সমললৈ যাওক

বুঢ়ী আইৰ সাধু/তুলা আৰু তেজা

ৱিকিউৎসৰ পৰা

তুলা আৰু তেজা

 এটা চহকী খেতিয়কৰ দুজনী ঘৈণীয়েক আছিল; বৰজনী এলাগী, সৰুজনী লাগী। এলাগীৰ এজনী ছোৱালী আৰু এটি

ল'ৰা, নাম তেজা আৰু কানাই। লাগীৰ মুঠেই এজনী ছোৱালী, নাম তুলা। তুলা তেজাতকৈ বয়সত ডাঙৰ আছিল। লাগীজনীয়ে এলাগী আৰু তাইৰ ল'ৰাটোক আৰু ছোৱালীজনীক বৰ দুখ দিছিল। তিৰুতাসেৰুৱা গিৰিয়েকেও লাগীৰ ভয়ত সিহঁতক মৰম কৰিব নোৱাৰিছিল। সিহঁতে ভাল খাব পিন্ধিবলৈ নাপায়। ৰাতিপুৱা তেজা আৰু কানায়ে কৰ্কৰা পইতা ভাত এগাল খাই গৰু ৰাখিবলৈ গুচি যায় কিন্তু তুলাই মাকে সৈতে তিনি-তেলনি মাৰি খায়, ভাল কাপোৰ-কানি পিন্ধি মহা সুখে থাকে। গিৰিয়েকে হাল-কোৰ বাই দুপৰীয়া ঘৰলৈ উভতি আহিলে, লাগী সৰুজনী ঘৈণীয়েকে গিৰিয়েকক তপত ভাত, তপত আঞ্জা, নানা ৰকমৰ ভজা,খৰিকাত দিয়া আদি খাবলৈ দি আল ধৰে; কিন্তু কেতিয়াবা এলাগীয়ে গিৰিয়েকক কাবৌ-কোকালি কৰি খাবলৈ মাতি নি নিজৰ ভঙা চালিত পঁইতা ভাত, পোৰা মাছ খাবলৈ দিয়ে আৰু গিৰিয়েকে লাগীৰ ভয়ত লুকাই-চুৰকৈ খায় আৰু বৰ তৃপ্তি পায়।বাস্ত- ৱিকতে দুপৰীয়া হাল-কোব বাই তাৰ পইতা ভাত, পোৰা মাছ যেনে ভাল লাগে, লাগীৰ তপত ভাত, তপত আঞ্জা তেনে ভাল নালাগে। লাগীয়ে দেখিলে যে লাহে লাহে গিৰিয়েকে পথাৰৰপৰা আহি এলাগীৰ ঘৰত ভাত খোৱাটো বাঢ়ি আহিবলৈ ধৰিছে। সেইদেখি তাই এলাগীক কেনেকৈ গিৰিয়েকৰ চকুৰপৰা আতঁৰাব এই কথা ভাবিবলৈ ধৰিলে।

 এদিন লাগীয়ে এলাগীক জকাই বাবলৈ মাতি লৈ গ'ল। লাগীৰ জকাইত কেঁকোৰ৷,কুচিয়া আঙ্গুলিচেপা আদি উঠিল,এলাগীৰ জকাইত কুঢ়ি, চেনি, লাচোন, ভাঙোন আদি ভাল ভাল মাছ উঠিল। এনে হোৱা দেখি এলাগীৰ ওপৰত লাগীৰ নথৈ খং উঠিল। জকাই বাই উঠি দুয়ো গা ধুবলৈ বুলি এটা বৰ পুখুৰীৰ দলঙত উঠিল। লাগীয়ে এলাগীক কলে, “বাই, মোৰ পিঠিখন ভালকৈ ঘঁহি দিয়া, বোকা আৰু মলিৰে টাটৰি বান্ধিছে। মোৰ ঘঁহা হৈ গলে তোমাৰ পিঠিখনো মই ঘঁহি দিন।” লাগীৰ কথা শুনি এলাগীয়ে লাগীৰ পিঠি ঘঁহি দিয়াৰ পিচত লাগীয়ে এলাগীৰ পিঠি ঘঁহিবলৈ ধৰিলে আৰু ঘঁহি থাকোতেই “বৰকাছ হগৈ” বুলি তাইক মন্ত্ৰ মাতি এলাগীক হেঁচা মাৰি পুখুৰীত পেলাই দিলে। তাৰ পিচত এলাগীৰ জকাইখন তাই গচকি ভাঙি হাবিলৈ দলিয়াই পেলাই দি ঘৰলৈ গুচি আহিল। এই কথা কোনেও নেদেখিলে, কোনেও নেজানিলে। মাকক নেদেখি এলাগীৰ ল'ৰা-ছোৱালী হালে সুধিলে, “মাহী, মাহী, আমাৰ আই কলৈ গ'ল দেখিছিলানে?' মাহীয়েকে সিহঁতক জোকোৰা মাৰি কলে,—“মই কেনেকৈ কম? তহঁতৰ মাৰ কলৈ যায়, কিবা মোক সুধি যায় নে?” গিৰিয়েকে লাগীৰ ভয়ত এলাগীৰ বৰকৈ বিচাৰ নকৰিলে। সি ভাবিলে তাই ক'ৰবাত কিবা হৈ মৰিল। ল'ৰা-ছোৱালী হালে মাকক বিচাৰি বিচাৰি কতো নাপাই কান্দি- কাটি থাকিল। পিছদিনা পুৱা সিহঁতে নিয়ম মতে গৰু ৰাখিবলৈ গ'ল, কাৰণ নগৈ বহি থাকিলে লাগীৰ হাতত সিহঁতে গালি আৰু মাৰ খাবই লাগিব।

