বুঢ়ী আইৰ সাধু/পানেশৈ
পানেশৈ
এখন গাঁৱত এজনী বুঢ়ী আছিল। তাইৰ এটা মৰমৰ ল'ৰা আছিল। ল'ৰাটোৱে এদিন পাণনি চুৰুকি থাকোতে হঠাৎ হাঁহ-কণী এটা পাই মাকক দিলেগৈ। মাকে কণীটো ধোঁৱাচাঙৰ ওপৰত তুলি থলে। কণীটো ফুটি তাৰ পৰা এজনী দিব্য ছোৱালী হৈ মনে মনে ধোঁৱাচাঙতে লুকাই থাকিল। বুঢ়ী ফুৰিবলৈ গলে ছোৱালীজনীয়ে সদায় চাঙৰপৰা নামি আহি বুঢ়ীৰ ঘৰৰ পইতা ভাত খাই তপত এগাল ৰান্ধি থৈ মনে মনে চাঙৰ ওপৰত উঠি থাকেগৈ। এদিন বুঢ়ীৰ মনত গাজিলে—মই চৰুত পইতা ভাত থৈ যাওঁ, কোনে নো দিনৌ পইতা খাই তপত গাল ৰান্ধি থৈ যায়হি? বুঢ়ীয়ে এদিন বুধি পাতি ওচৰ-চুবুৰীয়াক ডাঙৰকৈ কলে, – “আজি মই দূৰলৈ ফুৰিবলৈ যাম। তহঁতে মোৰ ঘৰ চাবি দেই।” এই বুলি বুঢ়ীয়ে কৈ দুৱাৰৰ চুকত লুকাই থাকিল। আন দিনাৰ দৰে ছোৱালীজনীয়ে বুঢ়ী ওলাই গল ভাবি আহি পইতাগাল খাই তপত এগাল ৰান্ধি থৈ, বেৰেদি চাঙলৈ উঠি যাওঁতেই বুঢ়ীয়ে খপ্কৰে ছোৱালীজনীৰ ভৰিত ধৰিলে। বুঢ়ীয়ে তেতিয়া “তই ক’ৰ ছোৱালী? ইয়াত তই কেলৈ আছ?” বুলি সোধাত তাই আঁতিগুৰি সোপাকে ভাঙি বুঢ়ীক কৈ দিলে। সেইদিনাখনৰেপৰা তাই বুঢ়ীৰ ঘৰত দেখা শুনাকৈ থাকিল আৰু বুঢ়ীয়ে তাইৰ নাম পানেশৈ দিলে; অইন মানুহে এইজনী ক’ৰ ছোৱালী বুলি সুধিলে বুঢ়ীয়ে “মোৰ জী” বুলি কয়।
বুঢ়ীৰ পুতেক লাহে লাহে ডেকা হৈ উঠিল। পানেশৈকে তাৰ বিয়া কৰাবৰ মন গ’ল। কিন্তু লাজত সি মাকক একো কব নোৱাৰি ৰোষ-ঘৰৰ ভিতৰত ওখ চাঙত উঠি শুই থাকিলগৈ। ইপিনে মাকে পুতেকক বিচাৰি গোটেইখন খলক লগালে, পুতেক নাই। পাছে বুঢ়ীয়ে ৰোষ ঘৰ সাৰিবলৈ যাওঁতে চাঙৰ তলত তামোলৰ চোবা এখন পৰি থকা দেখি ওপৰলৈ চাই পুতেকক দেখি মাতিলে,— “বোপাই নামি আহ, তোক নই যিহুকে লাগে তাকে দিন।” তেতিয়া পুতেকে মাকক কলে যে তাৰ পানেশৈক বিয়া কৰাবৰ মন গৈছে। বুঢ়ীয়ে এৰাব নোৱাৰি মান্তি হৈ, পানেশৈয়ে গম নোপোৱাকৈ তলে তলে বিয়াৰ ঠিক কৰিলে। বিয়াৰ দিনা পানেশৈয়ে নৈৰ ঘাটত মাহ হালধি বাটি আছে, এনেতে সিফালৰ পৰা মগনিয়াৰ বুঢ়ী এজনী আহি পানেশৈক—“আই মোক মাহ দুটামান দিয়া” বুলি খুজি তাইৰ ওচৰতে বহিলহি। পানেশৈয়ে “যা ক’ৰ বুঢ়ী।