সমললৈ যাওক

বুঢ়ী আইৰ সাধু/ঢোঁৰাকাউৰী আৰু টিপচীচৰাই

ৱিকিউৎসৰ পৰা

ঢোঁৰাকাউৰী আৰু টিপচীচৰাই

 এক বোলে ঢোঁৰাকাউৰী আৰু এটা টিপচীচৰাই আছিল। সিহঁত দুয়ো সখি বন্ধালে। এদিন দুয়ো একেলগে এজোপা গছৰ ডালত বহি আছিল। এনেতে দেখিলে যে এজনী বুঢ়ীয়ে ধান সিজাই চোতালত মেলি দিছে। ঢোঁৰা কাউৰীয়ে টিপচীক ক’লে,— "সখি, সখি চোৱাচোন সেই বুঢ়ীজনীয়ে সিজোৱা ধান ৰ’দত মেলি দিছে, এথাপ মাৰি আমি আনোহঁক আহাঁ।” টিপচীয়েও—“এৰা আনোহঁক আহাঁ” বুলি মাত দিলত ঢোঁৰা কাউৰীয়ে ক’লে— “কিন্তু সখি এটা কথা, ম‍ই ঠোটত যিমান ধান আনিম তুমিও যদি সিমান আনিব নোৱাৰা তেনেহলে মই তোমাক খাম। আৰু তুমি যিমান আনিবা ময়ো যদি সিমান আনিব নোৱাৰো তেনে তুমি মোক খাবা। ” ঢোঁৰাকাউৰীৰ কথা শুনি টিপচীয়ে ভাবিলে— “মইতো তাতকৈ বেছি ধান একে থাপতে আনিব নোৱাৰিমেই; সেইদেখি বুজিছোঁ সি মোক খাবলৈ বুধি পাতিছে। বাৰু দেখাই যাওকচোন সি মোক কেনেকৈ খায়।” ইয়াকে ভাবি টিপচীয়ে উত্তৰ দিলে—“বাৰু সখি সেয়ে হওক।” ঢোঁৰাকাউৰীয়ে কলে,—“ তেন্তে তুমি আগেয়ে থাপ মাৰি আনা।” টিপচীয়ে উত্তৰ দিলে—“নহয় সখি তুমি আগেয়ে আনা।” কাউৰীয়ে কলে—“তুমিহে আগ হব লাগে মই তোমাৰ পিচতহে।” এই কথা শুনি টিপচীৱে তাৰ এখুদমান ঠোটেৰে থাপমাৰি এঠোট ধান আনিলে কিন্তু সি নিচেই তাকৰ। তাৰ পিচত ঢোঁৰাকাউৰীয়ে থাপ মাৰি ইমান ধান আনিলে যে টিপচীয়ে অনা ধানতকৈ সি অনেক গুণে সৰহ। ঢোঁৰাকাউৰীয়ে ধান আনিয়েই মাত লগালে— “সখি মই এতিয়া তোমাক খাব পাওঁ।” টিপচীয়ে উত্তৰ দিলে – “নিশ্চয় পোৱা সেই- দেখি তুমি মোক খাবা; কিন্তু তাৰ আগেয়ে তুমি মোৰ এটা কথা ৰাখিব লাগিব,—তুমি সততে মৰা শ খাই ফুৰা, সেইবাবে তোমাৰ ঠোটটোত বৰ বেয়া গোন্ধ। তুমি অনুগ্ৰহ কৰি তোমাৰ ঠোটটো সাগৰৰ পানীত ধুই মোক খোৱা।” ঢোঁৰাকাউৰীয়ে—“বাৰু সখি, তোমাৰ কথা ৰাখিম; মই এতিয়াই মোৰ ঠোঁটটো সাগৰৰ পানীত ধুই আহোঁগৈ” বুলি কৈ উৰি গৈ সাগৰৰ কাষ পাই সাগৰক মাতিলে— “সাগৰ ককাই, অ’ সাগৰ ককাই” সাগৰে উত্তৰ দিলে—“কি হৈছে।” ঢোঁৰাকাউৰীয়ে কলে—

