সমললৈ যাওক

বুকাৰ ৱাচিংটন/প্ৰথম অধ্যায়

ৱিকিউৎসৰ পৰা
​

নিগ্ৰো কৰ্ম্মবীৰ
বুকাৰ ৱাচিংটন।

প্ৰথম অধ্যায়।

গোলামপটীৰ অৱস্থা।

 মই এটা কিনা গোলাম — জাতত নিগ্ৰো। ভাৰ্জিনিয়া প্ৰদেশৰ ফ্ৰেঙ্কলিন জিলাৰ কোনো এখন খেতত মোৰ জন্ম হয়। কেতিয়া আৰু কোন ঠাইত মই জন্মিছিলোঁ, মই ঠাৱৰকৈ কব নোৱাৰোঁ। শুনিছোঁ, কোনো এটা ডাকঘৰৰ ওচৰতে মোৰ জন্ম। সেই বছৰটো শোধ কৰোঁ ১৮৫৮ কি ১৮৫৯ চন। নিচেই লৰা কালৰ কথা-বাতৰাৰ ভিতৰত কেৱল, গোলামপটীৰ সৰু সৰু ঘৰ আৰু খেতৰ কামবোৰৰ কথাই মনত পৰে। সেই সৰু সৰু ঘৰবোৰতে মোৰ জাতিভাইসকলে তেওঁলোকৰ দাসত্ব জীৱন কটাইছিল।

 অতি ঘিণলগা অৱস্থা, দুখ আৰু নিৰাশাৰ মাজতে মোৰ জীৱন আৰম্ভ হৈছিল। মোৰ এনে দুৰাৱস্থাৰ কাৰণে মোৰ গৰাকীসকলৰ গাত অকণো দোষ নাছিল। কিয়নো আন আন গৰাকীসকলৰ তুলনাত মোৰ গৰাকীসকল মৰমিয়াল হে আছিল। তথাপিও আন কিনা দাসৰ যি দশা, মোৰো সেই দশাই আছিল। ​ গোলামপটীৰ ঘৰবোৰ কাঠৰ — দীঘে দহু হাত, পথালিয়ে ৯ হাত। এনে এটা কুঠৰীতে মই, মোৰ আই, এটা ভাই আৰু এজনী ভনীয়ে আমাৰ দাসত্বজীৱন কটাইছিলোঁহঁক। যুক্তৰাজ্যৰ গৃহকন্দলৰ পিচত যেতিয়া নিগ্ৰো-স্বাধীনতা ঘোষণা কৰা হয়, তেতিয়াৰ পৰাহে এই গোলামপটী এৰিছোঁ।

 মই মোৰ উপৰি পুৰুষৰ কথা একো নাজানো বুলিব লাগে আমাৰ গোলামপটীৰ মানুহে যি কোৱা-মেলা কৰে তাৰে (অপঠনীয় ) শুনিছোঁ। আমি হেনো অতীজৰ আফ্ৰিকাৰ মানুহ। আফ্ৰিকাৰ পৰা আমেৰিকালৈ চালান দিওঁতে বাটত জাহাজত আমাৰ উপৰি পুৰুষ সকলক গৰাকীসকলে বৰ কষ্ট দিছিল। আমাৰ জাতীয় বুৰঞ্জী-বিষয়ে কেৱল ইমানকেহে জনা যায়।

 মই মোৰ বোপাইৰ বিষয়েও একো নেজানো। বোধ কৰোঁ তেওঁ এজন য়ুৰোপীয়- বগা চামৰাৰ মানুহ — ওচৰৰে কোনো খেতৰ মেনেজাৰ কি এচিষ্ট্যাণ্ট মেনেজাৰ আছিল। মই তেওঁক দেখা নাই, আন কি তেওঁৰ নামকে শুনা নাই। তেৱোঁ মোক মানুহ কৰিবৰ নিমিত্তে অকণো যত্ন কৰা নাই। এনে ধৰণৰ পিতা বা জন্মদাতা সেই গোলামী যুগত আমেৰিকাৰ য়ুৰোপীয় সমাজত বহুত আছিল। তেওঁ আইক এৰি দিয়াত, বোধ কৰোঁ, আন এখনে কিনি আনিলে। তেতিয়াৰ পৰা তেওঁ আমাৰ অভিভাৱক।

 আমি থকা ঘৰটোত গোলামপটীৰ মানুহ বিলাকৰ ভাত-ৰন্ধা ঘৰ আছিল। আয়েই সকলো মানুহলৈ ভাত ৰান্ধিছিল। আমাৰ ঘৰটো অতি লেতেৰা আৰু অস্বাস্থ্যকৰ আছিল— ভিতৰলৈ পোহৰ আৰু বতাহ নোসোমায়। বেৰৰ জলঙাইদি জাৰকালি চেঁচা বতাহ কিন্তু ভালকৈয়ে

সোমাইছিল। ইয়াৰ বাহিৰেও সেই ঘৰত মেকুৰী - অহা-যোৱা কৰিবলৈ ​

প্ৰথম অধ্যায়।

অসংখ্য বাট আছিল। মজিয়াত তক্তা-চক্তা একো নাছিল— মাটিৰ ওপৰতেই সকলোবোৰ কাম চলিছিল। মজিয়াৰ সোঁমাজতে এটা বৰ ডাঙৰ গাঁত আছিল। সেই গাঁততে জাৰকালি আলু ভৰাই; কাঠ এচলাৰে ঢাকি থোৱা হয়। সেই গাঁতৰ কথা মোৰ এতিয়াও-বেচ মনত আছে, “কিয়নো গাঁতৰ পৰা আলুবোৰ উলিয়াওঁতে সুমুৱাওঁতে দুই এটা আলু মোৰ হাতত পৰিছিল আৰু সুবিধা বুজি পুৰি লৈ অকলে অকলে ম‍ই তাৰ সদ্‌ ব্যৱহাৰ কৰিছিলোঁ।

