন্যা সুন্দৰ ভতাৰ।।
মৰাসঙ্গে যাহ কন্যা মনে নাহি ডৰ।
স্বামী মৰে স্বামী ভজে শূদ্ৰ ব্যৱহাৰ।।
আক শুনি বেউলাই কান্দে মকমক।
বনপশু হৈয়া নিন্দা কৰাহা আমাক।।
স্বৰূপত শিয়ালী মই তোক দেওঁ বৰ।
আজি হন্তে হৈব তোৰ শতেক ভতাৰ।।
এক দিনাই ভজিবি তই দশ বিশ পতি।
কিবা ধৰ্ম্ম জ্ঞান জানা পশু পক্ষীজাতি।।
খাল জল ভাঙ্গি তই ফুৰিবি চেঞ্চাই।
কিবা ইষ্ট কিবা মিত্ৰ কিবা বাপ ভাই।।
চোৰ ধৰ্ম্ম ধৰি তই চুপিয়া থাকিবি।
গৃহস্থে দেখিলে মাত্ৰ লৱৰি পলাবি।।
জন্মৰ লাঙ্গটা তোৰ নহব বসন।
মৃতকৰ তেজ মাংস কৰিবি ভক্ষণ।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
শিয়ালীৰ কথা বুলি একেই লেচাৰি।।

দিহাঃ এ হে হে শিয়ালী বোলে বেউলা শুন
কতা মন দিয়া।

পদঃ মৰা খাইবাক লাগি স্ৰজিলা বিধাতা।
তুমি উপহাস কৰা হই পতিব্ৰতা।।
বেউলা বোলে হয় তই মৰাৰ অধিকাৰ।
ইটো মৰা নুযুৱাই তোৰ খাইবাৰ।।
মৰা স্বামী সঙ্গে মই দেৱপুৰে যাম।
হৰষিত হৈয়া মই প্ৰভুক জীয়াম।।
শিয়ালী বোলে বেউলা শুনহ বচন।
শান্তী কন্যা হৈ মিছা মাতা কি কাৰণ।
ছয় মাস লাগিব যে যাইবে দেৱপুৰ।
মাংস সব খসি লখাইৰ হাড়া হৈব চূৰ।।
বেউলা বোলে যদি প্ৰভুৰ এক হাড় থাকে।
জীয়াই আনিম প্ৰভুক দেৱতাৰ আগে।।
বেউলা বোলে শুনা প্ৰভু দেৱতা শিৱয়।
তোমাৰ চৰণ বিনে অন্য গতি নাই।।
শিৱৰ দোহাই শুনি শৃগাল গৈল বনে।
সিটো পাক গৈলা বেউলা বিজয় গমনে।।
ৰাখিবাক নাপাৰিলা শিৱৰ কুমাৰী।
আগ ঘাটে ৰৈলা গৈ দোকানী ৰূপ ধৰি।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
দোকানীৰ কথা বুলি একেই লেচাৰি।।

দিহাঃ অ হ ৰে দোকানী বোলেৰে এ হে কাষৰি চাপাও ভুৰ;
ও হায় হায়, কাৰ ঘৰৰ সুন্দৰ কন্যা, ঘৰ কিমান দূৰ।

পদঃ মৰাগোট ফেলাও কন্যা যাওক ভাসিয়া।
নানা অলঙ্কাৰ পিন্ধা দোকানে বসিয়া।।
কুলত উত্তম আমি বৈশ্যৰ নন্দন।
ধৰ্ম্মৰ দোকান দেওঁ আহি এহি স্থান।।
ধন কড়ি কিছু মাহিনা নালাগে আমাৰ।
দোকানত বসি পিন্ধা ৰত্ন অলঙ্কাৰ।।
বেউলা বোলে শুনা দোকানী আমাৰ বচন।
পৰ পুৰুষক দেখো পিতৃৰ সমান।।
এহি মৰা জীৱন মোৰ এহি মৰা ধন।
মৰা স্বামী বিনে মোৰ অন্য নাহি আন।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
দোকানীৰ কথা বুলি একেই লেচাৰি।।

দিহাঃ ৰৈ আই বোলে ভাল।

পদঃ মৰা পেলাও জলে ভেল চপাও কূলে
গাৱ ভৰি পিন্ধা অলঙ্কাৰ।
মই দেওঁ সুন্দৰ বৰ তাৰ সঙ্গে কৰা ঘৰ
মনে কিছু নকৰাহ ডৰ।।
প্ৰথম যৌৱন বয়স নাহি ভুঞ্জা ৰতিৰস
সুখ কিছু মনে নাজানি।
বেউলাই বোলে বাণী সাৱধানে শুনা দোকানী
পৰ পুৰুষ সঙ্গ নাহি জানি।
তুষ্ট হৈয়া বিদায় দিয়া যাওঁ মই প্ৰভুক লৈয়া
দেৱপুৰে যাওঁ অভাগিনী।।
দোকানীক প্ৰবোধ কৰি চলে বেউলা সুন্দৰী
ফিৰিলেক বিজয় গমন।
নাৰায়ণ দেৱে কয় সুকবি বল্লভ হয়
গোধাৰ পাকে দিলা দৰশন।।

দিহাঃ এ হে ৰে তৰুমূলে বাই বৰশী বিনন্দে
বসিয়া, সাগৰে মাৰিছে মাছ কৌতুক কৰিয়া।।

পদঃ বৰ বৰ হস্তীগণ বৰশী গাঠিয়া
সাগৰে পেলাইছে বৰশী মত্স্যক লাগিয়া।।
হাৰুৱা নামতে গধা গধাৰ ঠাকুৰে।
ছয় কুৰি গধাই উপৰে ছত্ৰ ধৰে।।
দহজনী নাৰী তাৰ আছে এক ঠাই।
কোনো নাৰী আসি ভাত তামোল যোগায়।।
হাৰুৱা নামতে গধা বামুণৰ পুত্ৰ।
যাজন যজন নাহি কান্ধে যজ্ঞসূত্ৰ।।
সন্ধ্যা নাই গায়ত্ৰী কপালে দীৰ্ঘ ফোটা।
পৰৰ তিৰী চোৰ কৰোতে নাক গৈছে কাটা।।
নাক কাণ কাটা গধাৰ তবু লাজ নাই।
ডাক দিয়া বোলে গধা সুন্দৰীক চাই।।
মৰাৰ সঙ্গে কেনে ভুঞ্জা মহা কষ্ট দুখ।
মোৰ ঘৰে আহি কন্যা ভুঞ্জা মহা সুখ।
তোৰ মোৰ বয়সত অলপ অন্তৰ।
গণি চালে হয় মোৰ ছয়কৰি বছৰ।।
দহজনী নাৰী মোৰ সৰ্ব্বগুণে সাৰ।
সাজেকত লাগে মাছ দশ কুৰি ভাৰ।।
ঘৰে ঘৰে মেলি থৈছোঁ মাহ কালাৰ ধাৰে।
সাধিবাক গলে কন্যা ভাঙ্গে গাল চৰে।।
ইৰিণাৰ ঘৰ কন্যা বিৰিঙ্গাৰ বেৰা।
তাতে ঘুমাই লেখি থাকো সৰগৰ তাৰা।।
গন্ধ পানী লাৰি চাৰি গন্ধ পানী খাবি।
বাৰিষাৰ ছয় মাস কন্যা পানীক নাযাবি।।
এক পলিত হাগো কন্যা এক পলিত খাওঁ।
এক পলিত আহি কন্যা বেদ মন্ত্ৰ গাওঁ।।
বেউলাই বোলে গধা বেটাৰ চক্ষু হোক নাশ।
যেই চক্ষু চাই মোক কৰ উপহাস।।
বেউলাৰ বচনে গধাৰ চক্ষুত ধৰিলা বিষ।
বাটত হাঠিতে গধাই নপাই উদিশ।।
জাম্প দিয়া পৰে গধা জলৰ উপৰে।
গধানী ধৰিয়া তোলে কাউ বাউ কৰে।।
নক্ষত্ৰ সঞ্চাৰে বেউলাৰ ভেলৰ চলন।
হেলা মেলা গধাৰ পাকে দিলা দৰশন।।
সুকবি নৰায়ণ দেৱৰ সুৰস পাচালি।
হেলা মেলাৰ কথা বুলি একেই লেচাৰি।।

দিহাঃ এ হে ৰে হে ৰৈয়া পৰিচয় দিয়া
পৰম সুন্দৰ প্ৰিয়া ডাকে
গধা পাৰৰ উপৰে;
দেখা কন্যা এক দৃষ্টি পাতা হেন মোৰ পিঠি
বৰ মেৰুণ মাথাৰ উপৰে।।

পদঃ হাত পাৱ গধা চাৰি হৈ আছে শাৰী শাৰী
পকা দেউয়া পকে যেন গাছে।
ঘাটত ঘুমাইছোঁ আমি গন্ধ তেল দিবা তুমি
সুখ কন্যা পাইবা তুমি পাছে।।
গধাৰ বচন শুনি বেউলাই মনে গুণি
হৰি হৰি বোলে মনে মন।
পদ্মাক চিন্তি দিলা বৰ গধাৰ হল কম্পজ্বৰ
নাৰায়ণ দেৱৰ সুবচন।।

দিহাঃ হা ৰে ৰঘুনাথ বিনে শৰণ লৈবো কাহাত।

পদঃ বেউলাৰ বচনে গধাৰ গাৱে ভৈলা তাপ।
বেউলাক ধৰিতে গধাই জলে দিলা জাপ।।
তাক দেখি বেউলাই মনে মনে হাসে।
তেলীয়া বলধ যেন দুই গধা ভাসে।।
সাগৰৰ ঢৌৱে ই গধাক আচৰে।
শুহ ঘঁৰিয়াল যেন ডুবা ডুবি কৰে।।
গহীন সোঁতাক লাগি লৈ গৈলা ভাসায়া।
ভেল মেলি বেউলা যাই হৰষিত হৈয়া।।
নক্ষত্ৰ সঞ্চাৰে বেউলাৰ ভেলৰ চলন।
ধনা মনা গধাৰ পাকে দিলা দৰশন।।
বৰ ঘৰ বান্ধি আছে নৌকাৰ উপৰ।
নেতৰ পতাকা উৰে দেখিতে সুন্দৰ।।
দুই ভাই ঘাটোৱাল নাম ধনা মনা।
উৰাইলে গণিতে পাৰে পশু পক্ষীগণ।।
সৰ্পৰ দংসুয়া যায় জলত ভাসিয়া।
কোনো কাৰ্য্যে যায় কন্যা ৰাখা ডাক দিয়া।।
ধনা বোলে মনা ভাই শুনা মোৰ কথা।
মোৰ ঘৰে কন্যা নিবো নাহিকে অন্যথা।।
মনা বোলে ধনা ভাই শুন শুন কথা।
মোৰ ভাগে কন্যা নিবো তৰ নাই লেঠা।।
চাৰি ভাৰ্য্যা আছে তোৰ অতি সুলক্ষণী।
এক কন্যা আছে মোৰ সিও অভাগিনী।।
এত শুনি ধনা বেটাই অহঙ্কাৰ কৰে।
অহঙ্কাৰ কৰি বলে ধনাই বেটাক মাৰে।।
সৰু বেটা ঘাটুৱাল বৰ যে ছৱাল।
লাঠি মাৰি দিলা ধনাই মনা বেটাৰ গাল।।
লাঠি খাই ধনাই বেটাই ধৰফৰ উঠে।
নাও বাইচা সাক্ষী কৰে আছে মানে যতে।।
বৰ কিল মাৰি দিলা ধনাই বেটাৰ শিৰে।
মাথা ফাটি ধনাই বেটাৰ ৰক্ত বয় ধাৰে।।
মাথা ফাটি তেজ পৰে তবু লাজ নাই।
ডাক দিয়া বোলে ধনা সুন্দৰীক চাই।।
ধনা বোলে শুনা কন্যা কহো তোক চাই।
যদি এৰি যাহ কন্যা ধৰ্ম্মৰ দোহাই।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
ধনাই মনাইৰ কথা বুলি একেই লেচাৰি।।

