সমললৈ যাওক

বুঢ়ী আইৰ সাধু/বান্দৰ আৰু শিয়াল

ৱিকিউৎসৰ পৰা

বান্দৰ আৰু শিয়াল

 এটা শিয়াল আৰু এটা বান্দৰ আছিল। সিহঁতে দুয়ো সখি পতাই হেঁপাহ পলুৱাই খাই ফুৰিবলৈ আলচ কৰিলে। এদিন সিহঁতে ক’ত কি খাবলৈ পাওঁ ভাবি হাবিৰ মাজৰ ৰাজ-আলি এটাৰ কাষত লুকাই আছিল, এনেতে সেই বাটেদি গোটাচেৰেক মানুহে বিয়াৰ গাখীৰ-গুৰ, কল-কুঁহিয়াৰ ভাৰ বান্ধি লৈ যোৱা দেখিলে। তাকে দেখি শিয়ালে বান্দৰক কলে, – “সখি, সেই মানুহকেইটাই লৈ যোৱা বস্তুবোৰ খাব লাগিল; এতেকে এটা বুধি উলিওৱা যাওক। তুমি অলপ দূৰতে বাটৰ কাষৰ জোপা এটাৰ ভিতৰত লুকাই থাকা, মই এইখিনিৰ জোপা এটাতে লুকাই থাকো। সিহঁত যেতিয়া আহি আমাৰ ওচৰ পাবহি, মই মাতিম হোৱা আৰু তুমি মাতিবা খোৱা। দেখিবা সিহঁতে হঠাৎ আমাৰ ‘হোৱা’ 'খোৱা' শুনিলে ভয় খাই বস্তু পেলাই লৰ মাৰিব।”

 বান্দৰে আৰু শিয়ালে এই বুদ্ধি আলচি লুকাই থাকিল, মানুহ কেইটা আহি ওচৰ পালত, “হোৱা হোৱা” আৰু “খোৱা খোৱা’’ কৰিলত বাঘ কি ভালুক আহিছে বুলি মানুহকেইটা ভয় খাই ভাৰবোৰ তাতে পেলাই এৰি থৈ ভিৰাই লৰ মাৰিলে। মানুহকেইটাই পিয়াপি দি লৰ মৰা দেখি শিয়াল আৰু বান্দৰে ৰঙত দেও-দোপাল পাৰি ভাৰৰ বস্তুবোৰ লৈ গৈ হাবিত সুমুৱালে। বান্দৰে শিয়ালক কলে,—“সখি, আমি বস্তুবোৰ ইয়াতে খাবলৈ বহিলে যদি সেই মানুহকেইটাই সিহঁতৰ বস্তু বিচাৰি উভতি আহে, তেন্তে আমাক ইয়াতে পালে মাৰি আধ্যা কৰি বস্তুবোৰ কাঢ়ি লৈ গুচি যাব; এতেকে এটা কাম কৰা যাওক,— মই বস্তুবোৰ লৈ এই ওখ গছজোপাৰ ওপৰত উঠো আৰু তুমি তলত থাকা, তুমিতো আৰু গছত উঠিব নাজানা। ওপৰত মোৰ ভাগ বস্তু মই খাম। আৰু তোমাৰ ভাগৰ বস্তুবোৰ মই এটা এটাকৈ তললৈ পেলাই দি থাকিম। এতেকে তুমি মোক বস্তুবোৰ দাঙি দিয়া, মই ওপৰলৈ তুলি নিওঁ।” এই কথাত শিয়াল মান্তি হৈ বস্তুবোৰ দাঙি বান্দৰক দিবলৈ ধৰিলে আৰু বান্দৰে তুলি নি গছৰ ফেৰেঙনিত থবলৈ ধৰিলে। সকলোখিনি বস্তু থানথিত লগাই থৈ অতাই বান্দৰে গছৰ ডালত বহি মহা-সুখে নিশ্চিন্ত মনেৰে হেঁপাহ পলুৱাই খাবলৈ লাগিল। শিয়ালে গছৰ তলৰ পৰা মাত লগালে, “সখি মোৰ ভাগ ক’ত? বান্দৰে কল খাই বাকলিটো তললৈ পেলাই দি কলে, “সখি চাবা, সেইটি কল গৈছে ধৰিবা।" গাখীৰ খাই চুঙা আৰু টেকেলি তললৈ পেলাই দি কলে, “সখি, তোমাৰ ভাগৰ গাখীৰ গৈছে ধৰিবা।” কুঁহিয়াৰ খোৱা চোবা তললৈ পেলাই দি কলে, “সখি চাবা, কুঁহিয়াৰ গৈছে ধৰিবা। ” এইদৰে বান্দৰে শিয়ালক ফাকি দি সকলোবোৰ বস্তু খোৱা দেখি শিয়ালে খঙত গছৰ গুৰিকে কামুৰি আৰু মাটি আচুৰি-পিচুৰি মনৰ দুখ মনতে লৈ তাৰ পৰা গুচি গ’ল।

