বুঢ়ী আইৰ সাধু/চম্পাৱতী
চম্পাৱতী
এসময়ত এঠাইত এজন বৰ ধনী মানুহ আছিল। তেওঁৰ দুজনী ঘৈণীয়েক আছিল। ডাঙৰজনী লাগী আৰু সৰুজনী এলাগী। লাগীজনীৰো এজনী ছোৱালী হৈছিল আৰু এলাগীজনীৰো এজনী ছোৱালী হৈছিল। লাগী তিৰোতাৰ কথা শুনি গিৰিয়েকে সৰুজনীক তাইৰ জীয়েকৰে সৈতে চুৱাপাতনিত থাকিবলৈ এটি পঁজা ঘৰ সজাই দিলে। এলাগীয়ে দুখ-কষ্টেৰে জীয়েকক লৈ খুজি-মাগি খাই ঘৰতে থাকিবলৈ ধৰিলে। এলাগী জীয়েকৰ নাম চম্পাৱতী। এদিন বাপেকে চম্পাৱতীক পকা ধান ৰখিবলৈ হুকুম দিলে। চম্পাৱতীয়ে সদায় ধাননিৰ মাজত টঙিৰ ওপৰত উঠি চৰাই খেদাই থাকে। এইদৰে বহুদিন গৈছে, এদিন চম্পাৱতীয়ে ধান ৰখিবলৈ গৈ টঙিৰ ওপৰত উঠি—
“হুৰ হুৰ বতা চৰাই;
মোৰ ধান নাখাবি তোক দিম গোটাকৰাই।”
“ধানো খাম চাউলো খাম।
চম্পাৱতীক বিয়া কৰি ঘৰলৈ যাম।”
চম্পাৱতীয়ে এইবোৰ কথা শুনি কেউফালে মানুহ-দুনুহ চাই কাকো নেদেখি বিচুৰ্ত্তি হ’ল। তাৰ পিচত গধূলি পৰত ধান ৰখি উভতি আহি চম্পাই মাকৰ আগত সেইদিনাৰ সেই কথা কলে। পিছদিনা মাকে চম্পাৰ কথা সঁচা নে মিছ৷ জানিবৰ নিমিত্তে চম্পাৰ লগতে ধাননিৰ মাজলৈ গ’ল আৰু মাকে কবলৈ দিয়াত চম্পাই কবলৈ ধৰিলে—
“হুৰ হুৰ বতা চৰাই;
মোৰ ধান নাখাবি তোক দিম গোটেকৰাই।”
"ধানো খাম চাউলো খাম।
চম্পাৱতীক বিয়া কৰাই ঘৰলৈ যাম।"
মাকে এই কথা শুনি বিচুৰ্ত্তি হ’ল আৰু এবাৰ মাকে চম্পাক আগৰদৰে মাতিবলৈ দিয়াত, চম্পাৱতীয়ে মতাত, পুনৰ হাবিৰপৰা আগৰদৰে কোনোবাই উত্তৰ দিলে। তেতিয়া মাক-জীয়েকে দুয়ো ঘৰলৈ উভতি আহিল। এলাগীয়ে গিৰিয়েকক সকলো কথা কলে। গিৰিয়েকে এলাগীক, চম্পাক আৰু ওচৰ-চুবুৰীয়া মানুহ গোটাচেৰেকক লগত লৈ ধাননিলৈ গৈ চম্পাক সেইদৰে মাতিবলৈ দিয়াত চম্পাই আগৰদৰে মতাত ওচৰৰ হাবিৰপৰা আগৰ দৰে উত্তৰ পালে। সকলো মানুহে কোনে মাতিছে বুলি চাবলৈ হাবিৰ মাজলৈ সোমাই গ’ল, কিন্তু কাকো নেদেখিলে। তাৰ পিচত চম্পাৰ বাপেকে হাবিৰ ফালে চাই মাত লগালে, “যদি সঁচাকৈয়ে তোমাক চম্পাৱতীক লাগে, তেনেহলে তুমি যেই কি নোহোৱা ওলাই আহা।