দিহাঃ এহে, এহে পৰম সুন্দৰ নাৰী, জলে ভাসে
একলশৰি, ধনাই দেখি পৰি গৈলা ভোল।
ধনা বোলে মনা ভাই কহো আমি তোমাৰ ঠাই
তই কেনে কন্যাত বিভোল।।

পদঃ মনা বোলে ধনা ভাই কহো আমি তোমাৰ ঠাই
তই বেটা কহা বৰ কথা।
যদি কন্যা নেদা মোৰে ফিৰিয়া নাযাবি ঘৰে
মোচাৰি ছিঙ্গিম তোৰে মাথা।।
দুই ভাই ধৰা ধৰি নাওৰ ৰচা এৰা এৰি
জাম্প দিয়া জলত পৰিল।
কাকো কেহো হেপচাই কেহো কাকো আগুৱাই
জল খাই হৈয়া লাল কাল।।
ধনা মনাক দেখি বেউলাই মনে সুখী
হৰষিতে ভেল মেলি যায়।
নাৰায়ণ দেৱে কয় সুকবি বল্লভ হয়
মধুৰ বচনে কবি গায়।।

দিহাঃ অ এ হৰি এই বাৰে বাৰ, আহা ৰে-
হেলাই কিনো ভৈলা মোৰ।

পদঃ নক্ষত্ৰৰ সঞ্চাৰে বেউলাৰ ভেলৰ চলন।
জুৱাৰৰ পাকে ভেল দিয়া দৰিশন।।
বাপেক আছিল তাৰ দেশৰ ঠাকুৰ।
নানা দেশ হন্তে ধন মিলাইলা প্ৰচুৰ।।
শিশু কাল হন্তে বেটাৰ জুৱাতেসে মন।
সৰ্ব্ব লোকে বোলে বেটাক জুৱাৰু টেণ্টন।।
চাৰি ভাৰ্য্যা আছিল তাৰ দেখিতে সুন্দৰ।
পাশাই হাৰি বান্ধি নিয়া থৈলা জ্ঞাতিৰ ঘৰ।।
পুত্ৰ ভাৰ্য্যা ধন জন সবাকো হাৰিয়া।
মৰিবাক আসি আছে কালসী বান্ধিয়া।।
এক পাৱ তৰে ৰাখি অন্য পাৱ দিলা।
হেন কালে জুৱাৰুক বেউলাই দেখিলা।।
বেউলাক দেখি জুৱাৰুৰ হৰষিত মন।
এই কন্যাত খুজি আমি লৈবো কিছু ধন।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
জুৱাৰুৰ কথা বুলি একেই লেচাৰি।।

দিহাঃ অনেৰে কি পুছা মোৰ দুখৰ কথা।

পদঃ সাত পুৰুষৰ ধন যত আছিল উপাৰ্জ্জন
নষ্ট কৰিলোঁ জুৱাৰ কাৰণ।
চাৰি ভাৰ্য্যা আছিল মোৰে বন্ধা থলোঁ জ্ঞাতিৰ ঘৰে
সিও এটা পুৰুষৰ লক্ষণ।।
পুৰুষ থাকিতে নাৰী পৰ দাসী কৰ্ম্ম কৰি
মই পাপী জীওঁ কি কাৰণ।
জুৱাৰুৰ বচন শুনি বেউলাই মনত গুণি
হৰি হৰি বোলয় বিকলে।।
এক মৰা আছে লগে আৰু মৰা ভৈলা আগে
হৰি হৰি মোৰ পাপৰ ফল।
বেউলাই সন্তুষ্ট হৈয়া কৰৰ আঙ্গূঠি দিয়া
জুৱাৰুক কহিলা বুজাই।।
এই আঙ্গূঠি ভাঙ্গি খাবা জুৱা পাশা নেখেলাবা
জল হন্তে ফিৰি যোৱা ঘৰে।
স্বামী জীয়াম দেৱপুৰে ফিৰিয়া আসিম ঘৰে
এক খান ডিঙ্গাৰ ধন দিয়া যাব তোৰে।।
বেউলাৰ বচন শুনি জুৱাৰু মনত গুণি
জল হন্তে চলিলা সত্বৰে।
নাৰায়ণ দেৱে কয় সুকবি বল্লভ হয়
কহে দেৱ মনসা কিঙ্কৰে।।

দিহাঃ হা হা ৰে ঐ আৰে চাৰি পাশে
ডিঙ্গাৰ শাৰী মাজত বেউলা নাৰি।

পদঃ হিৰ হিৰি গিৰ গিৰি বৈঠাৰ চাবনি।
কোন সাউদ আসি আছে নিচিনি নাজানি।।
চৈধ্য খানি নাও চৈধ্য হাজাৰ কাণ্ডাৰী।
ৰঙ্গা সাধু বাৱই নাও চাৰি কাষ জুৰি।।
বাইচাগণে কৱে কথা সাধুৰ গোচৰে।
কন্যা এক ভাসি যায় জলেৰ উপৰে।।
তুমি যেন কন্যা তেন কিছু ভিন্ন নাই।
সুন্দৰীক জিজ্ঞাসিয়া ঘৰে লৈয়া যায়।।
আক শুনি ৰঙ্গা সাধু ওলাই আসিলা।
বেউলাৰ মুখ চাই বচন বুলিলা।।
ৰঙ্গা বোলে শুনা কন্যা আমাৰ উত্তৰ।
কিবা কাৰ্য্যে ভাসা কন্যা জলৰ উপৰ।।
স্বৰূপ কৰিয়া কহ আমাৰ গোচৰ।
কোন ৰাজ্যে ঘৰ কন্যা কি নাম তোমাৰ।।
বেউলা বোলে শুনা সাধু আমাৰ উত্তৰ।
স্বৰূপ কৰিয়া কহো তোমাৰ গোচৰ।।
বেহেৰীয়া ৰাজাৰ কন্যা শাহুৰী সোণাই।
মোক বিয়া কৰাই আছে কোঁৱৰ লখাই।।
বিয়া ৰাত্ৰি কালীনাগে প্ৰভুক খাইলা মোৰে।
জীয়াইবে লৈয়া যাওঁ দেৱতাৰ পুৰে।।
মোৰ যত বিৱৰণ কহা মহা ভাগে।
ৰঙ্গাই বোলে শুনা কন্যা আমাৰ উত্তৰ।
ৰঙ্গা নাম ধৰি মই ধনৰ ঈশ্বৰ।।
তাক শুনি বেউলাই ভেল নিলা দূৰে।
তুমি বাপ হোৱা মোৰ মোমাই শহুৰ।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
ৰঙ্গাৰ চৰণ বুলি একেই লেচাৰি।।

দিহাঃ এ মোৰ তাৰিণীৰ আই এভো সাগৰে গৌৰি
নাৱ ডুবি যায়।

পদঃ বিয়াৰ ৰাত্ৰি নিশা ভাগে খাইলা কালী নাগে।
ভাসাইয়া দিলা সাধু গুঞ্জৰিৰ সঙ্গে।।
ৰঙ্গা বোলে শুনা কন্যা আমাৰ বচন।
মিচা কথা কৈ আমাক ভান্দা কি কাৰণ।।
সুখ দুখ গৈলা কন্যা ঘৰে চলি যায়।
এই কথা কৈবো গৈয়া বাহিনীৰ ঠাই।।
বেউলাই বোলে নিজ দোষে থাক বন্ধ হৈৱা।
যাৱত নাসিবো মই স্বামীক জীয়াইয়া।।
তুমি সমে যাম আমি আপোন ভৱন।
সেহি দিনা হৈব তোমাৰ পাপ বিমোচন।।
বেউলাৰ বচনে জলে বালি উপজিলা।
বালিত লাগিয়া ডিঙ্গা বন্ধ হৈয়া ৰৈলা।।
নক্ষত্ৰ সঞ্চাৰ বেউলাৰ ভেলৰ চলন।
সাত ভায়েকৰ পাকে দিলা দৰশন।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
নাৰায়ণ দেৱৰ কথা একেই লেচাৰি।।

দিহাঃ আনে, মোৰ হৰি নাৰে নন্দেৰ নন্দন
হৰি আৰে দেখিলো নয়ন ভৰি।

পদঃ চৈধ্য খান নাও চৈধ্য হাজাৰ কাণ্ডাৰী।
নাৰায়ণে বায় নাও চাৰি কাষ জুৰি।।
বাইচাগণে কহে কথা সাধুৰ গোচৰে।
কন্যা এক বাসি যায় জলৰ উপৰে।।
তোমাৰ সদৃশ কন্যা কিছু ভিন্ন নাই।
সুন্দৰীক জিজ্ঞাসিয়া ঘৰে লৈয়া যায়।।
এহি শুনি নাৰায়ণ ওলায় আসিলা।
বেউলাৰ মুখ চাই বচন বুলিলা।।
নাৰায়ণে বোলে কন্যা শুনহ বচন।
জলৰ উপৰে তুমি ভাসা কি কাৰণ।।
স্বৰূপ কৰিয়া কহা আমাৰ গোচৰ।
কোন ৰাজ্যে ঘৰ কন্যা কি নাম তোমাৰ।।
বেউলা বোলে শুনা সাধু আমাৰ উত্তৰ।
স্বৰূপ কৰিয়া কহো তোমাৰ গোচৰ।।
উজনি নগৰে ঘৰ মাৱ সুমিত্ৰা সুন্দৰী।
সাহে ৰাজা বাপ মোৰ জানা নিষ্ট কৰি।।
চান্দো শহুৰ মোৰ শাহুৰী সোণাই।
মোক বিয়া কৰাইছিল কোঁৱৰ লখাই।।
বিয়াৰ ৰাত্ৰি নিশা ভাগে প্ৰভুক খাইলা মোৰে।
জীয়াইবে লৈয়া যাওঁ দেৱতাৰ পুৰে।।
মোৰ যত বিৱৰণ কহিলো তোমাৰ আগে।
তোমাৰ যত বিৱৰণ কহিবাক লাগে।।
নৰায়ণে বোলে কন্যা শুনহ বচন।
মিছা কৈ আমাক ভান্দাহা কি কাৰণ।।
সাহে ৰাজাৰ পুত্ৰ আমি সবে সাত ভাই।
স্বৰূপ কৰিয়া কহো বৈনী মোৰ নাই।।
নাৰায়ণ মুখে শুনি এতেক বচন।
ভেলৰ উপৰে বেউলাই জুৰিলা ক্ৰন্দন।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
বেউলাৰ ক্ৰন্দন বুলি একেই লেচাৰি।।

