বুকাৰ ৱাচিংটন
বুকাৰ ৱাচিংটন
শ্ৰীবসন্তকুমাৰ বৰুৱা, বি-এ, দ্বাৰা
অনুবাদিত
শ্ৰীদুৰ্গাধৰ বৰকটকী দ্বাৰা
প্ৰকাশিত
দ্বিতীয় তাঙ্গৰণ
(সৰ্ব্বস্বত্ব সংৰক্ষিত) মুলা—কেঁচা বন্ধা ৷৵৹
- পকা ৸৵৹
- পকা ৸৵৹
কলিকতা—২নং বেথুন ৰো। ভাৰত মিহিৰ যন্ত্ৰত
শ্ৰী সৰ্ব্বেশ্বৰ ভট্টাচাৰ্য্য দ্বাৰা মুদ্রিত।
প্ৰকাশকৰ নিবেদন।
এই কিতাপ আমেৰিকাৰ প্ৰসিদ্ধ বুকাৰ ৱাচিংটনৰ আত্মজীবনীৰ ভাঙ্গনি। গাৰো স্কুলবিলাকৰ নিমিত্তে সেই জাতিৰ সৰ্ব্বপ্ৰকাৰে উপযোগী কিতাপ কেইখনমান যুগুত কৰিবৰ প্ৰস্তাৱ হোৱাত—এই কামৰ নিমিত্তে যি কমিটি গঠিত হয় মই একটিং ইনস্পেক্টৰ স্বৰূপে তাৰ সম্পাদক হওঁ—মই কিতাপখনি (ইংৰাজী) বিশেষ মনোযোগেৰে পঢ়োঁ। তেতিয়াই অসমীয়া ভাঙ্গনি এখনি উলিয়াবলৈ স্থিৰ কৰোঁ। কিন্তু কাৰ্য্যৰ হেঁচাত এই কাম হাতত ল’ব নোৱাৰিলোঁ। পিচত মোৰ দ্বাৰাই সোনকালে কামটি হৈ উঠা কঠিন ভাবি শ্ৰীমান বসন্ত কুমাৰ বৰুৱাৰ হতুৱাই কৰালোঁ। এই কিতাপখনিয়ে যে সকলোৰে পৰা বিশেষকৈ গোটেই শিক্ষাবিভাগৰ পৰা, আদৰ পাব, ই (অপঠনীয় )ত দুখীয়া শিক্ষক আৰু ছাত্ৰৰবিলাকেও একোখনি (অপঠনীয় ) সেই ভাবেৰে কিতাপখনিৰ মূল্যও তাকৰ কৰি ৰলোঁ। ৮ এপ্ৰিল, ১৯২৬।
শ্ৰীদুৰ্গাধৰ বৰকটকী।
নিগ্ৰো কৰ্ম্মবীৰ
বুকাৰ ৱাচিংটন।
প্ৰথম অধ্যায়।
গোলামপটীৰ অৱস্থা।
মই এটা কিনা গোলাম — জাতত নিগ্ৰো। ভাৰ্জিনিয়া প্ৰদেশৰ ফ্ৰেঙ্কলিন জিলাৰ কোনো এখন খেতত মোৰ জন্ম হয়। কেতিয়া আৰু কোন ঠাইত মই জন্মিছিলোঁ, মই ঠাৱৰকৈ কব নোৱাৰোঁ। শুনিছোঁ, কোনো এটা ডাকঘৰৰ ওচৰতে মোৰ জন্ম। সেই বছৰটো শোধ কৰোঁ ১৮৫৮ কি ১৮৫৯ চন। নিচেই লৰা কালৰ কথা-বাতৰাৰ ভিতৰত কেৱল, গোলামপটীৰ সৰু সৰু ঘৰ আৰু খেতৰ কামবোৰৰ কথাই মনত পৰে। সেই সৰু সৰু ঘৰবোৰতে মোৰ জাতিভাইসকলে তেওঁলোকৰ দাসত্ব জীৱন কটাইছিল।
অতি ঘিণলগা অৱস্থা, দুখ আৰু নিৰাশাৰ মাজতে মোৰ জীৱন আৰম্ভ হৈছিল। মোৰ এনে দুৰাৱস্থাৰ কাৰণে মোৰ গৰাকীসকলৰ গাত অকণো দোষ নাছিল। কিয়নো আন আন গৰাকীসকলৰ তুলনাত মোৰ গৰাকীসকল মৰমিয়াল হে আছিল। তথাপিও আন কিনা দাসৰ যি দশা, মোৰো সেই দশাই আছিল। গোলামপটীৰ ঘৰবোৰ কাঠৰ — দীঘে দহু হাত, পথালিয়ে ৯ হাত। এনে এটা কুঠৰীতে মই, মোৰ আই, এটা ভাই আৰু এজনী ভনীয়ে আমাৰ দাসত্বজীৱন কটাইছিলোঁহঁক। যুক্তৰাজ্যৰ গৃহকন্দলৰ পিচত যেতিয়া নিগ্ৰো-স্বাধীনতা ঘোষণা কৰা হয়, তেতিয়াৰ পৰাহে এই গোলামপটী এৰিছোঁ।
মই মোৰ উপৰি পুৰুষৰ কথা একো নাজানো বুলিব লাগে আমাৰ গোলামপটীৰ মানুহে যি কোৱা-মেলা কৰে তাৰে (অপঠনীয় ) শুনিছোঁ। আমি হেনো অতীজৰ আফ্ৰিকাৰ মানুহ। আফ্ৰিকাৰ পৰা আমেৰিকালৈ চালান দিওঁতে বাটত জাহাজত আমাৰ উপৰি পুৰুষ সকলক গৰাকীসকলে বৰ কষ্ট দিছিল। আমাৰ জাতীয় বুৰঞ্জী-বিষয়ে কেৱল ইমানকেহে জনা যায়।
মই মোৰ বোপাইৰ বিষয়েও একো নেজানো। বোধ কৰোঁ তেওঁ এজন য়ুৰোপীয়- বগা চামৰাৰ মানুহ — ওচৰৰে কোনো খেতৰ মেনেজাৰ কি এচিষ্ট্যাণ্ট মেনেজাৰ আছিল। মই তেওঁক দেখা নাই, আন কি তেওঁৰ নামকে শুনা নাই। তেৱোঁ মোক মানুহ কৰিবৰ নিমিত্তে অকণো যত্ন কৰা নাই। এনে ধৰণৰ পিতা বা জন্মদাতা সেই গোলামী যুগত আমেৰিকাৰ য়ুৰোপীয় সমাজত বহুত আছিল। তেওঁ আইক এৰি দিয়াত, বোধ কৰোঁ, আন এখনে কিনি আনিলে। তেতিয়াৰ পৰা তেওঁ আমাৰ অভিভাৱক।
আমি থকা ঘৰটোত গোলামপটীৰ মানুহ বিলাকৰ ভাত-ৰন্ধা ঘৰ আছিল। আয়েই সকলো মানুহলৈ ভাত ৰান্ধিছিল। আমাৰ ঘৰটো অতি লেতেৰা আৰু অস্বাস্থ্যকৰ আছিল— ভিতৰলৈ পোহৰ আৰু বতাহ নোসোমায়। বেৰৰ জলঙাইদি জাৰকালি চেঁচা বতাহ কিন্তু ভালকৈয়ে
সোমাইছিল। ইয়াৰ বাহিৰেও সেই ঘৰত মেকুৰী - অহা-যোৱা কৰিবলৈ প্ৰথম অধ্যায়।
অসংখ্য বাট আছিল। মজিয়াত তক্তা-চক্তা একো নাছিল— মাটিৰ ওপৰতেই সকলোবোৰ কাম চলিছিল। মজিয়াৰ সোঁমাজতে এটা বৰ ডাঙৰ গাঁত আছিল। সেই গাঁততে জাৰকালি আলু ভৰাই; কাঠ এচলাৰে ঢাকি থোৱা হয়। সেই গাঁতৰ কথা মোৰ এতিয়াও-বেচ মনত আছে, “কিয়নো গাঁতৰ পৰা আলুবোৰ উলিয়াওঁতে সুমুৱাওঁতে দুই এটা আলু মোৰ হাতত পৰিছিল আৰু সুবিধা বুজি পুৰি লৈ অকলে অকলে মই তাৰ সদ্ ব্যৱহাৰ কৰিছিলোঁ।
আমাৰ ভাতৰন্ধা সঁজুলীবোৰ তেনেই লেতেৰা আছিল।'স্টোভ' বুলিবলৈ একো নাছিল। মুকলি জুহালতে ৰন্ধা-বঢ়াৰ কাম চলিছিল। সেই কাৰণেই জাৰকালিৰ চেঁচা বতাহ আৰু গৰম কালিৰ জুইৰ তাপে আমাক হাৰাশাস্তি কৰিছিল।
মোৰ লৰাকাল আৰু হাজাৰ হাজাৰ গোলামৰ লৰাকালৰ ভিতৰত একো পাৰ্থক্য নাছিল। মোক আৰু মোৰ ভাইভনীহঁতক চাবৰ নিমিত্তে আয়ে দিনত অকণো সময় নেপাইছিল। পুৱাই খেতিৰ কাম কৰিবলৈ যোৱাৰ আগতে আৰু গধূলি সকলো কাম-বনৰ পৰা আজৰি হৈহে আয়ে মাজনিশা আমাক মাথোন অকণমান সময় উলিয়াব পাৰিছিল। টোপনিৰ পৰা জগাই মাজে মাজে কুকুৰা-পোৱালি পুৰি খুউৱা-কথা এতিয়াও মনত পৰে। তেওঁ সেইবোৰ বস্তু ক'ত পাইছিল ক'ব নোৱাৰোঁ। বোধ কৰোঁ, তেওঁ আমাৰ গৰাকীৰ কুকুৰা গঁৰালৰ পৰাই চুৰকৈ আনিছিল। আপোনা সকলে এই কামক চুৰি বুলিব পাৰে; আৰু আজিকালি ময়ো ন কামক চুৰিকে বোলোঁ। কিন্তু তেতিয়াৰ দিনত এই কামক মই চুৰি বুলি নাভাবিছিলোঁ। গোলামী কৰিলে মানুহৰ স্বভাৱ এনে হয়েই— গোলামৰ এইবোৰেই ধৰ্ম্ম।
লৰাকালত মই বিছনাত শোৱাৰ কথা মনত নপৰে। ফুটা ঘোগোলা কানি কিছুমান মাটিত পাৰি লৈ আমি তিনিও কোনোমতে ৰাতিটো কটাওঁ।
"আজিকালি বহুতে মোৰ লৰাকালৰ খেলাৰ কথা সোধে। খেলা বা ৰং-ধেমালি কাক বোলে মই তেতিয়া নাজানিছিলোঁয়েই। মোৰ গোটেই জীৱনটো কেৱল কাম কৰোতেই গ'ল। ল'ৰা কালত ৰংধেমালি কৰিব পৰা হ'লে, কি জানি এতিয়া বেচি কাম কৰিব পাৰিলোহেঁতেন।
গোলামী যুগত মোৰ বয়স তেনেই কম আছিল। গতিকে মই বৰ টান কাম কৰিব নোৱাৰিছিলোঁ। তথাপিও মই বহুত কাম কৰিব লগাত পৰিছিলোঁ। মই চোতাল সাৰিছিলোঁ আৰু খেতিত কাম কৰা মানুহক খাবলৈ পানী নি দিছিলোঁ। তাৰ উপৰিও কলত পিহিবলৈ শস্য নিয়াৰ পালো সপ্তাহত মোৰ মূৰতে এবাৰকৈ পৰিছিল।
এই কামত মই বৰ দুখ পাইছিলোঁ। খেতৰ পৰা কল-ঘৰ তিনি মাইল দূৰ। এটা ঘোঁৰাৰ পিঠিত শস্যৰ থৈলাটো ওলোমাই দি মই মাজত বহো। কেতিয়াবা খৈলাটো এফলীয়া হৈ যায় আৰু লগতে ময়ো মাটিত লুটি খাই পৰোঁ। মই অকলে থৈলাটো ঘোঁৰাৰ পিঠিত তুলিব নোৱাৰি বেজাৰ মনেৰে কান্দি কান্দি, বহি থাকো। দৈবাৎ কোনোবা মানুহ সেই বাটেদি গ’লৈ, কাকূতি মিনতি কৰি তেওঁৰ সহায়েৰে কোনোমতে থৈলাটো ঘোঁৰাৰ পিঠিত তুলি কল-ঘৰলৈ যাওঁ। তাৰ পৰা শস্য গুৰি কৰাই আনোঁতে ৰাতি হয়গৈ। হাবিবিতলীয়া বাটত আন্ধাৰে মুন্ধাৰে বৰ ভয় লাগে। সেই হাবিৰ মাজত কাম এৰি অনেক য়ুৰোপীয় চিপাহী থাকে বুলি শুনিছিলো। অকলৈ পালে, সিহঁতে হেনো নিগ্ৰো লৰাৰ কাণ কাটে। গতিকে সেই বাটেদি অহা
যোৱা কৰা মোৰ পক্ষে বৰ টান কাম আছিল। ইয়াৰ উপৰিও ঘৰ পাওঁতে বেচি ৰাতি হ'লে ঘৰতো চৰ-লাঠিৰ হাত সাৰিব নোৱাৰি ছিলোঁ।
গোলামী অৱস্থাত লিখাপড়া শিকিবৰ নিমিত্তে মই কেতিয়াও পঢ়াশালিলৈ যোৱা নাছিলোঁ। অৱশ্যে মোৰ গৰাকীসকলৰ লৰা- ছোৱালীৰ কিতাপ চিলট লৈ কেতিয়াবা কেতিয়াবা পঢ়াশালিৰ মুখলৈকে গৈছিলোঁ। বাহিৰৰ পৰাই দেখোঁ, জাকে জাকে লৰা-ছোৱালীবিলাকে তাত লিখা-পঢ়া কৰিব লাগিছে। সেই দৃশ্যই মোৰ মনত এক অপূৰ্ব্ব স্বৰ্গীয় ভাৱৰ সৃষ্টি কৰিছিল। মনতে ভাবো—এয়ে স্বৰ্গ! আমি যে একেবাৰেই কিনা গোলাম, এই কথা মই ভালেমান দিনলৈকে নাজানি- ছিলো। আমাক স্বাধীন কৰি দিবৰ নিমিত্তে যে দেশ জুৰি আন্দোলন চলিছিল, তাকো বুজিব নোৱাৰিছিলোঁ। এদিন ৰাতিপুৱা দেখোঁ, আয়ে আমাক আগত লৈ ভগবানক প্ৰাৰ্থনা কৰিছে, “হে হৰি! সেনাপতি লিঙ্কলনৰ যেন জয় হয়, আমি গোটেই জাতিটোৱে যেন স্বাধীনতা পাওঁ! হে অনাথৰ নাথ! এই পৰাধীন জাতিটোক যেন মুক্ত কৰি দিয়া!” · আমাৰ গোলামপটীত থকা কোনো এটা গোলামেই আখৰ এটাকে চিনি নেপাইছিল। লিখা বা পঢ়া, কিতাপ বা বাতৰি কাকত আদিৰ ভূ কোনেও লৰাথিছিল। তথাপিও দেশৰ কথা সকলোৱেই ভালকৈ জানিছিল। যি দিনৰ পৰাই যুক্তৰাজ্যৰ উত্তৰ অঞ্চলৰ গেচিন্, লাভজয় আদি নেতাসকলে আমাক স্বাধীন কৰি দিবলৈ আন্দোলন আৰম্ভ কৰে, আচৰিত কথা, সেইদিনৰ পৰাই দক্ষিণ অঞ্চলৰ গোলামপটী বিলাকত সেই বাতৰি ৰাষ্ট্ৰ হৈ পৰিল। স্বাধীনতা আন্দোলনৰ দৈনিক ঘটনাবোৰ আমাৰ সমাজত প্ৰচাৰ হবলৈ ধৰিলে।
আমাক স্বাধীনতা দিয়াৰ কথা লৈ আমেৰিকাৰ উত্তৰ আৰু দক্ষিণ অঞ্চলৰ মানুহৰ মাজত ঘোৰ, যুদ্ধ লাগিবৰ উপক্ৰম হ'ল।আমাক স্বাধীনতা দিবলৈ দক্ষিণ অঞ্চলৰ গৰাকী সকলৰ সমুলি মন নাছিল। শেষত দুয়ো দলৰ মাজত ভয়ানক যুদ্ধ আৰম্ভ হ'ল। এইবিলাক কথা আমাৰ মানুহে অতি সহজেই বুজিব পাৰিছিল।
আমাৰ গোলামপটী, ৰেল-মালিৰ পৰা বহুত দূৰ; ওচৰত ডাঙৰ চহৰ এখনো নাই। আমি হঠাৎ বাতৰি পালোঁ যে, উদাৰহৃদয় লিঙ্কনে যুক্তৰাজ্যৰ সভাপতি হবৰ কাৰণে চেষ্টা কৰিছে। তেওঁ সভাপতি হলেই আমি স্বাধীনতা পাম। ইয়াৰ পিচতেই যুদ্ধ আৰম্ভ হ'ল। আমি জানিলোঁ, এই যুদ্ধৰ ওপৰতে আমাৰ ভবিষ্যত নিৰ্ভৰ কৰিছে। উত্তৰ অঞ্চলৰ মানুহে দক্ষিণ অঞ্চলৰ মানুহক যুদ্ধত ঘটুৱাব পাৰিলেই আমাৰো গোলামী গুচিব। সেই নিমিত্তে হাৰ-জিতৰ বাতৰি পাবলৈ আমাৰ বৰ আগ্ৰহ হৈছিল।
ঈশ্বৰৰ ইচ্ছাত এই যুদ্ধৰ বাতৰি আমি আমাৰ গৰাকী সকলতকৈ আগেয়ে পাইছিলোঁ। কথাটো শুনি অনেকৰ আচৰিত যেন লাগিব পাৰে। আমাৰ গৰাকীসকলৰ পৰনিৰ্ভৰতাত বাজে ইয়াত আন গুপুত ব্যৱস্থা একো নাই। গোলামবিলাকেই সপ্তাহত দুবাৰকৈ ডাকঘৰৰ পৰা ডাক অনা-নিয়া কৰিছিল। সেই সুযোগতে ডাকোৱালে ডাকঘৰৰ ওচৰৰ মানুহৰ পৰা যুদ্ধৰ সকলো বাতৰি বুজি লৈছিল। সেইবাবে গৰাকীসকলে চিঠি-পত্ৰ পঢ়ি খবৰ পোৱাৰ আগেয়েই সকলো কথা গোলামপটীৰ মানুহে জানি উঠিছিল।
আয়ে ভায়ে মিলি থোৱাৰ কথা মোৰ কেতিয়াও মনত নপৰে। গোলামপটীৰ খোৱা মানে — নাকত এসোপা গোজা মাথোঁ। গৰু-ছাগলীয়ে যেনেকৈ য'তে ত'তে চৰি ফুৰে, আমাৰ খোৱাও তদ্ৰূপ। বাটে পথে সুবিধা পালেই যিহকে পাওঁ তিহকে গালিয়াই ফুৰো। গতিকে কাঁটা চামুচ আদিৰ একো ব্যৱহাৰ নাই। মোটৰ ওপৰত এমুঠি পেট ভৰাই খোৱাৰে ব্যৱস্থা নাছিল।
অলপ বুজন হোৱাতে আমাৰ বৰ চাহাবৰ “খানা" খোৱা সময়ত বিচনী মৰা কামত নিযুক্ত হলো। এইদৰে কাম কৰি থাকোঁতে গৰাকীৰ পাৰিবাৰিক কথাবাৰ্তাও শুনো; কেতিয়াবা কেতিয়াবা তেওঁলোকৰ মুখত ঘৰুৱা কথাও ওলাই পৰে। স্বাধীনতা-যুদ্ধৰ বিষয়ে তেওঁলোকৰ নিজৰ মতামতো বুজিব পাৰিছিলোঁ। সময়ে সময়ে তেওঁলোকৰ আহাৰ দেখি মোৰো বৰ লোভ লাগিছিল। মনতে ভাবিছিলোঁ, কেতিয়াবা এনে বস্তু খাবলৈ পালে স্বাধীনতাৰ ফল ধৰিব।
যুদ্ধ চলিবলৈ ধৰিলে। লাহে লাহে আমাৰ শ্বেতাঙ্গ প্ৰভুসকলৰ থোৱা-বোৱাত বৰ কষ্ট হ'বলৈ ধৰিলে। দূৰৰ পৰা চাহ, কফি আৰু চেনি নাহিলে তেওঁলোকৰ খোৱাই নহৈছিল। কিন্তু যুদ্ধৰ পিচত সেই বোৰ বস্তু পাবলৈ টান হৈ পৰিল। গতিকেই তেওঁলোকৰ দুখৰ সীমা নোহোৱাত পৰিল। কিন্তু আমাৰ গোলামজাতিৰ বিশেষ একো অসুবিধা হোৱা নাছিল। আমাৰ খেতিত যি শস্য হয়, তাৰেই আমাৰ চলে। ইয়াৰ বাহিৰেও আমি গাঁহৰি পুহিছিলোঁ। আমাৰ প্ৰভূসকলৰ দুৰ্গতি দেখি আমি মহা বিমোৰত পৰিছিলোঁ। তেওঁলোকে বাধ্য হৈ কফি নাপাই মুৰি বা চিৰা ভাজি পানীত তিয়াই খাইছিল- আৰু চেনিৰ সলনি চাহত মলিয়ন গুৰ দিছিল। অনেক সময়ত আকৌ মলিয়ন গুৰো পাবলৈ নোহোৱা হৈছিল।
মই জীৱনত প্ৰথমে যিযোৰ জোতা পিন্ধো, সেই জোতা কাঠৰ তৈয়াৰী —আগভাগত অলপ চামৰা আছিল। সেই জোতা পিন্ধিলে ভৰিত বৰ দুখ পায়। কাঠৰ জোতা ভালেই, কিন্তু গোলামী-যুগত আমি যি ছোলা পিন্ধিছিলোঁ, তাৰ কথা মনত পৰিলে, এতিয়াও গাৰ নোম শিয় বি উঠে। দাঁত সৰাবলৈ যিমান কষ্ট, এই ছোলা পিন্ধাৰ কষ্টও তাতকৈ বেচি হলেও কম নহয়। ৱেষ্ট ভাৰ্জিনিয়াৰ গোলামপটীত থাকোঁতে, এবিধ খহটা কাপোৰৰ ছোলা আমাক পিন্ধিবলৈ দিয়া হৈছিল। নতুনতে এই ছোলাবোৰত অলেখ কাঁইট থাকে। ছালত সেই কাঁইটবোৰে বৰকৈ বিন্ধে। মোৰ গাৰ ছাল আনতকৈ কোমল আছিল, গতিকে সেই ছোলা পিন্ধি মই বৰ দুখ পাইছিলোঁ। কিন্তু কি কৰিম? সেই ছোলা নিপিন্ধি- লেই নহয়।
এবাৰ মোৰ ককাইদেউজনে মোৰ দুখ দেখিব নোৱাৰি মোৰ ছোলাটো তেওঁ ৩০।৩২ দিনমান পিন্ধি কাঁইটবোৰ ভোটা কৰি মোক পিন্ধিবলৈ দিছিল। ভালেমান দিনলৈকে, গোলামী-যুগত সেই ছোলাই মোৰ একমাত্ৰ পৌঁছাক আছিল।
মোৰ দুৰাৱস্থাৰ কাহিনী শুনি আপোনালোকে ভাবিব পাৰে যে, দক্ষিণ অঞ্চলৰ গোলাম বিলাকে তেওঁলোকৰ গৰাকীসকলক পেটে পেটে বৰ বেয়া পাইছিল! আচল কথা ক'বলৈ গলে, আমি তেনে অসৎ ভাব কেতিয়াও মনত ঠাই দিয়া নাছিলোঁ। আমি জানিছিলোঁ যে, আমাক চিৰকাল গোলাম কৰি ৰাখিবৰ নিমিত্তেই তেওঁলোকে উত্তৰ অঞ্চলৰ মানুহবিলাকৰ লগত যুঁজিছিল। আমাৰ গৰাকী সকল যুঁজত জিকিলে যে, আমি চিৰকাল গোলাম হৈ থাকিব লাগিব, সেই কথাও বেচকৈ জানিছিলোঁ। তথাপিও আমি আমাৰ গৰাকীসকলৰ প্ৰতি কেতিয়াও শত্ৰুতা ভাব পোষণ কৰা নাছিলোঁ। বৰঞ্চ, সকলো সময়তে তেওঁলোকৰ সুখত সুখী হৈয়ে আছিলোঁ।
যুঁজত আমাৰ গৰাকীৰ এজন ডেকা পুতেক মৰা পৰে আৰু দুজন আহত হয়। এই ঘটনাত আমাৰ গৰাকীৰ পৰিয়ালে যিমান বেজাৰ পাইছিল, গোলামপটীৰ মানুহে তাতকৈ কম বেজাৰ পোৱা নাছিল। আহত হোৱা ল'ৰা দুজনক আমি প্ৰাণপণে শুশ্ৰুষা কৰিছিলোঁ৷ তেওঁ লোকৰ শোৱাপটিৰ ওচৰত বহি পৰ দি কেইবাৰাতিও কটাইছিলোঁ। ইয়াৰ উপৰিও যেতিয়া আমাৰ গৰাকী সকল যুদ্ধলৈ যায়—ঘৰত মতা মানুহ কোনো নাথাকে— তেতিয়া আমিয়েই তেওঁলোকৰ ঘৰৰখীয়া হৈ থাকো। তেওঁলোকৰ ল'ৰাতিৰোতা, ধন-সম্পত্তি আদি ৰক্ষাৰ ভাৰ আমাৰ ওপৰতেই আছিল। নিগ্ৰোজাতিৰ সত্যনিষ্ঠা বিশ্বাসপৰায়ণতাৰ আভাস ইয়াৰ পৰাই কিছু বুজিব পাৰি। কোনো নিগ্ৰোৱেই, কি গোলামী অৱস্থাত, কি মুক্ত অৱস্থাত কেতিয়াবা – বিশ্বাসঘাতকতা কৰাৰ দৃষ্টান্ত পাবলৈ নাই।
আমাৰ জাতিভাইসকলে প্ৰভুসকলৰ প্ৰতি পেটত বেয়া ভাব নাৰাখি- য়েই সন্তুষ্ট নাছিল। তেওঁলোকে দুখত পৰা আগৰ প্ৰভুসকলক সাহাৰ্য্য কৰিছিল। কিয়নো মানুহৰ চিৰকাল একেদৰেই নাযায়। যুক্তৰাজ্যৰ গৃহকন্দলৰ পিচত দক্ষিণ অঞ্চলৰ প্ৰজাসকল বৰ কষ্টত পৰিছিল। তেনে কষ্টৰ সময়ত তেওঁলোকক নিগ্ৰোৱে সকলো কামতে সাহায্য কৰিছিল। প্ৰভূ সম্প্ৰদায়ৰ বহুত ল'ৰাছোৱালীয়ে গোলামজাতিৰ সহায়তে লিখা-পঢ়া শিকি ভাল মানুহ হোৱাৰ কথা মই জানো। এজন তেনে প্ৰভুসন্তান কুচৰিত্ৰৰ দোষত ধাৰত পোত খাইছিল। গোলামহঁতে নিজৰ বেয়া অৱস্থা স্বত্ত্বেও সকলোৱে পইচা তুলি তেওঁক সহায় কৰিছিল। কোনোৱে তেওঁক অলপ কফি, কোনোৱে অলপ মাংস, আৰু কোনোৱে অলপ চেনিকে দিছিল। নিগ্ৰো ভাইসকলৰ অনুগ্ৰহৰ ওপৰতে নিৰ্ভৰ কৰি এইজন মানুহ এতিয়াও জীয়াই আছে! পুৰণি প্ৰভুৰ ল'ৰা বা তেওঁৰ কোনো সম্বন্ধীয় ল'ৰা বুলি কৈ যদি কোনো বগা-চামৰাই নিগ্ৰোৰ আগত নিজৰ দুঃখৰ কথা কয়, তেন্তে মই ডাঠি ক'ব পাৰো, যুক্তৰাজ্যৰ দক্ষিণ অংশত এনে কোনো নিগ্ৰো নাই, যি তেওঁক যথাসাধ্য সাহায্য নকৰিব। নিগ্ৰোজাতি যে কিমান বিশ্বাসী আৰু প্ৰতিজ্ঞাবদ্ধ তাৰ এটা ভাল উদাহৰণ দিওঁ। ভাৰ্জ্জিনিয়া প্ৰদেশত এটা গোলামে তাৰ গৰাকীৰ ওচৰত গাটো বেচিছিল, অৰ্থাৎ, মালিকৰ পথাৰত নেখাটি, সি মুকলি মুৰীয়া হৈ আন ঠাইত খাটি, তাৰ বাবে কিছু ধন বছৰে বছৰে সি গৰাকীক দিবলৈ গাত লৈছিল। - সি ধন আৰ্জিবৰ নিমিত্তে অহিও ( Ohio ) নগৰত স্বাধীন ভাবে কাম কৰিছিল। বছেৰেকৰ মূৰত ভাৰ্জিনিয়ালৈ গৈ সি মালিকৰ প্ৰাপ্য ফেৰা দি আহিছিল। এনেতে যুদ্ধ লাগিল আৰু তাৰ ফলত, নিগ্ৰোই স্বাধীনতা লাভ কৰে আৰু লগে লগে পুৰণি চুক্তি, বন্দোৱন্ত সকলো খাৰিজ হয়। গতিকে সেই গোলামে ও নিজৰ চুক্তি মতে কাম নকৰা হলেও সি আইনৰ আগত দণ্ডনীয় -নহ'লহেঁতেন। কিন্তু আপোনালোকে শুনি আচৰিত হব যে, যিমান দিনলৈকে, সেই গোলামে নিজৰ ধাৰ শোধ কৰিব নোৱাৰিছিল, তিমান দিনলৈকে, আগৰদৰে ভাৰ্জিনিয়ালৈ গৈ বছৰে বছৰে তাৰ মালিকক ধন দি আহিছিল। শেষত গোটেইখিনি ধন ধাৰ মাৰিহে সি সন্তোষ পাইছিল।
ইয়াৰ পৰাই আপোনালোকে নুবুজিব যে, নিগ্ৰোই স্বাধীনতা বেয়া পাইছিল। স্বাধীনতা লাভৰ ইচ্ছা তেওঁলোকৰ অতি প্ৰৱণেই আছিল। এনে এজন নিগ্ৰো মই লগ নাপালোঁ, যি স্বাধীন নহৈ দাসত্ব অৱস্থাত থাকিব খোজে।
দাসত্ব-পাশত আবদ্ধ জাতি মাত্ৰৰেই দুখ দেখি মই মৰ্ম্মে মৰ্ম্মে কষ্ট অনুভৱ কৰোঁ। পৰাধীন জাতিৰ বৰ দুখ। কোনো কাৰণে এবাৰ এটা জাতি পৰাধীন হলেই, সেই জাতিয়ে হঠাৎ উদ্গতি কৰিব নোৱাৰে। তেওঁলোকৰ সমাজ, তেওঁলোকৰ পাৰিবাৰিক, জীৱন—এই সকলো বোৰতেই পৰাধীন ভাব জড়িত হয়। আন কি ভাত-কাপোৰ নোলোৱা উপায় বিলাকে। দাসত্বৰ সৰ্ব্বমুখী প্ৰভাৱত অসাৰ হৈ পৰে। আন কি সাধাৰণ চলন-ফুৰণ কামতো এই দাসত্বৰ হাত সাৰিব নোৱাৰি। গতিকেই পৰাধীন জাতিয়ে সোনকালে কেতিয়াও স্বাধীনতা লাভ কৰিব নোৱাৰে। এই কাৰণেই মই আমাৰ গৰাকীসকলৰ প্ৰতি কোনো শত্ৰুতা ভাব পোষণ কৰা নাই।
দাসত্ব প্ৰথা বাদ দি যুক্তৰাজ্যৰ কোনো কামেই নচলে।এই ৰাজ্যৰ কৃষি, বাণিজ্য, সমাজ, ধৰ্ম্ম— এই সকলোবোৰ দাসত্বৰ ওপৰতে প্ৰতিষ্ঠিত! সঁচা কথা কবলৈ গ'লে, গোলামী কৰাৰ বাবে নিগ্ৰোজাতিৰ যথেষ্ট উপকাৰ সাধিত হৈছে। দাসত্বৰ পৰা আমি অতি উচ্চ শিক্ষা লাভ কৰিছোঁহক। "ইয়াৰ পৰাই আমাৰ কৰ্ম্মপটুতা বাঢ়িছে, আমি চিন্তাশীল হৈছোঁ। কৃষি আৰু শিল্পবিদ্যাত আমাৰ হাতে কামে শিক্ষা লাভ হৈছে; আমালোকৰ নৈতিক চৰিত্ৰও গঠন হৈছে— ধৰ্ম্মভাৱ জাগিছে।
সেইবুলি মই দাসত্ব প্ৰথাক কেতিয়াও ভাল বোলা নাই। এই পৃথিবীৰ গোলামীৰ আৱশ্যকতাও মই স্বীকাৰ নকৰোঁ। আমাৰ গৰাকী- সকলে ধৰ্ম্মভাবত অনুপ্ৰাণিত হৈ আমাক দাসত্বশিকলিৰে বন্ধা নাছিল; তেওঁলোকে নিজৰ স্বাৰ্থসিদ্ধিৰ কাৰণেহে আমাক গোলাম কৰি ৰাখিছিল। গোলামী অৱস্থাত তেওঁলোকে আমাক মানুহ কৰিবলৈ কোনো কালেই চেষ্টা কৰা নাছিল।
ঈশ্বৰে যি কৰে ভালেই কৰে। ভগবানৰ অপাৰ কৰুণাত আমাৰ অজ্ঞাতসাৰে এই পৃথিৱীত কিমান অসম্ভৱ কাৰ্য্য সম্ভৱ হৈছে, তাৰ লেখজোথ নাই। আজিকালি বহুতে মোক সোধে, “নিগ্ৰোজাতিৰ” ইমান অৱনতি স্বত্ত্বেও তেওঁলোকৰ ভবিষ্যত সুন্দৰ বুলি আপুনি কেনেকৈ আশা কৰে! ” ইয়াৰ উত্তৰত নেই মাথো কৈ থওঁ, যে ঈশ্বৰত মোৰ বৰ বিশ্বাস। যিজনৰ কৃপাত আমি নানা বিপদৰ আমি নানা বিপদৰ মাজেদিও ইমানখিনি উদ্ধাৰ পাৰিছোঁ, তেওঁৰ কৃপাতেই নিগ্ৰোজাতিৰ আৰু উন্নতি হব।” গোলামীৰ ফলত আমাৰ অৱশ্য অপকাৰো বহুত হৈছিল। কিন্তু নই চাওঁতে আমাৰ প্ৰভুসকলৰহে বেচি অপকাৰ হৈছে। নিজে শাৰীৰিক পৰিশ্ৰম কৰাটো তেওঁলোকে বৰ লাজৰ কথা বুলি ভাবিছিল। তেওঁলোকে লাহে লাহে আত্মনিৰ্ভৰতা হেৰুৱালে। তেওঁলোকৰ লৰা- ছোৱালীবিলাকক একো অৰ্থকৰী বিদ্যা শিক্ষা দিয়া নহল। ছোৱালী- হঁতে ৰন্ধা-বঢ়া, কাপোৰ বোৱা কাপোৰ দিয়া, ঘৰচলোৱা আদি কাম শিকা নাছিল— সকলো গোলামহঁতেই কৰে। কিন্তু লোকৰ কামত সিহঁতৰ স্বাৰ্থ কিমান ফেৰা? কোনোমতে কামটো কৰিব পাৰিলেই হ'ল। বুদ্ধি খটাই কোনো কাম তেওঁলোকে সুচাৰুৰূপে নকৰে; সেই কাৰণেই গৰাকীৰ ঘৰুৱা কামকাজবোৰত একো শৃঙ্খলা নাছিল। "ঘৰ-দুৱাৰ পৰিষ্কাৰ হৈ নাথাকে, জেওৰা ভাগিছিগি যায়, তাক চাওঁতা নাই; খিৰিকীৰ আইনা এৰাই যায়, তাক লগোৱা নহয়। খোৱা- বোৱাতো তেওঁলোকৰ সুখ নাই—কোনো দিন জ্বলাই বেচি হয়, কোনো দিনা লোণ কম হয় আৰু কেতিয়াবা মঙহেই কেঁচাই থাকে। অথচ পইচাও কম খৰচ নহয়। মুঠৰ ওপৰত ক'বলৈ গ'লে, তেওলোকৰ ঘৰৰ পৰা লক্ষ্মীয়ে বিদায় ল'লে।
স্বাধীনতা লাভ কৰিলত, গোলামহঁতে নতুন জীৱন আৰম্ভ কৰিবলৈ একো টান নেপালে। গোলামী-অৱস্থাত থাকোতেই তেওঁলোকে এটা নহয় এটা অৰ্থকৰী বিদ্যা শিকিছিল। দুখ কৰি খোৱাটো তেওঁলোকে লাজৰ কথা বুলি নেভাৱিছিল। তেওঁলোক পিছপৰা কেৱল কিতাপৰ বিদ্যাত হে। কিন্তু আমাৰ গৰাকীসকলে আৰু তেওঁলোকৰ লৰা-ছোৱালীবিলাকে কোনো অৰ্থকৰী বিদ্যাকে নেজানিছিল। চাওঁতে চাওঁতে যুদ্ধ শেষ হ'লহি; আমাৰ মুক্তিৰ দিন আহিল। গোলাম- পটীত আনন্দৰ সীমা নাই। যুঁজৰ গতি দেখি আমি স্বাধীনতা পাম বুলি আগেয়েই জানিছিলোঁ। দক্ষিণ অঞ্চলৰ প্ৰভুসকল যুঁজত হাৰি উভতিবলৈ ধৰিলে। ইয়াঙ্কী সেনাবোৰে আক্ৰমণ কৰিব বুলি ভাবি প্ৰভুসকলে তেওঁ- লোকৰ টকাকড়ি-অলঙ্কাৰ আদি বহুমুলীয়া বস্তুবোৰ মাটিত পুতি থবলৈ ধৰিলে। সেই ধন ৰখীয়াও আমাকে পাতিলে। ইয়াঙ্গী সেনাবিাকক আমি খাবলৈ আৰু থাকিবলৈ দিছিলোঁ, কিন্তু আমাৰ গৰাকীসকলে বিশ্বাস কৰি ৰাখি যোৱা বস্তুবোৰ সিহঁতক দেখুৱাই দিয়া নাছিলো।
দিন যিমানেই ওচৰ চাপি আহিল, সিমানেই গোলামপটীত গানৰ কোব চৰিল। গানবোৰত স্বাধীনতাৰ কথা আছিল। আগেয়েও আমি সেই গানকে গাইছিলোঁ। কিন্তু, 'স্বাধীনতা' মানে পাৰত্ৰিক স্বাধীনতাহে। বুজিছিলোঁ। এতিয়া হলে 'স্বাধীনতা'ৰ অৰ্থ,ইহজগতৰে স্বাধীনতা বুলি কবলৈ ভয় নকৰা হলোঁ।
সেই মহানন্দৰ আগদিনা বাতৰি পালোঁ যে, পিচদিনা ৰাতিপুৱা বৰবঙ্গল'ৰ ওচৰত এখন বিশেষ সভা হব। সেই দিনা ৰাতি আমাৰ টোপনি নাহিল। পাচদিনা পুৱা আমি সকলোটি গৰাকীৰ ঘৰৰ আগত গেটি খালোঁগৈ। প্ৰভু-পৰিয়ালৰ সকলোটি বাহিৰত থিয়াথিয়িকৈ আছিল। তেওঁলোকৰ মুখত অলপ বেজাৰৰ চিন দেখা গৈছিল। মোৰ মনে ধৰিলে যেন, তেওঁলোকে আৰ্থিক ক্ষতিৰ কাৰণে বেজাৰ পোৱা নাছিল। বৰং ইমান দিন লগে-ভাগে থকা মানুহবিলাক বিদায় দিব লগাতহে কষ্ট পাইছিল। তেওঁলোকৰ লগতে আৰু এজন নতুন মানুহ দেখা পালোঁ। বোধ হয়, তেওঁ যুক্তৰাজ্যৰ কোনোবা এজন কৰ্ম্মচাৰী। তেওঁ এটি চুটি বক্তৃতা দিলে আৰু কাগজ এখনৰ পৰা স্বাধীনতাৰ ঘোষণা শুনালে। তাত লিখা আছিল যে,আমি স্বাধীন হৈছোঁ, য’লৈকে ইচ্ছা, ত’লৈকে যাব পাৰোঁ। মোৰ আই ওচৰত থিয় হৈ আছিল—তেওঁৰ চকুৰ পৰা আনন্দৰ চকুৰ পানী, বৈ গ'ল। তেওঁ আমাক সকলো কথা ভাঙি ক'লে। কিছুপৰৰ কাৰণে সকলো আনন্দত অধীৰ হ'ল। কিন্তু গৰাকীসকলৰ প্ৰতি বিদ্বেষ ভাব কাৰো দেখা নগল।
স্বাধীনতা পোৱা নিগ্ৰ’বিলাকৰ আনন্দ বেচি পৰ নাথাকিল। উভতি আহি ঘৰ পালত তেওঁলোকৰ মনত পৰিবৰ্ত্তন দেখা গ'ল। স্বাধীনতা- দায়িত্বৰ গধুৰ বোজাই তেওঁলোকৰ মনক চেপি ধৰিলে। স্বাধীনভাবে থাকিবৰ হ'লে, তেওঁলোকে নিজেই সকলো কাম কৰি ল'ব লাগিব। স্বাধীন ভাবে চলাফিৰা কৰি কপালৰ ঘাম মাটিত পেলাই থোৱা-লোৱা আৰু ঘগৃহস্থালিৰ সংস্থান নিজেই কৰিব লগীয়া হ'ল। এই দায়িত্ব কম দায়িত্ব নহয়। এই স্বাধীনতা অনুগ্ৰহ নে নিগ্ৰহ তাক ভুক্তভোগীৰ বাহিৰে আন কোনে বুজিব?
গোটেই এংলো'চাকচন জাতিয়ে হাজাৰ বছৰে যিবোৰ সমস্যাৰ মীমাংসা একো কৰিব পৰা নাছিল, আজি নিগ্ৰ' জাতিৰ ওপৰত সেই সমস্যাৰ সমাধান কৰাৰ বোজা হঠাৎ চাপ খাই পৰিল। গতিকে চাওঁতে চাওঁতেই আনন্দৰ লগে লগে নিগ্ৰমহলত আকৌ বিষাদ আৰু নিৰাশৰ ছাঁ পৰিল।
অনেক নিগ্ৰ'ৰ বয়স সেই সময়ত ৭০/৮০ বছৰ। গোলামি কৰিয়েই তেওঁলোকে হাড় পকাইছে। নতুনকৈ জীৱন আৰম্ভ কৰিবৰ শক্তি তেওঁলোকৰ নাই। তদুপৰি ইমান দিন গৰাকীৰ সেৱা কৰি তেওঁলোক একেবাৰেই প্ৰভুসকলৰ অনুৰক্ত হৈ পৰিছিল। গৰাকী -সকলৰ লগত তেওঁলোকৰ বান্ধোন বৰ টান বান্ধোন! য়াৰ লগত থাকি সুখ বা দুখৰ ভাগ লৈ আধা শতাব্দী কটাইছে, তেওঁলোকৰ মায়া গোলামহঁতে এৰে কেনেকৈ? হৃদয়ৰ এনে সম্বন্ধ ছিঙি পেলোৱা কি একেদিনেই সম্ভৱ?
