সমললৈ যাওক

বুঢ়ী আইৰ সাধু/দীঘল ঠেঙীয়া

ৱিকিউৎসৰ পৰা
 

দীঘল ঠেঙীয়া

 এজনী বুঢ়ী আছিল। তাই এজাক গৰু ৰাখি গাখীৰ বেচি কোনোমতে টুক্‌-টুক্ টাক্‌-টাককৈ খাই আছিল। তাই শোৱা ঘৰটো বৰ পুৰণি। তাৰ চালৰ খেৰবোৰ উৱঁলি গৈছে দেখি উৰুখি বৰষুণত পানী পৰে। এদিন ডাৱৰীয়া ৰাতি তাই খাই বৈ উঠি শুবলৈ ধৰোতে—“এ প্ৰভু, দীঘল ঠেঙীয়াই নেপায় যেন” এই বুলি চাঙত উঠি শুই থাকিল।
 সেইদিনা ৰাতি এটা চোৰে বুঢ়ীৰ গৰু এটা চুৰ কৰি নিবলৈ বুলি আহি গোহালিৰ কাষতে লুকাই বহি, বুঢ়ী শুবলৈ বাট চাই আছিল। এটা বাঘেও বুঢ়ীৰ গৰু খাবলৈ মন কৰি এন্ধাৰে-মুন্ধাৰে মনে মনে আহি গোহালিৰ গৰু জাকৰ মাজত সোমাই বুঢ়ী শুবলৈ বাট চাই আছিল। বাঘ আৰু চোৰ দুয়ো বুঢ়ীয়ে কোৱা সেই কথাষাৰ শুনিলে। কিন্তু দীঘল ঠেঙীয়া মানে কি সিহঁতে বুজিব নোৱাৰি ভাবিবলৈ ধৰিলে, “দীঘল ঠেঙীয়াটো বা কি?”  বুঢ়ীৰ ভাত-ঘুমতি আহিল৷ চোৰে গৰু চুৰ কৰিবলৈ গোহালিত সোমাল। চোৰে ভাবিলে, “কোনটো গৰু ভাল কোনটো গৰু বেয়া। এন্ধাৰে-মুন্ধাৰে কেনেকৈ চিনিম। এতেকে যিটো গৰুৱে তাৰ টিকাত হাত দিলেই জপিয়াই উঠিব সেইটোৱেই নিশ্চয় চেঙা আৰু ভাল হব।" ইয়াকে সি থিৰ কৰি এটা এটাকৈ গৰুবোৰৰ টিকাত হাত ফুৰালৈ ধৰিলে। সেইদৰে সি হাত ফুবাই চাই ফুবোতে বাঘটোৰ টিকাত হাত পৰিলত বাঘটো জপিয়াই উঠিল। চোৰে ভাবিলে,এইটো বৰ কাটন গৰু, ইয়াকে নিব লাগিব। ইয়াকে ভাবি সি বাঘটোৰ নেজডাল পকাই দি তাক খেদি লৈ যাব খোজোতেই বাঘে ভাবিলে,এইটো বুঢ়ীয়ে কোৱা কিবা দীঘল ঠেঙীয়াইহে মোক পালে। এই ভাবি বাঘে আকৌ জাপ মাৰি উঠিল। চোৰে ভাবিলে, “ই কম গৰু নহয়, ইয়াৰ পিঠিত নুঠিলে ইয়াক লৈ যাব নোৱাৰিম।” ইয়াকে ভাবি চোৰে জাপ মাৰি বাঘৰ পিঠিত উঠিলতে, বাঘে ঠিক তাক দীঘল ঠেঙীয়াই ভালকৈয়ে পালে বুলি থিৰ কৰি গোহালিৰ পৰা ওলাই চেকুৰি লৰ মাৰিলে। চোৰেও গৰুটোৰ কেৰামতালি দেখি বুজিলে,’সি গৰু নহয়, কিবা দীঘল ঠেঙীয়াহে। আজি মোক সঁচাকৈয়ে দীঘল ঠেঙীয়াইহে পালে।’ দুইও দুইকো দীঘল ঠেঙীয়া ভাবি ভয়ত তৎমৎ এৰিলে।
 চোৰক পিঠিত লৈ বাঘে ঢাপলি মেলি হাবিত সোমাবলৈ ধৰোতেই চোৰে মৰো-জীওঁকৈ বাঘৰ গলধনটো মোটোকাই ধৰিলে। তেতিয়া বাঘে ভাবিলে, ’অ ই দীঘল ঠেঙীয়া নহয়, ঘাৰ মোকোটোৱাহে।’ বাঘে ভয়ত আৰু বেগেৰে লৰ দিবলৈ ধৰিলে। চোৰে বাঘক ঘাৰ-মোকোটায়ো ৰাখিব নোৱাৰি শেষত বাঘৰ নেগুৰত হাত পৰিলত বাঘৰ লৰ আৰু চৰিল। লৰৰ কোবত চোৰটো বাঘৰ পিঠিত আৰু ৰব নোৱাৰি বাগৰি মাটিত পৰিল। কিন্তু সি বাঘৰ নেগুৰডাল ইমান বজ্ৰলেপ মুঠিৰে ধৰিছিল, যে নেগুৰডাল চোৰৰ হাতৰ মুঠিতে পেপা-কাঢ়ি ৰ’ল। বাঘ লৰমাৰি সাৰিল। সি হাবিৰ ভিতৰ পাই অলপ উশাহ লৈ ভাবিলে, তাক ঘাৰ-মোকোটোৱাই নহয়, পেঁপাকঢ়াইহে পাইছিল। ইফালে চোৰে হাতত নেগুৰডাল পিটিকি-চিটিকি চাই দেখিলে যে সেইডাল গৰুৰ কি আন জন্তুৰ নেজ নহয়,বাঘৰহে নেজ। তেতিয়াহে তাৰ ভয় লাগিবলৈ ধৰিলে। ৰাতি তেতিয়া ভালেমান আছিল। সেইদেখি সি ৰাতিটোৰ বাকীডোখৰ কটাবলৈ ওচৰৰে ওখ আম গছ এজোপাত উঠিল।