দিহাঃ ভেলৰ উপৰে নাৰায়ণ গোচৰে, ক্ৰন্দন কৰে
বেউলা সুন্দৰী।

পদঃ তুমি সবে ধনে জনে শীঘ্ৰে চলহ ভৱন
মাৱে যেন নকৰে ক্ৰন্দন।
শুনি বেউলাৰ বাণী নাৰায়ণে বোলে গুণি
মিছা কথা কহা কি কৰাণ।।
তোমাৰ যতেক কথা শুনি লাগে মনে বেথা
শুনা কন্যা কহিবো উচিত।
আমি সবে সাত ভাই সহোদৰ বৈনী নাই
তুমি বৈনী ভৈলা কেনমতে।।
আজ্ঞা দিলা সদাগৰে বৈদ্যগণৰ গোচৰে
আনি তুলা ডিঙ্গাৰ উপৰ।
মোৰ ভেলে নিদিবি হাত অগ্নিবাণ মাৰি গাত
পুৰি মাৰিবি লক্ষ্য সদাগৰ।
অগ্নিবাণৰ নাম শুনি নাৰাযণে বোলে গুণি
শুনা কন্যা আমাৰ বচন।
আমি সবে সাত ভাই আমাসাৰ বৈনী নাই
তুমি বৈণী ভৈলাহা কেমনে।।
বেউলাই বোলে শুনা ভাই কহো আমি তোমাৰ ঠাই
যেবে বাণিজ্যে গৈলা তুমি।
উজনি নগৰে সুমিত্ৰা উদৰে
অভাগিনী জন্ম ভৈলো আমি।।
কহো মই সাৰে সাৰ মোৰ বাৰ বত্সৰ
তোমাৰ ভৈলা তেৰ বত্সৰ।
নাৰায়ণ গণি চাইলা তেৰ বত্সৰ পাইলা
বাৰ বত্সৰ বেউলা সুন্দৰী।।
আগে এতো নাজানিলো ননিৰ কমল তনু
কান্দে সাধু মহা শোক কৰি।
নাৰায়ণ দেৱে কয় সুকবি বল্লভ হয়
শোকে কান্দে বেউলা সুন্দৰী।।

দিহাঃ অ হ আকি ৰে হে এহে এহে ভাগিনী তোৰ
শোকে হিয়া বিদৰে ভাল।

পদঃ বাহুৰা বাহুৰা বৈনী ফিৰি চলা ঘৰে।
আজ্ঞা দিয়া মৰা পোৰো সাগৰৰ পাৰে।।
আমাৰ সঙ্গত বৈনী ফিৰি চলা ঘৰ।
মৰাৰ বদলে দিম ৰাজাৰ কোঁৱৰ।।
কপালে সিন্দূৰ বৈনী নিপিন্ধিবা তুমি।
সুৱৰ্ণৰ অলঙ্কাৰ গঢ়াই দিম আমি।।
বেউলাই বোলে শুনা দাদা কহো তোমাৰ ঠাই।
আমাক লইতে ঘৰে প্ৰয়োজন নাই।।
আজ্ঞা দিয়া স্বামী লৈ যাওঁ দেৱপুৰে।
তোমাৰ সহিতে যদি ফিৰি যাওঁ ঘৰে।।
স্ত্ৰী পুৰুষে জিজ্ঞাসিলে কি কহিবো তাৰে।।
স্বামী জীয়াইতে গৈলি আসিলি পলাই।
কোন লাজে অন্ন জল ঘৰত খাম গই।।
এহ সব লাজত কৰি মৰণেসে ভাল।
যি ভৈলা সি ভৈলা মোৰ পাপৰ কপাল।।
ছয় বৌ থাকিব ছয় দাদাৰ মুখ চাই।
মই অভাগিনী থাকিম কাৰ মুখ চাই।।
ছয় বৌ ধান বানি ঢেঁকীত এৰিব তুঁহ।
কেইদিনমান হলে কব বেউলা অধিক পোহ।।
আমাৰ হাতৰ শ্ৰীআঙ্গূঠি মাৱক দিবা দান।
আমাৰ শপত মাৱে নকৰক ক্ৰন্দন।।
খায়া দায়া মাৱে য়েবে কৰিবে শয়ন।
তেতিয়াহে দিবা অভাগিনীৰ নিদৰ্শন।।
বেউলাৰ মুখে শুনি এতেক বচন।
ডিঙ্গাৰ উপৰে সাউদে জুৰিলা ক্ৰন্দন।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
সাউদৰ ক্ৰন্দন বুলি একেই লেচাৰি।।

দিহাঃ ও মোৰ হৰি না লো কি ওৰে ভাল কান্দে
নাৰায়ণ সাধু।

পদঃ নিৰ্বুদ্ধিয়া সদাগৰ বুদ্ধি নাহি ঘটে।
জীয়াত মানুহ দেই মৰাৰ লগতে।।
সাগৰৰ ঢৌৱে বৈনী তলবল কৰে।
ভেলত ধৰিয়া খাইবে মাছ যে মগৰে।।
বিষম সাহস বৈনী কৈলি কি কাৰণ।
মনুষ্যে দেৱতাক কেহো পাই দৰশন।।
সেই সব ভাবি সাধুৰ বিচলিত মন।
বাঘ ৰূপ ধৰি যোৱা বেউলা বিদ্যামান।।
বাঘিনী বুলিয়া পদ্মা মাৰিলা হুংকাৰ।
বাঘিনী স্বৰূপে আহি দিলা আগুসাৰ।।
জাম্প দিয়া বাঘ যায় জলৰ মধ্যে পৰে।
ডুবা ডুবি কৰি বাঘ উঠিলা সত্বৰে।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
বাঘিনীৰ কথা বুলি একেই লেচাৰি।।
 
দিহাঃ এ বেউলা অৱশ্যেৰে, এ বেউলা অৱশ্যেৰে,
অৱশ্যে তোমাৰ পতি খাইব ভাল।

পদঃ ভেলৰ উপৰে মৰা দেখি মায়া পাতে ভাবুকি
কোন বাটে যাইবি কাৰ ঘৰ।
যদি মৰা নেদা এৰি সাত পাঞ্চ বাঘে ধৰি
কাঢ়ি খাবো মৰা কলেৱৰ।।
বেউলা কহে বাঘৰ গোটৰ তোমাক আমাৰ নাই ডৰ
স্বামী লৈয়া যাওঁ দেৱৰ পুৰী।
জীয়া এৰি মৰা খাই কোন লোকে পতিয়াই
জানিলো তই মায়া বিষহৰি।।
আগে বাঘ মোক খা পাছে স্বামীক লৈয়া যা
খণ্ডি য়াক পদ্মাৰ জঞ্জাল।
বেউলাই বোলে শিৱায় কহো আমি তোমাৰ ঠাই
মায়া বাঘে মোক কৰে বল।।
শিৱৰ দোহাই শুনি বাঘে বোলে গৈলা কুনি
বেউলাই কৰিলা বিজয় গমন।
নাৰায়ণ দেৱে কয় সুকবি বল্লভ হয়
মাছৰ পাকে দিলা দৰিশন।।

দিহাঃ এ হে ৰে হে বিকুল প্ৰেমৰ ভৈল ভাসে
মোৰ বৰাই, (ৰে হে) কোন কূলে ৰৈ যাম চাপিয়া।

পদঃ নক্ষত্ৰ সঞ্চাৰে বেউলাৰ ভেলৰ চলন।
নীল সাগৰৰ পাকে ভেল দিলা দৰিশন।।
নীল সাগৰে ভাসয় বৰ বৰ মাছ।
পুঠি শিংৰা ভাসি আছে খাদুৰিৰ গাছ।।
কাচুৱা কাচুলি ভাসে জুৰি বহু দূৰ।
ইলচা ভাসি উঠে তাল যে খাজুৰ।।
চান্দ মাছ ভাসি উঠে পঞ্চদিনৰ বাট।
কাকাৰাসব ভাসি উঠে মুৰাৰ পৰ্ব্বত।।
দৰিকাণা ভাসি উঠে সাগৰক জুৰি।
বেচা মাছ ভাসি আছে কহিতে নাপাৰি।।
মাছ সব ভাসি আছে সাগৰক জুৰি।
পূব যে পশ্চিম নাই উত্তৰ দক্ষিণ।
কোন দিশে দিবো ভেল নাপাই একো চিন।।
বেউলাই বোলে শুনা শুনা অনন্তৰ আই।
তুমি চাৰি গৈলে মোৰ অন্য গতি নাই।।
যেতিক্ষণে বেউলাই পদ্মাক চিন্তিলা।
পাকত পৰিয়া ভেল উজান ধৰিলা।।
নক্ষত্ৰ সঞ্চাৰে বেউলাৰ ভেলৰ চলন।
ত্ৰিপানীৰ পাকে ভেল দিলা দৰিশন।।
তিনি বাগে তিনি নদী মধ্যে বালি চৰ।
মহা বেগে উঠি ভেল বালিৰ উপৰ।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
ত্ৰিপানীৰ কথা বুলি একেই লেচাৰি।।

দিহা- এ হে ৰে হে ত্ৰিপানীৰ চৰে হে অ কান্দে
গুৰে বসিয়া।

পদঃ কপালৰ লিখন বিধি হল বিড়ম্বন
পেলাইলা মহত্ সাগৰে।
বিনা অপৰাদে শাপ দিলা দেৱৰাজে
জন্ম হ'ক বণীয়াৰ ঘৰে।।
স্বৰ্গত হ'ল নৈৰাশ মনুষ্যত প্ৰবাস
দুই জনে একে সঙ্গে আইলোঁ।।
ইহেন সুন্দৰ প্ৰভু দেখোঁ কলেৱৰ
সবে গলিয়া পচিয়া গৈলা।
জাগিয়া নাছিলো নেদেখিয়া হৰুৱাইলো
কি মোৰ কৰমৰ দোষে।।
প্ৰত্য়েকে প্ৰত্যেকে প্ৰভুৰ মুখ নেদেখিলো
চন্দ্ৰ যে লুকাইলা মেঘে।
নাৰায়ণ দেৱে কয় সুকবি বল্লভ হয়
লখিন্দাৰৰ সৰ্ব্ব অঙ্গ খসে।।

