বুঢ়ী আইৰ সাধু/তেজীমলা
তেজীমলা
এক সাউদৰ দুজনী ঘৈণীয়েক আছিল। বৰজনীৰ এজনী মাথোন ছোৱালী আছিল, তাইৰ নাম তেজীমলা। সৰুজনীৰ কোনো ল’ৰা-ছোৱালী নাছিল। তেজীমলাৰ মাক তেজীমলাৰ কেচুৱা কালতে মৰিল, সেইদেখি মাহীমাকে তুলিতালি ডাঙৰ কৰিছিল। ঘৰখনত একেজনী ছোৱালী তেজীমলা বাপেকৰ বৰ চেনেহৰ আছিল; কিন্তু মাহীয়েকে হলে পেটে পেটে তেজীমলাক সমূলি দেখিব নোৱাৰিছিল; কেৱল গিৰিয়েকৰ ভয়তহে তাই তেজীমলাক প্ৰতিপাল কৰি ডাঙৰ দীঘল কৰিবলগীয়াত পৰিছিল।
আজি কালিকৈ তেজীমলা দহ- এঘাৰ বছৰীয়া হ’ল। সেই গাঁৱৰে ভাল মানুহ এঘৰৰ সমনীয়া ছোৱালী এজনীৰে সৈতে বাপেকে সখী বন্ধাই দিলে।
তেজীমলাৰ বাপেক বেপেৰুৱা মানুহ; বেহা-বেপাৰলৈ নগলে নচলে। সেইদেখি সততে তেওঁ চাৰিওফালে বেহাই ফুৰিবলগীয়াত পৰে। এইবাৰ ৬।৭ মাহলৈকে তেওঁ বেপাৰৰ নিমিত্তে দূৰলৈ যাব - লগীয়াত পৰিল। সেইদেখি তেওঁ যাবৰ সময়ত ঘৈণীয়েকক ওচৰলৈ মাতি আনি তেওঁৰ অতি আদৰুৱা তেজীমলাক ঘৈণীয়েকৰ হাতত গতাই দি কলে যে, “এইবাৰ মই ৬।৭ মাহলৈ বিদেশলৈ যাওঁ। তোৰ হাতত মোৰ তেজীমলাক গতালে৷। তাই আদৰুৱা ছোৱালী; তাইক মৰম-বেথা কৰি ভালকৈ ৰাখিবি।”
সাউদনীয়ে ভাবিলে, “এইবাৰ মোৰ বেছ সুবিধা হৈছে, এই কেইমাহৰ ভিতৰতে মই মোৰ চকুৰ-কুটা, দাঁত-শালটো পাৰিম। তাইক ঠেকেচি ঠেকেচি মোৰ মনৰ হেঁপাহ পলুৱাম।” আৰু তাই ভাবিলে, “অকল ঠেকেচিয়ে নেৰোঁ, সেইদৰে এৰিলে বাপেকে আহি সেই কথা কেনেবাকৈ বুজ পালে এখন হাই-উৰুমিৰহে বাহ হব। এই আপদৰ একেবাৰেই জইন মাৰিম। এইক বিয়া দিওঁতে মোৰ ঘৰৰ আদখিনি বস্তু এইৰ লগত উলিয়াই দিব লাগিব। এই হ’ল মোৰ সতিনীৰ জী। মোৰ কপালততো কোনো ল’ৰা-ছোৱালী নহলেই, সতিনীৰ এইটোকনো পোহ-পাল কৰি নিৰ্ব্বাহ দি মোৰ লাভ কি হব? বাপেকে এইৰ লগত যিখিনি ধন-বস্তু উলিয়াই দিব, সেইখিনি মোৰ আইৰ ঘৰলৈ সৰকালে উপকাৰ দিব। হেনজানি এইৰ দেউতাক উভতি অহাৰ আগতেই এটা বুধি কৰি এইৰ ওৰ পেলাব লাগিব।” ইয়াকে মাহীয়েকে ভাবি, সাউদে নাও মেলি যোৱাৰ দিনাৰেপৰা তেজীমলাৰ দায়ৰ চেলু বিচাৰিবলৈ ধৰিলে আৰু যিমান পাৰিলে তেজীমলাক অকলৈ পাই দুখ দিবলৈ ধৰিলে।