 আমাৰ ভাতৰন্ধা সঁজুলীবোৰ তেনেই লেতেৰা আছিল।'স্টোভ' বুলিবলৈ একো নাছিল। মুকলি জুহালতে ৰন্ধা-বঢ়াৰ কাম চলিছিল। সেই কাৰণেই জাৰকালিৰ চেঁচা বতাহ আৰু গৰম কালিৰ জুইৰ তাপে আমাক হাৰাশাস্তি কৰিছিল।

 মোৰ লৰাকাল আৰু হাজাৰ হাজাৰ গোলামৰ লৰাকালৰ ভিতৰত একো পাৰ্থক্য নাছিল। মোক আৰু মোৰ ভাইভনীহঁতক চাবৰ নিমিত্তে আয়ে দিনত অকণো সময় নেপাইছিল। পুৱাই খেতিৰ কাম কৰিবলৈ যোৱাৰ আগতে আৰু গধূলি সকলো কাম-বনৰ পৰা আজৰি হৈহে আয়ে মাজনিশা আমাক মাথোন অকণমান সময় উলিয়াব পাৰিছিল। টোপনিৰ পৰা জগাই মাজে মাজে কুকুৰা-পোৱালি পুৰি খুউৱা-কথা এতিয়াও মনত পৰে। তেওঁ সেইবোৰ বস্তু ক'ত পাইছিল ক'ব নোৱাৰোঁ। বোধ কৰোঁ, তেওঁ আমাৰ গৰাকীৰ কুকুৰা গঁৰালৰ পৰাই চুৰকৈ আনিছিল। আপোনা সকলে এই কামক চুৰি বুলিব পাৰে; আৰু আজিকালি ময়ো ন কামক চুৰিকে বোলোঁ। কিন্তু তেতিয়াৰ দিনত এই কামক ম‍ই চুৰি বুলি নাভাবিছিলোঁ। গোলামী কৰিলে মানুহৰ স্বভাৱ এনে হয়েই— গোলামৰ এইবোৰেই ধৰ্ম্ম।

 লৰাকালত ম‍ই বিছনাত শোৱাৰ কথা মনত নপৰে। ফুটা ঘোগোলা ​কানি কিছুমান মাটিত পাৰি লৈ আমি তিনিও কোনোমতে ৰাতিটো কটাওঁ।

 "আজিকালি বহুতে মোৰ লৰাকালৰ খেলাৰ কথা সোধে। খেলা বা ৰং-ধেমালি কাক বোলে মই তেতিয়া নাজানিছিলোঁয়েই। মোৰ গোটেই জীৱনটো কেৱল কাম কৰোতেই গ'ল। ল'ৰা কালত ৰংধেমালি কৰিব পৰা হ'লে, কি জানি এতিয়া বেচি কাম কৰিব পাৰিলোহেঁতেন।

 গোলামী যুগত মোৰ বয়স তেনেই কম আছিল। গতিকে ম‍ই বৰ টান কাম কৰিব নোৱাৰিছিলোঁ। তথাপিও মই বহুত কাম কৰিব লগাত পৰিছিলোঁ। ম‍ই চোতাল সাৰিছিলোঁ আৰু খেতিত কাম কৰা মানুহক খাবলৈ পানী নি দিছিলোঁ। তাৰ উপৰিও কলত পিহিবলৈ শস্য নিয়াৰ পালো সপ্তাহত মোৰ মূৰতে এবাৰকৈ পৰিছিল।

 এই কামত মই বৰ দুখ পাইছিলোঁ। খেতৰ পৰা কল-ঘৰ তিনি মাইল দূৰ। এটা ঘোঁৰাৰ পিঠিত শস্যৰ থৈলাটো ওলোমাই দি মই মাজত বহো। কেতিয়াবা খৈলাটো এফলীয়া হৈ যায় আৰু লগতে ময়ো মাটিত লুটি খাই পৰোঁ। মই অকলে থৈলাটো ঘোঁৰাৰ পিঠিত তুলিব নোৱাৰি বেজাৰ মনেৰে কান্দি কান্দি, বহি থাকো। দৈবাৎ কোনোবা মানুহ সেই বাটেদি গ’লৈ, কাকূতি মিনতি কৰি তেওঁৰ সহায়েৰে কোনোমতে থৈলাটো ঘোঁৰাৰ পিঠিত তুলি কল-ঘৰলৈ যাওঁ। তাৰ পৰা শস্য গুৰি কৰাই আনোঁতে ৰাতি হয়গৈ। হাবিবিতলীয়া বাটত আন্ধাৰে মুন্ধাৰে বৰ ভয় লাগে। সেই হাবিৰ মাজত কাম এৰি অনেক য়ুৰোপীয় চিপাহী থাকে বুলি শুনিছিলো। অকলৈ পালে, সিহঁতে হেনো নিগ্ৰো লৰাৰ কাণ কাটে। গতিকে সেই বাটেদি অহা