দিহাঃ ঐ আনে নাৰে দৈবে বিড়ম্বিলা, কাল নাগে দংশিলা।

পদঃ কেশতাৰ সবে প্ৰভুৰ দেখিবাক ভাল।
মাথা গোট পৰে খসি ডাব নাৰিকল।।
কপালখন পৰে খসি দ্বিতীয়াৰ চান।
দুই কাণ পৰে খসি বাৰে গছৰ পাণ।।
দুই চক্ষু পৰে খসি আকাশৰ তাৰা।
নাক-গোট পৰে খসি সোণৰ পাকৰা।।
দুই ওঁঠ পৰে খসি মনোহৰ হাঁহি।
দন্ত দুই পাৰি খসে মুকুতাৰ পাহি।।
জিভাখন পৰে খসি হংসৰ বদন।
দুই বাহু পৰে খসি যেন শালগিৰি।।
দুই আঙ্গূলি পৰে খসি চম্পা ফুলৰ কৰি।
ৰাজহাড়া খসি পৰে মুধাৰ মাৰলি।।
কামি হাড়া খসে পুতলা শাৰী শাৰী।
বুকুখন খসে প্ৰভুৰ চন্দনৰ পাতা।।
পেট গোট পৰে খসি আমোল ভাণ্ডাৰী।
নাভি নাল পৰে খসি মোলানৰ দাৰি।।
কঁকালখন পৰে খসি অতিবৰ সৰু।
আটিলে মুঠিত লুকায় হৰৰ ডম্বৰু।।
দুই কটি পৰে খসি দেখিবাক বাল।
দুই উৰাত পৰে খসি যেন ৰামকল।।
দুই আঁঠু পৰে খসি সুৱৰ্ণৰ ঘিলা।
দুই ডিমা পৰে খসি কেতেকীৰ ডিলা।।
দুই গোৰা পৰে খসি ডিমাৰ চোকোলা।
দুই গোটা পৰে খসি টেঙ্গাৰ বাকলা।।
সমস্ত শৰীৰ লখাইৰ খসিয়া পৰিলা।
জলত পখালি বেউলা টোপোলা বান্ধিলা।।

দিহাঃ এহে মাই তুমি বিনে ৰে হে এ প্ৰভু বিনে,
হৰাইলো ৰে স্বামী ভাল।

পদঃ বত্ৰিশ পা়্জাৰ লখাইৰ লইলা যত্ন কৰি।
আঁঠুৰ ঘিলা পৰিলেক যাই জল উপৰি।।
মনুষ্যৰ গন্ধ পাই ৰাঘুৱা বৰালি ধাই।
গিলিলেক ঘিলাগোট নিকটে লাগ পাই।।
গিলিলেক ঘিলা বেউলা নকৰিলা মনে।
লৰিলেক বেউলা সতী বিজয় গমনে।।
নক্ষত্ৰ সঞ্চাৰ বেউলাৰ ভেলৰ চলন।
নেতাবতীৰ পাকে ভেল দিলা দৰিশন।।
পুব ঘাটে নেতাই কাপোৰ ধোৱে পাট পাৰি।
পাকে পাকে যাই আছে বেউলা সুন্দৰী।।
নেতাৰ নন্দন আছে ধনা নাম ধৰে।
ধনাক ডাকিয়া নেতা লাগে কহিবাৰে।।
নেতা বোলে শুনা ধনা নকৰা নিকাৰ।
আজি ধোৱা নহে মোৰ দেৱৰ কাপোৰ।।
মাৱৰ বচনে ধনা দিলেক লৱৰ।
এক পাৱ পৰিলেক কাপোৰ উপৰ।।
কষ্টমন কৰি নেতা কোপ দৃষ্টি চাইলা।
ভূমিৰ উপৰে ধনা ঢলিয়া পৰিলা।।
কাপোৰ ঢাকিয়া ধনাক আৰ দিয়া থৈলা।
পুনৰপি নেতাৱতী জলত নামিলা।।
পুনৰপি জীয়াই তোলে ধোৱাৰ কুমাৰী।
তাহাক দেখিয়া আছে বেউলা সুন্দৰী।।
মাৱে ছাৱাল জীয়াই তোলে মোৰ বিদ্যামান।
এই কন্যা হন্তে হৈবো প্ৰভুৰ জীৱন।।
ৰাওৱাল কুকুৰা গোট বেউলা দিলা এৰি।
মনুষ্যত ৰৈলা গৈয়া মেও ৰূপ ধৰি।।
যেহিদিনা বেউলা ভেলক এৰিলা।
সেহিদিনা ধৰি ভেল পুনিৰূপ ভৈলা।।
ভেল এৰি বেউলাই জলে ডুব দিলা।
জলে ডুব দিয়া নেতাৰ চৰণে ধৰিলা।।
কি কি বলিয়া নেতাই ধনাক প্ৰতি বোলে।
সমুদ্ৰৰ কুম্ভীৰে মোক ধৰে পদতলে।।
মাৱে পোৱে ধৰি তোলে পাৰৰ উপৰি।
কুম্ভীৰ নুহিকে ধৰি আছন্ত সুন্দৰী।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
নেতাৰ বচন বুলি একেই লেচাৰি।।

দিহাঃ এ হে হে হে ৰে হে সুন্দৰীক দেখিয়া নেতা
বোলে নাৰে হে বোলে নাৰে অভাগীক
দেখিয়া নেতা হাসে না ৰে।

পদঃ কীৰ জীয়া কাৰ নাৰী কতে তোৰ ঘৰ বাৰী
কেনে ভাহা জলৰ উপৰ।
দিব্যৰূপ দেখা তোৰ ৰক্ত গৌৰ কলেৱৰ
কেনে নাই কপালে সিন্দূৰ।।
লঙ্গাটা তোৰ হাত পাৱ ক'তেই তোৰ বাপ মাও
কেনে দেখো বিধৱা লক্ষণ।
তুমি হেন সুন্দৰী জলে ভাহা একলশৰি
কোৱা তোমাৰ নিজ বিৱৰণ।
বেউলাই কহে কথা তুমি কি নাজানা নেতা
বাণৰ নন্দিনী নাম ঊষা।
চৰণৰ ধৰো তোৰে স্বামীদান দিয়া মোৰে
তুমি মোক নকৰা নৈৰাশ।।
কেসৰ দুই ভাগ কৰি নেতাৰ চৰণে ধৰি
সুন্দৰীক বুলিলা বুজাই।
ছয় মাস কষ্ট কৰি মৰা লৈয়া দেৱপুৰি
দিয়া মোৰ প্ৰভুক জীয়াই।।
নাৰায়ণ দেৱে কয় সুকবি বল্লভ হয়
সুকবি নাৰায়ণ দেৱে গায়।।

দিহাঃ এ হে ৰে হে হে কোটি জনমৰ ফলে
কোটি জনমৰ ফলে বিধি মিলাইলা,
আজি নেতাৰ সঙ্গে দৰশন ভৈলা।

পদঃ বেউলা বোলে শুনা নেতা আমাৰ উত্তৰ।
আজি ধোৱা নহ'ল তোমাৰ দেৱৰ কাপোৰ।।
একলাই ধুইয়া কাপোৰ মহা কষ্ট পাইয়া।
বেউলাই ধোৱে পদ্মাৰ কাপোৰ উত্তম কৰিয়া।।
শুকাইলা পদ্মাৰ কাপোৰ দিব্য ৰূপ ধৰি।
অক্ষৰ লেখিলা তাতে বেউলা সুন্দৰী।।
প্ৰথমতে লেখে বেউলা শত নমস্কাৰ।
ছয় ভাইশহুৰ লেখে স্বামী লখিন্দাৰ।।
চান্দ শহুৰ লেখে আৰু শাহুৰী সোণাই।
আৰু যত বিৱৰণ লেখে ঠাই ঠাই।।
তোমাৰ চৰণে মাতা শত নমস্কাৰ।
কপট এৰিয়া স্বামী জীয়াইবা আমাৰ।।
সাত কৰাল দিয়া কাপোৰ এৰিলা ধাকিয়া।
বেউলাক নিয়ে নেতাই পুৰিক লাগিয়া।।

দিহাঃ এহে চলিলা সুন্দৰী, হৰিষে দেৱৰ পুৰি।

পদঃ বেউলাৰ পৰীক্ষা নেতা বুজিবাৰ তৰে।
কেশৰ সাকো দিয়া নেতা হৈ গৈলা পাৰ।।
উপৰে কেশৰ সাকো তলে তীক্ষ্ণ ধাৰ।
যদি সত্য আছে বেউলা ইহাতে হৈবা পাৰ।।
সাকোৰ দুইপাৰে মাত্ৰ আছে দুই খুটি।
একেডালি কেশেদি বেউলা গৈলা উঠি।।
লক্ষ চুম্ব দিলা নিয়া ধোৱাৰ কুমাৰী।
বেউলাক লৈয়া গৈলা আপুনাৰ পুৰি।।
শিৱে বোলে শুনা নেতা আমাৰ বচন।
আজি বিলম্ব তোৰ হ'ল কি কাৰণ।।
নেতা বোলে শুনা বাপ দেৱ মহেশ্বৰ।
বহিনীৰ জীয়া আসি আছে মোৰ ঘৰ।।
শিৱে বোলে শুনা নেতা কৰা উপহাস।
মোৰ ঘামত হন্তে জন্ম বৈনী কোথা পাস।।
যিবা বৈনী পদ্মা আছে তাৰ কিছো নাই।
কোন বৈনী পাইলি নেতা কহা মোৰ ঠাই।।
নেতা বোলে শুনা বাপ দেৱ মহেশ্বৰ।
স্বৰূপ কৰিয়া কহো তোমাৰ গোচৰ।।
ঊষা-অনিৰুদ্দ আছিল ইন্দ্ৰৰ নগৰী।
মায়াৰূপে প্দমাৱতী আনি আছে হৰি।।
পূৰ্ব্বৰ সম্বন্ধে আসি আছে মোৰ পুৰি।
শুনি হৰিষত ভৈলা দেৱ ত্ৰিপুৰাৰি।।
শিৱে বোলে শুনা নেতা চলহ ত্বৰিতে।
অনেক দিন দেখা নাই ঊষা নৃত্য-গীতে।।

দিহাঃ মইতো জানিলোৰে মোৰ ঘৰে নৃত্যকৰী
কন্যা আসিলেৰে।

পদঃ শিৱত বিদায় হৈয়া নেতা চলিলা সত্বৰে।
ভেটিলা কাপোৰ নিয়া পদ্মাৰ গোচৰে।।
কাপোৰ পাইয়া পদ্মাৱতীৰ হৰষিত মন।
কাপোৰ মেলিয়া চাও বেউলাৰ লিখন।।
কাপোৰ পাইয়া পদ্মা চাহিলেক মেলি।
মায়া কৰি বোলে গাৰ জ্বৰ হৈছে বুলি।।
ধেমাই নাগক ৰাখিলা দুৱাৰি কৰিয়া।
জ্বৰ হৈছে বুলি পদ্মা থাকিল ঘুমাইয়া।।
পদ্মাত বিদায় হৈয়া নেতা চলিলা সত্বৰে।
দেৱগণৰ কাপোৰ নেতাই দিলা ঘৰে ঘৰে।।
দেৱত বিদায় হৈয়া নেতা চলিলা সত্বৰে।
কহিতে লাগিলা গৈয়া বেউলাৰ গোচৰে।।
সুভাৱ দেখিলো তোৰ কাৰ্য্যৰ লক্ষণ।
 নাচিবাক প্ৰতি তুমি কৰাহ সাজন।।
তাহা শুনি বেউলাই লাগে কান্দিবাৰে।
নৃত্যৰ সঙ্গতি কিছু সঙ্গে নাই মোৰে।।
নেতা বোলে বেউলা নিচিন্তিবা তুমি।
নৃত্যৰ যতেক সাজ আনি দিবো আমি।।
নেতা বোলে শুনা ধনা আমাৰ উত্তৰ।
কাপোৰ আনিয়া দেহ বেউলাৰ গোচৰ।।
মাৱৰ বচনে ধনা দিলেক লৱৰ।
কাপোৰ আনিয়া দিলা বেউলা গোচৰ।।
পুনুৰূপী কহিলেক বেউলা সুন্দৰী।
বিনা মৃদঙ্গৰ ধ্বনি নাচিতে নাপাৰি।।
ইন্দ্ৰৰ পুৰক প্ৰতি কৰহ গমন।
অনিৰুদ্ধ সম বায়ন আছে দুইজন।।
বিদ্যা বিলাস আৰু বিদ্যা যে ভুষণ।
এই দুই জন আছে গন্ধৰ্ব্ব নন্দন।।
তাহা শুনি নেতাৱতী কৰিলা গমন।
তাৰা দুইকো আনি দিলা বেউলা বিদ্যামান।।
বেউলা বোলে কহো কথা তোৰ দুইৰ ঠাই।
শিৱৰ নিকটে চলা নাচিবাক যাই।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
বেউলাৰ নাচন বুলি একেই লেচাৰি।।