_______
দ্বিতীয় অধ্যায়।
মোৰ ল'ৰাকাল
স্বাধীনতা পোৱাৰ পিচতে দক্ষিণ অঞ্চলৰ গোলামবিলাকে তেওঁলোকৰ কৰ্ত্তব্য ঠিক কৰাত উঠি পৰি লাগিল। প্ৰথমেই তেওঁলোকে তেওঁলোকৰ সাহবোৰ সলোৱা উচিত বুলি বিবেচনা কৰিলে। দ্বিতীয়তে গোলামপটীৰ পৰা ওলাই কিছু দিন বাহিৰত থকাটোৱেই সকলোৱে ভাল বুলি ভাবিলে। কিয়নো বাহিৰলৈ ওলাব পাৰিলেই তেওঁলোকে সঁচাকৈয়ে স্বাধীনতা পাইছে নে নাই বুজিব পাৰিব।
গোলামি-যুগত গোলাম বিলাকৰ নামবোৰো গোলামিসূচক আছিল। আছিল। এটা শব্দৰেই নামবোৰ হৈছিল। যেনে :'জন', 'সুচান' ইত্যাদি। এই নামবোৰৰ আগত বা পাচত পদবী বা ব্যৱসায় আদি বুজোৱা কোনো শব্দ লগোৱা নহৈছিল। " এতিয়া সকলোৱেই নিজ নিজ নামৰ পৰা গৰাকীৰ নামবোৰ তুলি দিলে আৰু তাৰ সলনি কোনোৱে 'জন, এচ, লিঙ্কলন',কোনোৱে 'জন, এচ, শাম্মান' আদি নামবোৰ ল'বলৈ ধৰিলে। অৱশ্যে মাজৰ ‘এচ' শব্দটোৰ একো অৰ্থ নাছিল, ই কেৱল ৰং লগোৱা।
এইদৰেই সকলোবিলাকে গোলাম পটী এৰি ইফালে সিফালে ঘুৰি ফুৰিবলৈ ধৰিলে। শেষত, অনেকে ঘাইকৈ বুঢ়াবিলাকে, পুনৰ পুৰণি মালিকসকলৰ লগত স্বাধীনভাবে কাৰবাৰ কৰিবলৈ বন্দোৱন্ত কৰি ল'লে।
আইৰ এজন গিৰীয়েক আছিল; তেওঁ 'জন'ৰ পিতাক। মই তেওঁক কেতিয়াবা কাচিৎহে দেখিছোঁ। যুদ্ধ চলি থাকোতেই তেওঁ পলাই গৈ ভাৰ্জিনিয়া নামে আন এখন ঠাইত আছিল। স্বাধীন হোৱাৰ পিচত তেওঁ আমাক সেই ঠাইলৈ নিবলৈ আহিল।
ভাৰ্জিনিয়া আমি থকাঠাইৰ পৰা প্ৰায় ৬০০|৭০০ মাইল দূৰ— অলেখ পৰ্ব্বত পহাৰ পাৰ হৈ যাব লাগে। মোৰ কাপোৰ-কানি একো নাছিল। এখন মটৰ গাড়ীত উঠি আমি যাত্ৰা কৰিলোঁ। বেচি ভাগ বাট খোজ কাঢ়িয়েই গৈছিলোঁ।
আমি আগেয়ে বিদেশলৈ কেতিয়াও যোৱা নাছিলোঁ, আৰু বিশেষ যাবৰ একো কাৰণো নাছিল। সেই কাৰণেই এই যাত্ৰা মহাউৎসৱ যেন পালোঁ। যোৱাৰ আগতে গৰাকীসকলৰ পৰা বিদায় ললোঁ। সেই চিৰবিদায়ৰ কথা মোৰ এতিয়াও মনত পৰে। তেওঁলোকক এতিয়াও পাহৰিব পৰা নাই। মাজে মাজে এতিয়াও তেওঁলোকলৈ চিঠি দি থাকোঁ।
বাটতে কেইবা সপ্তাহো গ'ল। গছৰ তলত খাওঁ, মুকলি ঠাইত শোওঁ। এদিন ৰাভি বাটৰ কাষতে এটা ভগা এৰা পঁজা পালোঁ। আইয়ে ভাত ৰান্ধিবলৈ কাৰবাৰ লগালে। খৰিকাঠ আনি দিলোঁ। তাতে এটা ‘ষ্টোভ’ আছিল। তাত জুই লগাই দিয়া মাত্ৰেই 'ফোঁচ' কৰি এটা দীঘল সাপ নলীয়েদি ওলাই লৰ মাৰিলে। আমিও ভয়তে তেতিয়াই সেই ঠাই এৰিলো।
এইদৰেই নানা দুখ সহ্য কৰি 'পিতা' থকা ঠাই পালোঁগৈ। চহৰখন সৰু,—নাম মেলডেন। ইয়াৰ পৰা ভাৰ্জিনিয়াৰ ৰাজধানী চাৰ্লষ্টন নগৰ পাঁচ মাইল। সেই সময়ত ভাৰ্জ্জিনিয়াত বিস্তৰ লোণৰ কাৰবাৰ চলিছিল। চহৰ খনত অসংখ্য লোণৰ কল আছিল। এনে এটা কলতে 'পিতাই' কাম কৰিছিল। সেই কলব ওচৰতে তেও এটা থকা কুঠৰীও পাইছিল। আমি আগেয়ে থকা কুঠৰীতকৈ এই কুঠৰী বেয়াহে আছিল।
গোলাম পটীৰ কুঠৰী বেয়া হলেও, তাৰ বাহিৰত আমি মুকলি বতাহ পাইছিলো, ইয়াত কিন্তু সেই কণৰো অভাব। কুঠৰীবোৰ ইমান লগালগি আৰু তাৰ চাৰিওকাষে ইমান জাবৰ আৰু ময়লা যে, সেই ঠাইক নৰক বুলিলেও বেচি কোৱা নহয়।
আমাৰ ওচৰ চুবুৰীয়াৰ মাজত ক'লা আৰু বগা এই দুই বিধ মানুহেই আছিল। বগা মানুহবিলাক অতি নীচজাতৰ আছিল। তেওঁলোকৰ বিদ্যা-বুদ্ধি, ধৰ্ম্মভয় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা একোৱেই নাছিল। বৰঞ্চ, অধৰ্ম্ম, অস্বাস্থ্য আৰু কুসংস্কাৰৰ মাজতেই তেওঁলোক ডাঙৰ-দীঘল হৈছিল।
মোৰ বয়স তেনেই কম আছিল। তথাপিও মোৰ 'পিতাই' মোৰ লোণকলৰ এটা কামতে সুমুৱাই দিলে। মোৰ ককাইদেও 'জনে' আন এটা কামত সোমাল। আমি ৰাতিপুৱা ৪ নৌ বাজোঁতেই কামলৈ যাওঁ।
লিখা-পঢ়া শিকিবৰ মোৰ বৰ মন গৈছিল। অতি সৰু কালৰে পৰা মোৰ ইচ্ছা আছিল, আন একো কাম কৰিব নোৱাৰিলেও, অন্তত: যেন কেইটা মান আথৰ চিনি পাওঁ। আৰু কেতিয়াবা যদি লিখা-পঢ়া শিকিব পাৰোঁ, সাধাৰণ বাতৰি কাকত আৰু দুখনমান সাধাৰণ কিতাপ পঢ়িব পাৰিলেই যথেষ্ট বুলি ভাবিম।
ইয়ালৈ আহিয়েই আইক কৈ কোনো মতে ৱেবষ্টাৰৰ 'বৰ্ণ-পৰিচয়' এখন গোটালোঁ। অতি মনোযোগেৰে কিতাপখন পঢ়িবলৈ ধৰিলোঁ। কোনো শিক্ষকৰে সহায় বিচাৰি নেপালোঁ। অনেক কষ্ট কৰি কোনো মতে আখৰকেইটা চিনি পালোঁ। মোৰ আয়ে এই কামত মোক যথেষ্ট সহায় কৰিছিল। তেওঁ একো লিখা-পঢ়া নেজানিছিল বুলিও তেওঁৰ সাংসাৰিক জ্ঞান, সৎসাহস, উন্নতিৰ আকাঙ্ক্ষা আদি অনেক সজ গুণ আছিল। গতিকেই মোৰ উচ্চ অভিলাষত তেওঁ যথেষ্ট সাহায্য কৰিছিল। তেওঁৰ উৎসাহ নোপোৱাহলে মোৰ জীৱনৰ গতি আন ফালে ঢাল খালেহেঁতেন।
ইতিমধ্যতে এটা নিগ্ৰ' ল'ৰা মেলডেনলৈ আহিল। তেওঁ অহিয়’ প্ৰদেশৰ কোনো এখন স্কুলত লিখা-পঢ়া শিকিছিল। তেওঁক পাই আমাৰ আনন্দ চাই কোনে? প্ৰতিদিন আমাৰ কামকায শেষ কৰি সন্ধ্যা সময়ত ডেকা-বুঢ়া সকলোৱেই তেওঁক বেৰি ধৰোঁ। তেওঁ বাতৰি কাকত পঢ়ি আমাক শুনায় আৰু বুজায়। দুদিনতে তেওঁ আমাৰ গাৱঁৰ শিক্ষক বা গুৰু মহাশয় হৈ পৰিল। তেওঁৰ মানসম্মান আৰু ক্ষমতা দেখি তেওঁৰ ওপৰত মোৰ সঁচাকৈয়ে হিংসা হ'ল। মনে মনে ভাবোঁ, তেওঁৰ সমান বিদ্যা হ'লে মোক আৰু একো নেলাগে!
লাহে লাহে আমাৰ চুবুৰিত এখন স্কুল পাতিবৰ প্ৰস্তাব চলিল। চাৰিও পিনে মহা ধুমধাম আৰম্ভ হ'ল। ক’লামানুহৰ সমাজত এখন স্কুল পতাৰ কথা আগেয়ে এই অঞ্চলত কেতিয়াও উঠা নাছিল। মহা আন্দোলন চলিল। এতিয়া প্ৰধান সম্যা হ'ল—শিক্ষক পাওঁ ক'ত? অহি' প্ৰদেশৰ সেই শিক্ষিত ল'ৰাটিক ল'বলৈকো তেওঁৰ বয়স তেনেই কম। এনে অৱস্থাতে, অহিয়' প্ৰদেশৰ পৰা হঠাৎ আৰু এজন শিক্ষিত ক'লা ডেকা এদিন আমাৰ মাজত উপস্থিত হ'লহি। তেওঁৰ বয়স সম্বন্ধে কাৰো একো আপত্তি নেথাকিল। তেও কিছুদিন সেনাবিভাগতো কাম কৰিছিল। গতিকে তেৱঁই স্কুলৰ শিক্ষক-পদত নিযুক্ত হ'ল। পাঠশালাৰ খৰচৰ বাবে সকলো নিগ্ৰ'ৱেই মাহে মাহে কিছু ধন দিবলৈ স্বীকাৰ পালে। কিন্তু শিক্ষকক দৰমহা দিয়া বৰ কঠিন হৈ পৰিল। গতিকেই বন্দোৱস্ত হ'ল যে, শিক্ষকে প্ৰত্যেক পৰিয়ালৰ ঘৰতে এদিন এদিনকৈ খোৱা-বোৱা কৰিব। এনেকৈ পইচা তুলি থোৱালোৱাৰ ব্যৱস্থা শিক্ষকৰ পক্ষে বৰ বেয়া কাম নাছিল। কিয়নো যি ঘৰত যি দিনা শিক্ষকৰ খোৱাৰ পাল আছিল, সেই দিনা তেওঁক আলহীৰ দৰে ভালকৈ খুৱাই- বুৱাই ৰখা হৈছিল। মোৰ মনত আছে, – আমাৰ ঘৰত সেই ‘মাষ্টাৰৰ দিন' কেতিয়া আহিব, তাকে ভাবি ভাবি সুখ পাইছিলোঁ, কিয়নো সেই দিনা অতিথিৰ লগতে আমিও এসাজ ভালকৈয়ে খাবলৈ পাইছিলোঁ।
এই ধৰণেৰে পঢ়াশালি কোনোবাই চলাইছেনে কি, মই ক'ব নোৱাৰোঁ। গোটেই জাতিটো যেন এখন পঢ়াশালি—গাওঁখনৰ ঘৰবোৰ যেন সেই পঢ়া- শালিৰে একোটা অঙ্গ—চুবুৰিৰ প্ৰত্যেকটো মানুহেই পঢ়াশালিৰ ছাত্ৰ, অভিভাবক আৰু পৰিচালক। একে সময়তে গোটেই নিগ্ৰ’জাতিৰ বিদ্যাৰম্ভ হ'ল। এই উপায়েৰে পৃথিবীৰ বুৰঞ্জীত কোন জাতিয়ে জাতীয় জীৱন গঢ়ি তুলিব পাৰিছে?
এই শিক্ষাৰ আন্দোলনত যোগদান দিবলৈ নিগ্ৰ’সমাজৰ কোনোৱেই পিচ পৰা নাছিল। ল'ৰা, ডেকা, বুঢ়া সকলোৱেই আগ্ৰহেৰে লিখাপঢ়া শিকিবলৈ ধৰিলে। মৰিবৰ আগতে অন্ততঃ বাইবেলখন পঢ়িব পাৰোঁ, এই আশা লৈয়েই চাৰিকুৰিবছৰীয়া বুঢ়ায়ো পঢ়াশালিত নাম লগালে। যেই সেই ৰকমৰ শিক্ষক পালেই য'তে ত'তে পঢ়াশালি খোলা হ'ল। দিনৰ স্কুল, ৰাতিৰ স্কুল, ৰবিবাৰৰ স্কুল ইত্যাদি নানা ধৰণৰ পঢ়াশালিৰ সাহায্যত নিগ্ৰ’জাতিৰ মাজত অতি সোনকালেই বৰ্ণজ্ঞান, বানান, সৰল ধৰ্ম্মব্যাখ্যা আদি প্ৰচাৰ হ'বলৈ ধৰিলে। এইদৰেই আমালোকৰ জাতীয় পঢ়াশালি প্ৰতিষ্ঠিত হ'ল। ইমানবোৰ কাম হোৱাৰ পিচতো মোৰ কপালৰ ফেৰত মই পঢ়াশালিত ভৰ্তি হ'ব নোৱাৰিলোঁ। মোৰ অভিভাৱকে লোণৰ কলত মোক খটুৱাই ধন ঘটাত লাগি গ'ল। মোৰ সমনীয়া ল'ৰাবিলাক সন্ধ্যা স্কুলৰ পৰা অহা- যোৱা কৰা দেখি মোৰ বৰ অনুতাপ হ'ল। কি কৰিম? নিৰুপায়! তথাপিও আশা নেৰিলো। প্ৰথম ভাগ কিতাপখনকে আগৰ দৰে পঢ়িবলৈ ধৰিলো।
শেষত নিৰুপায় হৈ পঢ়াশালিৰ শিক্ষকৰ লগত এটা বন্দোবস্ত কৰিলোঁ। কাম কৰি ৰাতি গৈ তেওঁৰ ওচৰত পঢ়ি আহিবলৈ ধৰিলোঁ। এইদৰেই অনেকখিনি কথা শিকিলোঁ। মই ৰাতিৰ পঢ়াশালিৰ উপকাৰিতা মোৰ জীৱনত যিমান উপলব্ধি কৰিছোঁ, মোৰ বিশ্বাস আন কোনেও কৰিব পৰা নাই। সেই কাৰণে এতিয়াও মই নিশা-স্কুলৰ পক্ষপাতী। এই অভিজ্ঞতাৰ ফলতে মই হাম্পটন আৰু টাস্কেগেীত নৈশ-বিদ্যালয় স্থাপন কৰিছোঁ।
কেৱল ৰাতিৰ স্কুলত পঢ়িয়েই মই সন্তুষ্ট নাছিলোঁ। দিনৰ পঢ়াশালিত নাম লগাবলৈকো দৃঢ় সংকল্প কৰিলো। কান্দি কাটি, অনেক দুখ বেজাৰ কৰি শেষত অভিভাৱকৰ পৰা অনুমতি পালোঁ। শেষত স্থিৰ হ'ল যে, মই ৰাতিপুৱাই উঠি কলত ১টা বজালৈকে কাম কৰি তাৰ পিচত স্কুললৈ গৈ, তাৰ পৰা আহি আকৌ আবেলি আৰু দুঘণ্টা কলত কাম কৰিম। কি কৰিম উপায় যে নাই! আৰু এটা লেঠাত পৰিলোঁ। আমাৰ পঢ়াশালি বহে ৯ বজাত — ইপিনে আমাৰ ঘৰো বহুত দূৰত। গতিকেই কলৰ কাম শেষ কৰি পঢ়াশালি পাওঁতে অনেক বেশি হয়। এই অসুবিধা গুচাবৰ নিমিত্তে এটা বুদ্ধি কৰিলোঁ! কলঘৰত এটা ঘড়ী আছিল। সেই ঘড়ীতেই সকলোৱেই কাম কৰিছিল। মই লাহে লাহে প্ৰতিদিনে ৮ বজাতেই ঘড়ীটোৰ কাঁটা ঘুৰাই ৯ বজাত থওঁ, আৰু সেই কাৰণে কলৰ কাম শেষ কৰি, ঠিক সময়তে পঢ়াশালিত হাজিৰ হওঁহি। এইদৰেই অনেক দিন গ'ল। শেষত বৰচাহাবে কিবা জানিব পাৰি আপিচ-ঘৰটোত তলা লগালে, ময়ো বিপাঙত পৰিলোঁ। আৰু এটা বিপদে মোক পালে। পাঠশালাৰ সকলো ল’ৰাই টুপি পিন্ধি আহে, মোৰ মুৰত একো নাই। টুপি যে পিন্ধিৱ লাগে, এই কথা মই ইমান দিনে জনাই নাছিলো। ল'ৰাবিলাকক দেখিহে মই টুপিৰ অভাব বুজি পালোঁ। সেই এবিধ নতুন ধৰণৰ টুপি ল'ৰা বুঢ়া সকলোৱেই পিন্ধে। মোক টুপি দিবলৈ আইৰ হাততো পইচা এটা নাই। তেওঁ মোৰ বেজাৰ-মুখ দেখি দুডোখৰ জিন কাপোৰ চিলাই দি এটা টুপি কৰি দিলে। তেতিয়া মোৰ আনন্দ চাই কোনে!
এই ঘটনাৰ পৰা মই এটা ডাঙৰ শিক্ষা পাইছিলোঁ যে, মোৰ আয়ে লোকক দেখুৱা বাবুগিৰি অথবা কোনো প্ৰকাৰৰ লৌকিকতা ভাল নেপাইছিল। তেওঁ সদায় অৱস্থা বুজি ব্যৱস্থা কৰিছিল। সেই কাৰণেই তেও কাৰো ওচৰত ধৰুৱা নাছিল। আইৰ দৰে চৰিত্ৰবল অতি কম নিগ্ৰ'ৰ হে আছিল। কিয়নো সেই সময়ত অনেক নিগ্ৰ'ৱেই ধাৰ কৰিও বাবুগিৰি কৰিছিল। তাৰ ফলত, শেষ কালত অনেকে অনাহাৰেও দিন কটাব লগাত পৰিছিল।
পঢ়াশালিত নাম লগাবৰ সময়ত বৰ বিপদত পৰিছিলোঁ। সেই সময়ত প্ৰত্যেক লৰাৰে দুটা শব্দৰ একোটা নাম আছিল।মোক সকলোৱে বুকাৰ বুলি মাতিছিল, ময়ো সেই নামকে মোৰ বুলি জানিছিলোঁ। বহীত নোৰ নাম তুলিবলৈ শিক্ষকে সোধোতে, মই গম্ভীৰ ভাবে উত্তৰ দিলোঁ—'বুকাৰ ৱাচিংটন'! —যেন চিৰ দিন মানুহে মোক এই নামেৰে মাতে! পিচত শুনিলোঁ, আয়ে যোৰ নাম বুকাৰ টেলিয়াকাৰ' ৰাখিছিল। কালক্ৰমে 'টেলিয়াকাৰ' শব্দটো তল পৰিল। যেতিয়া এই কথা জানিব পাৰিলোঁ, তেতিয়াৰে পৰা তিনটাশব্দৰ নাম ব্যৱহাৰ কৰিছোঁ।গতিকে এতিন্না মোক বুকাৰ টেলিয়াকাৰ ৱাচিংটন বুলি সকলোৱে জানে।
মই বহুত দিন নিজকে এজন ডাঙৰ মানুহৰ ল'ৰা বুলি ভাবিৰ চেষ্টা কৰিছিলোঁ। মই যেন মোৰ উপৰিপুৰুষ সকলৰ যুগযুগান্তৰ ব্যাপি বংশাৱলী জানো; তেওঁলোক যেন সকলোবিলাকেই সৎচৰিত্ৰবান আৰু সুপণ্ডিত আছিল; মই যেন উত্তৰাধিকাৰী সূত্ৰে বংশ গৌৰব, সামাজিক কীৰ্ত্তি আৰু মাটিৱাৰী লৈ জন্ম গ্ৰহণ কৰিছোঁ। কিন্তু এনেকৈ ভাবি ভাবি মনত কেতিয়াও সুখ পোৱা নাছিলোঁ। কিয়নো মই জানো, ব্যক্তিগত চৰিত্ৰৰ প্ৰভাৱ ইয়াৰ পৰা একো বুজা নেযায়। আৰু বিশেষতঃ এনেবোৰ ভাবে মানুহক উন্নতিৰ পথত বাধা জন্মায়, সকলো বিষয়তে লোকৰ ওপৰত নিৰ্ভৰ কৰিবৰ ইচ্ছা জন্মে, আৰু লোকৰ ধনৰ ওপৰত ভোটগিৰি হব মন যায়। ইয়াৰ লগে লগে নিজৰ দায়িত্বজ্ঞান আৰু কৰ্ত্তব্যবোধ লোপ পায়।
এই চলতে আৰু এটা কথা কওঁ। নিগ্ৰ’বিলাকৰ পূৰ্ব্বগৌৰব একো নাছিল। পুৰণি বুৰঞ্জী মেলি চালেও তাত একো পাবলৈ নাই। আন কি অতীত নাই বুলিলেও বেচি কোৱা নহয়—যি আছে দি ঘৃণনীয় নাইবা নিন্দনীয়। কিন্তু সেইবুলি আপোনালোকে তেওঁলোকক অবজ্ঞাৰ চকুৰে নেচাব; কিয়নো তেওঁবিলাকে জীৱন আৰম্ভ কৰিছে মাথোন; এতিয়া তেওঁলোকৰ কেঁচুৱা অৱস্থা! গতিকেই তেওঁলোকৰ বাধা-বিঘিনি, অসুবিধা আৰু অকৃতকাৰ্য্যৰ কাৰণ বহুত। আপোনালোকে বহুত দিনৰ আগতে জীৱন আৰম্ভ কৰিছে। আপোনালোকে প্ৰাৰম্ভিক যুগৰ অনেক আপদ-বিপদ কটাই এতিয়া সফলতাৰ বাটত অনেক দূৰ আগ বাঢ়িছে। কিন্তু আমাৰ এতিয়াও চালুকীয়া অৱস্থা। আপোনালোকে কাম আৰম্ভ কৰিলেই সফলতা লাভ কৰে, আন পিনে আমি কোনো কাম আৰম্ভ কৰিলেই মানুহে ভাবে নিশ্চয় অকৃতকাৰ্য্য হম। মুঠৰ ওপৰত কামৰ সফলতা আপোনালোকৰ “হাতৰ পাঁচ'। ইয়াৰ কাৰণ বিশেষ একো নাই—পৃথিবীৰ কৰ্ম্মক্ষেত্ৰত আপোনালোক প্ৰবীণ আৰু আমি নবীন! - অতীত বুৰঞ্জীৰ সুফলো আছে। উপৰিপুৰুষ সকলৰ চৰিত্ৰ-সম্বল বৰ্ত্তমান কালত ব্যক্তি আৰু জাতিৰ মূলধনৰ দৰে কাৰ্য্যকৰী। অতীতৰ স্মৃতিয়ে মানুহক বৰ্ত্তমান কৰ্ত্তব্য আঙুলিয়াই দি ভবিষ্যতৰ কাৰণে দায়িত্ব শিক্ষা দিয়ে। আজিকালি আপোনালোকে কথায় কথায় নিগ্ৰো মানুহক বগামানুহৰ লগত তুলনা কৰে। আমি যে অনেক বিষয়ত হীন তাত কোনো সন্দেহ নাই। কিন্তু সেইবুলি এবাৰ ভাবি চাওকচোন, আমাৰ অৱস্থা কেনেকুৱা!
মোৰ কথা কলেই আপোনালোকে সমস্ত নিগ্ৰ' জাতিৰ অৱস্থা বুজিব পাৰিব। মোৰ বুঢ়ী আই কোন আছিল মই ক'ব নোৱাৰোঁ। শুনিছোঁ মোৰ, খুৰা-খুৰী, মোমাই-মাই, পেহা-পেহী আৰু তেওঁলোকৰ সতিসন্তান অনেক আছিল। কিন্তু, তেওঁলোকক মই চিনি নেপাওঁ, আৰু তেওঁলোক ক'ত আছে তাকো ক'ব নোৱাৰোঁ। আমাৰ নিগ্ৰ' জাতিৰ সকলো পৰিয়ালৰ কথাই এনেকুৱা। কিন্তু বগা মানুহ সকলৰ কথা বেলেগ। তেওঁলোকে প্ৰতি কথাতে, প্ৰতি কামতে প্ৰতি খোজতে পিচলৈ উভতি চাব লাগে। কিয়নো তেওঁলোকে এটা অন্যায় কাম কৰিলে তেওঁলোকৰ চৈধ্যপুৰুষৰ মুখত চূণ-কালি পৰিব। এই জ্ঞান তেওঁলোকৰ সদায় আছেই। সেই কাৰণেই তেওঁলোকে প্ৰলোভন, অসংযম ইত্যাদিৰ পৰা নিজক সহজে আঁতৰ কৰি ৰাখিব পাৰে। মোৰ অভিভাৱকে মোক বেচি দিন পঢ়াশালিলৈ যাব নিদিলে। কিছু দিনৰ মূৰতে মোৰ নাম কটা পৰিল। তেতিয়াৰ পৰা মই নৈশ স্কুলৰ শিক্ষাকেই জীৱনৰ সম্বল কৰি ললোঁ। মোৰ ল'ৰাকালৰ সকলো শিক্ষাই নৈশ-বিদ্যালয়ৰ পৰা লাভ কৰিছোঁ বুলিলেও বেচি কোৱা নহয়। দিনত মই লিখাপড়া কৰিবৰ আহৰিকে নেপাইছিলোঁ।
ৰাতিৰ পঢ়াশালিত পঢ়িও মই অনেক সময়ত বৰ দিগদাৰত পৰিছিলো। উপযুক্ত শিক্ষকৰ অভাৱত মই নানা কষ্ট ভুগিব লগাত পৰিছিলোঁ। কেতিয়াবা কেতিয়াবা একোজন শিক্ষক পাওঁ, তেওঁৰ বিদ্যা মোৰ সমানেই! অনেক সময়ত ৰাাতি ৫|৬ মাইল খোজ কাঢ়িও পঢ়াশুনা কৰিবলৈ গৈছিলো! মোৰ ল'ৰাকালত প্ৰতিজ্ঞা আছিল যেনেতেনে মতে উচ্চ শিক্ষা লাভ কৰিম। সেই কাৰণেই নিৰাশাই মোক কেতিয়াও জুৰুলা কৰিব নোৱাৰিছিল।
ভাজ্জিনিয়া প্ৰদেশত থাকোঁতে এবাৰ এটা মাউৰা-ল'ৰাক আয়ে তোলনীয়া পো কৰি ৰাখিলে। আমাৰ আৰ্থিক অৱস্থা এনেয়ে বেয়া তাতে আৰু এজন নতুন মানুহ! সি যি হওক তেওঁক আমি ভাই বুলি সাদৰে গ্ৰহণ কৰিলোঁ। তেওঁৰ নাম ৰাখিলোঁ “জেম্চ্, বি ৱাচিংটন”। ইতিমধ্যতে লোণৰ কলৰ কাম এৰি এটা কয়লাৰ খনিত কাম ললোঁ। এই খনিৰ পৰাই লোণৰ কলত কয়লা দিয়া হয়। কয়লা খনিত কাম কৰিলে স্বাস্থ্য নেথাকে। শৰীৰ পৰিষ্কাৰ কৰি ৰাখিব নোৱাৰি। গোটেই দিনটো খাটোতে খাটোতে গাত ইমানবোৰ মলি লাগে যে, তাক ঘঁহি পিহিও কোনো মতে গুচাব নোৱাৰি। কয়লাৰ খনিত কাম কৰি মই মুঠেই ভাল নাপাইছিলো।
সাধাৰণতে খনিৰ মুখৰ পৰা কয়লা থকা ঠাইলৈ এমাইল দূৰ—বাট পথ আন্ধাৰ। সেই অন্ধকাৰ বাটেদি গৈহে কয়লা পাব পাৰি। তাৰ ওপৰত, সেই ঠাইতো কয়লাৰ সৰু সৰু অসংখ্য কুঠৰিবোৰ এন্ধাৰত চিনি লোৱা বৰ সহজ কথা নহয়। সেই ঠাইত পূব, পছিম, উত্তৰ, দক্ষিণকাম —কোনো দিকেই ঠিক কৰি ল'ব নোৱাৰি। কয়লাৰ কুঠৰিবোৰ মই কোনো দিনেই চিনি ল'ব পৰা নাছিলোঁ। কেতিয়াবা কেতিয়াবা হঠাৎ লেম্প বা চাকি নুমাই গ'লে মহা বিপদত পৰিছিলোঁ। কোনো কুলীক সুধি বা খেপিয়াইছে বাটকে চিনি পাইছিলো। ইয়াৰ উপৰিও মৰণ ভয়েও মোৰ লগ নেৰিছিল— কাৰণ তেনে দুৰ্ঘটনা প্ৰায়েই ঘটিছিল। প্ৰায়েই কয়লাৰ হেঁচাত পৰি অনেক কুলী সিপুৰি-লৈ গৈছিল। কেতিয়াবা বা কয়লাৰ বাৰুদ যথা সময়ৰ আগেয়েই ফুটিছিল, আৰু লগে লগে অসতৰ্ক অসংখ্য কুলীয়ে প্ৰাণ হেৰুৱাইছিল। কয়লাৰ থনিৰ কামৰ দৰে এই জঘন্য আৰু মাৰাত্মক কাম বোধ কৰোঁ এই সংসাৰত আৰু নাই। যিবিলাক ল'ৰাই সৰুৰে পৰা কখলাৰ খনিত কাম কৰে, সিহঁতৰ শাৰীৰিক আৰু মানসিক শক্তি একেবাৰেই লোপ পায় আৰু আন কামত সিহঁত একেবাৰেই অকামিলা হয়।
ল'ৰাকালত, লোণৰ কলত অথবা কয়লাৰ খনিত কাম কৰোতে মই অনেক সময়ত বগামানুহৰ ল'ৰাবিলাকৰ মনৰ অৱস্থা আৰু হৃদয়ৰ আকাঙ্ক্ষা কল্পনা কৰিবলৈ চেষ্টা কৰিছিলোঁ। ডেকা-কালত অনেক বাব সেই একে কথাকে ভাবিছিলোঁ। তেওঁলোকে চেষ্টা কৰিলে যুক্তৰাজ্যৰ সভাপতি হ'ব পাৰে—ডাঙৰ ডাঙৰ অনুষ্ঠানৰ পৰিচালক হ'ব পাৰে, দেশৰ শাসক বা নেতা হব পাৰে – আৰু ধৰ্ম্মযাজকো হব পাৰে। কোনেও তেওঁলোকৰ উদ্যম, আকাঙ্ক্ষা আৰু আশাৰ বাটত আগ ভেঁটা দিব নোৱাৰে। মই ভাবোঁ, মোৰো যদি এনেবিলাক সুবিধা থাকিলহেঁতেন, ময়ো তেনেকৈ জিলাৰ কৰ্ত্তা, দেশৰ নায়ক, সাম্ৰাজ্যৰ স্থাপন-কৰ্ত্তা আদি পদবোৰ অতি সহজেই পাব পাৰিলোঁহেতেন। কিন্তু হায়—মই যে নিগ্ৰ'! মোৰ অন্তৰায় বহুত। এইবোৰ কল্পনা মোৰ নিমিত্তে পাগলৰ প্ৰলাপ মাত্ৰ!
এতিয়া বুঢ়াকালত সেইবোৰ ভাব মোৰ মনত নেখেলায়। এতিয়া বগামানুহৰ সুযোগ আৰু সুবিধাবোৰ হিংসা নকৰোঁ। এতিয়া বুঢ়াকালত, অতীতৰ ঘটনাবলী আলোচনা কৰি বুজিছোঁ যে, মানসম্মান, কীৰ্ত্তি, প্ৰতিষ্ঠ৷ আদি মনুষ্যত্বৰ সঁচা মাপকাঠি নহয়। মই জীৱনৰ সফলতা আন প্ৰণালীৰে মাপ কৰিবলৈ শিকিছোঁ। ডাঙৰ বংশত জন্মিলেই আৰু ডাঙৰ কাম কৰিলেই জীৱনত সফলতা নহয়।
মোৰ মতে তেৱেঁই জীৱনত সফলতা লাভ কৰিছে, যি অসংখ্য বাধা- বিপদ আৰু নানা দুৰ্ঘটনাৰ লগত সংগ্ৰাম কৰিছে। কাৰ্য্য-উদ্ধাৰত যদি কোনো মানুহ বিফল হয়, তাত মই দুখিত নহওঁ। কিয়নো তেওঁৰ মনৰ দৃঢ়তা, তেওঁৰ সাধনা, আৰু তেওঁৰ কৰ্ত্তব্যনিষ্ঠাৰ চিনাকি পালেই মই তেওঁৰ কৃতকাৰ্য্যৰ সফলতা লাভ কৰা বুলি ভাবিম।
মোৰ মতে সফলতাৰ মাপকাঠিয়েই মনুষ্যত্বৰ কৃষ্টি-পাথাৰ। ... এই হিচাবে বিচাৰ কৰি চালে, নিগ্ৰ' জাতিৰ মাজত জন্মলাভ কৰি মোৰ উপকাৰহে হৈছে। কিয়নো, মই প্ৰকৃত জীৱনত সংগ্ৰাম দেখিছোঁ প্ৰকৃত জীৱনৰ সোৱাদ পাইছোঁ। মোৰ মতে নিগ্ৰ’জীৱনেই মনুষ্যত্ব বিকাশৰ পক্ষে প্ৰকৃত জীৱন গঠনৰ পক্ষে, অতি উপকাৰী। কিয়নো কষ্টই মানুহৰ পৰীক্ষক, মানুহৰ বিচাৰক। এই কষ্টময় সংসাৰত যিজনেই বাস কৰে, তেওঁৰেই ডাঙৰ পৰীক্ষা হয়। এই পৰীক্ষাত উত্তীৰ্ণ হব পাৰিলেই যথাৰ্থ মনুষ্যত্ব লাভ কৰিব পৰা যায়। সেই কাৰণেই কওঁ, বগা মানুহক মই আজিকালি হিংসা নকৰো। নিগ্ৰ' জীৱনেই মোৰ পক্ষে শ্ৰেয়।
বগামানুহৰ কাম উচ্চ ধৰণৰ নহলেও মানুহে তাত দোষ নধৰে। আন পক্ষে, ক’লামানুহৰ কামত সামান্য ত্ৰুটী থাকিলেও সকলোৰ চকুত ধৰা পৰে। সেই কাৰণেই নিগ্ৰ' সদায় অগ্নিপৰীক্ষাৰ নিমিত্তে সাজু থাকিবলৈ বাধ্য। নিগ্ৰ'ৰ কাম উচ্চ দৰৰ নহলে সংসাৰৰ মাজত কাৰো মনোনীত নহয়। নিগ্ৰ'ৰ নিমিত্তে এয়ে কি কম সুযোগ? কিন্তু বগা- মানুহৰ সকলো কামতে 'সাত খুন মাফ'!
মই নিগ্ৰ' হৈয়েই থাকিব খোজো। দুখৰ সংসাৰেই মোৰ পঢ়াশালি হওক—জগতৰ কঠোৰ সাধনাই মোৰ জীৱনৰ ব্ৰত হওক। মোক আৰু আন একো ফল নেলাগে।
দেখাক দেখি আজি অনেক নিগ্ৰ'ই ৰাষ্ট্ৰীয় অধিকাৰ দাবী কৰিবলৈ শিকিছে। কিন্তু, বৰ পৰিতাপৰ বিষয় যে অনেকে ব্যক্তিগত যোগ্যতা বঢ়াবৰ চেষ্টা কৰা নাই। কেৱল বগা মানুহক দেখি, তেওঁলোকৰ লগত অৰিয়া-অৰি কৰিছে! মোৰ মতে ক'লা-বগা ছালৰ প্ৰভেদ মিছা প্ৰভেদ। সকলোৱেই নিজ কৰ্ত্তব্য বোধে কাম কৰা উচিত। যদি কোনোৱে শক্তি অৰ্জ্জন কৰিব পাবে, তেওঁৰ মোল সকলোৱে স্বীকাৰ কৰিব লাগে তেওঁ ক’লাই হওক, কিম্বা বগাই হওক। এই বিশ্বৰ মাজত যোগ্যতাৰ মূল্য আছেই আছে। গুণ কেতিয়াও চাপ খাই নেথাকে। তেওঁৰ সন্মান হ'বই হ'ব। নিগ্ৰ' ভাই সকল! আজি তোমালোক পদদলিত, বিতাৰিত, কিন্তু, ভগবানৰ সেই সনাতন-ধৰ্ম্মত বিশ্বাস স্থাপন কৰা, তোমাৰ আত্মশক্তিত নিৰ্ভৰ কৰা; দেখিবা, যথাসময়ত তোমাৰ শক্তি মানব-সমাজত এদিন নহয় এদিন প্ৰতিষ্ঠা হ'বই হ'ব।
⸻
তৃতীয় অধ্যায়
লিখা-পঢ়াত কঠোৰ চেষ্টা
এদিন কয়লাৰ খনিত কাম কৰিছোঁ, এনেতে দুটা কুলীৰ কথা-বতৰা শুনিবলৈ পালোঁ। সিহঁতৰ কথাৰ পৰা বুজিলোঁ, ভাৰ্জ্জিনিয়া প্ৰদেশৰ কোনো এঠাইত এখন অতি ডাঙৰ নিগ্ৰ’স্কুল আছে।
সিহঁতৰ কথা শুনিবলৈ মোৰ বৰ ধাউতি হ'ল। মই আন্ধাৰত খুপি খুপি সিহঁতৰ কাষ চাপিলোঁ। শুনিলোঁ যে, ভাৰ্জ্জিনিয়াৰ সেই স্কুলখন নিগ্ৰ'ৰ জাতীয় স্কুল। তাত নিগ্ৰ'ৰ বাহিৰে আন জাতিৰ ল'ৰা নলয়। দুখীয়া ল'ৰাবিলাকৰ নিমিত্তে তাত বিশেষ সুবিধা আছে। ঘৰৰ পৰা খৰছ আনিব নোৱাৰা ল'ৰায়ো তাত পঢ়িবলৈ পায়। দুখীয়া লৰাবিলাকে তাত কাম কৰি ধন ঘটিবও পাৰে। পঢ়াশুনাৰ লগে লগে এক অৰ্থকৰী বিদ্যাও শিকায়। এই সুযোগতে ছাত্ৰবিলাকে নিজৰ পঢ়াৰ খৰচ নিজে উলিয়ায়।
ভাৰ্জ্জিনিয়াৰ হেম্পটন, নগৰতে এই স্কুল আছে। ইয়াৰ নাম “শিক্ষক আৰু শিল্প বিদ্যালয়”। সেই স্কুলত নাম লিখাবলৈ মই তেতিয়াই মন মেলিলোঁ। মোৰ পক্ষে ইয়াতকৈ সুবিধাৰ ঠাই আৰু কি হ'ব? নিজ খৰচ নিজে চলাম; ইয়াত অভিভাৱকৰ একো আপত্তি থাকিব নোৱাৰে। মই হেম্পটনৰ নাম জ’পিবলৈ ধৰিলো। হেম্পটন ক’ত, আমি থকা ঠাইৰ পৰা কিমান দূৰত, এইবোৰ কথা মই একো নেজানো। খাওঁতে শোওঁতে হেম্পটনেই হে কেৱল হৰিনাম হ'ল!