মই ককাইৰ বিয়ালৈ মাহ হালধি বাটিছোঁ, তোক কেনেকৈ দিম?” এই বুলি কলে। বুঢ়ীয়ে “বাৰু আই ভাল ককায়েৰৰ বিয়ালৈ মাহ হালধি বটিছ; ছোৱালী কোন কব পাৰ নে?” এই বুলি সুধিলে। পানেশৈয়ে “নোৱাৰে৷ কব বাই; কোন নো কচোন?” বুলি বুঢ়ীক সোধাত বুঢ়ীয়ে কলে,—“ছোৱালী আৰু কোন হব আই, তোৰে লগত বিয়া পাতিছে।” পানেশৈয়ে কথাটো শুনি ভয় খাই বুঢ়ীক—“বাই মইনো এতিয়া কি কৰিম কচোন?” বুলি সোধাত বুঢ়ীয়ে কলে,—“তই ইকৰাৰ নাও এখন আৰু ইকৰাৰ বঠা এপাত লৈ, তহঁতৰ ঘৰৰ পিচত থকা বৰ পুখুৰীত খেলাই থাকগৈ। তোক মাতিলে কেতিয়াও নাহিবি। ৰাতি হলে পুখুৰীৰ পাৰতে থকা ছোৱা গছৰ মূঢ়াতে সোমাই থাকিবিহি” বুলি বুধি দি গুচি গ’ল। পানেশৈয়ে ঘৰলৈ আহি ইকৰাৰ নাও আৰু ইকৰাৰ বঠা এপাত লৈ পুখুৰীত খেলাই থাকিবলৈ ধৰিলে। মাকে মাতেহে মাতে, পানেশৈ নাহে। পানেশৈ নহা দেখি মাকে বিনাই বিনাই মাতিলে—
- “পানেশৈ পানেশৈ মোৰ আই পানেশৈ
- মোৰ ঘাটে চপাই দে নাও।
- দুমুঠি দি যাম চাৰি মুঠি
- ডিঙিতো পিন্ধাম হাৰ।
- খাটলিপীৰাতে বহি ভাতে খাবি
- বেটীয়ে ধৰিব আল।"
পানেশৈয়ে মাকক উত্তৰ দিলে—
- দুহাতে দুমুঠি নলওঁ চাৰি মুঠি
- তোৰ ঘাটে নচপাওঁ নাও।
- খাটলিপীৰাতে বহি ভাতে নাখাওঁ
- বেটীয়েও নধক আল।”
ককায়েকেও পানেশৈক মাতিলে—
- “পানেশৈ পানেশৈ মোৰ ভনী পানেশৈ
- মোৰ ঘাটে চপাই দে নাও।
- দুহাতে দুমুঠি দি যাম চাৰি মুঠি,
- ডিঙিতো পিন্ধাম হাৰ।
- খাটলিপীৰাতে বহি ভাতে খাবি,
- বেটীয়ে ধৰিব আाল।"
পানেশৈয়ে উত্তৰ দিলে, –
- “ককাইদেউ ককাইদেউ, অ’ মোৰ ককাইদেউ,
- তোৰ ঘাটে নচপাওঁ নাও।
- দুহাতে দুমুঠি নলওঁ চাৰি মুঠি,
- ডিঙিতো নিপিন্ধো হাৰ |
- খাটলিপীৰাতে বহি ভাতে নাখাওঁ,
- বেটীয়ে নধৰক আল।
- আগেয়ে আছিলা মৰমৰ ককাইদেউ
- এতিয়া হলাহি স্বামী।”
পানেশৈয়ে এইদৰে কৈ একোতে নাহিলত, মাক আৰু ককায়েক বেজাৰত ঘৰলৈ গুচি আহিল। দিনত পানেশৈয়ে ইকৰাৰ পাতৰ নাও আৰু বঠা লৈ এইদৰে খেলাই ফুৰে, ৰাতি ছোৱা গছৰ মূঢ়াতে, সোমাই থাকে।
এদিন ককায়েকে ছোৱাৰ মূঢ়াৰ ওপৰত উঠি বৰশী বাইছিল। বৰশীত মাছে নুখুটি কেৱল কাণীপুঠি দুটামানে খুটিছিল। দেখি পানেশৈয়ে মূঢ়াৰ ভিতৰৰ পৰা মাত লগালে—
“একো মাছে নোখোটে, খোটে কাণীপুঠি।
