সমললৈ যাওক

বুঢ়ী আইৰ সাধু/সৰব্‌জান

ৱিকিউৎসৰ পৰা

সৰব্‌জান

 কোনো এখন গাঁৱত ফৰিং নামেৰে এটা খেতিয়ক মানুহ আছিল। মানুহটোৰ ঘৈণীয়েকজনী আপোন-পেটীয়া ভাৱৰ আছিল। ঘৰখনত মাথোন গিৰিয়েক আৰু ঘৈণীয়েক। সিহঁতৰ সন্তান-সন্ততি হোৱা নাছিল। মাঘ মহীয়া অলপ কিনকিনীয়া বৰষুণ। ৰাতিপুৱাই ফৰিঙে শোৱাৰপৰা উঠি ঘৈণীয়েকক কলে,— “আজি ডাৱৰীয়া বতৰ; মোৰ পিঠা খাবৰ মন গৈছে, তই পিঠা খনচেৰেক ভাজি দিব নোৱাৰনে? আজি ভাত নাখাওঁ বুলিছোঁ।” গিৰিয়েকৰ কথা শুনি ঘৈণীয়েকে কলে, “পিঠালৈ বৰাধান ক’তা? বৰাধানতো আমাৰ ভৰালত নাই।” গিৰিয়েকে কলে,—“তেন্তে কি হব? পিঠা খোৱা নহ’ল দেখিছোঁ।” ঘৈণীয়েকে উত্তৰ দিলে,— “যোৱাচোন, কাৰ ঘৰত বৰাধান মাৰিছে চোৱাগৈ। এগাল খুঁজিয়েই নহয় লৈ আহাগৈ।” ঘৈণীয়েকৰ কথা শুনি, গিৰিয়েকে অলপ পৰ তভক মাৰি ভাবি থাকি এটা বুধি সাজি, গাত এখন এৰীয়া কাপোৰ লৈ ওলাই গ’ল।

 ফৰিঙে ওচৰ-চুবুৰীয়া এঘৰত বৰাধানৰ মৰণা মৰা দেখি, মৰণাৰ ওচৰতে বহি তাৰ গিৰিহঁতৰ সতে ভাত খোৱা শাক খোৱা আদি সুখ-দুখৰ নানা কথা পাতিবলৈ ধৰিলে। ভালেখিনি পৰ সেইদৰে কথা পাতি তাতে বহি আছিল। মৰণাৰ ধান সৰিল। গিৰিহঁতে খেৰ জোকাৰি ধানবোৰ এফলীয়া কৰিলে। এনেতে ফৰিঙে তাৰ বৰকৈ পেট কামোৰাৰ ভাও ধৰি গাত লৈ থকা এৰীয়া কাপোৰেৰে সৈতে ধানৰ ওপৰত বাগৰ দিলে। একেই কুকুৱা বৰাধান, তাতে এৰীয়া কাপোৰ, ধানে কাপোৰখন তেনেই সি সি ধৰিলে। ধানৰ ওপৰত ভালকৈ তিনি-চাৰি বাগৰ দি ফৰিং উঠি কেকাই কেকাই লাহেকৈ ঘৰলৈ উভতি আহিল। ঘৰ পাই ফৰিঙে এৰীয়া কাপোৰখন জোকাৰি এদোনমান ধান পালে। ঘৈণীয়েকে বৰাধান দোন দেখি ৰং পাই সিজাই ৰ’দত শুকাই-উবাই চাউল উলিয়াই পিঠাগুৰি খুন্দিলে। গধূলি ঘৈণীয়েকে ভাত ৰান্ধি ফৰিঙক খুৱাই অঁতাই পিঠাৰ খোলা পাতি পিঠা ভাজিবলৈ ধৰিলে। ভাত খাই উঠি ফৰিঙৰ টোপনি আহিলত ফৰিং শুই থাকিল। ঘৈণীয়েকে বাৰবুৰি পিঠা ভাজি ডলা এখনত থৈ অঁতাই, অন্তত সৰহখিনি পিঠা নিজে খাই, মাথোন খনচেৰেক পিঠা বাটি এটাত ভৰাই থৈ দিলে। ঘৈণীয়েকে শুবৰ সময়ত গিৰিয়েকক জগাই কলে, “পিঠা ভজা হ’ল; কিন্তু তোমাৰ সৈতে এটা কথা বান্ধো, কাইলৈ ৰাতিপুৱা আমাৰ দুয়োৰে ভিতৰত যেয়ে শোৱা পাটিৰ পৰা আগেয়ে উঠিব, সেয়ে তিনি ভাগৰ এভাগ পিঠা খাব, আৰু যি পিচত উঠিব সি দুভাগ খাবলৈ পাব। ফৰিং ঘৈণীয়েকৰ কথাত মান্তি হৈ শুই থাকিল।

