সমললৈ যাওক

বুঢ়ী আইৰ সাধু/লট্‌কন

ৱিকিউৎসৰ পৰা

লট্‌কন

 এখন দেশত লট্‌কন নামেৰে এটা বৰ দুখীয়া বামুণ আছিল। বামুণৰ ঘৈণীয়েকজনী বৰ মুখ-চোকা আছিল। গিৰিয়েকে টকা কড়ি ঘাটি আনিব নোৱাৰে দেখি তাই সদায় গিৰিয়েকক দপালি থাকে। ঘৈণীয়েকৰ দপালনি খাই খাই এদিন বামুণৰ মনত বৰকৈ বেজাৰ লাগিল। সি ভাবিলে, “এই ঘৰৰপৰা ওলাই যাওঁ। ৰূপবান এগাল ঘটি আনিব নোৱাৰিলে আৰু ম‍ই ঘৰলৈ উভতি নাহোঁ। ইয়াকে ভাবি বামুণ পুৱাই ঘৰৰ পৰা গুচি গ’ল।

 বামুণ যাওঁতে যাওঁতে বেলি দুপৰ হ’ল। তেতিয়ালৈকে তাৰ পেটত খুদ-কণ এটিও পৰা নাই। ভোকে পিয়াহে বামুণক জৰ্জৰিত কৰিলে। এনেতে আলিৰ কাষতে বামুণে এখন মিঠৈৰ দোকান দেখি ওচৰ চাপি গ’ল। দুপৰীয়া মিঠৈৰ দোকানৰ গৰাকীটোৱে খ৷ই-বৈ উঠি তাৰ ৮ বছৰীয়া পুতেকক দোকান ৰখীয়া পাতি সিটো কোঠালীত অলপ শুইছিল। বামুণ দোকানৰ ওচৰত থিয় হলতে ল’ৰাটোৱে সুধিলে,— “তোমাক কি লাগে? তোমাৰ নাম কি?” বামুণে উত্তৰ দিলে,—“মই মিঠৈ খাবলৈ আহিছোঁ; মোৰ নাম মাখি” এই বুলি বামুণে টপ্‌কৰে মিঠৈ মুখত সুমাবলৈ ধৰিলে। বামুণৰ কাম দেখি ল’ৰাটোৱে বাপেকক মাতি কলে, – “বোপাই, বোপাই, মাখিয়ে মিঠৈ খাইছে।” বাপেকৰ চিলমিলকৈ টোপনি আহিছিল; পুতেকে তাৰ টোপনি ব্যাঘাত কৰা দেখি সি আমনি পাই উত্তৰ দিলে,– “মাখিয়ে মিঠৈ খাইছে যদি খাওক, তই মোক দিগদাৰি কৰি নাথাকিবি।” এই কথা শুনি বামুণে লাহেকৈ ল’ৰাটোক ক’লে,— “শুনিলি এতিয়া? তোৰ বাপেৰে মোক মিঠৈ খাবলৈ কৈছে।” এই বুলি বামুণে মিঠৈবোৰ খাই আধ্যা কৰিলে। ল’ৰাটোৱে দেখি সহিব নোৱাৰি আকৌ ৰিঙিয়াই বাপেকক কলে, – “বোপাই মাখিয়ে মিঠৈবোৰ খাই আধ্যা কৰিলে।” এইবাৰ বাপেকে ভেকাহি মাৰি দি কলে,—“আধ্যা কৰিলে যদি কৰক, তই কেপ্‌কেপাই নাথাকিবি।” ল’ৰাটোৱে এই কথা শুনি বাপেকক কথাটো ভালকৈ বুজাই কবলৈ ভিতৰলৈ উঠি গ’ল আৰু সেই সুৰুঙাতে বামুণে মিঠৈৰ দোকানীৰ হাতনি-পেৰাটো তাতে পৰি থকা দেখি তাৰপৰা দুকুৰি ৰূপ উলিয়াই লৈ পলায়ুৰ্দ্ধং কৰিলে। ল’ৰাটোৱে বাপেকক জগাই মাখিয়ে মিঠৈ থোৱা কথাটো ভাঙি কলত বাপেকে বাহিৰলৈ ওলাই আহি দেখিলে যে তাৰ মিঠৈ এটাইবোৰ খালে। সি তেতিয়া ল’ৰাটোক বৰকৈ খং কৰিলত ল’ৰাটোৱে কলে,– “মই দেখোন তোমাক গুৰিৰে পৰা কৈয়েই আছিলোঁ মাখিয়ে মিঠৈ খাইছে বুলি, তুমিহে ক’লা খাওক।” বাপেকে কলে,—“তই কৈছিলি, মাখিয়ে খাইছে বুলি; মানুহে খাইছে বুলি নকলি কিয়?” পুতেকে উত্তৰ দিলে,—“সি মোক তাৰ নাম মাখি বুলি কৈছিল।” বাপেকে কোন ফালে মানুহটো পলাই গ’ল পুতেকক সুধি লৈ তাৰ ঘোঁৰাটোত লৰালৰিকৈ উঠি সেই ফালেই খেদি গ’ল।