সত্যে সত্যে তিনি সইত খাই কৈছোঁ, চম্পাৱতীক তোমালৈ মই বিয়া দিম।” এই কথা শুনি হাবিৰ মাজৰ পৰা এটা বৰ ডাঙৰ অজগৰ সাপ ওলাই আহিল। সাপটো দেখি সকলো মানুহে ভয়ত পলাবলৈ ধৰাত চম্পাৰ বাপেকে সিহঁতক নপলাবলৈ কৈ সাহ দিলত একেলগে সকলোটি থুপ খালে। তাৰ পিচত সি অজগৰক মাতি তাৰ ঘৰলৈ নিলে। এলাগী আৰু জীয়েক দুয়ো ডিঙিত ধৰাধৰিকৈ কান্দিবলৈ ধৰিলে; এলাগীয়ে জীয়েকক অজগৰে সৈতে বিয়া নিদিবলৈ গিৰিয়েকক কাকুতি কৰিবলৈ ধৰিলে হয় কিন্তু লাগীৰ কথা শুনি গিৰিয়েকে তালৈ কাণ নকৰি কেঁচা পাণ, কেঁচা তামোল কাটি সাপলৈ চম্পাক বিয়া দি এটা সুকীয়া ঘৰত মাক-জীয়েক, জোঁৱায়েকক থাকিবলৈ ঠাই দিলে। সেইদিনা লাগীৰ আৰু আনন্দৰ সীমা নাই যে আজি ৰাতি চম্পাৱতীক অজগৰে খাই পেলাব। অজগৰক চম্পাৱতীৰে সৈতে একেটা খোটালিত থাকিবলৈ দিয়া হ’ল। চম্পাৱতীয়েও তাইক আজি অজগৰে গিলিব ভাবি ঈশ্বৰৰ চৰণত শৰণ লৈ শোকে বেজাৰে পৰি থাকিল। মাকে পিচদিনা ৰাতিপুৱাই, লৰালৰিকৈ উঠি চম্পাৱতীৰ ঘৰলৈ গৈ দেখে যে চম্পাৱতীৰ গা সোণৰ অলঙ্কাৰ-পাতিয়ে জকমকাব লাগিছে আৰু তাইৰ গা গোটেইটো সোণময় হৈ আছে, কিন্তু অজগৰ আৰু তাত নাই। মাকে চম্পাৱতীক জগালত তাই সাৰ পাই, নিজৰ গাত সোণৰ অলঙ্কাৰ পাতি ভৰি থকা দেখি তাইৰ আনন্দত পাৰ নোহোৱা হ’ল। ইফালে চম্পাৰ বাপেকে লাগীক লগত লৈ চম্পাৱতীক অজগৰে গিলিলে ভাবি চাবলৈ আহি দেখে যে, চম্পাৱতীৰ গা সোণৰ অলঙ্কাৰেৰে জক্মকাব লাগিছে। দেখিয়েই দুয়ো বিচুৰ্ত্তি হ’ল। চম্পাৱতীৰ এনে হোৱা দেখি লাগীৰ হিংসা লাগি তেতিয়াই গিৰিয়েকক নিজৰ জীয়েকৰ নিমিত্তে এটা অজগৰ আনিবলৈ কুতৰিবলৈ ধৰিলে। গিৰিয়েকেও ঘৈণীয়েকৰ কথা শুনি লগত কিছুমান মানুহ লৈ ঘোৰ অৰণ্যলৈ গৈ, বিচাৰি এটা অজগৰ সাপ ধৰি ঘৰলৈ লৈ আহিল। কেঁচা পাণ, কেঁচা তামোল কাটি লাগীয়েও অজগৰেৰে সৈতে জীয়েকক বিয়া দিলে। চম্পাৱতীক শুবলৈ দিয়াৰ দৰে লাগীয়েও নিজৰ জীয়েকক অজগৰৰ লগত শুবলৈ দিলে। লাগীৰ আনন্দত সীমা নাই, আজি জীয়েকে সোণৰ নতুন নতুন অলঙ্কাৰ পিন্ধিবলৈ পাব বুলি। আনন্দত মাক ৰাতি নুশুই জীয়েকে শোৱা খোটালিৰ কাষতে বহি আছিল। ইফালে ৰাতি অজগৰ সাপে লাগীৰ জীয়েকক তাইৰ ভৰিৰ ফালৰ পৰা গিলিবলৈ ধৰিলে। জীয়েকে মাকক ভিতৰৰপৰা ক’লে,—
“আই মোৰ ভৰি কুটেকুটায়।”
বাহিৰৰপৰা মাকে কলে,—
“আই মোৰ জোঁৱায়ে নেপুৰ পিন্ধায়।”