কয়লাৰ খনিত আৰু কিছুদিন কাম কৰিলোঁ। এই সময়তে এটা নতুন কামৰো সম্ভেদ পালো। আমাৰ কয়লাৰ খনি আৰু লোণৰ কলৰ গৰাকী একেজন মানুহেই। তেওঁৰ নাম জেনেৰেল লই বাকনাৰ। বাকনাৰৰ পত্নী বৰ টানমুখীয়া মহিলা আছিল। কোনো চাকৰেই তেওঁৰ তলত ১৫ দিনতকৈ বেচি দিন থাকিব নোৱাৰিছিল।
ভাবিলোঁ, কয়লাৰ খনিত কাম কৰাতকৈ কাৰোবাৰ ঘৰত চাকৰ হৈ, কাম কৰা অনেক গুণে ভাল। আইৰ যত্নত, মই মাহে ১৫ টকা দৰমহাত বাকনাৰৰ ঘৰত চাকৰ সোমালোঁ।
বাকনাৰ-পত্নীক, মই প্ৰথনতে বৰ ভয় কৰিছিলোঁ; তেওঁৰ আগত কঁপিছিলোঁ। কিন্তু কেইদিনমান কাম কৰিয়েই মই তেওঁৰ ধাতু চিনি পালোঁ। যুক্তৰাজ্যৰ ডাঙৰ চহৰ নিউ-ইংলণ্ডত তেওঁৰ পিতাকৰ ঘৰ আছিল। সেই অঞ্চলৰ মানুহক 'ইয়াঙ্কী' বোলে। ইয়াঙ্কীবিলাকৰ চলন- ফুৰণকে আমেৰিকাৰ আন মানুহে অনুকৰণ কৰে। গতিকেই, তেনে মানুহৰ তলত কাম কৰা যাৰে তাৰে পক্ষে টান।
বাকনাৰ-পত্নীয়ে সকলো বিষয়তে পৰিষ্কাৰ পৰিচ্ছন্নতা ভাল পাইছিল। সময়ৰ অভাবো তেওঁ ভালকৈ বুজিছিল। সেই কাৰণেই তেওঁ লেতেৰা বা এলেহুৱা মানুহক কেতিয়াও ভাল নাপাইছিল। গতিকেই বেচি ভাগ চাকৰে তেওঁৰ তলত খাটিবলৈ ভাল নাপাইছিল।
মই তেওঁৰ তলত প্ৰায় ডেৰ বছৰ চাকৰী কৰিছিলো। ইয়াত মই যি শিক্ষা পালো, সেই শিক্ষা আন শিক্ষাতকৈ কোনো গুণেই কম নহয়। ইয়াত চাকৰি কৰি মই মোৰ চৰিত্ৰ গঠন কৰিব পাৰিলোঁ। মই আজিকালি গাওঁ বা চহৰৰ কোনো ঠাইত জাবৰ গোটখাই থাকিলে তৎক্ষণাৎ নিজ হাতেৰে পৰিষ্কাৰ কৰি পেলাওঁ। ঘৰৰ চুকত ফটা কাগজ বা ফটা কানি পৰি থাকিলে, মই সহিব নোৱাৰোঁ। ঘৰ বা বাৰীৰ বেৰথোৰ ভাগিলে, মই তেতিয়াই মেৰামিত কৰো। সাজপাৰ বা আন কাপোৰ-কানি কেতিয়াও মলিন হ'বলৈ নিদিওঁ। এইবোৰ সজ গুণ মই বাকনাৰ-পত্নীৰ পৰা লাভ কৰিছোঁ। সকলো বিষয়তে শৃঙ্খলা- জ্ঞান, স্বাস্থ্যৰক্ষাৰ নিয়মপালন, যেতিয়াৰ কাম তেতিয়াই কৰা, প্ৰভৃতি গুণবোৰ এই ঘৰতে শিক্ষা পাইছোঁ।
মোৰ কাম কাজ দেখি বাকনাৰ-পৰিবাৰে মোক ভাল পাবলৈ ধৰিলে। আন কি দিনত স্কুললৈ যাবলৈকো তেওঁৰ পৰা অনুমতি পালোঁ। ইমান দিন কেৱল ৰাতিৰ স্কুলহে কৰিছিলোঁ, এতিয়৷ তেওঁৰ অনুগ্ৰহত এঘণ্টাকৈ দিনৰ স্কুলতো হাজিৰ হব পৰা হ'লোঁ। মোৰ পঢ়াত তেওঁ ৰাতিও সহায় কৰিছিল। তেওঁৰ ঘৰত থাকেঁতেই মই এটা কেৰাচিন তেলৰ বাকচ আনি নিজ হাতেৰে আলমাৰী তৈয়াৰ কৰিছিলো। সেই আলমাৰীটোত কেইবা খাপ ৰাখি, তাত নানা ঠাইৰ পৰা কিছুমান বহি, কাগজ, পেঞ্চিল, কিতাপ গোটাই বৰ ভালকৈ সজাই ৰাখিছিলোঁ। সেয়ে মোৰ প্ৰথম লাইব্ৰেৰী আছিল।
এই দৰেই মোৰ দিন কেইটা ভালেই গৈছিল। তথাপিও মই হেম্পটনৰ স্কুপৰ কথা পাহৰা নাই। ইমান দুৰত পঢ়িবলৈ যাম বুলি আইয়ে বেজাৰ কৰিবলৈ ধৰিলে। কিন্তু শেষত যাবলৈকে স্থিৰ কৰিলোঁ। ইপিনে হাতত পইছা এটাও নাই। ইমান দিন মই আৰু মোৰ ককাইদেৱে ধন ঘটিছো, সেই ধন কেৱল খোৱা লোৱাতে গৈছে; বাকী ধন মোৰ অভিভাৱকে উৰাইছে। তথাপিও যাবলৈকে ঠিক কৰিলোঁ।
মোৰ যোৱাৰ বাতৰি পাই আমাৰ গাৱঁৰ সকলো মানুহ সুখী হ'ল। তেওঁলোকে মোক আশীৰ্ব্বাদ কৰিলে। তাৰ বাহিৰেও কোনোৱে কোনোৱে মোক ৰুমাল, পইচা আৰু ডবল পইচা দি সাহায্য কৰিলে। আজি তেওঁলোকৰ পক্ষে এটা শুভ দিন, কাৰণ মই বিদেশত উচ্চ শিক্ষা লাভ কৰিবলৈ ওলাইছোঁ!
মই যাত্ৰা কৰি ওলালো; সেই সময়ত আইৰ অৱস্থা বৰ বেয়া, তেওঁৰ নৰিয়া! এটা থৈলাত সকলো কাপোৰ কানি বান্ধি ললো।
মেলডেনৰ পৰা হেম্পটন চহৰলৈ ৫০০ মাইল। এছোৱা বাট ৰেলেৰে আৰু বাকী ছোৱা গাড়ীৰে যাব লাগে। ইমান দূৰ বাট যাবলৈ মোৰ বাট-খৰছো নাই। এইদৰেই গাড়ী ভাৰা কৰি কিছু দূৰ বাট পাহাড়ৰ ওপৰেদি গৈছিলোঁ। সন্ধীয়া পৰত এখন হোটেলৰ ওচৰত আমাৰ গাড়ী ৰ'ল। মোৰ লগৰীয়া এটাইকেইজন বগা মানুহ আছিল— ক'লাৰ ভিতৰত ময়ে। তেওঁলোক সকলো গাড়ীৰ পৰা নামি হোটেলত সোমাল। হোটেলৰ কৰ্ত্তাই তেওঁলোকৰ নিমিত্তে খোৱা-বোৱাৰ দিহা কৰি দিলে। তেওঁলোকে থোৱাৰ সময়তে মই লাহে লাহে দুৱাৰ মুখত থিয় দিলোঁ। মোৰ হাতত পচাই এটাও নাছিল। ভাবিছিলোঁ হোটেলৰ পৰিচালকক কৈ কোনোমতে ৰাতিটো তাতে কটাম। বিশেষতঃ সেইখন পৰ্ব্বতীয়া ঠাই—তাতে ভয়ানক জাৰ। কিন্তু মোৰ কলা ছাল দেখিয়েই হোটেলৰ মেনজাৰে গম্ভীৰ ভাবে উত্তৰ দিলে, “ইয়াত তোমাৰ নিমিত্তে ঠাই নাই।” পইচা বা ধনৰ অভাবেই আমেৰিকাত একমাত্ৰ কষ্ট নহয়। বগা চামৰাৰ অভাবো বৰ বিষম পাপ—এই ধাৰণা সেই ৰাতি মোৰ প্ৰথম উপজিল।
গোটেই ৰাতিটো হোটেলৰ সম্মুখতে পাইচাৰি কৰি গাটো গৰম ৰাখিলোঁ। হোটেলৰ গৰাকীৰ বেয়া ব্যৱহাৰত মই অকণো বেয়া পোৱা নাছিলোঁ। কিয়নো, হেম্পটনৰ সপোনেই মোক সজাগ কৰি ৰাখিছিল।
গোটেই বাটত নানা প্ৰকাৰে কষ্ট পাইছিলোঁ। এডোখৰ বাট খোজকাঢ়ি গৈছিলোঁ; কোনো ঠাইত গাৰোৱানৰ হাতে ভৰিয়ে ধৰি মেলি বিনা খৰচতে গাড়ীত উঠিছিলো; আকৌ কেতিয়াবা লগত যোৱা মানুহৰ পৰা পইচা খুজি গাড়ীৰ খৰচ দিছিলোঁ। এইদৰেই বিচমণ্ড নগৰ পালোহি; ইয়াৰ পৰা হেম্পটন প্ৰায় ৮০ মাইল!
বিচমণ্ড পাওঁতেই ৰাতি হ'ল। হাতত পইচা এটাও নাই; ইপিনে গাৰ বৰণ ক'লা৷ কাপোৰ কানি মলিন, পেটৰ ভোকত তত নাই! কিমান মানুহৰ ঘৰত থাকিবৰ নিমিত্তে ঠাই খুজিলোঁ তাৰ লেখজোখ নাই। কোনেও মুখেৰেই নেমাতিলে! সকলোকে ধন লাগে; ধন। দিলেহে তেওঁলোকে খোৱাৰ দিহা কৰি দিয়ে। বগা মানুহে এই দৰেই অতিথি সৎকাৰ কৰে! মই নিৰুপায় হৈ বাটে বাটে ঘুৰি ফুৰিলোঁ। ঘুৰি ফুৰোঁতে, দোকানবোৰত অলেখ খোৱা বস্তু সজাই থোৱা দেখিলোঁ। তাৰ পৰা অলপমান কিবা পোৱা হলেও ধন্য মানিলোঁ-- হেঁতেন। সেই দিনা মোক কোনোবাই এটুকুৰা মঙহ খাবলৈ দিয়া হলেও, মঈ ভবিষ্যতে যি ধন ঘটিলোঁহেঁতেন, গোটেইখিনি তেওঁকে তাৰ মূল্যস্বৰূপ দিলোঁহেঁতেন। কিন্তু কোনেও মোক অকণো দয়া নকৰিলে। গোটেই ৰাতি ভোকে লঘোণে কটালোঁ।
গোটেই ৰাতিটো এইদৰে ঘূৰি ফুৰি কটালোঁ। তথাপিও মই হতাশ হোৱা নাছিলোঁ। হেম্পটনৰ পঢ়াশুনাৰ কথা মই এথন্তকো পাহৰিব পৰা নাছিলোঁ। লাহে লাহে বেচি ভাগৰ লাগিল, ঘূৰি ফুৰিব নোৱৰা হলো; এখন তক্তাৰ তলত শুই পৰিলোঁ। মাটিত মই থৈলা- টোকে গাৰু কৰি লৈ হেম্পটনৰ কথা জ’পিবলৈ ধৰিলো।
পুৱাই সাৰ পাই দেখোঁ, মই এখন জাহাজ-ঘাটত শুই আছো। তেতিয়াও ভোকত তত নাই। কুলীবিলাকে জাহাজত মাল উঠোৱা নমোৱা কৰিছে। মই কেপ্টেইনৰ ওচৰলৈ গৈ জাহাজত কাম কৰিম বুলি ক'লোঁ। তেওঁ মোৰ প্রতি সদয় হ'ল । ময়ো কুলী- বিলাকৰ লগত জাহাজৰ পৰা মাল নমাবলৈ ধৰিলোঁ। কাম কৰি শেষ কৰাৰ পিচত অলপ বানচ পালোঁ। তেতিন্নাই তাৰে খোৱা বস্তু কিনিলোঁ। তেনেকুৱা সুখৰ খোৱা মোৰ জীৱনত আৰু হোৱা নাই ।
মোৰ কাম দেখি কেপ্টেইন বৰ সন্তুষ্ট হ'ল। তেওঁ মোক আৰু কাম দিব খুজিছিল। মই সম্মত ন'হলোঁ । যি বানচ পাইছিলোঁ, তাৰে কেৱল খোৱা মুঠিহে চলিছিল, ঘৰৰ ভাৰা দিবলৈ নাটিছিল। সেই কাৰণেই তাকৰকৈ খাইছিলোঁ, আৰু ৰাতি সেই তক্তাৰ তলত শুইছিলোঁ। এই উপায় কৰি কিছু ধন ৰাখিব পাৰিলোঁ। তাৰে পৰাই হেম্পটন চহৰলৈ যোৱাৰ সম্বল গোটালো।
এই ঘটনাৰ বহুত দিনৰ মুৰত, বিচমণ্ডৰ নিগ্ৰ' অধিবাসীবিলাকে মোক এবাৰ নিমন্ত্ৰণ কৰি অভ্যর্থনা কৰিছিল। সেই অভ্যর্থনা উৎসৱত প্ৰায় দুহেজাৰ নিগ্ৰ' মতা মাইকী উপস্থিত আছিল। ঘটনাক্রমে সেই কাঠৰ তক্তাৰ ওচৰতে এটা ঘৰত মোক তেওঁলোকে অভ্যর্থনা কৰে। সকলো মানুহেই অতি আগ্রহেৰে মোক অভিবাদন কৰিছিল। মই কিন্তু সেই বিপুল অভ্যর্থনাত একান্ত মনেৰে যোগ দান দিব নোৱাৰিলোঁ । বিচমণ্ডলৈ অহাৰ প্ৰথম দিনৰ কথা মোৰ ঘনে ঘনে মনত পৰিবলৈ ধৰিলে। মই সেই তক্তাৰ কথা এক মুহূৰ্ত্তও পাহৰিব পৰা নাছিলো। সেই এদিন, আজি এদিন !
কেপ্টেইনক ধন্যবাদ দি মই আকৌ হেম্পটনলৈ যাত্ৰা কৰিলোঁ । হাতত তেতিয়া মাথোন ১৮/(অপঠনীয় ) পুঁজি আছিল ।
হেম্পটনৰ বিদ্যামন্দিৰৰ বাহিৰৰ ভাগ দেখিয়েই মই ৰোমাঞ্চিত হ'লোঁ। সি স্কুল নহয় যেন ৰাজপ্ৰাসাদ! এই বিৰাট অট্টালিকাই মোৰ মনভ এক নতুন জগতৰ বাতৰি আনি দিলে!
সেই ধুনীয়া ঘৰটো দেখি মই যেন নতুন জীৱন লাভ কৰিলোঁ। সকলো নতুন বোধ হ'ল। আনন্দত মই আপ্লুত হ'লোঁ। মই সঁচাসটিকৈয়ে সেই চিৰবাঞ্চিত স্বৰ্গৰাজ্যত উপস্থিত হ'লোঁহি!
মই অকণো সময় নষ্ট নকৰি লৰাল'ৰিকৈ স্কুলৰ কৰ্তৃপক্ষৰ ওচৰত হাজিৰ হ'লো। প্ৰধান শিক্ষয়িত্ৰীয়ে মোৰ সাজপাৰ দেখি যোগ্য ছাত্ৰ বুলি বিবেচনা নকৰা যেন পালোঁ। অথচ মোক খেদায়ো নিদিলে। মই তেওঁৰ ওচৰতে ঘূৰি পকি থাকিলোঁ। নানা ৰকমে তেওঁক মোৰ যোগ্যতাৰ চিনাকি দিবলৈ চেষ্টা কৰিলোঁ! ইতিমধ্যে অনেক নতুন নতুন ল'ৰা আহি মোৰ চকুৰ আগতে ভৰ্ত্তি হ'ল। মই একেবাৰেই হতাশ হৈ পৰিলোঁ। তথাপিও আশা নেৰিলোঁ।
অৱশেষত শিক্ষয়িত্ৰী মোৰ ওপৰত সদয় হ'ল। তেওঁ ক'লে, “ সেইটো সোটা আছে, কোঠাটো সাৰি পেলোৱাচোন।”
মই বুজিলোঁ—এয়ে মোৰ পৰীক্ষা! এই পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিলেই মোৰ ৰক্ষা। বাকনাৰ চাহাবৰ ঘৰত যি শিক্ষা লাভ কৰিছিলোঁ, সেই শিক্ষা এতিয়া মোৰ কামত লাগিল। মই অতি আনন্দ-মনেৰে কোঠা চাফ কৰাত লাগি গ'লো।
কোঠাটো তিনিবাৰ সাৰিলোঁ। ওচৰতে এখন ঝাৰণ বা মেজ চাফা কৰা কাপোৰ আছিল। সেইখন জোকাৰি ল'লোঁ। তাৰ পিচতী য'ত যি ধূলি-বালি আছিল, তাক পৰিষ্কাৰ কৰিলোঁ। ইয়াৰ পিচত এখন এখনকৈ বেঞ্চি, মেজ, চ'কি, দুৱাৰ, খিৰিকী প্ৰভৃতি য'ত যি বস্তু পালোঁ সকলোবোৰ জাৰি চাফ-চিকুণ কৰিলোঁ। কাম শেষ কৰি শিক্ষয়িত্ৰীক জনালোঁ। তেওঁ এজনা ‘ইয়াঙ্কী মহিলা আছিল। তেওঁ সকলোবোৰ বস্ত্ৰ ভালকৈ চকু ফুৰাই চালে। প্ৰথমতে তেওঁ আঙুলি দি মেজখন পৰিষ্কাৰ হৈছে নে নাই চালে; তাৰ পিচত ৰুমালেৰে চ'কিত কিবা ধূলি-বালি আছেনে নাই তাকো পৰীক্ষা কৰিলে। তেওঁ ক’তো একণো মলি নেপালে। মই পৰীক্ষাও পাচ হ'লো।
মোৰ বোধেৰে বিশ্ববিদ্যালয়ত সোমাওঁতেও কোনো ল'ৰাই ইমান টান পৰীক্ষা দিব নেলাগে। হাৰ্ভাৰ্ড আৰু ইয়েল বিশ্ববিদ্যালয়ত সোনাওঁতে অনেকে লেঠাত পৰে বুলি শুনিছোঁ। যিবিলাক ল'ৰাই প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ হাৰ্ভাৰ্ড আৰু ইয়েল কলেজত পঢ়িবৰ নিমিত্তে চাৰ্টিফিকেট পায় তেওঁলোকে বোধ কৰো, মোৰ সেই দিনাৰ আনন্দৰ আভাস কিছু কিছু পায়। পিচত ময়ো ডাঙৰ ডাঙৰ কেইবাটাও পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ। কিন্তু সেই পৰীক্ষাৰ ওপৰতে মোৰ জীৱন ভবিষ্যত নিৰ্ভৰ কৰিছিল। এনে ধৰণৰ অগ্নি-পৰীক্ষাত মই আৰু কেতিয়াও পৰা নাছিলোঁ।
মোৰ পৰীক্ষা-কৰ্ত্তীৰ নাম আছিল কুমাৰী মেৰী একনেকী। মই নিজৰ খৰচত পঢ়িম বুলি কোৱাত তেওঁ মোক স্কুলৰে খানচামাৰ কাম কৰিবলৈ দিলে। সকলোবোৰ ঘৰ চোৱাই মোৰ প্ৰধান কাৰ্য আছিল। তাৰ উপৰিও পুৱাতে উঠি জুই ধৰি চৌকা প্ৰভৃতি জ্বলাই দিব লগাত পৰিছিল! খাটনি বেচি আছিল বুলিও যি ধন পাইছিলো, তাৰে মোৰ সকলো খৰচ চলিছিল।
কুমাৰী মেৰী মোৰ আইৰ দৰে স্নেহশীলা আছিল। তেওঁৰ সাহায্যত আৰু উৎসাহত নই অনেক উপকাৰ পালোঁ। তেওঁৰ উপকাৰ মই এই জীৱনত পাহৰিব নোৱাৰোঁ। তেওঁক মই মোৰ জীৱনৰ অন্যতম গঠন-কৰ্ত্ৰী বুলি বিবেচনা কৰে॥
ইয়াতে আৰু এজন বগা পুৰুষৰ লগত মোৰ পৰিচয় ঘটে। তেতিয়াৰে পৰা তেওঁ মোৰ হৃদয় সিংহাসন অধিকাৰ কৰি আছে। তেওঁৰ চৰিত্ৰই মোৰ জীৱনৰ আদৰ্শস্বৰূপ। তেওঁৰ দৃষ্টান্ত সম্মুখত ৰাখিয়েই মই এই বিশাল কৰ্ম্মক্ষেত্ৰত আগুৱাব পাৰিছোঁ। সেই উদাৰ স্বভাৱ, মহাপ্ৰাণ, পৰোপকাৰী মহাপুৰুষব নাম—সেনাপতি চেমুয়েল ডি আৰ্মষ্ট্ৰঙ্গ।
সৌভাগ্যক্ৰমে মই ইউৰোপ, আমেৰিকা প্ৰভৃতি দেশৰ বহুত জনাশুনা মানুহক দেখিছোঁ, আৰু তেওঁলোকৰ লগত চিনাজানা আছে। প্ৰকৃত ডাঙৰ মানুহ আৰু তথাকথিত ডাঙৰ মানুহ — এই দুই ৰকমৰ ডাঙৰ মানুহকে মই দেখিছোঁ। কিন্তু আজি মই মুক্তকণ্ঠে স্বীকাৰ কৰিছোঁ, যে, সেনাপতি চেমুয়েল আৰ্মষ্ট্ৰঙ্গৰ দৰে, চৰিত্ৰবান, ধৰ্মভীৰু,মানৱ-সেৱক আজিলৈকে দেখা নাই। তেৱেঁই মোৰ চিন্তাৰাজ্যৰ 'একমেবাদ্বিতীয়ং” মহাবীৰ!
গোলামপটীৰ ঘিণলগা জীৱন, আৰু কয়লাৰ খনিৰ দুখ ভোগ কৰাৰ পিচতে, এই মহাপুৰুষৰ লগত চিনাজানা মোৰ পক্ষে পৰম সৌভাগ্যৰ কথা। প্ৰথম যি দিনাই তেওঁক দেখিলোঁ, অতৰ্কিতে তেওঁৰ ভৰিত মোৰ মূৰ দোঁ খালে। তেতিয়াই বুজিলোঁ, তেওঁ এজন অসাধাৰণ গুণসম্পন্ন মানৱসেবক। যিমানেই তেওঁক দেখিছোঁ, তিমানেই তেওঁ মোৰ ভক্তি আকৰ্ষণ কৰিছে। মৰণকাল পৰ্য্যন্ত তেও মোৰ পৰম আত্মীয়স্বৰূপ আছিল।
বয়সৰ লগে লগে মোৰ অভিজ্ঞতা এই যে, 'মানুহ গঢ়িবৰ নিমিত্তে কিতাপ পঢ়াৰ আৱশ্যকতা বেচি নাই। কিতাপপত্ৰ, কাকত, লাইব্ৰেৰী আদি নিৰ্জীৱ সঁজুলিয়ে মানুহ গঢ়িব নোৱাৰে। হেম্পটন চহৰৰ পৰা যদি কোনোবাই স্কুলৰ ঘৰবাৰী, পুথিপাজি, ইটা-কাঠ, সঁজুলি, মেজ-চকি, সকলো লৈ যায়, তেনেহলেও সেই স্কুলৰ একো হানি নহয়। কিয়নো, সেই স্কুলৰ প্ৰাণদাতা, সেই স্কুলৰ পিতাস্বৰূপ পৰিচালক মহোদয় অঞ্চলেই এনেবোৰ সঁজুলিতকৈ বেচি মূল্যবান । তেওঁৰ ওচৰলৈ নিগ্ৰ’ল'ৰাবিলাক দিনটোত এবাৰ আহিব পাৰিলেই, তেওঁলোকৰ উচ্চশিক্ষাৰ সুফল কৰিব । ময়ো কওঁ, প্রকৃত চৰিত্রবান, সমাজসেৱক, শিক্ষা প্ৰচাৰকৰ লগত সহবাস কৰিলে, যিমানখিনি চৰিত্ৰ গঠন হয়, মনৰ তেজ বাঢ়ে, চিত্তৰ শক্তি বিকশিত হয়, কাম কৰিবৰ মন যায়, আন কোনো উপায়েৰেই তিমান খিনি নহয় । সেইহে কওঁ কিতাপ পঢ়াতকৈ ‘মানুহ' পঢ়া ভাল ।
তেওঁ মৰাৰ আগতে দুমাহমান সময় মোৰ টাঙ্গেগী বিদ্যালয়ত কটাইছিল। তেতিয়া তেওঁ পক্ষাঘাত বেমাৰত ভূগিছিল । গোটেই শৰীৰ শিথিল হৈ গৈছিল । তথাপিও জীৱনৰ শেষ মুহূৰ্ত্ত পৰ্যন্ত তেওঁ শিক্ষাপ্ৰচাৰ ব্ৰতত লাগি আছিল! কামত এনেকৈ মন পুতি লাগি থাকিব পৰা মানুহ সংসাৰত বিৰল। কিন্তু আর্মস্ট্রঙ্গে কামত নিজকে ডুবাই ৰাখিছিল। পৰসেৱাই তেওঁৰ জীৱনৰ ব্ৰত আছিল। হেম্পটন স্কুলৰ দৰে তেওঁ টাস্বেগী স্কুলতো খাটিছিল। তাৰ উপৰিও তেওঁ যি যি নিগ্ৰ' শিক্ষা-বিস্তাৰৰ প্রয়োজন আছিল, তেনে ঠাইতো আত্মশক্তি প্রয়োগ কৰিছিল ৷ সকলো কামতে তেওঁ সমানে আনন্দ পাইছিল। তেওঁ নিজকে বিসর্জ্জন দিবলৈ শিকিছিল— আদৰ্শৰ মাজত তন্ময় হ'ব পাৰিছিল। সেই কাৰণেই সকলো ঠাইতে তেওঁ স্বাৰ্থত্যাগৰ কৰ্ম্মক্ষেত্ৰ বিচাৰি লৈছিল ।
আমষ্ট্ৰঙ্গ এজন ‘ইয়াঙ্কী' আছিল। যোৱা যুদ্ধত তেওঁ দক্ষিণ অঞ্চলৰ বিপক্ষে যুদ্ধও কৰিছিল। তথাপিও তেওঁ দক্ষিণ অঞ্চলৰ চাহাবসকলৰ প্রতি হিংসাভাব নেৰাখিছিল। বৰং যিমান পাৰে তেওঁলোকৰ উপকাৰ হে কৰিছিল ।
হেম্পটন স্কুলৰ ল'ৰাবিলাকে তেওঁক দেৱতাৰ দৰে ভক্তি আৰু পূজা কৰিছিল। তেওৰ আদেশ সকলোৱে নতশিৰে পালন কৰিছিল। তেওঁৰ কাম কৰিবলৈ পালে আমি নিজকে নিজে কৃতাৰ্থ মানিছিলোঁ। টাস্কেগীত থাকোঁতে তেও পক্ষাঘাত বেমাৰত লৰচৰ কৰিব নোৱৰা হৈছিল। তেওঁ বহা চকিখন এবাৰ এটা পাহাড়ৰ ওপৰলৈ তোলা হৈছিল। তেওঁৰ এজন পুৰণি ছাত্ৰই সেই চকিথন টানি নিছিল। বাটটো বেয়া আছিল। শেষত যেতিয়া চকিখন পাহাৰৰ ওপৰত তোলা হ'ল, তেও আনন্দ মনেৰে ক'বলৈ ধৰিলে, “আজি মোৰ পৰম সৌভাগ্য যে, সেনাপতিৰ নিমিত্তে মৃত্যুৰ আগতে এটা কাম কৰি সুবিধা পালোঁ।”
মই হেম্পটন স্কুলত থাকোঁতে প্ৰায়েই নতুন ল'ৰা সেই স্কুলত ভৰ্ত্তি হ'বলৈ গৈছিল। লাহে লাহে ব’ডিঙত ল'ৰা নধৰা হৈ পৰিল। বাহিৰত ল'ৰাৰ নিমিত্তে তম্বু ত’ৰিব লগাত পৰিল। এদিন সেনাপতিয়ে পুৰণি ল'ৰাবিলাকক আহি সুধিলে, "তোমালোকৰ কোনোবাই তাম্বুত শুই নতুন ল'ৰাবিলাকক ঘৰ এৰি দিবা নে?” এই কথা শুনা মাত্ৰকেই প্ৰত্যেক ল'ৰাই নিজ কোঠা এৰি দি সেই জাৰকালি-ৰাতি তাত শুইছিলগৈ।
সেই ল'ৰাৰ ভিতৰত ময়ো এজন আছিলোঁ। মোৰ এতিয়াও মনত আছে, কেইবা বাৰো সেই দৰে জাৰত কঁপি কঁপি সেই তম্বুৰ তলত ৰাতি কটাইছিলোঁ। আমাৰ যথেষ্ট কষ্টও হৈছিল, তথাপিও সেনাপতিৰ আদেশ মানি চলিবলৈ ভাল পাইছিলোঁ। এইদৰেই একে সময়তে আমি দুটা কাম কৰিছিলোঁ— সেনাপত্তিৰ আদেশ মানিছিলো আৰু আন পিনে নতুন লৰাবিলাকক শিক্ষা লাভৰ সুবিধা দিছিলোঁ। কেতিয়াবা কেতিয়াবা জাৰকালি বতাহত তম্বুটোও উৰি গৈছিল। আমি মুকলি ঠাইতে ৰাতি কটাইছিলো। পিচদিনা পুৱাই সেনাপতিয়ে আমাক চাবলৈ আহিছিল। তেওঁৰ হাহিমুখ দেখি ৰাতিৰ সকলো দুখকষ্ট তেতিয়াই পাহৰি পেলাইছিলোঁ।
সেনাপতি আৰ্মষ্ট্ৰঙ্গৰ কথা ইমান বহলাই কোৱাৰ অৰ্থ আছে। মই সকলোকে জনাব খোজো যে, এনে জন চৰিত্ৰবলত বলীয়ান শিক্ষা প্ৰচাৰকৰ কঠোৰ চেষ্টাতেই নিগ্ৰ’সমাজত জ্ঞানৰ পোহৰ সোমাইছে। সেই মহাত্মাৰ আদৰ্শ লৈয়েই অনেক শিক্ষিত বগা মানুহে নিগ্ৰ’সমাজত শিক্ষাবিস্তাৰ-ব্ৰত গ্ৰহণ কৰি আমাৰ ভাই সকলক উন্নতিৰ পথলৈ তুলিছে। জগতত এই নীৰব নিস্বাৰ্থ কৰ্ম্মবীৰ সকলৰ জীৱন চৰিত এতিয়াও প্ৰকাশ হোৱা নাই।
হেম্পটনত প্ৰতিদিন, প্ৰতি কামতে, প্ৰতি চলন-ফুৰণতে মই অনেক নতুন কথা শিকিছিলোঁ। কেনেকৈ যথা সময়ত নিয়মিত ৰূপে খাব লাগে, কেনেকৈ মেজৰ ওপৰত কাপোৰ পাৰি তাত থাল-বাটি থ'ব লাগে, কেনেকৈ গা ধুব লাগে, কেনেকৈ কোন বস্তুৰ পিচত কোন বস্তু খাব লাগে, কেনেকৈ দাঁত ঘঁহিব আৰু বিছনা-চাদৰ পাৰিব লাগে—এইবোৰ কথা মই প্ৰথম তাতে শিকিলোঁ।
হেম্পটনতেই মই প্ৰথমেই গা ধুবলৈ শিকো। গা ধুলে যে শৰীৰ আৰু মন ভালে থাকে, এই কথা আগেয়ে নেজানিছিলোঁ। তেতিয়াৰে পৰা মই নিতৌ গা ধোওঁ। মাজে মাজে নানা ঠাইত আলহী থাকিব লগাত পৰো। সেইবোৰ ঠাইত গা-ধোৱাৰ একো দিহা নাথাকে। তেনে অৱস্থাত মই নৈত গা ধুই আহোঁ। তেতিয়াৰে পৰা মই সকলো ঠাইতে নিগ্ৰ’- বিলাকক গা ধুবলৈ উপদেশ দি আহিছোঁ।
হেম্পটনত মোৰ বানিয়ন দুটাহে আছিল। কোনোটোত মলি হ'লে, ৰাতিয়েই চাবোন সানি চাফ কৰি জুইত শুকুৱাই লৈ পুৱা তাকে পিন্ধো! হেম্পটনৰ ব’ডিঙত খোৱা খৰচ মাহে ৩০ টকা লাগিছিল। খানচামাৰ কাম কৰি যি ধন পাইছিলো, তাৰ উপৰিও মাহে আৰু কিছু ধন নগদ দিব লগা হৈছিল। প্ৰথমেই নাম লগাওঁতে মোৰ হাতত ১/০ অনাহে আছিল। কেতিয়াবা কেতিয়াবা জন ককাইদেৱেও দুইচাৰি টকা পঠিয়াইছিল। তথাপিও সেই ধনেৰে মোৰ খৰচ নচলিছিল। গতিকে মই খানচামাৰ কামকে ইমান ভালকৈ কৰিবলৈ ধৰিলোঁ যে, খোৱা খৰচৰ সকলো টকা দৰমহা স্বৰূপেই পাইছিলো। স্কুলৰ মাছুল বছৰী ২১০, টকা লাগিছিল। ইমানখিনি ধন যোগাৰ কৰা মোৰ পক্ষে বৰ টান কামেই আছিল। আমষ্ট্ৰঙ্গ চাহাবৰ অনুৰোধত তেওঁৰ এজন বন্ধুৱে মোৰ মাচুলখিনি দিছিল। সেইজন বন্ধুৰ নাম এড গ্ৰিফিথচ, মৰগেন। মই টাস্কেগীত থাকোঁতে এই মহাত্মা মোৰ তালৈ কেইবাবাৰো গৈছিল।
হেম্পটনত কিতাপ আৰু কাপোৰৰ অভাৱ বৰকৈ অনুভৱ কৰিছিলোঁ। সময়ত আন ল'ৰাৰ পৰাই কিতাপ বাৰে আনিছিলোঁ, কিন্তু কাপোৰ পাবলৈ নাই! মোৰ যি অলপ কাপোৰ আছিল, তাৰে কোনো মতে নচলে। বিশেষকৈ সেনাপতি মহাশয়ে ল'ৰাবিলাকৰ কাপোৰৰ ওপৰত বৰ চোকা দৃষ্টি ৰাখিছিল। জোতাত ৰং দিয়া নেদেখিলে, ছোলাত বুটাম নাথাকিলে, কাপোৰত দাগ লগা দেখিলে, তেওঁ বৰ খঙ, কৰিছিল।
মোৰ ছোলা এটাহে আছিল। তাৰেই খানসামা কাম কৰি স্কুল- লৈকো আহিব লগাত পৰিছিলো। দিনৰ দিনটো একেটা ছোলাকে পিন্ধি, তাক চাফচিকুণকৈ ৰখা বৰ টান। মোৰ এনে দুৰৱস্থা দেখি শিক্ষক সকলৰ দয়া হ'ল। তেওঁলোকে থৈলাৰ পৰা পুৰণি ছোলা এটা মোক উলিয়াই দিলে। এনে ধৰণৰ পুৰণি ছোলাবোৰ যুক্তৰাজ্যৰ ইয়াঙ্কী অঞ্চলৰ পৰা দুখীয়া ল'ৰাবিলাকলৈ পঠিওৱা হয়। কাপোৰৰ এনে ব্যৱস্থা নথকা হ'লে, মোৰ দৰে দুখীয়া ল'ৰাই বিদ্যালাভৰ পৰা বঞ্চিত হ'লহেঁতেন। ইমান দিন মাটিত ফটাকানি এসোপা পাৰি শোৱাই মোৰ অভ্যাস আছিল। হেম্পটনত কিন্তু প্ৰত্যেক ল'ৰাৰে দুখনকৈ বিছনা চাদৰ আছিল। দুখন চাদৰৰ ব্যৱহাৰ মই একো নুবুজিছিলো। প্ৰথম ৰাতি দুখন বিছনা-চাদৰকে পাৰি তাৰ তলত সোমাই শুইছিলো। পিচ দিনা হে ভুল বুজিব পাৰিলোঁ।
মোৰ লগতে আৰু কেইবাজনো ল'ৰা আছিল।তেওঁলোকে মোৰ অৱস্থা দেখি বোধ কৰো হাঁহিছিল। কিন্তু সেই দিনা কোনেও একো নক'লে। পিছ দিনা তেওঁলোকক দেখিহে দুখন বিছনা চাদৰৰ ব্যৱহাৰ বুজিলোঁ। তেতিয়াৰে পৰা এখন তলত পাৰি এখন গাত লওঁ।
সেই স্কুলত মোতকৈ সৰু ল'ৰা আন কোনো নাছিল।অনেক আয়দীয়া মতা মাইকীয়েও পঢ়াশুনা কৰিছিল। সেই সময়ত স্কুলত প্ৰায় চাৰিশ ছাত্ৰ আৰু ছাত্ৰী আছিল। পঢ়াশুনাত সকলোৰেই আগ্ৰহ আছিল। অনেকৰ পঢ়াশুনা কৰাৰ বয়স পাৰহৈ গৈছিল। তেওঁলোকে কিতাপ বা পঢ়া মনত ৰাখিব নোৱাৰিছিল; তথাপিও তেওঁলোকে পাৰেমানে চেষ্টা কৰিছিল। নাই! তথাপিও তেওঁলোক অকণো বিচলিত নহৈছিল!