যোৱা কৰা মোৰ পক্ষে বৰ টান কাম আছিল। ইয়াৰ উপৰিও ঘৰ ​
৫
প্ৰথম অধ্যায়।

পাওঁতে বেচি ৰাতি হ'লে ঘৰতো চৰ-লাঠিৰ হাত সাৰিব নোৱাৰি ছিলোঁ।

 গোলামী অৱস্থাত লিখাপড়া শিকিবৰ নিমিত্তে মই কেতিয়াও পঢ়াশালিলৈ যোৱা নাছিলোঁ। অৱশ্যে মোৰ গৰাকীসকলৰ লৰা- ছোৱালীৰ কিতাপ চিলট লৈ কেতিয়াবা কেতিয়াবা পঢ়াশালিৰ মুখলৈকে গৈছিলোঁ। বাহিৰৰ পৰাই দেখোঁ, জাকে জাকে লৰা-ছোৱালীবিলাকে তাত লিখা-পঢ়া কৰিব লাগিছে। সেই দৃশ্যই মোৰ মনত এক অপূৰ্ব্ব স্বৰ্গীয় ভাৱৰ সৃষ্টি কৰিছিল। মনতে ভাবো—এয়ে স্বৰ্গ! আমি যে একেবাৰেই কিনা গোলাম, এই কথা মই ভালেমান দিনলৈকে নাজানি- ছিলো। আমাক স্বাধীন কৰি দিবৰ নিমিত্তে যে দেশ জুৰি আন্দোলন চলিছিল, তাকো বুজিব নোৱাৰিছিলোঁ। এদিন ৰাতিপুৱা দেখোঁ, আয়ে আমাক আগত লৈ ভগবানক প্ৰাৰ্থনা কৰিছে, “হে হৰি! সেনাপতি লিঙ্কলনৰ যেন জয় হয়, আমি গোটেই জাতিটোৱে যেন স্বাধীনতা পাওঁ! হে অনাথৰ নাথ! এই পৰাধীন জাতিটোক যেন মুক্ত কৰি দিয়া!” ·  আমাৰ গোলামপটীত থকা কোনো এটা গোলামেই আখৰ এটাকে চিনি নেপাইছিল। লিখা বা পঢ়া, কিতাপ বা বাতৰি কাকত আদিৰ ভূ কোনেও লৰাথিছিল। তথাপিও দেশৰ কথা সকলোৱেই ভালকৈ জানিছিল। যি দিনৰ পৰাই যুক্তৰাজ্যৰ উত্তৰ অঞ্চলৰ গেচিন্, লাভজয় আদি নেতাসকলে আমাক স্বাধীন কৰি দিবলৈ আন্দোলন আৰম্ভ কৰে, আচৰিত কথা, সেইদিনৰ পৰাই দক্ষিণ অঞ্চলৰ গোলামপটী বিলাকত সেই বাতৰি ৰাষ্ট্ৰ হৈ পৰিল। স্বাধীনতা আন্দোলনৰ দৈনিক ঘটনাবোৰ আমাৰ সমাজত প্ৰচাৰ হবলৈ ধৰিলে।

 আমাক স্বাধীনতা দিয়াৰ কথা লৈ আমেৰিকাৰ উত্তৰ আৰু দক্ষিণ ​ অঞ্চলৰ মানুহৰ মাজত ঘোৰ, যুদ্ধ লাগিবৰ উপক্ৰম হ'ল।আমাক স্বাধীনতা দিবলৈ দক্ষিণ অঞ্চলৰ গৰাকী সকলৰ সমুলি মন নাছিল। শেষত দুয়ো দলৰ মাজত ভয়ানক যুদ্ধ আৰম্ভ হ'ল। এইবিলাক কথা আমাৰ মানুহে অতি সহজেই বুজিব পাৰিছিল।

 আমাৰ গোলামপটী, ৰেল-মালিৰ পৰা বহুত দূৰ; ওচৰত ডাঙৰ চহৰ এখনো নাই। আমি হঠাৎ বাতৰি পালোঁ যে, উদাৰহৃদয় লিঙ্কনে যুক্তৰাজ্যৰ সভাপতি হবৰ কাৰণে চেষ্টা কৰিছে। তেওঁ সভাপতি হলেই আমি স্বাধীনতা পাম। ইয়াৰ পিচতেই যুদ্ধ আৰম্ভ হ'ল। আমি জানিলোঁ, এই যুদ্ধৰ ওপৰতে আমাৰ ভবিষ্যত নিৰ্ভৰ কৰিছে। উত্তৰ অঞ্চলৰ মানুহে দক্ষিণ অঞ্চলৰ মানুহক যুদ্ধত ঘটুৱাব পাৰিলেই আমাৰো গোলামী গুচিব। সেই নিমিত্তে হাৰ-জিতৰ বাতৰি পাবলৈ আমাৰ বৰ আগ্ৰহ হৈছিল।

