সমললৈ যাওক

বুঢ়ী আইৰ সাধু/গঙ্গাটোপ

ৱিকিউৎসৰ পৰা

গঙ্গাটোপ

 এদিন মাছবোৰ গোট খাই, মাছখোৱা জন্তুবোৰৰ সৈতে ৰণ দিবলৈ থিৰ কৰিবৰ নিমিত্তে মেল মৰা বিলৰ ভগা-ডুবিতে দুপৰীয়া মেল পাতিলে। সেই মেললৈ ৰৌ, বাহু, শ’ল, বৰালি, কাৱৈ, গৰৈকে আদি কৰি ফুল-ডৰিকণালৈকে সকলোবোৰ মাছ আহিল। সমজুৱা সকল গোট খালত, টপা মুৰীয়া বুঢ়া গৰৈক সকলোৱে সেইদিনাৰ মেলখনৰ বৰমূৰীয়া পাতিলে আৰু লৰবৰ চেঙেলিক পাচনীৰ ভাৰ দিলে। পাচনীয়ে গঙ্গাটোপক মেলখন নো কিয় পতা হৈছে সমজুৱাসকলক ভালকৈ বুজাই দিবলৈ কলত গঙ্গাটোপে হাতযোৰ কৰি কবলৈ ধৰিলে,— “ৰাইজসকল। মই আজি আপোনালোকৰ ভৰিৰ ধূলি মূৰত লৈ আমাৰ পাচনী চেঙেলী ককাইৰ আজ্ঞামতে আষাৰচেৰেক কথা কব খুজিছে৷, যদি মোৰ কথাত কিবা স্বৰূপে কেনা লাগে, নই লৰামতি মূৰুখ বুলি মোৰ জগৰ নধৰি সকলো দায়-দোষ মৰিষণ কৰিব যেন। আপোনালোকৰ চৰণত মোৰ এয়ে তুতি।”

 “সকলো জন্তুৰ ভিতৰত আমাক ঘাইকৈ মানুহ নামৰ জন্তুবোৰে বৰকৈ হিংসা-বৈৰিতা কৰে। সিহঁতে আমাক জাল, পল’, জুলুকি, পাউৰী, চেপা, ঠুহা আদি নানা যন্ত্ৰেৰে ধৰি তপত তেলত আৰু পকা আঙঠাত পেলাই ভাজি, পুৰি, পাতত দি, খৰিকাত দি, সিজাই, পকাই খায়। কিন্তু এটা কথা ৰাইজে মন কৰি চাব, যে সিহঁতে যদিও আমাক এইদৰে ধৰি নানা শাস্তি দি খায়, তথাপি সিহঁতক আন আন পশু জাতিৰ গোলাম কৰিহে ঈশ্বৰে চৰ্জি পঠিয়াইছে। আপোনালোকে মানুহ নামৰ এই জন্তুবোৰৰ ঘৰেপতি চাই ফুৰকগৈ; দেখিব, সিহঁতে গৰু, ম’হ, ঘোঁৰা, ছাগলী আদিৰ কিদৰে গোলামী কৰিব লাগিছে। গৰু, ঘোঁৰাক সিহঁতে খাবলৈ ঘাঁহ দিছে, শুবলৈ খেৰ পাৰি দিছে, থাকিবলৈ ঘৰ সাজি দিছে। গৰু, ঘোঁৰা, ছাগলীৰ গোবৰ আৰু লাদ পৰ্যন্ত এই বহতীয়াবোৰে উকটি চাফ কৰিছে। ”

 “ৰাইজসকল। এক প্ৰকাৰে চাবলৈ গলে এই মানুহ জাতিটো আগৰ কালত গৰু পোৱালি আছিল যেন মনে ধৰে; কিয়নো সিহঁতে গৰুৰ গাখীৰ খায়। পশু জাতিৰ ভিতৰত দেখা যায় যে মাকৰ গাখীৰ খাইহে পোৱালি ডাঙৰ হব পাৰে। এইবোৰ কথা ভালকৈ ভাবি চালে মানুহ জাতিটো যে গোটগৰু আৰু সমূলি বুধি নাইকিয়া সেইটো ভালকৈ বুজিব পাৰি। এতেকে এনে গৰু মানুহক আমি টিলিকতে বধ কৰি আইধা কৰিব পাৰিমহঁক। ”