ইতিমধ্যে তেজীমলাৰ সখীয়েকৰ বিয়া আহিল। পৰহিলৈ বিয়া। সখীয়েকৰ ঘৰৰ পৰা তেজীমলাক বিয়ালৈ মাতি পঠিয়ালে। বিয়াৰ তিনি চাৰি দিন সখীয়েকৰ ঘৰত থাকি তেজীমলাই ৰং-ধেমালি কৰি নোৱাই-ধোৱাই সখীয়েকক বিয়া দিব লাগে। তেজীমলাৰো বৰ হেঁপাহ যে বিয়াৰ কেইদিন সখীয়েকৰ ঘৰত থাকি ৰং-ধেমালি কৰি তাই বিয়া খাব।
মাহীয়েকে অনেক দিনৰে পৰা আলচা কথা সিদ্ধি হবৰ আগন্তুক হৈছে ভাবি তেজীমলাক বিয়ালৈ যাবলৈ অনুমতি দি লোকক দেখুৱাই উৰুক-মৰুক কৰি তেজীমলাই বিয়াত পিন্ধিবলৈ কাপোৰ উলিয়াই ইটো জপা মেলিছে, সিটো জপা মেলিছে, ইটো পেৰা মেলিছে, সিটো পেৰা মেলিছে, “এইযোৰ কাপোৰ আমাৰ আইটি তোলৈ ভাল হব নে?” “এইখন ৰিহা সেইখন মেখেলাই তোক শুৱাব নে?” এনেবিলাক কথা কৈ মাহীয়েকে আড়ম্বৰ কৰিবলৈ ধৰিলে। মাহীয়েকৰ ভাল পাটৰ ৰিহা-মেখেলা এযোৰ আৰু এখন উত্তম গুণাৰ পাৰি দিয়া খনীয়াকাপোৰ আছিল; শেহত তাকে মাহীয়েকে উলিয়াই তেজীমলাক বিয়াত পিন্ধিবলৈ দি কলে,–“আইটি, এই কাপোৰযোৰ আৰু খনীয়াকাপোৰখনকে তোক পিন্ধিবলৈ টোপোলা বান্ধি দিওঁ। তই এতিয়া তোৰ গাত থকা কাপোৰ যোৰেৰেই সখীয়েৰৰ ঘৰলৈ যা, সখীয়েৰৰ ঘৰৰ ওচৰ পালেই টোপোলাত দিয়া ৰিহা-মেখেলা আৰু কাপোৰ পিন্ধিবি, ইয়াৰপৰা সেই কাপোৰ পিন্ধি গলে খোজকাঢ়ি যাওঁতে বাটত ধূলি-মাকতি লাগি ক’লা হব।” ইয়াকে কৈ মাহীয়েকে পাটৰ ৰিহা-মেখেলাযোৰৰ ভিতৰত মনে মনে এটা নিগনি সুমাই দি আৰু পাৰি দিয়া খনীয়াকাপোৰখনৰ ভিতৰত এটা আঙঠা বান্ধি দি টোপোলা এটা কৰি তেজীমলাৰ হাতত দিলে।
সখীয়েকৰ ঘৰ পাওঁ পাওঁ হওঁতেই তেজীমলাই মাহীয়েকৰ কথা মতে পাটৰ ৰিহা-মেখেলা আৰু পাৰি দিয়া কাপোৰ পিন্ধিবৰ মনেৰে টোপোলা মেলিলতে কাপোৰযোৰৰ ভিতৰৰপৰা এটা নিগনি ওলাই লৰ মাৰিলে আৰু কাপোৰযোৰৰ ভিতৰৰপৰা এটা আঙঠা সৰকি পৰিল। তেজীমলাই দেখি বিচুৰ্ত্তি হ'ল যে ৰিহা-মেখেলাযোৰ নিগনিয়ে কুটি থকাসৰকা কৰিলে আৰু পাৰিদিয়া কাপোৰখন ঠায়ে ঠায়ে পুৰিলে। ভয়ত তেজীমলাৰ মুখ শুকাই গ’ল, তাই ঠক্ ঠক্ক ৰে কঁপি ফেকুৰি কান্দিবলৈ ধৰিলে। লগত যোৱা মানুহেও এই কাণ্ড দেখি আচৰিত হৈ, শেহত, তেজীমলাক অনেক বুজাই-বৰাই নিচুকাই সখীয়েকৰ ঘৰলৈ লৈ গৈ তাৰপৰা এযোৰ ৰিহা-মেখেলা আৰু এখন কাপোৰ খুজি তাইক পিন্ধাই বিয়া চাবলৈ দিলে। বিয়াৰ পিচত তেজীমলা নিজৰ ঘৰলৈ উভতি আহিলত, মাহীয়েকে তাইক কাপোৰৰ কথা সুধিলত তাই ভয়ত কঁপি কঁপি সেই পোৰা আৰু কুটা কাপোৰৰ টোপোল৷ মাহীয়েকৰ আগত পেলাই দিলে। মাহীয়েকে কুটা আৰু পোৰা কাপোৰ দেখি কৃত্ৰিম খঙত জ্বলি-পকি তেজীমলাক নথৈ গালি-শপনি পাৰি মাৰি তাও কৰিলে। ইমান মাৰিও মাহীয়েকৰ হেঁপাহ নপলাল। পিছত তেজীমলাক টানি আনি মাহীয়েকে ঢেঁকীৰ আগত বহুৱাই ধান বঢ়াবলৈ লগাই নিজে ধুম ধুম কৰে ঢেঁকী দিবলৈ লাগিল। মাহীয়েকে ঢেঁকী দি থাকোঁতে এবাৰ হঠাৎ চাব মাৰি ঢেঁকীটো পেলাই দি তেজীমলাৰ সোঁহাতখন খুন্দি পেলালে। সোঁ- হাতখন খুন্দিলত তেজীমলাই যন্ত্ৰণাত চিঞৰি কান্দিবলৈ ধৰিলত বাঢ়নি মাৰিডালেৰে মাহীয়েকে তেজীমলাৰ পিঠিত কোবাবলৈ ধৰি তেজীমলাক বাওঁহাতেৰে খুবলিত ধান বঢ়াই দিবলৈ হুকুম দিলে। বাওঁহাতেৰে তেজীমলাই ধান বঢ়াই থাকোঁতে মাহীয়েকে সোঁহাতৰ দৰে তেজীমলাৰ বাওঁহাতখনো খুন্দিলে, বাওঁহাত খুন্দি তাৰ পিছত মাহীয়েকে তেজীমলাক সোঁ ভৰিৰে ধান বঢ়াবলৈ কৈ সোঁভৰিখনো খুন্দিলে আৰু তাৰ পিছত সেইদৰে বাওঁভৰিখনো খুন্দিলে। শেহত মাহীয়েকে তেজীমলাক মূৰেৰে ধান বঢ়াবলৈ কৈ তৈজীমলাৰ মূৰটোও খুন্দি পেলালে। তেজীমলা মৰিল।
এইদৰে গিৰিয়েকৰ আলাসৰ লাড়ু, চেনেহৰ তেজীমলাক মাৰি সাউদনীয়ে কোনেও নেদেখাকৈ লৰালৰিকৈ নি ঢেঁকীশালৰ পানী - পোতাতে গাঁত এটা খান্দি পুতি থলে।
তেজীমলাক পোতা ঠাই ডোখৰত কিছুদিনৰ মূৰত এজোপা লাওগছ গজি লহ-পহ কৰে ডাঙৰ হ’ল আৰু গছ ভৰি বঢ়িয়া বঢ়িয়া একোটা লাও লাগিল। ইফালে ওচৰ-চুবুৰীয়া মানুহে ভালেমান দিন তেজীমলাক দেখিবলৈ নাপায়, মাহীয়েকক তাইৰ বাতৰি সুধিলত মাহীয়েকে উত্তৰ দিলে,—“তেজীমলা সখীয়েকৰ ঘৰৰপৰা অহাই নাই।”
এদিন মাগনী বুঢ়ী এজনীয়ে সাউদনীৰ ঘৰৰ ঢেঁকীশালৰ চালত লাওবোৰ লাগি থকা দেখি সাউদনীৰ ওচৰলৈ আহি কলে, “আই মোক লাও এটি দিয়ক।” তেজীমলাক মৰাৰ দিনাৰ পৰাই মাহীয়েকে ঢেঁকীশালৰ ফালে যোৱা নাছিল দেখি লাওজোপ৷ তাইৰ চকুত পৰাই নাছিল। সেই দেখি তাই মাগনী বুঢ়ীক উত্তৰ দিলে,--“মই