 বামুণে মিঠৈ খাই বেগাবেগিকৈ পলাই গৈ থাকি ভাগৰ লাগি বাটৰ কাষৰে গছ এজোপাৰ তলত বহি জিৰাইছিল। এনেতে হঠাৎ হাবিৰপৰা এটা গাহৰি ওলাই আহি বামুণৰ ফালে চোঁচা ললে। বামুণে উঠি গছজোপাৰ চাৰিওফালে ঘূৰিবলৈ ধৰিলে আৰু গাহৰিটোও ঘূৰিবলৈ ধৰিলে। এইদৰে দুয়ো ঘূৰি থাকোতে এবাৰ বামুণে খপ কৰে গাহৰিটোৰ নেজত ধৰিলে। বামুণে গাহৰিৰ নেজত ধৰি ঘুৰি থাকোতে তাৰ খোচোনাৰ পৰ৷ সেই ৰূপবোৰ এটকা এটকাকৈ গছজোপাৰ চাৰিওফালে সিঁচৰিত হৈ পৰিল। বামুণে গাহৰিৰ নেজডাল এৰিব নোৱাৰা হ’ল; কাৰণ এৰিলেই তাক গাহৰিয়ে সাং কৰিব।

 ইফালে মিঠৈৰ মালিকে ঘোঁৰাত উঠি গৈ সেইখিনি পাই দেখিলে যে এটা গাহৰিৰ নেজত ধৰি এটা মানুহে এজোপা গছৰ চাৰিওফালে ঘূৰিব লাগিছে। সি সেইখিনিতে তাৰ ঘোঁৰাটো ৰখাই ঘোঁৰাটোৰ পিঠিৰপৰা নামি বামুণক সুধিলে,–“ককাই তুমি গাহৰিটোৰ নেজত ধৰি তাক এইদৰে ঘুৰাই আছা কিয়?” বামুণে উত্তৰ দিলে,–“তোমাৰ কথাৰ উত্তৰ দিবৰ মোৰ আজৰি নাই। তুমি জানো দেখা নাই সেই টকাবোৰ?” সি কলে, –“দেখিছো।” বামুণে কলে,—“গাহৰিটো এইদৰে ঘূৰাই থাকিলে গাহৰিটোৱে পাকেপতি ৰূপ লাদি দিয়ে; সেইদেখি ঘূৰাইছোঁ।” মিঠৈৰ দোকানীয়ে এই কথা শুনি ভাবিলে — আজি মোৰ অনেক টকা লোকচান হৈছে, যদি এইদৰে এগাল টকা ঘটি লব পাৰে৷ তেন্তে ভালেই হয়। ইয়াকে ভাবি সি বামুণক কলে, “ককাই মোকো পাকচেৰেক ঘূৰাবলৈ দিবানে? ম‍ইও বৰ বিপদত পৰিছো। মোকো যদি পাকচেৰেক গাহৰিটো ঘূৰাই টকাচেৰেক ৰূপ ঘটিবলৈ দিয়া, বৰ উপকাৰ হয়। এটা জুৱাচোৰে মোক আজি বৰকৈ ঠগি মোৰ বহুত টকা চুৰ কৰি নিলে।” তাৰ কথা শুনি বামুণে কলে,—“তুমি বিপদীয়া পথিক, তোমাক উপকাৰ কৰিলে মোৰ পুইন হব, বাৰু ঘূৰুৱা।” এইবুলি সি ঘুৰি থাকোতেই গাহৰিৰ নেজডালত মিঠৈৰ দোকানীক ধৰিবলৈ কৈ, দোকানীয়ে ধৰিলত, সাউতকৰে নিজে এৰি দি লৰালৰিকৈ ৰূপবোৰ গোটাই লৈ দোকানীৰ ঘোঁৰাটোৰ পিঠিত উঠি ঢাপলি মেলি গুচি গ’ল আৰু দোকানীয়ে গাহৰিৰ নেজডাল এৰিব নোৱাৰি ঘুৰি থাকিবলৈ ধৰিলে, কাৰণ নেজডাল এৰি দিলেই গাহৰিয়ে তাক মাৰি পেলাব।