 “ৰাইজসকল। মই মূৰুখমতি ল’ৰা। মানুহৰ বিষয়ে সকলোবোৰ কথা মই ভালকৈ জুকিয়াই লৈ ভাঙি-পাতি আপোনাসকলৰ আগত কব পৰা নাই। মোৰ মাহী গেদ্ গেদী এই মেললৈ কিয় আজি অহা নাই কব নোৱাৰোঁ। তেওঁ ইয়াত থকাহেঁতেন জন্তুৰ ভিতৰত কূলাধম এই মানুহবোৰৰ বিষয়ে আৰু ভালকৈ বৰ্ণাই আপোনাসকলৰ আগত কব পাৰিলেহেঁতেন আৰু সিহঁতক কেনেকৈ মাৰিব পাৰি, কি গুণ, কি ব্যৱস্থা, সকলোবোৰ বহলাই কব পাৰিলেহেঁতেন। কাৰণ তেওঁৰ মুখখনি বহল। সেই মুখখনেৰেই মোৰ গেদ্ গেদী মাহীয়ে আগৰ কালত কুৰুক্ষেত্ৰৰ যুঁজত ওঠৰ অক্ষৌহিণী সৈন্যৰ ভিতৰত অকলে এক অক্ষৌহিণী গিলিছিল বুলি শুনিছো।এতেকে তেওঁক বেগতে মতাই আনি মোৰ কথাৰ প্ৰমাণ লওক। "

 গঙ্গাটোপৰ কথা শুনি তেতিয়াই মেলৰ বৰমূৰীয়া গৰৈয়ে চেঙেলি পাচনীক হুকুম দিলে যে গেদগেদী বাইক এতিয়াই অনাব লাগে। তৎক্ষণাৎ পাচনীয়ে গৰৈচিৰিকা এটাক গেদগেদীৰ ঘৰলৈ লৰুৱাই পঠিয়াই দিলে। গৰৈয়ে গেদগেদীৰ ওচৰ পাই মাত লগালে,—

“গেদগেদী বাই। গেদগেদী বাই।
সবাইলৈ যায়নে নেযায়?’’

 গৰৈৰ কথা শুনি গেদগেদীৰ চিক্‌টি বিক্‌চি ইং উঠিল। গেদগেদীয়ে গৰৈক জোকোৰা মাৰি উত্তৰ দিলে, “বন্দী টভংমৰা; পোৱালি খোৱা, নেযাওঁ যা।" এই উত্তৰ শুনি গৰৈয়ে অপমান পাই উভতি আহি সমজুৱাসকলক জনালত গঙ্গাটোপে নিজেই মাহীয়েকক মাতিবলৈ, মেলৰ বৰগৰাকী বৰমূৰীয়া গৰৈৰ অনুমতি লৈ লৰ ধৰিলে। গেদগেদী বায়ে যদিও গৰৈচিৰিকাৰ আগত খং কৰি মেললৈ নেযাওঁ বুলিছিল, তথাপি ৰাইজৰ হুকুম পেলাব নেপায় বুলি ভাবি কাছি-পাৰি সেন্দুৰৰ ফোঁট-ৰেখা লৈ ওলাইছিল—এনেতে গঙ্গাটোপ ওলালহি। গঙ্গাটোপে মাত লগালে,—

“কাঞ্চনমতী আই, কাঞ্চনমতী আই।
সবাহলৈ যায়নে নেযায়?”

 গঙ্গাটোপৰ সম্বন্ধটো শুনিয়েই গেদগেদীৰ মূৰৰ পৰা খং শৰ্ম্মা পলাবলৈ তৎ নেপালে। হৰিষতে গেদ্‌গেদীয়ে উত্তৰ দিলে,—

“এৰা, ভালেহে জানে ভালৰ মোল।
আমাৰ গঙ্গাধৰ বোপা নে কোন?”

 “ব’লা গঙাই বোপ৷, যাওঁ বলা।” মাহীয়েকৰ মুখৰ শলাগনি আমাৰ গঙাই বোপাৰ দুই কাণৰ বিন্ধাইদি হো-হো কৰে যেতিয়াই সোমাবলৈ ধৰিলে, গঙাই বোপা আনন্দত উত্ৰাৱল হৈ পৰিল। আগেয়ে তেওঁক সেইদৰে কোনেও শলগা শুনা নাছিল। সেইদেখি তেওঁ হাতেৰে স্বৰ্গখন ঢুকি পোৱা যেন লাগি গপত ওফন্দি পৰিল। মাহীয়েকৰ কথাষাৰ গঙ্গাটোপ মনত যিমান পাগুলিবলৈ ধৰিলে সিমানন তেওঁৰ পেটটো ওফন্দিবলৈ ধৰিলে। ওফন্দা পেটটো খোজেপতি ওফোন্দাই ওফোন্দাই খোজ কাঢ়ি আহি গঙ্গাটোপ যেতিয়া সবহিৰ ওচৰ পালেহি, হঠাৎ পানী-হিলৈ ফটাদি শব্দটো হিলৈৰ শব্দ যেন হৈ ওলোৱাত সমজুৱাসকলে ভয় খাই দিহাদিহি পলাই পত্ৰং দিলে।


⸻⸻