বুঢ়ী আইৰ সাধু/জোঁৱাইৰ সাধু
জোঁৱাইৰ সাধু
এদিন এটা মানুহে তাৰ জোঁৱায়েকক বিহু খাবলৈ মাতিছিল। জোঁৱায়েকে শহুৰেকৰ নিমন্ত্ৰণ ৰাখিবলৈ আবেলি বেলিকা ঘৰলৈ যাবলৈ ওলাল। শহুৰেকে অকলৈ যাবলৈ কৈছিল সেই কাৰণে সি কোনো মানুহ লগত লৈ যোৱা নাছিল। কিন্তু সি অলপ বাট গৈ দেখিলে,—তাৰ লগত তাৰ ছাঁটোও আহিছে। সি ভাবিলে শহুৰে মোক কোনো মানুহক লগত নিনিবলৈ কৈছে, যদি মই এতিয়া ছাঁটো মোৰ লগত লৈ যাওঁ তেন্তে শহুৰে মোক নিশ্চয় খং কৰিব। ইয়াকে ভাবি সি ছাঁটোক কলে,—“হেৰ তোক কি লাগে, কিয় আহিছ? গুচি যা।” কিন্তু ছাঁটোৱে নমতা দেখি সি আকৌ সুধিলে, – “তই নামাত কিয়? চেলেংখন লাগে নেকি?” এই বুলি যেতিয়া সি মূৰ লৰালে তেতিয়া অলপ ছাঁটোৱেও মূৰ লৰালে। ছাঁটোৱে মূৰ লৰোৱা দেখি সি ভাবিলে, ইয়াক চেলেংখন লাগে। ইয়াকে ভাবি সি চেলেংখন তাতে পেলাই গুচি গ’ল। গৈ সি আকৌ ছাঁটো দেখিলে। সি এইবাৰ চোলাটো ছাঁটোক দিলে। এইদৰে তাৰ চুৰিয়া, গামোছা সকলোকে দি অন্ত কৰিলে। লাহে লাহে গধূলি হৈ আছিল, ছাঁ নেদেখা হ'ল। তেতিয়া ভাবিলে ছাঁটো গ’ল। সি কুকুৰীকণা আছিল, সেই কাৰণে অলপ গৈয়েই বাট নেদেখা হ’ল। এনেতে সি তাৰ শহুৰেকৰ বুঢ়া গৰু এটা দেখিলে। সি বুঢ়া গৰুটোৰ নেগুৰত ধৰি তাৰ পিছে পিছে যাব ধৰিলে৷ অলপ সময়ৰ পাছত সি ঘৰ পালেগৈ৷ কিন্তু তাৰ গাত চুৰিয়া নথকাৰ কাৰণে সি শহুৰেকৰ আগত ওলাবলৈ লাজ কৰি কলগছ এজোপাৰ তলত চুৱাপাতনিত বহি থাকিল৷ শহুৰেকে জোঁৱায়েক আহিব বুলি বহুত ৰাতিলৈকে ৰৈ আছিল৷ পিচত নহা দেখি খাই-বই শুই থাকিল৷ শাহুৱেকে চুৱা-তুৱা ধুই এন্ধাৰে-মুন্ধাৰে চুৱাপানী আনি চুৱাপাতনিলৈ মাৰি পঠিয়ালত জোঁৱায়েকৰ মূৰত পৰিল৷ জোঁৱায়েকে উস্ উস্ বুলিলত শাহুৱেকে চাকি লৈ চাই জোঁৱায়েকক দেখি মাতি আনিলে আৰু গা-পা ধুৱাই কাপোৰ-কানি দি ভাত খাবলৈ দিলে৷ ভাতৰ লগতে তাক গুড় দিছিল৷ সি গুড় কেতিয়াও নেদেখা কাৰণে-এই-বিলাক নাখাওঁ বুলি ক’লে। শাহুৱেকে ক’লে-খোৱা। এই জুলীয়া গুড় খাবলৈ বৰ ভাল৷” তেতিয়া সি অলপ খাই চাই সোৱাদ পাই “এইবিলাক ক’ত আছে” বুলি সুধিলে। শাহুৱেকে ক’লে,—“সৌৱা বৰ-চাঙৰ ওপৰত কলহত আছে।” সি ভাত খাই উঠিলত শাহুৱেকে জোঁৱায়েকক শুবলৈ দি শুই থাকিল৷ জোঁৱায়েক শুলে, কিন্তু তাৰ টোপনি নাহিল, কাৰণ তাৰ মনটো গুড়তহে পৰি আছিল৷ যেতিয়া সি শহুৰেকৰ টোপনি অহা যেন গম পালে তেতিয়া মাৰি এডাল লৈ ওপৰত থকা গুড়ৰ কলহটো ফুটাই তলত মুখ পাতি গুড় খাবলৈ ধৰিলে। খাই অঁতাই দেখে গুড় গাত পৰি তাৰ গাটো এঠা-এঠা হ’ল। তুলী কৰিবলৈ থোৱা কিছুমান তুলা সি দেখিবলৈ পালে৷ সি উপায় নাপাই তাৰ ওপৰতে বাগৰ দিলে৷ তাৰ পিচত সি দেখিলে তাৰ গাটো গোটেই বগা নোমাল হ’ল। ওচৰতে গোটাচেৰেক ছাগলী-বন্ধা আছিল, তাকে দেখি তেতিয়া সি মনে মনে ছাগলীৰ মাজতে থাকি ৰাতিটো কটাওঁ বুলি সোমাই থাকিল। সেইদিনা চোৰে ছাগলী চুৰ কৰিবলৈ আহিছিল৷ সিহঁতে ভাবি আহিছিল যে যিটো ছাগলীৰ নোমত ধৰিলেই নোম উঠি আহিব সেইটো ছাগলীকে নিব লাগে, কাৰণ তেনেকুৱা ছাগলীৰ তেল বেছি। সিহঁতে আহি পোনেই মানুহটোৰ গাত হাত দি দেখিলে যে তাৰ নোমবোৰ উঠি আহিছে৷ সেইদেখি তাকেই তেলাল ছাগলী বুলি ভাবি ভাল পাই বান্ধি সাঙ্গী কৰি সিহঁতে লৈ গ’ল৷ সিহঁতে যাওঁতে এখন নৈ পাৰ হৈছিল। যেতিয়া সিহঁতে নৈৰ মাজ পালেগৈ তেতিয়া মানুহটোৰ টিকা পানীত লাগি তিতিল৷ সি চোৰ কেইটাক ক’লে,—
“দাং দাং চোৰ ;
টিকা তিতিল মোৰ ।”
তেতিয়া চোৰ কেইটাই ছাগলীয়ে মাতিছে বুলি আচৰিত হৈ ভয় খাই তাক পানীত পেলাই লৰ মাৰিলে৷ পানী তৰাং আছিল দেখি সি বুৰি নমৰি লাহে লাহে পাৰত উঠি বহিলহি৷ এনেতে ৰাতি পুৱাল৷ নৈৰ পাৰত সি বহি থাকোঁতে শহুৰেকে বিচাৰি বিচাৰি তাক পালেগৈ আৰু ঘৰলৈ আনি খুৱাই-বুৱাই তাৰ পিচত তাক নিজা ঘৰলৈ পঠিয়াই দিলে৷
⸻