 এইদৰে সিহঁতে মনৰ বেজাৰত কান্দি-কাটি গৰু ৰখি ফুৰোতে এদিন ৰ'দত সিহঁতৰ বৰ পিয়াহ লগাত সেই বৰ-পুখুৰীটোৰ পৰা পানী খাবলৈ গ'ল। ভৰ দুপৰীয়া সকলো নিমাত আৰু পুখুৰীৰ পাৰ নিজান। এনেতে সিহঁতৰ মাক বৰকাছজনীয়ে পানীৰপৰা বাৰলৈ উঠি আহি সিহঁতক মাতিলে,— “মোৰ মইনা তেজা আৰু কানাই, মাহীয়েৰে মোক ইয়াতে গতা মাৰি পেলাই বৰকাছ হ বুলি বৰকাছ কৰি গুচি গ'ল। তহঁতৰ মুখ শুকাই আছে, তহঁতে একো খোৱা নাই। মই জলকুঁৱৰীৰপৰা পৰমান আনিছোঁ, তহঁতে কচুপাত দুটা ছিঙি আনি এই পৰমান খা। কিন্তু এই কথা তহঁতে কাকো নকবি। মাহীয়েৰাই গম পালে মোক মাৰি পেলাব। দিনৌ দুপৰীয়া মই তহঁতক পৰমান খাবলৈ দিম, তহঁতে আহি খাই যাবিহি।” মাকৰ কথা শুনি দুয়ো কচুপাত দুটা ছিঙি আনি পাতি এই পৰমান খাই গৰু চৰাই অঁতাই ঘৰলৈ গুচি আহিল। সিহঁতে নিতৌ এইদৰে পুখুৰীৰ পাৰত পৰমান খাই চিকণ হৈ উঠিল। মাহীয়েকে সিহঁতৰ শ্ৰী দেখি ভাবিলে,—“মই ইহঁতক ভালকৈ খাবলৈ নিদিওঁ অথচ ইহঁত দিনে দিনে চিকণ হৈহে আহিছে। ইহঁতৰ মুখৰ বৰণ কেঁচা সোণযেন হৈছে। মোৰ তুলাক ইমানকৈ খুৱাওঁহে খুৱাওঁ তেওঁ দেখোন তাই এনে হব নোৱাৰে। ইয়াৰ কাৰণ কি? ইহঁতে গৰু চৰাবলৈ যাওঁতে নিশ্চয় ক'ৰবাত কিবা খায়।” ইয়াকে ভাবি তাই পিছদিনা তুলাক সিহঁতৰ লগত গৰু চৰাবলৈ পঠিয়াই দিলে, তেজা আৰু কানায়ে ক'ত কি খায় চাই থাকিবলৈ মনে মনে শিকায়ে৷ দিলে। সেইদিনা তেজা, কানাই আৰু মাক বৰকাছ মহা আহুকালত পৰিল; কাৰণ তুলাই তেজা আৰু কানাইৰ লগকে নেৰে। তেজাই এবাৰ বুধি কৰি তুলাক দূৰৰপৰা এটা গৰু খেদি আনিবলৈ ক'লত, তুলাই গৰুটো খেদি আনিবলৈ গ'ল। তুলা আঁতৰি গলতে তৎক্ষণাৎ বৰকাছজনী ওলাই সিহঁত দুয়োকো খাবলৈ দি গুচি গ'ল আৰু সিহঁতে লৰালৰিকৈ খাই পাত দুখন দলিয়াই পেলালে। ঠিক এনে সময়তে তুলাই দূৰৰপৰা সিহঁতে কিবা খোৱা যেন দেখি লৰি আহি ক'লে,—“তহঁতে কি খালিহঁক, মই কাবৌ কৈ মাতিছোঁ মোকে৷ দে।” তুলাৰ কাবৌ এৰাব নোৱাৰি সিহঁতে তুলাক কলে,—“আঁৰুতো একো নাই, বাৰু তই সেই পাতখনকে চেলেক; কিন্তু এই কথা মাৰৰ আগত নকবি; কলে আৰু তোক কেতিয়াও খাবলৈ নিদিওঁ।” তুলাই পাত দুখন বুটলি আনি চেলেকিবলৈ ধৰিলে। সেই দিনা তুলা ঘৰলৈ উভতি আহিলত মাকে তুলাৰো মুখখন পকা সুমথিৰা টেঙাটো যেন হৈ অহা দেখি বুজিলে যে তায়ো সিহঁতৰ লগতে আজি কিবা খালে। তুলাক মাকে লৰালৰিকৈ ভিতৰলৈ মাতি নি সুধিলে, “সিহঁতৰ লগত কি খালি ক?” তুলাই কোনোমতে নকয়। শেহত মাকে তাইৰ চকুত জলকীয়া সানি দিবৰ ভয় দেখুৱালত তাই সৈ কাঢ়ি সকলো কথা কৈ দিলে। মাকে তেতিয়া বুজি উঠিল যে কাছ হোৱা সতিনীয়েকেহে পুতেক-জীয়েকক কিবা খাবলৈ দিয়ে। ইয়াকে বুজি তাই বৰকাছজনী মাৰিবলৈ বুধি পাতিলে। তাই শোৱাপাটীৰ তলত খোলাকটি কিছুমান থৈ তাইৰ নৰিয়া হৈছে বুলি শুই থাকিল। গিৰিয়েকে কি হৈছে বুলি তাইক সুধিলত তাই উস-আস কৰি ইকাটি-সিকাটি কৰে আৰু খোলা কটি বোৰ মেৰ্ মেৰাই উঠে। গিৰিয়েকে অনেককৈ সুধিলত তাই কলে,- “উস্! মোৰ বৰ নৰিয়া| মোৰ হাড়-মূৰে ভাগি যাবলৈ ধৰিছে। মোৰ প্ৰাণ যায়। ” ঘৈণীয়েকৰ অৱস্থা দেখি গিৰিয়েকে বৰ ভয় খাই মঙলতী বুঢ়ীক মাতি আনি ঘৈণীয়েকৰ নৰিয়া কি কৰিলে ভাল হব সুধি মঙ্গল চোৱালে। মঙ্গলতীক লাগীয়ে আগেয়েই ৰূপ-বান খুৱাই শিকাই থৈছিল যে, “তোক মোৰ গিৰিহঁতে মঙ্গল চাবলৈ মাতিলে তই কৰি যে বৰপুখুৰীত থকা বৰকাছজনী মাৰি খুৱালেই মোৰ নৰিয়া ভাল হ'ব।” মঙ্গলতীয়ে সেই শিকনি মতেই বুঢ়ী আইৰ সাধু

