বুঢ়ী আইৰ সাধু/তাৱৈয়েকৰ সাধু
তাৱৈয়েকৰ সাধু
দুজন বৰ মৰমৰ সখি আছিল। এজন মৰিবৰ সময়ত তেওঁৰ পুতেকক সখিয়েকৰ হাতত গতাই দি কলে,—“সখি, মোৰ ল’ৰাটো তোমাক গতালে৷; তুমি তাক বুধি-ভৰসা দি চলাই-মেলি মানুহ কৰিবা।” পুতেককো সি কলে,—“মোৰ সখিৰ হাতত তোক গতালোঁ। সখিয়ে তোক যিহকে কয় তাকে কৰিবি, যেনেকৈ চলায় তেনেকৈ চলিবি; কোনো কথাত সখিৰ বাইকৰ চুলি এডালৰ সমানো আঁতৰ নহবি; কোনো কাম কৰিবলগীয়া হলে সখিৰ কাণ চুৱাই হে কৰিবি।”
বাপেক ঢুকাল। পুতেকেও সেই মনে চিতেই তাৱৈয়েকৰ কথাত চলি আছে। এদিন তাৰ ঘৈণীয়েকৰ ল’ৰা এটা উপজিলত সি তাৱৈয়েকক সেই বাতৰি দিলেগৈ। তাৱৈয়েকে তাক কলে,—“তোমাৰ ঘৰৰ পিচফালে পোতা পুখুৰীটোত ল’ৰাটো নি এতিয়াই পুতি থোৱাগৈ।” সি তাৱৈয়েকৰ কথাত অবাক হ’ল। কিন্তু বাপেকৰ আজ্ঞা সুমৰি, একো নকৈ ল’ৰাটো নি তাৰ ঘৰৰ পিছফালৰ পোতা পুখুৰীত পুতি থলেগৈ। ইয়াৰ এবছৰ পিচত তাৰ আকৌ এটা ল’ৰা উপজিলত তাকো তাৱৈয়েকে আগৰ দৰে পুতি থবলৈ ক’লত, সি মনত বৰ বেজাৰেৰে তাৱৈয়েকৰ কথা সাৰোগত কৰি মানি তাকে কৰিলে। ইয়াৰ ডেৰবছৰমানৰ পিচত তাৰ ঘৈণীয়েকে ছোৱালী এজনী পালে। এইবাৰ সি ভাবিলে তাৱৈয়েকে তাক আগৰ দৰে ছোৱালীজনী পুতি থবলৈ ব্যৱস্থা নিদিয়ে। কিন্তু সি বিস্ময় মানিলে যে তাৱৈয়েকে এই ছোৱালীজনীকো আগৰ ল’ৰা দুটাৰ দৰে সেই পোতা পুখুৰীতে পুতি থবলৈ কলে। সি নিৰুপায় হৈ মনৰ বেজাৰ মনতে পুহি, তাৱৈয়েকৰ কথামতে ছোৱালীজনীকো পুতি থলে। ইয়াৰ দুবছৰমান পিচত তাৰ ঘৈণীয়েকৰ আকৌ ল’ৰা এটা উপজিল। সি এইবাৰ ভাবিলে যে বাৰু তাৱৈক এই বাতৰি দিওঁ, কিন্তু যি থাকে কপালত, এইবাৰ তেওঁ এই ল’ৰাটো পুতি থবলৈ কলেও আৰু মই তেওঁৰ কথা নুশুনো। ইয়াকে ভাবি সি ভাৱৈয়েকৰ ঘৰলৈ গৈ ল’ৰা হোৱা বাতৰি দিলত, তাৱৈয়েকে তাক কলে,–বোপা, এই ল’ৰাটো তুমি ধুৱাই পখলাই লোৱাগৈ। কিন্তু মই এটা কথা তোমাক কওঁ,— তুমি তোমাৰ আগৰ ল’ৰা-ছোৱালী কেইটা য’ত পুতি থৈছিল আজি ৰাতি সেইখিনিতে পল এটা পাতি তাৰ ওপৰত পৰ দি বহি থাকিবা।” তাৱৈয়েকৰ কথা মতেই সি ঘৰলৈ গৈ ল’ৰাটো ধুৱাই-পখলাই ললে আৰু ৰাতি সেইদৰে পোতা-পুখুৰীৰ মাজত পল এটা পাতি পৰ দি থাকিল।
