সমললৈ যাওক

বুঢ়ী আইৰ সাধু/বুধিয়ক শিয়াল

ৱিকিউৎসৰ পৰা

বুধিয়ক শিয়াল

 এদিন এটা শিয়ালে ভোকত কিবা খাবলৈ বিচাৰি এখন গাঁৱত মানুহৰ বাৰীয়ে ঘৰে লুংলুঙাই ফুৰিছিল। এনেতে সি এঘৰত ভঁৰালৰ চাঙত তলি-ফুটা ভগা দোণ এটাত লখিমীলৈ দিয়া পিঠা কিছুমান পালেগৈ। সি টেমাক-টেমাককৈ অকতিয়াই-পকতিয়াই পিঠাবো খাই শেষ কৰি, ভগা দোণটোৰ ফুটা তলিখন ঢাকি দিয়া কলপাতখন মূৰ জোকাৰি চেলেকিবলৈ ধৰিলে। সি মূৰপুতি চেলেকোতে চেলে-কোতে কলাপাতখন ফাটি ভগা দোণটো তাৰ মূৰেদি ডিঙিত গল-মণি হৈ পৰিল। কোনো প্ৰকাৰে শিয়ালটোৱে দোণটো ডিঙিৰপৰা গুচাব নোৱাৰিলে। শেষত এনে হ’ল, যে সি হাঁহ ছাগলী এটাও ধৰিব নোৱাৰা হ’ল; কাৰণ ডিঙিত ভগা দোণটোৰে লটংপটংকৈ সি হাবিৰপৰা বাহিৰলৈ ওলালেই মানুহে হৈ দিবলৈ ধৰে আৰু নিলগতে তাক দেখিলেই সকলোৱে “ধৰ গলমণিকাক” বুলি শিশুপাল খেদা দিয়ে।

 এদিন শিয়ালটোৱে হাবিয়ে হাৰিয়ে অনাই-বনাই ফুৰোঁতে এঠাইত এহাল বাঘ-পোৱালি লগ পাই দেখিলে যে সিহঁতৰ আগত কিছুমান মঙহ আছে। ততালিকে শিয়ালটোৱে সেই মঙহকে খাবলৈ বুধি সাজি নিলগৰ পৰা খৰপোচ কৰি দোণটো জোকাৰি মাত লগালে,—“হেৰ তহঁতৰ মাৰ-বাপেৰ কলৈ গ’ল অ’? মই অহাৰ গম পায়েই পলাইছে হবলা? সিহঁত ক’ত আছে ক?” শিয়ালটোৰ গেৰেহাগেৰেহ কথা শুনি বাঘ-পোৱালি দুটাই ভয়ত কোঁচমোচ খাই কোমল মাতেৰে উত্তৰ দিলে, – “আমাৰ আই-বোপাই দুয়ো চিকাৰলৈ গৈছে।” শিয়ালে কলে,—“বাৰু গৈছে, গৈছে, আহি পালেই ম‍ই আহিছিলে৷ বুলি কবিহঁক। চাচোন তহঁতৰ বাপেৰে তাহানি এইটো দোণেৰে মোৰ এদোণ ধন ধাৰে আনিলে, আজিলৈকে সি মোক সেই ধন ওভোতাই দিয়া নাই। মই আজি সৰহপৰ ৰব নোৱাৰো, সি আহিলেই তহঁতে তাক এই কথা কবি। মোৰ ভোক লাগিছে, হেৰ কিবা আছে যদি চাচোন মই খাই যাওঁ।” শিয়ালে এই বুলি পোৱালিলৈ মাক-বাপেকে থৈ যোৱা মঙহখিনি খাই নিজৰ পেট পূৰাই গুচি গ’ল।

 নিতৌ বাঘ আৰু বাঘিনী চিকাৰলৈ গলেই শিয়ালে আহি পোৱালিটোক ভাবুকি দি টিপতে সিহঁতৰ ভাগৰ মঙহখিনি খাই গুচি যায়। এইদৰে ভালেমান দিন যোৱাৰ পিছত পোৱালিকেটা শুকাই গৈ চেৰেল৷ হোৱা দেখি বাঘিনীয়ে কথাটো টং কৰি চালে— “ইহঁত কিয় এনেকুৱা হৈছে? আমি ইহঁতলৈ থৈ যোৱা মঙহ আমি ওলাই গলে কোনোবাই ইহঁতক ফাঁকি দি খায় নেকি?” বাঘিনীয়ে এইদৰে ভাবি গিৰিয়েকক কলে,—“শুনিছানে বোলো আজি তুমি পহু মাৰিবলৈ যাব নেলাগে, ময়ে অকলৈ যাওঁ। আমি নথকাত ইয়ালৈ কোনোবা আহে নে নাহে চাবলগীয়া হৈছে। আজি তুমি লুকাই চাই থাকা।” এইবুলি সেইদিনা বাঘক থৈ বাঘিনী অকলে চিকাৰ কৰিবলৈ গ’ল।