তেওঁলোকৰ ইমান আগ্ৰহ, উৎসাহ, অধ্যৱসায়, আৰু কঠোৰ সাধনাত ব্ৰতী হোৱাৰ বিশেষ কাৰণো আছিল। তেওঁলোক সকলোৱেই নিজ পৰিয়াল আৰু নিজ জাতিক উন্নত কৰিবলৈ উঠি পৰি লাগিছিল। তেওঁ- লোকৰ কোনোৱেই নিজৰ সুখৰ নিমিত্তে নাভাবিছিল। তেওঁলোকে সদায় পৰৰ কথা, ভবিষ্যত বংশধৰ সকলৰ কথা, আৰু গোটেই নিগ্ৰ’জাতিৰ কথা- ভাবিছিল। সেই কাৰণেই লাজ, মান আৰু ভয় তেওঁলোকৰ কাৰ চাপিব নোৱাৰিছিল। আমাৰ চাহাব শিক্ষক আৰু শিক্ষয়িত্ৰীৰ কথা নো কি লিখিম? তেওঁলোকে নিগ্ৰ জাতিৰ নিমিত্তে যি ত্যাগ স্বীকাৰ কৰিছে আৰু চৰিত্ৰবল দেখুৱাইছে, সেই কাহিনীয়ে সভ্যতা-বুৰঞ্জীত অতি ওখ ঠাই অধিকাৰ কৰিব। মোৰ দৃঢ় বিশ্বাস, অতি সোনকালেই যুক্তৰাজ্যৰ দক্ষিণ অঞ্চলত সেই সকলৰ স্বাৰ্থত্যাগ, পৰোপকাৰ, মানৱসেৱা আৰু শিক্ষাপ্ৰচাৰৰ পুণ্য কাহিনী প্ৰচাৰিত হ'ব।
⸻
চতুৰ্থ অধ্যায়।
হেম্পটনত জীৱন গঠন আৰু পৰোপকাৰ
চাওঁতে চাওঁতেই হেম্পটন স্কুলত এবছৰ কটালোঁ। গৰমৰ বন্ধ আহিল। সকলো ল’ৰা নিজ নিজ ঘৰলৈ ওলাল। কিন্তু মই যাওঁ কেনেকৈ —হাতত পইচা এটাও নাই। মই মহা বিপদত পৰিলোঁ। স্কুলত থাকিবৰো সুবিধা নাই।
এটা বাহিৰা পুৰণি ছোলা আছিল। ভাবিলোঁ, ইয়াকে বেচি ঘৰলৈ যাম। ঘৰলৈ যাবলৈ পইচা নাই বুলি কাকো জানিবলৈ নিদিলোঁ। কোনো মতে বিচাৰি এটা গ্ৰাহক পালোঁ। তেওঁ মোৰ ছোলাটো চাবলৈ আহিল। দাম কৰিলোঁ ৯ টকা। তেওঁ ছোলাটো ভালকৈ লুটিয়াই - বগৰাই চাই নিলাজ ভাৱে ক'লে, “এটা কথা কওঁ শুনা; ছোলাটো এতিয়া মই নিওঁ, দাম সম্প্ৰতি দহ পইচা লোৱা, বাকীখিনি লাহে লাহে দি থাকিম।” তেওঁৰ কথা শুনি নই কপালে মূৰে হাত দিলো।
মোৰ বিশ্বাস আছিল, কোনোমতে হেম্পটন এৰিব পৰিলেই কাম পান। কিন্তু হেম্পটনকে সহজে এৰিব নোৱাৰোঁ। ইপিনে ব'ডিঙৰ পৰা ছাত্ৰ আৰু শিক্ষকসকল গুচি গ'ল। মই অকলে পৰি থাকিলোঁ। মোৰ আৰু দুখৰ সীমা নেথাকিল।
সি যি হওক, শেষত এখন চাহৰ দোকানৰ এটা কাম পালো। বানচ তেনেই কম। কিন্তু লিখা-পঢ়াৰ সময় যথেষ্ট পাইছিলোঁ। গৰমৰ বন্ধটো কোনো মতেই এইদৰেই কটালোঁ। গৰমৰ বন্ধৰ সময়ত মই স্কুলত প্ৰায় ৫০ টকা দিব লগীয়া আছিল। ভাবিছিলোঁ কাম কৰি সেই টকাৰে ধাৰ মাৰিম। বন্ধ অন্ত হ'ল, টকাৰো ধাৰ নমৰিল।
এদিন দোকানৰ এটা কোঠাৰ মেজৰ তলত এখন ৩০ টকাৰ নোট হেৰা পালোঁ। তেতিয়া মোৰ আনন্দ চাই কোনে? নোটখন মেনেজাৰৰ “ওচৰলৈ লৈ গ'লো। মনেতে ভাবিলো, অন্ততঃ কিছু তেওঁ দিব। কিন্তু তেওঁ গহীনাই উত্তৰ দিলে – “ময়ে সেই খিনিতে বহি কাম কৰোঁ, এতেকে নোটখন ময়ে পাব লগীয়া।"এই বুলি কৈয়েই তেওঁ নোটখন জেপত সোমাই থ'লে।
ইমান দুখত পৰিলে হতাশ হ'বৰে কথা। মই কিন্তু হতাশ কাক বোলে ক'ব নোৱাৰো। এতিয়ালৈকে জীৱনৰ কোনো অৱস্থাতেই নিৰাশা কেনেকুৱা জনা নাই। যেতিয়াই যি কামত হাত দিওঁ, মোৰ বিশ্বাস থাকে, সেই কামত কৃতকাৰ্য্য হ'মেই। গতিকে যি বিফলতাৰ আলোচনা কৰে তেওঁৰ লগত মোৰ মত নিমিলে। কৃতকাৰ্য্য কেনেকৈ হোৱা যায়, এই কথা যি বুজাই দিব পাৰে, মই তেওঁৰে ভক্ত।
বন্ধৰ পিচত আকৌ স্কুললৈ গ'লো। স্কুলৰ কৰ্তৃপক্ষক সুধিলোঁ, “ধাৰ শোধ কৰিবৰ ক্ষমতা মোৰ এতিয়াও হোৱা নাই। গতিকে মই পুনৰাই স্কুলত পঢ়িব পাৰিম নে?” সেই স্কুলৰ খাজাঞ্চিৰ নাম আছিল ‘সেনাপতি মাৰ্ছেল'। তেওঁ মোক ক'লে, “বাৰু আৰু এবছৰৰ কাৰণে তোমাক ল'লোঁ। তোমাৰ যেতিয়াই সুবিধা হয়, তেতিয়াই ধাৰ মাৰিবা।” এই বছৰো আগৰ বছৰৰ দৰেই খামচাগিৰি কৰিয়েই পঢ়িবলৈ ধৰিলো।
কিতাপ পঢ়াৰ উপৰিও মই হেম্পটনত নানা উপায়েৰে বেচি শিক্ষা লাভ কৰিছিলোঁ। দ্বিতীয় বছৰত মই শিক্ষকসকলৰ স্বাৰ্থত্যাগ আৰু চৰিত্ৰবল দেখি মোহিত হৈছিলো। তেওলোকে নিজৰ কথা নেভাবি কেবল পৰৰ কথাকে ভাবিছিল। যি আনক নানা উপায়েৰে সুখী আৰু কৰ্ম্মী কৰি তুলিব পাৰিছে, তেওঁৰ সমান সুখী আৰু এই সংসাৰত নাই। যি অতি পৰোপকাৰী, তেওঁ অতি সুখী। এই শিক্ষা মোৰ জীৱনত কেতিয়াও পাহৰা নাই।
হেম্পটনত মই নানা ৰকমৰ ভাল ভাল পশুপক্ষী, জীবজন্তুৰ বিষয়েও যথেষ্ট জ্ঞান লাভ কৰিছিলোঁ। যি ল'ৰাই সৰুৰে পৰা জীবজন্তুৰ গতিবিধি, অভ্যাস, স্বভাৱ, খোৱা-বোৱা, ৰোগ, ঔষধ আদি জানিবৰ সুবিধা পায়, তেওঁ ডাঙৰ হ'লে সেই বিষয়ত এজন পকা ওস্তাদ হয়। সেই বিদ্যাই তেওঁক জীৱনত অনেক সহায় কৰে।
দ্বিতীয় বছৰত বাইবেল শাস্ত্ৰ পঢ়াই মোৰ প্ৰধান শিক্ষা হৈছিল। কেৱল ধৰ্ম্মশাস্ত্ৰ বুলিয়েই নহয় সাহিত্য হিচাপেও সকলোৱেই বাইবেলখন পঢ়া উচিত। আজিকালি কামৰ হেঁচাতো, মই প্ৰতিদিন বাইবেলখনৰ দুই এক অধ্যায় নপঢ়াকৈ নেৰো। বাইবেলৰ উপকাৰিতা সম্বন্ধে মই কুমাৰী লৰ্ডৰ পৰা বিশেষ শিক্ষা পাইছিলোঁ। তেওঁৰ ওচতৰত মই আৰু এটা কাৰণত ধৰুৱা। মই কিছু বক্তৃতা দিবও জানো। আন কি সাহিত্য জগতত মই এজন বক্তা বুলিও বিখ্যাত। বক্তৃতা দিয়াৰ ক্ষমতা মোক কুমাৰী লৰ্ডেই শিক্ষা দিছিল। কেনেকৈ উশাহ নিশাহ ল'ব লাগে, কেনেকৈ শব্দ উচ্চাৰণ কৰিব লাগে, কেনেকৈ শব্দত জোৰ দিব লাগে—এই এটাইবোৰ বক্তৃতাৰ আনুষঙ্গিক কথা মই তেওঁৰ পৰাই শিকোঁ।
কেৱল বাকযুদ্ধ বা কথাৰ মেৰপাক দেখুৱাই ধন্যবাদ ল'বৰ নিমিত্তে মই বক্তৃতা দিবলৈ অভ্যাস কৰা নাই আৰু তেনে বক্তৃতা মই কেতিয়াও দিয়াও নাই। সৰুৰে পৰা মই পৰসেৱাত জীৱন পাত কৰিম বুলি ভাবিছিলোঁ। জগতৰ বিদ্যাভাণ্ডাৰ আৰু কৰ্ম্মকেন্দ্ৰবোৰৰ পুষ্টি সাধন কৰিবলৈ মোৰ বৰ আকাঙ্ক্ষা আছিল। মনতে ভাবিছিলোঁ, যদি কোনো উপায়েৰে জগতৰ কিবা উপকাৰ কধিব পাৰোঁ, বা কোনো অনুষ্ঠান আৰম্ভ কৰি তাত সফলতা লাভ কৰিব পাৰোঁ, তেনেহলে সেই বিষয়ে জনসমাজৰ দৃষ্টিও আকৰ্ষণ কৰিব লগাত পৰিব। এইদৰেই সদনুষ্ঠানৰ প্ৰচাৰ, সৎকৰ্ম্মৰ বিস্তাৰ আৰু সভাবৰ প্ৰসাৰ আদি কামৰ নিমিত্তেই মই বক্তৃতা দিবলৈ শিকিছিলোঁ-কেৱল মুখৰ মাহিলা মাৰি লোকৰ প্ৰশংসা লবৰ নিমিত্তে নহয়।
হেম্পটনত কেইবাখনো আলোচনা সমিতি আছিল। প্ৰতি শনিবাৰে সন্ধ্যাপৰত সেইবোৰৰ অধিবেশন বহিছিল। ইয়াৰ বাহিৰেও মই আক এখন সমিতি খুলিছিলো। ৰাতি খোৱাৰ পিচত ২০ মিনিটমান সময় এনেয়ে নষ্ট হয়। ল'ৰাবিলাকে গল্প কৰি সেই সময়খিনি কটায়। 20/22 জন ল'ৰা মিলি সেই সময়খিনি ব্যৱহাৰ কৰিবৰ নিমিত্তে এখন আলোচনা সমিতি খোলা গ'ল।
দ্বিতীয় বছৰৰ গৰমৰ বন্ধ আহিল। এই বাৰ মোৰ আৰ্থিক অৱস্থা ভালেই আছিল; বিশেষকৈ আয়ে আৰু ককাইদেৱে কিছু ধন পঠিয়াই দিছিল। তাৰ উপৰিও শিক্ষক এজনে অনুগ্ৰহ কৰি কেইটামান টকা দিছিল। এই বাৰ আনন্দ মনেৰে ঘৰলৈ ওলালোঁ।
ঘৰ পায়েই দেখোঁ, লোণৰ কল বন্ধ, কয়লাৰ খনিত কাম নাই; কুলিবিলাকে ধৰ্ম্মঘট কৰিছে।
যেতিয়াই কুলিবিলাকে দুই তিনি মাহৰ থোৱাৰ খৰচ ৰাহি কৰিব পাৰে, তেতিয়াই সিহঁতে কাম এৰি মহাজনক বিপদত পেলায়। সেই সাঁচতীয়া ধন খৰচ কৰি পুনৰ কামত সোমায়। এইদৰেই অনেক কুলী ধাৰত পোত খায়। তেতিয়া আগৰ একো ওজৰ আপত্তি নুতুলি কোনো হতে কাম এটা পালেই ৰক্ষা পৰে। মোটৰ ওপৰত ধৰ্ম্মঘট কৰি কুলীবিলাকৰ হে বিশেষ ক্ষতি হয়। অনেক সময়ত কৰ্তৃপক্ষ সকলেও অনেক কুলীক কামত পুনৰ সুমুৱাই নলয়। তেনে অৱস্থাত সিহঁতে ধাৰ কৰি ধন আনি কাম বিচাৰি আন ঠাইলৈ যাবলৈ বাধ্য হয়। মোৰ বিশ্বাস কিছুমান সুজোগ-প্ৰিয় আন্দোলনকাৰীৰ হাতত পৰিয়েই সিহঁতৰ দশা এনে হয়। ইয়াৰ বাহিৰে সেই ধৰ্ম্মঘটৰ আন একো অৰ্থ বিচাৰি নেপাওঁ।
মোক দেখিয়েই ঘৰত সকলোৰে আনন্দ মিলিল। আমাৰ গাৱঁৰ সকলো মানুহেই তেওঁলোকৰ ঘৰত এসাঁজ এসাঁজ ভাত খাবলৈ মাতিলে। ময়ো তেওঁলোকৰ আগত হেম্পটনৰ বিষয়ে নানা গল্প কৰিবলৈ ধৰিলোঁ।
তাৰ বাহিৰেও মই ধৰ্ম্মমন্দিৰত, ৰবিবাৰে স্কুলত আৰু আন আন কেইবা- ঠাইতো বক্তৃতা দিব লগাত পৰিলোঁ। দিন কেইটা ভালৰূপেই গ'ল। যি কেইদিন ঘৰত থাকোঁ, কাম কৰিবৰ মন গ'ল। কিন্তু ধৰ্ম্মঘটৰ কাৰণে ক’তো কাম এটাও নেপালোঁ।
এদিন কাম বিচাৰি বহু দূৰ পৰ্য্যস্ত গ'লো। কিন্তু ক'তো কাম নেপালো। উভতি আহোঁতে ৰাতি হ'ল। বাটতে এটা ভগা এৰাঘৰত ৰাতিটো শুই থাকিলোঁ। ৰাতি তিনি মান বজাত ককায়ে মোক তাতে জগালেগৈ। ৰাতিয়েই মোৰ আই ঢুকাল বুলি তেওঁ বাতৰি দিলে।
আইৰ মৃত্যু-বাতৰি পাই বৰ শোক পালো। আয়ে বহুত দিনৰ পৰা ভূগি আছিল। ইমান সোনকালে যে তেওঁ আমাক এৰি যাব, মই সেই কথা সপোনতো ভবা নাছিলোঁ। অন্তিমকালত তেওঁক সেৱা কৰিবৰ মোৰ বৰ আকাঙ্ক্ষা আছিল। শেষত তাৰ পৰাও বঞ্চিত হ'লোঁ। তেওঁৰ উৎসাহ আৰু আগ্ৰহতে মই লিখাপঢ়া কৰিব পাৰিছিলোঁ। তেওঁৰ অভাৱত মই বৰ দুখ পালোঁ। এনে দুখ আৰু মই আগেয়ে কেতিয়াও পোৱা নাছিলো। ইয়াৰ পিচত মই আন নানা দুখকো দুখ বোলা নাই।
আইৰ মৃত্যুৰ পিচতেই আমাৰ ঘৰ ভাগিল। ভনীজনী সৰু; তাই কোন পিনে কি কৰিব? কেতিয়াবা এমুঠি খাবলৈ পাওঁ, কেতিয়াবা সিও নহয়। তাৰ ওপৰত মোৰ চাকৰী নাই। এই দুখৰ দিনত বাকনাৰ পত্নীয়ে মোক এটা কাম দিছিল। তেওঁৰ কাম কৰিয়েই মই হেম্পটনলৈ যোৱাৰ খৰচটো উলিয়ালো। ককাইদেৱেও দুটামান ছোলা গোটালে।
স্কুল খুলিবলৈ আৰু তিনি সপ্তাহ বাকী, এনেতে আমাৰ প্ৰধান শিক্ষয়িত্ৰী কুমাৰী মেৰীৰ পৰা এখন চিঠি পালোঁ। তেওঁ মোক সোনকালে গৈ ঘৰবাৰীবোৰ চাফ ৰাখিবলৈ মাতিছিল। তেওঁৰ চিঠি পাই মই বৰ সুখী হ'লোঁ আৰু পলম নকৰি হেম্পটনলৈ যাত্ৰা কৰিলোঁ।
সেইখিনি পায়েই দেখোঁ, কুমাৰী মেকীয়ে নিজ হাতেৰেই বৰ দুয়াৰ চ'কি মেজ আদি সকলোবোৰ চাফ কৰিব লাগিছে। তেওঁৰ কাম দেখি মোৰ দুটা শিক্ষ৷ হ'ল। অতি সম্ভ্ৰান্ত বংশীয়া আৰু উচ্চ শিক্ষিতা ভদ্ৰ মহিলায়ো সাধাৰণ বন্দি-বেটীৰ দৰে শাৰীৰিক পৰিশ্ৰম কৰিবলৈ লাজ নকৰে! কোনো প্ৰতিষ্ঠানৰ কৰ্ত্তা বা পৰিচালক হোৱা মুখৰ কথা নহয়। তেনে কামত যথেষ্ট দায়িত্ব আছে। মেৰীৰ দায়িত্বজ্ঞান প্ৰবল আছিল। স্কুল বহাৰ আগতে সকলো কাম শেষ কৰি থ'ব লাগে বুলি তেওঁ জানিছিল। কোনো কামত শৃঙ্খলা নাথাকিলে তেওঁক সকলোৱে নিন্দা কৰিব তেওঁ এই কথা মনত লৈ চলিছিল।
তেতিয়াৰে পৰা নেতাৰ কৰ্ত্তব্য আৰু যোগ্যতা সম্বন্ধে মোৰ যথেষ্ট জ্ঞান হয়। কি ধনী কি নিধনী, কি উচ্চ কি নীচ সকলোৰেই নিজ হাতে পৰিশ্ৰম কৰিবলৈ শিকা উচিত। মেৰীৰ দৃষ্টান্তই মোৰ এই ধাৰণা বদ্ধমূল কৰিছিল।
হেম্পটনত মোৰ এই বছৰ শেষ বছৰ। মই অতি পৰিশ্ৰম কৰি পঢ়াশুনা কৰিবলৈ ধৰিলোঁ। যথাসময়ত নই ‘অনাৰ' পাচ কৰিলোঁ। সকলোৱেই এই ‘পাচত' গৌৰৱ অনুভৱ কৰিবলৈ ধৰিলে। মোৰ তেতিয়া ১৬ কি ১৭ বছৰ। মই হেম্পটনত থকা তিনি বছৰত যিখিনি শিক্ষা লাভ কৰিলোঁ সেয়ে মোৰ ভবিষ্যত জীৱনৰ সম্বল হ'ল। মই হেম্পটনৰ গ্ৰেজুয়েট হলো; চাৰ্টিফিকেট, পালোঁ। ইপিনে হাততো এটা পইচা নোহোৱাত পৰিল। এটা হোটেলত এটা চাকৰী পালোঁ। এজনৰ পৰা কিছু টকা ধাৰ কৰি সেই হোটেললৈ গ'লো।
মোৰ বিদ্যাবুদ্ধি দেখি হোটেলৰ কৰ্ত্তাই মোক পৰিবেশনৰ ভাৰ দিলে। মই সেই বিষয়ে তেনেই অনভিজ্ঞ আছিলোঁ। এদিন কেইজনমান ডাঙৰ মানুহ সেই হোটেলতে খাবলৈ বহিছিল। মই পৰিবেশনৰ একো নিয়ম প্ৰণালী নেজানো দেখি, মোৰ ওপৰত তেওঁলোকৰ খঙ উঠিল। তেওঁলোকে মোক মাৰিবলৈ আহিল। মই ভয়তে কাম এৰি দি গুচি আহিলোঁ। তেওঁলোক মেজৰ ওচৰতে বহি থাকিল। মই তেওঁলোকক একোকে খাবলৈ নিদিলোঁ।
এই ঘটনাৰ পিচত মই আকৌ তল খাপৰ বেহাৰাৰ কাম কৰিব লগীয়াত পৰিলোঁ! লাহে লাহে পৰিবেশনৰ কামো শিকিলো। পিচত পৰিবেশনৰ ভাৰ আকৌ মোৰ হাতত পৰিল। যি হোটেলতে মই এতিয়া খামচাগিৰি কৰিছোঁ, সেই হোটেলতে এদিন মই পইচা খৰচ কৰি আলহি আছিলোঁ। সংসাৰত এনে পৰিবৰ্ত্তন সদায় ঘটিবই লাগিছে।
হোটেলৰ কাম এৰি মই ঘৰলৈ গ'লো। আমাৰ তাত নিগ্ৰ' স্কুলৰ এজন শিক্ষক নিযুক্ত হ'লোঁ। এতিয়াহে মোৰ সুখৰ দিন আৰম্ভ হ'ল। কিয়নো এতিয়াহে মই নিগ্ৰ' বিলাকৰ নিমিত্তে কাম কৰিবৰ কাৰণে উপযুক্ত বুলি বিবেচিত হ'লো। ইমান দিনৰ পিছতহে মই নিজৰ গাৱঁৰ মানুহৰ উন্নতি কৰিবৰ নিমিত্তে সুযোগ পালোঁ।
প্ৰথমতেই বুজিলোঁ, কেৱল কেইখনমান কিতাপ পঢ়ালেই নিগ্ৰ’বিলাক 'মানুহ' নহব। সিহঁতৰ সমস্ত জীৱনটো নতুন ভাৱে গঢ়িব লাগিব। সেই কাৰণেই ৰাতিপুৱা ৮টাৰ পৰা ৰাতি ১০টা পৰ্য্যন্ত খাটিবলৈ ধৰিলোঁ। স্কুলত পঢ়োৱাৰ বাদেও গাওঁফুৰা আৰু গাওঁচোৱা মোৰ প্ৰধান কাম আছিল। মই ল'ৰাবিলাকৰ ঘৰে ঘৰে যাবলৈ ধৰিলোঁ। মই সিহঁতক গা ধুবলৈ, কাপোৰ নিকা কৰিবলৈ, দাঁত মাজিবলৈ আৰু চুলি অতাবলৈ উপদেশ দিবলৈ ধৰিলো। তাৰ বাহিৰেও নিজ হাতেবে নিহঁতক অনেক কাম কৰিবলৈ শিকাইছিলোঁ। এইবিলাক কামৰ উপকাৰিতাও সিহঁতক বুজাইছিলো। এই উপায়েৰে অতি সহজেই নিগ্ৰ' গাওঁবিলাকত স্বাস্থ্যৰক্ষা আৰু শৰীৰ পালনৰ নিয়মবোৰ প্ৰচাৰ হ'বলৈ ধৰিলে। দাঁত-মজা আৰু গা-ধোৱা সম্পৰ্কে মই প্ৰায়েই সিহঁতৰ আগত বক্তৃতা দিছিলোঁ। যি দিনৰ পৰাই নিগ্ৰ’বিলাকে দাঁত মাজিবলৈ আৰম্ভ কৰিলে, সেই দিনাই সিহঁতে উন্নতি জখলাৰ প্ৰথম খোপত ভৰি দিলে।
গাৱঁৰ মতা-তিৰোতা সকলো মানুহেই লিখাপঢ়া শিকিবলৈ মন মেলিলে। দিনত সিহঁতে নানা ঠাইত কাম কৰি পেটৰ ভাত মোকলাইছিল; সেই কাৰণেই সিহঁতৰ নিমিত্তে মই 'ৰাতিৰ স্কুল' স্থাপন কৰিলো। প্ৰথমৰ পৰাই সেই স্কুলত ছাত্ৰৰ সংখ্যা বাঢ়িবলৈ ধৰিলে। ৫০ বছৰীয়া মানুহৰো পঢ়াত ধাউতি দেখি মই আচৰিত হলো। গাৱঁৰ ভিতৰতে এটা লাইব্ৰেৰী আৰু এখন আলোচনা সমিতি পাতিলোঁ। ইয়াৰ বাহিৰেও ৰবিবাৰে কৰিবলগীয়া কেইবাটাও কাম হাতত ললোঁ। নিজৰ স্কুলত পঢ়োৱাৰ বাহিৰেও, তিনি মাইলমান আঁতৰত আৰু এখন স্কুলত ৰবিবাৰেও পঢ়াবলৈ ললোঁ। তাৰ বাহিৰেও কেইবাটা ল'ৰাকো সিহঁতৰ ঘৰতে পঢ়াবলৈ ধৰিলোঁ। এইবোৰ কামৰ বাবে স্কুলৰ তহবিলৰ পৰা সামান্য বানচো পাইছিলোঁ। কিন্তু আছল কথা ক'বলৈ গ'লে, মই ধনৰ লোভত এনে কাম কৰা নাছিলো। নিগ্ৰ’ সমাজৰ উন্নতিৰ কাৰণেই মই ইমানবোৰ কাম আনন্দমনেৰে হাতত লৈছিলোঁ।
মোৰ পঢ়াদিনত মোৰ ককাইদেউ 'জনে' কয়লাৰ খনিত কাম কৰিয়েই ঘৰ চলাইছিল। মোক সাহায্য কৰিবৰ নিমিত্তে তেওঁ পঢ়াশুনা একোকে নকৰিছিল। গতিকে মই এতিয়া তেওঁক হেম্পটনলৈ পঠাবলৈ যত্ন কৰিলোঁ। তিনি বছৰ পঢ়ি তেৱোঁ হেম্পটনৰ বিদ্যা শেষ কৰিলে। এতিয়া তেওঁ টাস্কেগী স্কুলৰ শিল্প-বিভাগৰ পৰিচালক। 'জন' তাৰ পৰা ঘূৰি অহাত, দুয়ো মিলি আমাৰ তোলনীয়া ভাই 'জেমচকে৷' শিক্ষাৰ নিমিত্তে হেম্পটনলৈ পঠালোঁ। তেৱোঁ শিক্ষা সাং কৰি ইয়াতে এটা ডাকঘৰত কাম ল'লে।
মোৰ প্ৰথম বছৰটো ( ১৮৭৭ চন) এই দৰেই গ'ল। এই সময়তে আমেৰিকাৰ চাহাব সকলৰ মাজত কেইবাটাও গুপ্ত সমিতি গঠিত হৈছিল।
তেওঁলোকে লাহে লাহে নিগ্ৰ' জাতিক ৰাষ্ট্ৰীয় অধিকাৰ নিদিবৰ কাৰণেই কামেকাজে লাগি গ'ল। এই সমিতিবোৰৰ নাম আছিল, ‘কু-ক্ল, ক্চ ক্লেন'।
গোলামীৰ যুগত এনে সমিতি বহুত আছিল। সেই সমিতিৰ সভ্য সকলে ৰাতি নিগ্ৰ'বিলাকৰ মহলে মহলে ঘূৰি পহৰা দিছিল। নিগ্ৰ’বিলাকে কিবা গুপ্ত পৰামৰ্শ কৰিছে নে নাই, কোনোবা ক'ৰবালৈ পলাই গৈছে নে নাই এইবোৰ কথাৰ সম্ভেদ লৈছিল। সেইবোৰ সমিতিৰ দৰে এই 'কু-ক্ল, কুচ ক্লেন' সমিতিবোৰে ৰাতি আমাৰ ওপৰত গুপ্তচৰৰ কাম কৰিছিল। আমাৰ ৰাষ্ট্ৰীয় উন্নতিৰ যে অকল তেওঁলোক বিৰোধী আছিল এনে নহয়। তেওঁলোকৰ উপদ্ৰৱত আমাৰ ধৰ্ম্মমন্দিৰ, বিদ্যামন্দিৰ আদি অনুষ্ঠানবোৰ তিস্থিব নোৱাৰিছিল। আচলতে আমাৰ কোনো কামেই তেওঁলোকৰ দিনত নিৰাপদ নাছিল। তেওঁলোকৰ হাতত বহুত নিগ্ৰ'ৱেও প্ৰাণ দিয়ে। এবাৰ এখন সৰুসুৰা যুদ্ধও হৈছিল। সেই যুদ্ধত ক'লা বগা দুয়ো বিধৰ প্ৰায় ২৫০ মানুহে কাজিয়া কৰিছিল। সেই যুদ্ধত ভাল ভাল অনেক মানুহ আহত হৈছিল। মোৰ পুৰণি মালিক জেনাৰেল ৰাকনাৰে আমাৰ পক্ষ লৈ সিহঁতৰ লগত তৰ্ক কৰিছিল। লাভৰ ভিতৰত সিহঁতৰ গটাগুটলিত জেনাৰেল বাকনাৰে প্ৰাণ এৰিলে। আমাৰ নিমিত্তেই সেই সাধুপুৰুষৰ প্ৰাণ গ'ল। ‘কু-ক্ল কচ'ৰ দিন আৰু এতিয়া নাই। দক্ষিণ অঞ্চলৰ বগা আৰু ক'লাৰ মাজত প্ৰীতিভাবে দেখা দিলে।
________
পঞ্চম অধ্যায়।
যুক্তৰাজ্যত নতুন যুগ।
১৮৬৭ চনৰ পৰা ১৮৭৮ চনলৈকে এইখিনি সময়ক যুক্তৰাজ্যত নতুন যুগ বুলিব পাৰি। এইখিনি কালৰ ভিতৰতে মই শিক্ষা শেষ কৰি ভাৰ্জিনিয়াত শিক্ষকতা কৰিছিলোঁ। এই যুগত নিগ্ৰ'সমাজত দুটা প্ৰধান পৰিবৰ্ত্তন দেখা গ'ল। প্ৰথমতে লেটিন আৰু গ্ৰীক শিকিবৰ নিমিত্তে তেওঁলোকৰ বৰ আগ্ৰহ দেখা গ'ল, দ্বিতীয়তে লিখাপঢ়া শিকি চাকৰি কৰিবলৈ তেওঁলোক উত্ৰাৱল হ'ল।
ইমান দিন গোলামী কৰাৰ পিচত তেওঁলোকে যে শিক্ষাৰ আচল অৰ্থ বুজিব নোৱাৰিছিল, ই স্বাভাৱিক। সি যি হওক, এই যুগতে প্ৰত্যেক গাওঁতে নানা ধৰণৰ স্কুল স্থাপন হ'বলৈ ধৰিলে। সেই বিলাকৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যাও কম নাছিল। ৬০৷৭০ বছৰীয়া বুঢ়াবুঢ়ীয়েও আনন্দমনেৰে লিখাপঢ়া কৰিবলৈ ধৰিলে। তেওঁলোকে ভাবিছিল যে, স্কুলত পঢ়িলে পৰিশ্ৰম কৰিব নালাগে, অফিচত কেৰাণী কাম পালেই সুখেৰে দিন নিয়াব পাৰিব। তেওঁলোকৰ মতে লেটিন আৰু গ্ৰীক নাজানিলে মানুহ পণ্ডিত হ'ব নোৱাৰে। আন কি সেই সময়ত মোৰো তেনে ধাৰণাই আছিল।
অলপ লিখাপঢ়া শিকিয়েই সকলো মানুহ শিক্ষক আৰু ধৰ্ম্ম প্ৰচাৰক হ'বলৈ ওলাল। আন কি নিজৰ নামটো চহি কৰিব নোৱাৰা মানুহো অনেক ঠাইত শিক্ষক নিযুক্ত হ'ল। এবাৰ এজন মানুহে মোৰ স্কুলত পণ্ডিতৰ কাম বিচাৰি আহিছিল। মই তেওঁক সুধিলোঁ, “ ডাঙ্গৰীয়া, পৃথিবীৰ আকাৰ সম্বন্ধে আপুনি ল'ৰাহঁতক কি শিকাব কওকচোন?” তেওঁ তেতিয়াই উত্তৰ দিলে, “পৃথিবী ঘূৰণীয়া নে চেপেটা, সেই বিষয় লৈ মূৰ ঘমোৱাৰ একো আৱশ্যক নাই। সেই বিষয়ে স্কুলৰ কৰ্ত্তাৰ যি মত, ময়ো সেই মতকে ল'ৰাহঁতক শিক্ষা দিম।” সেই সময়ত শিক্ষক সকলৰ অৱস্থা এনেকুৱাই আছিল।
ধৰ্ম্মপ্ৰচাৰক সকলৰ অৱস্থা আৰু বেয়া আছিল। অতি মূৰ্খ আৰু চৰিত্ৰহীন মানুহে ধৰ্ম্মপ্ৰচাৰকৰ দল বঢ়াইছিল। যোগ্যতা থাওক, নেথাওক, সকলোৱেই ভাবিছিল “মই এজন ভগবানৰ আদিষ্ট পুৰুষ।” চাওঁতে চাওঁতে অনেক নিগ্ৰীৱেই এনে ধৰণৰ ভগবানৰ আদেশ পাবলৈ ধৰিলে।
লাহে লাহে স্কুলৰ ল'ৰা কমিবলৈ ধৰিলে। এদিন গৈ তাৰ কাৰণ সোধাত জানিব পাৰিলো যে, সিহঁতেও 'আদেশ' পাই ধৰ্ম্ম গুৰুৰ কামত নিযুক্ত হৈছে!
এদিন গিৰ্জ্জাঘৰত বহি উপাসনা কৰিছোঁ, এনেতে হঠাৎ মাতবোল নোহোৱাকৈ এজন মানুহ ধাচ কৰে মাটিত পৰি গ'ল। বহুত পৰ তেওঁ সেইদৰেই ৰ'ল। তেতিয়াই প্ৰচাৰ হৈ পৰিল যে তেওঁ আদেশ পাইছে! তাৰ পিচতেই তেওঁ এজন ধৰ্মগুৰু হ'ল! এনে ধৰণৰ গুৰু প্ৰতি গাৱঁতে আছিল। আৰু এইদৰে প্ৰতি সপ্তাহত দুই চাৰিজনে আদেশ পাইছিল।
সেই বয়সত ভগবানৰ আদেশ পাওঁ বুলি মোৰো বৰ ভয় হৈছিল। ঈশ্বৰৰ ইচ্ছা, তেনে আদেশ আৰু নেপোলো। এটা ধৰ্ম্মমন্দিৰৰ কথা এতিয়াও মনত আছে। সেই মন্দিৰৰ উপাসনাকাৰী আছিল ২০০০ জন, অথচ প্ৰচাৰকৰ সংখ্যা আছিল ১৮ জন।
এতিয়া আৰু সেই আদেশত পৰা ধৰ্ম্মপ্ৰচাৰকৰ দিন নাই। ধৰ্ম্ম অৱস্থা আগতকৈ বহুত উন্নত হৈছে। আশা কৰো ৩০/৪০ বছৰৰ ভিতৰত ধৰ্ম্মৰ অৱস্থা আৰু টনকিয়াল হ'ব। এতিয়া অনেকে ধৰ্ম্ম প্ৰচাৰকৰ কাম এৰি দি খেতি-বাতিত লাগিছে। অনেক শিক্ষিত আৰু চৰিত্ৰবান মানুহ ধৰ্ম্মকাৰ্য্যত ব্ৰতী হৈছে। শিক্ষাবিভাগতো শিক্ষিত আৰু চৰিত্ৰবান মানুহৰ সংখ্যা দিনক দিনে বাঢ়িছে।
যুক্তৰাজ্য প্ৰতিষ্ঠাৰ দিনত আমাৰ মানুহবিলাকে সকলো বিষয়তে যুক্তৰাজ্যৰ দৰবাৰৰ মুখলৈ চাইছিল। কিয়নো যুক্তৰাজ্যৰ চৰকাৰেই আমাক স্বাধীন কৰি দিছিল। তেওঁলোকে প্ৰায় দুশ বছৰ আমাক গোলাম খটুৱাই সকলো বিষয়তে উন্নত হৈছে। গোলামৰ তেজেৰেই যুক্তৰাজ্যৰ কৃষি, শিল্প আৰু ব্যৱসায় আদিৰ শ্ৰীবৃদ্ধি হৈছে। আমাৰ তেজ মঙহৰ ভেঁটিৰ ওপৰতেই চৰকাৰে সকলো প্ৰকাৰৰ অনুষ্ঠান প্ৰতিষ্ঠিত কৰিছে। তেনে স্থলত আমাক স্বাধীন কৰি দিয়েই তেওঁলোকে হাত সবিটি বহি থকা উচিত হোৱা নাই। আমাৰ স্বাধীনতা ঘোষণা কৰাৰ লগে লগে তেওঁলোকে আমি সকলো বিষয়তে খুটি খাব পৰাকৈ ব্যৱস্থা কৰাও উচিত আছিল। আমাৰ সমাজত যাতে শিক্ষাৰ বিস্তাৰ হয়, তাৰ বাবেও তেওঁলোকে যত্ন লোৱা উচিত আছিল। তাকে কৰা হ'লে, আমি এতিয়া কেচুৱাই মাকক বিচৰাৰ দৰে সকলো বিষয়তে তেওঁলোকলৈ আশা পালি থাকিব নালাগিল হেঁতেন। বৰ দুখৰ বিষয় যে, আমাৰ মানুহে এতিয়াও তেওঁলোকৰ মুখলৈকে চাই আছে। যুক্তৰাজ্যত শাসন-বিচাৰাদি কাম দুখন দৰবাৰত নিষ্পন্ন হয়। কিছুমান কাম প্ৰাদেশিক দৰবাৰবোৰেই কৰিব পাৰে। প্ৰাদেশিক দৰবাৰবোৰে এই সম্পৰ্কে সকলো বিষয়তে স্বাধীনতা ভোগ কৰে। আন পক্ষে কিছুমান বিষয় আছে, সেইবোৰত প্ৰাদেশিক দৰবাৰবোৰৰ একো হাত নাই। এইবোৰ কাৰ্য্যৰ ভাৰ দৰাচলতে ফেডাৰেল চৰকাৰ বা যুক্তৰাজ্যৰ দৰবাৰৰ ওপৰত। এতেকে “ফেডাৰেল চৰকাৰে” যি কাম বা ব্যৱস্থা কৰে তাক সাধাৰণতে 'জাতীয়' বুলি ধৰা হয়।
মোৰ মনেৰে নিগ্ৰ’সমস্যাও তেওঁলোকৰ জাতীয় সমস্যা। কোনোমতেই প্ৰাদেশিক সমস্যা নহয়। নিগ্ৰ’জাতিয়ে আজি ইমান দিন যি কাম কৰিলে, আমেৰিকাৰ সকলো প্ৰদেশতেই তাৰ সুফল ফলিছে। গতিকে নিগ্ৰ’জাতিক মানুহ কৰিবৰ নিমিত্তে প্ৰাদেশিক দৰবাৰবিলাকক উপদেশ দিয়েই যুক্তদৰবাৰ নিশ্চিন্তে বহি থকা উচিত হোৱা নাই। এতিয়াও প্ৰাদেশিক দৰবাৰে আমাৰ নিমিত্তে যি কৰিছে কৰোক; কিন্তু সেই বুলি 'জাতীয় বিধান'ৰ পৰা আমালোকে ন্যায় আৰু ধৰ্ম্মমতে অনেক আশা কৰোঁ।
যুক্তদৰবাৰে আমালোকৰ শিক্ষাৰ নিমিত্তে ৰাজতহবিলৰ পৰা বছৰে বছৰে কিছু টকা দিব পাৰিলেহেঁতেন, সেই দৰবাৰলৈ প্ৰতিনিধি পঠাবলৈ আমাক কিছু ৰাষ্ট্ৰীয় অধিকাৰ দিব পাৰিলেহেঁতেন, সেই দৰবাৰেই ক'লা আৰু বগাৰ প্ৰভেদ গুচাবৰ নিমিত্তে যথাবিহিত কাম কৰিব পাৰিলেহেঁতেন। কিন্তু যুক্তদৰবাৰে সেইবোৰ কাম কৰিবলৈ ভাল নেপালে বা নকৰিলে।
ফেডাৰেল চৰকাৰে আমাৰ প্ৰতি যি বিচাৰ কৰিলে সেই বিচাৰ আদিতে ভুল।
প্ৰথমতে তেওঁলোকে আমাক অশিক্ষিত বুলি আপত্তি কৰি সকলো- বোৰ কাম বগা মানুহক দিলে। দ্বিতীয়তে উত্তৰ অঞ্চলৰ মানুহে দক্ষিণ অঞ্চলৰ মানুহক অপমান দিবৰ কাৰণে অনেক সময়ত চাহাবৰ ওপৰত নিগ্ৰ'ক দায়িত্বপূৰ্ণ কাম দিছিল। মোৰ মনেৰে এই দুই ব্যৱস্থাই ভুল। এনে ব্যৱস্থাত আমালোকৰ হে বেচি ক্ষতি হোৱাৰ সম্ভাবনা। কিয়নো আমাৰ মানুহে ডাঙৰ কাম পাম বুলি আশা পালি কৃষিশিল্প প্ৰভৃতি ঘৰৰ কামবোৰ একেবাৰেই এৰি দিলে। সেইহে কওঁ এই ব্যৱস্থা বেচি দিন স্থায়ী নহয়।
ৰাজনৈতিক আন্দোলন বা মজাৰ আন্দোলন। অতি সামান্য বিদ্যা লৈয়েই নিগ্ৰ’বিলাকে এই আন্দোলনৰ নেতা হ'বলৈ ধৰিলে। কিমান নিগ্ৰ' যে, এইদৰেই প্ৰাদেশিক মন্ত্ৰণাসভাৰ সভ্য হৈছিল, তাৰ লেখাজোখ নোহোৱা হ'ল। ময়ো এবাৰ এই সুযোগত পৰিব খুজিছিলোঁ। ভাগ্যে ঈশ্বৰে ৰক্ষা কৰিলে!
সি যি হওক, লাহে লাহে অনেক নিগ্ৰ’ৱেই ৰাজনৈতিক আন্দোলনত যোগদান দিলে। কোনোৱে কোনোৱে অৱশ্যে অতি সুখ্যাতিৰে দায়িত্বপূৰ্ণ কামো চলাবলৈ ধৰিলে। কেইবাজন প্ৰদেশৰ গৱৰ্ণৰ পৰ্যন্তও হৈছিল। তেওঁলোকে অতি সুখ্যাতিৰে কাম কৰি নাম ৰাখি থৈ গৈছে। তথাপিও বেচি ভাগ কৰ্ম্মচাৰীৰ মাজত অনেক ত্ৰুটী, অনেক অসম্পূৰ্ণতা দেখা গৈছিল। আজিকালি সেইবোৰ দোষ আৰু ধৰা নপৰে। এতিয়া আমালোকে নিতান্ত মূৰ্খৰ দৰে কাম নকৰোঁ। যোৱা ৩০ বছৰৰ শিক্ষা আৰু অভ্যাসৰ ফলত নিগ্ৰ বিলাকে যথেষ্ট অভিজ্ঞতা লাভ কৰিছে।
মোৰ মনেৰে এতিয়া প্ৰত্যেক প্ৰাদেশিক ৰাষ্ট্ৰই যথাৰ্থ ন্যায় সঙ্গত আইন প্ৰস্তুত কৰক। সেই আইন অনুসাৰে তেওঁলোকে ক'লা আৰু বগাৰ প্ৰভেদ তুলি দিয়ক; জাতিধৰ্ম নিৰ্ব্বিশেষে সক- লোকে সকলো কামৰ অধিকাৰ দিয়ক। তাকে কৰিলে, সকলোৰে মঙ্গল - আমাৰ মঙ্গল, আৰু সমস্ত আমেৰিকাবাসীৰো মঙ্গল। যুক্ত ৰাজ্যই যদি এনেবোৰ কাম কৰিবলৈ অৱহেলা কৰে, গোটেই ৰাজ্যত অচিৰেই কুলক্ষণে দেখা দিব। ৩০ বছৰৰ আগেয়ে দাসত্ব প্ৰথা যেনে পাপ কাৰ্য্য বুলি বিবেচিত আছিল, মই কওঁ, আমাক এনে দোমোজাত এৰাও তেনে পাপ হৈছিল।
১৮৭৮ চনলৈকে, মই মেলডেনত দুবছৰ শিক্ষকৰ কাম কৰি ৱাচিংটন নগৰত ৮ মাহৰ কাৰণে আকৌ পঢ়াশুনা কৰিবলৈ গৈছিলোঁ। সেইখন স্কুলতো মই যথেষ্ট শিক্ষা লাভ কৰিলো। এইখন স্কুলৰ শিক্ষা হেম্পটনতকৈ বেলেগ ধৰণৰ। ইয়াৰ ল'ৰাৰিলাকৰ পইচা আছিল; সিহঁতে ভালদৰে সাজপাৰ পিন্ধিব জানিছিল, আৰু বেচি ভাগ ল'ৰায়েই বুদ্ধিমান আছিল। এই স্কুলৰ কেৱল মাত্ৰ এটা দোষ আছিল—ইয়াত শিল্প বিভাগ নাছিল। সেই কাৰণেই ৱাচিংটনৰ ছাত্ৰবোৰ আত্মনিৰ্ভৰশীল নাছিল। জীবনৰ প্ৰকৃত ভেটি আত্মসম্মান, আত্ম প্ৰতিষ্ঠা আৰু আত্মশক্তি আৰু বিশ্বাসৰ ওপৰত ৱাচিংটনৰ ছাত্ৰবিলাকৰ চকু নাছিল। তেওঁলোকে গ্ৰীক লেটিন সম্বন্ধে বেচি শিক্ষা পাইছিল; কিন্তু দৈনন্দিন জীৱনযাত্ৰাৰ প্ৰণালী সম্বন্ধে তেওঁলোক একেবাৰেই অজ্ঞ আছিল। এই স্কুলত ভাল খাই, ভাল লৈ দুদিনতে আলসুৱা হৈ পৰিছিল। আৰু সেই কাৰণেই সদায় সুখৰ চাকৰী বিচাৰি হাৰাশাস্তি হৈছিল। হেম্পটনৰ ছাত্ৰৰ দৰে তেওঁলোকে গাঁৱে ভুঁঞে ফুৰি কঠোৰ পৰিশ্ৰম কৰি পেটৰ ভাত মোকলাবলৈ বৰ টান পাইছিল।
মই যি কেই মাহ ৱাচিংটনত আছিলে। সেই সময়ত অনেক নিগ্ৰ' সেই নগৰলৈ আহিছিল। প্ৰায় সকলো মানুহেই নিজৰ গাওঁ ভূঁই এৰি নগৰলৈ আহিছিল। চহৰৰ বিলাস এৰি তেওঁলোক এতিয়া গাৱঁত থাকিব নোৱাৰাত পৰিছিল। কোনোৱে সৰু সৰু চাকৰী লৈয়েই তালৈ আহিছিল,কোনোৱে আকৌ যুক্তদৰবাৰত ডাঙৰ কাম পাবলৈকে খাপ লৈ আছিলহি।কোনো কোনোৱে মন্ত্ৰণা সভাতো সভ্যৰূপে কাম কৰিছিল। মাননীয় ব্ৰুচ্ চিনেট সভাৰ সভ্য আছিল। এই এটাইবোৰ কাৰণৰ বাবেই ৱাচিংটন নগৰখন নিগ্ৰ' বিলাকৰ কাৰণে এখন বৰ ৰম্য স্থান হৈ পৰিছিল। চাওঁতে চাওঁতেই নিগ্ৰ’বিলাকে এখন বেলগ চহৰ পাতি পেলালে। সিহঁতৰ নিমিত্তে ঠায়ে ঠায়ে কেইবাখনো স্কুল পতা হ'ল। সেই স্কুলবোৰ আন ঠাইৰ স্কুলতকৈ অনেক গুণে ভাল হৈছিল। অনেক দিনলৈকে মই নগৰ চাই চিত্তি আমাৰ সমাজৰ গতিবিধি আৰু নৈতিক অৱস্থা বুজিবলৈ চেষ্টা কৰিছিলো।
লাহে লাহে ডাঙৰ চহৰৰ কুফলবোৰে আমাৰ সমাজকো আক্ৰমণ কৰিবলৈ ধৰিলে। নিগ্ৰ’বিলাকৰ মাজত ভাল মানুহ যে নাছিল এনে নহয়—কিন্তু বেচি ভাগেই অকামিলা আছিল। অনেকৰ বাবুগিৰি আৰু বিলাসিতা দেখি মই আচৰিত হৈছিলোঁ। মাহে ৩০/৩৫ নোপোৱা মানুহেও বাগীত উঠি ফুৰিবলৈ চোৱা হ'ল। মাহে ২০০। ২৫০ পোৱা কৰ্ম্মচাৰীয়েও ধাৰ নকৰাকৈ ঘৰ চলাব নোৱাৰাত পৰিল। কালি যিজন জাতীয় সভাৰ সভ্য, আজি তেওঁৰ কাম নাই, আজি তেওঁৰ খাবলৈ নাই।এইদৰেই প্ৰতি কথাতে প্ৰতি কামতে তেওঁলোকে চৰকাৰৰ মুখলৈ চাইছিল।
চহৰত তেওঁলোকৰ অৱস্থা দেখি মোৰ সঁচাকৈয়ে বৰ বেজাৰ লাগিছিল। সময়ে সময়ে ভাবিছিলোঁ, মোৰ সাধ্য থকা হ'লে, হই কিবা মোহিনী মন্ত্ৰ জনা হ'লে, সকলোকে চহৰ এৰুৱাই গাৱঁলৈ লৈ গৈ প্ৰকৃতিৰ কোমল কোলাত বহুৱাই দিলোহেঁতেন। আৰু তেওঁলোকেও গাৱঁত নিজহাতে খেতি বাতি কৰি অতি সহজেই পেটৰ ভাত মোকলাব পাৰিলেহেঁতেন।
গাৱঁলীয়া খেতিবাতি, গাৱঁলীয়া শিল্পই সকলো জাতিৰ সভ্যতাৰ প্ৰথম স্তৰ। প্ৰথম অৱস্থাতে গাঁৱলীয়া জীৱন কষ্টসাধ্য হব পাৰে, কিন্তু শেহত, অভ্যাসৰ ফলত এই জীৱনত সকলো উন্নতিয়েই সহজসাধ্য হৈ পৰে। ৱাচিংটনত নিগ্ৰ’ ছোৱালীবিলাকৰ অৱস্থা আৰু শোচনীয়। আগেয়ে অনেক তিৰোতাই কাপোৰ কানি ধুই পেটৰ ভাত মোকলাইছিল। মাকহঁতক দেখিদেখি ছোৱালীবিলাকেও কাপোৰ-ধোৱা কাম ভালকৈ শিকিছিল। লাহে লাহে কাপোৰ ধুবলৈ এৰি ছোৱালীবিলাক পঢ়াশালিলৈ যাবলৈ ধৰিলে। পঢ়াশালিত তেওঁলোক ৭/৮ বছৰ পঢ়িবলৈ ধৰিলে। পঢ়াশুনা কৰাৰ পিচত ছোৱালীহঁতক ভাল ভাল কাপোৰকানি, জোতা আৰু টুপি লগা হ'ল। লগে লগে আনুসঙ্গিক খৰচপাতিও বাঢ়ি আহিল। ইপিনে উপাৰ্জনৰ ক্ষমত। একেবাৰেই নোহাৱা হ'ল। তেওঁলোকে গৃহস্থালিৰ কাম নজনা হ'ল; মাকহঁতৰ কাম কৰিবলৈ অপমান বোধ কৰা হ'ল; লাভৰ ভিতৰত বেচি ভাগেই ভ্ৰষ্টা হল। কিতাপৰ বিদ্যাই তেওঁলোকৰ মুৰ খালে !
