সমললৈ যাওক

বুঢ়ী আইৰ সাধু/কুকুৰীকণা

ৱিকিউৎসৰ পৰা

কুকুৰীকণা

 এখন গাঁৱত এটা মানুহৰ দুজনী ৰূপহী জীয়েক আছিল। ডাঙৰজনীৰ নাম ৰূপেশ্বৰী, সৰুজনীৰ নাম গুণেশ্বৰী৷ ৰূপেশ্বৰীক বিয়া দিবৰ হ’লত, বাপেকে তাৰ গাঁৱত অনেক প্ৰবন্ধ কৰি দৰা বিচাৰিবলৈ ধৰিলে, কিন্তু ছোৱালীৰ যোৰৰ দৰা বিচাৰি নাপালে৷ সেইদেখি দূৰৰ গাঁৱত দৰা বিচাৰিবলৈ বুলি বাপেক ওলাল৷ এনেতে ৰূপেশ্বৰীৰ মাকে গিৰিয়েকক কলে, – “আপুনি দূৰলৈ দৰা বিচাৰি নাযাব, দূৰত মই ছোৱালী বিয়া নিদিওঁ৷ ওচৰতে বিয়া দিলে মই সততে ছোৱালীজনী দেখি থাকিবলৈ পাম; দূৰৈত দিলে সেইটো কেনেকৈ হ’ব?” গিৰিয়েকে ঘৈণীয়েকৰ কথা এৰাব নোৱাৰি অগত্যা ওচৰৰে ডেকা ল'ৰা এটাৰ সৈতে জীয়েক ৰূপেশ্বৰীক বিয়া দিলে৷

 ৰূপেশ্বৰীৰ গিৰিয়েক কুকুৰীকণা আছিল; কিন্তু সেই কথা সি লুকাই ৰাখিছিল৷ সেইদেখি গাঁৱৰ আন আন মানুহে আৰু তাৰ শাহুৱেক-শহুৰে‍কে সেইটো নাজানিছিল।

 জোঁৱায়েকে শহুৰেকৰ গৰু এটা খুঁজি আনি দিনচেৰেক হাল বাইছিল৷ এদিন শহুৰেকে জোঁৱায়েকক গৰুটো ওভতাই খুজি পঠিয়ালে৷ সেইদিনা দৈবাৎ গৰুটো ঘৰলৈ উভতি অহাত সন্ধ্যা লাগিছিল। কুকুৰীকণা জোঁৱায়েক মস্কিলত পৰিল, কেনেকৈ সি গৰুটো নি শহুৰেকৰ ঘৰত দিয়েগৈ। সি ভালেখিনি পৰ ভাবি-চিন্তি থিৰ কৰিলে যে ‘গৰুটো শহুৰৰ ঘৰ-মুৱাকৈ এৰি দি তাৰ নেজত ধৰি মই গৈ থাকো; তেনেহলে সি নিশ্চয় তাৰ চিনাকি ঘৰ ওলাবগৈ।' সি তাকে কৰিলত, গৰুটো গৈ তাৰ আগৰ গোহালিত সোমালগৈ আৰু সিও তাৰ নেজত ধৰি গৈ সেইখিনি পালেগৈ। এনেতে শহুৰেকে জোঁৱায়েকক দেখা পাই সুধিলে,- “সেইটি জোঁৱাই নে?” জোঁৱায়েকে উত্তৰ দিলে,—“আপুনি গৰুটো খুজি পঠিয়াইছিল দেখি আনি গোহালিত বান্ধিছোহি৷” ইয়াৰ পিচতো জোঁৱায়েক ওলাই নহা দেখি শহুৰেকে মাত লগালে,—“ওলাই আহা, তাত কি কৰিছা? হাত-ভৰি ধুই বহি মে‍লি এমুঠি ভাতকে খোৱাহি৷ নোখোৱাকৈ নেযাবা।” জোঁৱায়েকে উত্তৰ দিলে,– “এৰা আপোনালোকৰ গোহালিত গৰু কেইটা আছে তাকে লেখিহে চাইছো এতিয়া৷" শহুৰেকে ক’লে,—“এই কিনো গৰু লেখিবা, টিকৌটিপৌ মে‍মেৰা চেৰেলা গৰু গোটাচেৰেকহে আছে; ভালকেইটা আৰু বেলি ছবকাত পৰি মৰি-হজি ঢুকাইছে” বুলি শহুৰেক ভিতৰ সোমাই গৈ জীয়েক গুণেশ্বৰীক ক’লে,—“আই ঘটি এটাত পানী এঘটি লৈ যা, ভিনীহিয়েৰক মাতি আনি ভৰি ধুবলৈ পানী দি বহুৱাগৈ৷”