 ঈশ্বৰৰ ইচ্ছাত এই যুদ্ধৰ বাতৰি আমি আমাৰ গৰাকী সকলতকৈ আগেয়ে পাইছিলোঁ। কথাটো শুনি অনেকৰ আচৰিত যেন লাগিব পাৰে। আমাৰ গৰাকীসকলৰ পৰনিৰ্ভৰতাত বাজে ইয়াত আন গুপুত ব্যৱস্থা একো নাই। গোলামবিলাকেই সপ্তাহত দুবাৰকৈ ডাকঘৰৰ পৰা ডাক অনা-নিয়া কৰিছিল। সেই সুযোগতে ডাকোৱালে ডাকঘৰৰ ওচৰৰ মানুহৰ পৰা যুদ্ধৰ সকলো বাতৰি বুজি লৈছিল। সেইবাবে গৰাকীসকলে চিঠি-পত্ৰ পঢ়ি খবৰ পোৱাৰ আগেয়েই সকলো কথা গোলামপটীৰ মানুহে জানি উঠিছিল।

 আয়ে ভায়ে মিলি থোৱাৰ কথা মোৰ কেতিয়াও মনত নপৰে। গোলামপটীৰ খোৱা মানে — নাকত এসোপা গোজা মাথোঁ। গৰু-ছাগলীয়ে যেনেকৈ য'তে ত'তে চৰি ফুৰে, আমাৰ খোৱাও তদ্ৰূপ। বাটে পথে সুবিধা পালেই যিহকে পাওঁ তিহকে গালিয়াই ফুৰো। গতিকে কাঁটা ​চামুচ আদিৰ একো ব্যৱহাৰ নাই। মোটৰ ওপৰত এমুঠি পেট ভৰাই খোৱাৰে ব্যৱস্থা নাছিল।

 অলপ বুজন হোৱাতে আমাৰ বৰ চাহাবৰ “খানা" খোৱা সময়ত বিচনী মৰা কামত নিযুক্ত হলো। এইদৰে কাম কৰি থাকোঁতে গৰাকীৰ পাৰিবাৰিক কথাবাৰ্তাও শুনো; কেতিয়াবা কেতিয়াবা তেওঁলোকৰ মুখত ঘৰুৱা কথাও ওলাই পৰে। স্বাধীনতা-যুদ্ধৰ বিষয়ে তেওঁলোকৰ নিজৰ মতামতো বুজিব পাৰিছিলোঁ। সময়ে সময়ে তেওঁলোকৰ আহাৰ দেখি মোৰো বৰ লোভ লাগিছিল। মনতে ভাবিছিলোঁ, কেতিয়াবা এনে বস্তু খাবলৈ পালে স্বাধীনতাৰ ফল ধৰিব।

 যুদ্ধ চলিবলৈ ধৰিলে। লাহে লাহে আমাৰ শ্বেতাঙ্গ প্ৰভুসকলৰ থোৱা-বোৱাত বৰ কষ্ট হ'বলৈ ধৰিলে। দূৰৰ পৰা চাহ, কফি আৰু চেনি নাহিলে তেওঁলোকৰ খোৱাই নহৈছিল। কিন্তু যুদ্ধৰ পিচত সেই বোৰ বস্তু পাবলৈ টান হৈ পৰিল। গতিকেই তেওঁলোকৰ দুখৰ সীমা নোহোৱাত পৰিল। কিন্তু আমাৰ গোলামজাতিৰ বিশেষ একো অসুবিধা হোৱা নাছিল। আমাৰ খেতিত যি শস্য হয়, তাৰেই আমাৰ চলে। ইয়াৰ বাহিৰেও আমি গাঁহৰি পুহিছিলোঁ। আমাৰ প্ৰভূসকলৰ দুৰ্গতি দেখি আমি মহা বিমোৰত পৰিছিলোঁ। তেওঁলোকে বাধ্য হৈ কফি নাপাই মুৰি বা চিৰা ভাজি পানীত তিয়াই খাইছিল- আৰু চেনিৰ সলনি চাহত মলিয়ন গুৰ দিছিল। অনেক সময়ত আকৌ মলিয়ন গুৰো পাবলৈ নোহোৱা হৈছিল।

 মই জীৱনত প্ৰথমে যিযোৰ জোতা পিন্ধো, সেই জোতা কাঠৰ তৈয়াৰী —আগভাগত অলপ চামৰা আছিল। সেই জোতা পিন্ধিলে ভৰিত বৰ দুখ পায়। কাঠৰ জোতা ভালেই, কিন্তু গোলামী-যুগত আমি যি ছোলা পিন্ধিছিলোঁ, তাৰ কথা মনত পৰিলে, এতিয়াও গাৰ নোম শিয় বি ​উঠে। দাঁত সৰাবলৈ যিমান কষ্ট, এই ছোলা পিন্ধাৰ কষ্টও তাতকৈ বেচি হলেও কম নহয়। ৱেষ্ট ভাৰ্জিনিয়াৰ গোলামপটীত থাকোঁতে, এবিধ খহটা কাপোৰৰ ছোলা আমাক পিন্ধিবলৈ দিয়া হৈছিল। নতুনতে এই ছোলাবোৰত অলেখ কাঁইট থাকে। ছালত সেই কাঁইটবোৰে বৰকৈ বিন্ধে। মোৰ গাৰ ছাল আনতকৈ কোমল আছিল, গতিকে সেই ছোলা পিন্ধি মই বৰ দুখ পাইছিলোঁ। কিন্তু কি কৰিম? সেই ছোলা নিপিন্ধি- লেই নহয়।