 এদিন বান্দৰে শিয়ালক এবাহ টেকেলীয়া কোদোৰ বহি থকা দেখি ওচৰ চাপি সুধিলে, “সখি কি কৰিছা?" শিয়ালে উত্তৰ দিলে, “এ সখি কিনো কম দেওহে, ৰজাই নেকি দবা-ৰখীয়া পাতিছে, সেইদেখি ৰজাৰ এই দবাটো ৰখি বহি আছোঁ।” বান্দৰে কলে— "সখি এচাপৰ বাওঁ দিয়াহে।” শিয়ালে উত্তৰ দিলে, “নোৱাৰোঁ দিব সখি, ৰজাই শুনিলে মোক কাটি দোছোৱা কৰিব। তুমি শুনা নাই নে নবজাওঁতেই গোঁ-গোৱাই আছে”। বান্দৰে কলে,— "নহয় সখি, লাহেকৈ এচাপৰ বাওঁ দিয়া, ৰজাই দুশুনে! মোৰ বৰ মন গৈছে।” শিয়ালে “বাৰু সখি, তোমাৰ কথানো পেলাওঁ কেনেকৈ লাহে লাহে চাপৰ দিয়েক বোৱা।" এইবুলি বান্দৰক কৈ শিয়াল সাউত কৰে আঁতৰ হ’ল। বান্দৰে ভবিষ্যতে কোদোৰ বাঁহত চাপৰ মাৰিলত, গোটেইবোৰ টেকেলীয়া কোদোৱে তাৰ হাতে-ভৰিয়ে, গায়ে-মুখে উবুৰি খাই পৰি কামুৰিবলৈ ধৰিলে আৰু বান্দৰৰ মুখ উখহি দোন যেন হ’ল। বান্দৰে তত নেপাই বাগৰি জুগৰি, চিঞৰি-বাখৰি শিয়াল সখিয়েকক মাতিলে, “সখি, সখি আহা মই মৰিলো।’’ শিয়ালে দূৰৰ পৰা উত্তৰ দিলে, –“কলটো খাই যে মোলৈ বাকলিটো পেলাই দিছিলা তাৰ উপকাৰ কৰিলো।” বান্দৰে মাতিলে, "সখি মোক ৰাখা, মই মৰিলো।” শিয়ালে উত্তৰ দিলে,— “গাখীৰ খাই যে শুদা টেকেলিটো মোলৈ পেলাই দিছিলা তাৰ হোৰ তুলিলো।" বান্দৰে মাতিলে - "সখি আহা ঐ। মই মৰিলো।” শিয়ালে “কুঁহিয়াৰ খাই যে মোলৈ চোবা পেলাই দিছিল৷ তাৰ পোটক তুলিলো।" এই বুলি কৈ বান্দৰক তাতে এৰি আঁতৰি গুচি গ’ল।