 পিছদিনা পুৱা শোৱাপাটিৰ পৰা এটাও নুঠা হ’ল। ৰ’দ ওলাই পকিব লগা হ’ল, তথাপি দুয়োৰে কোনো নুঠে, দুয়ো টোপনিৰ ভাও জুৰি নাক ঘোৰ্ঘোৰাই শুই আছে। শেষত ফৰিঙে দেখিলে যে এইদৰে সি হাল-কোৰ বন-বাৰী পেলাই থৈ কিমান শুই থাকিব। ঘৈণীয়েকেই পিঠা দুভাগ খাওক, সি এভাগকে খাব। ইয়াকে ভাবি সি উঠি আহিল। গিৰিয়েকক উঠি অহা দেখি ঘৈণীয়েকে মাত লগালে,—“তুমি মোতকৈ আগেয়ে উঠিলা, এতেকে তোমাৰ এভাগ মোৰ দুভাগ।” গিৰিয়েকে উত্তৰ দিলে, – “বাৰু তয়ে খাবি দুভাগ।”

 ফৰিঙে পিঠা খাবলৈ গৈ দেখিলে যে পিঠা খনচেৰেক হে মাথোন আছে। সি ঘৈণীয়েকক সুধিলে,— “আৰু পিঠা ক’তা?” ঘৈণীয়েকে উত্তৰ দিলে,— “আৰু কৰপৰা পিঠা ওলাব। যি হৈছিল এটাইবোৰ এই বাটিতে আছে। তুমি তাৰে এভাগ খাই দুভাগ মোলৈ থৈ দিবা।” গিৰিয়েকে পেটে পেটে ভাবিলে যে এইটো বৰ আচৰিত কথা, এদোন ধানৰ মুঠেই এই কেইখন পিঠাহে হ’ল। বেৰত আঁৰি থোৱা ডলাখনলৈ এনেতে হঠাৎ তাৰ চকু গলত সি দেখিলে যে তাত পিঠাৰ সাঁচ বান্ধি আছে। সি সেই সাঁচবোৰ লেখি তিনিকুৰি পালে। কিন্তু ঘৈণীয়েকক সি একোকে নকৈ ওলাই আহি বাহিৰত বহিছিল, এনেতে ঘৈণীয়েকে বটাটো উলিয়াই আনি তাক তামোল-চালি কাটি দিওঁতেই, সি তামোল এখন হাতত লৈ ফকৰা মাতিলে,—

“নঙলাতে মঙল, এছাৰিতে দেও।
তিনিকুৰি পিঠা খালে নাজানিলে কেও॥”

 গিৰিয়েকৰ ফকৰাটো ঘৈণীয়েকে বুজিব পাৰি লাজত আগৰপৰা উঠি আহি কাষত কলহ লৈ পানী আনিবলৈ নৈৰ ঘাট পালেগৈ। ঘাটত কেবাজনীও চিনাকী তিৰোতা মানুহ দেখি তাই সিহঁতক সেই কথাটো ভাঙি কলে যে তাইৰ গিৰিয়েক সৰব্‌জান। তিৰোতা মানুহৰ কথা, ইজনী সিজনীৰ কাণত পৰি বহল হৈ গ’ল; আৰু সকলো গঞা মানুহে ফৰিঙক সৰব্‌জান বুলি জানিলে।