 বামুণ ঘোঁৰাত উঠি ভালেমান বাট গৈ গধুলি এঘৰত আলহী ৰ’লগৈ। ৰাতি সি তাতে খাই বৈ শুই থাকি ৰাতিপুৱাৰ আগতেই তাৰ ঘোঁৰাটো য’ত বান্ধি থৈছিল তাত ঘোঁৰাটোৰ মুখৰ আগৰ ঘাঁহবোৰৰ ভিতৰত ৰূপ দহ টকা সুমাই থৈ গুচি আহি আকৌ শুই থাকিলহি। ৰাতি ভালকৈ পুৱালত গৃহস্থ শুই উঠিল। আলহী বামুণেও উঠি লৰালৰিকৈ গৃহস্থক দেখুৱাই ঘোঁৰাটোৰ মুখৰ আগৰ ঘাঁহবোৰ জোকাৰি ৰূপ দহ টকা উলিয়ালে। গৃহস্থই দেখি আচৰিত মানি, কি কথা, কি ব্যৱস্থা তাক সুধিলত সি কলে,—“এই ঘোঁৰাটোৰ খাবলৈ বাকী থকা ঘাঁহবোৰৰপৰা নিতৌ ৰাতিপুৱা দহ টকাকৈ ৰূপ পাওঁ; আৰু তাৰেই মই প্ৰতিপালিত হওঁ।” বামুণৰ কথা শুনি গৃহস্থৰ লোভ লাগিল। সি ঘোঁৰাটো বামুণৰপৰা কিনি লবলৈ বৰকৈ খট্ বান্ধকৈ ধৰিলে। দৰ-দস্তুৰ কৰি সি ছশ টকা ৰূপত বামুণৰ পৰা ঘোঁৰাটো কিনি লবলৈ ওলাল। বামুণে প্ৰথমতে নিদিওঁ নথওঁকৈ শেহত কলে,– “বাৰু আৰু আঢ়ৈকুৰি অৰ্থাৎ ৬৫০ টকা দিয়া আৰু মই ঘৰলৈ যাবলৈ তোমাৰ ঘোঁৰাটো দিয়া। দি, তুমি নেৰা যেতিয়া মোৰ ঘোঁৰাটো লোৱা।” গৃহস্থই তাতে মান্তি হৈ ৬৫০ টকা আৰু নিজৰ ঘোঁৰাটো বানুণক দি বামুণৰ ঘোঁৰাটো ললে আৰু বামুণে লৰালৰিকৈ টোপোল৷ বান্ধি ৰূপগাল লৈ গৃহস্থই দিয়া সেই ন ঘোঁৰাত উঠি গুচি আহিল। আগেয়ে যি বাটেদি বামুণ গৈছিল সেই বাটেদিয়েই উভতি আহোঁতে সি সেই গছৰ তলত মিঠৈৰ দোকা নীয়ে তেতিয়ালৈ সেই গাহৰিটোৰ নেজত ধৰি ঘূৰি থকা দেখিলে। বামুণক দেখি মিঠৈৰ দোকানীয়ে মাত লগালে,—“মোক ভাল ঠগি গ’লা; ৰূপও নাই অথচ গাহৰিটোৰ নেজত ধৰি ঘূৰি ঘূৰি লেবেজান হলো।” বামুণে উত্তৰ দিলে—“ককাই মই তোমাক ঠগোৱা নাই, তুমি মোৰ কথা শুনি যদি লেখি লেখি এশ পাক গাহৰিটোক ঘূৰোৱা তেন্তে দেখিবা নিশ্চয় ১০০ টকা ৰূপ পাবা।” বামুণে দেখিছিল যে গাহৰিটো ঘূৰি ঘূৰি লাহে লাহে দুৰ্বল হৈ আহিছে আৰু এশ পাক ঘূৰিলেই সি পৰি মৰিব; সেইদেখি সি সেই কথা কৈছিল। বামুণে এইদৰে মিঠৈ দোকানীক কৈ ঘোঁৰা চেকুৰাই গুচি গ’ল। দোকানীয়ে অলপ উশাহ পাই ঘূৰাই থাকোতে অলপ পৰৰ পিচত গাহৰিটো পৰি মৰি থাকিল। তাৰ পিচত দোকানীয়ে ৰক্ষা পৰিলোঁ বুলি ভাবি তাৰ ঘৰলৈ উভতি গুচি আহিল। বামুণে ঘৰ পাই বামুণীৰ হাতত টকাবোৰ পেলাই দি কলে—“নে এইবোৰ ৰূপ।" ৰূপবোৰ দেখি বামুণীৰ মহা আনন্দ মিলিল।

⸺⸻