লাহে লাহে অজগৰে গিলি আনি কঁকাল পালেগৈ। জীয়েকে কলে,—
“আই মোৰ ককাল কুটেকুটায়।”
মাকে কলে,—
“আই মোৰ জোঁৱায়ে মেখেলা পিন্ধায়।”
তাৰ পিছত অজগৰে গিলি যেতিয়া বুকু পালেগৈ জীয়েকে মাত লগালে,—
“আই মোৰ বুকু কুটেকুটায়।”
মাকে উত্তৰ দিলে,—
“আই মোৰ জোঁৱায়ে ৰিহা পিন্ধায়।”
তাৰ পিছত অজগৰে গিলি ডিঙি পালত জীয়েকে মাতিলে,— “আই মোৰ ডিঙি কুটেকুটায়।” মাকে উত্তৰ দিলে,—
“আই মোৰ জোঁৱায়ে মণি পিন্ধায়।”
লাহে লাহে অজগৰে গিলি মূৰ পালত, জীয়েকৰ আৰু মাত নাইকিয়া হ’ল। মাকে ভাবিলে,– “মোৰ জীয়ে অলঙ্কাৰ-পাতি পাই আনন্দত টোপনি গৈছে।” ইয়াকে ভাবি মাকেও ৰং মনেৰে শুই থাকিল। ৰাতিপুৱা মাকে টোপনিৰপৰা উঠি আনন্দ মনেৰে গৈ দেখে যে জীয়েক নাই, অজগৰটোহে খাই গেৰেলা হৈ পৰি আছে। তেতিয়া তাই কথাটে৷ বুজিব পাৰি হুৰাওৰাৱে কান্দিবলৈ ধৰিলে। কান্দোন শুনি গিৰিয়েক ওলাই আহি কি হ’ল বুলি সোধাত ঘৈণীয়েকে সকলো কথা ক’লত, সি ঢাচকৰে মাটিত পৰিল। এলাগী আৰু চম্পাৱতীয়েও কান্দিবলৈ ধৰিলে। গাঁৱৰ সকলো মানুহ আহি গিৰিয়েক-ঘৈণীয়েকক নিন্দি অজগৰৰ পেট ফালি জীয়েকক উলিয়াই শটো খৰি দিলে। ইয়াৰ পিচত গিৰিয়েক আৰু লাগীয়ে এলাগী আৰু চম্পাৱতীক সমূলি দেখিব নোৱাৰ৷ হ’ল। দিনে ৰাতিয়ে কেনেকৈ মাক-জীয়েকক মাৰিব পাৰিব ইয়াকেহে সিহঁতে ভাবিবলৈ ধৰিলে। এদিন ৰাতি দুয়ো হাতত তৰোৱাল লৈ মাক-জীয়েকক কাটিবলৈ যাওঁতেই চম্পাৱতীক বিয়া কৰোৱা অজগৰটোৱে হঠাৎ ওলাই আহি দুয়োকো গিলি থৈ চম্পাৱতীক আৰু মাকক টোপনিতে দাঙি লৈ এখন অৰণ্যৰ মাজৰ এটা ভাল পকি ঘৰত থলেগৈ। পিচদিন৷ মাক আৰু জীয়েকে উঠি অচিনাকি ঠাই দেখি ভয়ত কান্দিবলৈ ধৰিলে। সাপে কলে, – “ইয়াত তোমালোকৰ একো ভয় নাই; মই হে তোমালোকক ইয়ালৈ লৈ আহিলোঁ।” এই বুলি কৈ নিশাৰ ঘটনাটোৰ কথা সি কবলৈ ধৰিলে। তাৰ কথা শেষ হ’লত মাক আৰু জীৱেকে অজগৰক শলাগি তাতে ৰং মনেৰে থাকিল। সেই অৰণ্যৰ ঘৰতে মাক-জীয়েকে আৰু অজগৰ সুখেৰে খাই-বৈ থাকিবলৈ ধৰিলে। তাতে থাকোঁতে হঠাৎ এদিন মাকৰ জ্বৰ হৈ মৃত্যু হ’ল। অজগৰে আৰু জীয়েকে শোক কৰি কান্দি-কাটি মাকৰ সৎকাৰ কৰিলে। ইয়াৰ কিছুমান দিনৰ পিচত