 ইয়াৰ বহুত দিনৰ পিচত বান্দৰে এদিন দেখিলে, শিয়ালে এডৰা বেজ কচু ৰখি বহি আছে। বান্দৰে তেতিয়া সেই কোদোৰ কথা একেবাৰেই পাহৰি গৈছিল। সি ওচৰ চাপি আহি শিয়ালক সুধিলে, “সখি কি কৰিছা? সেইডাল কি?” শিয়ালে হাঁহি-মুখেৰে বান্দৰৰ ফালে চাই মাত লগালে, “এইডৰা ৰজাৰ পূৰা কুঁহিয়াৰ। মোক ৰজা-ঘৰৰ পৰা ৰখীয়া পাতিছে দেখি ৰখি আছে৷। কিনো কৰিম দেওহে, বজাৰ হুকুম। " কুঁহিয়াৰৰ নাম শুনিয়েই বান্দৰৰ মুখৰ পানী ওলাল। বান্দৰে কলে,—“সখি মোক সৰু চাই এডালি খাবলৈ দিবানে?" শিয়ালে উত্তৰ দিলে,-"আও তুমিনো কি কোৱাহে, ৰজাৰ কুঁহিয়াৰ মই তোমাৰ কেনেকৈ খাবলৈ দিওঁ? ৰজাই শুনিলে মোকতো মাৰিবই, পেটৰ পোঁৱালিকো ছিৰি মাৰিব।” লুভীয়া বান্দৰে আকৌ ক’লে,- “নহয় সখি, মোৰ বৰ মন গৈছে, এডালি মনে মনে খাবলৈ দিয়া, ৰজাই গম নাপায়।” শিয়ালে ক'লে, “খাব খুজিছা খোৱা, তেহেলৈ মোৰ যি হয় হব, কিন্তু এডালিৰ বেছি নহয়।” শিয়ালৰ অনুমতি পোৱা মাত্ৰকতে খকুৱা বান্দৰে ডাঙৰ কচু এডাল আনি লৰালৰিকৈ চোৱাবলৈ ধৰিলে। তৎক্ষণাত বেজ- কচুৱে তাৰ মুখ খজুৱাই তত্ এৰুৱাই দিলে আৰু সি চিঞৰি গছৰ পাত সৰাই শিয়ালক মাতিবলৈ ধৰিলে, – “সখি মোক ৰাখা, মই মৰিলোঁ।” শিয়ালে উত্তৰ দিলে,–“কল খাই যে বাকলিটো মোলৈ পেলাই দিছিল৷ তাৰ উপকাৰ কৰিলোঁ।” বান্দৰে নাতিলে, – “সখি মৰিলোঁ।” শিয়ালে উত্তৰ দিলে, – “কুঁহিয়াৰ খাই মোলৈ চোবা পেলাই দিয়াৰ হোৰ তুলিলো।” বান্দৰে মাতিলে,—“সখি মোক ৰক্ষা কৰা, মৰিলোঁ।” শিয়ালে—“গুৰ খাই টেকেলিটো মোলৈ পেলাই দিয়াৰ পোটক তুলিলোঁ।” বুলি তাৰপৰা গুচি গ'ল।

 এই ঘটনাৰ অনেক দিনৰ পিচত এদিন বান্দৰে ফুৰিচাকি ফুৰোতে দেখিলে যে শিয়ালটো এটা পুৰণি পাটনাদৰ ওচৰত বহি আছে। পাটনাদৰ মুখখন মকৰা জালে ঢাকি থৈছিল। বান্দৰে আগৰ দুবাৰৰ কথা একেবাৰেই পাহৰি গৈ শিয়ালক সুধিলে, – “সখি কি কৰিছা?” শিয়ালে- “এ সখি কিনো কবা, ৰজাৰ ঘৰৰ এটা বিষয় মোৰ গাত সদায় লাগিয়েই আছে। ৰজাৰ এইখন কুঁৱৰীৰ যৌতুকত পোৱা দোলাৰ মোক ৰখীয়া পাতিছে, ৰখি আছোঁ।” বান্দৰে কলে,—“ৰজাৰ দোলাত উঠিবলৈ বৰ সুখ নহয় নে সখি? কেনেকুৱা এবাৰ ম‍ই উঠি চাওঁ দিয়াচোন।” শিয়ালে ক'লে, "নোৱাৰো দিব দেওহে, ৰজাই কেনেবাকৈ দোলাত কোনোবা উঠাৰ চিন পালে মোক আজৰি কৰিব।” বান্দৰ- "কি চিন পাবহে? লাহেকৈ উঠি নামি যাম। দিয়া মোৰ সখি, এবাৰ উঠি চাবলৈ দিয়া।” “যদি নেৰা, উঠিব খুজিছা, তেন্তে কোনেও নৌ দেখোতেই বেগতে উঠা” বুলি শিয়ালে কলে। বান্দৰে ৰজাঘৰীয়া দোলাত গা পেলাই সুখ পাবলৈ, তৎক্ষণাত টোৱাই-ভিৰাই জাপ মাৰি দি তাত পৰিলতে, মকৰাৰ জাল বিদাৰি গৈ বান্দৰ নাদত পৰি মৰিল।