দিহাঃ বালি মোৰ সাজে এ কন্যাই কাচন কাছে।

পদঃ সুৱৰ্ণৰ কাকে দিয়া চুচিলেক চুল।
বৰ খোপা বান্ধি পিন্ধে পাৰিজাত ফুল।।
মনত হৰিষে বেউলাই বান্ধি তোলে খোপা।
 খোপাত তুলিয়া পিন্ধে মালতিৰ থোপা।।
শিখত সিন্দূৰ পিন্ধে অগনিত আটি।
গলত তুলিয়া পিন্ধে হাৰ গজমতি।।
অৰ্দ্ধচন্দ্ৰ শিৰোমণি অতি সুশোভন।
দুই বাহুত পিন্ধে বেউলা সোণৰ কঙ্কণ।।
আঙ্গুলি সৰাত পিন্ধে ৰত্নৰ আঙ্গূঠি।
হস্তত বলয়া পিন্ধে আতি মন তুষ্টি।।
দুই কৰ্ণ সুৱৰ্ণৰ কুণ্ডল প্ৰকাশে।
চকৰি উৰিছে যেন মলয়া বতাসে।।
অলঙ্কাৰ পিন্ধি বেউলাৰ হৰষিত মন।
পিন্ধিতে লাগিলা বেউলা দেৱাঙ্গ বসন।।
দেৱৰ বসনত তাক দেখিতে সুন্দৰ।
কাপোৰত লেখি আছে দশ অৱতাৰ।।
মত্স্যৰূপ লেখি আছে জলে প্ৰবেশ কৰি।
যেনমতে চাৰিবেদ উদ্ধাৰিলা হৰি।।
কুৰ্ম্মৰূপ লেখি আছে দেখিতে সুন্দৰ।
ধৰণীখন ধৰি আছে পিঠিৰ উপৰ।।
বৰাহৰূপ লেখি আছে সবাৰে পাছতে।
যেনমতে পৃথিৱীখন উদ্ধৰিলা দন্তে।।
নৰসিংহ লেখি আছে হিৰণ্য বিদাৰে।
বামনৰূপ লেখি আছে বলিক ছলিবাৰে।।
পৰশুৰাম লেখি আছে খড়্গ চৰ্ম্ম হাতে।
একেবাৰে নিক্ষেত্ৰী কৰিলা পৃথিৱীতে।।
ৰামৰূপ লেখি আছে সাগৰ বন্ধনে।
বান্দৰ সহায় কৰি বধিলা ৰাৱণে।।
কৃষ্ণৰূপ লেখি আছে দেখিতে সুন্দৰ।
বলভদ্ৰ সমে বত্স ৰাখে নন্দ ঘৰ।।
বৌদ্ধৰূপ লেখি আছে পদ্মাসনে ভৰি।
ব্ৰহ্মাই প্ৰাৰ্থিয়া থাকে উৰ্দ্ধবাহু কৰি।।
কল্কীৰূপ লেখি আছে সবাৰ পাছতে।
ব্ৰহ্মাই প্ৰাৰ্থিয়া তাক থাকে এইমতে।।
দুইদিকে গন্ধৰ্ব্বে যে মৃদঙ্গ বজাই।
অষ্ট ফোঁট দিয়া বেউলা নাচিবাক যাই।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
বেউলাৰ সাজন বুলি একেই লেচাৰি।।

দিহাঃ আজি ঘৰে ৰহণ নাযায় মুৰুলী শুনিয়া।

পদ- শিৱে বোলে শুনা তুমি নন্দী দুৱাৰী।
নিমন্ত্ৰণ কৰি আহা সমস্ত দেৱপুৰী।।
শিৱৰ বচনে নন্দী চলিলা সত্বৰে।
নিমন্ত্ৰণ কৰিলেও প্ৰতি ঘৰে ঘৰে।।
দূত মুখে বাৰ্ত্তা পাই যত দেৱগণ।
একে একে চলি আইলা দেখিতে নাচন।।
বিষ্ণু চলিয়া আইলা গৰুড় বাহনে।
হংস ৰথে চৰি ব্ৰহ্মা আসিলা আপুনে।।
ঐৰাৱতে চলিয়া আইলা যমৰ নন্দন।
সাজিলা নাৰাদ মুনি ব্ৰহ্মাৰ নন্দন।।
ঢেঁকীক আনিয়া মুনি বাহন কৰিলা।
ঢেঁকীৰ দুই কাষতে বান্ধিলা দুই কুলা।।
ঘুগুৰা কৰিয়া দিলা শামুকৰ মালা।
মুখত লাগাম তাৰ দিলা পাটজৰী।
পিঠিত বান্ধিলা জিম পূৰণ ধুকুৰি।।
খুৰাক লগাই দিলা গলত চোৱৰ।
সাজিলা নাৰদ মুনি ব্ৰ্হ্মাৰ কুমাৰ।।
শিৱে বোলে শুনা নাৰদ চলহ ত্বৰিতে।
চণ্ডিকাক লৈয়া আহা নৃত্য দেখিবাৰে।।
শিৱৰ বচনে নাৰদ সত্বৰে চলিলা।
কন্দলৰ জোলোঙ্গাখন কান্ধে তুলি লৈলা।।
বিনা দন্দে নাথাকে নাৰদ তপোধন।
দন্দ লগাইতে মুনি কৰিলা গমন।।
দুই সতিনীৰ পুৰি যাই লগ পাই।
গঙ্গা চেৰাই মুনি মণিকৰ্ণে যাই ধাই।।
নাৰদ বোলে শুনা মামী গিমালয় নন্দিনী।
এক কন্যা আনি আছে দেৱ শূলপাণি।।
তাৰ একতিল ৰূপ তোমাৰ গাৱে নাই।
তাক বিয়া কৰাইবাক আনিলা মোমাই।।
কুপিত ভৈলেক চণ্ডী নাৰদ বচনে।
সিংহত চৰিয়া চণ্ডী চলিলা তেখনে।।
ত্বৰিতে গমনে গৈলা শিৱৰ গোচৰে।
লাগ পাই চণ্ডিকায় লাগে কৰিবাৰে।।

দিহাঃ (অহে ঐ আকি ৰে ৰে হা) ভাঙ্গাৰা
কাৰ নাৰী লইয়া আছা সভাৰ ভিতৰে।

পদঃ চণ্ডী বোলে বুঢ়া তোৰ কথা আচৰিত।
আজি খাবাৰ ভাত নাই কিসৰ নৃত্যগীত।।
নাৰদ ভাগিনৰ কথা মিছা যে নহয়।
ইহাৰ উচিত দণ্ড কৰিবোহোঁ মই।।
খাবাৰ নাই ভাত তোৰ চালে নাই খেৰ।
ঘুমাইবাৰ নাই শয্যা পিন্ধিবাৰ নাই কাপোৰ।।
মৰাৰ আঙ্গাৰা ভস্ম লিখা সৰ্ব্ব গাই।
মস্তক উপৰে তোৰ সৰপে ফোঁপাই।।
পিন্ধন বাঘৰ ছাল ঠাইতে ঠাইতে চিৰা।
সৰ্ব্বক্ষণে খাই ফুৰা ভাং যে ধতুৰা।।
ঘৰৰ সম্পত্তি তোৰ বলধ এক গোটা।
পানী খাব দুখ তোৰ ভাঙ্গা এক লোটা।।
ঘৰত আছয় তোৰ মহা কাল ভীমা।
অন্ন বিনে তোহাৰ দুখৰ নাই সীমা।।
যেতিয়া আহিব ভীম বলধ চাৰিয়া।
খুজি আনা চাউল দুটি খাইবো চোবায়া।।
শিৱে বোলে শুনা চণ্ডী আমাৰ বচন।
নৰ্ত্তকীক তুষ্ট কৰা দিয়া কিছো ধন।।
এহি কন্যা গোট আজি নাৰাখিবো।
নাচিবাক প্ৰতি ঊষা আসিছে ইঠাই।।
চণ্ডী বোলে তোৰ কথাই প্ৰত্যয় নাযাইবো।
সুন্দৰীত জিজ্ঞাসিয়া পৰিচয় লৈবো।
কহ তুষ্ট হৈবা তুমি পাইলে কত ধন।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
বেউলাৰ ক্ৰন্দন বুলি একেই লেচাৰি।।

দিহাঃ এ হে জগত গৌৰীৰে হে ওৰে মাই, প্ৰভুক
জীয়াই দেহ মোৰে। যদি প্ৰভুক জীয়াই দেহ,
দাসী হম তোৰে।।

পদঃ নালাগে মোক ধন জন নালাগে সাধন।
দুখৰ কাহিনী কহো তোমাৰ চৰণ।।
ছয় মাস কষ্ট কৰি আইলোঁ এহি ঠাই।
যদি পদ্মাৰ পক্ষ হোৱা ধৰ্ম্মৰ দোহাই।।
চণ্ডী বোলে শুনা প্ৰভু আমাৰ বচন।
পদ্মাক আনিয়া তুমি বুজা বিৱৰণ।।
কোন দোষে বেউলাক কৰি আছে বাঁৰী।
বিচাৰ কৰিয়া চাওঁৱা দেৱ ত্ৰিপুৰাৰি।।
শিৱে বোলে শুনা নাৰদ চলহ ত্বৰিতে।
পদ্মাৱতীক লৈয়া আনা নৃত্য দেখিবাৰে।।
তাক শুনি নাৰদ মুনি চলিলা সত্বৰে।
পদ্মা পদ্মা বুলি মুনি ঘনে ডাকে ছাৰে।।
ধেমাই নাগে বোলে শুনা দেৱ মহামুনি।
জ্বৰ হৈয়া আছে পদ্মা ত্যজি অন্ন পানী।।
বিস্তাৰ ডাকিয়া নাৰদ নাপাই উত্তৰ।
কহিতে লাগিলা গৈয়া শিৱৰ গোচৰ।।
শিৱে বোলে শুনা নাৰদ যাও পুনৰ্ব্বাৰ।
কাৰ্ত্তিক গণেশ সঙ্গে চলোক তোমাৰ।।
তাক শুনি নাৰাদ মুনি চলিলা সত্বৰে।
কপট ভাঙ্গিয়া গৈয়া ঘৰৰ ভিতৰে।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
পদ্মাৰ বচন পদ একেই লেচাৰি।।