অজগৰ ফুৰিবলৈ ওলাই গ’লত, অকস্মাৎ এজনী বুঢ়ী আহি সেই ঘৰত ওলালহি। চম্পাৱতীয়ে বতহুদিন মানুহৰ মুখ দেখা নাছিল; সেই বাবে বুঢ়ীক দেখি আনন্দ মনেৰে আস্তবেস্তকৈ বহিবলৈ দি ক’ৰ মানুহ, ক’লৈ আহিছে বুলি সোধাত, বুঢ়ীয়ে কলে— “আই, তুমি যিজন অজগৰ সাপ পতি ৰূপে পাইছা, সেইজন এজন দেৱতা। তেওঁ সদায় নিশা তোমাক চিকুটি-বাকুটি সাৰ নোপোৱ৷ দেখিলে সাপৰ মোটটো পলাই থৈ দেৱতা ৰূপ ধৰি স্বৰ্গলৈ গুছি যায় আৰু তাতে দেৱতাবিলাকৰ সৈতে কথা পাতি থাকেগৈ। আই, যদি তোমাৰ অজগৰক তুমি দেৱতাৰূপে পাবলৈ আশা কৰা তেনেহলে আজি ৰাতি তুমি সাৰে থাকি চিকুটা-বাকোটা কৰিলে একো গম নোপোৱা দেখুৱাই টোপনি ভাও জুৰি থাকিবা। তেওঁ তোমাৰ টোপনি ভালকৈ আহিছে ভাবি সাপৰ মোটটো সলাই থৈ দেৱতাৰ লগত কথা পাতিবলৈ যাব; ইফালে তুমি উঠি সেই মোটটো তঁহজুইত পুৰি পেলাবা। মোটটো পুৰি পেলোৱা মাত্ৰকে তেওঁ গাৰ পোৰণিত থাকিব নোৱাৰি দেৱতাৰ মাজৰ পৰা গুচি আহি দেৱতা হৈয়েই তোমাৰ ওচৰ পাবহি। তেতিয়া তুমি লৰালৰিকৈ বিচনীৰে তেওঁক বিচি শুবলৈ দিবা আৰু লাহে লাহে তেওঁৰ টোপনি আহিব। ৰাতি পুৱালেই তুমি উঠি সেই থুলন্তৰ পুৰুষজনক ভালকৈ সেৱা-সৎকাৰ কৰি মালা দি বৰিবা। তেৱেঁই তোমাৰ অজগৰ স্বামী।” চম্পাৱতীয়ে বুঢ়ীৰ কথাত আনন্দিত হৈ তাইক এচৰু ৰূপ আৰু এচৰু সোণ দি বিদায় দিলে আৰু নিশা বুঢ়ীয়ে কোৱা মতে সকলো কৰাত এজন থুলন্তৰ পুৰুষ দেখিবলৈ পাই তেওঁৰ ভৰিত পৰি সেৱা কৰিলে। ইয়াৰ পিচত দুয়ো মনৰ সুখেৰে দিনৰ পিচত দিন কটাবলৈ ধৰিলে। এদিন গিৰিয়েক ফুৰিবলৈ যাওঁতে সেই বুঢ়ী আকৌ ওলালহি।চম্পাৱতীয়ে বুঢ়ীক দেখি লৰালৰিকৈ বহিবলৈ দি, কি কাৰণে আকৌ আহিছে বুলি সুধিলত, বুঢ়ীয়ে এইবাৰ ছলনা কৰি কবলৈ ধৰিলে,— “আই, তোমাৰ ভালৰ নিমিত্তে দু-আষাৰমান কথা কবলৈ আহিছোঁ। তুমি কাইলৈ দুপৰীয়া তেঁওঁক তোমাৰে সৈতে একেখন কাঁহীতে ভাত খাবলৈ কবা। তেওঁ তোমাৰ কথামতে তোমাৰ লগত যেতিয়া খাবলৈ বহিব তুমিও অলপো সংকোচ নকৰি তেওঁৰ লগতে খাবা। এইদৰে খালে আগতকৈ তেওঁৰ মৰম তোমালৈ বেছি হব আৰু তেওঁ তোমাক এৰি থাকিব নোৱাৰিব। খাই বৈ উঠি কবা যে মই আজি ভাত খাই থাকোতে আপোনাৰ মুখতে অনেক গাওঁ দেখাদি