“দে পানী, পখালো ঠোঁট!
ভোজন কৰো টিপচী গোট॥”

 সাগৰে উত্তৰ দিলে, – “কিহতকৈ দিম? যদি কিবা এটা পাত্ৰ দিব পাৰা তেন্তে দিব পাৰো।”

 সাগৰৰ কথা শুনি কাউৰীয়ে টেকেলি এটা বিচাৰি কুমাৰৰ ঘৰলৈ গ’ল। কুমাৰক কাউৰীয়ে মাত লগালে, – “কুমাৰ ককাই, কুমাৰ ককাই, ঘৰত আছেনে?” কুমাৰে উত্তৰ দিলে,—“আছোঁ কিবা কৈছে?” কাউৰীয়ে কলে—

“দে টেকেলি, তোলো পানী, পখালো ঠোঁট।
ভোজন কৰো টিপচী গোট॥”

 কুমাৰে কলে—“মোৰ ঘৰত গঢ়া টেকেলি, নাই। বদি অলপ- মান মাটি আনি দিব পাৰা, তেন্তে নই টেকেলি এটা গঢ়ি দিব পাৰোঁ।”

 কুমাৰৰ কথা শুনি কাউৰীয়ে মাটিৰ ওচৰলৈ গৈ মাটিক কলে—

“দে মাটি, দিওঁ কুমাৰক, গঢ়ক টেকেলি,
তোলো পানী, পখালো ঠোট।
ভোজন কৰো টিপচী গোট॥”

 মাটিয়ে উত্তৰ দিলে, – “মই নিজে কেনেকৈ দিম? যদি কিবা উপায়েৰে খান্দি নিব পাৰা নিয়া।"

 মাটিৰ সমিধান পাই কাউৰীয়ে ম’হৰ ওচৰ পালেগৈ। সি ম’হক মাত লগালে,

“দে শিং, খান্দো মাটি।
দিওঁ কুমাৰক, গঢ়ক ঘটি
তোলো পানী, পখালো ঠোট।
ভোজন কৰো টিপচী গোট।”

 ম’হে উত্তৰ দিলে, – “মই নিজে মোৰ শিং কেনেকৈ দিম? যদি কিবা উপায়েৰে নিব পাৰা নিয়া।”

 ম’হৰ কথা শুনি কাউৰীয়ে গৈ কুকুৰৰ ওচৰ পাই কুকুৰক ক’লে—

“মাৰ ম'হ নিওঁ শিং, খান্দো মাটি,
দিওঁ কুমাৰক, গঢ়ক ঘটি।
তোলে৷ পানী, পখালো ঠোট।
ভোজন কৰোঁ টিপচী গোট॥”

 কুকুৰে উত্তৰ দিলে,— “আজি ভালেমান দিন মই গাখীৰ খাবলৈ পোৱা নাই, সেইদেখি মোৰ গাৰ বল কমি গৈছে। তুমি যদি মোক গাখীৰ খুৱাব পাৰা তেন্তে মই ম'হ মাৰি দিব পাৰোঁ।”

 এই কথা শুনি কাউৰীয়ে গাইৰ ওচৰলৈ গৈ গাইক কলে—

“দে গাখীৰ, খুৱাওঁ কুকুৰক,
বান্ধক বল, মাৰক ম’হ।
নিওঁ শিং, খান্দে৷ মাটি।
দিওঁ কুমাৰক, গঢ়ক ঘটি॥
তোলো পানী, পখালো ঠোট।
ভোজন কৰোঁ টিপচী গোট॥”

 গায়ে উত্তৰ দিলে,—“মই বুঢ়ী হৈছোঁ; ভালেমান দিন ভালকৈ ঘাঁহ খাবলৈ পোৱা নাই। তুমি যদি মোক ভালকৈ এসোপা ঘাঁহ খাবলৈ আনি দিব পাৰা, তেন্তে ম‍ই তোমাক যিমান গাখীৰ লাগে সিমান দিন।”