দিহাঃ বিষহৰি বোলে ভাই শুনা কাৰ্ত্তিক গণাই
আজি শিৱৰ যত্ন কি কাৰণ।

পদঃ বিষম জ্বৰৰ তাপে উঠিতে মস্তক কাম্পে
শুনা ভাই নাৰদ তপোধন।
দিনে ৰাতি অষ্ট পৰে শৰীৰে ধাকয় জ্বৰে
তিনি দিন মোৰ নাই অন্ন পানী।।
জ্বৰৰ বেদনা পাই গোৱে মোৰ জ্ঞান নাই
শুনা বাই নাৰদ মহা মুনি।
নাৰদে বচন পাইয়া চাহে গাৱে হাত দিয়া
বুজিলো তোমাৰ জ্বৰৰ লক্ষণ।।
এক ঔষধ দেও জানি কাচা দুগ্ধ কাচা পানী
খাইবা বৈনী সেৰেক প্ৰমাণ।
পকা টেপোল টেঙ্গ দৈ তাক বৈনী খাবা লৈ
জ্বৰ ছাৰি যাব এতিক্ষণে।।
গাগাল মাছ গাজৰ পানী তাক বৈনী খাবা জানি
খাহিৰ তেলে কৰিয়া ৰন্ধন।
যাব তোৰ জ্বৰ ছাৰি কাটিব মুখৰ জাৰি
তেবে বৈনী এৰাইবা মৰণ।।
বোলে দেৱী পদ্মাৱতী শুনা কাৰ্ত্তিক গণপতি
শৰীৰ দহিছে মোৰ দুখে।
চান্দৰ ঠাইত পাইয়া ডৰ তাতে হৈছে কোপজ্বৰ
সেই জ্বৰ উঠে মাহে মখে।।
নাৰদে বোলে ভাগিনী স্থিৰ কৰা পৰাণি
ধীৰে ধীৰে কৰহ গমন।
কহিতে নপাৰা তুমি নিশ্চয় কহিছোঁ আমি
ধৰিয়া লইবো তিনি জন।।

দিহাঃ অত মায়া কৰা দেৱী

পদঃ অত মায়া কৰা দেৱী শঙ্কৰ কুমাৰী।
তোমাৰ বিষম মায়া বুজিবে নাপাৰি।।
দানসম পুণ্য বৈনী ত্ৰিজগতে নাই।
ইহকালে দান দিলে পৰকালে পায়।।
হৰিশচন্দ্ৰ মহাৰাজা আছিলা সূৰ্য্য বংশে।
দান ফলে পুৰি সমে গৈলা স্বৰ্গবাসে।।
ক্ৰোধে পেট ফুটে পদ্মাৰ নাৰদৰ বচনে।
নেতাই আহি কহিলেক প্ৰবোধ বচনে।।
সতাই মাই সুখী হব বাপ পশুপতি।
ব্ৰহ্মা বিষ্ণু সুখী হব যুৱক-যুৱতী।।
পদ্মা বোলে শুনা নেতা আমাৰ বচন।
সত্বৰে ডাকিয়া আনা যন নাগগণ।।
পদ্মাৰ বচন নেতা শুনিয়া শ্ৰৱণে।
সত্বৰে ডাকিয়া আনে যত নাগগণে।।
স্বৰ্গ মৰ্ত্ত্য পাতালত যত নাগ আছে।
সকলে চলিয়া গৈয়া পদ্মাৰ সমুখে।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
কালীৰ বচন বুলি একেই লেচাৰি।।

দিহাঃ কালী নাগে ভাবে হে অ কি অৰে ভাই কিজানি কি হ’ব।

পদঃ কালী নাগৰ পদ্মাৱতী কাটা লেঞ্জ দেখিয়া।
সুৱৰ্ণৰ লেঞ্জ গঢ়ি ৰাখে ঢাক দিয়া।।
শ্বেত চোঁৱাৰ পদ্মা ৰাখে দাইন হাতে।
দাসী আসি লৈলা বাটা কৰপুৰ সহিতে।।
দেৱগণ সমে শিৱ বামতে চণ্ডিকা।
তাহাৰ মধ্যম থানে পদ্মাই দিলা দেখা।।
বেউলা বোলে শুনা পদ্মাৰ বাপৰ দোহাই।
যদি নাচিবাক লাগে বাম পৃষ্ঠে চাই।।
বাপৰ দোহাই শুনি পদ্মা লজ্জা পাইলা চিতে।
লজ্জা পাই পদ্মাৱতী বসিলা সমুখে।।
বাহিৰত সৰ্পগণ ৰাখিলা সকলে।
কালী নাগক লুকাই থৈলা পদ্মা খাটৰ তলে।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
বেউলাৰ বচন বুলি একেই লেচাৰি।।

দিহাঃ এহে এ নটী নাচন নাচেৰে হে মোহিনী কাছে
নানা বৰণে নটী আছে।।

পদঃ ক্ষণে উঠে ক্ষণে বসে তালে দিয়া মান।
মধু মাসে মৈৰা যেন ধৰিছে পেখান।।
শূন্যত নাচয় বেউলা পৰম হৰিষে।
বচন মধুৰ যেন অমৃত বৰিষে।।
যেই দিকে চাই বেউলাই কৰয় নাচন।
স্ত্ৰী পুৰুষ মুহিলেক যত দেৱগণ।।
দেৱগণে বোলে শুনা জয় পদ্মাৱতী।
সত্বৰে জীয়াই দেহ নৰ্ত্তকীৰ পতি।।
বৰুণৰ সাত থানি ৰহিছে বৰুণে।
পৱনৰ শক্তি আনি ৰহিছে পৱনে।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
শিৱৰ বচন পদ একেই লেচাৰি।।

দিহাঃ ভজৰে পামৰ মন হৰি চৰণত, কি বুলি
উত্তম দিম যম কৰণত।

পদঃ শিবে বোলে শুনা পদ্মা আমাৰ উত্তৰ।
সত্বৰে জীয়াই দিয়া বালা লখিন্দাৰ।।
এহি বুলি সদাশিৱে কহিলেক কথা।
বেউলাৰ সহায় হৈলা সকল দেৱতা।।
পদ্মা বোলে শুনা বাপ বচন আমাৰ।
স্বৰূপ কৰিয়া কহো তোমাৰ গোচৰ।।
কোনো দিন তাইৰ মোৰ চিনাচিনি নাই।
অকাৰণে দেই বেটী মানুহ মাৰা দাই।।
বৈতালী মিচা কথা কহিছে তোমাতে।
বিচাৰিয়া পঞ্চ আইনে বুজিয়া পাচতে।।
তোমাৰ সাক্ষাতে মিছা কহিছে বৈতালী।
নদী পাৰ কৰি দিবো দিয়া দূণ কালি।।
মাথাক খুৰায়া আমি পঠাই দিব দেশে।
স্ত্ৰী পুৰুষে দেখি যেন দিনে ৰাত্ৰি হাসে।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
শিৱৰ বচন বুলি একেই লেচাৰি।।

দিহাঃ এ হে ৰে হা এ হে ৰে চণ্ডী বোলে মনসা
চণ্ডী বোলে মনসা নকহা বৰ কথা।
তোৰ বোলে বেউলাৰ কোনে মঅডাইবেক মাথা।।

পদঃ ন্যায় পন্থ লভিয়া যদি ঘতি হয় তাতে।
তাহাৰ উচিত দণ্ড কৰিবো সভাতে।।
আপুনাৰ গৰ্ব্বে তই কৰি আছা বল।
দোষ নিৰ্দ্দোষ তই নুবুজিলি ফলাফল।।
চণ্ডিকা সহায় ভৈলা ভৰসা ভৈলা মনে।
বেউলাই পদ্মাক বোলে কৰকশ বচনে।।
মোৰ দোষে তোমাক নাপায় কোন কালে।
আপুনি নিৰ্দ্দোষী হৈয়া থাকা ভালে বালে।।
শিৱৰ কুমাৰী তুমি নাম পদ্মাৱতী।
শত দোষ থাকিলেও তুমি মহা সতী।।
কলৰ পটুৱা যেন তুলসীৰ মালা।
উত্তম জনৰ গলে শোভে আতি ভালা।।
শঙ্কৰৰ কন্যা তুমি এই গৰ্ব্ব কৰা।
তাত বাদে তুমি আৰ কি কৰিতে পাৰা।।
জীয়াইতে বিলম্ব আছে কৰ্ম্মৰ বিপাকে।
লাজ নাই নিলাজী আপুনি ভালে থাকে।।
ক্ৰোধে পেট ফুটে পদ্মাৰ বেউলাৰ বচনে।
কান্দিয়া কান্দিয়া কহে দেৱ ত্ৰিলোচনে।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
শিৱৰ বচন বুলি একেই লেচাৰি।।

দিহাঃ এ দেৱী অঘোৰ নয়নী কান্দে মনসা দেৱী।।

পদঃ চণ্ডী বোলে মনসা কান্দাস কি কাৰণ।
মন দিয়া শুনা কহো যত বিৱৰণ।।
কোন দোষে বেউলাক কৰিয়াছ বাঁৰী।
কান্দিয়া মৰাইতে চাহ কৰি ভাৰাভুৰি।।
নানা দেশে ভ্ৰম তই লাজ নাই কাণী।
মায়া কৰি কান্দস তই চক্ষুৰ নাই পানী।।
চণ্ডিকাক প্ৰবোধ কৰি কহিলেক শিৱে।
কষ্ট নকৰিবা মাতা তোমাক বোলে সবে।।
সাক্ষী বোলাইতে চাহে তাৰ উত্তৰ নেদা।
যি দুই বুলিলে তাহাত তোমাৰ খেদ।।
তাক শুনি পদ্মাৱতী লাগে কহিবাক।
কোন সাক্ষী তাইৰ তাহাক ধৰোক।।
লোৰ কৰিলা বেউলা লুৰিকৰে ভৰ।
লাঞ্জ দেখি পদ্মাৱতী লাগে কহিবাৰ।।
কিবা মনিকাৰাৰ লে়্জ কিবা কুচিয়াৰ।।
সবে বোলে শুনা বেউলা আমাৰ উত্তৰ।
কোন সাক্ষী আছে তই তাৰ নাম ধৰ।।
বেউলা বোলে শুনা বাপ দেৱ মহেশ্বৰ।
এক সাক্ষী আছে মোৰ দেৱ পুৰন্দৰ।।
আৰু সাক্ষী আছে যম ৰবিৰ নন্দন।
অন্ত কালৰ সাক্ষী মোৰ এই দুইজন।।
তাক শুনি সদাশিৱৰ হৰষিত মন।
ইন্দ্ৰৰ নিকটে বোলে মধুৰ বচন।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
শিৱৰ বচন পদ একেই লেচাৰি।।