মঙ্গল চাই ক'লত গিৰিয়েকে সকলো ৰাইজক বৰপুখুৰীৰ কাছজনী ধৰি দিবৰ নিমিত্তে ভাৰসা কৰি কলে।ৰাইজ সন্মত হৈ গ'ল, জুলুকি, জাল লৈ কাছ ধৰিবলৈ আহিল। ৰাইজ অহাৰ আগতেই এই কথা ভু পাই ল'ৰা-ছোৱালী হালে মনে মনে কান্দি কান্দি মাক বৰকাছক সেই বাতৰি ক'লত, মাকে সিহঁতক কলে, – “মই কাৰো জাল, প'লত নপৰোঁ। সিহঁতে যেতিয়া মোক ধৰিব নোৱাৰি ভাগৰি উঠি যাব, তেতিয়া তহঁতে ভগা জকাই এখন লৈ আহিবি, মই তাতে উঠিম। কিন্তু মোক মাৰি যেতিয়া মোক মঙহ বাছি তহঁতক খাবলৈ দিব,তহঁতে নাখাবি; তহঁতে সেইদিনা তেল- খাৰণীৰে ভাত খাই থাকিবি। মোৰ ভাগ-হাতোৰা দুটা তহঁতে কাছ বাছোতাক খুজি লৈ এই পুখুৰীৰ পাৰতে পুতি থবি, তাতে মই এজোপা জবা ফুলৰ গছ হৈ থাকিম। সেয়ে তহঁতক দুখত তাৰিব।” এই বুলি সিহঁতক বুজনি দি মাকে পঠিয়াই দিলে।

 কাহু ধৰিবৰ মনেৰে গঞা মানুহ গৈ পুপুৰীত নামিল। প'ল, জুলুকি, জাল বাই পানী ঘোলা কৰিলে; কিন্তু কোনেও কাছ ধৰিব নোৱাৰিলে। শেহত ভাগৰি সকলো পাৰত উঠিলত তেজা আৰু কানায়ে ভগা জকাই এখন লৈ গৈ ৰাইজক কলে যে—“আমি এই জকাইৰেই কাছ ধৰি দিব পাৰো।” ৰাইজে সিহঁতৰ কথা শুনি হাঁহি-খিকিন্দালি মাৰি কলে,—“বাৰু অ' ভেটোগুটি দুটাই কাছ ধৰে হেনো। বাৰু ধৰচোন চাওঁহঁক। ” ইয়াৰ পিচত তেজাই জকাই- খনেৰে দুচাব কি চাৰি চাব মাৰিলতে কাছ জকাইত উঠিল। ৰাইজে দেখি আচৰিত মানিলে।

 ইফালে লাগীয়ে যেতিয়াই সেই বৰকাছ ধৰা পৰিছে বুলি শুনিলে তেতিয়াই গা ভাল পাইছোঁ বুলি শোৱাপাটীৰপৰা উঠি বহিল। বৰকাছজনী চোতালত পেলাই কাটি থাকোঁতেই ল'ৰা-ছোৱালী হালে কাছ কাটোতাক খুঁজি আগ-হাতোৰা দুটা লৈ মনে মনে পুখুৰীৰ পাৰত পুতি থলেগৈ। সকলোৱে কাছৰ আঞ্জাৰে ভাত খালে, কিন্তু তেজা আৰু কানায়ে ভাতৰ পাতৰ তলত গাত খান্দি লৈ সেইবোৰ পুতি গৈ তেল-খাৰণী খুজি লৈ তাৰে ভাত খাই উঠি গুচি আছিল।

 সিহঁতে পুখুৰীৰ পাৰত য'ত সেই হাতোৰ৷ দুটা পুতি থৈছিল, তাতে এজোপা জৰাটেঙা আৰু এজোপা জবা ফুলৰ গছ হ'ল। জবা গছজোপ৷ সুন্দৰ মনোমোহা জবা ফুলেৰে জক্‌মকাবলৈ ধৰিলে আৰু জবাজোপাতো সুন্দৰ জৰাটেঙা উপচি লাগিল। তেজা আৰু কানায়ে নিতৌ গৰু চৰাবলৈ গৈ সেই গছ দুজোপাৰ তলতে বহি জিৰাই মাকৰে সৈতে কথা পাতি থাকে।