_______
ষষ্ঠ অধ্যায়।
আমেৰিকাৰ ক'লা আৰু ৰঙা জাতি।
মই ৱাচিংটনত পঢ়ি থাকোতেই, ৱেষ্ট ভাৰ্জিনিয়া প্ৰদেশৰ পুৰণি ৰাজধানী হুইলিং, এবি, এখন নতুন ৰাজধানী পাতিবৰ নিমিত্তে এটা বৰ ডাঙৰ আন্দোলন চলিছিল। ব্যৱস্থাপক-সভাই তিনিখন নগৰৰ নাম কৰি তাৰে এখন বাচি লবলৈ মানুহবিলাকক আদেশ কৰিছিল। তাৰ ভিতৰত আমাৰ ঘৰৰ ওচৰৰ চাৰ্লষ্টন নগৰ খনৰ নামো পৰিছিল। সেই নগৰৰ মানুহবিলাকেও চাৰ্লষ্টনকে ৰাজধানী পাতিবৰ নিমিত্তে আন্দোলন চলাইছিল।
মই ৱাচিংটনৰ পৰা ছুটিত ঘৰলৈ গ'লো। ঘৰত এখন চিঠি পালোঁ। চাৰ্লষ্টন নগৰৰ চাহাব সকলে মোলৈ লিখি পঠাইছে—মই তেওঁলোকক সেই নগৰৰ নিমিত্তে ভোট গোটাই দিব লাগে। মই তেওঁলোকৰ হৈ তিনি মাহ গাঁৱে ভূঁঞে বক্তৃতা দি ফুৰিলোঁ। শেহত আমাৰে জয় হ'ল। চাৰ্লষ্টন নগৰ ৱেষ্ট ভাৰ্জিনিয়াৰ ৰাজধানী হ'ল।
এই আন্দোলনত যোগদান দিয়াত মোৰ নাম চাৰিওপিনে ৰৈ-বৈ গ'ল। অনেক মানুহেই মোক ৰাজনৈতিক আন্দোলনত যোগদান দিবলৈ অনুৰোধ কৰিবলৈ ধৰিলে। মই কিন্তু কাৰো অনুৰোধ ৰক্ষা নকৰিলোঁ।
মই জানো, মই ৰাজনৈতিক আন্দোলনত যোগদান দিয়া হ'লে, মই এজন ডাঙৰ মানুহ হব পাৰিলোহেঁতেন; মোৰ ভবিষ্যত তেনেই উজ্জ্বল হ'লহেঁতেন। কিন্তু মই কাৰো অনুৰোধ নেৰাখিলোঁ। ৰাজনৈতিক আন্দোলনত যোগদান দিব পৰা ক্ষমতাও মোৰ যথেষ্ট আছিল। এনেবোৰ স্বাৰ্থপৰ কামত যোগ দিয়াতকৈ মই আমাৰ সমাজৰ উন্নতি কৰাটোহে ডাঙৰ কাম বুলি ভাবিছিলোঁ।
নিগ্ৰ’বিলাকৰ শিক্ষা, কৃষি, শিল্প, ব্যৱসায় আদি একোৱে নাছিল। আন নেলাগে, আমেৰিকাত তেওঁলোকৰ মাটিবাৰী অথবা ঘৰ-সম্পত্তিও নাছিল। সেই কাৰণে মই তেওঁলোকৰ এই প্ৰাথমিক অভাববোৰ মোচন কৰাটোকে কৰ্ত্তব্য বুলি বিবেচনা কৰি আগৰ কামতে দিন নিয়াবলৈ ধৰিলোঁ।
এই সময়ত অনেক নিগ্ৰ'ডেকাই উকীল, আৰু জাতিয় মহাসমিতি বা কংগ্ৰেচৰ সভ্য হৈছিল; আৰু লগে লগে ছোৱালীবিলাকেও সঙ্গীতৰ শিক্ষয়িত্ৰী হৈছিল। কিন্তু এইবোৰ কামতো যে সাধনা লাগে, তাক তেওঁলোকে বুজি নেপাইছিল। সেই তপস্যা আৰু সাধনাত ব্ৰতী নহলে, কেৱল উচ্চ অভিলাষ থাকিলেও কাৰো উন্নতি নহয়।
এওঁলোকৰ ভাবগতি দেখি, মোৰ এটা গোলামীযুগৰ ঘটনা মনত পৰিল। এবাৰ এটা নিগ্ৰ'ৱে ছেতাৰ বজাবলৈ শিকিব খুজিছিল। সি তাৰ গৰাকীৰ ল'ৰাজনক মনৰ কথা ভাঙি ক'লে। সেই সঙ্গীত জনা ল'ৰাটোৱে বুজিলে যে, তাৰ দ্বাৰা সেই বিদ্যা লাভ কৰা অসম্ভব। তেওঁ তেতিয়া ৰং চাবৰ মনেৰে ক'লে, “জেক খুড়া! এটা কথা। মোক জানো তুমি মোৰ প্ৰাপ্য বানচ দিব পাৰিবা? মোৰ বানচৰ হাৰ এই মই প্ৰথমটো গৎ শিকাবৰ নিমিত্তে ৯ টকা, দ্বিতীয়টোত ৬, টকা, আৰু তৃতীয়টোত ৩ টকা লওঁ। আৰু যিদিনা তোমাক ওস্তাদ কৰিম সেই দিনা মাত্ৰ ৪১০ লওঁ। এতেকে তুমি মান্তি আছা নে কোৱা।” সেই ডেকা ল'ৰাটোৰ কথা শুনি নিগ্ৰ'টোৱে উত্তৰ কৰিলে, “দেউতা! আপোনাৰ বানচৰ নিৰিখ মই ভালেই দেখিছোঁ, কিন্তু এটা কথা, – মোক প্ৰথমতে আপোনাৰ শেষৰ গৎটোকে শিকাই দিয়ক!”
সেই হে কওঁ, আমাৰ মানুহৰ ডাঙৰ চাকৰী কৰিবৰ আশাটো এই শেষৰ গৎ শিকা কাৰ্যৰদৰেই হৈছে।
মই মেলডেনতে শিক্ষকতা কৰিবলৈ ধৰিলোঁ। এদিন হেম্পটনৰ পৰা এখন চিঠি পালো। সেনাপতি আমস্ট্ৰঙ্গে হেম্পটনৰ গ্ৰেজুৱেট সকলৰ আগত এটা বক্তৃতা দিবলৈ নিমন্ত্ৰণ কৰিছে। তেওঁৰ চিঠি পাই মই পৰম আনন্দিত হলো। মই এই সম্মান লাভৰ যোগ্য হোৱা দেখি অলপ আচৰিতো হৈছিলো। সি যি হউক, কেইদিন মানৰ ভিতৰতে এটা বক্তৃতা তৈয়াৰ কৰি পেলালো। মোৰ আলোচ্য বিষয় আছিল "বিজয় লাভৰ সদুপায়”।
এতিয়া হেম্পটনলৈ ৰেল খোলা হৈছে। মই গোটেইখিনি বাট বেলেৰে গলোঁ। ৫ বছৰৰ আগতে, মই কি কষ্টেৰে তালৈ গৈছিলো আপোনালোকে জানেই। সেই অতীত আৰু বৰ্ত্তমান তুলনা কৰি মোৰ গা ৰোমাঞ্চিত হৈ আহিল। আজি মোৰ কি ভাগ্য! এই পাঁচ বছৰৰ ভিতৰতে এনে ভাগ্য পৰিবৰ্ত্তন কাৰবাৰ হৈছে নে নাই এই ক’ব নোৱাৰোঁ।
হেম্পটনত মই যথেষ্ট আদৰ পালোঁ। স্কুলখনৰ এই কেবছৰৰ ভিতৰতে অনেক বিষয়তে উন্নতি দেখিলোঁ। আমাৰ সমাজত যিবোৰ অভাব বা অসম্পূৰ্ণতা আছিল, সেইবোৰ গুচাবৰ কাৰণেই সেনাপতি আমষ্ট্ৰঙে আৰু তেওঁৰ সহকাৰী শিক্ষক শিক্ষয়িত্ৰী সকলে অহোপুৰুষাৰ্থ কৰা দেখি মই নথৈ আনন্দ পাইছিলোঁ।
অনেক সময়ত দেখা যায় যে, শিক্ষা প্ৰচাৰক সকলে সমাজৰ অৱস্থা বুজি শিক্ষাদানৰ ব্যৱস্থা নকৰে। তেওঁলোকে ১০০০ মাইল আঁতৰত কোনো দেশত যি শিক্ষা প্ৰণালী প্ৰবৰ্তিত হৈছে, বা যি শিক্ষা প্ৰণালীয়ে ১০০ বছৰৰ আগেয়ে কোনো এক উন্নত সমাজত ভাল ফল দিছিল, সেই প্ৰণালীকে অবনত সমাজতো চলাব খোজে। তেওঁলোকে একেটা থাচতে উন্নত আৰু অবনত এই দুই সমাজৰ মানুহক গঢ়িব খোজে। প্ৰত্যেক জাতি মানুহৰ যে, স্বভাব, বুদ্ধিবৃত্তি, প্ৰবৃত্তি আৰু ধাৰণা বেলেগ এই কথা তেওঁলোকে পাহৰি পেলায়। সেই কাৰণেই অনেক কৰ্ম্মবীৰ সকলে শিক্ষা বিস্তাৰৰ যথেষ্ট পৰিশ্ৰম কৰিও সকলো সময়তে সুফল লাভ কৰিব নোৱাৰে। কিন্তু হেম্পটন স্কুলৰ কৰ্ত্তাসকল এনে প্ৰকৃতিৰ মানুহ নাছিল। তেওঁলোকে ছাত্ৰৰ বৈচিত্ৰ আৰু বিভিন্নতা বিষয়ে সকলো কামতে চকু ৰাখিছিল।
মোৰ বক্তৃতা শুনি সকলো আনন্দিত হ'ল। মই ঘৰলৈ উলটি আহি আকৌ নিজৰ কামত ধৰিলোঁ। ঘৰলৈ আহি সেনাপতিৰ পৰা আকৌ এখন চিঠি পালোঁ। তেওঁ মোক হেম্পটনত এটা শিক্ষকৰ কাম দিয়ে।
ইতিমধ্যতে মই মোৰ ভাই দুজন আৰু আমাৰ গাৱঁৰে চাৰিজনমাन ল'ৰাক ভালৰূপে লিখাপঢ়া শিকাই হেম্পটনত পঢ়িবলৈ পঠাইছিলো। তেওঁলোক অতি সহজেই হেম্পটনত স্কুলৰ ওপৰ শ্ৰেণীত ভৰ্তি হৈছিল। সেই ল'ৰা কেইজনৰ স্বভাব-চৰিত্ৰ আৰু বিদ্যাবুদ্ধি দেখি সেনাপতি মোৰ ওপৰত বৰ সন্তুষ্ট হৈছিল; আৰু সেই কাৰণেই তেওঁ মোক তেওঁৰ স্কুলত শিক্ষকতা কৰিবলৈ মাতিছিল। মই যি কেইজন ল'ৰা হেম্পটনলৈ পঠাইছিলোঁ, তাৰে ভিতৰত এজন আজিকালি বোষ্টন নগৰৰ বিখ্যাত ডাক্তৰ। তেওঁ সেই স্কুলৰ শিক্ষাপৰিষদৰ এজন নামজলা সভ্য। তেওঁৰ নাম ডাক্তৰ চেমুৱেল কাৰ্টণি।
সেই সময়ত আৰ্মষ্ট্ৰঙ্গ, মহাশয়ে আমেৰিকাৰ ৰঙা ইণ্ডিয়ান জাতিৰ ল'ৰাবিলাকক শিক্ষাদীক্ষা দিবলৈ বৰ চেষ্টা কৰিছিল। সেই ৰঙা ইণ্ডিয়ান জাতিটোৱে লিখাপঢ়া কৰি যে, সভ্য হ'ব পাৰিব, এই ধাৰণা অনেকেই কৰিব নোৱাৰিছিল। তথাপিও সেনাপতি ডাঙ্গৰীয়াই এই বিষয়ে পৰীক্ষা কৰিবলৈ দৃঢ়সঙ্কল্প আছিল। তেওঁ ফেডাৰেল দৰবাৰৰ সহায়ত ১০০ বনৰীয়া ল'ৰা হেম্পটন স্কুললৈ লৈ আহিল। মই দিহঁতৰ ভৰণপোষণ আৰু পৰিচালকৰ ভাৰ পালোঁ। এই কামৰ ভাৰ পাই মই বৰ সন্তোষ পালো। ৱেষ্ট ভাৰ্জিনিয়াত মোৰ ইমান বেচি কাম আছিল যে, প্ৰথমতে মই এই কামলৈ নাহিবই খুজিছিলোঁ। কিন্তু সেনাপতিৰ আদেশ পেলাব নোৱাৰি মই হেম্পটনলৈ আহিবলৈ বাধ্য হ'লো।
প্ৰায় ৭৫ জনমান ল'ৰা মোৰ তত্ত্বাবধানত আছিল। যোৰ বাহিৰে তেওঁলোকৰ লগত আমাৰ স্বজাতৰ মানুহ কোনো নাছিল। মই প্ৰথমতে মোৰ কামত কৃতকাৰ্য্য হ'ম বুলি নাভাবিছিলোঁ। তাৰ কাৰণো আছিল। তেওঁলোক স্বাধীন আছিল, অনেকে গোলামো ৰাখিছিল। গতিকেই তেওঁলোকে চাহাবক নামানিছিল আৰু আমাক এটা জাতি বুলি গণ্যকে নকৰিছিল। সেই কাৰণেই মই প্ৰথমে বৰ সাৱধান হৈ চলিব লগাত পৰিছিলোঁ। ইয়াৰ বাহিৰেও সেনাপতিৰ এই চেষ্টা মিছা হ'ব বুলি সকলোৱে ভাবিছিল।
অতি অলপ দিনৰ ভিতৰতে মই তেওঁলোকৰ বন্ধু হৈ পৰিলোঁ। মই বুজিলোঁ তেওঁলোকো মানুহ, তেওঁলোকেও মানুহক ভাল পাব জানে। লাহে লাহে তেওঁলোকেও মোক সুখী কৰিবৰ কাৰণে নানা প্ৰকাৰে যত্ন কৰিবলৈ ধৰিলে।
সেই ল'ৰাবিলাকৰ কেইটামান বেয়া অভ্যাস আছিল। তেওঁলোকে চুলি চুটিকৈ নেকাটিছিল, গাত ঠঙা মেৰিয়াই ফুৰিছিল আৰু অতিপাতকৈ ধপাত খাইছিল। মই চেষ্টা কৰিও এই অভ্যাসবোৰ এৰুৱাব নোৱাৰিলোঁ। য়ুৰোপীয় মানুহবিলাকে ভাবে যে, তেওঁলোকৰ আহাৰ নাখালে, তেওঁলোকৰ সাজপাৰ নিপিন্ধিলে আৰু তেওঁলোকৰ ধৰ্ম্ম নললে কোনো জাতিয়েই সভ্য নহয়। কিন্তু প্ৰতি জাতিৰেই যে বেলেগ বেলেগ আচাৰ ব্যৱহাৰ, ৰীতিনীতি আৰু ধৰ্ম্ম আছে, সেই কথা তেওঁলোকে মানিব নোখোজে। আৰু সেই কাৰণেই এই ৰঙাল'ৰাবিলাকৰ বেয়া অভ্যানবোৰতো মই বিৰক্ত নহৈছিলোঁ।
এই ৰঙাল’ৰাবিলাকে ইংৰাজী শিকোঁতে বেচি সময় লৈছিল, কিন্তু আন বোৰ বিষয়ত নিগ্ৰ’ ল'ৰাৰ সমানে সমানে গৈছিল। হেম্পটনত নিগ্ৰ' ল'ৰাবিলাকে 'ৰেড, ইণ্ডিয়ান' ল'ৰাবিলাকক নানা প্ৰকাৰে সাহায্য কৰিছিল; তেওঁলোকে সেই ল'ৰা বিলাকক নিজৰ কোঠাত থাকিবলৈ দিছিল আৰু ইয়াৰ বাহিৰেও তেওঁলোকে ইংৰাজী ভাষা আৰু ভদ্ৰ আচাৰ-ব্যৱহাৰ শিকাত নানা প্ৰকাৰে সাহায্য কৰিছিল। আমাৰ ল'ৰাহঁতৰ এনে সজ ব্যৱহাৰ দেখি মই বৰ সুখী হৈছিলোঁ।
নিগ্ৰ'ল'ৰাবিলাকে সেই ৰঙাল'ৰাবিলাকক যেনেকৈ মৰম কৰিছিল, মই ডাঠি কওঁ, যুক্তৰাজ্যৰ ল'ৰাবিলাকে আন কোনো জাতিৰ ল'ৰাকে তেনে ভাল পাব নোৱাৰে। যি জাতিয়ে কোনো অৱনত জাতিক উন্নত কৰিবলৈ যিমান চেষ্টা কৰে, সেই জাতি সিমান পৰিমাণে নিজেই উন্নত হয়।
এই উপলক্ষে এটা ঘটনা মোৰ মনত পৰিছে। এবাৰ মাননীয় ফ্ৰেডেৰিক্ ভগলাচে, এসময়ত পেনচিলভেনীয়া-প্ৰদেশত ৰেলত উঠি আন এখন ঠাইলৈ গৈছিল। তেওঁ এজন ক'লা নিগ্ৰ' আছিল। ৰেল কোম্পানীক তেওঁ আনৰ সমানে পইচা দিছিল বুলিও তেওঁ চাহাবসকলৰ লগত একে গাড়ীতে বহিবলৈ নাপাইছিল। তেওঁ আন এখন গাড়ীত নিগ্ৰ'ৰ মাজত বহি গৈছিল। তেওঁৰ এজন চাহাব বন্ধুৱে তেওঁ সেই গাড়ীত বহি যোৱা দেখি ক'লে, 'ডাঙৰীয়া আপোনাৰ অপমান দেখি বাস্তৱিকে বৰ ব্যথিত হৈছোঁ।” তেওঁৰ কথা শুনি ডগলাচে গহীনাই উত্তৰ দিলে, “মোৰ অন্তৰত যি আত্মা আছে, সেই আত্মাক অপমান কৰে, এনে সাধ্য কাৰো নাই। কোম্পানীৰ এনে ব্যৱহাৰত মই অকণো অপমান পোৱা নাই, কিন্তু যি মোক এনে ব্যৱহাৰ কৰিছে, তেৱেঁই অপমানিত হৈছে।”
এবাৰ এজন নিগ্ৰ'ৱে ৰেলত নিগ্ৰ'ৰ মাজত বহিছিল। তেওঁ ইমান বগা আছিল যে, তেওঁক নিগ্ৰ' বুলি কোনেও চিনিব নোৱাৰে। ৰেলৰ গাৰ্ডে তেওঁক নিগ্ৰ'ৰ মাজত দেখি থমক খাই ৰ'ল। তেওঁৰ সন্দেহ হ'ল, তেওঁ নিগ্ৰ' নে ইয়াঙ্কী? নিগ্ৰ' হ'লে ভালেই — যদি নহয়! তেওঁক সেই বিষয়ে সোধাও বৰ লাজ আৰু অপমানৰ কথা! তেওঁ বিমোৰত পৰি আৰোহীজনৰ চকু, মুখ, নাক, কান, চুলি সকলোকে ভালকৈ চাবলৈ ধৰিলে। তথাপিও একো বুজিব নোৱাৰিলে।তাৰ পিচত তেওঁ ভৰি দুটা ভালকৈ চাবলৈ ধৰিলে। ভৰি চাই বুজি পালে যে তেওঁ নিগ্ৰ'! সেই গাড়ীতে ময়ো আছিলোঁ৷ তেওঁ একো নেমাতি লাহেকৈ গুচি গ'ল। সেই আৰোহীজন তাৰ পৰা নামিব লগা নোহোৱাত ময়ো বৰ ৰং পালোঁ।
মই ভদ্ৰতা-বিচাৰৰ সম্বন্ধে এটা বৰ সুন্দৰ উপায় স্থিৰ কৰিছো। কোনো মানুহ ভদ্ৰ নে অভদ্ৰ, এই কথা জানিবৰ হ'লে, নীচ জাতিৰ মানুহৰ লগত মই তেওঁৰ আচাৰ ব্যৱহাৰ পৰীক্ষা কৰোঁ। গোলামী যুগত, গৰাকী- সকলে তেওঁলোকৰ গোলামবিলাকৰ লগত যি ব্যৱহাৰ কৰিছিল, তাৰ পৰাই কোন ভদ্ৰ আৰু কোন অভদ্ৰ আছিল তাৰু ভালকৈয়ে বুজিব পাৰিছিলোঁ।
মহাত্মা জৰ্জ্জ ৱাচিংটন এদিন আলিয়েদি ফুৰিবলৈ গৈছিল। বাটতে এজন নিগ্ৰ'ৱে তেওঁৰ মূৰৰ টুপী সোলোকাই তেওঁক নমস্কাৰ কৰিলে। ৱাচিংটনেও তেতিয়াই তেওঁৰ মুৰ টুপী খুলি নিগ্ৰ'জনক প্ৰতিনমস্কাৰ কৰিলে। ৱাচিংটনৰ কেইজনমান চাহাব বন্ধুৱে তেওঁক তাৰ বাবে নিন্দা কৰিলে। কিন্তু সেই মহাত্মাই লাহেকৈ মাথোন উত্তৰ দিলে, "আপোনালোকে ক'ব খোজে নে যে এটা অসভ্য আৰু অশিক্ষিত নিগ্ৰ’তকৈ মই কম শিষ্টাচাৰী।” তেওঁৰ এই উত্তৰ শুনি বন্ধ কেইজন নিৰুত্তৰ হ'ল।
আমেৰিকাৰ জাতিভেদ সম্পৰ্কে এই খিনিতে মই দু-আষাৰ মান কথা ক'ব খোজো। মই হেম্পটনত ইণ্ডিয়ান ল'ৰাবিলাকৰ অভিভাবক থাকোতে এটা ল'ৰাৰ নৰিয়া হয়। সেই ল'ৰাটোক ঘৰলৈ পঠিয়াব লগাত পৰিলোঁ। ৱাচিংটনলৈ যাওঁতে এডোখৰ বাট জাহাজেদি গৈছিলো। সেই জাহাজতে এটা হোটেল আছিল। সকলো যাত্ৰীৰে খোৱা-বোৱা হোৱাৰ পিচত মই ল'ৰাটো লৈ সেই হোটেললৈকে গ'লোঁ। জাহাজৰ হোটেলৱালাই মোক দেখিয়েই ক'লে, “এই ল'ৰাটোৱে ইয়াত খানা পাব, তুমি নোপোৱা।” মই এই কথা শুনি আচৰিত হলো, কিয়নো সেই ল'ৰা আৰু মোৰ ভিতৰত বেচি প্ৰভেদ একো নাছিল। হোটেলৱালা মানুহ চিনাত বৰ পাকৈত আছিল। তেওঁ ইণ্ডিয়ান ল'ৰা- টোক তৎক্ষণাৎ চিনি পালে।
এবাৰ এখন নতুন চহৰত ফুৰিবলৈ গৈছিলোঁ। স্থানীয় হোটেলখনত ভয়ানক গণ্ডগোল লগা শুনিলোঁ। কাৰণ অনুসন্ধান কৰি জানিব পাৰিলোঁ যে, এজন ক'লা মানুহ সেই হোটেলত খাবলৈ গৈছে। তেওঁ এজন মৰক্কোদেশৰ মানুহ, আমেৰিকাত ফুৰিবলৈ আহিছিল। তেওঁ ক'লা আছিল আৰু ভালকৈ ইংৰাজী ক'ব জানিছিল। সেই কাৰণেই হোটেলৰ মানুহে তেওঁক নিগ্ৰ' বুলি ভাবিছিল। যেতিয়া তেওঁক মৰক্কোবাসী বুলি চিনিব পাৰিলে, তেতিয়াই গোলমাল লাগি গ'ল। সেই ঘটনাৰ দিনাৰ পৰাই তেওঁ ইংৰাজী ক'বলৈ এৰি দিলে।
এই ৰঙাল'ৰাবিলাকৰ লগত মই এবছৰ কটালো। ইতিমধ্যে মোৰ ভবিষ্যত জীৱনৰ উন্নতিৰ নিমিত্তে আৰু এটা সুবিধা ওলাল। এই সময়ত অনেক নতুন নিগ্ৰ' ল'ৰা-ছোৱালীয়ে হেম্পটনত পঢ়াশুনা কৰিবৰ নিমিত্তে আবেদন কৰিছিল। তেওঁলোকৰ অৱস্থা তেনেই বেয়া আছিল। আন কি তেওঁলোকে স্কুলৰ মাছুলফেৰাকে দিব নোৱাৰিছিল। সেই কাৰণে, তেওঁলোকৰ নিমিত্তে আৰ্মষ্ট্ৰঙ মহোদয়ে এখন 'ৰাতিৰ স্কুল' পাতিবৰ দিহা কৰিলে।
স্থিৰ হ'ল,—সেই ল'ৰা ছোৱালীবিলাকে দিনত ১০ ঘণ্টাকৈ কাম কৰি, ৰাতি দুঘণ্টাকৈ স্কুলত পঢ়িব। দিনৰ কামৰ বাবে তেওঁলোকে খোৱা-বোৱ৷ খৰচৰ উপৰিও কিছু ধন বেচিকৈ পাব। সেই ধন স্কুলৰ ভঁৰালত জমা থাকিব। দুবছৰৰ মূৰত তেওঁলোকে দিনৰ স্কুলত পঢ়িবলৈ পাব। তেতিয়া সেই সাঁচনীয়া ধনেৰে চলিব পাৰিব। এই দুবছৰতে লিখাপঢ়াৰ বাহিৰেও কিছু অৰ্থকৰী বিদ্যাও শিকিব পাৰিব।
ৰাতিৰ স্কুল খোলা হ'ল। সেই স্কুলৰ ভাৰ মোৰ ওপৰতে পৰিল। ১২ জনমান লৰা-ছোৱালী লৈ স্কুলৰ কাম আৰম্ভ কৰিলোঁ। দিনত ল'ৰাবিলাকে কাখানাত কাম কৰিবলৈ ধৰিলে।ছোৱালীবিলাকে কাপোৰ ধুবলৈ ধৰিলে। দুয়োটা কাম বৰ টান আছিল। তথাপিও তেওঁলোকে নিজ নিজ কাম অতি মনোযোগেৰে কৰিছিল। এইদৰে কাম কৰিও তেওঁলোকে পঢ়াশুনা কৰিবলৈ যথেষ্ট সময় পাইছিল। স্কুলৰ ঘণ্টা বাজি গলেও তেওঁলোকে পঢ়া নেৰিছিল। অনেক সময়ত শুবৰ পৰ চৰি যোৱাতো তেওঁলোকে মোৰ পৰা পঢ়া বুজি লৈছিল।
তেওঁলোকৰ কাম দেখি মই বৰ সস্তোষ পাইছিলো। লিখা-পঢ়াত তেওঁলোকৰ ধাউতি দেখি মই তেওঁলোকক “ কৰ্ম্ম সমিতিৰ” সভ্য বুলি মাতিছিলোঁ। লাহে লাহে তেওঁলোকৰ নাম হেম্পটনৰ বাহিৰে ভিতৰে ফাটি-ফুটি গ'ল। এই নামটো সকলোৰে প্ৰিয় হৈ পৰিল। মই তেও লোকক ছপোৱা চাৰ্টিফিকেট, দিবলৈ আৰম্ভ কৰিলোঁ। তাত এইদৰে লিখা আছিল :—
“হেম্পটন-স্কুলৰ কৰ্ম্ম-সমিতিৰ সভ্য অমুকে — 'ইমান' বছৰ নিয়মিত- ৰূপে কাম কৰি এই প্ৰশংসা-পত্ৰৰ অধিকাৰী হৈছে।”
আমাৰ সমাজত এই প্ৰশংসা-পত্ৰবোৰৰ আদৰ দিনক দিনে বাঢ়িবলৈ ধৰিলে। লগে লগে হেম্পটনৰ স্কুলৰ নামো সকলোৰে মাজত জনাজাত হৈ পৰিল। চাওঁতে চাওতে ছাত্ৰৰ সংখ্যাও বাঢ়িবলৈ ধৰিলে।
এতিয়া সেই ৰাতিৰ স্কুলত ৩০০/৪০০ ল'ৰাই পঢ়াশুনা কৰে। এতিয়া সেই স্কুলৰ অনেক ছাত্ৰই নানা সজ কাম কৰি নানা ঠাইত যশ লাভ কৰিছে।
⸻
সপ্তম অধ্যায়।
টাস্কেগীত গাওঁ পৰিদৰ্শন।
মই হেম্পটনত থাকোঁতে এজন ডাঙৰ অধ্যাপকৰ তলত কিছু নতুন শিক্ষা লাভ কৰিছিলোঁ। তেওঁৰ নাম ৰেভাৰেও ডাক্তৰ এইচ বি, ফ্ৰিচেল আছিল। সেনাপতিৰ মৃত্যুৰ পিচত তেৱেঁই হেম্পটনৰ পৰিচালক হৈছিল।
এদিন সন্ধ্যাপৰত উপাসনা শেষ কৰি আহিছোঁ, এনেতে আৰ্মষ্ট্ৰঙ মহাশয়ে মোক ক'লে, “মই আলাবামাৰ পৰা এখন চিঠি পাইছোঁ। কেইজন মানুহে তাত এখন ট্ৰেইনিং-স্কুল পাতিব খুজিছে; কিন্তু ভাল শিক্ষক বিচাৰি নাপাই মোলৈ লিখিছে। নিগ্ৰ’শিক্ষক পাবলৈ নোহোৱাত এজন চাহাব শিক্ষকৰে কথা লিখিছে। তুমি যোৱা যদি পঠাব পাৰোঁ।” মই সম্মতি জনালোঁ। তেওঁ চিঠিৰ উত্তৰ দিলে, “চাহাৱ শিক্ষক বিচাৰি নাপালো। বুকাৰ টি ৱাচিংটন নামে এজন ভাল নিগ্ৰ’শিক্ষক দিব পাৰোঁ। লাগে যদি লিখিব।”
কেইদিনমানৰ পিচতে সেনাপতিয়ে এখন টেলিগ্ৰান পালে—“বুকাৰ ৱাচিংটনকে সোনকালে পঠাই দিয়ক।”
টেলিগ্ৰাম পোৱামাত্ৰেই স্কুলত মহা হুলুস্থুল লাগি পৰিল। শিক্ষক আৰু ছাত্ৰসকলে ভোজ দি মোক বিদায় দিলে। মই টাস্কেগীলৈ যাত্ৰা কৰিলোঁ। আলাবামাত টাস্কেগী এখন সৰু চহৰ;লোক সংখ্যা ২০০০ জন। তাৰ ভিতৰতে ১০০০ জন নিগ্ৰ'। দক্ষিণ-অংশৰ 'ক'লা বিভাগত' এই চহৰ অৱস্থিত।
আলাবামা প্ৰদেশত কেইবাখনিও জিলা; কিন্তু প্ৰত্যেক জিলাতে নিগ্ৰ'ৰ সংখ্যা চাহাবতকৈ অধিক। যি জিলাত টাস্কেগী নগৰ, সেই জিলাত চাহাবৰ সংখ্যা তেনেই কম আছিল। সেই কাৰণেই অনুমান হয়, সেই অঞ্চলক “ক’লা-বিভাগ” বোলা হৈছিল।
সেই অঞ্চলৰ মাটি ক'লা আৰু সাৰুৱা আছিল। সেই কাৰণেই গোলামী যুগত সেই ঠাইত অনেক কল-কাৰখানা আৰু কাৰবাৰ আছিল। এনেয়ে ক'লা মাটি, তাতে গোলাম থকা ঠাই; গতিকে সেই ঠাইৰ নাম “ক'লা-বিভাগ” হোৱা একো আচৰিত নাছিল। আমি স্বাধীন হোৱাৰ পিচতো 'ক’ল বিভাগ' বুলিলে, সেই ঠাইকে বুজাইছিল। কিন্তু আজি কালি যি ঠাইতে ক'লা মানুহ বেচি, সেই ঠাইকে মানুহে “ক'লা-বিভাগ” বোলে।
আগেয়ে ভাবিছিলোঁ, টাস্কেগীত স্কুলৰ ঘৰবাৰী, সাজসৰঞ্জাম সকলো আছে, কেৱল কাম আৰম্ভ কৰিলেই হ'ল। আহি দেখোঁ, সেইবোৰ একো নাই—আন কি স্কুল পাতিবলৈ ঠাইকে ঠিক হোৱা নাই! এইবোৰ সঁজুলি নাছিল বুলিও, তাতোকৈ মূল্যবান বস্তু সেই ঠাইত আছিল। সেই ঠাইৰ নিগ্ৰ' বিলাকৰ পঢ়াশুনাত ধাউতি আছিল। মই বুজিলোঁ, যে এয়েই স্কুলৰ প্ৰমাণ! এই আগ্ৰহৰ ওপৰতে স্কুলৰ ভেটি প্ৰতিষ্ঠিত হ'ব। য'ত আত্মা আছে, সেই ঠাইত দেহৰ অভাৱ নহয়।
টাস্কেগী চহৰখন, নিগ্ৰ'স্কুলৰ কাৰণে, বৰ ভাল ঠাই। চাৰিও কাষে নিগ্ৰ’গাওঁবোৰ। ঠাইখন কিছু নিৰ্জন; ৰেলৰ আলিৰ পৰা প্ৰায় ৫/৬ মাইল আঁতৰত; অথচ সৰু সৰু কেইবাটাও ৰেলৰ আলিৰ লগত ৰোগ আছিল। এই ঠাইৰ চাহাবসকলে বিদ্যাৰ আদৰ কৰিছিল। চাহাবসকলে গোলামী যুগৰে পৰা ইয়াত এখন স্কুল চলাই আহিছিল। গতিকে এই ঠাইৰ পাৰিপাৰ্শ্বিক অৱস্থা শিক্ষাৰ নিমিত্তে বৰ সুবিধা- জনক আছিল। তাৰ বাহিৰেও ইয়াত থকা নিগ্ৰ’বিলাকৰ অৱস্থা বেয়া নাছিল। তেওঁলোকে লিখাপঢ়া নেজানিছিল বুলিও চাহাব সকলৰ সংস্পৰ্শত আহি তেওঁলোক অনেক বিষয়ত উন্নত হৈছিল। দুই জাতিৰ ভিতৰত যথেষ্ট সভাবো আছিল। এই চহৰতে এটা ধাতুৰ কাৰাখানাও আছিল। এজন চাহাব আৰু এজন নিগ্ৰ' দুয়ো মিলি সেই কাৰাখানা চলাইছিল। চাহাবজনৰ মৃত্যুৰ পিচত সকলো সম্পত্তি সেই নিগ্ৰ'জনেই পাইছিল।
হেম্পটনৰ নাম ইয়াতো জনাজাত আছিল। সেই কাৰণেই ইয়াৰ মানুহবিলাকে হেম্পটনৰ আদৰ্শত এখন শিক্ষকস্কুল পাতিব খুজিছিল। সেই উপলক্ষে তেওঁলোকে ব্যবস্থাপক-সভালৈ আবেদন কৰাত, সেই সভাই বছৰি ৬০০০, টকা দিবলৈ গাত লৈছিল। কিন্তু এইখিনি ধন কেৱল শিক্ষকসকলৰ দৰমহাৰ কাৰণেহে মঞ্জুৰ হৈছিল; স্কুলৰ ঘৰবাৰী বা আন সঁজুলিৰ কাৰণে নহয়।
মোক পাই নিগ্ৰ’বিলাকে পৰম আনন্দ পালে। সকলোৱেই নানা উপায়েৰে মোক সাহায্য কৰিবলৈ ওলাল।
বিচাৰি বিচাৰি অৱশেষত স্কুল পাতিবলৈ এখন ঠাই পালোঁ। চহৰৰ মাজত নিগ্ৰ'বিলাকৰ এটা ধৰ্ম্ম মন্দিৰ আছিল। সেই মন্দিৰ ওচৰতে এটা ভাঙ্গা ঘৰ পালো। তাতে স্কুল পাতিলোঁ। কেতিয়াবা বিশেষ উৎসৱ, বক্তৃতা বা আন কামত সেই ধৰ্ম্ম-মন্দিৰটোকে ব্যৱহাৰ কৰিবলৈ ধৰিলোঁ। ঘৰ দুটাৰ অৱস্থা অতি শোচনীয় আছিল। ঘৰ দুটাই মাজে মাজে উৰুখিছিল। অনেক সময়ত পঢ়াশুনা এৰি ল'ৰাবিলাকে মোৰ মূৰত ছাতি ধৰিছিল। অনেকে অনেক সময়ত খাবলৈ বহাতো ছাতি ধৰিহে তত পাইছিল।
আলাবামাৰ নিগ্ৰ'বিলাকে এই সময়ত ৰাজনৈতিক আন্দোলনত যোগ দিছিল। তেওঁলোকে মোকো যোগ দিবলৈ অনুৰোধ কৰিছিল। এজন বুঢ়াই মোক প্ৰায়েই কৈছিল, “ভাই, এই বেলি তুমিও আমাৰ পিনেই ভোট দিবা। তুমি জানাই, আমি কাগজ পত্ৰ একো পঢ়িৰ নাজানো। তথাপিও আমি ভোট দিবলৈ শিকিছোঁ। এইবাৰ আমাৰ অনুৰোধ ৰক্ষা কৰিবা। ”
আৰু এজনে কৈছিল, “আমি কেনেকৈ ভোট দিওঁ জানা নে? চাহাব সকলে কাক ভোট দিয়ে, আগেয়ে চাই লওঁ। যেতিয়া আমাৰ পাল পৰে, আমি তেওঁলোকৰ বিপৰীতে ভোট দিওঁ। কি কোৱা, আমি বেয়া কৰোঁ নে?”
কুৰিবছৰৰ আগতে তেওঁলোকে তেনেকেই ভোট দিছিল। আজিকালি তেওঁলোকে যোগ্য মানুহ বুজি ভোট দিবলৈ শিকিছে।
১৮৮১ চনৰ জুন মাহৰ প্ৰথম সপ্তাহতেই মই টাঙ্কেগীলৈ আহিছিলোঁ। তেতিয়াৰে পৰা নানা কান উপলক্ষে মই আলাবামা-প্ৰদেশৰ জিলাই জিলাই ফুৰিছিলোঁ। সেই সময়তে মই আমাৰ মানুহবিলাকৰ আৰ্থিক, নৈতিক আৰু সামাজিক অৱস্থা ভালকৈ জানিবৰ নিমিত্তে বিশেষ যত্ন কৰিছিলোঁ। আৰু ইয়াৰ লগে লগে স্কুলৰ কথা প্ৰচাৰ কৰি ল'ৰাও গোটাইছিলোঁ।
মই গাওঁবোৰত গৰুৰ গাড়ীত নাইবা খচ্চৰৰ পিঠিত উঠি ফুৰিছিলো। দুখীয়া গাঁৱলীয়া মানুহবিলাকৰ তাত প্ৰায়েই আলহী আছিলোঁ; তেওঁলোকৰ লগতেই খোৱা বোৱা কৰিছিলোঁ; আৰু তেওঁলোকৰ খেতি বাতি, পথাৰ, স্কুল আৰু ধৰ্ম্মমন্দিৰবোৰ ভালকৈ চাই ফুৰিছিলোঁ। আগেয়ে কালৈকো খবৰবাতৰি নিদিছিলোঁ। এদিন হঠাৎ গৈ কাৰবাৰ ঘৰত অতিথি হৈছিলোঁ। সেই কাৰণেই তেওঁলোকে মোক আদৰ-সাদৰ কৰিবৰ নিমিত্তে বিশেষ সুবিধা নেপাইছিল। এনে কৰাত মোৰ লাভ হৈছিল, কিয়নো মই তেতিয়া তেওঁলোকৰ স্বাভাবিক জীৱন-যাত্ৰা প্ৰণালী চাবৰ সুবিধা পাইছিলোঁ।
নিগ্ৰ'সমাজৰ দৰিদ্ৰতাৰ প্ৰকোপ অতি ভয়ানক আছিল। তেওঁলোকৰ ঘৰ-বাৰী নাছিল বুলি কলেও বেচি কোৱা নহৰ একেটা সৰু কুঠৰীতে এবাৰ সকলো মানুহ শুইছিল; আন কি নিতিৰ-কুটুম নাইবা আলহীও সেই কুঠৰীতে ৰাতি খপিছিল। ময়ো এই দৰে একে কুঠৰীতে, স্নান কি একেখন বিছনাতে অনেক ঠাইত অনেক দিন কটাইছিলোঁ। গা-ধোৱাৰ ব্যৱস্থা প্ৰায় কোনো ঘৰতেই নাছিল। আন কি হাত-মুখ ধুবলৈকে ঠাই অকণ নাছিল। কোনো কোনো ঘৰত চোতালৰ মূৰতহে হাত-ভৰি ধুবৰ নিমিত্তে পানী - পোৱা হৈছিল।
ৰুটি আৰু গাঁহৰিৰ মঙহেই তেওঁলোকৰ প্ৰধান খাদ্য আছিল। ৰুটি আৰু ডাইলৰ বাহিৰে বেচি ভাগ মানুহৰ ঘৰত আনি থোৱা বস্তু পাবলৈ নাছিল। সাধাৰণতে দোকানৰ পৰাই মানুহবিলাকে বেচি ধন দি ৰুটি আৰু মঙহ কিনি আনিছিল। তেওঁলোকে নিজৰ বাৰীত শাকপাচলি এডালকে কৰি নেখাইছিল; সকলো বস্তুৰ নিমিত্তে দোকানলৈ লৰ মাৰিছিল। তেওঁলোকে খেতি যে নকৰিছিল এনে নহয়, ঘৰৰ পিৰালিলৈকে কেৱল কপাহ খেতিকে কৰিছিল। বাৰীত দুডাল শাক-পাচলি কৰি যে সুখেৰে খাব পাৰি, এই ধাৰণা তেওঁলোকৰ মনলৈকে নাহিছিল।
এইবিলাক দুখীয়া মানুহৰ কুঠৰীত মই অনেক সময়ত বহুমূলীয়া চিলাইৰ কল আৰু ৰংচঙীয়া ঘড়ীও দেখিছিলোঁ। তেওঁলোকে একোটা কলত ১০০ টকা আৰু একোটা ঘড়ীত ৫০ টকা দি কিনিছিল। সেই বস্তুবোৰে কেৱল ঘৰহে শোভা কৰিছিল; তেওঁলোকে সেইবোৰৰ ব্যৱহাৰ একো নেজানিছিল।
এবাৰ এঘৰ মানুহৰ তাত আলহী আছিলোঁ। সেই ঘৰতো এনেবোৰ বহুমূলীয়া ঘড়ী আৰু কল আছিল। কিন্তু খাবৰ পৰত দেখোঁ, আমি পাঁচজন মানুহে একেখন মেজতে বহি খাইছোঁ, অথচ আমি আটাইকেইজন মানুহৰ মাজত চামুচ এখন আৰু কাটা এডাল!অথচ সেই ঘৰতে এটা টেবুল হাৰমনিয়মো আছিল তাৰ দাম ২০০ টকা! কাণ্ড দেখি অবাক হলো। সেই ঘৰ মানুহে ‘অৰগেন' বজাই সভ্য হ'বলৈ শিকিছে, অথচ খোৱাৰে নিয়ম নেজানে।
আচৰিত কথা এই যে,বেচিভাগ গৰাকীয়েই হাৰমনিয়ম বজাব নাজানে। আন কি তেওঁবিলাকে ঘড়ীত কেইটা বাজিছে, তাকো কৰ নোৱাৰে। ঘৰি মেৰামতি কৰাটো দূৰৰ কথা, ঘড়ীত চাবি দিয়াও বহুতে নাজানে। চিলাই-কলৰ অবস্থাও তদ্ৰূপ;কেৱল শোভা মাত্ৰ। এইবোৰ বস্তুৰ গোটেইেখিনি দাম একেবাৰেই দিব নোৱাৰিছিল বুলিও মাহে মাহে ৩।৬ টকাকৈ দিয়েই আছিল!