দিহাঃ শিৱে বোলে পুৰন্দৰ কহা সত্য উত্তৰ
কহা তুমি স্বৰূপ বচন।

পদঃ নৰ্ত্তকী মানিছে সাক্ষী কহা তুমি ধৰ্ম্ম ৰাখি
বেউলাৰ যতেক বিৱৰণ।
শুনিয়া শিৱৰ কথা ইন্দ্ৰে কৰে হেট মাথা
কত বেলি গুণি চাইলা মনে।।
পদ্মা গৈলা মোৰ পুৰি ঊষাক আনিলা হৰি
বিবাদ নাজানো কি কাৰণ।
শিৱে বোলে ৰবিসুত কহা কথা অদভুত
বেঊলাৰ যত বিৱৰণ।।
যমে বোলে শূলপাণি আমি সবে ভাল জানি
পূৰ্ব্বৰ আছে যতেক কাৰণ।
পদ্মা গৈলা সুৰপুৰি ঊষাক আনিলা হৰি
প্ৰাণ দিলা সাগৰৰ তীৰে।।
মোৰ সঙ্গে দম্ভ কৰি লৈয়া গৈয়া নৰপুৰি
জন্ম দিয়া বণিয়াৰ ঘৰে।
বিহা ৰাত্ৰি নিশাভাগে লখাইক খাইলা কালীনাগে
বিবাদ বাঢ়িলা সি কাৰণ।।
নাৰায়ণ দেৱ কয় সুকবি বল্লভ হয়
নাৰায়ণ দেৱৰ সুবচন।।

দিহাঃ হাৰে বেউলাৰ ৰূপে আকুল শূলপাণি।

পদঃ ভাল হ’ল কুশল হ’ল মৰিল লখিন্দাৰ।
নাতিনী সম্বন্ধে দুয়ো পাতি খাওঁ ঘৰ।।
শিৱে বোলে শুনা বেউলা কহো তোমাৰ ঠাই।
নাজানি ৰাখিলে তাৰ কিছো দোষ নাই।।
বাণৰ সম্বন্ধে তই হোৱ যে নাতিনী।
চান্দৰ সম্বন্ধে হোৱ নাতিৰ ঘৰিণী।।
আমি বৃদ্ধ বুলি কিছো নকৰা সংশয়।
সৰ্ব্বজনে বোলে আমাক মৃত্যুঞ্জয়।।
তাহা শুনি বেউলাই লাগে কান্দিবাৰে।
স্বামীৰ দাৰুণ শোকে পৰাণ বিদাৰে।।
তাহা শুনি চণ্ডিকাই কহিলা আগবাঢ়ি।
লাজ নাই ভাঙ্গাৰা তোৰ মুখে পকা দাৰি।।
স্বামী মৰি আছে তাই হৈ আছে বাঁৰী।
সভাৰ মাজত কৰা এতেক চাতুৰী।।
শিৱে বোলে শুনা পদ্মা আমাৰ উত্তৰ।
ইন্দ্ৰ যমে দিলা সাক্ষী নামানিব তাৰে।।
শিৱে বোলে শুনা বেউলা আমাৰ উত্তৰ।
কোন নাগে স্বামীক খাইছে তাৰ নাম ধৰ।।
তাহা শুনি বেউলাৰ হৰষিত মন।
নাগক চাহিবে প্ৰতি কৰিলা গমন।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
নাগৰ চাহান বুলি একেই লেচাৰি।।

দিহাঃ (এ হে ৰে হে) নাগ চাও বেউলা।

পদঃ অনন্ত বৰকট নাগ চাহিলেক আগে।
বাকৰাজ ব্ৰহ্মজালক চাহিবাক লাগে।।
কাহালগোম চাহিলেক নাগ জলেশ্বৰ।
কালৰাজ কঙ্কৰাজ নাগ হুৰমাৰে।।
আন্ধসুয়া নাগছাত্ৰ মাচুৱা কুমাৰী।
চকৰিয়া বোধছাত্ৰ বাসৱ কেশৰী।।
চোৰ পিঙ্গল নাগ চাহিলে কচিমা।
পৰ্ব্বতীয়া নাগ চাহিছে তুয়া উত্তম।।
নাগ চাই বেউলাই নাগৰ কৰে লেখা।
স্বামী খোৱা কালীনাগক নাপালেক দেখা।।
নাগ নাপাই বেউলাৰ শোকাৰুণ মন।
হেন কালে নেতাৱতী দিলা দৰিশন।।
চক্ষু ঠাৰ দিয়া নেতা বেউলাক বোলে।
লুকাই ৰাখিছে পদ্মাই খাটৰ তলে।।
মাওঁ বুলি প্ৰণামিলা পদ্মাৰ চৰণে।
টান দিয়া বাহিৰ কৰিলা সভা বিদ্যামানে।।
লাজ পাইলা সদাশিৱে হাসিলা পাৰ্ব্বতী।
লাজে মাথা নুতোলয় জয় পদ্মাৱতী।।

দিহাঃ (অনেৰে হে) নাগ থৈয়া খাটৰ তলে।

পদঃ নাগ থৈয়া খাটৰ তলে আমাৰ ভাণ্ডয় ছলে
এই নাগে স্বামীক খাইলা মোৰে।
সুৱৰ্ণৰ লাঞ্জ দিয়া ৰাখিছে তাক ঢাক দিয়া
খসাই দেখাই সভাৰ ভিতৰে।।
লজ্জা পাইলা বিষহৰি আছে তল মূৰ কৰি
ক্ৰোধ কৰি লগে কহিবাৰ।
নাৰায়ণ দেৱে কয় সুকবি বল্লভ হয়
কহে দেৱ মনসাৰ কিঙ্কৰ।।

দিহাঃ ঐ আৰে আমিতো নাপাৰো লখাইক জীয়াইবাৰে,
বালাক জীয়াইবাৰে, তুমিতো সুন্দৰী বেউলা ফিৰি
যাওৱা ঘৰে।

পদঃ এতেকে চাতুৰ কৰ বণিয়াৰ জীয়াৰী।
নিজীয়াইলে লকাই দেৱে কি কৰিতে পাৰি।।
স্বৰ্গত বসিয়া আছে যত দেৱগণে।
কৰিবাক পাৰো ভস্ম বিষয়ৰ নয়নে।।
কেৱল ভৰষা কৰা শঙ্কৰ ভৱানী।
মোৰ বিষে দুইজন হৈ আছে পানী।।
বাপ হেন সম্বন্ধ মই নকৰিলো মতে।
বিষ দিয়া সদাশিৱৰ বধিলো পৰাণে।।
দেৱগণে স্তুতি বাক্য কৰিলা আমাৰে।
সেই কাৰণে জীয়াই দিলো দেৱ মহেশ্বৰে।।
মাও হই দুৰ্ব্বাক্য মোক বুলিলা ভৱানী।
সৰ্বৰূপ ধৰি তাইৰো বধিলো পৰাণি।।
মিতা হৈয়া ভজিয়া কহিলা মোৰ ঠাই।
সি কাৰণে জীয়াই দিলো চণ্ডিকা সতাই।।
তোৰ দেখো হৰগৌৰীৰ এতেক অৱস্থা।
মোৰ কৰি চাৰি কোন আছয় দেৱতা।।
ৰাৱণ ৰাজা মৰিলেক শ্ৰীৰামৰ বাণে।
মন্দোদৰী কান্দে ৰামৰ ধৰিয়া চৰণে।।
চৰণে ধৰিয়া ৰামৰ কৰিলা মিনতি।
তবু জীয়াই নিদিলা কেনে ৰাম ৰঘুপতি।।
মথুৰাৰ ৰাজা আছিল কংসাসুৰ।
তাহাক বধিলা গৈয়া দেৱদামোদৰ।।
মাতুলী সকলে তাৰ ধৰিলা চৰণে।
তাক জীয়াই নেদে কেনে দেৱ নাৰায়ণে।।
সদাশিৱে বধিলেক ত্ৰিপুৰা অসুৰে।
তাক জীয়াই নেদে কেনে দেৱ মহেশ্বৰে।।
যত যত পদ্মাৱতী বোলয় গৰ্জ্জিয়া।
তল মুণ্ড কৰো দেৱ তাহাক শুনিয়া।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
নেতাৰ বচন বুলি একেই লেচাৰি।।

দিহাঃ কি ৰূপে তৰিবা ভৱ সিন্ধু ঐ বেউলা এই
ৰূপে তৰিবা ভৱ সিন্ধু।

পদঃ নেতা বোলে বেউলা তোৰ বুদ্ধি জ্ঞান নাই।
পাঞ্জাৰ নহলে কেনে বাছিবে লখাই।।
বেউলা বোলে শুনা শুনা অনন্তৰ আই।
কোনো কালে প্ৰভু মই অস্থি ৰাখা নাই।।
সমুদ্ৰৰ তীৰে নিয়া শাহুৰী সোণাই।
প্ৰভুৰ অস্থিগণ পুৰি কৰি আছে ছাই।।
স্ত্ৰী জাতি বামা বুদ্ধি যথা তথা ভয়।
একালশৰে কিৰূপ আসিবো মৰা লই।।
মৰা মনুষ্যৰ তনু তিনি দিনে ফুলে।
দুৰ্গন্ধ ৰহিয়া যায় অস্থি মাংস গলে।।
দুৰ্গন্ধ পাইয়া ভূত কৰয় প্ৰবেশ।
চাহিতে নাপাৰি তাক দেখিলে কুবেশ।
সঞ্জাত নাজাহ যদি আমাসাৰ বোলে।
অদ্যাপি শ্মশান দেখা গুঞ্জৰিৰ কুলে।।
নেতা বোলে শুনা বেউলা আমাৰ বচন।
মন দিয়া শুনা কহো যত বিৱৰণ।।
ক্ৰোধ কৰি পদ্মাৱতী যদি যায় ঘৰে।
ত্ৰিদশ কোটি দেৱগণে কি কৰিতে পাৰে।।
নেতাৰ বচনে বেউলাৰ বুদ্ধি উপজিলা।
ত্বৰিতে পাঞ্জাৰ আনি পদ্মাৰ আগে দিলা।।
অস্থি পাই পদ্মাৱতীৰ হৰষিত মন।
জীয়াওঁ জীয়াওঁ বুলি লখাইক বুলিলা বচন।।
যি স্থানৰ অস্থিগণ সি স্থানে লগায়।
নিৰীক্ষিয়া দেখিলেক আঁঠুৰ ঘিলা নাই।।
আছাৰিয়া পেলাই দিয়া জয় বিষহৰি।
এতেক চাতুৰি কৰা বনিয়া জীয়াৰী।।
নিজীয়াইলে লখাইক দেৱে কি কৰিতে পাৰে।
ক্ৰোধ কৰি পদ্মাৱতী লাগে কহিবাৰে।।
জীয়াই দিলে লখিন্দাৰ হৈয়া যাব খোৰা।
পদ্মাৰ মুখত শুনি এতেক বচন।
চৰণত ধৰিয়া বেউলাই জুৰিলা ক্ৰন্দন।।