 ইতিমধ্যে এটা মানুহৰ ক’লা গৰু এজনী হেৰাইছিল; গৰুৰ গৰাকীয়ে পাঁচ দিন সেই গৰুজনী বিচাৰি নাপাই শেষত ফৰিং সৰব্‌জান বুলি শুনি ফৰিঙৰ কাষ পাই গৰুৰ কিবা ভু ফৰিঙে দিব পাৰেনে বুলি ফৰিঙক সুধিলে। দৈৱক্ৰমে সেইদিনা পুৱা ফৰিঙে তাৰ বাৰীৰ পিছফালে উলুৱনিৰ মাজত সেই ক’লী গাইজনী চৰি থকা দেখি আহিছিল। সেইদেখি ফৰিঙে তাক কলে,—“বাৰীৰ পিছফালে এই পিনেই বিচাৰি গ’লে তুমি তোমাৰ গৰুজনী পাবা।” মানুহটোৱে ফৰিঙৰ কথামতে গৈ থিতাতে গৰুজনী পাই আনিলে। ইয়াৰ পিচত ফৰিং যে বৰ প্ৰমাণী সৰব্‌জান সেই কথা চাৰিওফালে ডহডহীয়া হৈ পৰিল। এই কথা গৈ ৰজাৰ কাণত পৰিলগৈ। ইতি পূৰ্বে ৰজাৰ ঘৰত এক লাখ টকা বেচৰ সোণৰ হাৰ এডাল হেৰাইছিল। ৰজাই অনেক বিচাৰ খোচাৰ কৰি সেই হাৰডাল উলিয়াব নোৱাৰিলে। সেইদেখি ৰজাই সৰব্‌জানক হাৰ উলিয়াই দিবলৈ মাতিলে। এই কথা টেকেলাই ফৰিঙক ক’লত ফৰিং থিয়ৈ মুচকচ্ যোৱা যেন হ’ল। নগলেও ৰজাই কাটিব, গৈ হাৰ উলিয়াই দিব নোৱাৰিলেও কাটিব, আৰু সি সৰব্‌জান নহয় বুলি কলেও ৰজাই কাটিব। এতেকে সি কি কৰিব একে৷ ভাবি নাপাই, যি কপালত থাকে হব বুলি ঈশ্বৰক চিন্তি ৰজাৰ আগত উপস্থিত হ'লগৈ। ৰজাই সৰব্‌জানক অহা দেখি আদৰ-সাদৰ কৰি ঘৰৰ ভিতৰলৈ জলপান খুৱাবলৈ লৈ যাবলৈ ক’লত ফৰিঙক ৰজাৰ ঘৰৰ ভিতৰলৈ লৈ গৈ দৈ-গাখীৰ, কোমল-চাউল, গুড়েৰে ভালকৈ এটা জলপান খাবলৈ দিয়া হ’ল।