দেখিলো; এতেকে মোক ভালকৈ মুখ মেলি গোটেইখন পৃথিৱী দেখুৱাওক।” সেই কথাত তেওঁ তোমাৰ ওপৰত খং কৰি পানীত পৰি কব যে, “মোক লাগে নে, পৃথিৱী চাবলৈ লাগে?” তেতিয়া তুমি পৃথিৱী চাওঁ বুলি কবা। তোমাক তেতিয়া মুখ মেলি গোটেইখন পৃথিৱী দেখুৱাই পানীত বুৰ মাৰি—“মোক আৰু ছবছৰৰ পিছত দেখা পাবা” বুলি কব; কিন্তু সেই কথাত তুমি অলপো নিপিছলি নৈৰ পাৰত বহি থাকিবা; দেখিবা অলপ পৰৰ পিচত তেওঁ আকৌ তোমাৰ ওচৰলৈ আহিব।” চম্পাৱতীয়ে এই কথাত আনন্দিত হৈ ৰং মনেৰে বুঢ়ীক আগৰ দৰে সোণ এচৰুৱে, ৰূপ এচৰুৱে দি বিদায় দিলে। বুঢ়ীয়ে নিজৰ অভিপ্ৰায় সিদ্ধি হবৰ আগন্তুক দেখি হৰিষ মনেৰে ঘৰলৈ উলটি গ’ল। চম্পাৱতীয়ে বুঢ়ীয়ে কোৱা মতে পিছদিনা একেখন কাঁহীতে গিৰিয়েকৰে সৈতে খাবলৈ বহিল। গিৰিয়েকে—“তোমাৰ মতি গতি লাহে লাহে বেয়া হৈছে” বুলি কৈ সেই কাঁহীতে খালে। খাই বৈ উঠিলত চম্পাৱতীয়ে বুঢ়ীয়ে কোৱামতে—“আপোনাৰ লগত আজি ভাত খাওঁতে আপোনাৰ মুখৰ ভিতৰত অনেক গাওঁ থকাৰ নিচিনা দেখিলো, আপোনাৰ মুখখন মেলি তাত কি আছে মোক দেখুৱাওকচোন” বুলি কলত, গিৰিয়েকে চম্পাক কলে,—“তেনেহলে মোক আৰু তুমি দেখা নোপোৱা। ” চম্পাৱতীয়ে তেতিয়াও নুশুনাত অগত্যা তেওঁ নৈলৈ গৈ আকৌ এবাৰ চম্পাক কলে,—
- “মৰমৰ চম্পা ঐ।
- কোৱা থিৰে কৰি, মোক লাগে নে, পৃথিৱী চাবা?”
চম্পাৱতীয়ে ক'লে—
- “চৰণে ধৰিছে৷, কাকুতি কৰিছোঁ দেউতা ঐ।
- তোমাকে৷ লাগে পৃথিৱীও চাম।”
- গিৰিয়েকে মুখখন মেলি চম্পাক পৃথিৱী দেখুৱাই এটি সোণৰ
আঙঠি দি কবলৈ ধৰিলে— “মৰমৰ চম্পা, যি বুঢ়ীৰ কথা শুনি তুমি ইয়াকে কৰিলা, সেইজনী বুঢ়ী মোৰ আইৰ এজনী বেটী। মোৰ আই এজনী ৰাক্ষসী। তেওঁ মোক আন এজনী ছোৱালী বিয়া কৰিবলৈ কোৱাত মই নকৰি তোমাক বিয়া কৰিলত, যাতে তেওঁ তোমাক মোৰ লগৰ পৰা আঁতৰ কৰি লৈ গৈ এঠাইত খাব পাৰে, সেই চক্ৰান্ত কৰিয়েহে বুঢ়ীয়ে তোমাক ছলনা কৰিলে। তোমাক আয়ে খালে মই সেই ছোৱালীজনী বিয়া কৰিবলৈ বাধ্য হব লাগিব। এতেকে যি হ’ল হ’ল, তোমাক মোৰ সোণৰ আঙঠিটো দিলো। এই আঙঠিটো ভালকৈ ৰাখিবা। এইটো তোমাৰ হাতত থাকিলে আয়ে হে নেলাগে ৰাক্ষস-ৰাক্ষসী বা হিংসুক জন্তুৱেও তোমাক খাব নোৱাৰে। এই