দিহাঃ এহে মোৰ মাইৰে মাই, মাইৰে তুমি বৰ দুখীয়াৰ দাতা।

পদঃ বেউলা বোলে শুনা শুনা অনন্তৰ আই।
আৰ কিনো দিন প্ৰভুৰ অস্থি ৰাখা নাই।।
তোমাৰ চৰণে ধৰি বুলিলো বচন।
যদি মিছা বাক্য বোলো হুইব মৰণ।।
বেউলাৰ বচনে পদ্মা তুষ্ট হৈলা মনে।
শুদ্ধচিত্তে পদ্মাৱতী বসিলেক ধ্যানে।।
ধ্যান কৰি চাই পদ্মা বেউলাক বোলে।
সমুদ্ৰে গিলিয়া আছে ৰাঘোৱা বৰালে।।
পদ্মা বোলে শুনা নেতা ঘৰে চলি যাওয়া।
ঘিলা গোট আনা গৈ ৰাঘোৱা মাৰিয়া।।
পদ্মাৰ বচনে নেতা শুনিয়া শ্ৰৱণে।
জালো মালো দুই ডোমক লৈলা তেতিক্ষণে।।
সাগৰৰ পাৰে জালোই তনিলেক জাল।
মাছ কম্পে মগৰ কম্পে কম্পে ঘঁৰিয়াল।।
সাগৰ ঢাকিয়া জালোই মাৰিলেক জাল।
দৈৱ যোগে বন্ধ হ’ল ৰাঘোৱা বৰাল।।
মত্স্য গোট তুলিলেক নেতা যে সুন্দৰী।
ঘিলা গোট বাহিৰ ভৈলা মাছ গোট ছিৰি।।
মত্স্য গোট নামাৰিলা ধোৱাৰ কুমাৰী।
পুনৰপি সিলা নেতা হাতে সুচি ধৰি।।
ভটীয়াই গৈলা মত্স্য সাগৰৰ জলে।
ঘিলা লৈয়া নেতাৱতী পদ্মাৰ আগে মিলে।।
ঘিলা পাই পদ্মাৱতীৰ হৰষিত মন।
জীয়াওঁ জীয়াওঁ বুলি লখাইক বুলিলা বচন।।
পদ্মা বোলে শুনা বেউলা আমাৰ উত্তৰ।
জীয়াইবো লখাইক আগে অঙ্গীকাৰ কৰ।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
বেউলাৰ বচন বুলি একেই লেচাৰি।।

দিহাঃ সত্য কাঢ়ে বেউলাই।

পদঃ সত্য কাঢ়ে বেউলাই পদ্মাৰ গোচৰে।
নৱ লক্ষ বলি দি পুজিব শহুৰ সদাগৰে।।
যদি বা নুপুজে তোমাক শহুৰ সদাগৰে।
তবে পূজা কৰিবো মোৰ স্বামী লখিন্দাৰে।।
যদি বা নুপুজে তোমাক স্বামী লখিন্দাৰে।
পুনৰপি স্বামী মোৰ যাইবো যম ঘৰে।।
এহি শুনি পদ্মাৱতী হৰষিত মন।
লখাইক জীয়াইতে প্ৰতি কৰিলা যতন।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
লখাইৰ জীৱন পদ এক যে লেচাৰি।।

দিহাঃ জীয়াওঁ জীয়াওঁ বালা ও বালা চান্দোৰ সুত।
সৰ্ব্বাঙ্গে সুন্দৰ বালা গোন্ধ বণিয়াৰ পুত।।

পদঃ আৰাল কৰিয়া থৈলেক বালা লখিন্দাৰ।
পদ্মাৱতী সুমাই গৈলা তাহাৰ ভিতৰ।।
প্ৰাণ অপান সমান উদান ব্যান।
লখিন্দাৰৰ পঞ্চ অঙ্গ অৰে অধিষ্ঠান।।
মহামন্ত্ৰ জপি পদ্মা হুঙ্কাৰ মাৰিলা।
ক্ৰমে ক্ৰমে লখিন্দাৰৰ চাল-মাংস ভৈলা।।
পুণৰপি মহামন্ত্ৰ জপিতে লাগিলা।
ক্ৰমে ক্ৰমে লখিন্দাৰ চাল-মাংস ভৈলা।।
বীজমন্ত্ৰ জপি পদ্মা মাৰিলা চাপৰ।
উঠিয়া বসিলা লখাই সভাৰ ভিতৰ।।
উঠি বসি লখিন্দাৰে নাগক দেখিলা।
নাগক দেখিয়া লখাই ঢলিয়া পৰিলা।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
লখাইৰ জীৱন বুলি একেই লেচাৰি।।

দিহাঃ আৰো জাৰো বিষ নাই, এ হাইৰে ৰে হায়
লখাইৰ হাড়োৰ বিষ জাৰে পদুমাই।

পদঃ এক হাতে ধৰিলেক বেউলা সুন্দৰী।
আৰু হাতে ধৰিলেক জয় বিষহৰি।।
হাতে কৰি জাৰে কাপোৰে কেশ মুকলাই।
জাৰিতে লাগিলা পদ্মা আদ্য মন্ত্ৰ গাই।।
শূন্য বিষ উপজিলা সুৰ প্ৰকাৰে।
নামি গৈলা কালকূট পদ্মাৰ হুঙ্কাৰে।।
আদ্য মন্ত্ৰ গাই পদ্মা মাৰিলেক গাঁঠি।
যি দ্বাৰা উজাইলা বিষ সেই দ্বাৰে দিয়া ভাঠি।।
তিপনি ধৰিয়া পদ্মা মাৰিলা হুঙ্কাৰে।
নাম নাম ওৰে বিষ নাম ব্ৰহ্মদ্বাৰে।।
কেশত ধৰিয়া বোলে অনন্তৰ আই।
সমুদ্ৰ মন্থনৰ বিষ মলচিলা পাই।।
ব্ৰহ্মদ্বাৰ চাই পদ্মা মাৰিলে জোৰাল।
নাকে মুখে বাহিৰ হৈল নাগৰ গৰাল।।
বিষ নাই বুলি পদ্মা মাৰিলা চাপৰ।
উঠিয়া বসিয়া লখাই সভাৰ ভিতৰ।।
উঠি বসি লখিন্দাৰে অঙ্গক দেখিলা।
বেউলাৰ আৰে গৈয়া লুকাই ৰহিলা।।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
লখাইৰ জীৱন বুলি একেই লেচাৰি।।

দিহাঃ এ হিৰ নাৰে দেৱৰ পৰিধান ভূনি, এ কি
আৰে নেতাই দিলা আনি, পৰিধান কৰে লখিন্দাৰ।

পদঃ পৰিধান পুষ্পৰ মালা পিন্ধিলা চান্দোৰ বালা
হৰষিত বেউলা সুন্দৰী।
বেউলাৰ মুখ চাই কহিলা লখাই
কহা ইটো কাহাৰ নগৰী।।
চাৰি মুণ্ড অষ্ট কৰ দেখো মই ভয়ঙ্কৰ
কহা ইটো কাহাৰ নগৰ।
বিষম লোহাৰ ঘৰে বাহিৰ কৰিলা কি প্ৰকাৰে
ক’ত মোৰ পিতা চন্দ্ৰধৰ।।
প্ৰথম যৌৱন তোৰে এই বাৰ বত্সৰে
শুনা কন্যা আমাৰ উত্তৰ।
পালি পহৰিয়াগণ জাগি আছিল সৰ্ব্বজন
কিমতে লৈয়া আইলা মোৰে।।
লখাইৰ মুখ চাই কহিলা বেউলাই
শুনা প্ৰভু আমাৰ উত্তৰে।
বিয়াৰ ৰাত্ৰি নিশাভাগে তোমাক খাইলা কালীনাগে
জীয়াইলো মই দেৱতাৰ পুৰে।।
বেউলাৰ মুখে শুনি লখাই মুখে দুখ আনি
দুখে লখাই জুৰিলা ক্ৰন্দন।
নাৰায়ণ দেৱে কয় সুকবি বল্লভ হয়
নাৰাণ দেৱৰ সুবচন।।

দিহাঃ এ সুন্দৰ বেউলা নাচে বিভোল হুইয়া।

পদঃ বেউলা বোলে শুনা বাপ দেৱ ত্ৰিপুৰাৰি।
নিজীয়াইলা ছয় কোঁৱৰ ওজা ধনন্তৰী।।
যদি নিজীয়াই পদ্মা কুমাৰ ছয়জন।
তোমাৰ সাক্ষাতে আমি ত্যজিব জীৱন।।
শিৱে বোলে শুনা পদ্মা আমাৰ বচন।
সত্বৰে জীয়াই দেহ কুমাৰ ছয়জন।।
ক্ৰোধ কৰি পদ্মাৱতী লাগে কহিবাৰে।
পুনৰপি লখিন্দাৰ যাবো যমঘৰে।।
আগে সত্য কৰিয়াছা দেৱতা গোচৰে।
নৱ লক্ষ বলি দিয়া পূজিবি আমাৰে।।
বেউলা বোলে শুনা আই হুইয়ো সাৱধান।
সাগৰে ডুবিয়া আছে ডিঙ্গা চৈধ্যখন।।
চৈধ্যখন ডিঙ্গা তুলি দেহ যত্ন কৰি।
তেবেসে পূজিবো তোমাক চান্দ অধিকাৰী।।
যাওঁ ধনে জনে মই সম্পূৰ্ণ হৈয়া।
তেবেসে পূজিবো চান্দো হৰষিত হৈয়া।।
এত শুনি পদ্মাৱতীৰ হৰষিত মন।
নেতা নেতা বুলি পদ্মা ডাকে ঘন ঘন।।
লখিন্দাৰক জীয়াইলো মই কত যত্ন কৰি।
ছয় কোঁৱৰ জীয়াইতে লাগে ওজা ধনন্তৰী।।
বিলম্ব নকৰা বৈনী শুনহ বচন।
ৰাক্ষসীৰ স্থানে তুমি কৰাহা গমন।।
পদ্মাৰ বচন নেতা শুনিয়া শ্ৰৱণে।
ত্বৰিতে চলিয়া যাই ৰাক্ষসীৰ স্থানে।।
তথা হৈতে আনি দিলা সাতগোট সুকতি।
সুকতি পাইয়া হৰষিত পদ্মাৱতী।।
সাত গোট সুকতি পদ্মা বিশেষ স্ৰজিলা।
মহামন্ত্ৰ জপি পদ্মা হুঙ্কাৰ মাৰিলা।।
আঙ্গামুৰি দিয়া সবে উঠিয়া বসিলা।
হাসিয়া হাসিয়া বোলে জয় বিষহৰি।
সাত কুমাৰ লৈ তুমি চলি যোৱা পুৰি।।
ডিঙ্গা তুলিতে প্ৰতি কৰিলা গমনে।
সঙ্গত চলিলা যতেক দেৱগণে।।
আমি অতি মন্দমতি নাজানো ভকতি।
ভৃত্যৰ নামে তুষ্ট হৈবা জয় পদ্মাৱতী।।
আস্তিক মুনিৰ মাতা বাসুৰি ভগিনী।
যিজনে কৰে পূজা খণ্ডাই বিঘিনি।।
সুকবি নাৰায়ণ দেৱৰ মধুৰ মূৰুতি।
গাওঁতাৰ গুচে দুখ শুনিতে মুকুতি।।
তোমাৰ চৰণে মাওঁ শত নমস্কাৰ।
বুঢ়া টুটা দোষ মানে ক্ষমিবা আমাৰ।।
নাম ভাবা নাম চিন্তা মুকুন্দ মুৰাৰি।
সবাৰো দুৰ্গতি খণ্ডোক বোলে জয় হৰি।।

-(অন্ত)