 আন দিনাৰ দৰে সেইদিনাও বাঘ-পোৱালিৰ আগত ভগা দোণ জোকাৰি ফাং-ফাং-ফোং-ফোংকৈ মঙহ খাবলৈ কাৰবাৰ কৰোতেই, নিলগত লুকাই থকা বাঘে শিয়ালৰ কাণ্ড দেখি সকলো বুজিব পাৰি হাউৰি মাৰি শিয়ালক খেদা মাৰি নিলে। টেঙৰ শিয়ালে কেতিয়াবা এনেকৈ সি ধৰা পৰিলে কি কৰিব সেই বুধি আগৰে পৰা আলচি ঠিক কৰি থৈছিল; সেইদেখি সি আগে আগে লৰি গৈ দুফেৰেঙনীয়৷ গছ এজোপাৰ কেৰেপৰ মাজেদি সৰকি লৰ মাৰিলে। বাঘো কোবেৰে সেই কেৰেপৰ মাজেদি সৰকি যাব খোজোতেই কেৰেপত চেপা খাই থাকিল। বাঘে কেৰেপৰ পৰা ওলাবলৈ যিমানকৈ চাটিফুটি ধৰ-ফৰ কৰিবলৈ ধৰিলে, সিমান টানকৈ তাত সি খাজ খাই চেপা খালে। বাঘৰ চিঞৰত হাবি তল-ওপৰ লাগি পৰিল। ম’হ, গৰু, পহু আদি জন্তুবোৰ চাৰিওফালে ফিৰিঙতি ভগাদি ভাগিল। বাঘৰ চিঞৰ শুনি বাঘিনীয়েও লৰি আহি সেইখিনি পালেহি। শিয়াল অলপ দূৰতে থিয় হৈ আছিল; সি বাঘিনীক দেখি কবলৈ ধৰিলে,- “ চাচোন, তোৰ গিৰিয়েৰক কেনে শালত দিলো। লোকৰ ধন ধাৰলৈ আনি শুজিবৰ মন নগৈছিল; এতিয়া কেনে পালি? তোকো মাৰিম বাপেৰে। তই ভালে ভালে দিয় যদি মোৰ ধন দে। ধন নাই যদি মোৰ তলতীয়া হৈ থাক, হাক- বচন মানি ফুৰ। নহলে তোৰ ৰক্ষা নাই, নিশ্চয় জানিবি। তোৰ পোৱালি কেইটাকো আজৰি কৰিহে এৰিম।”

 এনেতে বাঘটো ধৰফৰাই মৰিলেই। বাঘিনীয়ে একো উপায় নেপাই শিয়ালৰ অধীন হ’ল। সেইদিনাৰ পৰা শিয়ালে মুকলিমূৰী- য়াকৈ নিৰ্ভয়ে পৰৰ মূৰত খাবলৈ ধৰিলে। সি বাঘিনীক চিকাৰলৈ পঠিয়ায় আৰু ঠেঙৰ ওপৰত ঠেং তুলি দকচি খায়।