ককায়ে বৰশী বায় ছোৱা মূঢ়াত উঠি।”
এইদৰে কেবাবাৰো মাতি আছে। ককায়েকে শুনি থাকি ইয়াতনে৷ কি আছে বুলি মূঢ়াটো কুঠাৰ এখন আমি চিটাচিট কৰি পেলালেহি। এনেতে সেই মগনিয়াৰ বুঢ়ীজনী আহি এচটা খৰি খুজিলে। সি খঙত জ্বলি উঠি কলে,—“বেটী তয়ে মোৰ বিয়াখন ভাঙিলি। এতিয়া আকৌ খৰি বিচাৰি আহিছ। যা তোক খৰি নিদিওঁ।” বুঢ়ীয়ে নৈৰ পলশবোকাত চিটিকি পৰি থকা চলি এচটাকে লৈ গুচি গ’ল। চলি চটা বুঢ়ীয়ে ধুই পখালি ধোঁৱাচাঙত তুলি থলেগৈ, পানেশৈ সেই চলিতে সোমাই আছিল। বুঢ়ীয়ে বাহিৰলৈ ওলাই গলে, পানেশৈয়ে চৰুৰ পইতাগাল খাই তপত ভাত ৰান্ধি থয়। এইদৰে বহুতদিন গ'ল, এদিন পানেশৈ বুঢ়ীৰ হাতত ধৰা পৰিল। দিনত পানেশৈয়ে বুঢ়ীৰ ঘৰত খুৰী ঘিলাহাঁহ এজনী হৈ থাকে, ৰাতি ছোৱালী হৈ বুঢ়ীৰ লগতে শুই থাকে। এদিন ককায়েকে এই বুঢ়ীৰ চোতালতে সমনীয়া ল’ৰা দুটামানৰ সৈতে ঘিলা খেলি আছিল। পানেশৈ খুৰী হাঁহজনী হৈ ওচৰতে টোক্ টোকাই আছিলহি। ককায়েকে ঘিলাটো মাৰি দিলতেই তাই থাপ মাৰি লৈ গ’ল। ককায়েকে ভাবিলে “এইজনী হাঁহতো কম নহয়; এই হাঁহ নহয়, কিবাহে” ইয়াকে ভাবি সি ৰোষ-ঘৰত সোমালহি। মাকে কি হৈছে বুলি তাক সুধিলত সি কলে,—“বুঢ়ীৰ ঘৰৰ হাঁহজনী মোক লাগে।” মাকে মগনীয়াৰ বুঢ়ীক বৰকৈ ধৰি ৰূপবান দি হাঁহজনী আনি পুতেকক দিলে। পুতেকে হাঁহজনী আতোলতোলকৈ মৰম কৰি ৰাখে আৰু ৰাতি নিজৰ লগতে শোৱাপাটীত শুৱাই থয়। এদিন মগনিয়াৰ এজনীয়ে ল’ৰাটোৰ পৰা সকলো বৃত্তান্ত শুনি কলে, – “বোপাই সেইজনী হাঁহ নহয় তোৰ পানেশৈহে। আজি ৰাতি তই টোপনিৰ ভাও জুৰি পৰি থাকিবি তোক হাঁহজনীয়ে খুটিব, কিন্তু তই নুঠিবি। তেতিয়া তোৰ টোপনি আহিছে ভাবি তাই মোট সলাই বাহিৰলৈ যাওঁতেই তই মোটটো তুঁহজুই একুৰাত সুমাই দিবি। তাই তেতিয়াই ভিতৰলৈ লৰি আহি মুচকচ্ গৈ পৰিব। তেতিয়াই তাইৰ মূৰত তেল পানী নেমুটেঙা থপিয়াই দিবি আৰু বিচনিৰে বিচিবি। তেনে কৰিলে তাই জ্ঞান পাব।” এই বুলি মগনিয়াৰ বুঢ়ী গুচি গ’ল। ল’ৰাই ৰাতি ঠিক মগনিয়াৰ বুঢ়ীয়ে কোৱাৰ দৰেই কৰিলত, হাঁহজনী এজনী দিব্য ছোৱালী হৈ পৰিল। তায়ে সেই পানেশৈ। ইয়াৰ পিছত সি তাইক বিয়া কৰাই ঘৰ পাতি বহুত দিন সুখেৰে কটালে।