 গাইৰ উত্তৰ শুনি কাউৰীয়ে ঘাঁহৰ ওচৰলৈ গৈ ঘাঁহক কলে,—

“দে ঘাঁহ, খুৱাওঁ গাইক, ওলাওক গান্ধীৰ,
খুৱাওঁ কুকুৰক, বান্ধক বল, মাৰক ম’হ,
নিওঁ শিং, খান্দো মাটি।
দিওঁ কুমাৰক, গঢ়ক ঘটি॥
তোলে৷ পানী, পখালো ঠোঁট।
ভোজন কৰোঁ টিপচী গোট॥ ”

 ঘাঁহে উত্তৰ দিলে,—“মই কেনেকৈ ঘাঁহ দিম? যদি কাটি নিব পাৰা নিয়া।’’

 ঘাঁহৰ কথা শুনি কাউৰীয়ে কমাৰৰ ঘৰ পালেগৈ। বাহিৰৰ পৰা কাউৰীয়ে কমাৰক মাত লগালে— “কমাৰ কাই, কমাৰ কাই, ঘৰত আছে নে?' কমাৰে উত্তৰ দিলে, – “আছো কাউৰী ভাই, কি সকামত বা আছিল৷?” কাউৰীয়ে উত্তৰ দিলে—

“দে খন্তি, কাটো ঘাঁহ, খুৱাওঁ গৰুক
ওলাওক গাখীৰ, খুৱাওঁ কুকুৰক, বান্ধক বল,
মাৰক ম'হ।
নিওঁ শিং, খান্দো মাটি,
দিওঁ কুমাৰক, গঢ়ক ঘটি।
তোলো পানী, পখালো ঠোট।
ভোজন কৰো টিপচী গোট।”

 কমাৰে কলে,—“মোৰ জুইকুৰা নুমাই গ'ল; যদি মোক জুই অলপ আনি দিব পাৰা, তেন্তে মই এতিয়াই খন্তি এখন গঢ়ি দিব পাৰোঁ।”

 কাউৰীয়ে কমাৰৰ কথা শুনি চাৰিওফালে চাই দেখিলে যে, সাগৰৰ সিপাৰে এঠাইত জুইৰ ধোঁৱা ওলাইছে। দেখিয়েই সি উৰি গৈ সিপাৰ পাই এজনী বুঢ়ীয়ে ধান সিজাই থকা দেখিলে। বুঢ়ীৰ ওচৰ চাপি কাউৰীয়ে কলে,–“আই, মোক অলপ জুই দিব পাৰা নে?” বুঢ়ীয়ে উত্তৰ দিলে,—“কিহতকৈ দিম?” কাউৰীয়ে কলে—“মোৰ ডৌকাৰ ভিতৰতে বান্ধি দিয়া।” বুঢ়ীয়ে তাকে কৰিলে। কাউৰীয়ে জুইৰ আঙঠাৰ টোপোলাটো ডৌকাত বান্ধি লৈ সাগৰৰ ওপৰেদি উৰি আহি থাকোতে তাত বতাহ লাগি জ্বলি উঠি ডৌকা পুৰি গ’লত সি মাজ সাগৰত পৰি বুৰি মৰিল। ইফালে টিপচীয়ে মনে মনে কাউৰীৰ পাছে পাছে আহি আগৰেপৰা গুৰিলৈকে এটাইবোৰ লক্ষ্য কৰি আছিল। শেষত কাউৰীৰ এনে মৃত্যু দেখি সি সন্তোষ পাই এজোপা গছৰ ডালৰ পৰা উৰি আন এজোপা গছৰ ডালত পৰিলগৈ। আৰু মোৰ কাপোৰ কানি ক’লা হলত, ময়ো গুছি আহিলো।

ঢেকিয়াই মেলিলে ঠোৰ।
মোৰ কথাৰ পৰিল ওৰ॥
তামোলে মেলিলে ডাবি।
কোন ক’লৈ যাবি॥
ক'লা মেকুৰীৰ বগা কাণ।
ডাকি বোলা ৰাম ৰাম॥