তোক লাও দিবলৈ ক’ত পাম? নিজেই আজি ভালেমান দিন লাও খোৱা নাই।” মাগনীয়ে কলে – “কিয় আই এনেকৈ কয়, আপোনাৰ ঢেঁকীশালৰ চালতে দেখোন লাও ভৰি লাগি আছে।” বুঢ়ীৰ কথা শুনি সাউদনীয়ে আচৰিত মানি ক’লে— “মই হলে দেখা নাই, তই দেখিছ যদি কেইটা লাগে ছিঙি নে গৈ।” বুঢ়ীয়ে এই কথা শুনি ' লাও-গছৰ ওচৰলৈ আহি লাও এটা ছিঙিবলৈ হাত মেলোতেই লাওজোপাই বিনাই মাত লগালে—
“হাতো নেমেলিবি লাৱো নিছিঙিবি, কৰে মগনীয়া তই।
পাট-কাপোৰৰ লগতে মাহী আই খুন্দিলে তেজীমলাহে মই।”
লাওগছে মতা শুনি বুঢ়ীয়ে ভয় খাই লাও নিছিঙি গুচি আহি সাউদনীক কলে,–“আই, লাও ছিঙিবলৈ হাত মেলোঁতেই মোক এইদৰে লাওজোপাই মাত লগালে। মোক আৰু লাও নেলাগে আই, মই গুচি যাওঁ।” এই বুলি মাগনী বুঢ়ী গুচি গ’ল। তেতিয়া সাউদনীয়ে কথাটোৰ আচল মানে ভালকৈ বুজিব পাৰি, কটাৰী এখন লৈ গৈ লাওগছজোপা কাটি টানি নি পিছফালে পেলাই দি গুচি আহিল।
লাওজোপা কাটি য’তে পেলাই দিছিল সেইখিনিতে কিছুমান দিনৰ মূৰত এজোপা জৰাটেঙা হৈ ডালভৰি জৰাটেঙ৷ লাগিল। গছজোপাত জৰাটেঙা ইমানকৈ লাগিছিল যে তাৰ ভৰত গছজোপা দোঁ-খাই পৰিছিল। এদিন কিছুমান গৰখীয়া ল’ৰাই গৰু চৰাওঁতে সেই জৰাগছত জৰাটেঙা দেখি খাবলৈ মন কৰি সাউদনীৰ ওচৰলৈ আহি ক’লে,--“আই আমাক গোটাচেৰেক জৰাটেঙা খাবলৈ দিবা নে?” সাউদনীয়ে, “মই ক’ত জৰা পাম?” বুলি কলত সিহঁতে কলে,— “কিয় আই, আপোনাৰ বাৰীৰ পিছফালে এজোপা জৰাগছত জৰাটেঙা দেখোন ভৰি লাগি আছে।” সিহঁতৰ কথা শুনি সাউদনীয়ে আচৰিত মানি ক’লে,—“মই হলে ক’ত জৰাটেঙা লাগিছে দেখা নাই, তহঁতে দেখিছ যদি কিমান লাগে পাৰি নেগৈ।” সাউদনীৰ হুকুম পাই গৰখীয়া ল’ৰা কেইটাই জৰাটেঙাৰ কাষলৈ গৈ জৰাটেঙা পাৰিব খোজোতেই গছজোপাই বিনাই নাত নগালে,—
“ভাইও বোলোঁ মই, ককাইও বোলোঁ মই, গাঁৱৰে গৰখীয়া।
হাতো নেমেলিবি, জৰাও নিছিঙিবি, ঘৰলৈ উভতি যা।
পাট-কাপোৰৰ লগতে মাহীআই খুন্দিলে, মইহে তেজীমলা॥”
গৰখীয়া ল’ৰাহঁতে এই বিননি শুনি কিবা দেও-ভূত গছজোপাত আছে বুলি জৰাটো নিছিঙি তাৰপৰা আছি সাউদনীক এই কথা কৈ গুছি গ’ল। সাউদনীৰ চাঁটকৰে মনত পৰিল যে তাই লাওগছ- জোপা কাটি সেইখিনিতে পেলাইছিল। এই কথা মনত পৰিলত তাই বুজিলে যে তেজীমলাইহে জৰা হৈ আছে। ইয়াকে ভাবি সাউদনীয়ে জৰাগছজোপা কাটি নৈত উটাই দিলে।