ৰাতি দুপৰ হৈছে, এনেতে বৰটো ল’ৰাই গাঁতৰ ভিতৰৰপৰা মাত লগালে,—ভাইটি ঐ। মই থাকিবলৈ নাপালোঁ। পোৱাহেঁতেন তাক থিয়ৈ থিয়ৈ শূলত দিয়ালোহেঁতেন। উঃ কটা ভাল সাৰিল।” মাজুটো ল’ৰাই মাত লগালে,—“ককাইটি ঐ! মই থাকিবলৈ পোৱা হলে তাৰ ডিঙিত চিপজৰী লগালোহেঁতেন। তাৰ তাৱৈয়েকে আমাৰ মঙহ খালে। ” ইয়াৰ পিচত ছোৱালীজনীয়ে মাত লগালে,—“ককাইটিহঁত, যদি মই কেনেবাকৈ থাকিবলৈ পালো হেঁতেন তেন্তে তাক কেঁকোৰাই খোলাদি খুলি খুলি খালোহেঁতেন। কি কম ককাইটিহঁত, মনৰ কথা মনতে ৰৈ গ'ল।”
এইবোৰ কথাবাৰ্ত্তা শুনি মানুহটোৱে তেতিয়া ভালকৈ বুজিলে যে তাৰ তাৱৈয়েকে তাৰ কি উপকাৰ কৰিলে। তেতিয়া তাৱৈয়েকৰ ওপৰত তাৰ আৰু ডাঠ বিশ্বাস হ’ল।
ইয়াৰ কিছুদিনৰ পিচত তাৰ ধান বেচিবৰ হ’লত সি তাৱৈয়েকক সুধিলে,–“তাৱৈ, মোৰ ধানগাল বেচিব খুজিছো।” তাৱৈয়েকে তাক সুধিলে,–“ধানৰ দৰ কি হৈছে?” সি উত্তৰ দিলে– টকাত ১২ পুৰা।” তাৱৈয়েকে কলে,—“এতিয়া বেচিব নেলাগে।”
আৰু কিছুমান দিনৰ পিচত সি তাৱৈয়েকৰ ঘৰ ওলাই তাৱৈয়েকক কলে,—“তাৱৈ, ধানৰ দৰ কমিলহে। এতিয়া৷ কি কৰিম? লাহে লাহে কিজানি আৰু কমিবহে।” তাৱৈয়েকে সুধিলে, “কেই পূৰাকৈ হৈছে?” সি কলে—“এতিয়া ২০ পূৰা হ’ল।” তাৱৈয়েকে কলে,–“যোৱা এতিয়া বেচি দিয়াগৈ।” সি তাৱৈয়েকৰ কথামতেই টকাত ২০ পূৰাকৈ ধান বেচি টকাখিনি লৈ গৈ তাৱৈয়েকক দেখুৱালত তাৱৈয়েকে কলে,—“ভাল হৈছে; এতিয়া তুমি এই টকাৰে সোণ কিনি আনি সোণাৰিৰ হতুৱাই এটা লাড়ু গঢ়োৱা। তাৱৈয়েকৰ কথামতেই সি সোণৰ লাড়ুটো কৰি আনি তাৱৈয়েকক দিলত, তাৱৈয়েকে কলে,–“এই লাড়ুটো তুমি নৈত পেলাই দিয়াগৈ।” সি তাৱৈয়েকৰ কথা শুনি মনত বেজাৰ পাই অগত্যা সোণৰ লাড়ুটো নৈত পেলাই দিলেগৈ।
মাহচেৰেকৰ মূৰত ডোম এটাই এটা ৰৌমাছ বেচিবলৈ বুঢ়াৰপুতেকৰ ঘৰলৈ আনিছিল। সি ৰৌমাছটো লৈ কাটিলতে তাৰ পেটত সেই সোণৰ লাড়ুটো ওলাই পৰিল। সি তাৱৈয়েকক লাড়ুটো দেখুৱালত, তাৱৈয়েকে তাক কলে,—“তোমাৰ এইটোহে নিজৰ বস্তু। যোৱা এইটো ভালকৈ থৈ দিয়াগৈ। তুমি কিজানি আগেয়ে মোক তোমাৰ শত্ৰু বুলিহে ভাবিছিলা। এতিয়া মই দুইটা কথাৰে তোমাক পতিয়ন দিব পাৰি ঈশ্বৰৰ চৰণত সেৱা কৰিছোঁ। যোৱা বোপা, তুমি ধৰ্মত মতি ৰাখি ঈশ্বৰৰ চৰণত নিৰ্ভৰ কৰি সকলো কৰিবলগীয়া কাম-কাজ কৰি সুখেৰে খাই-বৈ থাকাগৈ। কোনো চিন্তা নাই, মোৰ প্ৰভুৱে তোমাৰ সততে মঙ্গল কৰিব।”