 ইয়াৰ কিছুমান দিনৰ পিচত বাঘিনীয়ে চোং সলাবৰ হ’ল। বাঘিনীয়ে পোৱালি দুটাক লগত লৈ নৈ এখন পাৰ হৈ আন এখন হাবিলৈ যাবলৈ কাৰবাৰ কৰিছে; শিয়ালো ওলাল। বাঘিনী আৰু পোৱালি দুটা নৈত সাঁতুৰি পাৰ হৈছে, শিয়ালেও নিজৰ মান ৰাখিবৰ নিমিত্তে মৰো-জীওঁ-সোঁ-আধিকৈ পানীত পৰিল। নৈৰ সোঁতত পৰি শিয়ালে থৰযুগুতি এৰি টলংভটং কৰি ককবকাই উটি যোৱা দেখি বাঘিনীয়ে তাক থাপমাৰি ধৰি লৈ গ’ল। শিয়ালে বামলৈ উঠিয়েই বাঘিনীক ভেকাহি মাৰি কলে,—“তই মোক কেলৈ তুলি আনিলি ঐ? তোক কোনে তুলিবলৈ মাতিছিল? তহঁত তিৰুতাবোৰৰ যদি অকণো বুধি আছে। বোলো মোক জলকোঁৱৰে ইয়াৰে চাইদোণ ধন দিব লাগে; সি মোক দেখিলে সদায় পলায়। আজি সি বুঢ়াৰ হাতত চেঙেলী পৰিছিল, তাক দেখা পায়েই ভালকৈ ধৰিছিলে৷, বোলো আজি মোৰ ধনবোৰ তাৰপৰা নুলিয়াই নেৰোঁ। সেইদেখি তাৰে সৈতে মোৰ জোঁটাপুতি লাগিছিল। তই সকলোবোৰ ভ্ৰষ্ট কৰিলি। ও হয়; তইনে৷ কিয় আগভেটা দি ধৰিছিলি কচোন?”

 এইদৰে ছল বুধি কৰি শিয়ালে নিজৰ মান ৰাখি আকৌ বাঘিনীৰ লগতে ঠাই ললে। বাঘ-পোৱালি দুটা লাহে লাহে জনা বুজা হৈ উঠিল। চিকাৰলৈ যাবলৈ সিহঁতে মাক আৰু শিয়ালেৰে সৈতে পাল বাঁটি ললে। শিয়ালৰ পালৰ দিন৷ শিয়ালে সিহঁতক নানা ছলাহী কথা কৈ গা সাৰে। এদিন শিয়ালে এৰাব নোৱাৰি বাঘিনীৰে সৈতে পহু মাৰিবলৈ ওলাল। শিয়ালে বাঘিনীক কলে, – “মই পহুৰ পটিৰ মুখত থাকো; তই সেইফালে গৈ পহু খেদি দেগৈ; পহু মোৰ ওচৰেৰে আহিলেই আৰু ক’ত সাৰিব?” শিয়ালৰ কথা মতে বাঘিনীয়ে পহু খেদি দিলে, কিন্তু শিয়ালে পটিৰ মুখত ধোবাং জুৰি পৰি থাকোতেই পহুৱে শিয়ালৰ পেটৰ ওপৰেদি লৰ মাৰিলে। গচকত শিয়ালৰ পেটৰ ছাল ছিগি গ’ল। পহু পলোৱাৰ পিছত বাঘিনী শিয়ালৰ ওচৰলৈ আহিলত, শিয়ালে তাইক গেথাই গেথাই কলে,—“শুনিছ নে হয়, শুনিছ? পহুটো এইফালে আহিলত মোৰ এনে হাঁহি উঠিল যে পহু ধৰা দূৰত থাওক, ম‍ই মোৰ হাঁহিটোকে ৰখাব নোৱাৰিলো। ইমান সৰু পহুটো মই হেন বীৰক ধৰিবলৈ দিয়া হাঁহিতে মোৰ পেট ফুটি পেটু-নাড়ী ছিগি ওলাই যাবলগীয়া হৈছিল।”

 এইবাৰো শিয়ালে বুধিৰে জিকি আকৌ কিছুমান দিন বাঘিনীৰ লগতে বহি খাবলৈ পালে। এইদৰে কিছুমান দিন থাকোতে বাঘ-পোৱালি দুটাই লাহে লাহে শিয়ালৰ টেঙৰালি বুজিব পাৰি তাক ধৰা পেলাবলৈ চান্দিলে। এদিন ৰাতি নিলগত আন শিয়ালে হোৱা দিয়া শুনি এই দোণ পিন্ধা শিয়ালটোৱেও লোভ সামৰিব নোৱাৰি হোৱা দিবৰ মনেৰে বাঘৰ ওচৰৰ পৰা আঁতৰি যোৱাত বাঘ-পোৱালি দুটায়ো তাৰ আঁতিগুৰি লবলৈ সি নেদেখাকৈ মনে মনে তাৰ পাছে পাছে গৈছিল আৰু যেতিয়া সি আঁতৰ হৈ নিশ্চিন্ত মনে হোৱা দিলে, সিহঁতে তাক ধূৰ্ত শিয়াল বুলি মনত খুকুৰি নথকাকৈ জানিব পাৰি একে চোচাই খেদি নি ধৰি থেকেচি মাৰি পেলালে।

⸻⸻