 এবাৰ মোৰ ককাইদেউজনে মোৰ দুখ দেখিব নোৱাৰি মোৰ ছোলাটো তেওঁ ৩০।৩২ দিনমান পিন্ধি কাঁইটবোৰ ভোটা কৰি মোক পিন্ধিবলৈ দিছিল। ভালেমান দিনলৈকে, গোলামী-যুগত সেই ছোলাই মোৰ একমাত্ৰ পৌঁছাক আছিল।

 মোৰ দুৰাৱস্থাৰ কাহিনী শুনি আপোনালোকে ভাবিব পাৰে যে, দক্ষিণ অঞ্চলৰ গোলাম বিলাকে তেওঁলোকৰ গৰাকীসকলক পেটে পেটে বৰ বেয়া পাইছিল! আচল কথা ক'বলৈ গলে, আমি তেনে অসৎ ভাব কেতিয়াও মনত ঠাই দিয়া নাছিলোঁ। আমি জানিছিলোঁ যে, আমাক চিৰকাল গোলাম কৰি ৰাখিবৰ নিমিত্তেই তেওঁলোকে উত্তৰ অঞ্চলৰ মানুহবিলাকৰ লগত যুঁজিছিল। আমাৰ গৰাকী সকল যুঁজত জিকিলে যে, আমি চিৰকাল গোলাম হৈ থাকিব লাগিব, সেই কথাও বেচকৈ জানিছিলোঁ। তথাপিও আমি আমাৰ গৰাকীসকলৰ প্ৰতি কেতিয়াও শত্ৰুতা ভাব পোষণ কৰা নাছিলোঁ। বৰঞ্চ, সকলো সময়তে তেওঁলোকৰ সুখত সুখী হৈয়ে আছিলোঁ।

 যুঁজত আমাৰ গৰাকীৰ এজন ডেকা পুতেক মৰা পৰে আৰু দুজন আহত হয়। এই ঘটনাত আমাৰ গৰাকীৰ পৰিয়ালে যিমান বেজাৰ পাইছিল, গোলামপটীৰ মানুহে তাতকৈ কম বেজাৰ পোৱা নাছিল। ​আহত হোৱা ল'ৰা দুজনক আমি প্ৰাণপণে শুশ্ৰুষা কৰিছিলোঁ৷ তেওঁ লোকৰ শোৱাপটিৰ ওচৰত বহি পৰ দি কেইবাৰাতিও কটাইছিলোঁ। ইয়াৰ উপৰিও যেতিয়া আমাৰ গৰাকী সকল যুদ্ধলৈ যায়—ঘৰত মতা মানুহ কোনো নাথাকে— তেতিয়া আমিয়েই তেওঁলোকৰ ঘৰৰখীয়া হৈ থাকো। তেওঁলোকৰ ল'ৰাতিৰোতা, ধন-সম্পত্তি আদি ৰক্ষাৰ ভাৰ আমাৰ ওপৰতেই আছিল। নিগ্ৰোজাতিৰ সত্যনিষ্ঠা বিশ্বাসপৰায়ণতাৰ আভাস ইয়াৰ পৰাই কিছু বুজিব পাৰি। কোনো নিগ্ৰোৱেই, কি গোলামী অৱস্থাত, কি মুক্ত অৱস্থাত কেতিয়াবা – বিশ্বাসঘাতকতা কৰাৰ দৃষ্টান্ত পাবলৈ নাই।

 আমাৰ জাতিভাইসকলে প্ৰভুসকলৰ প্ৰতি পেটত বেয়া ভাব নাৰাখি- য়েই সন্তুষ্ট নাছিল। তেওঁলোকে দুখত পৰা আগৰ প্ৰভুসকলক সাহাৰ্য্য কৰিছিল। কিয়নো মানুহৰ চিৰকাল একেদৰেই নাযায়। যুক্তৰাজ্যৰ গৃহকন্দলৰ পিচত দক্ষিণ অঞ্চলৰ প্ৰজাসকল বৰ কষ্টত পৰিছিল। তেনে কষ্টৰ সময়ত তেওঁলোকক নিগ্ৰোৱে সকলো কামতে সাহায্য কৰিছিল। প্ৰভূ সম্প্ৰদায়ৰ বহুত ল'ৰাছোৱালীয়ে গোলামজাতিৰ সহায়তে লিখা-পঢ়া শিকি ভাল মানুহ হোৱাৰ কথা মই জানো। এজন তেনে প্ৰভুসন্তান কুচৰিত্ৰৰ দোষত ধাৰত পোত খাইছিল। গোলামহঁতে নিজৰ বেয়া অৱস্থা স্বত্ত্বেও সকলোৱে পইচা তুলি তেওঁক সহায় কৰিছিল। কোনোৱে তেওঁক অলপ কফি, কোনোৱে অলপ মাংস, আৰু কোনোৱে অলপ চেনিকে দিছিল। নিগ্ৰো ভাইসকলৰ অনুগ্ৰহৰ ওপৰতে নিৰ্ভৰ কৰি এইজন মানুহ এতিয়াও জীয়াই আছে! পুৰণি প্ৰভুৰ ল'ৰা বা তেওঁৰ কোনো সম্বন্ধীয় ল'ৰা বুলি কৈ যদি কোনো বগা-চামৰাই নিগ্ৰোৰ আগত নিজৰ দুঃখৰ কথা কয়, তেন্তে মই ডাঠি ক'ব পাৰো, যুক্তৰাজ্যৰ দক্ষিণ অংশত এনে কোনো নিগ্ৰো নাই, যি তেওঁক যথাসাধ্য সাহায্য নকৰিব। ​ নিগ্ৰোজাতি যে কিমান বিশ্বাসী আৰু প্ৰতিজ্ঞাবদ্ধ তাৰ এটা ভাল উদাহৰণ দিওঁ। ভাৰ্জ্জিনিয়া প্ৰদেশত এটা গোলামে তাৰ গৰাকীৰ ওচৰত গাটো বেচিছিল, অৰ্থাৎ, মালিকৰ পথাৰত নেখাটি, সি মুকলি মুৰীয়া হৈ আন ঠাইত খাটি, তাৰ বাবে কিছু ধন বছৰে বছৰে সি গৰাকীক দিবলৈ গাত লৈছিল। - সি ধন আৰ্জিবৰ নিমিত্তে অহিও ( Ohio ) নগৰত স্বাধীন ভাবে কাম কৰিছিল। বছেৰেকৰ মূৰত ভাৰ্জিনিয়ালৈ গৈ সি মালিকৰ প্ৰাপ্য ফেৰা দি আহিছিল। এনেতে যুদ্ধ লাগিল আৰু তাৰ ফলত, নিগ্ৰোই স্বাধীনতা লাভ কৰে আৰু লগে লগে পুৰণি চুক্তি, বন্দোৱন্ত সকলো খাৰিজ হয়। গতিকে সেই গোলামে ও নিজৰ চুক্তি মতে কাম নকৰা হলেও সি আইনৰ আগত দণ্ডনীয় -নহ'লহেঁতেন। কিন্তু আপোনালোকে শুনি আচৰিত হব যে, যিমান দিনলৈকে, সেই গোলামে নিজৰ ধাৰ শোধ কৰিব নোৱাৰিছিল, তিমান দিনলৈকে, আগৰদৰে ভাৰ্জিনিয়ালৈ গৈ বছৰে বছৰে তাৰ মালিকক ধন দি আহিছিল। শেষত গোটেইখিনি ধন ধাৰ মাৰিহে সি সন্তোষ পাইছিল।