 সিফালে জোঁৱায়েকে গোহালিৰ পৰা ওলাই ঘৰলৈ উভতি যাবলৈ বাট খেপিয়াই ফুৰিছিল; এনেতে খুলশালীয়েকে মাত লগালে,—“ভিনীহিদেউ, আহা ভৰি ধোৱাহি, পানী আনিছোঁ।” ভিনীহিয়েকে খুলশালীয়েকৰ মাত শুনি উত্তৰ দিলে,—“আইটী নে? আহা, মোক আদৰি নিয়াহি, নহলে মই এনেয়ে নাযাওঁ; মোৰ নিচিনা ভিনীহিনো ক’ত পাইছিলা?” এই কথা শুনি সৰল মনৰ গুণেশ্বৰীয়ে ভিনীহিয়েকৰ হাতত ধৰি কাবৌ-কোকালি কৰি লৈ গৈ ভৰি ধুবলৈ ভিনীহিয়েকক পানী ঘটি আগবঢ়াই দিলে। এনেতে ভিনীহিয়েকে মাত লগালে,—“তুমি মোৰ ভৰি ধুৱাই দিয়া; আজি ভালেমান দিনৰ মূৰত আহিছোঁ; তোমালোকে দেখিছো মোক সমূলি মৰম নকৰা।” গুণেশ্বৰীয়ে এই কথা শুনি ভিনীহিয়েকে ধেমালি কৰিছে বুলি ভাবি ভিনীহিয়েকৰ ভৰি ধুৱাই দি হাতত ধৰি নি বহিবলৈ ঢৰা পাৰি দি “বহা” বুলি তাতে বহুৱাই দিলে৷

