সমললৈ যাওক

বুঢ়ী আইৰ সাধু/জৰদ্‌গৱ ৰজাৰ উপাখ্যান

ৱিকিউৎসৰ পৰা
​
 

জৰদ্গব ৰজাৰ উপাখ্যান

 এঠাইৰ এজন পণ্ডিতে এজন ছাতৰৰে সৈতে দেশ চাবলৈ ওলাই গ’ল। তেওঁলোক গৈ এক ৰজাৰ এখন নগৰ পালেগৈ। তেওঁলোকে দেখিলে যে সেই নগৰত জহা চাউলৰ দাম সেৰে দুই পইচা, উখুৱা, আহু চাউলৰ সেৰে দুই অনা, ঘিউৰ সেৰে চৰতীয়া আৰু তেলৰ সেৰে এটকা। পণ্ডিতে ছাতৰক কলে,—“বোলে আমাৰ ইয়াতেহে কিছুদিন থকা ভাল।” এইবুলি তেওঁলোকে এঘৰত থাকিবলৈ ঠাই ললে।

 এদিন ৰজাৰ হাউলিৰ ওচৰৰে এঘৰমানুহৰ ঘৰত চোৰে সিন্ধি দি চুৰি কৰিছিল। সি চুৰ কৰি ওলাই যাব খোজোতেই গৃহস্থৰ হাতত ধৰা পৰিলত, গৃহস্থই তাক বান্ধি আনি ৰজাৰ আগত হাজিৰ কৰিলেহি। ৰজাই পাত্ৰ-মন্ত্ৰী সকলেৰে বৰ চ’ৰাত বিচাৰ কৰিবলৈ বহি অনেক ভাবি ভাবি পালে যে সিন্ধিটো ডাঙৰ নোহোৱাহেঁতেন চোৰটো তাত সোমাব নোৱাৰিলেহেঁতেন। ইয়াকে ভাবি ৰজাই চোৰক সুধিলে,–“হেৰ চোৰ, তই সিন্ধিটো কিয় ডাঙৰ কৰিছিলি?” চোৰে উত্তৰ দিলে,—“স্বৰ্গদেউ, কাটক বা মাৰক মোৰ চিপ্‌ৰাংখন ডাঙৰ আছিল সেইদেখি তাৰে খান্দোতে সিন্ধিটো ডাঙৰ হৈ পৰিল।” এই উত্তৰ শুনি ৰজাই কলে, “ওঁ হয় তো, চোৰৰ গাত কি দায়? কটা কমাৰে চিপ্‌ৰাংখন ডাঙৰকৈ কিয় ​ গঢ়িছিল? ধৰ কমাৰক। আন কমাৰক। আন তাক পাছলৈ বান্ধি দি মোৰ আগলৈ।” ৰজাৰ হুকুম শুনি তেতিয়াই টেকেলা গৈ কমাৰক বান্ধি আনি ৰজাৰ আগত হাজিৰ কৰিলেহি। ৰজাই সুধিলে,—“হেৰ কমাৰ, তই কিয়নো চিপ্‌ৰাংখন ডাঙৰকৈ গঢ়িছিলি? যদি ডাঙৰকৈ নগঢ়িলিহেঁতেন তেন্তে ই চোৰে কেতিয়াও সিন্ধিটো ডাঙৰকৈ খান্দি সোমাই বস্তু চুৰ কৰিব নোৱাৰিলেহেঁতেন।” কমাৰে ৰজাৰ আগত আঠু লৈ কলে,—“স্বৰ্গদেউ, সুধি কাটিলে কটা নাযাওঁ, নুসুধি কাটিলেহে কটা যাওঁ।” ৰজাই কলে,—বাৰু সুধিছো, তোৰ কি কবলৈ আছে ক? নহলে তোক আজি শূলত দিম।” কমাৰে মাত লগালে,—“স্বৰ্গদেউ, মই চিপ্‌ৰাংখন গঢ়ি থাকোতে স্বৰ্গদেউৰ বান্দীজনী মোৰ আগেদিয়েই লচ পচ্ কৰে লৰ মাৰিছিল। তাইৰ ফালে মোৰ চকু গলতে চিপ্‌ৰাংখনত এটা কোব বেছিকৈ পৰিল।” ৰজাই কমাৰৰ কথা শুনি কলে,—“কথাটো সঁচা, তোৰ গাত দোষ নাই। তাই বেটী সেই সময়ত তোৰ আগেদিয়েই বা কিয় গৈছিল? ধৰ তাইক। আন তাইক।” ৰজাৰ মুখৰপৰা এই হুকুম ওলোৱা মাত্ৰকতে টেকেলাই গৈ ৰজাৰ বান্দীজনী ধৰি আনিলে। ৰজাই বান্দীজনীক সুধিলে,—“হেৰ তই সঁচাই বুলিছ নে? কমাৰে চিপ্‌ৰাংখন গঢ়ি থাকোতে তই তাৰ আগেদি কিয় লৰ মাৰিছিলি?”