এদিন এঘৰত পৰিয়ালৰ সকলো মানুহৰ লগত টেবুলত খাবলৈ বহিছিলোঁ। দেখি আচৰিত হ'লোঁ, টেবুলত কেনেকৈ খাব লাগে তাকে নেজানে। নই সেই দিনা আলহী আছিলোঁ দেখি তেওঁলোকে মোক আদৰ দেখুৱাবলৈ টেবুলত খোৱাৰ দিহা কৰিছিল।
তেওঁলোকৰ খোৱা-বোৱাৰ ব্যৱহাৰৰ কথানো কি লিখিম? পুৱাতে তিৰোতাবিলাকে মাংসই হওক, নাইবা ডালিয়েই হওক, কেৰাহিত বহাই দিয়ে, আৰু দহমিনিটমান গ'লেই নমাই।এয়ে হ'ল তেওঁলোকৰ পুৱাৰ আহাৰ! ঘৰৰ গৰাকীয়ে হাততে ৰুটি আৰু মাংস লৈ চোবাই চোবাই পথাৰলৈ যায়, তিৰোতা-বিলাকে ঘৰৰ চুক এটাত বহি যিহকে পাই তিহতে তাৰে এসোপা লৈ খাবলৈ ধৰে, আৰু মাজে সময়ে কেৰাহিৰ পৰাই হাত ভৰাই খায়। ল'ৰা ছোৱালীয়ে আলিয়ে পদুলিয়ে যিহকে পায়, তিহকে মুখত গুজি ফুৰে। ল'ৰাছেৱোলীবিলাকে সদায় মঙহ নাপাইছিল, কিয়নো মঙহৰ দাম বৰ বেচি।
ৰাতিপুৱাৰ আহাৰ এইদৰেই শেষ কৰি ঘৰৰ ল'ৰা বুঢ়া সকলোৱেই পথাৰলৈ লৰ মাৰে, কেঁচুৱাবিলাকো বাদ নপৰে। মাকহঁতে কেঁচুৱাবোৰক এঠাইত পেলাই থয় আৰু মাজে মাজে পিয়াহ দিয়ে।
দুপৰীয়া আৰু ৰাতিৰ আহাৰো এইদৰে চলে। তেওঁলোকৰ দৈনিক জীৱন এনেকুৱাই; অৱশ্যে শনি আৰু দেওবাৰে বেলেগ। শনিবাৰে গোটেইটো পৰিয়াল নগৰলৈ আহে। সেই দিনা গোটেই দিনটো বজাৰ কৰোতেই যায়; বজাৰ কৰিবলৈ সাধাৰণতে এজন মানুহৰ দহমিনিটতকৈ বেচি সময় নালাগে, অথচ তেওঁলোকে মিছায়ে গোটেই দিনটো ঘূৰি ফুৰে। ছোৱালীবিলাকে জুম পাতি গা ঘেলাই ফুৰে, বহে, ধঁপাত খায় আৰু নাকত শস্য গোজে! দেওবাৰে সকলো সভালৈ যায়। সেই সভাত কেৱল গল্পই চলে।
তেওঁলোকৰ আৰ্থিক অৱস্থাও অতি শোচনীয়। প্ৰায় মানুহেই ধাৰত পোতখোৱা। পথাৰত যিবোৰ শস্য হয়, আটাইবোৰেই পাওনাদাৰৰ ওচৰত বন্ধক থাকে।
গাওঁবোৰত বহুতো পঢ়াশালি আছে। অথচ প্ৰাদেশিক চৰকাৰে সেইবোৰৰ নিমিত্তে একো ব্যৱস্থা কৰা নাই। ধৰ্ম্মমন্দিৰ বা কাঠৰ সৰু কুঠৰীতে স্কুল বহে। জাৰকালি শিক্ষক আৰু ছাত্ৰবিলাকে বৰ কষ্ট পায়। কেতিয়াবা কেতিয়াৰা চোতালত জুই ধৰা হয়। শিক্ষক আৰু ছাত্ৰবিলাকে মাজে মাজে বাহিৰলৈ আহি জুই ফুৱায়। ইপিনে শিক্ষক সকলৰ বিদ্যা-বুদ্ধি যেনে, চৰিত্ৰও তেনে।
কেৱল পাঁচমাহ স্কুল বহে। স্কুলবোৰত বোৰ্ডৰ বাহিৰে আন সঁজুলি পাবলৈ নাই। এবাৰ এখন সৰু স্কুলত সোমাই দেখিলোঁ, একেখন কিতাপকে পাঁচজন লৰাই পঢ়িছে!
গিৰ্জ্জাঘৰৰ অৱস্থাও স্কুলঘৰৰ দৰেই। ঘৰবোৰ ভগাছিগা। ধৰ্ম্ম-প্ৰচাৰক সকলৰ বিদ্যা-বুদ্ধি আৰু চৰিত্ৰও শিক্ষক সকলৰ দৰেই।
আলবামা প্ৰদেশত ফুৰি ফুৰোঁতে অনেক মানুহৰ লগত দেখা শুনা কৰি তেওঁলোকৰ মনৰ গতি বুজিবৰ চেষ্টা কৰিছিলোঁ৷ এটা উদাহৰণ দিলেই আপোনালোকেও তেওঁলোকৰ মনৰ গতি বেচ বুজিব পাৰিব।
এবাৰ এজন নিগ্ৰ'ক মই তেওঁৰ বংশাৱলীৰ কথা সুধিছিলোঁ। তেওঁৰ বয়স তেতিয়া তিনি কুৰি। তেওঁ ক'লে, “মই ভাৰ্জিনিয়াত উপজিছিলোঁ। ১৮৪৫ চনত বিক্ৰি হৈ আলাবামালৈ আহিলোঁ।” মই তেওঁক পুনৰাই সুধিলোঁ, “আপোনাৰ লগত আৰু কিমান মানুহ ইয়ালৈ আহিছিল?” তেওঁ উত্তৰ দিলে " আমি মুঠতে পাঁচজন আহিছিলো,—মই, মোৰ ভাই আৰু তিনটা খচ্চৰ।”
পশু আৰু মানুহ একে শ্ৰেণীৰ প্ৰাণী নহয়, সেই বুঢ়াৰ ধাৰণাই নাছিল। দৰাচলতে ক'বলৈ গ'লে, গোলামী কৰোঁতে কৰোঁতে মানুহ আৰু পশুৰ মাজত একো প্ৰভেদেই নথকা হয়।
_______
অষ্টম অধ্যায়।
[ ঘোঁৰাঘৰত পঢ়াশালী ]
আলাবামা প্ৰদেশৰ গাওঁ ভূইবোৰ চাই মই হতাশ হলো। এনে অবনত সমাজক উপৰলৈ তোলা মোৰ পক্ষে বৰ টান কাম যেন লাগিব। এই ক্ষেত্ৰত মই অকলশৰীয়া। সমাজৰ সমুদায় অভাব মোচন কৰা অকল এজন মানুহৰ পক্ষে সহজ কাম নহয়। মই এটা অবাধ্য কামত হাত দিয়া যেন পালো।
এই এমাহ ফুৰিয়েই মোৰ ধাৰণা হ'ল যে, যুক্তৰাজ্যত আন ঠাইত যি নিয়মে শিক্ষা দিয়া হৈছে, আমাৰ সমাজত সেই নিয়মে শিক্ষা দিলে একো ফল পোৱা নাযাব। আৰ্মষ্ট্ৰঙ্গ মহাশয়ৰ প্ৰণালী অনুসৰণ কৰিব পাৰিলে কিছু ভাল ফল পাবৰ আশা আছে। কেৱল কিতাপৰ বিদ্যাত পণ্ডিত কৰি দিলেই কাম নচলিব; তেওঁলোকৰ জীৱন সম্পূৰ্ণ নতুন ঠাঁচত গঢ়িব লাগিব।
১৮৮১ চনত এটা গিৰ্জাঘৰত স্কুল খুলিলোঁ। এই বিষয়ত আমাৰ সমাজে মোক যথেষ্ট অনুগ্ৰহ দেখুৱালে। চাহাব সকল মোৰ ওপৰত অসন্তুষ্ট হ'ল। তেওঁলোক নিগ্ৰ' সমাজত শিক্ষাবিস্তাৰৰ বিৰোধী আছিল। তেওঁলোকৰ বিশ্বাস, নিগ্ৰ'ৱে লিখাপঢ়া কৰিলে, কুলীকাম নকৰা হব; আন কি ঘৰৰ চাকৰ পোৱাও টান হৈ পৰিব। তাৰ বাহিৰেও এই শিক্ষাই দুই জাতিৰ মাজত বিৰোধ ভাব আনিব। চাহাব সকলৰ এনে বিশ্বাসৰ যথেষ্ট কাৰণে। আছিল। ইমান যিবিলাক নিগ্ৰ'ৱে লিখাপঢ়া শিকিছে তেওঁলোক সকলোৱেই বাবু। আজিকালি তেওঁলোকৰ মুৰত টুপী, চকুত সোণৰ চচমা, হাতত লাঠি আৰু ভৰিত চৌখিন বুট। গতিকেই শিক্ষাই যে তেওঁলোকক একেবাৰেই বাবু কৰি তুলিব তাত কোনো সন্দেহ নাই।
সি যি হওক, শিক্ষা-বিস্তাৰ বিষয়ত দুজন বন্ধুৱে মোক যথেষ্ট সাহায্য কৰিছিল—এজন চাহাব, আন জন নিগ্ৰ'। চাহাৱজনৰ নাম আছিল জৰ্জ কেম্পবেল, আৰু নিগ্ৰ জনৰ নাম আছিল লুইচ, আডাম। কেম্পবেল আগেয়ে গোলামবিলাকৰ মালিক আছিল, এতিয়া তেওঁ এজন সদাগৰ। কিন্তু শিক্ষা সম্বন্ধে তেওঁৰ অভিজ্ঞতা তেনেই কম আছিল। আডাম আগেয়ে এজন গোলাম আছিল। এতিয়া তেওঁ চামৰা আৰু লোহা-পিতলৰ কাম কৰে। গোলামী-যুগত তেওঁ জোতা আৰু ঘোঁৰাৰ লেকামাদি তৈয়াৰ কৰিছিল। তেওঁ কেতিয়াও পঢ়াশালিলৈ গৈ লিখাপঢ়া শিকা নাছিল; কিন্তু গোলামী-যুগতে তেওঁ দুখনমান কিতাপ পঢ়িছিল।
সি যি হওক, এই দুয়োজন মানুহৰ জীৱন কৰ্ম্মময় আছিল। মোৰ শিক্ষা- প্ৰণালী তেওলোকে বৰ ভাল বুলি স্বীকাৰ কৰিলে।
মই লুইচ আডামৰ বিচক্ষণতা আৰু চিন্তাশীলতা দেখি বাস্তবিকতে বৰ আচৰিত হৈছিলোঁ। বিদ্যা নহলেও যে কৰ্ম্মই মানুহৰ মন পৰিমাৰ্জিত কৰিব পাৰে লুই আডামৰ জীৱনতে তাৰ চানেকী পোৱা যায়। তেওঁ গোলামী-যুগত শিল্প-কাৰ্য্যত জীৱন যাপন কৰি অতি ওখ ধৰণৰ চিন্তাশক্তি অৰ্জন কৰিছে। গোলামী-যুগৰ শিক্ষাই বাস্তবিকতে অনেকক কৰ্ম্ম আৰু চিন্তাশীল কৰি তুলিছে। এতিয়াও দক্ষিণ অঞ্চলত যি কেইজন লেখৰ মানুহ আছে, তেওঁলোকৰ ভিতৰত নিগ্ৰোৰ সংখ্যাই অধিক, আৰু তেওঁলোকৰ প্ৰত্যেকেই গোলামী-যুগত পঢ়াশুনাৰ লগতে এটা নহয় এটা- শিল্প বিদ্যাও শিকিছিল।
ত্ৰিশজন ছাত্ৰ লৈ পঢ়াশালি খোলা হ'ল। ময়েই একমাত্ৰ শিক্ষক আছিলোঁ। ছাত্ৰৰ ভিতৰত ল'ৰা আৰু ছোৱালীবিলাক টাস্কেগীৰ ওচৰৰ গাওঁবোৰৰ পৰাই আহিছিল। তেনেই কুমলীয়া বয়সৰ ল'ৰা-ছোৱালীক পঢ়াশালীত নলৈছিলোঁ। পোন্ধৰ বছৰৰ কমে কোনো ছাত্ৰই সেই স্কুলত ঠাই নাপাইছিল। যিবিলাকে আগেয়ে কিছু শিক্ষা পাইছিল বা যি শিক্ষকতা কৰিছিল, তেনে ধৰণৰ ল'ৰাকহে স্কুলত ভৰ্ত্তি কৰিছিলোঁ। লাহে লাহে আৰু ছাত্ৰ আহিবলৈ ধৰিলে।
প্ৰথমতে যি ত্ৰিশজন ছাত্ৰ লৈছিলোঁ, তেওঁলোক এটাই কেইজনেই আগেয়ে শিক্ষক আছিল। তেওঁলোকৰ প্ৰত্যেকৰ বয়স প্ৰায় ৪০ তকৈ ওপৰ আছিল। পিচত পৰীক্ষা কৰি আচৰিত হ'লোঁ যে, অনেক ছাত্ৰই সেই শিক্ষকসকলতকৈ বেচি জানিছিল। এই শিক্ষকসকলে ডাঙৰ ডাঙৰ কিতাপ পঢ়িছিল— আৰু ডাঙৰ ডাঙৰ শব্দ ব্যৱহাৰ কৰিবলৈ ভাল পাইছিল; কোনো কোনোৱে লেটিন আৰু গ্ৰীকো শিকিছিল। আৰু সেই কাৰণে নিজৰ নাম জাহিৰ কৰি ফুৰিবলৈ বৰ ভাল পাইছিল।
নিগ্ৰ'বিলাকে বিদেশী ভাষা শিকাটো বৰ গৌৰৱৰ বিষয় বুলি ভাবিছিল। মই আলবামাত ফুৰি ফুৰোঁতে এবাৰ এজন মানুহৰ ঘৰত সোমাইছিলোঁ। সেই ঘৰৰ ডেকাজন এটা অতি ভগাছিগা ঘৰত ময়লা কাপোৰ পিন্ধি বহি আছিল, অথচ তেওঁৰ হাতত এখন ফৰাচী ভাষাৰ ব্যাকৰণ পুথি!
প্ৰথম, ল'ৰাবিলাকৰ পুথিগত বিদ্যা দেখি মই সঁচাকৈয়ে বৰ লাজ পাইছিলোঁ। তেওঁলোকে ব্যাকৰণ আৰু অঙ্কৰ সূত্ৰবোৰ মুখস্থ কৰিবলৈ বৰ ভাল পাইছিল। অনেক ল'ৰাই সুদকষা, ষ্টক আদিৰ মূলসূত্ৰবোৰ ভাঁটৌ চৰাইৰ দৰে আওৰাব পাৰিছিল, কিন্তু জীৱনত বেঙ্ক এটাও দেখা নাছিল। আন নালাগে, দোকানৰ খাতাপত্ৰ আৰু টকা-পইচাৰ হিচাবো ৰাখিব নাজানিছিল। মুঠৰ ওপৰত তেওঁলোক সাংসাৰিক সকলো বিষণ্ণতে তেনেই অজ্ঞ আছিল।
এদিন এজন ল'ৰাক আফ্ৰিকাৰ চাহাৰা মৰুভূমিক মেপত দেখুৱাবলৈ কোৱাত তেওঁ অনায়াসে দেখুৱাইছিল। আৰু এজনে মেপত চীনদেশৰ ৰাজধানীও দেখুৱাইছিল। কিন্তু মাটিৰ উত্তৰ-দক্ষিণ, পূৰ্ব-পছিম আদি দিশবোৰ দেখুৱাব নোৱাৰে! ছোৱালীবিলাকেও মেজত গিলাচ, চামুচ, বাটি আদি সজাব নাজানে। কিতাপৰ বিদ্যাই সঁচাকৈয়ে তেওলোকক মুৰ্খ কৰিয়েই ৰাখিছিল।
চাওঁতে চাওঁতে এমাহৰ ভিতৰতে ছাত্ৰৰ সংখ্যা পঞ্চাশ হৈ পৰিল। ছসপ্তাহৰ ভিতৰতে আমি এজনা উচ্চশিক্ষিতা নিগ্ৰ’মহিলা শিক্ষয়িত্ৰীস্বৰূপে পালোঁ। তেওঁ আগেয়ে নানা ঠাইত শিক্ষয়িত্ৰী আৰু পৰিচাৰিকাৰ কাম কৰি যথেষ্ট অভিজ্ঞতা লাভ কৰিছিল। তেওঁৰ নাম আছিল শ্ৰীমতী অলিভীয়া ডেভিডচন। শেষত তেৱেঁই মোৰ গৃহিণী হৈছিল।
তেওঁ এজনা বৰ চোকা-বুদ্ধিৰ মহিলা আছিল, আৰু সদায় নতুন নতুন ভাব তেওঁৰ মনত পেলাইছিল। তেৱোঁ মোৰ দৰেই কিতাপৰ বিদ্যাক আদৰ নকৰিছিল।
আমাৰ স্কুলৰ ছাত্ৰবিলাকে লিখাপঢ়া ভালেই কৰিছিল। কিন্তু স্বাস্থ্যৰক্ষা আৰু শৰীৰপালন সম্বন্ধে তেওঁলোকে অকণো যত্ন নলৈছিল। ল'ৰাবিলাকে লেতেৰা হৈয়েই স্কুললৈকো অহাযোৱা কৰিছিল। আমি বুজিলোঁ, প্ৰথমে তেওঁলোকক চাফচিকুণকৈ থাকিবলৈ শিক্ষা দিয়া উচিত। দ্বিতীয়তে তেওঁলোকক দাঁত মাজিবলৈ, হাতভৰি আৰু গা ধুবলৈ, কাপোৰ কানি নিকা ৰাখিবলৈ আৰু ঠাই সাৰিবলৈ শিকোৱা উচিত। ঘৰুৱা কামত অভ্যাস হলেই তেওঁলোকৰ স্বাস্থ্য বিষয়ক আৰু সাংসাৰিক জ্ঞান আপোনা আপুনি জন্মিব। এইবোৰ কামৰ বাহিৰেও তেওঁলোকক ভাত মোকোলাবৰ উপায়বোৰ হাতে-কানে দেখুৱাই দিয়া ভাল। এবাৰ এইবোৰ কাম শিকি ল'লে, তেওঁলোকে ভবিষ্যতে সহজে পেটৰ ভাত মোকোলাই খাব পাৰিব আৰু লগে লগে মিতব্যয়ীও হ'বলৈ শিকিব।
আমাৰ স্কুলৰ বেচি ভাগ ছাত্ৰই খেতিয়কৰ ল'ৰা আছিল। যিবিলাক গাৱঁৰ পৰা ল'ৰাবিলাক আহিছিল, সেই গাওঁবিলাকৰ শতকৰা ৮০ জন মানুহেই খেতি কৰি পেটৰ ভাত মোকোলাইছিল। গতিকে ল'ৰাবিলাকৰ শিক্ষা এনে হোৱা উচিত যাতে তেওঁলোকে গাওঁ এৰি চাকৰী বিচাৰি নগৰলৈ আহিব লগাত নপৰে আৰু লগে লগে গাৱঁতে থাকি তাতে চাকৰী আৰু খেতি-বাতি কৰি পেটৰ ভাত মোকোলাব পাৰে। এই আদৰ্শ লৈয়েই আমি টাস্কেগী-স্কুলৰ শিক্ষাৰ কামত লাগি গ'লোঁ। মুঠৰ ওপৰত আধা-শিক্ষিত আৰু চৰিত্ৰহীন বাবু নুতুলি, আমি শিক্ষিত আৰু চৰিত্ৰবান খেতিয়ক গঢ়িবলৈ যত্নবান হ'লোঁ।
কিন্তু কাৰ্যক্ষেত্ৰত নামো কেনেকৈ? দিন দিন স্কুলত ল'ৰাৰ সংখ্যা বাঢ়িবলৈ ধৰিলে। ইপিনে আমালোকৰ পদে পদে ধনৰ অভাব, ঠাইৰ অভাৱ আৰু সুবিধাৰ অভাব! ভগবানৰ ইচ্ছা, এই সময়তে এডোখৰ মাটিৰ সম্ভেদ পালো। মাটিডোখৰ টাস্কেগীৰ ওচৰতে, কিন্তু দাম ১৫০০ টকা। এই ঠাই ডোখৰত আগেয়ে এটা গোলামখানা আছিল; তাত ঘৰবাৰী, যি দুটা এটা আছে, সিও ভগাছিগা। মাটিৰ গৰাকীয়ে আমাৰ পৰা দুই কিস্তীত ধন লওঁ বুলিছিল। কিন্তু কি কৰিম। ইমানখিনি ধন পাওঁ ক'ৰ পৰা? হাতত পইচা এটাও নাই। আমি নতুন মানুহ, ধাৰলৈকো কোনেও পইচা এটা দিওঁতা নাই। বিমোৰত পৰি হেম্পটনৰ থাজাঞ্চী মাৰ্চেল চাহাবলৈ চিঠি দিলো। তেখেতে উত্তৰ দিলে, “স্কুলৰ তহবিলত ধন নাই, দিব নোৱাৰিলোঁ। মোৰ নিজৰে পৰা ৭৫০, পঠিয়ালো।
৭৫০ টকা পালো। ধন পাই মোৰ আনন্দ চায় কোনে? ইতিপূৰ্ব্বে মই ইমানখিনি ধন একেলগে দেখাই নাছিলোঁ। সি যি হওক, সোনকালেই মাটি কিনিলো। এবছৰৰ ভিতৰতে বাকী ধন খিনি দিম বুলিও গাত ললো।
নতুন ঠাইলৈ স্কুল তুলি নিলোঁ। সেই ঠাইত চাৰিটা ভগাছিগা পুৰণি ঘৰ আছিল— এটা ৰান্ধনীৰ, এটা খোৱাঘৰ আৰু বাকীটো কুকুৰা থোৱা ঘৰ! কেইদিনমানৰ ভিতৰতে ঘৰ কৈইটা মেৰামত কৰি ল'লোঁ। ঘোঁৰাঘৰটোতে স্কুল পাতিলোঁ। প্ৰথমে ঘোঁৰাঘৰটোতে কাম চলিছিল। পিচত ছাত্ৰৰ সংখ্যা বঢ়াত কুকুৰা থোৱা ঘৰটোত শ্ৰেণী বহুৱালোঁ।
এদিন এটা ল'ৰাক ক'লোঁ “কুকুৰা থোৱা ঘৰটো চাফ কৰি পেলোৱা, ল'ৰা বাঢ়িছে, তাতো শ্ৰেণী পাতো।” লৰাটোৱে ঘপ কৰে উত্তৰ দিলে, "কি মহাশয়! ইমানবিলাক ল'ৰাৰ আগতে দিনতে ঘৰটো পৰিষ্কাৰ কৰিম নে? মানুহে কি বুলিব?”
ল'ৰাহঁতৰ দ্বাৰাই ঘৰকেইটা মেৰামত আৰু চাফচিকুণ কৰি স্কুল পাতিলো। কাম ভালেই চলিবলৈ ধৰিলে। ইয়াৰ পিচতে স্কুলৰ দাঁতিতে হাবি কাটি শাক-পাচলী আৰু ফুলৰ বাগিছা পাতিবৰ মন কৰিলোঁ। ল'ৰাহঁতক হাবি কাটি ঠাই চাফ কৰিবলৈ ক'লো। তেওঁলোকে মোৰ কথাত বিৰক্তি বোধ কৰিলে। কিছুমান ছাত্ৰই আগেয়ে শিক্ষকৰ কামো কৰিছিল। তেওঁলোকে এতিয়া কোৰৰ কাম বৰ টান যেন পালে। তেওঁলোকে ভাবিলে — মাটিকোৰাৰ লগত লিখা-পঢ়াৰ সম্বন্ধ কি? মই তেওঁলোকক সেই বিষয়ে উপদেশ দিলোঁ, তথাপিও তেওঁলোকৰ লাজ নেভাগিল। অগত্যা নিজেই পুৱাই কোৰ লৈ মাটি কুৰিবলৈ ধৰিলোঁ।
এইদৰেই কতখিনি মাটি চাফ কৰি পেলালোঁ। ল'ৰাহঁতে। দেখিলে, এই কামত মোৰ অলপমানো অপমান হোৱা নাই। লাহে লাহে সকলোৱে মোক সাহায্য কৰিবলৈ ধৰিলে। এইদৰেই প্ৰায় ৬০ বিঘা মাটি কোৰা হ'ল।
ইপিনে শ্ৰীমতী ডেভিডচনে মাটিৰ বাকীখিনি দিবৰ নিমিত্তে নানা উপায়েৰে ধন তুলিবলৈ ধৰিলে। প্ৰথমতে তেওঁ স্কুলঘৰতে কেইবাখনো প্ৰদৰ্শনী বা মেলা পাতিছিল। এই মেলাত বেচিবৰ কাৰণে তেওঁ নিগ্ৰো আৰু চাহাবসকলৰ ঘৰে ঘৰে গৈ বস্তু খুজি আনিছিল। নিজ’বিলাকে উৎসাহেৰেই অনেক বস্তু দিছিল। কোনোৱে আলু, কোনাৱে ৰুটি, কোনোৱে ৰুমাল, কোনোৱে চেনি প্ৰভৃতি বস্তু মেলাত বেচিবলৈ দিছিল। এইবোৰ বস্তু বেচি মেলাৰ পৰা কিছু ধন পোৱা গৈছিল। এইদৰেই স্কুল- ঘৰতে কেইবাখনিও মেলা বহিছিল।
ইয়াৰ পিচত শ্ৰীমতী ডেভিডচনে এটা চান্দাৰ বহি খুলিছিল। দুই চাৰি পইচাৰ পৰা আৰম্ভ কৰি অনেকে ৫, ১০, টকা পৰ্যন্ত স্কুললৈ এককালীন দান দিছিল। কোনোৱে আকৌ এডাল কুঁহিয়াৰকে দিছিল।
এদিন মই এখন চকিত বহি আছোঁ, এনেতে এজনী প্ৰায় ৭০ বছৰীয়া বুঢ়ী আহি মোৰ ওচৰত উপস্থিত হ'লহি। তেওঁৰ গাৰ কাপোৰ- কানি ফটাছিটা বুলিও চাফচিকুণ আছিল। তেওঁ খোৰাই খোৰাই আহি মোক কৈছিল, “মহাশয়, মোৰ দিন কেইটা গোগামী কৰোতেই গ'ল; আখৰ এটাকে চিনিবলৈ নেপালোঁ। কিন্তু আপুনি আৰু শ্ৰীমতী ডেভিডচনে আমাৰ সমাজৰ কাৰণে যি কাম হাতত লৈছে, তাৰ বাবে আপোনালোকক মোৰ হৃদয়ৰ কৃতজ্ঞতা জনাইছোঁ। মই বুঢ়ীৰ কি আছে? কি দিম? মই কেঁচা পইচা জীৱনত দেখি পোৱা নাই। তথাপিও মই এই ছটা কণী আনিছোঁ। অনুগ্ৰহ কৰি আপোনালোকে এই কণী কেইটা বেচি যি পায় তাকে সাদৰেৰে মোৰ চান্দা বুলি ল'ব।”
টাস্কেগীত স্কুল পতাৰ দিনৰ পৰা অনেকৰ পৰা অনেক ৰকমে সাহায্য পাইছোঁ। কিন্তু সেই বুঢ়ীৰ কথা মোৰ মনত এতিয়াও আছে; পাহৰিব পৰা নাই।
________
নবম অধ্যায়।
ধনৰ চিন্তা আৰু উজাগৰ ৰাতি।
বৰ দিনৰ বন্ধ আৰম্ভ হ'ল। ৰাতি দুই বজাৰ পৰা পুৱালৈকে শয় শয় ল'ৰা-ছোৱালীবিলাকে আমাৰ ঘৰলৈ উপহাৰ বিচাৰি আহিবলৈ ধৰিলে। এতিয়াও দক্ষিণ-অংশত বৰদিনৰ সময়ত জাকে জাকে ল'ৰাছোৱালীবিলাকে ঘৰে ঘৰে উপহাৰ বিচাৰে।
আগেয়ে বৰদিনৰ উৎসৱত নিগ্ৰ'বিলকে এসপ্তাহ ছুটি পাইছিল। সেই সময়ত মতাবিলাকে অতিপাত মদ খাইছিল। এতিয়া টাস্কেগীতো বৰদিনৰ এদিন আগৰে পৰা মানুহবিলাকে কাম কৰিবলৈ এৰিলে। আগেয়ে যি কেতিয়াও মদ নাখাইছিল, তেনে মানুহেও এতিয়া মদ খাই পাগলামী কৰিবলৈ ধৰিলে।
সকলো গাৱঁতে উৎসৱ, সকলো ঠাইতে ৰংধেমালি আৰু নাচগান—ক’তো সংযম নাই। সেই দিনত কোনো কোনোৱে হাতত বন্দুক লৈ চিকাৰ কৰিবলৈ ওলাল। তেওঁলোকে মহাত্মা যীশুৰ জন্মতিথি উপলক্ষ লৈ অশ্লীলতা আৰু উচ্ছৃঙ্খলতাৰ সোঁত বোৱাবলৈ ধৰিলে।
বৰদিনৰ উৎসৱ চাবলৈ এদিন গাৱঁৰ ভিতৰলৈ সোমালোঁ। দেখিলোঁ, এটা কুঠৰীত এজাক ল'ৰাই ফটকা মাৰি আনন্দ কৰিছে; আৰু এঠাইত দেখিলোঁ, কেইটামান কল মাত্ৰ আঁৰি থোৱা আছে,—দহ বাৰটামান ল'ৰাই তাকে চিঙি চিঙি খাইছে; আন এঠাইত দেখিলো, উৎসৱত খাবৰ নিমিত্তে ঘৰৰ গৰাকীয়ে দুডোথৰ কুঁহিয়াৰ আনি থৈছে। এঘৰত দেখিলোঁ, সস্তা দৰত এবটল মদ কিনি গিৰীয়েক ঘৈণীয়েক দুয়ো খাইছে। অথচ, সেই মতা মানুহজন সেই গাৱঁৰে ধৰ্ম্মপ্ৰচাৰক! কোনো কোনো ঠাইত ল'ৰাবিলাকে বিজ্ঞাপনৰ ছপা কাৰ্ড কিছুমান লৈ ৰং ধেমালি কৰিছে। কোনোৱে আকৌ এটা নতুন পিস্তল কিনি গাওঁখনতে জাহিৰ কৰি ফুৰিছে।
শুনিলোঁ, এঠাইত ৰাতি নাচগান হ'ব; মদৰো বিশেষ আয়োজন আছে। এনে নাচগানত, অনেক সময়ত কাঁজিয়া-পেচাল আৰু মাৰ পিটো হয়।
এইদৰেই উৎসৱ চাই ফুৰোঁতে এজন ধৰ্ম্ম প্ৰচাৰকক পালোঁ। তেওঁ ক'লে, “পৃথিবীৰ আদিম মানুহ আডামৰ জীৱনীৰে পৰা জানিব পাৰি যে, কামৰ প্ৰতি ঈশ্বৰ শাওঁপাত আছে; তেওঁ কাম ভাল নাপায়। আৰু সেই কাৰণেই কাম কৰা মহাপাপ। মানুহে যিমানেই কম কাম কৰে, সিমান ভাল। ১ই এই সপ্তাহটো শক্তিৰে আছোঁ—কিয়নো মই মুঠেই কাম কৰা নাই আৰু সেই বাবেই পাপো অৰ্জ্জা নাই।”
এইবোৰ কাণ্ড দেখি শুনি মই লৰাহঁতক বৰদিনৰ সাৰ্থকতা বিষয়ে বুজাবলৈ ধৰিলো। আহাৰ বুজনিৰ ফল ধৰিলে। লাহে লাহে আন মানুহেও বৰদিনৰ সাৰ্থকতা বুজিবলৈ ধৰিলে। আজিকালি নিগ্ৰ’বিলাকে বৰদিনত যথেষ্ট সংযম আৰু পবিত্ৰ ভাব দেখুৱাবলৈ শিকিছে, আৰু পৰোপকাৰত মন দিছে। দুখীয়া মানুহৰ দুখ দেখিলে তেওঁলোকে সেই দুখ গুচাবৰ নিমিত্তে যত্ন কৰে। অলপতে তেওঁলোকে দুখীয়া মানুহ এজনীৰ নিমিতে পঁজাঘৰ এটা সাজি দিছে, আৰু এজন মানুহে জাৰত কষ্ট পাইছিল বুলি কোৱাত তেওঁলোকে দুটা ছোলা তেওঁলৈ পঠাই দিছে।
আমি প্ৰথমৰ পৰাই পঢ়াশালীখন গোটেই গাওঁখনৰ জীৱনৰ কেন্দ্ৰ স্বৰূপে গঢ়ি তুলিছিলোঁ। এই স্কুলখন ক'লা-বগা দুয়োবিধ মানুহৰে সম্পত্তি—কোনো এক সম্প্ৰদায়ৰ নহয়। সকলোৱেই এই স্কুলৰ মালিক আৰু পৰিচালক। মাটিৰ মূল্য দিবৰ কাৰণে, মই চান্দাৰ বহি লৈ চাহাব সকলৰ ঘৰলৈকো গৈছিলোঁ। মোৰ কাম দেখি চাহাৰ সকলেও এই স্কুলখন তেওঁলোকৰো সম্পত্তি বুলি বুজিব পাৰিলে। তেওঁলোকেও মোক নানা উপায়েৰে সাহায্য কৰিবলৈ আগ বাঢ়িল। লাহে লাহে সকলোৱে ক'লা-বগাৰ প্ৰভেদ পাহৰি গৈ পঢ়াশালীখনৰ উন্নতিত মন ঢালি দিলে।
এতিয়া টাস্কেগী স্কুলৰ চাহাব বন্ধু অনেক। মই প্ৰথমৰে পৰা তেওঁলোকৰ লগত বন্ধুত্ব স্থাপন কৰি আহিছোঁ। আৰু দক্ষিণ অঞ্চলৰ নিগ্ৰ’বিলাককো চাহাবসকলৰ লগত বন্ধু ভাবে থাকিবলৈ সদায় উপদেশ দি আহিছোঁ।
আমি স্কুলৰ নিমিত্তে ধন তুলিবলৈ ধৰিলো। মেলা, প্ৰদৰ্শনী, মুষ্টি- ভিক্ষা, চান্দা আদিৰ পৰা আনি তিনি মাহতে মাৰ্চেল চাহাবৰ ৭৫০ টকা আদায় কৰিলোঁ। তাৰ পিচত, দুমাহতে বাকী ৭৫০ যোগাৰ কৰি মাটিৰ গৰাকীৰ ধাৰ মাৰিলোঁ। মাটিখিনি আমাৰ হৈ পৰিল। অতি আনন্দৰ বিষয় এই যে, এই সমস্ত ধন, টাস্কেগীৰ চাহাব আৰু নিগ্ৰ'সকলৰ পৰাই পাইছিলোঁ।
ইয়াৰ পিচত আমি খেতি কৰিবৰ আয়োজন কৰিলোঁ। খেতি কৰিলে, স্কুলৰো আয় হব আৰু লগে লগে ল'ৰাবিলাকেও খেতি বাতি সম্বন্ধে যথেষ্ট অভিজ্ঞতা আৰ্জিব, আৰু লগতে আমি সুখেৰেও এমুঠি খাব পাৰিম।
স্কুলৰ ল'ৰাবিলাকৰ অৱস্থা ইমান বেয়া আছিল, যে স্কুলত তিনি মাহৰ বেচি, ধন খৰচ কৰি থাকিব নোৱাৰে। গতিকে তেওঁলোকে বাকী কেইমাহো যাতে ধন খৰচ কৰি থাকিব পাৰে, তাৰে দিহাত লাগি গ'লোঁ। এই কাৰণেই প্ৰথমতে খেতিতে ধৰিলোঁ। তাৰ পিচত সুবিধা হ'লে মিস্ত্ৰিৰ কাৰখানা আৰু সোণাৰী-শাল পাতিবৰো মন কৰিলোঁ।
টাস্কেগীত প্ৰথমতে এটা কণা ঘোঁৰাৰে 'পশুপালন' আৰম্ভ কৰিলোঁ। সেই ঘোঁৰাটো এজন চাহাবে অনুগ্ৰহ কৰি দান কৰিছিল। আজিকালি আমালোকৰ ‘পশুশালত' ২০০ মান ঘোঁৰা, খচ্চৰ, বলধ প্ৰভৃতি আৰু ৬০০ মান গাহৰি আৰু কিছুমান ভেৰা ছাগলিও আছে।
ল'ৰাৰ সংখ্যা দিনক দিনে বাঢ়িবলৈ ধৰিলে। পুৰণি ঘৰত এতিয়া ঠায়ে নটা হ'ল। এটা নতুন ঘৰ কৰিবৰ প্ৰস্তাব তুলিলোঁ৷ হিচাব কৰি চালোঁ, সেই ঘৰত আনুমানিক ২০,০০০ টাকা পৰিব। কিন্তু ইমান ধন ক'ৰ পৰা পাওঁ? বিমোৰত পৰিলোঁ। ইপিনে নতুন ঘৰ নকৰিলেও নহয়। বিশেষতঃ আমি ল'ৰাবিলাকক একে ঠাইতে ৰাখি আমালোকৰ আদৰ্শ অনুসাৰে গঢ়ি তুলিব খুজিছিলো। ঘৰ নহলে তেনে কাম সম্ভব নহয়। পলম কৰাৰ সময় নাই। গতিকে অতি সোনকালেই এটা ডাঙৰ ঘৰ কৰাই স্থিৰ কৰিলো।
লাহে লাহে আমাৰ ঘৰৰ কথা সকলো ঠাইতে জনাজাত হৈ পৰিল। এদিন দক্ষিণ অঞ্চলৰ এজন চাহাব-সদাগৰে মোক ক'লে, “শুনিছোঁ, আপোনালোকে এটা নতুন ঘৰ সাজিব খুজিছে; মই আপোনালোকক সকলো কাঠ দিম, তাৰ দাম এতিয়াই দিব নেলাগে, আপোনালোকৰ সুবিধা অনুসৰি দিলেই হব।” মই তেওঁক জনালোঁ, “আমাৰ হাতত এতিয়া এটা পইচাও নাই।” তেওঁ ক'লে, “সেই কথা মই জানো, তথাপিও মই আপোনালোকৰ মাটিত সোনকালেই কাঠ পেলাই দিয়াম।” মই ক'লোঁ, “আৰু কিছুদিন অপেক্ষা কৰক, আমাৰ হাতত অলপ ধন হওক। তাৰ পিচত আপোনাক জনাম।” ইয়াৰ কিছুদিনৰ পিচতেই হাতত অলপ টকা জমাই আমি সদাগৰক কাঠ পেলাবলৈ অনুৰোধ কৰিলোঁ।
এইবাৰো কুমাৰী ডেভিডনে ধন তুনিবলৈ নানা উপায়েৰে চেষ্টা কৰিবলৈ ধৰিলে। এই ঘৰৰ কথা শুনি নিগ্ৰ'বিলাক অতি আনন্দিত হ'ল। ধন তুলিবৰ নিমিত্তে আমি এদিন এখন সভা পাতিলোঁ। সভাৰ কাম আৰম্ভ হৈছে, এনেতে এজন আদ্বয়সীয়া মানুহ সভাত থিয় দিলে। তেওঁ ১২ মাইল দূৰৰ পৰা আহিছে, আৰু লগত এটা গাহৰি আনিছে। তেওঁ সভাৰ মাজত ক'বলৈ ধৰিলে “ৰাইজ সকল! মোৰ ধন বিত একো নাই, মুঠতে দুটা গাহৰি আছে —মই তাৰে এটা আপোনালোকৰ ঘৰৰ খৰচৰ কাৰণে দান কৰিছোঁ! আশা কৰোঁ, গাহৰিটো বেচি আপোনালোকে সেই ধন আপোনালোকৰ স্কুলত খৰচ কৰিব। মই আপোন৷ সকলক কাতৰ ভাবে নিবেদন কৰিছোঁ, যদি আপোনালোকৰ স্বজাতিৰ কাৰণে অকণমানো মৰম আছে, তেনে আপোনালোকে প্ৰত্যেকেই এটা এটা গাহৰি নতুন স্কুল ঘৰৰ নিমিত্তে দান কৰোক। মোৰ বিশ্বাস আপোনালোকে মোৰ কথা দলিয়াই নেপেলায়।”
তেওঁ কথা কৈ শেষ কৰাৰ পিচতে আৰু কেইজনমান নিগ'ডেকাই সভাত থিয় দি ক'বলৈ ধৰিলে, “আমি এই ৰাইজৰ মাজত থিয় দি শপত খাই কৈছোঁ, যে, এই স্কুলঘৰৰ নিমিত্তে আমি দুসপ্তাহ নিজে খাটি দিম।”
দক্ষিণ-অঞ্চলৰ পৰা ২০,০০০ টকা উঠা অসম্ভৱ। সেই কাৰণে কুমাৰী ডেভিডচনে চান্দা তুলিবৰ কাৰণে উত্তৰ-অঞ্চললৈ গ'ল। সেই ঠাইত তেওঁ বহুতো ধৰ্ম্ম মন্দিৰত বক্তৃতা দিবলৈ ধৰিলে। অনেক ঠাইত তেওঁ স্কুলবিলাকতো সভা পাতি ৰাইজক টাস্কেগী স্কুলৰ বিষয়ে জনাইছিল। অনেকেই টাস্কেগীৰ নামকে শুনা নাছিল। সি যি হওক, তেওঁৰ যত্নত উত্তৰ-অঞ্চলৰ মানুহবিলাকেও টাস্কেগীৰ প্ৰতি সহানুভূতি দেখুৱাবলৈ ধৰিলে।
কুমাৰী ডেভিডচন এদিন এখন জাহাজত নিউয়ৰ্ক নগৰলৈ গৈছিল। জাহাজতে এজনী ইয়াঙ্কী মহিলাৰ লগত তেওঁৰ কথা-বাতৰা হৈছিল। যাবৰ সময়ত সেই মহিলাই তেওঁৰ হাতত ১৫০ টকাৰ এখন 'চেক্ লিখি দিছিল।
ধন তুলিবৰ কাৰণে শ্ৰীমতী ডেভিডচনে বৰ পৰিশ্ৰম কৰিছিল। কেতিয়াবা থোজ কাঢ়িবলৈকো তেওঁৰ শক্তি নোহোৱা হৈছিল। এদিন তেওঁ বোষ্টন-নগৰত এজনা মহিলাৰ লগত দেখা কৰিবলৈ গৈছিল। তেওঁ ভিতৰলৈ কাৰ্ড পঠালে। কাৰ্ড পাই মহিলা গৰাকী বৈঠকখানালৈ আহি দেখে, কুমাৰী ডেভিডসন চকি এখনতে টোপনি গৈছে!