জৰা গছজোপ৷ নৈত উটি গৈ ওচৰৰে ঘূলি এটাত ৰৈ এজোপা পদুম হৈ এটা সুন্দৰ ফুলেৰে জকমকীয়া হ’ল। কিছুদিনৰ মূৰত বেহা-বেপাৰ কৰি সেই নৈয়েদিয়েই তেজীমলাৰ বাপেক নাৱেৰে আহোঁতে নৈৰ ঘূলিত গছজোপাত সুন্দৰ পদুম ফুল এটা ফুলি থকা দেখি তেজীমলালৈ সেই ফুলটো লৈ যাওঁ বুলি ভাবি নাৱৰীয়া এটাক সেই ফুলটো ছিঙি আনিবলৈ ক’লে। নাৱৰীয়াটোৱে ফুলটো ছিঙি- বলৈ হাত মেলোতেই পদুমে বিনাই গালে,—
“হাতো নেমেলিবি, ফুলো নিছিঙিবি, ক’ৰে নাৱৰীয়া তই।
পাট-কাপোৰৰ লগতে মাহীআই খুন্দিলে, তেজীমলাহে মই॥”
ফুলে বিনোৱা দেখি নাৱৰীয়াটোৱে ভয় খাই সাউদক ক’লত, সাউদে সেইটো কিনো চাওঁ বুলি ওচৰ চাপি গৈ ফুলটো ছিঙিবলৈ হাত মেলোতে ফুলে বিনাই মাতিলে,—
“হাতো নেমেলিবা, ফুলো নিছিঙিবা, চেনেহৰ পিতাদেউ এ।
পাট-কাপোৰৰ লগতে মাহীআই খুন্দিলে, তেজীমলাহে মই॥”
বাপেকে তেজীমলাৰ মাহীয়েকৰ স্বভাৱৰ কথা আগৰেপৰা জানি থৈছিল, সেই কাৰণে ভাবিলে যে, “এইজনী নিশ্চয় তেজীমলা।” ইয়াকে মুদৈয়ে ভাবি তেওঁৰ বাওঁহাতত তেওঁৰ মুখৰ তামোলৰ এখন চোবা আৰু সোঁহাতত এটা লাড়ু লৈ কলে যে, “যদি তই মোৰ তেজীমলাহে হয়, তেন্তে নিশ্চয় তই শালিকাটি হৈ উৰি আহি মোৰ হাতত পৰি এই চোবাটি খাবি; আৰু যদিহে নহয়, আন কোনোবাহে হয় তেন্তে লাড়ুটো নিবি।” এইবুলি তেওঁ ক’লতে পদুম ফুলটি শালিকা এটি হৈ উৰি আহি তেওঁৰ হাতত পৰি চোবাটি খালে। বাপেকে তেতিয়া সেইটি তেজীমলা বুলি নিশ্চয়কৈ জানি শালিকাটি এটা সজাত সুমাই লৈ আহিল।
সাউদে ঘৰ পাই ঘৈণীয়েকক সুধিলে,— “তেজীমলা কলৈ গ’ল?" ঘৈণীয়েকে কলে —“মোমায়েকৰ ঘৰলৈ গ’ল।” সদাগৰে ঘৈণীয়েকক ঘুকুটি ঘুকুটি প্ৰশ্ন কৰি আচল কথাটো উলিয়াই সৈ কঢ়ালে। ইয়াৰ পিচত শালিকাটিৰ গাত নিজৰ পানীগামোছাখন তেওঁ পেলাই দি কলে,—“যদি তই মোৰ তেজীমলা হে আৰু যদি মোলৈ তোৰ মৰম আছে, এই গামোছাখন পিন্ধি তই মানুহ হবি।” এই কথা শুনি তেতিয়াই তেজীমলা আগৰ দৰে হ’ল আৰু সাউদে ঘৈণীয়েকক ঘৰৰপৰা তেতিয়াই খেদাই দিলে।
⸻⸻