 ইয়াৰ পৰাই আপোনালোকে নুবুজিব যে, নিগ্ৰোই স্বাধীনতা বেয়া পাইছিল। স্বাধীনতা লাভৰ ইচ্ছা তেওঁলোকৰ অতি প্ৰৱণেই আছিল। এনে এজন নিগ্ৰো মই লগ নাপালোঁ, যি স্বাধীন নহৈ দাসত্ব অৱস্থাত থাকিব খোজে।

 দাসত্ব-পাশত আবদ্ধ জাতি মাত্ৰৰেই দুখ দেখি মই মৰ্ম্মে মৰ্ম্মে কষ্ট অনুভৱ কৰোঁ। পৰাধীন জাতিৰ বৰ দুখ। কোনো কাৰণে এবাৰ এটা জাতি পৰাধীন হলেই, সেই জাতিয়ে হঠাৎ উদ্গতি কৰিব নোৱাৰে। তেওঁলোকৰ সমাজ, তেওঁলোকৰ পাৰিবাৰিক, জীৱন—এই সকলো বোৰতেই পৰাধীন ভাব জড়িত ​হয়। আন কি ভাত-কাপোৰ নোলোৱা উপায় বিলাকে। দাসত্বৰ সৰ্ব্বমুখী প্ৰভাৱত অসাৰ হৈ পৰে। আন কি সাধাৰণ চলন-ফুৰণ কামতো এই দাসত্বৰ হাত সাৰিব নোৱাৰি। গতিকেই পৰাধীন জাতিয়ে সোনকালে কেতিয়াও স্বাধীনতা লাভ কৰিব নোৱাৰে। এই কাৰণেই মই আমাৰ গৰাকীসকলৰ প্ৰতি কোনো শত্ৰুতা ভাব পোষণ কৰা নাই।

 দাসত্ব প্ৰথা বাদ দি যুক্তৰাজ্যৰ কোনো কামেই নচলে।এই ৰাজ্যৰ কৃষি, বাণিজ্য, সমাজ, ধৰ্ম্ম— এই সকলোবোৰ দাসত্বৰ ওপৰতে প্ৰতিষ্ঠিত! সঁচা কথা কবলৈ গ'লে, গোলামী কৰাৰ বাবে নিগ্ৰোজাতিৰ যথেষ্ট উপকাৰ সাধিত হৈছে। দাসত্বৰ পৰা আমি অতি উচ্চ শিক্ষা লাভ কৰিছোঁহক। "ইয়াৰ পৰাই আমাৰ কৰ্ম্মপটুতা বাঢ়িছে, আমি চিন্তাশীল হৈছোঁ। কৃষি আৰু শিল্পবিদ্যাত আমাৰ হাতে কামে শিক্ষা লাভ হৈছে; আমালোকৰ নৈতিক চৰিত্ৰও গঠন হৈছে— ধৰ্ম্মভাৱ জাগিছে।

 সেইবুলি মই দাসত্ব প্ৰথাক কেতিয়াও ভাল বোলা নাই। এই পৃথিবীৰ গোলামীৰ আৱশ্যকতাও মই স্বীকাৰ নকৰোঁ। আমাৰ গৰাকী- সকলে ধৰ্ম্মভাবত অনুপ্ৰাণিত হৈ আমাক দাসত্বশিকলিৰে বন্ধা নাছিল; তেওঁলোকে নিজৰ স্বাৰ্থসিদ্ধিৰ কাৰণেহে আমাক গোলাম কৰি ৰাখিছিল। গোলামী অৱস্থাত তেওঁলোকে আমাক মানুহ কৰিবলৈ কোনো কালেই চেষ্টা কৰা নাছিল।