কুমাৰী ডেভিডচনৰ অনেক কাম আছিল। তেওঁ স্কুলৰো এজনী শিক্ষয়িত্ৰী আছিল; অনেক মহিলাক ঘৰতে শিকাইছিল, আৰু দেওবাৰে স্কুল এখন চলোৱাৰ ভাৰো তেওঁৰ মুৰতে পৰিছিল। ইয়াৰ উপৰিও, টাস্কেগী স্কুলৰ সাহায্যকাৰী বন্ধুসকললৈ তেওঁ সময় সময়ে চিঠি দি স্কুলৰ অৱস্থা জনাইছিল। এইদৰেই তেওঁ নানা ঠাইত টাস্কেগী স্কুলৰ বন্ধু গোটাইছিল।
ঘৰৰ কাম আৰম্ভ হ'ল। পোৰ্টাৰ নামে এজন চাহাবে ঘৰৰ নিমিত্তে কিছু বেচি ধন দান কৰিছিল; সেই কাৰণেই তেওঁৰ নামে ঘৰৰ নাম "পোৰ্টাৰ হল” ৰখা হ'ল। এই ঘৰ সাজিবৰ নিমিত্তে আমি ধনৰ অভাৱ বৰ বেচিকৈ অনুভব কৰিছিলোঁ।
এবাৰ এজন পাওনাদাৰক কথা দিলো, “অমুক তাৰিখৰ দিনা আপোনাৰ পাবলগীয়া ১২০০ টকা আদায় কৰিম।” সেই তাৰিখ আহি পৰিল, কিন্তু হাতত এটা পইচাও নাই। দহোটাৰ সময়ত ডাক পালোঁ। ডাকৰ লগতে কুমাৰী ডেভিডনৰ পৰা এখন চিঠি আহিল। চিঠিৰ লগতে এখন ১২০০ টাকাৰ চেক্। দেখি আচৰিত হ'লো। ১২০০ টকা বোষ্টন নগৰৰ দুজনী মহিলাই দান কৰিছে। এই দুজনা মহিলাই পিচৰ বছৰতো ১৮০০ টকা দান কৰিছিল। যোৱা ১৪ বছৰ এই দুজনা মহিলাই প্ৰতি বছৰে ১৮০০ টকা আমালোকৰ স্কুলত দান- কৰি আহিছে।
ঘৰ সজাৰ আগতে মাটি কটা কাম আৰম্ভ কৰা হ'ল। ল'ৰাবিলাকে নিজেই এই কাম হাতত ল'লে। অৱশ্যে এতিয়ালৈকে আগৰ স্বভাৱ এৰিব পৰা নাছিল। বহুতে ভাবিছিল যে, তেওঁলোকে লিখাপঢ়া কৰিবলৈ আহিছে, মাটি কাটিবলৈ অহা নাই। সি যিহওক, অলপ অলপকৈ কাম কৰি তেওঁলোকে শাৰীৰিক পৰিশ্ৰমৰ উপকাৰিতা বুজিব পাৰিলে।
মাটি কটা হ'ল। তাৰ পিচত মহাসমাৰোহেৰে 'ভেটি প্ৰতিষ্ঠা' উৎসৱত মনোযোগ দিলোঁ।
ষোল্লবছৰৰ আগেয়ে সকলোবিলাক গোলাম আছিলো। দক্ষিণ-অঞ্চলৰ এই ভাগতে গোলামবিলাকৰ খেতি-বাতি বেছি পৰিমাণে আছিল। সেই কাৰণেই এই বিভাগৰ নাম ক'লা বা কৃষ্ণ-বিভাগ আছিল। তেতিয়াৰ দিনত নিগ্ৰ'ক লিখা-পঢ়া শিকোৱাটো সকলোৱে মহাপাপ বুলি ভাবিছিল। যি শিক্ষকে নিগ্ৰ'ক লিখাপঢ়া শিকাব খুজিছিল, তেওঁক সকলোৱে নিন্দা কৰিছিল, আনকি তেওঁ আইন অনুসাৰে দণ্ডনীয়ও হৈছিল। আজি তেনে সমাজৰ মাজত স্কুল প্ৰতিষ্ঠাৰ মহোৎসৱ। আজিৰ দিনত সকলোৰেই আনন্দ, সকলোৰেই স্ফূৰ্ত্তি।
এই প্ৰদেশৰ শিক্ষাসচিবেই সভাপতি আছিল। তেও ঘৰ প্ৰতিষ্ঠাৰ আৰম্ভণি বক্তৃতা কৰিলে। যি ঠাইত ভেটি প্ৰতিষ্ঠাৰ আয়োজন হৈছিল, সেই ঠাইত শিক্ষক, ছাত্ৰ, অভিভাৱক, আত্মীয়, বন্ধু, প্ৰাদেশিক ৰাষ্ট্ৰৰ কৰ্ম্মচাৰী, মহাজন আদি সকলো মানুহ গোট খাইছিল। ষোল্ল বছৰৰ আগেয়ে যি সকল মানুহ গোলামখানাৰ মালিক আছিল, আজি তেওঁলোকৰ সাহাৰ্য্যতে গোলামজাতিৰ শিক্ষা-মন্দিৰৰ ভেটি প্ৰতিষ্ঠা- কাৰ্য্য সম্পাদিত হ'ল। ইয়াতকৈ আনন্দৰ বিষয় আৰু কি আছে। ক'লা বগা সকলোৱেই সেই ভেটিৰ তলত একো একোটা চিন ৰাখিবলৈ ব্যগ্ৰ হৈ উঠিল! এই দৰেই ভেটি প্ৰতিষ্ঠা কৰা কাম শেষ হৈ গ'ল।
ঘৰ সজাৰ কাম চলিবলৈ ধৰিলে। ইপিনে, ধনৰ অভাৱে প্ৰতি পদে আমাক হেঁচি ধৰিলে। ভাবি চিত্তি একো উৱাদিহ নোপোৱা হলো। হাতত এটা কড়িও নাই, অথচ, পাওনাদাৰৰ বিলৰ সংখ্যা দিনক দিনে বাঢ়িবলৈ ধৰিলে। কিমান দিন ৰাতি শোৱাপাটীত পৰি উজাগৰে কটালো তাৰ সীমা সংখ্যা নোহোৱাত পৰিল। ভুক্তভোগীৰ বাহিৰে আমাৰ দুখৰ কথা কোনে বুজিব?
মোৰ কামত জৰ্জ্জ কেম্বেল নামে এজ চাহাবে সদায় সজ উপদেশ দিছিল। তাৰ বাহিৰেও বিপদৰ সময়ত আৰ্মষ্ট্ৰঙ্গ চাহাবৰ পৰা কিমান উপকাৰ পালোঁ, সেই কথা বহলাই নিলিখিলেও হব।
১৮৮২ চনত মই শ্ৰীমতী স্মিথক বিয়া কৰালোঁ। তেৱোঁ এজনা গ্ৰেজুয়েট মহিলা আছিল। ঘৰৰ আৰু স্কুলৰ নেৰানেপেৰা কাম কৰি দুবছৰৰ মুৰতে পৰ্চীয়া নামেৰে তেওঁ এটি ছোৱালী এৰি স্বৰ্গী হ'ল। স্কুলৰ কামতে তেওঁ মন-প্ৰাণ একেবাৰেই সঁপি দিছিল, কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁসকল
চাবলৈ নেথাকিল। মই আকৌ অকলশৰীয়া হ'লো। দশম অধ্যায়।
অসাধ্য সাধন।
মই প্ৰথমৰ পৰাই টাস্কগী স্কুলৰ ল'ৰাবিলাকক মোৰ নিজৰ নতুন নতুন আদৰ্শমতে গঢ়ি তুলিবলৈ চেষ্টা কৰিছিলোঁ। মোৰ মতেৰে স্কুলৰ ল'ৰাবিলাকে সকলো কাম নিজহাতে কৰা উচিত। সকলো প্ৰকাৰ ঘৰুৱা কাম, কৃষি আৰু শিল্পত অভ্যাস থাকিলে, তেওঁলোক আগলৈ লেখৰ মানুহ হৈ উঠিব পাৰিব। এই সকলো কাম ল'ৰাবিলাকে নিজহাতে কৰিলে, তেওঁলোকে কামৰ মৰ্যাদা আৰু মোল বুজিব। সেই কাৰণে কামৰ পুৰণি ধৰণতে আবদ্ধ নাথাকি তেওঁলোকৰ মাজত নতুন আদৰ্শ আৰু প্ৰণালী বুজাই দিবলৈ ধৰিলোঁ আৰু লগে লগে সকলোবোৰ কামতে তেওঁলোকক হাতে কলমে লগাবলৈ ধৰিলোঁ। ইয়াৰ বাহিৰেও, পানী, বতাহ, বিজুলী আদি প্ৰকৃতিক শক্তিবোৰৰ পৰাও কেনেকৈ মানুহে সাহায্য লাভ কৰিব পাৰে, তাকো তেওঁলোকক পৰিপাটিকৈ বুজালোঁ।
অনেক বন্ধুৱে মোক ল'ৰাৰ দ্বাৰা ঘৰ সজাবলৈ হাক দিছিল। মই কিন্তু তেওঁলোকৰ হাক-বচন নুশুনিলো । ল'ৰাবিলাকে ঘৰ কৰিলে প্ৰথমত বেয়া হব পাৰে, কিন্তু পিচত তেওঁলোকৰ যে, যথেষ্ট অভিজ্ঞতা জন্মিৱ, আৰু লাহে লাহে তেওঁলোকৰ কাম ভাল হৈ উঠিব, তাত কোনো সন্দেহ নাই। তেওঁলোকে সজা ঘৰবোৰ প্ৰথমতে দেখিবলৈ সুন্দৰ নহব পাৰে, কিন্তু তেওঁলোকৰ অভিজ্ঞতা আৰু আত্ম-নিৰ্ভৰতাই পিচৰ ঘৰবোৰ নিশ্চয় সুন্দৰ কৰি তুলিব। সেই কাৰণেই মোৰ মতে প্ৰথমেই কৰা ঘৰবোৰ দেখাত বেয়া হলেও দুখ কৰা উচিত নহয়। মই মোৰ বন্ধু সকলক বুজাইছিলো যে, আমাৰ ল'ৰাবোৰ তেনেই দুখীয়া। তেওঁলোক গাৱঁত থাকে, ঘৰৰ ভিতৰৰ কেৱল কাঠৰ কুঠৰী এটা; তুলা, চেনি আৰু চাউলৰ অভাৱত তেওঁলোকে পথাৰত দিনৰ দিনটো কাম কৰে। গতিকে তেওঁলোকে যদি আমালোকৰ স্কুলৰ পকীঘৰত প্ৰথমতেই থাকিবলৈ পায়, তেনে হলে তেওঁলোকৰ আনন্দত ঠাই নোহোৱা হ'ব। কিয়নো কষ্টৰ পিচত সুখ আছেই। কিন্তু মোৰ মনেৰে এনে অৱস্থাত তেওঁলোকক এটা নতুন আদৰ্শ আৰু জীৱনৰ নতুন লক্ষ্য দিব নোৱাৰিলে, আমাৰ সকলো চেষ্টা মিছায়ে যাব। সেই কাৰণেই কওঁ, ভাল ঘৰত থকাৰ লগে লগেই ভাল ঘৰ সাজিবলৈকো শিকা উচিত। প্ৰথমতে তেওঁলোকৰ ভুল হব পাৰে, কিন্তু সেই ভুলে ভবিষ্যত জীৱন গঢ়ি তোলাৰ সুবিধা কৰি দিব।
মই আজি টাস্কেগীত ১৯ বছৰ কটাইছোঁ। ইমান দিনৰ ভিতৰত আমাৰ স্কুলত ৪০টা ঘৰ সজা হৈছে। ৪টাৰ বাহিৰে বাকী ৩৬টা ল'ৰাবিলাকে নিজ হাতে কৰিছে, তাত বাহিৰা মানুহৰ সাহায্য লোৱা হোৱা নাই।
আজিকালি দক্ষিণ-অঞ্চলত জিলাই জিলাই অনেক মানুহেই ঘৰ সাজিবলৈ শিকিছে। তেওঁলোকে আদিতে টাস্কেগীত কাম শিকিছিল। তাৰ বাহিৰেও সেই স্কুলৰ ল'ৰাবিলাকৰ লগত পৰি আন মানুহেও মিস্ত্ৰিৰ কাম শিকিছে আৰু লগে লগে স্কুলৰো যথেষ্ট উন্নতি হৈছে। কিয়নো বছৰে বছৰে ল'ৰা আহিছে আৰু গৈছে, কিন্তু ঘৰ সজা বিদ্যা! আমাৰ স্কুলত চলিবই লাগিছে। পুৰণি ল'ৰা- বিলাকৰ দৰে এতিয়া নতুন ল'ৰায়ো মাটি-কটা, গাঁত-খনা কামৰ পৰা আৰম্ভ কৰি বিজুলী-বাতি, গেছৰ কল বহুৱালৈকে সকলোবোৰ কামকে ল'ৰাহঁতে নিজহাতে কৰিবলৈ শিকিছে। এতিয়া আমি ঘৰ সাজোঁতে কোনো বিষয়তে লোকৰ সাহায্য বা উপদেশ ল'ব লগাত নপৰোঁ। আনন্দৰ কথা এই যে, কোনো নতুন ল'ৰাই স্কুল-ঘৰৰ বেৰত পেনচিলেৰে দাগ দিব খুজিলে বা মেজত কটাৰীৰে নাম লিখিব খুজিলে পুৰণি ল'ৰাবিলাকে সিহঁতক হাক দি কৈছিল, “ভাই, এইবোৰ বেয়া নকৰিবা; আমিয়েই সাজিছোঁ, বেয়া হলে আমিয়েই ভাল কৰিব লাগিব।”
ঘৰ সাজিবলৈ ইটা তৈয়াৰ কৰিবৰ সময়ত আমি বৰ বিপদত পৰিছিলো। আমি নিজে ইটা তৈয়াৰ কৰাৰ বিশেষ কাৰণো আছিল। নেই সময়ত টাস্কেগীত ইটাৰ কাৰখানা নাছিল, তাঁৰ উপৰিও বজাৰত ইটাৰ বৰ চলন্তি আছিল। গতিকে এই ছলতে আমি ইটাৰ কাৰবাৰ খুলিবলৈ মন মেলিলো।
বাইবেলত পঢ়িছিলোঁ— ইজাবেলৰ ল'ৰাবিলাকে খেৰকাঠ নোহোৱাকৈয়ে ইটা তৈয়াৰ কৰিবলৈ বাধ্য হৈছিল। এতিয়া দেখিলোঁ, আমাৰ কষ্টও তেওঁলোকতকৈ কোনো গুণেই কম নহৱ। কিয়নো এই বিষয়ত আমাৰ সমুলি অভিজ্ঞতা নাছিল।
ইটা সজা কাম তেনেই ঢিলা নহয়। বোকাৰ গাঁতত ৩|৫ ঘণ্টা থিয় দি সোমাই থকা বৰ টান। আঠুলৈকে বোকা লাগি থাকে, কাপোৰ- কানিও লেতেৰা হয়। ল'ৰাবিলাকে এই কাম কৰিব লগা হোৱাত সিহঁতৰ মন কোচ খাই গ'ল। ইমান দিন কোনো মতে বুজাই বৰাই মাটি- কোৰা কামত লগাইছিলোঁ। কিন্তু বোকা খচিবৰ পাল পৰিলত ল'ৰাহঁত অধৈৰ্য হৈ পৰিল। এনে টান কাম কৰিব লগা হোৱাত ল'ৰাহঁতে মৰণান্তিক বেজাৰ পালে। বহুতো ল'ৰাই এই দুখতে স্কুলকে এৰিলে। প্ৰথমতে ভাবিলোঁ, ইটা তৈয়াৰ কৰা কাম বৰ সহজ, কিন্তু কাৰ্য্য-ক্ষেত্ৰত নামি চালো, এই কামতো অভিজ্ঞতা লাগে। নানা ঠাইত মাটি বিচাৰি, নানা ঠাইত গাঁত খানি, অৱশেষত এখন ঠাইত ভাল মাটি পালে। তাৰ পিচত নানা কষ্টেৰে ২৫,০০০ হেজাৰ কেঁচা ইটা সজা হ'ল। ইটা সজা হ'ল হয়, কিন্তু পোৰা কাম বৰ টান। পুৰিবলৈ গৈয়েই মহা বিপদত পৰিলোঁ। এটা এটাকৈ তিনটা ওটা কৰিও ইটা ভালকৈ পুৰিব নোৱাৰিলোঁ। আমাৰ স্কুলৰ কেইজনমান শিক্ষকে হেম্পটনত ইটা পুৰিবলৈ শিকিছিল। তেওঁলোকে তৃতীয় ভটাটো সাজোঁতে বিশেষ কনে চকু দিছিল। এসপ্তাহমান, ইটাখিনি ভালভাবেই পুৰিছিল, কিন্তু সাতদিনৰ পিচত ৰাতি এটা মান বজাত হঠাৎ ভটাটো ভাগি থাকিল। তৃতীয় বাৰো আমি বিফল হলো। মনটো বৰ বেয়া লাগিল।
সকলোৱেই ক'বলৈ ধৰিলে, আৰু চেষ্টা কৰিবৰ একো সকাম নাই, আমালোকৰ দ্বাৰা ইটা তৈয়াৰি নহয়।” ইপিনে নতুনকৈ ভাটা সাজিবলৈ মোৰ হাতত পইচা এটাও নাই। মই মহা চিন্তাত পৰিলোঁ।
মোৰ এটা পুৰণি ঘড়ী আছিল। সেই ঘড়ীটোকে লৈ আন এখন চহৰলৈ গ'লো। তাত এখন দোকানত ঘৰিটো বন্ধক থৈ ৫০ টকা ধাৰলৈ ললোঁ। এই টকাৰে আকৌ নতুন ভটাৰ কাম আৰম্ভ কৰিলোঁ। ভগবানে এইবাৰ চকু মেলি চালে। এইবাৰ কামত কৃতকাৰ্য্য হলো। আমাৰ কাৰাখানাত ২৫,০০০ ইটা পোৰা হ'ল।
আজিকালি টাস্কেগী স্কুলত ইটাৰ কাৰবাৰ বৰ বেচিকৈয়ে চলিছে। যোৱা বছৰ আমি ১,২০০,০০০ ইটা তৈয়াৰ কৰিছিলোঁ। সেই ইটা ইমান সুন্দৰ আৰু মজপুত যে তাক যেই সেই বজাৰত অতি চৰা দামতে বেচিব পাৰোঁ। সি যি হওক, যোৱা কুৰি বছৰৰ শিক্ষাৰ ফলত আজি দক্ষিণ অঞ্চলত অনেক নিগ্ৰ’ডেকাই ইটাৰ ব্যৱসায় কৰি পেটৰ ভাত মোকলাই খাইছে।
এই ইটাৰ ব্যৱসায়ৰ পৰা মই এটা নতুন শিক্ষা পালো। যি বিলাক চাহাবৰ লগত আগেয়ে আমাৰ চিনাপৰিচয় নাছিল, বা যিবিলাকে আমাক কোনো ৰকমে সহানুভূতি নেদেখুৱাইছিল, এতিয়া তেওঁলোকেও আমাৰ ইটা ভাল দেখি কিনিবলৈ ধৰিলে। এতিয়া তেওঁলোকে ভালকৈয়ে বুজি পালে যে শিক্ষাই নিগ্ৰ' বিলাকক বাবু কৰি তোলা নাই, বৰঞ্চ আমি তেওঁলোকৰ উপকাৰতে আহিছোঁ। এইদৰেই কিনা বেচা কৰি থাকোঁতেই দুই জাতিৰ মাজত ভাল ভাব আৰম্ভ হ'ল। এতিয়া দক্ষিণ অঞ্চলৰ এই দুই জাতিৰ মাজত কোনো ভেদভাব নাই। বক্তৃতাৰ দ্বাৰা যি কাম সহজে কৰিব নোৱাৰি, ইটাৰ ব্যৱসায়ৰ দ্বাৰা সেই কাম অতি সহজেই সাধিত হ'ল। এতিয়া চাহাবসকলে বুজিলে যে, আমাক বাদ দিলে তেওঁলোকৰ কোনো কামেই সিদ্ধ নহয়।
মোৰ অভিজ্ঞতা এই যে, কথাতকৈ কামৰ মূল্য অনেক গুণে বেচি। কিয়নো মানুহ, কৃতিত্ব আৰু সৌন্দৰ্যৰ দাস। নিগ্ৰ'ৱে যদি এটা সুন্দৰ ঘৰ সাজে, সেই সুন্দৰ ঘৰ চাহাবসকলৰ চকুত সুন্দৰ লাগিব। গুণৰ আদৰ কোনে নকৰে?
ইয়াৰ পিছতে আমি বাগী আৰু গাড়ী তৈয়াৰ কৰাত লাগি গ'লোঁ। আজিকালি আমাৰ স্কুলৰ নিমিত্তে এনে ধৰণৰ ১২ খন ভাল গাড়ী আৰু বাগী আছে। এটাই কেইখন ছাত্ৰবিনাকে নিজহাতে কৰিছিল। এনেকুৱা আৰু কিছুমান কৰি বজাৰত বেচি ধন আনিলোঁ। এই গাড়ী কাৰবাৰতো চাহাবসকলৰ লগত আমাৰ সদ্ভাৱ আগতকৈ অনেক গুণে বাঢ়িবলৈ ধৰিলে। যি অঞ্চলত আমাৰ শিক্ষাত ল'ৰা-বিলাকে গাড়ীৰ কাৰবাৰ কৰে, সেই অঞ্চলৰ চাহাব সকলৰ লগত তেওঁলোকৰ মিলাপ্ৰীতি বেছি।
এই সংসাৰত যাৰ যি অভাৱ, সেই অভাৱ মোচন কৰিব পাৰিলেই তোমাৰ নাম আৰু যশস্যা। সাধাৰণতে মানুহক লাগে শাক-পাচলি, ইটা-কাঠ, ঘৰ-বাৰী, ঘোঁৰা-গাড়ী; তুমি তাকে নিদি যদি তেওঁলোকৰ আগত গ্ৰীক ভাষাৰ এখন ব্যাকৰণ মেলি বহী, তোমাৰ আদৰ ক'ত? বজাৰত যি বস্তুৰ অভাৱ, তুমি সেই বস্তুৰ - জোগাৰ দিব পাৰিলেই দহজন তোমাৰ ওচৰত সেও হৈ থাকিব।
মোৰ নতুন শিক্ষাৰ আদৰ্শ প্ৰচাৰ কৰাৰ লগে লগেই, মই ধনী দুখীয়া সকলো ছাত্ৰকে শাৰীৰিক পৰিশ্ৰম কৰিবলৈ বাধ্য কৰিলোঁ। সকলো ল'ৰাকেই কৃষি, শিল্প আৰু গৃহস্থালি কামত লগাই দিলোঁ।
মোৰ নিয়ম গোটেই প্ৰদেশতে প্ৰকাশ হৈ পৰিল। চাৰিও ফালৰ পৰা নানা ৰকাৰ আপত্তি শুনিবলৈ পালো। অভিভাৱক সকলে মৌলে চিঠি দিবলৈ ধৰিলে তেওঁলোকৰ ইচ্ছা মই যেন ল'ৰাহঁতক পঢ়াত বাজে আন কামত নলগাওঁ। দিনক দিনে আপত্তিৰ সংখ্যা বাঢ়িবলৈ ধৰিলে। অনেক অভিভাৱক স্কুলতো উপস্থিত হলহি। তেওঁলোকক কেৱল কিতাপৰ শিক্ষাহে লাগে। তেওঁলোকৰ মতে লৰাই বেচি সংখ্যক কিতাপ পঢ়িব পাৰে তেওঁ তিমান পণ্ডিত। চাওঁতে চাওঁতেই গোটেই প্ৰদেশত মোৰ বিৰুদ্ধে ভয়ানক আন্দোলনৰ সৃষ্টি হ'ল। মোক আৰু মোৰ শিক্ষা প্ৰণালীক সকলোৱে নিন্দা কৰিবলৈ ধৰিলে। মই কিন্তু কাৰো কথা নুশুনিলোঁ। মই মোৰ নিজৰ মত পৰিবৰ্ত্তন নকৰিলোঁ। অনেক লৰাই স্কুলৰ পৰা নাম কটালে। মই তেতিল নানা ঠাই ঘূৰি মোৰ মত প্ৰচাৰ কৰিবলৈ ধৰিলোঁ। অনেক ঠাইত অভিভাৱক সকলকো পৰামৰ্শ দিলোঁ। এনে কৰাত ছাত্ৰৰ সংখ্যা কমক ছাৰি বাঢ়িবলৈ ধৰিলে। আন ঠাইৰ পৰাও ছাত্ৰ আহিল। অতি অলপ দিনৰ ভিতৰতে ছাত্ৰৰ সংখ্যা ১৫০ জন হ'ল।
ঘৰ সজা হ'ল; এতিয়া আনন্দেৰে ঘৰ লোৱা উৎসৱ পাতিলোঁ। ৰবাৰ্ট চি বেডফোৰ্ড নামে এজন পাদুৰি চাহাবক সভাপতি পতা হ'ল। তেওঁ মোক আগেয়ে চিনি নেপাইছিল। তাথাপি তেওঁ আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি তেওঁৰ মহৎ হৃদয়ৰ চিনাকি দিলে। তেতিয়াৰে পৰা তেওঁ আমাৰ স্কুলৰ অন্যতম অভিভাৱক আৰু ৰক্ষকস্বৰূপে কাম কৰি আহিছে। সেই উৎসৱৰ দিনা আমাৰ মন কেনে লাগিছিল, তাক ভাষাৰে প্ৰকাশ কৰা টান।
ইয়াৰ কিছু দিনৰ পিচত এজন কৰ্ম্মী ডেকা আমাৰ হাতত পৰিল। তেওঁ হেম্পটনৰ পৰা আহিছিল। তেওঁৰ নাম ওৱাৰেণ ল'গান। এই বিচক্ষণীয়া ডেকা ল'ৰাটি মোৰ সোঁহাত আছিল। তেওঁৰ সাহায্যত আমাৰ স্কুলৰ যথেষ্ট উন্নতি হৈছিল।
ঘৰ সজা হ'ল। লৰাৰ সংখ্যাও দিনক দিনে বাঢ়িবলৈ ধৰিলে। গতিকে আমি তেওঁলোকৰ নিমিত্তে এটা বোৰ্ডিং ঘৰ কৰাত মন দিলো। আগৰটো ঘৰ কৰোঁতে ৰন্ধা ঘৰ আৰু খোৱা ঘৰৰ একো ব্যৱস্থা কৰা নাছিলো। গতিকেই আকৌ নতুনকৈ ঘৰ সাজিব লগাত পৰিল। স্থিৰ কৰিলোঁ, ঘৰটোৰ মজিয়াৰ মাটি কাটি এটা গাঁত কৰি ৰন্ধা আৰু খোৱা ঘৰ কৰা যাওক। সেই মতেই ল'ৰাহতৰ হতুৱাই, ডাঙৰ গাঁত খনাই ৰন্ধা আৰু খোৱাৰ ব্যৱস্থা কৰা হ'ল।
ইমানবোৰ কাম কৰিও এতিয়া বোৰ্ডিং চলোৱা বৰ টান কাম হৈ পৰিল। সকলো কামতে ধনৰ প্ৰয়োজন। ইপিনে ল'ৰাবিলাকক ভাত দিবলৈ ঘটি, বাটি, থাল একোৱেই নাই। বজাৰতো একো বস্তু ধাৰে নাপায়। স্টোভ নহলেও ভাত আঞ্জা ভালকৈ বান্ধিব নোৱাৰি। অগত্যা আগৰ ধৰণেই বাহিৰতে জুই ধৰি কেৰাহি আৰু চকুত ভাত-আঞ্জা ৰান্ধিবলৈ ধৰা হ'ল। খাবলৈ মেজ নাই। নিস্ত্ৰীবিলাকে কাঠ মিহি কৰোঁতে ব্যবহাৰ কৰা মোটা বেঞ্চিকে ভাত খোৱা মেজ কৰিলো! কিন্তু থাল-বাটি বেচি গোটাব নোৱাৰিলোঁ।
বোৰ্ডিঙত সকলো ল’ৰাই একেলগে আৰু একে সময়তে খাব লাগে। প্ৰথমতে তাৰো একো দিহা কৰিব নোৱাৰিলোঁ। ভাত-আঞ্জাব দশাও একে। কেতিয়াবা লোণ নহয়, কেতিয়াবা আকৌ মঙহেই দেই পুৰি যায়। দুসপ্তাহমান এই দৰেই গ'ল।
এদিন ৰাতিপুৱা চাহৰ আয়োজন চলিছে। মই ঘৰৰ চুক এটাৰ পৰা ল'ৰাহঁতৰ কথা শুনিছো। ল'ৰা-ছোৱাগীবিলাকে মহা গণ্ডগোল লগাই দিছে। সকলোৰে মুখ গম্ভীৰ— পুৱাৰ আহাৰ তেনেই দেই-পুৰি অখাদ্য হ'ল। ছোৱালী এজনী বকি বকি কুৱাৰ পাৰলৈ গ'ল। তাই কুৱাৰ পানী এচলুৰেই ৰাতি-পুৱাৰ আহাৰৰ হেঁপাহ পলুৱাব বুলি ভাবিছিল। কিন্তু গৈয়েই দেখে পানীতোলা জৰিডালো ছিগা! তাইৰ পানী খোৱাও নহল। মহা বিৰক্ত হৈ তাই ক'লে, “এইখন স্কুলত এটোপা পানীও খাবলৈ পাবলৈ নাই!” মই ওচৰতে আছিলো। তাইৰ কথা শুনি মোৰ মনটো সঁচাকৈয়ে বৰ বেয়া লাগিল।
এদিন আমাৰ বন্ধু বেডফোৰ্ড চাহাব টাস্কেগী স্কুলত আহি আছিল। পুৱাই তলৰ কোঠাত তেওঁ এটা গণ্ডগোল শুনিবলৈ পালে। তিনটা ল'ৰাই পিয়লাত কফি খোৱা লৈ কাজিয়া লগাইছে। পিয়লাত কফি খাবলৈ সদায় সকলো ল'ৰাই নাপাইছিল। কেইবা দিনৰ মুৰত হে একো একোজনে পাইছিল। এনে দুৰাৱস্থা বেচি দিন নাথাকিল। ইমান বোৰ অভাৱ আৰু অসুবিধাৰ মূহূৰ্ততো আমি এতিয়া সুখৰ মুখ দেখিবলৈ পাইছোঁ। আগৰ পৰা ইমান কষ্টত নপৰা হ'লে, আজিৰ দিনত এনে নিৰ্ম্মল সুখ ভোগ কৰিবলৈ নাপালোঁহেতেন।
এতিয়া পুৰণি ল'ৰাবিলাকে টাস্কেগীলৈ আহি সুন্দৰ ঘৰ, চাফ চিকুণ মেজ, পৰিপাটি ৰান্ধোন আৰু খোৱাৰ সুব্যৱস্থা দেখে। এতিয়া সেই হৈ-চৈ, সেই গণ্ডগোল নাই। এইবোৰ দেখি শুনি তেওলোঁকে কয়, “আমি আগেয়ে এই স্কুলত দুথেৰে কটাইছোঁ, কিন্তু এতিয়া তাৰে স্বাভাৱিক ক্ৰমবিকাশ দেখিছোঁ, আৰু লগে লগে এক মহান আৰু সুন্দৰ অনুষ্ঠান গঢ়ি উঠিছে। এতিয়া বুজিছোঁ, অতীতৰ দুখ স্বীকাৰৰ ওপৰতেই বৰ্ত্তমানৰ সুখৰ ভেটি প্ৰতিহিত হৈছে।”
______
একাদশ অধ্যায়।
বিছনা তৈয়াৰ।
ঘৰ সজাৰ কিছু দিনৰ পিচতে আমাৰ স্কুল চাবলৈ হেম্পটনৰ পৰা মাৰ্চেল কুমাৰী মেৰী আৰু সেনাপতি আৰ্মষ্ট্ৰঙ্গ আহিছিল। তেওঁ লোকক আমি যথাসাধ্য আদৰ-সম্ভাষণ জনালোঁ। সেনাপতিক চাবলৈ বগা-ক'লা সকলো মানুহেই আমাৰ স্কুল ভৰি পৰিছিল।
বোৰ্ডিংঘৰ খোলাৰ অতি অলপ দিনৰ ভিতৰতেই স্কুলৰ ছাত্ৰৰ সংখ্যা দিনক দিনে বাঢ়িবলৈ ধৰিলে। তেওঁলোকৰ শোৱা খোৱাৰ ব্যৱস্থা কৰিবলৈ গৈ মই মহা বিপদত পৰিছিলোঁ। এনেয়ে আমাৰ ধন নাই, তাতে এতিয়া ঠায়েও নটা হ'ল। গতিকেই ল'ৰাবিলাকৰ নিমিত্তে স্কুল ঘৰৰ ওচৰতে, কেইটামান সৰু কাঠৰ কুঠৰী ভাৰা ল'লোঁ। এই ঘৰ- বোৰৰ অৱস্থা তেনেই বেয়া আছিল। ল'ৰাহতে জাৰকালি বতাহত বৰ কষ্ট পাবলৈ ধৰিলে।
আমি প্ৰত্যেক ল'ৰা পৰা ২৪ টকাকৈ লৈছিলোঁ। তাবে ঘৰ ভাৰা, খোৱা, জুই ধৰিবৰ নিশ্চিত কয়লা আৰু পানীকলৰ খৰচ চলিছিল। আন কাম কৰিবলৈ সেই ধনে নাটিছিল। ল'ৰাবিলাকে স্কুলত নানা কাম কৰিছিল, আৰু তাৰ বাবে তেওঁলোকক দৰমহা নিদি খোৱা খৰচত সেই ধন মাৰি লৈছিলোঁ। মোটৰ ওপৰত বছেৰেকত প্ৰত্যেকৰে পঢ়াৰ খৰচ ১৫০ টকা লাগিছিল। আমি নানা ঠাইৰ পৰা এই টকা তুলি আনিছিলোঁ।
বোৰ্ডিংঘৰৰ কাম চলাবলৈ আমাৰ হাতত একো মূলধন নাছিল। সেই সময়ত বৰ জাৰ আছিল। আমি ল'ৰাবিলাকক আন নেলাগে বিছনাকে কৰি দিব নোৱাৰিছিলোঁ। ল'ৰাহঁতে জাৰত বৰ কষ্ট পাইছিল, কিয়নো বেচিভাগ ল'ৰাই মাটিত শুব লগাত পৰিছিল, আৰু ইপিনে গাত ল'বলৈ বেচিকৈ কাপোৰো নাছিল। অনেক সময়ত মই ৰাতি উঠি তেওঁলোকক সান্ত্বনা দিছিলোঁ। কোনোটো কোঠাত সোমাই দেখোঁ, কেইবাটাও ল’ৰাই জাৰত শুব নোৱাৰি জুইকে সাবটি ধৰিছে।
এদিন ৰাতি বৰ বেচি জাৰ পৰিছিল। পিচদিনা পুৱা ধৰ্ম্মমন্দিৰত তেওঁলোকক সুধিলোঁ, “কালি ৰাতি কোন কোন জাৰত ঠেৰেঙা লাগিছিল।” মোৰ কথা শুনি কেৱল তিনিজন লৰাই হাত দাঙিলে। ইমান কষ্টত পৰিও কোনেও এদিনলৈকে বেজাৰ পোৱা নাছিল। কিয়নো আমি তেওঁলোকৰ কষ্ট নিবাৰণ কৰিবৰ নিমিত্তে যে, কিমান যত্ন কৰিছোঁ, সেই কথা তেওঁলোকে ভালকৈয়ে জানে। শিক্ষকে যাতে কোনো কষ্ট নেপায়, তেওঁলোকে তালৈ হে চকু ৰাখিছিল। তেওঁলোকে নিজৰ কষ্টক কষ্ট বুলিয়েই নধৰিছিল।
সেই সময়ত অনেকৰ দৃঢ় বিশ্বাস আছিল যে, কোনো নিগ্ৰ’ক দায়িত্বপূৰ্ণ কাম দিলে, আন নিগ্ৰ'ৱে তেওঁক নেমানিব। কিন্তু মোৰ ১৯ বছৰৰ অভিজ্ঞতাৰ ফলত কওঁ যে, তেনে ঘটনা এতিয়ালৈকে হোৱা নাই। এতিয়ালৈকে কোনো ছাত্ৰই শিক্ষক বা আন কৰ্ম্মচাৰীক অপমান বা নিন্দা কৰাৰ কথা মোৰ মনত নপৰে। তেওঁলোকেও গুৰু ভক্তি জানে আৰু গুৰুজনক শ্ৰদ্ধা কৰে। অনেক সময়ত দেখিছোঁ, মই কেতিয়াবা কিবা ডাঙৰ টোপোলা এটা অনা দেখিলে, ল'ৰাহঁতে হাতৰ পৰা কাঢ়ি লয়। কেতিয়াবা বৰষুণত তিতি কিবা কাৰণত আন ঠাইলৈ যাব লগা হলেও ল'ৰাহতে মোৰ মুৰৰ ওপৰত ছাটি ধৰেহি। এই দৰেই আন শিক্ষক সকলকো সুখেৰে ৰাখিবলৈ তেওঁলোকে অতিপাত যত্ন কৰিছিল। মই তেওঁলোকৰ এনে যত্নত মনৰপৰাই মুগ্ধ হৈছিলোঁ।
টাস্কেগীৰ চাহাবসকলে আজিকালি মোক সম্মান কৰে। অনেক সময়ত তেওঁলোকে নিজে উপযাচি আহিও মোক শ্ৰদ্ধা দেখুৱায়। টাস্কেগীৰ বাহিৰেও চাহাবসকলে আমাক ভক্তি আৰু শ্ৰদ্ধা কৰে। মই কেইবা ঠাইতো আৰু কেইবা সময়তো চাহাবসকলৰ পৰা আদৰ- অভ্যৰ্থনা পাইছো। এদিন টেস্কাচ প্ৰদেশত ৰেলেৰে ফুৰিছিলো। প্ৰত্যেক ষ্টেচনতে অনেক মেম আৰু চাহাবে মোক উপযাচি সম্ভাষণ জনাইছিল। মই তেওঁলোকক চিনি নেপাওঁ —কিন্তু তেওঁলোকে মোৰ নাম শুনিছিল। সকলোৰেই মুখত কেৱল একেটা কথাকে শুনিছিলোঁ—-“আপুনি আমাৰ দক্ষিণ অঞ্চলত যি সদকাৰ্য্যত ব্ৰতী হৈছে, তাৰ নিমিত্তে আমি সকলোবিলাক মানুহ গৌৰৱান্বিত। আপোনাক আমাৰ অন্তৰৰ কৃতজ্ঞতা জনাইছোঁ।”
আৰু এবাৰ মই চাহাবসকলৰ মৰমৰ অত্যাচাৰত পৰিছিলোঁ। এদিন উত্তৰ অঞ্চলত ৰেলত উঠি এঠাইত ফুৰিবলৈ গৈছিলোঁ। শেষত ভাগৰ লগাত বেচি ধন দি এটা শোৱা কোঠাত সোমালো। সেই কোঠাতেই দুজনা ইয়াঙ্কী মহিলা আছিল। মই তেওঁলোকক চিনি পালো। তেওঁলোক দুজনা বোষ্টন নগৰৰ এঘৰ ডাঙৰ মানুহৰ ছোৱালী। তেওঁলোকে মোক তেওঁলোকৰ ওচৰতে ঠাই দিলে। প্ৰথমতে তেওঁলোকৰ লগলৈ যাব নুখুজিছিলো, কিন্তু তেওঁলোকৰ অনুৰোধ এৰাব নোৱাৰি তেওঁলোকৰ লগতে খাবলৈ বাধ্য হ'লোঁ। অলপ পৰৰ পিচতে তেওঁলোকৰ আদেশত হোটেলৱালাই খানা আনি হাজিৰ কৰিলে। কাণ্ড দেখি মই বৰ লাজ পালো। সেই গাড়ীতে অনেক চাহাবো আছিল। তেওঁলোকে মোক ভালকৈয়ে চাবলৈ ধৰিলে। মই কিবা কাম আছে বুলি ফাঁকি দি তাৰ পৰা ওলাই আহিব খুজিছিলোঁ। কিন্তু তেওঁলোকে কোনোমতেই মোক বিদায় নিদিলে। অগত্যা মই তেওঁলোকৰ লগতে খাবলৈ বাধ্য হ'লোঁ।
অকল এয়েই নহয়। এজনা মহিলাৰ হাতত ভাল চাহ আছিল। হোটেলৰ মানুহে ভাল চাহ কৰিব নোৱাৰিব ভাবি তেওঁ নিজ হাতেৰেই চাহ কৰি মোক খাবলৈ দিলে। মোৰ নিমিত্তে তেওঁলোকে ইমান আয়োজন কৰা দেখি মোৰ সঁচাকৈয়ে লাজ লাগিল। প্ৰায় দুঘণ্টামান পৰ গল্প কৰি আমাৰ খানাথোৱা কাম শেষ কৰিলোঁ। মোৰ জীৱনত ইমান পৰ ধৰি কেতিয়াও খানা থোৱা নাছিলোঁ। খোৱাৰ পিচতে মই চিগাৰেট খাবৰ নিমিত্তে আন এটা কুঠৰীলৈ গ'লোঁ। কিন্তু গৈয়েই দেখোঁ সেই কুঠৰীত থকা সকলো চাহাবেই মোক চিনি পালে। তেওঁ লোক প্ৰত্যেকেই মোক হাত জোকাৰি আদৰ সম্ভাষণ জনালে আৰু টাস্কেগীৰ কথা কৈ মোক প্ৰশংসা কৰিবলৈ ধৰিলে।
মই স্কুলৰ ছাত্ৰবিলাকক সদায় বুজাওঁ, “ল'ৰাহঁত, এই স্কুল কাৰো নিজৰ সম্পত্তি নহয়। আমি সকলোৱেই এই স্কুলৰ সেৱক। বাস্তবিকতে ক'বলৈ গ'লে, এই স্কুল তোমালোকৰেই আৰু সেই কাৰণেই স্কুলৰ কুনাম বা সুনামৰ কাৰণে তোমালোকেই দায়ী। তোমালোকে মোক এই স্কুলৰ শাসনকৰ্তা বুলি নোভাবিবা। মোক তোমালোকে এজন পৰামৰ্শ দাতা আৰু পুৰণি বন্ধু বুলিহে ভাবিবা। এই স্কুল পৰিচালনা সম্বন্ধে সকলো বিষয়তে তোমালোকে নিজেই চকু ৰাখিবা।”
অকল উপদেশ দিয়েই মই সন্তুষ্ট নাছিলোঁ। অনেক সময়ত লৰাহঁতক বিশ্বাস আৰু দায়িত্বৰ কামো দিছিলোঁ। আৰু সেই বিশ্বাসৰ ফলতে মই অনেক সময়ত তেওঁলোকৰ পৰা নানা কাম আদায় কৰিব পাৰিছিলোঁ। মই অতি সৰলভাৱে তেওঁলোকৰ মাজত মিলামিহা কৰিছিলোঁ, আৰু সকলো কামতে তেওঁলোকৰ পৰা পৰামৰ্শ লৈছিলোঁ। তেওঁলোকক নোসোধাকৈ মই স্কুলৰ কোনো কামকে নকৰিছিলোঁ। বছেৰেকত তিনি চাৰি বাৰ মই ল'ৰাহঁতক স্কুলৰ উন্নতিৰ নিমিত্তে নতুন প্ৰস্তাব লিখিবলৈ কওঁ আৰু তেওঁলোকে স্কুলৰ উন্নতি বিষয়ে প্ৰস্তাব দি মোলৈ চিঠি দিয়ে। ইয়াৰ বাহিৰেও মই তেওঁলোকৰ লগত খোলাখুলিকৈ অনেক বিষয় আলোচনা কৰোঁ আৰু শেষত কিবা ভূল থাকিলে, তাক শুধৰাবৰ আয়োজন কৰোঁ।
ছাত্ৰবিলাকৰ কেইবাখনিও আলোচনা সমিতি আছে। তাতো স্কুলৰ সম্বন্ধে নানা ৰকমৰ তৰ্ক আৰু প্ৰশ্ন উঠে। সেইবিলাক সমিতিত মই অতি আগ্ৰহেৰে যোগদান দিওঁ। এইবোৰ সমিতিত যোগদান দি মই স্কুলৰ আচল অভাৱবোৰ জানিব পাৰিছিলোঁ, আৰু সেইদৰেই সেই অভাববোৰ আঁতৰ কৰিবৰ নিমিত্তে যত্নবান আছিলো। বিশ্বাসে বিশ্বাস আনে। মই ল'ৰাহঁতক বিশ্বাস কৰিছিলোঁ, তেওঁলোকৰ লগত মিলিছিলোঁ, আৰু তেওঁলোকেও মোক নানা কাৰ্য্যত সহায় কৰিছিল।
মোৰ বিশ্বাস, কুলী আদিৰ মাজত কৰ্তব্যবোধ আৰু দায়িত্বজ্ঞান সুমাই দিব পাৰিলে ধৰ্মঘট, কুলীবিভ্ৰাট আদি কেতিয়াও নঘটে। মহাজন বা কাৰবাৰৰ মালিক সকলে যদি তেওঁলোকৰ তলতীয়া কৰ্ম্মচাৰী বা কুলী আদিৰ লগত মিলামিছা কৰি সকলো সময়তে তেওঁলোকৰ পৰামৰ্শ লয়, বা কাৰবাৰৰ উন্নতিৰ অৰ্থে তেওঁলোকৰ লগতে আলোচনা কৰে, মোৰ বোধেৰে এনেবিলাক বিপদ অতি সোনকালেই আঁতৰ হব। মালিকে তলতীয়া কৰ্ম্মচাৰীৰ পৰামৰ্শ ল'লে, তেওঁলোকেও সেই কাৰবাৰ নিজৰ বুলি ভাবিব। কিয়নো সকলো প্ৰাণী বিশ্বাসৰ দাস।
টাস্কেগীৰ স্কুলৰ ল'ৰাহঁতেই কৰিছিল। এতিয়া লাহে লাহে তেওঁ লোকে চকি মেজ আদিও কৰি লবলৈ ধৰিলে। প্ৰথমতে কোনো ল'ৰাৰে খাট নাছিল। ল'ৰাহঁতে নিজেই এখন এখনকৈ খাট তৈয়াৰ কৰি লবলৈ ধৰিলে। খাট নোহোৱালৈকে তেওঁলোকে মাটিতেই শুইছিল।
{{gap}খাট হ'ল, কিন্তু তুলি নাই। সস্তা দামত কিছু মোটা কাপোৰ অনা হ'ল। দেই কাপোৰৰে বেগ চিলই কৰি তাত গছৰ পাত সুমুৱাই তুলি কৰা হ'ল। প্ৰথম প্ৰথম তুলিবোৰ বৰ ভাল নহৈছিল, আজিকালি কিন্তু তুলি কৰিবলৈ স্কুলৰ অনেক ছোৱালীক শিকোৱা হৈছে। এতিয়া আমি তুলিৰ কাৰবাৰ কৰি স্কুলৰ নিমিত্তে ধন গোটাইছোঁ। বজাৰৰ আন তুলিতকৈ আমাৰ তুলি কোনো গুণেই হীন নহয়।
মই দাঁত মজাৰ উপকাৰিতা সম্পৰ্কে সদাশয় আমষ্ট্ৰঙ্গ চাহাবৰ পৰা বিশেষ শিক্ষা পাইছিলোঁ। সেই কাৰণেই মই স্কুলৰ ল'ৰাছোৱালীবিলাকক নিতৌ দাঁত মাজিবলৈ আৰু গা ধুবলৈ উপদেশ দিছিলোঁ। আৰু সেই কাৰণেই নতুন নতুন ল'ৰা-ছোৱালীবিলাকে আন বস্তু একো আনিব নোৱাৰিলেও দাঁত মজা বুৰুজ এডালকৈ লৈ আহিছিল।
ইয়াৰ পিচতে বিছনাচাদৰ পাৰি কেনেকৈ শুব লাগে ল'ৰাহঁতক শিকাইছিলোঁ। ছাত্ৰাৱস্থাত প্ৰথমতে শোৱা লৈ মোৰ যি দুৰ্গতি হৈছিল, সেই কথা এতিয়াও বেচ মনত আছে। ইয়াৰ বাহিৰেও কাপোৰ কানি চাফ, চিকুণকৈ ৰখা, ছোলাত বুটাম লগোৱা আদি কাৰ্যবিলাকত মই বিশেষ চকু দিছিলো। এইবোৰ সাধাৰণ বিষয়ত এতিয়া ল'ৰাহঁতৰ যথেষ্ট জ্ঞান হৈছে। আশা কৰোঁ এই ধৰণৰ সৰু সৰু কামবিলাকে তেওঁ
লোকৰ ভবিষ্যৎ জীবন গঢ়ি তোলাত বিশেষ সহায় কৰিব। দ্বাদশ অধ্যায়।
ধন তোলা কাম।
স্কুলঘৰ সাজি উলিওৱাৰ পিচতে ছাতৰৰ সংখ্যা বাঢ়িবলৈ ধৰিলে। সেইকাৰণে ওচৰতে থকা কেইটামান কুঠৰী ভাৰা ল'লোঁ। সেই ঘৰবোৰেও নটা হ'ল। অগত্যা নতুন ঘৰ নকৰিলে নচলাত পৰিল।
এই নতুন ঘৰৰ আনুমানিক খৰচ ঠিক হ'ল ৩০,০০০ হেজাৰ। এই টকাৰ কমে কোনোমতেই কাম কৰিব নোৱাৰি।
প্ৰথমতেই ঘৰটোৰ নাম ঠিক কৰি ল'লোঁ। নাম দিলোঁ 'আলাবামা ভবন'। নাম দিয়েই ঘৰৰ কাম আৰম্ভ কৰিলোঁ। ল'ৰাহঁতে মাটি কটাত আৰু গাঁত খনাত লাগি গ'ল। ইপিনে আমাৰ হাতত তেতিয়া ফুটা কড়ি এটাও নাছিল। শ্ৰীমতী ডেভিডচনে আকৌ ভিক্ষাৰ জোলোঙা লৈ বাহিৰ হ'ল।
ধনৰ অভাৱত বিমোৰত পৰিলোঁ। এনেতে মহাপ্ৰাণ আৰ্মষ্ট্ৰঙ্গৰ পৰা এখন টেলিগ্ৰাম পালোঁ। তেওঁ লিখে, “ এমাহমান মোৰ জগত ঘুৰি ফুৰিবলৈ প্ৰস্তুত আছা নে? যদি আছা সোনকালে জানিবলৈ দিবা।” মই লৰালৰিকৈ হেম্পটনলৈ গ'লোঁ। ইপিনে আৰ্মষ্ট্ৰঙ্গ চাহাবে উত্তৰ-অঞ্চলৰ প্ৰায় সকলো মানুহলৈ চিঠি পত্ৰ লিখি ঠিক কৰি থৈছে—কেৱল আমি সেই ঠাইলে গ'লেই হয়। আমাৰ লগতে দুজনমান গায়কো ওলাল। আনালোকৰ যোৱা অহাৰ খৰচপত্ৰ হেম্পটন স্কুলৰে পৰাই চলিল।
মোক উত্তৰ অঞ্চলৰ মানুহৰ মাজত চিনাকি কৰি দিয়া আৰু টাস্কেগীৰ নিমিত্তে ধনতোলা এই উদ্দেশ্য লৈ মহাপ্ৰাণ আমষ্ট্ৰঙ্গে মোক মাতি পঠাইছিল। আমালোকৰ নিমিত্তে এনে ত্যাগ স্বীকাৰ কেইজনে কৰিব পাৰে?