 ইফালে বাঘে হাবিত সোমাই তাক পেঁপা-কঢ়াই পোৱা কথা তাৰ লগৰীয়া ভাই বন্ধুহঁতক ক’লত, সিহঁতে গুণি গাঠি থিৰ কৰিলে যে ‘এইটো বৰ লাজৰ কথা হ’ল। সিহঁত বনৰ ৰজা। এতেকে সিহঁতৰ লগৰীয়া ভাই ৰজা এজনক পেপা-কঢ়াই এনে লঘু-লাঞ্চনা কৰিব ই বৰ অসহনীয় কথা। ইয়াৰ প্ৰতিকাৰ নকৰিলে, পেপা-কঢ়াই পোৱা সেই বাঘটোৰ মাথোন নেজডালহে গৈছে, সিহঁতৰ কিন্তু

অপমানত নাক-কাণ সোপাই যাব আৰু তাৰ বাহিৰেও পেপা-কঢ়া বুলি যদি কোনো জন্তু সিহঁততকৈ বলী হৈ ওলায়, তেন্তে সিহঁত ৰজাৰ শাৰীৰ পৰা গৈ খৰি-ভাৰী, পানী-ভাৰীৰ শাৰীত পৰিবগৈ।” সেইদেখি সকলোবোৰ বাঘে লৰালৰিকৈ মেল পাতি ইয়াকে আলচ কৰিবলৈ যে অলপো পলম নকৰি তেতিয়াই সিহঁতে পেপা - কঢ়াৰ বিৰুদ্ধে যুদ্ধ যাত্ৰা কৰি যোৱাটো উচিত।

 দুকুৰিমান বাঘে পেপা-কঢ়াক বিচাৰি চলাথ লগালে, কিন্তু ক’তো সিহঁতে পেপা-কঢ়াক নেদেখিলে। শেহত এটা বাঘৰ চকু সেই আমজোপাৰ আগত পৰিলত, সি পেপা কঢ়াক তাত বহি থকা দেখিলে। সেইটো পেপা-কঢ়া বুলি আঙুলিয়াই দেখুৱালত এটাইবোৰ বাঘে একেবাৰে হাউৰি মাৰি উঠিল। কিছুপৰ সিহঁতে ভাবি-চিন্তি বুধি এটা সাজিলে। পেপা-কঢ়াক ঢুকি পাবলৈ সিহঁতে এটাৰ পিঠিত এটা, আকৌ সেইটোৰ পিঠিত আন এটা, সেইদৰে উঠি উঠি ওখ হৈ গ’ল। চোৰে ভাবিলে যে এতিয়া সৰ্বনাশ। এতিয়াহে বিপাঙে মৰিলোঁ। তৎক্ষণাৎ চোৰেও এটা বুধি উলিয়ালে। সি দেখিলে যে, নিচেই তলত পেঁপা-কঢ়াই পোৱা বাঘটো। সেই নেগুৰখৰা বাঘটোক চোৰটোৱে গলগলীয়া মাতেৰে মাত লগালে, “খৰা, চাবি, চাবি, চাবি।” খৰা বাঘে ভাবিলে, ‘আকৌ পেপা-কঢ়াই আনবোৰক এৰি মোকেহে ধৰে নেকি?’ ইয়াকে ভাবি সি সুত্তি-বুদ্ধি হেৰুৱাই হাবিৰ ফালে লৰ ধৰিলে। সি তেনে কৰিলত, তাৰ পিঠিত এটা এটাকৈ উঠি ওখ হৈ যোৱা আটাইবোৰ বাঘ ঠল্ ঠল্ কৰে মাটিত সৰি পৰিল। সিহঁতেও ‘আমাকো পেপা-কঢ়াই পালে’ বুলি ভাবি বৰকৈ ভয় খাই তৰা নৰা ছিঙি লৰি হাবিলৈ পলাই গুচি গ’ল |

 চোৰে ৰাতিটো তাতে থাকি ৰাতি পুৱাতে গছৰ পৰা নামি তাৰ ঘৰলৈ গুচি আহিল; আৰু তেতিয়াৰে পৰা সি চুৰ নকৰো বুলি শপত খালে।