 এদিন সেই দেশৰ এজন ৰজাই দোলা হাতী ঘোঁৰো সেইপিনে যাওঁতে জৰাগছজোপাত জৰাটেঙা লাগি থকা দেখি তেওঁৰ খাবৰ মন গ'লত আৰু সুন্দৰ জবা ফুল গোটাচেৰেক আনি পিন্ধিবৰ মন গ'লত তেওঁ সেইখিনিতে দোলা হাতী ৰথাই, মন্ত্ৰীক ফুল আৰু টেঙা আনিবলৈ পঠিয়াই দিলে। ল'ৰা-ছোৱালী হালে মন্ত্ৰীক দেখি ক'লে যে, “জবা আৰু জৰা আনাৰ। ৰজাই নিজে আহি আমাক খুজিলেহে আমি দিম।” মন্ত্ৰীৰ মুখৰপৰা ৰজাই এই কথা শুনি, সুন্দৰ ল'ৰা-ছোৱালী হাল দেখি সিহঁতলৈ মৰম লাগি নিজে দোলাৰপৰা নামি আহিল। কানায়ে ৰজাৰ আগত আঠু লৈ কলে,–“যদি স্বৰ্গদেৱে মোৰ এই তেজা বাইদেউক বিয়া কৰি নিয়ে, তেনেহলে হে আমি স্বৰ্গদেৱক টেঙা আৰু ফুল দিম।" ছোৱালীৰ সুন্দৰ ৰূপ দেখি ৰজাৰ মোহ লাগিছিল, সেইদেখি তেওঁ কলে,—“বাৰু একো কথা নাই, মই তোমাৰ তেজা বাইদেউৰাক বিয়া কৰি নিম কিন্তু তেওঁ এতিয়া সৰু ছোৱালী, তেওঁ ডাঙৰ হওক, হলে মই নিশ্চয় বিয়া কৰাই লৈ যামহি। ” তেজাই এটা মইনা চৰাই পোৱালি পুহিছিল; গৰু চৰাওঁতে সদায় তাক লগত লৈ পোক, পৰুৱা, ফৰিং খুৱাই ফুৰে। কানায়ে এটা ডালিমৰ পুলি আৰু সেই মইনা চৰাইটো ৰজাক দি কলে, – “স্বৰ্গদেউ আমি দুখীয়া মানুহলৈ স্বৰ্গদেৱে কিজানি পাহৰি যায়, সেইদেখি এই ডালিম পুলিটি আৰু মইনা চৰাইটৌ স্বৰ্গদেৱক দিলো, স্বৰ্গদেৱে লৈ যাওক; ডালিম গছজোপাত যেতিয়া ডালিম পকিব আৰু মইনা চৰাইটোৱে মাত লব, তেতিয়া স্বৰ্গদেৱে আহি তেজাক বিয়া কৰাই লৈ যাব লাগিব।” ৰজাই সেই কথাত মান্তি হৈ জৰাটেঙা, জবা ফুল, ডালিম পুলি আৰু মইনা চৰাই লৈ নিজৰ নগৰলৈ গুচি গ'ল। ওপৰত কোৱামতে ৰজাক কবলৈ তেজা আৰু কানাইৰ মাকে আগেয়ে কানাইক শিকাই থৈছিল। সেই দেখি কানায়ে সেইদৰে কব পাৰিছিল। ৰজাই ডালিম পুলিটো তেওঁৰ শোৱা ঘৰৰ ওচৰতে ৰুলে আৰু মইনাটো এটা সোণৰ সজাত সুমাই ঘৰৰ পিৰালিতে আঁৰি দিলে।

 এইদৰে কিছুকাল গ'ল। লাহে লাহে ডালিম পুলি ডাঙৰ হ’ল। ডালিমে ফুল ধৰিলে; কলি পেলালে আৰু আজি-কালিকৈ ডালিম কলি ডাঙৰ হ'ল, হৈ পকিল। ইপিনে তেজাও গাভৰু হ'ল। মইনায়ো কলকলালে; তাৰ পিচত মাত ল'লে। তথাপি তেজাৰ কথা ৰজাৰ মনত নপৰিল। এদিন ৰজাই খাই-বই উঠি তামুলী চ'ৰাত বহি জিৰাইছে, এনেতে সেই মইনাটোৱে মাত লগালে—

“এজাৰ নিজাৰ পৰিল।
ডালিম পকি সৰি গ'ল |
মইনায়ো লগালে মাত।
কিনো ৰজা ভোল গ'ল।
তেজা বাই গাভৰু হ'ল।

 ৰজাই কিহে মাতিছে বুলি ঘুৰি-পকি চাই চাই একো নেদেখি বহি থাকিল। এনেতে আকৌ মইনাই মাত লগালে, —

“ডালিন পকি সৰি গ'ল।
তেজা বাই গাভৰু হ'ল।
তেওঁ ৰজাৰ মনত নহল।"