 ঈশ্বৰে যি কৰে ভালেই কৰে। ভগবানৰ অপাৰ কৰুণাত আমাৰ অজ্ঞাতসাৰে এই পৃথিৱীত কিমান অসম্ভৱ কাৰ্য্য সম্ভৱ হৈছে, তাৰ লেখজোথ নাই। আজিকালি বহুতে মোক সোধে, “নিগ্ৰোজাতিৰ” ইমান অৱনতি স্বত্ত্বেও তেওঁলোকৰ ভবিষ্যত সুন্দৰ বুলি আপুনি কেনেকৈ আশা কৰে! ” ইয়াৰ উত্তৰত নেই মাথো কৈ থওঁ, যে ঈশ্বৰত মোৰ বৰ ​বিশ্বাস। যিজনৰ কৃপাত আমি নানা বিপদৰ আমি নানা বিপদৰ মাজেদিও ইমানখিনি উদ্ধাৰ পাৰিছোঁ, তেওঁৰ কৃপাতেই নিগ্ৰোজাতিৰ আৰু উন্নতি হব।” গোলামীৰ ফলত আমাৰ অৱশ্য অপকাৰো বহুত হৈছিল। কিন্তু নই চাওঁতে আমাৰ প্ৰভুসকলৰহে বেচি অপকাৰ হৈছে। নিজে শাৰীৰিক পৰিশ্ৰম কৰাটো তেওঁলোকে বৰ লাজৰ কথা বুলি ভাবিছিল। তেওঁলোকে লাহে লাহে আত্মনিৰ্ভৰতা হেৰুৱালে। তেওঁলোকৰ লৰা- ছোৱালীবিলাকক একো অৰ্থকৰী বিদ্যা শিক্ষা দিয়া নহল। ছোৱালী- হঁতে ৰন্ধা-বঢ়া, কাপোৰ বোৱা কাপোৰ দিয়া, ঘৰচলোৱা আদি কাম শিকা নাছিল— সকলো গোলামহঁতেই কৰে। কিন্তু লোকৰ কামত সিহঁতৰ স্বাৰ্থ কিমান ফেৰা? কোনোমতে কামটো কৰিব পাৰিলেই হ'ল। বুদ্ধি খটাই কোনো কাম তেওঁলোকে সুচাৰুৰূপে নকৰে; সেই কাৰণেই গৰাকীৰ ঘৰুৱা কামকাজবোৰত একো শৃঙ্খলা নাছিল। "ঘৰ-দুৱাৰ পৰিষ্কাৰ হৈ নাথাকে, জেওৰা ভাগিছিগি যায়, তাক চাওঁতা নাই; খিৰিকীৰ আইনা এৰাই যায়, তাক লগোৱা নহয়। খোৱা- বোৱাতো তেওঁলোকৰ সুখ নাই—কোনো দিন জ্বলাই বেচি হয়, কোনো দিনা লোণ কম হয় আৰু কেতিয়াবা মঙহেই কেঁচাই থাকে। অথচ পইচাও কম খৰচ নহয়। মুঠৰ ওপৰত ক'বলৈ গ'লে, তেওলোকৰ ঘৰৰ পৰা লক্ষ্মীয়ে বিদায় ল'লে।

 স্বাধীনতা লাভ কৰিলত, গোলামহঁতে নতুন জীৱন আৰম্ভ কৰিবলৈ একো টান নেপালে। গোলামী-অৱস্থাত থাকোতেই তেওঁলোকে এটা নহয় এটা অৰ্থকৰী বিদ্যা শিকিছিল। দুখ কৰি খোৱাটো তেওঁলোকে লাজৰ কথা বুলি নেভাৱিছিল। তেওঁলোক পিছপৰা কেৱল কিতাপৰ বিদ্যাত হে। কিন্তু আমাৰ গৰাকীসকলে আৰু তেওঁলোকৰ লৰা-ছোৱালীবিলাকে কোনো অৰ্থকৰী বিদ্যাকে নেজানিছিল। ​ চাওঁতে চাওঁতে যুদ্ধ শেষ হ'লহি; আমাৰ মুক্তিৰ দিন আহিল। গোলাম- পটীত আনন্দৰ সীমা নাই। যুঁজৰ গতি দেখি আমি স্বাধীনতা পাম বুলি আগেয়েই জানিছিলোঁ। দক্ষিণ অঞ্চলৰ প্ৰভুসকল যুঁজত হাৰি উভতিবলৈ ধৰিলে। ইয়াঙ্কী সেনাবোৰে আক্ৰমণ কৰিব বুলি ভাবি প্ৰভুসকলে তেওঁ- লোকৰ টকাকড়ি-অলঙ্কাৰ আদি বহুমুলীয়া বস্তুবোৰ মাটিত পুতি থবলৈ ধৰিলে। সেই ধন ৰখীয়াও আমাকে পাতিলে। ইয়াঙ্গী সেনাবিাকক আমি খাবলৈ আৰু থাকিবলৈ দিছিলোঁ, কিন্তু আমাৰ গৰাকীসকলে বিশ্বাস কৰি ৰাখি যোৱা বস্তুবোৰ সিহঁতক দেখুৱাই দিয়া নাছিলো।