 ৰজাৰ দুজনী কুঁৱৰী; এজনীৰ নাম মাদৈ, এজনীৰ নাম হাদৈ। হাদৈয়েই ৰজাৰ সোণৰ হাৰডাল চুৰ কৰি লুকাই থৈছিল! সৰব্‌জান অহা শুনি ধৰা পৰিম বুলি হাদৈৰ মুখত পানী নাই। সেইদেখি সৰব্‌জানে জলপান খোৱা ঘৰৰ ওচৰতে হাদৈয়ে থিয় দি বেৰৰ জলঙাইদি জুমি সৰব্‌জানক চাই আছিল। ভয়ত সৰব্‌জানৰ মুখতো পানী নাই। সি দৈ-গাখীৰেৰে জলপান বাটি দেখি আপোনা-আপুনি কলে—“হা দৈ আজিয়েই খাই ল, কাইলৈ ৰজাই কি কৰে চিন নাই।” সৰব্‌জানে এইদৰে কোৱা শুনি সৰু কুঁৱৰী হাদৈয়ে ভাবিলে যে সৰ্ব্বনাশ। মোক সৰব্‌জানে ধৰিলে। ইয়াকে ভাবি কুঁৱৰীয়ে ওলাই আহি সৰব্‌জানৰ হাতত ধৰি কলে,— সৰব্‌জান মোৰ কথা তুমি নকবা, তোমাক যি লাগে মই তাকে দিম।” সৰব্‌জানে তেতিয়া বুজিবলৈ বাকী নাথাকিল যে হাদৈ নামৰ এই ৰাণীয়েই চোৰ। সি গহীন কৈ মাত লগালে,—“আইচু, আপোনাৰ কথা বাৰু নকওঁ, কিন্তু আপুনি হাৰডাল এতিয়াই আনি ৰজাৰ হাতনিপেৰাত থৈ দিয়কগৈ।” সৰব্‌জানৰ কথামতেই কুঁৱৰীয়ে হাৰডাল নি তেতিয়াই ৰজাৰ হাতনি-পেৰাত থৈ দিলে।

 পিছদিনা ৰজাই ৰাজসভালৈ সৰব্‌জানক মতাই আনি হাৰ কোনে চুৰ কৰি নিছে কব লাগে বুলি সোধাত সৰব্‌জানে ওলগ লৈ কলে,— “স্বৰ্গদেউ! বন্দীয়ে কোনেও হাৰ চুৰ কৰা নাপাওঁ। স্বৰ্গদেৱৰ হাতনিপেৰাতে হাৰ থকা মোৰ ভাব হয়।” তেতিয়াই ৰজাই, হাতনিপেৰা অনাই মেলি চালে। দেখিলে সঁচা, হাৰ তাতে আছে। কথাটো দেখি সকলো আচৰিত হ’ল। ৰজাই সৰব্‌জানক মাটি-বাৰী, ধন-বস্তু, বটা দি মান ধৰি ৰজাৰ সভাতে সভাসদ কৰি ৰাখিলে।

 এদিন ৰজাই হাতৰ মুঠিতে ফৰিং এটা সুমাই মুঠি মাৰি ধৰি সৰব্‌জানক—“মোৰ হাতৰ মুঠিত কি আছে কোৱা?” বুলি সুধিলত সৰব্‌জানে তাৰ তালু ফুটি জীৱ গ’ল যেন পাই, বেজাৰতে কলে—

“এক কলো লেখি
এক কলো দেখি,
হা দৈ বোলোতে ওলাল হাৰডাল
এতিয়াহে পৰিল ফৰিঙৰ মৰণৰ কাল।”

 ৰজাই সৰব্‌জানৰ নামটো জনা নাছিল। সেইদেখি “ফৰিঙৰ মৰণৰ কাল” শুনি হাতৰ মুঠিত থকা ফৰিঙৰ কথাটো কৈছে বুলি বুজি সন্তোষ পাই মুঠিৰ ফৰিঙটো এৰি দি সৰব্‌জানক নিজৰ গাৰ সাজ-কাপোৰ সোলোকাই দি বটা পিন্ধালে।

 এদিন ৰজাই হাতৰ মুঠিত শেলুক এটা লৈ সৰব্‌জানক “মোৰ হাতৰ মুঠিত কি আছে?” বুলি সুধিলত, সৰব্‌জানে থতমত খাই কলে, “স্বৰ্গদেৱ, বাৰেপতি শোলকো” ৰজাই শুনিলে, “বুৰেপতি শেলুক।” তেওঁৰ হাতৰ শেলুকৰ কথা হে সৰব্‌জানে কৈছে বুলি সৰব্‌জানক ৰজাই বহুত ধন-সোণ দিলে। আমাৰ কাপোৰ-কানি ক’লা হ'ল, ঘৰলৈ উভতি আহিলো।