 এইবাৰ ৰজাই পদ কেউফাঁকি শুনি চাট কৰে তেজাৰ কথা তেওঁৰ মনত পৰিল। উঠি গৈ ৰজাই দেখিলে ডালিম গছত ডালিম পকি আছে। তেতিয়াই ৰজাই সাজপাৰ পিন্ধি টেকেলা-বেঙেনা, লগুৱা-লিকচৌ লগত লৈ তেজাক বিয়া কৰাই আনিবলৈ গ'ল। কিন্তু ৰজাই তেওঁৰ ৰাণীক এই কথাৰ একো নোকোৱাকৈ গ'ল। ৰজা ওলাই গলতে ৰাণীয়ে নিজৰ বুঢ়ী বেটীজনীক সুধিলে, – “বাই ৰজা কলৈ গ'ল, তই ক'ব পাৰনে?” বুঢ়ীয়ে উত্তৰ দিলে, “পাৰোতো ৰজাই কি কৰে, কলৈ যায়, তুমিহে ভু নোপোৱা, আমি ভু পাওঁ। বোলো ভেলেকী আই, ৰজাই তোমালৈ সতিনী আনিবলৈ গৈছে। শুনিছো চহকী খেতিয়ক এটাৰ তেজা নামেৰে ছোৱালী এজনী আছে, তাইকে ৰজাই আনিবলৈ গৈছে।” বুঢ়ী বেটীৰ কথা শুনি ৰাণীয়ে হুৰাওৰাৱে কান্দিবলৈ ধৰিলে। বুঢ়ীয়ে কুঁৱৰীক বুজনি দি কলে, “আই তুমি নাকান্দিবা, মই বুধি দিওঁ শুনা, তুমি সেই মতেই কাম বুঢ়ী আইৰ সাধু

কৰা। কাইলৈ যেতিয়া ৰজাই তেজাক লৈ নৈৰ ঘাটত নাও চপাব, তেতিয়া তুমি সেইটো ঘাটতে বহি থাকি সেই বাটে তেজাক নামিব নিদিবা আৰু তাই যেনিয়েই নামিবলৈ খুজিব তেনিয়েই বাঁধা দিব৷। তথাপি কিজানি নামি আহে সেইদেখি আজিয়েই আৰু এটা বুধি কৰি লোৱা,—ঘৰৰ দুৱাৰমুখতে দুটা কলপুলি ৰুই দুইটাৰ গুৰি কাটি এনেকৈ সেই দুটা থিয় কৰি থবা যেন তেজাৰ গাৰ কাপোৰ লাগিলেই দুয়োটি পৰি যায়। ঘৰৰ দুৱাৰৰ পোলাৰ গাঠি এনেকৈ কাটি থবা যেন তোলাই ছুলেই সি সুলকি যায়। বহা পীৰাৰ পুৰা এনেকে ভাঙি থবা, তেজাই তাৰ ওপৰত বহিলেই যেন খুৰা ভাঙি যায়, শোৱা চালপীৰাৰ খুৰাও সেইদৰে ভাঙি লগাই থবা যেন ৰজা তেজাৰ সৈতে তাত শুবলৈ গলেই ভাগি পৰে। ইয়াকে কৰিলে ৰজাই তেজাক অমঙ্গলীয়া তিৰোতা বুলি খেদি দিব।”

 বুঢ়ীৰ বুধি শুনি ৰাণীয়ে তাকে কৰিলে। সিফালে ৰজাই গৈ তেজাক বিয়া কৰালে। তেজাই বাপেকৰ ঘৰৰপৰা ওলাই আহিবৰ সময়ত বাপেকক বিনাই বিনাই এইদৰে বস্তু খুজিলে,-

“আইৰে দিনৰে ছকুৰি জপা,
তাৰে তিনিকুৰি মইহে পাওঁ।
আইৰে দিনৰে ছকুৰি পেৰা,
তাৰে তিনিকুৰি মইহে পাওঁ।
আইৰে দিনৰে ছকুৰি বাটি,
তাৰে তিনিকুৰি মইহে পাওঁ।
আইৰে দিনৰে ছকুৰি গৰু,
তাৰে তিনিকুৰি মইহে পাওঁ।

আইৰে দিনৰে ছকুৰি ম'হ,
তাৰে তিনিকুৰি মইহে পাওঁ।”

 তেজাই এইদৰে বিনাই থাকোঁতে মাহীয়েকে তেজাক ভেকাহি মাৰি কলে,—“মই কুটা এগছকে তোক নিদিওঁ। ” তাৰ পিচত ৰজাই তেজাক লৈ নিজৰ নগৰলৈ গুচি আহিল। আহিবৰ সময়ত মনত বেজাৰ লাগি তেজাই কাকো নামাতি মাথোন ভায়েকক এইদৰে মাতি লগত লৈ আহিল।

“আইৰে দিনৰে একেটি ভাই সিও মোৰ লগতে যায়।”

 তেজাই পিচলৈ নোচোৱাকৈ আহিবলৈ ধৰিলে। যেতিয়াই তেজাই পিচলৈ নোচোৱাকৈ গুচি আহিল, তেতিয়াই তেজাৰ বাপেকৰ ঘৰৰ সকলোবোৰ বস্তু তেজাৰ পিচে পিচে আহিবলৈ ধৰিলে। বাপেকে দেখিলে সৰ্ব্বনাশ। তেতিয়াই বাপেকে বিনাই তেজাক মাতিলে,—

“হেৰ মোৰ মৰমৰ তেজা।
এবেলি পাছলৈ চা |
হেব মোৰ লাহৰী তেজা।
এবেলি পাছলৈ চা।”