 বান্দীয়ে হাতযোৰকৈ ক'লে,–“দেউতা, বেটীক মাৰকেই বা কাটকেই নকৈ নোৱাৰোঁ, আই দেউতাৰ ল’ৰা পাবৰ হৈছিল দেখি মই বেজিনীক মাতি আনিবলৈ লৰি গৈছিলো।” ৰজাই বোলে, “কথাটো হয়, এইৰ গাত দোষ নাই; মোৰ ল’ৰাৰ গাতহে দোষ। সিনে৷ এই সময়ত উপজিবলৈ ওলাইছিল কিয়? আন মোৰ ল’ৰাক ধৰি।” ৰজাৰ হুকুমত ৰজাৰ কণমান কোঁৱৰক আগলৈ লৈ অহা ​ হ’ল। ৰজাই কোঁৱৰক সুধিলে,– “হেৰ তই এইখিনি সময়ত কিয় উপজিবলৈ ওলাইছিলি?” কেচুৱা কোঁৱৰে একে৷ উত্তৰ দিব নোৱাৰি মনে মনে থকা দেখি ৰজাই কোঁৱৰক শূলত দিবলৈ হুকুম দি কলে, “হলেই বা মোৰ ল’ৰা, মই ৰজা, ম‍ই ধৰ্মৰ অৱতাৰ, ম‍ই কেতিয়াও অন্যায় বিচাৰ কৰিব নোৱাৰোঁ। এতেকে ন্যায় বিচাৰ কৰি মোৰ ল’ৰাকে শূলত দিম।” ৰজাৰ ল’ৰাক শূলত দিবৰ হুকুম হলত মন্ত্ৰীয়ে ভাবিলে,—“বৰ বেয়া কথা হ'ল; এটা বুধি কৰি ইয়াক এৰুৱাব লাগিব।” ইয়াকে ভাবি মন্ত্ৰীয়ে ৰজাক কলে,—“স্বৰ্গদেউ, এই কেচুৱা ল’ৰাটিক শূলত নধৰে, গাই-গাৰিয়ে শকত এটা ডাঙৰ মানুহ হলেহে শূলত ভালকৈ বহুৱাব পৰা যাব।” ৰজাই মন্ত্ৰীৰ কথা শুনি হুকুম দিলে,-“মোৰ ৰাজ্যত যি গায়ে-গাৰিয়ে শকত ডাঙৰ মানুহ আছে, তাকে ধৰি আনি মোৰ কোঁৱৰৰ সলনি শূলত দিয়া হওক।” মন্ত্ৰীয়ে নগৰত ডাঙৰ গাৰে মানুহ এটা বিচাৰিবলৈ টেকেলা পঠিয়াই দিলে।

 ইফালে পণ্ডিত আৰু তেওঁৰ ছাতৰে ৰজাৰ নগৰত থাকি সস্তা জহা চাউলৰ ভাত আৰু ঘিউ খাই গায়ে-গাৰিয়ে ডাঙৰ হৈ পৰিছিল। পণ্ডিত ক’ৰবালৈ ওলাই গৈছিল। এনেতে ৰজাৰ মানুহে ছাতৰকে গায়ে-গাৰিয়ে শকত দেখি ধৰি লৈ গুচি আছিল। পণ্ডিত ঘৰলৈ উভতি আহি ছাতৰক নেদেখি সি কলৈ গ’ল আৰু তাক সুধি জানিলে যে ৰজাৰ মানুহে তাক শূলত দিবলৈ লৈ গ’ল। এই কথা শুনি পণ্ডিত ৰজাৰ ঘৰ ওলালগৈ। ৰজাক পণ্ডিতে আশীৰ্ব্বাদ কৰিলত ৰজাই তেওঁক কোন বুলি সুধিলে। পণ্ডিতে কলে,– “মই হাত চাব জানো আৰু গণি-পঢ়ি ভুত-ভৱিষ্যত সকলো কথা কব পাৰে৷।” ৰজাই নিজৰ আৰু ৰাণীৰ হাত দেখুৱালত, গণকজনে ​নানা ভাল কথা কৈ ৰজাক সন্তুষ্ট কৰিলে। এনেতে ৰজাই কলে,— “কাইলৈ ৰাতিপুৱা এটা মানুহ শূলত দিয়া হব, তাৰ বিষয়ে তুমি কি কব পাৰা?” এই কথা শুনি পণ্ডিতে অনেক গণি-পঢ়ি চাই কলে,—“উঃ মহাৰাজ! তাৰ কপালখন বৰ বলী। কাইলৈ সেই সময়ত যি মানুহক শূলত দিয়া যাব সেই মানুহেই তৎক্ষণাৎ স্বৰ্গ পাই স্বৰ্গৰ ৰজা হব।” ৰজাই এই কথা শুনি জপিয়াই উঠি কলে,—“মই থাকোঁতে ক’ৰ কুকুৰধূলি মানুহ এটা স্বৰ্গৰ ৰজা হবগৈহে?' এনে কথ৷ ম‍ই কেতিয়াও হ'বলৈ দিব নোৱাৰো।” এই বুলি ৰজাই ​তেতিয়াই মন্ত্ৰীক মতাই আনি হুকুম দিলে যে “সেই ডাঙৰ মানুহটোক এতিয়াই এৰি দিয়া আৰু আইলৈ মইহে শূলত উঠিম। আন কোনো উঠিব নোৱাৰে।” যেনে হুকুম তেনে কথা হ'ল। পিচদিনা জৰ্‌দগৰ ৰজাক শূলত দিয়া হ'ল।