 এইদৰে জোঁৱায়েকে কিছুপৰ বহি থকাৰ পিচত ভাত খাবৰ হ’ল৷ শহুৰেক ভাত খাবলৈ বহিল৷ শাহুৱেকে জোঁৱায়েকলৈ ভাত বাঢ়ি দি বহি আছে; জোঁৱায়েকক ভাত খাবলৈ মাতিছে কিন্তু সি উঠি নাহে। বৰকৈ মাতিলত জোঁৱায়েকে উত্তৰ দিলে,— “আজি মোৰ বৰ ভাগৰ লাগিছে, উঠিব‍ই নোৱাৰোঁ আপোনালোকৰ মোলৈ মৰম আছে যদি ইয়াতে ভাত দিয়ক খাওঁ।” জোঁৱায়েকৰ উত্তৰ শুনি শাহুৱেকে ভাত আনি দিলেহি। ভাত দিয়া হ’ল, কিন্তু সি দেখিবলৈ নাপায়; নাখাই ৰৈ আছে। সেই দেখি গুণেশ্বৰীয়ে মাত লগালে, “খোৱা, ভিনীহিদেউ খোৱা।” ভিনীহিয়েকে উত্তৰ দিলে,—“তুমি ভাতত মোৰ হাতখন লগাই দিলেহে খাম, নহলে নাখাওঁ; কাৰণ তুমিনে৷ আৰু কিমান দিন বাপেৰাৰ ঘৰত থাকিবা; অলপ দিনৰ মূৰতেই গুচিয়েই যাবা; এতেকে এই কেইদিনতে তোমাৰ হতুৱাই বন কৰাই লওঁ, তেহে মোলৈ মনত থাকে যদি।” ভিনীহিয়েকৰ কথা শুনি গুণেশ্বৰীয়ে তাৰ হাতখন ভাতত লগাই দিলত সি ভাত খাবলৈ বহিল। ইয়াৰ পিচত খুলশালীয়েকেও ভাত খাবলৈ ভিতৰলৈ উঠি হ'ল। অলপ পৰ পিচতে শাহুৱেকে ওলাই আহি দেখিলে যে জোঁৱায়েকে আৰু সেই পাততে এফালৰপৰা মেকুৰীয়েও ভাত খাব লাগিছে। তাকে দেখি শাহুৱেকে জোঁৱায়েকক ক’লে,—“বোপা তুমি জানো দেখা নাই, তোমাৰ পাততে এফালে মেকুৰীজনীয়ে ভাত খাব লাগিছে; খেদি নিদিয়া কেলৈ?” জোঁৱায়েকে উত্তৰ দিলে,– “আই খাওক দিয়ক, অকল মানুহে খালেই হয়নে? আন জীৱ-জন্তুৱেও খাব লাগে, মেকুৰীয়েও খাওক, মইও খাওঁ; সকলোৱে লাগিভাগি খাই শেষ কৰোহঁক।” শাহুৱেকে কলে,– “নহয় নহয়, মেকুৰীজনী খেদাই দিয়া। তোমাৰ অকণো ঘিণ নেলাগেনে?” এই বুলি শাহুৱেকে ছুই ছুই কৰি মেকুৰীজনী খেদাই দি, মেকুৰীজনী আকৌ আহিলে খেদাই দিবলৈ বুলি জোঁৱায়েকৰ হাতত ডোখৰাখৰি এডাল দি ভিতৰলৈ সোমাই গ’ল। ভিতৰৰ পৰা আকৌ শাহুৱেকে ভজা মাছ আৰু চৰ্চৰীয়া আনি জোঁৱাৱেকৰ পাতত দিওঁতে জোঁৱায়েকে ভাবিলে যে আকৌ মেকুৰীজনীয়েহে ভাত খাইছেহি। ইয়াকে ভাবি সি কাঠখৰিডালেৰে শাহুৱেকৰ হাতত মাৰ মাৰি দিলে। মাৰ খাই শাহুৱেক বহি পৰিল। উস্ উস্ কৈ শাহুৱেকে মাত লগালে, —“ভাল কৰিলা বোপা, তুমি মোৰ হাততে মাৰ মাৰি দিলা।’’ তেতিয়া জোঁৱায়েকে কি সৰ্ব্বনশীয়া কাম কৰিলোঁ বুলি জানি, শাহুৱেকৰ ভৰিত ধৰি ক’লে,– “আই, ভাত খাওঁতে খাওঁতে মোৰ টোপনি আহিছিল। মই সমাজিক দেখিছিলোঁ সেই মেকুৰীজনীয়ে আকৌ মোৰ পাতত ভাত খাইছিল বুলি। সেই দেখি মেকুৰী বুলিহে মই মাৰ মাৰি দিলোঁ। আই, মই আপোনাৰ দুটি ভৰিত ধৰি কাবৌকৈ মাতিছো, মোক ক্ষমা কৰক আৰু এই কথা কাকো নকব।” শাহুৱেকে এই কথা শুনি জোঁৱায়েকক ক্ষমা কৰি বেজাৰ নকৰিবলৈ কৈ ভিতৰলৈ গলতে, জোঁৱায়েকে ভাতৰ পাতৰপৰা উঠি খেপিয়াই বাহিৰলৈ আহি হাতমুখ ধুলে। এই ঘটনাৰ পিচত সি আৰু লাজত ভিতৰলৈ যাবলৈ মন নকৰি কাকো মাত নলগোৱাকৈ ঘৰলৈ যাবলৈ ধৰিলে। দুখোজমান গৈয়েই সি বাট বিচাৰি নাপায় চোতালৰ আগত থকা কচুৱনিত সোমালগৈ। কচুৱনিত সোমাই সি ভাবিলে,—“এইখন ডাঙৰ হাবি, ৰাতি ইয়াৰপৰা ওলাই বাট বিচাৰি গৈ ঘৰ পোৱাটে৷ মোৰ পক্ষে অসাধ্য; এতেকে আজি ৰাতিটোলৈ ইয়াতে মনে মনে সোমাই থাকি ৰাতি পুৱালেই কোনেও নেদেখাকৈ ঘৰলৈ যামগৈ।” ইয়াকে ভাবি সি নিশ্চিন্ত মনে তাতে বহি থাকিল। ইফালে শাহুৱেক-শহুৰেকে জোঁৱায়েকক নেদেখি, সি ঘৰলৈ গুচি গ’ল ভাবি মনে মনে থাকিল। ইয়াৰ অলপ পিচতে শাহুৱেকে জোঁৱায়েকৰ চুৱা ধুই চৰিয়াৰ চুৱা পানীবোৰ বাহিৰলৈ ওলাই আহি কচুৱনিৰ মাজলৈ মাৰি পঠিয়ালে। চৰিয়াৰ পানীবোৰ দীঘল দীঘল কচুৰ পাতত পৰি, তাৰ পৰা চিটিকি গৈ জোঁৱায়েকৰ গা-মূৰ তিয়াই পেলালে। এইদৰে গাত পানী পৰিলত, জোঁৱায়েকে ভাবিলে, বৰষুণহে দিছে। তাকে ভাবি সি মাত লগালে,—“হে মেঘ দেৱতা, কুকুৰীকণাৰ প্ৰতি প্ৰসন্ন হোৱা আৰু বৰষুণ নিদিবা; আজি যিবোৰ দুখ পাইছে৷ সেইবোৰেই আঁতিছে আৰু দুৰ্ভগীয়াক দুখ নিদিবা।” জোঁৱায়েকৰ মাত শুনি শাহুৱেকে লৰালৰিকৈ চাকিটো বাহিৰলৈ উলিয়াই আনি দেখে জোঁৱায়েক কচুৱনিৰ মাজত জুৰুলি-জুপুৰি হৈ বহি আছে। তেতিয়া শাহুৱেকে জোঁৱায়েকক কুকুৰীকণা বুলি বুজিব পাৰি গিৰিয়েক আৰু জীয়েকক মাতি আনি সকলো কথা কৈ জোঁৱায়েকক তাৰপৰা ধৰি-মেলি আনি গা-পা ধুৱাই শুকান চুৰিয়া পিন্ধাই পাটীত শুৱাই থৈ দিলে।