 বাপেকৰ বিননি শুনি অলপ কেৰাহি কৰি চালত, চাৰি ভাগৰ এভাগ বস্তু বাপেকৰ ঘৰত ৰ'ল, বাকী তিনি ভাগ তেজাৰ লগত আহিল। এইদেখি আজিও জীয়ৰী ছোৱালী উলিয়াই দিওঁতে তাই বাপেক-মাকৰ ফালে উভতি চাই যায়; নাচালে বাপেকৰ ঘৰৰ সকলোবোৰ বস্তু হেনো তাইৰ লগতে যায়।

বুঢ়ীয়ে আগেয়ে শিকাই থোৱা দৰে ৰাণী গৈ নাওঁ চপা ঘাটতে বহি আছিল।তেজাৰ নাওঁ যেতিয়া ঘাট চাপিলহি তেতিয়াই ৰাণীয়ে মাত লগালে—

“এইপিনে নুঠিবি শাধিনী তেজা,
ৰজাই গা ধোৱা ঘাট।”

 এই কথা শুনি তেজাই আন এটা ঘাটে উঠিবলৈ গ'লতে, ৰাণীয়ে আকৌ মাত লগালে,-

“এইপিনে নুঠিবি শাখিনী তেজা,
ৰজাৰ চাউল ধোৱা ঘাট।”

 এইদৰে যেনিয়েই তেজা উঠিবলৈ যায় তেনিয়েই ৰাণীয়ে বাধা দিবলৈ ধৰিলে। এনেতে ৰজা আহি পালেহি। ৰজাক দেখি তেজাই বিনাই কলে,—

“শুনা শুনা নৃপতি ৰজা,
ৰাণী বাই বুলিছে শাখিনী তেজা।”

ৰজাই কলে,—

“বোলকে বোলকে শাখিনী তেজা।
তুমি হবা মাদৈ, মই হম ৰজা।”

 এইবুলি ৰজাই তেওঁৰ গা ধোৱা ঘাটেদিয়েই তেজাক তুলি আনিলে। ইপিনে কুঁৱৰীও লৰালৰিকৈ আহি ঘৰ সোমাল। তেজাই ঘৰৰ দুৱাৰমুখ পাই কলপুলিৰ তলত থিয় হওঁতেই তেজাৰ গাৰ কাপোৰৰ আঁচল লাগি কলপুলি দুটা পৰি গ'ল। তাকে দেখি কুঁৱৰীয়ে মাত লগালে,

“ক'ৰপৰা আহিলি শাখিনী তেজা,
আহিয়েই ভাঙিলি কলপুলি দুটা।"

 তাৰ পিচত তেজা ঘৰ সোমাওঁতেই ঘৰৰ দুৱাৰৰ পোলাত তেজাৰ হাত লাগি পোলাটো সুলকি পৰি ডাল ডাল হ'ল। কুঁৱৰীয়ে মাত লগালে,—

“ক'ৰপৰা আহিলি শাখিনী তেজা,
আহিয়েই ভাঙিলি দুৱাৰৰ পোলা।”

 ইয়াৰ পিচত তেজা বৰপীৰাত বহোঁতেই বৰপীৰাৰ খুৰা ভাগি পৰিলত, কুঁৱৰীয়ে মাত লগালে,—

“ক'ৰপৰা আহিলি শাখিনী তেজা,
আহিয়েই ভাঙিলি বৰপীৰাৰ খুৰা।”

 ৰাতি তেজাই চালপীৰাত শুবলৈ যাওঁতে সেইদৰে চালপীৰাৰ খুৰা ভাগি পৰিল আৰু চালপীৰা ভগাৰ শব্দ শুনি কুঁৱৰীয়ে মাত লগালে,—

“ক'ৰপৰা আহিলি শাখিনী তেজা,
আহিয়ে ভাঙিলি চালপীৰাৰ খুৰা।”

 এইবোৰ কথা শুনি তেজাৰ বৰকৈ বেজাৰ লাগি তেজাই বিনাই বিনাই ৰজাক কলে,—

“শুনা শুনা নৃপতি ৰজা,
ৰাণী বাই বুলিছে শাখিনী তেজা।”

 ৰজাই পেটে পেটে এইবোৰ ৰাণীৰ দুষ্টালি বুলি ভালকৈ বুজিব পাৰি উৰাই দি তেজাক কলে,—

“বোলকে বোলকে শাখিনী তেজা।
তুমি হবা মাদৈ, মই হম ৰজা।”

 ইয়াৰ পিচত তেজা ৰজাৰ কুঁৱৰী হৈ ৰজাৰ ঘৰ শুৱাই থাকিল। ইপিনে মাহীয়েকৰ হিংসাত টোপনি নাই যে তেজা ৰজাৰ কুঁৱৰী হ'ল আৰু তাইৰ নিজৰ জীয়েক তুলা হব নোৱাৰিলে। মাহীয়েকে সেইদেখি পেটে পেটে এটা বুধি সাজি এদিন ৰজাৰ ঘৰলৈ গৈ ৰজাৰ আগত তেজালৈ বৰ মৰম দেখুৱাই ক'লে, “ইমান দিন হ'ল ছোৱালী- জনী মাক-বাপেকৰ ঘৰলৈ যাবলৈ পোৱা নাই, বপুৰীৰ চাগে বৰ হেঁপাহ লাগি আছে। বাপেকে দিনে ৰাতিয়ে খেতি-বাতিতেই মন পুতি থাকে, ঘৰৰ আন কথাৰ খবৰকে নকৰে। ছোৱালীজনী দেখিবলৈ নাপাই মোৰো মনটৌ সদায় হমহমাই আছিল, সেইদেখি মই নিজেই আজি তাইক দিন চেৰেকলৈ লৈ যাবলৈ আহিলোঁ।” তেজাৰ মাহীয়েকৰ কথা শুনি ৰজাই তেজাক মাহীয়েকৰ লগত পঠিয়াই দিলে। তেজাক লগত লৈ মাহীয়েক নিজৰ ঘৰ পালেহি। আহিবৰ সময়ত তেজাই ৰজাৰ ঘৰতে জালিতাঁত এখন এৰি থৈ আহিছিল।