 দিন যিমানেই ওচৰ চাপি আহিল, সিমানেই গোলামপটীত গানৰ কোব চৰিল। গানবোৰত স্বাধীনতাৰ কথা আছিল। আগেয়েও আমি সেই গানকে গাইছিলোঁ। কিন্তু, 'স্বাধীনতা' মানে পাৰত্ৰিক স্বাধীনতাহে। বুজিছিলোঁ। এতিয়া হলে 'স্বাধীনতা'ৰ অৰ্থ,ইহজগতৰে স্বাধীনতা বুলি কবলৈ ভয় নকৰা হলোঁ।

 সেই মহানন্দৰ আগদিনা বাতৰি পালোঁ যে, পিচদিনা ৰাতিপুৱা বৰবঙ্গল'ৰ ওচৰত এখন বিশেষ সভা হব। সেই দিনা ৰাতি আমাৰ টোপনি নাহিল। পাচদিনা পুৱা আমি সকলোটি গৰাকীৰ ঘৰৰ আগত গেটি খালোঁগৈ। প্ৰভু-পৰিয়ালৰ সকলোটি বাহিৰত থিয়াথিয়িকৈ আছিল। তেওঁলোকৰ মুখত অলপ বেজাৰৰ চিন দেখা গৈছিল। মোৰ মনে ধৰিলে যেন, তেওঁলোকে আৰ্থিক ক্ষতিৰ কাৰণে বেজাৰ পোৱা নাছিল। বৰং ইমান দিন লগে-ভাগে থকা মানুহবিলাক বিদায় দিব লগাতহে কষ্ট পাইছিল। তেওঁলোকৰ লগতে আৰু এজন নতুন মানুহ দেখা পালোঁ। বোধ হয়, তেওঁ যুক্তৰাজ্যৰ কোনোবা এজন কৰ্ম্মচাৰী। তেওঁ এটি চুটি বক্তৃতা দিলে আৰু কাগজ এখনৰ পৰা ​ স্বাধীনতাৰ ঘোষণা শুনালে। তাত লিখা আছিল যে,আমি স্বাধীন হৈছোঁ, য’লৈকে ইচ্ছা, ত’লৈকে যাব পাৰোঁ। মোৰ আই ওচৰত থিয় হৈ আছিল—তেওঁৰ চকুৰ পৰা আনন্দৰ চকুৰ পানী, বৈ গ'ল। তেওঁ আমাক সকলো কথা ভাঙি ক'লে। কিছুপৰৰ কাৰণে সকলো আনন্দত অধীৰ হ'ল। কিন্তু গৰাকীসকলৰ প্ৰতি বিদ্বেষ ভাব কাৰো দেখা নগল।

  স্বাধীনতা পোৱা নিগ্ৰ’বিলাকৰ আনন্দ বেচি পৰ নাথাকিল। উভতি আহি ঘৰ পালত তেওঁলোকৰ মনত পৰিবৰ্ত্তন দেখা গ'ল। স্বাধীনতা- দায়িত্বৰ গধুৰ বোজাই তেওঁলোকৰ মনক চেপি ধৰিলে। স্বাধীনভাবে থাকিবৰ হ'লে, তেওঁলোকে নিজেই সকলো কাম কৰি ল'ব লাগিব। স্বাধীন ভাবে চলাফিৰা কৰি কপালৰ ঘাম মাটিত পেলাই থোৱা-লোৱা আৰু ঘগৃহস্থালিৰ সংস্থান নিজেই কৰিব লগীয়া হ'ল। এই দায়িত্ব কম দায়িত্ব নহয়। এই স্বাধীনতা অনুগ্ৰহ নে নিগ্ৰহ তাক ভুক্তভোগীৰ বাহিৰে আন কোনে বুজিব?

  গোটেই এংলো'চাকচন জাতিয়ে হাজাৰ বছৰে যিবোৰ সমস্যাৰ মীমাংসা একো কৰিব পৰা নাছিল, আজি নিগ্ৰ' জাতিৰ ওপৰত সেই সমস্যাৰ সমাধান কৰাৰ বোজা হঠাৎ চাপ খাই পৰিল। গতিকে চাওঁতে চাওঁতেই আনন্দৰ লগে লগে নিগ্ৰমহলত আকৌ বিষাদ আৰু নিৰাশৰ ছাঁ পৰিল।

 অনেক নিগ্ৰ'ৰ বয়স সেই সময়ত ৭০/৮০ বছৰ। গোলামি কৰিয়েই তেওঁলোকে হাড় পকাইছে। নতুনকৈ জীৱন আৰম্ভ কৰিবৰ শক্তি তেওঁলোকৰ নাই। তদুপৰি ইমান দিন গৰাকীৰ সেৱা কৰি তেওঁলোক একেবাৰেই প্ৰভুসকলৰ অনুৰক্ত হৈ পৰিছিল। গৰাকী -সকলৰ লগত তেওঁলোকৰ বান্ধোন বৰ টান বান্ধোন! য়াৰ লগত থাকি সুখ বা দুখৰ ​ভাগ লৈ আধা শতাব্দী কটাইছে, তেওঁলোকৰ মায়া গোলামহঁতে এৰে কেনেকৈ? হৃদয়ৰ এনে সম্বন্ধ ছিঙি পেলোৱা কি একেদিনেই সম্ভৱ?

_______