আঙঠিটো তুমি লগৰ পৰা এৰিলেই তোমাৰ মহা বিপদ মিলিব বুলি জানিবা। আৰু এটা কথা, এই আঙঠিটোৰ গুণতেই তুমি মোক ছবছৰৰ পিচত মোৰ ৰাক্ষসী আইৰ ঘৰত দেখা পাবা। এতিয়া মোৰ প্ৰতিজ্ঞা মতে মই আহিলোঁ। সাৱধান আঙঠিটো যেন নেহেৰায়।” এই বুলি কৈ চম্পাৰ গিৰিয়েকে পানীত বুৰ মাৰিলে। চম্পাৱতীয়ে তেতিয়াহে সকলো কথা বুজিব পাৰি কান্দিবলৈ ধৰিলে। তাৰ পিচত তেওঁ সেই ঘৰ-বাৰী এৰি আঙঠিটোকে বুকুত বান্ধি লৈ অৰণ্যে অৰণ্যে কান্দি কান্দি ফুৰিবলৈ ধৰিলে। গিৰিয়েকৰ মাক ৰাক্ষসীয়ে চম্পাক খাবৰ নিমিত্তে নানা ভেশছন কৰিলে, নানা চেলু বিচাৰিলে, কিন্তু আঙঠিটোৰ গুণত একো-প্ৰকাৰে চম্পাৰ ওচৰকে চাপিব নোৱাৰিলে। এইদৰে আজি কালিকৈ চম্পাৱতীক গিৰিয়েকে এৰি যোৱা ছবছৰত সোমালহি। এদিন চম্পাই অকস্মাৎ গিৰিয়েকেক দেখি লৰি গৈ গিৰিয়েকৰ ভৰি দুটাত সাবট মাৰি ধৰিলেগৈ। গিৰিয়েকে চম্পাক দেখি আনন্দত কান্দি পেলালে আৰু তাত দুয়ো থাকি সুখে-সন্তোষেৰে দিন কটাবলৈ ধৰিলে।
ইফালে ৰাক্ষসী মাকে বোৱাৰীয়েকক অহা দেখি বৰ খং উঠিল আৰু বোৱাৰীয়েকক তাই খাবলৈ নানা চেলু বিচাৰিবলৈ ধৰিলে। চম্পাৱতীয়ে গিৰিয়েকৰ ওচৰ পোৱা মাত্ৰকতে তাইৰ হাতৰ আঙঠিটো নাইকিয়া হ'ল। তথাপি পুতেক থকাত ৰাক্ষসীয়ে চম্পাক খাব নোৱাৰি, এদিন মনে মনে গিৰিয়েকে নজনাকৈ ৰাক্ষসীয়ে এখন চিঠিত—“মোৰ ঘাই শত্ৰু গৈছে, মাৰি-কাটি সকলোৱে খাই, মোলৈকো এভাগ মঙহ দি পঠিয়াবা।” বুলি দেখি চম্পাৱতীৰ হাতত সেই চিঠিখন দি এঘৰলৈ চম্পাৱতীক পঠিয়াই দিলে। চম্পাৱতীয়ে শাহুৱেকৰ আজ্ঞা মতে গিৰিয়েকে নজনাকৈ লৰি চিঠিখন দি আহিবলৈ গৈছে। এনেতে গিৰিয়েকে সকলো বুজিব পাৰি লৰালৰিকৈ গৈ চম্পাৱতীক পাছফালৰপৰা মাত লগালে,—
"মৰমৰ চম্পা ঐ!
ইমান বেগ দি নেলাগে যাব;
ক্ষন্তেক ৰোৱাচোন ঐ!"
চম্পাৱতীয়ে গিৰিয়েকৰ কথা শুনি ৰলত, গিৰিয়েকে চম্পাৱতীৰ হাতৰ পৰা চিঠিখন কাঢ়ি লৈ পঢ়ি অঁতাই খঙত বলিয়া হৈ চম্পাক আঁকোৱাল মাৰি ধৰি তেতিয়াই ঘৰলৈ গৈ মাকক সোধ-পোচ নোহোৱাকৈ চোকা তৰোৱালেৰে কাটি দোছোৱা কৰিলে। তাৰ পাছত দুয়ো সেই ঘৰ-বাৰী আৰু ৰাক্ষসৰ গাওঁ এৰি এখন সুকীয়াকৈ নগৰ পাতি মনৰ সুখেৰে সেই নগৰতে খাই-বৈ থাকিল।
⸻