 তেজাক যদিও মাহীয়েকে বৰকৈ আতৌ-পুতৌ কৰি খুৱাই বুৱাই ৰাথিছিল কিন্তু দিনে ৰাতিয়েই তাত চেলু নিবিচাৰি নাছিল।

 এদিন মাকৰ শিকনিমতে তুলাই তেজাক ক'লে,—“ভনীটি, তোমাক ৰজাই দিয়া খাৰু, মণি, থুৰিয়াযোৰ কেনে ধুনীয়া, এবাৰ মোক পিন্ধি চাবলৈ দিবানে?” তেজাই কথাষাৰ ভাল ভাবে বুজি কলে,--“পিন্ধা, পিন্ধি চোৱা, কিনে৷ হ'ল পিন্ধিলে।” এই বুলি তেজাই নিজৰ হাতৰ-কাণৰ অলঙ্কাৰবোৰ সোলোকাই তুলাক পিন্ধাই দিলে। এনেতে মাহীয়েকে ওচৰলৈ আহি তেজাক কলে, – “আই আহচোন, তোৰ ওকণী চাওঁ আৰু মুৰটো আঁচুৰি দিওঁ।” এইবুলি মাহীয়েকে তেজাক লৈ ওকণী চাবলৈ বহিল। ওকণী চাই থাকোতে হঠাৎ এবাৰ মাহীয়েকে এডাল সৰু লোৰ সলা লৈ মন্ত্ৰ মাতি তেজাৰ মাজ মুৰতে মাৰি দি কলে,—“তই শালিকী চৰাই হ।” তেতিয়াই ভেজা শালিকী এটা হৈ উৰি ঘৰৰ চালতে পৰিলগৈ।

 এই ঘটনাৰ পিচদিনা ৰজাই তেজাক লৈ যাবলৈ দোলা মানুহ পঠিয়াই দিলত, তেজাৰ মাহীয়েকে তুলাকে তেজাৰ ৰিহা-মেখেলা, কাপোৰ-কানি, অলঙ্কাৰ পাতি পিন্ধাই দি ঠিক তেজা যেনেকৈ সজাই ৰজাৰ ঘৰলৈ পঠিয়াই দিলে। তুলাও দেখিবলৈ অনেক গুণে তেজাৰ নিচিনা আছিল সেইদেখি ৰজাৰ চকুত সেইটো বৰকৈ উভহা যেন নেলাগিল। আৰু যি অলপ অচৰপ লাগিছিল ৰজাই ভাবিলে যে মাকৰ ঘৰত এই কেইদিন মুকলিমূৰীয়া হৈ খাই থাকি তেজা তেনে হৈছে। শালিকা চৰাইটিও ৰজাঘৰীয়া দোলা- মানুহৰ লগতে উৰি গৈ ৰজাৰ ঘৰ পাই ৰজাৰ ঘৰৰ চালতে বাহ ললে।

 তেজাই বাপেকৰ ঘৰলৈ যাওঁতে এখন পাটৰ কাপোৰ লগাই অলপ বৈ তাঁততে এৰি গৈছিল। তুলাই আহি এতিয়া সেই তাঁত বব লগীয়াত পৰিল। কিন্তু তুলাই ভালকৈ কাপোৰ বৰ নেজানে। এদিন তাঁতৰ পাটত বহি তুলাই তাঁত ববলৈ গৈ বব নাজানি সূতা- বোৰ ছিঙি-ভাঙি একাকাৰ কৰিছে দেখি শালিকা চৰাইটিয়ে উৰা মাৰি আহি তাঁতশালৰ চালিত পৰি কবলৈ ধৰিলে,

“নিছিঙিবি নাভাঙিবি মোৰ জালি তাঁত,
ভালে ভালে তুলি থ।”

 ৰজা ওচৰত বহি আছিল। এই কথা শুনি ৰজাই শালিকাটোৱে কি কয় বুলি কৈ একো ভাবি নাপাই মনে মনে থাকিল। আন এদিন দুপৰীয়া ৰজা খাই-বৈ উঠি তুলাৰে সৈতে বহি পাশা খেলিছে। এনেতে শালিকাটিয়ে উৰি আহি অলপ দূৰতে পৰি মাতিবলৈ ধৰিলে,—

“কিনো ৰজা তুমি আভোল-ভোল হ'লা।
জেশাহুৰে সৈতে পাশা খেলিলা।"

 ৰজাই শালিকাৰ কেল্‌কেলনি প্ৰথমতে বৰকৈ কাণ নকৰি একান্তমনে পাশা খেলিছে। কিন্তু চৰাইটোৱে আকৌ এবাৰ সেইদৰে মাতিলে,—

“কিনো ৰজা তুমি আভোল-ভোল হ'লা।
জেশাহুৰে সৈতে পাশা খেলিলা।"

 ৰজাই শালিকাৰ কথা শুনি কথাষাৰ মনতে অলপ পৰ গুণিবলৈ ধৰিলে। ৰজাই লাহেকে ভিতৰলৈ উঠি গৈ ওলাই আহি এহাতে এটা ভোক লাৰু আৰু এহাতে এটা পিয়াহ লাৰু লৈ শালিকাৰ ফালে চাই কলে,—“যদি তই আন কোনোবাহে, তেন্তে উৰি আহি মোৰ হাতৰ পৰা পিয়াহ লাৰুটো লৈ গুচি যাবি,আৰু যদি মোৰ কোনোবা আপোন মানুহ হে তেন্তে মোৰ হাততে পৰি এই ভোক লাৰুটো খাবি।”এই বুলি ৰজাই ক'লত, শালিকাটি উৰি আহি ৰজাৰ হাততে পৰি ভোক লাৰুটো খাবলৈ ধৰিলে। ৰজাই চৰাই- টোক মৰম কৰি মূৰত হাত ফুৰাওঁতে তেওঁৰ আঙুলিৰ মূৰত এটা কিবা খহটা বস্তু লাগিলত, তেওঁ ভালকৈ চাই দেখিলে যে সেইটো এডাল সৰু লোৰ শলা। ৰজাই টানি শলাডাল উলিয়াই আনিলতে শালিকাটি শালিকা গুচি তেজা হ'ল। ৰজা অবাক।

 তাৰ পিচত ৰজাই তেজাৰ মুখৰ পৰা, আগৰেপৰা গুৰিলৈকে তেজাৰ মাহীয়েক আৰু তুলাৰ সকলোবোৰ বৃত্তান্ত শুনি তেতিয়াই চাওডাঙক হুকুম দিলে যে সি তুলাক কাটি তাইৰ মঙহ এটা টোমত, হাত ভৰি মূৰ এটা টোমত ভৰাই আৰু এটা চুপিত তেজ ভৰাই আনি ৰজাক দিব লাগে।

 ৰজাৰ হুকুম মতে কাম হ'ল। ৰজাই দুটা মানুহৰ হাতত সেই টোম দুটা আৰু চুপিটো তুলাৰ মাকৰ ঘৰলৈ পঠিয়াই দি মানুহ দুটাক শিকাই দিলে যে সিহঁতে তাত কব যে ৰজাই মিতিৰৰ ঘৰলৈ সেই টোম পহুৰ মঙহু পঠিয়াই দিছে আৰু যিটো টোমত তুলাৰ মূৰ আৰু হাত ভৰি আছে, সেইটো টোম সিহঁতে নিদি সেইদিনা ৰাতি লগতে ৰাখি পিছদিনা দোকমোকালিতে দুৱাৰমুখত থৈ গুচি আহিব।<

 ৰজাৰ মানুহে সেইদৰেই কাম কৰিলে। তেজাৰ মাহীয়েকে বস্তু পাই ৰঙত উধাও হৈ আপোন৷ আপুনি কবলৈ ধৰিলে,—

“মোৰ জী গৈয়েই মোলৈ টোপোলা পঠিয়ালে আৰু সিজনীয়ে ইমান দিনে কুটা এগছেকে পঠিওৱা নাছিল।"

 ৰাতি তুলাৰ মাকে আৰু ঘৰৰ সকলোৱে মঙহৰ আঞ্জাৰে হেঁপাহ পলুৱাই ভাত খালে আৰু চুপিৰপৰা তেল উলিয়াই চাকি লগালে। ৰজাঘৰীয়া মানুহ দুটাই সেই ৰাতি একো নাখাই শুই থাকিল। তুলাৰ মাকে সিহঁতক খাবলৈ বৰকৈ ধৰিছিল, কিন্তু সিহঁতে সিহঁতৰ বৰকৈ জ্বৰ উঠিছে বুলি কৈ একো নাখালে। ইফালে ৰাতি সকলোবোৰৰে খোৱা হ’লত, মানুহ দুটাই শোৱাপাটিৰ পৰা ৰাগ দি গাবলৈ ধৰিলে—

“কুটুমে ৰান্ধিলে, কুটুমে বাঢ়িলে, কুটুমক কুটুমে খালে।
কুটুমৰ তেজেৰে বন্তি জ্বলালে, মজিয়া ভকেভকালে॥”

 ভিতৰৰপৰা তুলাৰ মাকে সিহঁতক সুধিলে,—“তহঁতে কি গাইছহঁক ঐ?” সিহঁতে কলে,–“এ আই, জ্বৰৰ তাপত আমাৰ গিয়ান নাই, কিবা মুখত আহিছে, কিবা গাইছোঁ।”

 পিছদিনা পুৱাই তুলাৰ মাক শোৱাপাটিৰপৰা উঠি আহি দেখিলে যে ৰজাৰ ঘৰৰ মানুহ দুটা গুচি গ’ল, আৰু দুৱাৰমুখতে এটা টোম পৰি আছে। তাই টোমটো মেলি চাই তাৰ ভিতৰত তুলাৰ মূৰ আৰু হাত-ভৰি দেখি চিনি পাই আগ ৰাতি খোৱা মঙহবোৰ কিহৰ সেইটো ভালকৈ বুজি হুৰাওৰাৱে কান্দিবলৈ ধৰিলে।