উত্তৰ-অঞ্চলত ধন তুলিবৰ নিমিত্তে বক্তৃতা দি ফুঁৰোতে মই আমষ্ট্ৰঙ্গ চাহাবৰ এটা উপদেশ সদায় মনত ৰাখি চলিছিলোঁ। তেওঁ কৈছিল, “মুখৰ মাহিলা কেতিয়াও নেমাৰিবা। বক্তৃতাৰ প্ৰত্যেক শব্দটোত এটা নতুন ভাব মনৰ মাজলৈ আনিবা, যাতে শ্ৰোতাই বুজিব পাৰে যে তুমি কামৰ কথা কৈছা।” বক্তৃতা কৰিবৰ প্ৰণালী ইয়াতকৈ আৰু কি ভাল হব পাৰে?
নিউয়ৰ্ক, ফিলাডেলফিয়া, বোষ্টন, ব্ৰুকলিন প্ৰভৃতি কেইবাখনো ডাঙৰ চহৰত সভা পাতি আমি দুইজনে বক্তৃতা দি আমাৰ স্কুলৰ উদ্দেশ্য আৰু প্ৰণালীবোৰ মানুহবিলাকক বুজাবলৈ ধৰিলোঁ। আৰু লগে লগে আলাবামা-ভবনৰ নিমিত্তেই তেওঁলোকৰ পৰা সাহায্য ভিক্ষা কৰিছিলোঁ। ধন ভালেখিনি উঠিল। এমাহমান এইদৰেই বক্তৃতা কৰি আমাৰ প্ৰচাৰকাৰ্য্য শেষ কৰিলো।
ইয়াৰ পিচত মই অকলৈ ভিক্ষাৰীৰ জোলোঙা লৈ উত্তৰ-অঞ্চললৈ বাহিৰ হ'লোঁ। দৰাচলতে ক'বলৈ গ'লে যোৱা ১৫ বছৰ মই টাস্কেগীৰ বাহিৰতে কটাইছোঁ—স্কুলৰ লগত সাক্ষাৎ সম্বন্ধ বেচি দিন ৰাখিব পৰা নাই। আমাৰ স্কুলৰ নতুন নতুন বিভাগৰ উন্নতিৰ অৰ্থে যুক্তৰাজ্যৰ প্ৰদেশে প্ৰদেশে ঘূৰি ফুৰিব লগীয়াত পৰিছোঁ।
অনেকে মোকে সোধে, “ডাঙ্গৰীয়া, ধন তোলাৰ আপোনাৰ কিবা নিয়ম বা প্ৰণালী আছেনে কি?” আপুনি দেখোন অতি সহজেই আপোনাৰ কাজৰ নিমিত্তে মানুহৰ মন টানি আনিব পাৰে। আমি কিন্তু নোৱাৰোঁ।” মানৱসেবাৰ নিমিত্তে ভিক্ষা কৰাৰ কিবা নিয়ম আছে নে নাই মই কব নোৱাৰোঁ, কিন্তু 'ভিক্ষা-বিজ্ঞান'ৰ মই দুটা সংজ্ঞা আবিষ্কাৰ কৰিছোঁ। মই যি কামকে কৰোঁ , মন পুতি কৰোঁ, সেই কামত তন্ময় হৈ যাও, আৰু সেই কাম দহজনৰ মাজত প্ৰচাৰ কৰিবলৈ যাওঁ। দ্বিতীয়তে সেই কামৰ ফলাফলৰ নিমিত্তে মই কেতিয়াও চিন্তা নকৰোঁ।
‘ভিক্ষা বিজ্ঞান'ৰ এই দ্বিতীয় সূত্ৰটো কাৰ্য্যত পৰিণত কৰা বৰ কঠিন। অনেক সময়ত ধাৰ কৰি কাম আৰম্ভ কৰোঁ, ইপিনে পাওনাদাৰৰ বিল হাতত পৰিলে পইচা দিবৰ শকতি নোহোৱা হয়। তেনে অৱস্থাত চিন্তা নকৰো বুলি থাকিব নোৱাৰোঁ। অৱশ্যে ইমান বিপদৰ মাজত পৰিও কেওিয়াও মই গাম্ভীৰ্য্য, হেৰুৱা নাই। মোৰ অভিজ্ঞতা এই যে, যিজন মানুহ বিপদৰ সময়তো ধীৰ,স্থিৰ মাৰু গম্ভীৰ, তেওঁ সকলো কামতে সফলতা লাভ কৰে। কিয়নো যি চিন্তাৰ পৰা হাত সাৰিব নোৱাৰি, তেনে চিন্তাই অনাহকতে শৰীৰ আৰু মন জুৰুলা কৰে।
মই স্কুলৰ নিমিত্তে ধন বিচাৰি বাহিৰ হোৱাৰ কাৰণে অনেক মানুহে ধনী মানুহ সকলক গালি পাৰিবলৈ ধৰে। কিয়নো তেওঁলোকৰ মতে ধনী মানুহসকলে কোনো কাৰ্য্যত সৰহ টকা দান নকৰে। কিন্তু মই দেখাত তেওঁলোকে ধনীমানুহ সকলক ভুল বুজে। সংসাৰত ধনী মানুহসকলে যদি তেওঁলোকৰ ধনবোৰ সকলো সময়তে সকলো মানুহক- বিলাই দিলেহেঁতেন, তেনেহলে, কাৰবাৰ, ব্যৱসায়, শিল্প-বাণিজ্য আদি একো ডাঙৰ কামেই টিকিব নোৱাৰিলেহেঁতেন। এনেবোৰ নোহোৱা হ'লে, দুদিনতে কিমান কেৰাণী-মহৰী, কুলী মজুৰী বাটৰ মগনীয়া হলহেঁতেন তাৰ সীমা-সংখ্যা নাই। নিতৌ কিমান মানুহৰ তালৈ গৈ আশ্ৰয় ভিক্ষা কৰে, দান খোজে, তাৰ লেখজোখ আমাৰ মাজত বেচি মানুহেই নাৰাখে। মই এজন ধনী মানুহৰ কথা জানো, তেওঁৰ ঘৰত দিনে গড় হিচাপে কুৰিজন মানুহ ধন বিচাৰি আছে। কেতিয়াবা কোনো মানুহৰ আফিলৈ গ'লে, দেখা পাওঁ মোৰ আগেয়েও দান বিচাৰি ১২ জনমান মানুহ বহি আছে। অনেক ধনী মানুহে নিজৰ নাম প্ৰকাশ নকৰি কিমান ধন যে, দান কৰে এই খবৰ কেইজন মানুহে জানে? মই কেইবাজনো ধনী মানুহৰ কথা জানো, তেওঁলোকে নিজৰ নাম প্ৰকাশ নকৰি হেজাৰ হেজাৰ টকা সজ কামৰ নিমিত্তে দান কৰে, অথচ তেওঁলোকে ধন নিদিয়ে বুলি অনেকে তেওঁলোকক গালি পাৰে।
এটা উদাহৰণ দিওঁ। নিউয়ৰ্কত দুজনা ভদ্ৰমহিলাই আমাৰ ঘৰকেইটা কৰোতে যথেষ্ট পৰিমাণে সহায় কৰিছে, অথচ তেওঁলোকৰ নাম কোনেও নেজানে। তেওঁলোকে আমাৰ স্কুললৈকো যথেষ্ট টকা দান কৰিছে। ইয়াৰ বাহিৰেও তেওঁলোকে নীৰবে অনেক সজ কামত হেজাৰ হেজাৰ টকা দিব লাগিছে, অথচ তেওঁলোকৰ নাম এতিয়ালৈকে কোনো কাগজত ছপা হোৱা নাই।
হেজাৰ হেজাৰ টকা মোৰ হাতত পৰিছে, আৰু টাস্কেগীৰ নিমিত্তে সেই টকা মই পানীৰ দৰে খৰচ কৰিছোঁ। এই কথা কোনে নেজানে? কিন্তু আচলতে ক'বলৈ গ'লে, এই টকা মই 'ভিক্ষা' কৰি পোৱা নাই। মই কেতিয়াও 'ভিক্ষা' কৰা নাই। গতিকে মোৰ ধন তোলা কামক মই কেতিয়াও ‘ভিক্ষা বৃত্তি' বুলি কব নোখোজোঁ। কিয়নো, মই জানো যে, ভিক্ষা কৰি ধন পোৱা নেযায়। দিনে ৰাতিয়ে ডাঙৰ মানুহৰ ঘৰত বহি ধনৰ কথা তুলিলে বা তেওঁলোকৰ যশয্যা গালে ধন পোৱা নাযায়। যি তেনে কাম কৰে তেওঁলোক সঁচাকৈয়ে আত্মসম্মানবোধ- বিহীন মগনীয়া! কিন্তু মোৰ আত্মসম্মানজ্ঞান সদায় আছে। মই পৰৰ আগত কেতিয়াও সৰু বা নীচ বুলি নেভাবোঁ। মই জানো, যি ধন ঘটি ধনী হব জানে তেওঁ খৰচ কৰিবও জানে। মানুহৰ ঘৰে ঘৰে ফুৰি ধন তোলা কামটো যদিও বৰ টান, তথাপিও এই কামত যথেষ্ট লাভ আছে; সাংসাৰিক জ্ঞান বাঢ়ে আৰু মানুহৰ চৰিত্ৰ বুজিব পৰা যায়। এই কামত অনেক মানুহৰ সংস্ৰৱত আহিব লগাত পৰে—নানা কথা বুজিব পাৰি আৰু নানা বিষয়ত অভিজ্ঞতা জন্মে। ইয়াৰ বাহিৰেও জগতৰ অনেক গুপ্ত মহাপুৰুষ আৰু চৰিত্ৰবান মানুহৰ লগত দেখা-সাক্ষাৎ হয়। এই সকল মানুহৰ লগত চিনা পৰিচন্ন হোৱা আৰু কথা বতৰা পতাও পৰম সৌভাগ্যৰ বিষয়। মই এনে ধৰণৰ সৎলোকৰ লগত চিনা পৰিচয় হৈ নিজকে অনেকবাৰ ধন্য মানিছোঁ।
এবাৰ বোষ্টন নগৰৰ এজনা ভদ্ৰমহিলাৰ ঘৰলৈ গৈছিলোঁ। তেওঁৰ গিৰীয়েক তেতিয়া ঘৰত নাছিল। মই ভিতৰলৈ বাতৰি পঠালো। এনেতে ঘৰৰ গিৰীহঁত আহি উপস্থিত হ'ল। তেওঁ মোক দেখিয়েই বিৰক্তি ভাবেৰে ক'লে, “তোমাক কি লাগে?” মই তেওঁক মোৰ উদ্দেশ্য ভাঙি ক'লোঁ। মোৰ কথা শুনি তেওঁৰ খং দুগুণে চৰিল। মই লাহেকৈ তাৰ পৰা গুচি আহিলোঁ। তেওঁলোকৰ ওচৰতে আৰু এঘৰ ভদ্ৰ মানুহ আছিল। মই তেওঁলোকৰ ঘৰলৈ গ'লোঁ। মোৰ কথা শুনা মাত্ৰেই সেইজন ভদ্ৰলোকে বেচি টকাৰ এখন 'চেক' কাটি মোৰ হাতত দিলে। মই তেওঁক ধন্যবাদ দিবলৈ নৌ পাওঁতেই তেওঁ- লোকে ক'লে— “ডাঙৰীয়া আপুনি আমাৰ কাম কৰিছে। আপোনাক সাহায্য কৰিবৰ সুযোগ পাই কৃতাৰ্থ হ'লো।”
আজি-কালি প্ৰথম বিধৰ মানুহৰ লেখ সংসাৰৰ পৰা কমি আহিছে, আৰু দ্বিতীয় বিধৰ মানুহৰ লেখ দিনক দিনে বাঢ়িবলৈ ধৰিছে। এতিয়া ধনীমানুহসকলে পৰাহিতকাৰী মানুহবিলাকক মগনীয়া বুলি বিবেচনা নকৰে। তেওঁলোকে আমাৰ নিচিনা মানুহক সৎকৰ্ম্মৰ উপলক্ষস্বৰূপ বুলিহে ভাবে আৰু শ্ৰদ্ধা কৰে। আমি তেওঁলোকৰ কৰ্ত্তব্যৰে অংশ কৰিছোঁ বুলি তেওঁলোকে ভাবে।
বোষ্টন নগৰৰ যাৰ ঘৰলৈকে গৈছে। তেৱেঁই কয় – “আপনি এই মহৎ কামৰ নিমিতে মোৰ ওচৰলৈ অহাত মই বৰ অনুগৃহীত হৈছোঁ। আপোনাৰ অনুগ্ৰহতে ময়ো সেই মহৎ কামৰ নিমিত্তে মোৰ নিজৰ ক্ষুদ্ৰশক্তি অনুসৰি সাহায্য কৰিব পাৰিছোঁ দেখি, নিজেকে কৃতাৰ্থ মানিছোঁ! আশা কৰো ভবিষ্যতে আপোনাৰ লগত আকৌ দেখা হব।” ধনী মানুহে যে দানৰ নিমিত্তে উপযুক্ত সুযোগ বিচাৰি ফুৰে, এই বিশ্বাস মোৰ দিনে দিনে বাঢ়িছে।
ধন বিচাৰি বিচাৰি প্ৰথমতে বৰ কষ্টত পৰিছিলোঁ। মনত আছে উত্তৰ-অঞ্চলৰ চহৰ আৰু গাওঁবোৰত দিনেৰাতি ঘূৰিও এটা টকাও পোৱা নাছিলোঁ। অনেক মানুহৰ ঘৰলৈ বৰ আশা কৰি গৈছিলোঁ, কিন্তু তেওঁলোকে এটা পইচা নিদিয়াকৈয়ে মোক বিদায় দিছিল। এইদৰেই ইসপ্তাহৰ পিচত সিসপ্তাহ পাৰ হৈ গৈছিল। কিন্তু হঠাৎ দেখোঁ, যাৰ পৰা এটা পইচাও আশা কৰি যোৱা নাছিলোঁ, সেই মানুহেই মোক যথেষ্ট সাহায্য কৰিছিল।
এদিন কেইবাজনো মানুহৰ পৰামৰ্শ হতে কলেকটিকাট-প্ৰদেশৰ ধনী মানুহ এজনৰ কাষ চাপিলোঁ। নগৰৰ পৰা তেওঁৰ ঘৰ দুমাইল আঁতৰত। জাৰত কঁপি খোজ কাঢ়ি কোনো মতে সেই খিনি ওলালোঁগৈ। তেওঁৰ লগত প্ৰায় তিনিঘণ্টামান কথাবাতৰা হ'লোঁ। তেওঁ মোৰ কথা বৰ আগ্ৰহেৰে শুনিছিল। কথাবতৰা হ'লোঁ, কিন্তু তেওঁ এটা পইচাও মোক নিদিলে। অগত্যা ঘৰলৈ উভতিলো। দুখ কৰাৰ সকাম নাছিল। মই মোৰ কৰ্ত্তব্য কৰিলোঁ; ধন নেপালো তাতে কি হ'ল? কিন্তু দুবছৰৰ পিচত তেও মোলৈ এখন চিঠি দিছিল। তেওঁ লিখিছিল, “ডাঙৰীয়া, এই চিঠিৰ লগতে নিউয়ৰ্ক বেঙ্কত আপোনাৰ নামে এখন 'চেক্” কাটি দিলোঁ; সেই চেকখনৰ মূলা ৩০০,০০০। এই টকা মই আপোনাৰ স্কুলৰ কাৰণে উইল কৰি ৰাখিছিলোঁ। শেষত ভাবিলোঁ মোৰ জীয়াই থকা কেইদিনতে এই ধন দি যোৱা ভাল। ইয়াৰ ঠিক দুবছৰ আগতে আপুনি এদিন মোৰ ঘৰলৈ আহিছিল; বোধ কৰো সেই কথা আপোনাৰ মনত থাকিব পায়। মোৰ হ'লে সেই কথা এতিয়াও বেচ মনত আছে।”
ভগবানৰ ইচ্ছা, অতি বিপদৰ দিনতে এই টকা পালো। নোপোৱা হলে যে কিমান ক্ষতি হ'লহেঁতেন তাক কি ক'ম?
ৰেল-বিভাগৰ শ্ৰীযুত কলিচ হান্টিংডনক কোনে নিচিনে? তেওঁ আজি সমগ্ৰ আমেৰিকাত প্ৰসিদ্ধ। তেওঁ প্ৰথমতে মোক ৬ টাকা দি সাহায্য কৰিছিল। মৰিবৰ সময়ত তেওঁ আমাক ১৫০,০০০ দি গ'ল। ইয়াৰ আগেয়েও তেওঁৰ পৰা অনেক সময়ত সাহায্য পাইছোঁ।
অনেকে কয়, “টাস্কেগীৰ কপাল ভাল; সেইহে একেবাৰেই ১৫০,০০০ খিনি ধন পাইছে।” মই কওঁ, ই কপালৰ কথা নহয়। কপালৰ গুণত এবাৰ বা দুবাৰ ধন আহিব পাৰে, কিন্তু বাৰে বাৰে নাহে। স্থিৰভাৱে কাম কৰি উন্নতি কৰিব নোৱাৰিলে কাৰোৰে পৰা ধন আশা কৰিব নোৱাৰি। শ্ৰীযুত হাণ্টিংডনৰ কথাৰ পৰাই মোৰ কথাৰ অৰ্থ উপলব্ধি কৰিব পাৰি। তেওঁ প্ৰথমে আমাক ৬ টকাহে দিছিল। মই ইমান কম পইচা তেওঁৰ পৰা আশা কৰাই নাছিলোঁ। মই তেতিয়াই ঠিক কৰিলোঁ যে, কাৰ্য্যৰ দ্বাৰা তেওঁৰ মন ভাল লগাব পাৰিলেই আৰু পোৱাৰ আশা আছে। সঁচাসচিকৈয়ে সেয়ে ঘটিল। তেওঁ যিমানেই আমাৰ কামৰ উন্নত অৱস্থা দেখিলে, তিমানেই তেওঁৰ দানৰ মাত্ৰাও বেচি হৈ আহিবলৈ ধৰিলে। এই অনুপাতে ৬ টকাৰ পৰা শেষত আমি তেওঁৰ পৰা এক লক্ষ পঞ্চাশ হাজাৰ টকা পালোঁ।
ইয়াৰ কিছু দিনৰ পিচতে বোষ্টন নগৰৰ ট্ৰিনিটি ধৰ্ম্মমন্দিৰৰ প্ৰচাৰক ৰেভাৰেণ্ড উইন্চেষ্টাৰ ডোনাল্ড মহাশয়ক সাহস কৰি নিমন্ত্ৰণ কৰিছিলোঁ। তেওঁৰ পৰা দুআষাৰ ধৰ্ম্মৰ বিষয়ে কথা শুনিবৰ মন আছিল। তেওঁৰ লগত অনেক মানুহ আহিবৰ কথা আছিল। এই উপলক্ষে স্কুলত ধুমধাম পৰি গ'ল। স্কুলত ঠায়ে নাটে দেখি চন্দ্ৰতাপ তৰি আৰু ঠাই কৰা গ'ল। লতা-পাতা আৰু ফুল দি গোটেই ঠাই সজোৱা হ'ল। মানুহ আহি ভৰি পৰিল। বক্তৃতা আৰম্ভ হোৱাৰ পিচতেই হুৰ হুৰ কৰে বৰষুণ আনিবলৈ ধৰিলে। সভাপতি ডাঙৰীয়া বৰষুণত তিতিবলৈ ধৰিলে। আমাৰ মানুহ এজনে তেওঁৰ মূৰত ছাটি ধৰিলে। বহুত বেলিৰ মূৰত বৰষুণ এৰাত আকৌ বক্তৃতা হবলৈ ধৰিলে। সভা শেষ হোৱাত সভাপতি মহোদয়ে সাজপাৰ সলাই ক'লে, “ৱাচিংটন, টাস্কেগীত যি বিৰাট কাণ্ড দেখিছোঁ, ইয়াত এটা বৰ ডাঙৰ ধৰ্ম্মমন্দিৰ হোৱা আৱশ্যক।”
এই কথা তেতিয়াও প্ৰচাৰিত হোৱা নাছিল। কিন্তু আচৰিত কথা এই যে পিচ দিনা ৰাতিপুৱা ইটালিৰ পৰা এখন চিঠি পালো। দুজনা ভদ্ৰমহিলাই আমাৰ ধৰ্ম্মমন্দিৰৰ সকলো খৰচ বহন কৰিবলৈ গাত লৈছে।
সম্প্ৰতি শ্ৰীযুত এণ্ড কাৰ্নেগী মহোদয়ৰ পৰা মই ৬০,০০০, টকা পালো । এই ধনেৰে এটা লাইব্ৰেৰী সাজিবৰ দিহা কৰিলোঁ। ইমান দিন আমাৰ লাইব্ৰেৰী নাছিল বুলিলেও চলে। এট সৰু কাঠৰ কুঠৰীতে আমাৰ কিতাপবোৰ ৰখা হৈছিল। কোঠাটো মুঠেই ১২ ফুট দীঘল আৰু পাঁচ ফুট বহল আছিল। কিন্তু আজি কাৰ্ণেগীৰ কৃপাত এক প্ৰকাণ্ড লাইব্ৰেৰী সজা হৈছে। ইমান দিন আমি তেওঁৰ কৃপা পোৱা নাছিলোঁ। তেওঁৰ অনুগ্ৰহ পাবৰ নিমিত্তে মই দহ বছৰ অপেক্ষা কৰিব লগাত পৰিছিলোঁ। ১৮৯০ চনতে মই তেওঁৰ লগত প্ৰথম বাৰ দেখা কৰিছিলোঁ। তেতিয়া তেওঁ আমাৰ প্ৰতি অকণো সহানুভূতি নেদেখুৱাইছিল। দহ বছৰৰ পিছত তেওঁলৈ এখন চিঠি লিখিলে। চিঠিখন এই –
“টাস্কেগী আলাবামা।”
১৫ ডিচেম্বৰ, ১৯০০
সবিনয় নিবেদন,
কেইদিনমানৰ আগেয়ে আপোনাৰ ঘৰত মোৰ যি কথা বতৰা হয়, সেই কথা অনুসাৰে আপোনালৈ এইখন চিঠি লিখিলোঁ। আপুনি আমাৰ লাইব্ৰেৰীৰ আৱশ্যকতা বুজিব খুজিছে, সেই কাৰণে আপোনাক জনাইছোঁ যে,—
১| আমাৰ স্কুলত সম্প্ৰতি ১১০০ ছাত্ৰৰ আৰু ৮৬ জন শিক্ষক আৰু কৰ্ম্মচাৰীয়ে এই লাইব্ৰেৰী ব্যৱহাৰ কৰিব। তাৰ বাহিৰেও শিক্ষক আৰু কৰ্ম্মচাৰীসকলৰ পৰিয়ালৰ আন আন মানুহ আৰু আমাৰ স্কুলৰ ওচৰত থকা প্ৰায় ২০০ জনমান নিগ্ৰো মতা আৰু মাইকী মানুহেও এই লাইব্ৰেৰীৰ পৰা উপকাৰ পাব।
২| আমাৰ হাতত এতিয়া ১২,০০০ কিতাপ আৰু বাতৰি প্ৰভৃতি আছে। এইবোৰ কিতাপ আমি বন্ধুসকলৰ পৰা দান স্বৰূপত পাইছোঁ; কিন্তু ঠাইৰ অভাৱত এইবোৰ কাকত কিতাপ ভালকৈ ৰাখিব পৰা নাই। লাইব্ৰেৰী নথকাত কিতাপবোৰৰ ব্যৱহাৰৰো নানা অসুবিধা ঘটিছে। ৩। আমালোকৰ স্কুলৰ পৰা বছৰে বছৰে অনেক গ্ৰেজুৱেট ছাত্ৰ বাহিৰ হৈছে। তেওঁলোকে দক্ষিণ অঞ্চলৰ প্ৰত্যেক প্ৰদেশতে কাম কৰিছে। লাইব্ৰেৰী প্ৰতিষ্ঠিত হ'লে তেওঁলোকৰ সাহায্যত সমস্ত নিগ্ৰ' জাতিৰ মাজত সৎসাহিত্য প্ৰচাৰিত হব পাৰিব।
৪। আমাৰ আৱশ্যকীয় ঘৰ সাজিবৰ নিমিত্তে আনুমানিক খৰচ ৬০,০০০, টকা লাগিব। ইটা গঢ়া, মিস্ত্ৰীৰ কাম আদি ঘৰ সজা সকলো কাম আমাৰ ল'ৰাবিলাকেই কৰিব।
৫। গতিকে আপোনাৰ দানেৰে তিনটা কাম কৰিব পৰা হ'ব। প্ৰথমেতে লাইব্ৰেৰী সজা হব, দ্বিতীয়তে সেই কামৰ লগতে ল'ৰাবিলাকে কিছুমান নতুন শিল্প শিকিব আৰু তাৰ বাহিৰে কাম কৰি ল'ৰাবিলাকে যি বানচ পাব তাৰে তেওঁলোকৰ স্কুলৰ খৰচ চলিব।
অন্যান্য কিবা জানিবলগীয়া থাকিলে পিচত জানিব পাৰিব।
ইতি নিবেদক——
বুকাৰ টি ৱাচিংটন,
পৰিচালক,
টাস্কেগী শিল্প-বিদ্যালয়।
ঠিকনা—
এণ্ড্ৰু কাৰ্ণেগি
৫ ওৱেষ্ট ৫ ১ নং ষ্ট্ৰীট
নিউয়ৰ্ক।
যথা সময়ত উত্তৰ আহিল — মই আপোনাৰ মহৎ উদ্দেশ্যত আন্তৰিক সহানুভূতি প্ৰকাশ কৰিছোঁ। আপোনাৰ সৎকাৰ্য্যত যোগদান দিব পাৰি মই নিজে নিজেই কৃতাৰ্থ মানিছোঁ। ঘৰ সাজোঁতে যি বিল পৰিব অনুগ্ৰহ কৰি মোলৈ পঠাই দিব। মই ৬০,০০০ টকা পৰ্যন্ত পাওনা- দাৰবিলাকক শোধ দিবলৈ গাত লৈছোঁ।
এইটো এটা ডাঙৰ দানৰ কথা ক'লোঁ। ইয়াৰ বাহিৰেও মই সক সৰু দান অসংখ্য পাইছোঁ। এই সঞ্চ-সুৰা দানৰ বাবেই টাঙ্কেগীৰ কথা সকলো ঠাইতে প্ৰচাৰিত হৈছে। এই সক সক দানবোৰতেই আমি হেজাৰ হেজাৰ মানুহৰ সহানুভূতি লাভ কৰিছোঁ। মোৰ মনেৰে যেই সেই অনুষ্ঠানবিলাক এনে সৰু সৰু দানৰ ওপৰতেই 'জাতীয়' আৰু সৰ্ব্বজনপ্ৰিয় হৈ উঠে। মুষ্টিভিক্ষাৰ ওপৰত উঠা অনুষ্ঠানবিলাকক জনসাধাৰণে নিজৰ সম্পত্তি বুলি গৌৰৱ অনুভব কৰে। এই ক্ষুদ্ৰ দান উপলক্ষে এটা কথা কোৱা আবশ্যক। আমাৰ স্কুলৰ পৰা বছৰি যিবিলাক ল'ৰা বাহিৰ হৈ গৈছে, তেওঁলোকেও নিয়ম মতে আমাক সাহায্য কৰি থাকে। এই দৰেই তেওঁলোকে আমাৰ লগত জীবন ব্যাপি সম্বন্ধ ৰাখি চলিছে।
প্ৰথম তিনি বছৰৰ কাৰ্য্যৰ ফলত আমি আলাবামা প্ৰদেশৰ দৰবাৰৰ পৰা বঢ়া হাৰত সাহায্য পাই আহিছোঁ। প্ৰথমে আমি ৬০০০, টকা কৈ বছৰি পাইছিলোঁ, তাৰ পিচত ৯০০০ কৈ পালোঁ আৰু এতিয়া বছৰি ১৩,৫০০ কৈ পাব লাগিছোঁ।
“শ্লটাৰ ভাণ্ডাৰ” নামে ভড়াল এটাৰ পৰাও আমি মোটা দান পাইছোঁ? আগেয়ে আমি ৩০০০, কৈ পাইছিলোঁ, কিন্তু এতিয়া আমাৰ কাৰ্য্য দেখি ভড়ালৰ কৰ্ত্তাসকলে ৩৩,০০০ হেজাৰ কৰি দিছে।
ইয়াৰ বাহিৰেও আমি 'পীবডি' ভড়ালৰ পৰাও সাহায্য পাইছোঁ। প্ৰথমতে বছৰি ১৫০০ টকাকৈ পাইছিলোঁ; এতিয়া বছেৰেকত ৪৫০০ কৈ পাইছোঁ।
এই দুই ভড়ালৰ পৰা সাহায্য পোৱাৰ লগে লগে মই কেইবাজনো সহৃদয় চাহাবৰ লগ পাইছোঁ আৰু তেওঁলোকৰ বিষয়ে অনেক কথা জানিব পাৰিছোঁ। তেওঁলোক "প্ৰত্যেকেই একোটো ডাঙৰ অনুষ্ঠান আৰু ব্যৱসাগৰ পৰিচালক, অথচ ইমান দায়িত্বপূৰ্ণ কামৰ বোজা মূৰত লৈয়ো তেওঁলোকে আমাৰ দৰে দুখীয়া মানুহৰ কান্দোনতো কান পাতে! ই সঁচাকৈয়ে বৰ আচৰিত আৰু আনন্দৰ কথা!
______
ত্ৰয়োদশ অধ্যায়।
পাঁচ মিনিটৰ বক্তৃতা।
‘প'ৰ্টাৰ হল’ সজাৰ পিচতে ল'ৰা-ছোৱালীৰ সংখ্যা আকৌ বাঢ়িবলৈ ধৰিলে। দুখীয়া অথচ বুধিয়ক ল'ৰা-ছোৱালীবিলাকে স্কুলত নাম লগাবলৈ দৰখাস্ত দিবলৈ ধৰিলে। তেওঁলোকৰ নিমিত্তে ১৮৮৪ চনত এখন ৰাতিৰ স্কুল খুলিলো। ১২ জন ছাত্ৰ লৈ কাম আৰম্ভ কৰিলোঁ। তেওঁলোকে দিনত ১০ ঘণ্টাকৈ কোনো কৃষিকাৰ্য্য বা শিল্পত খাটি বাতি দুঘণ্টা পঢ়িবলৈ পাইছিল। কামৰ বানচস্বৰূপ খোৱা খৰচৰ বাহিৰেও টকা তেওঁলোকক নগদ দিছিলোঁ। এই টকা তেওঁলোকে স্কুলত জমা ৰাখিছিল। এইদৰে দুবছৰ তেওঁলোকে ৰাতিৰ স্কুলত কটাই দিনৰ স্কুলত ভৰ্ত্তি হব পাৰিছিল। এই দৰেই যোৱা পোন্ধৰ বছৰ ৰাতিৰ স্কুলৰ কাম চলি আহিছে। এতিয়া সেই স্কুলৰ ছাত্ৰৰ সংখ্যা ৪৫৭ জন।
ৰাতিৰ স্কুল ছাত্ৰৰ অগ্নি-পৰীক্ষা। কিয়নো, সেই স্কুলৰ নিমিত্তে আন্তৰিক শ্ৰদ্ধা নাথাকিলে, কোনেও ইমান কঠিন পৰিশ্ৰম কৰি এনেকৈ জীৱন কটাব নোৱাৰে।
দিনৰ স্কুলত নাম লিখাই দিয়াৰ পিচতো তেওঁলোকক এটা নহয় এটা ব্যৱসায়ত লগাই দিছিলোঁ। সপ্তাহৰ ভিতৰত চাৰিদিন তেওঁলোকে আন সাধাৰণ ছাত্ৰৰ দৰে লিখাপঢ়া কৰিছিল। তাৰ বাহিৰেও গৰমৰ তিনিমহীয়া বন্ধতো তেওঁলোকে খাটিব লগাত পৰিছিল। এইদৰেই ৰাতিৰ স্কুল পৰীক্ষাত উত্তীৰ্ণ হৈ দিনৰ স্কুলত শিক্ষা পাই অনেক নিগ্ৰ মতা মাইকী মানুহ' হৈছে। আৰু সেই কাৰণেই এতিয়া য'তে ত'তে নামজ্বলা নিগ্ৰ' শিল্পী আৰু ব্যবসায়ী দেখিবলৈ পাওঁ। তেওঁলোকৰ বেচি ভাগেই এই ‘ৰাতি-স্কুলৰ' অগ্নি-পৰীক্ষাৰ ভিতৰেদি জীৱন আৰম্ভ কৰিছে।
অকল শিল্প আৰু কৃষিবিদ্যাতে আবদ্ধ নাথাকি আমি ল'ৰা-ছোৱালী- বিলাকক আধ্যাত্মিক বিষয়েও জ্ঞান দিবলৈ যথেষ্ট চেষ্টা কৰিছিলোঁ। খৃষ্টধৰ্ম্মৰ প্ৰচাৰ টাস্কেগীত যথেষ্ট হৈ থাকে। আমি কোনো বিশেষ দল বা সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত নহওঁ। কিন্তু সাধাৰণ ভাৱে খৃষ্টৰ মত আমালোকৰ শিক্ষালয়ত প্ৰচাৰিত হৈ থাকে।
মই কি উপায়েৰে বক্তৃতা কৰিবলৈ শিকিলোঁ, অনেকে সোধে। আচল কথা ক'বলৈ গ'লে, বক্তৃতা দিয়া মোৰু জীৱনৰ উদ্দেশ্য নহয়। মোৰ জীৱনৰ লক্ষ্য—কাম, কথা নহয়। মই যি কাম কৰোঁ, দহজনৰ মাজত তাকে প্ৰচাৰ কৰিবলৈ যত্ন কৰোঁ।
আলাবামা ভবনৰ নিমিত্তে উত্তৰ অঞ্চলত ধন তোলোঁতেই মই অনেক ঠাইত বক্তৃতা দিব লগাত পৰিছিলোঁ। তাতে মোৰ নাম ৰৈ বৈ গ'ল। মোৰ বক্তৃতা শুনি অনেক মানুহে আনন্দ উপভোগ কৰিলে। যুক্তৰাজ্যৰ জাতীয় শিক্ষা পৰিষদৰ সভাপতি মাননীয় শ্ৰীযুক্ত বিকনেল মহাশয়ে কোনো এঠাইত মোৰ বক্তৃতা শুনিছিল। তাৰ কিছু দিনৰ পিচতে তেখেতে মোকে মেচিডেন নগৰত শিক্ষাপৰিষদত এটা বক্তৃতা দিবলৈ নিমন্ত্ৰণ কৰে। সেই সভাত প্ৰায় ৪০০০ মানুহ উপস্থিত আছিল। আলাবামা আৰু টাস্কেগীৰ পৰাও অনেক চাহাব সেই সভালৈ গৈছিল। বক্তৃতা দি শেষ কৰাৰ পিচত কেইবাজনো চাহাবে মোক কৈছিল, “ডাঙৰীয়া, আপোনাৰ বক্তৃতা শুনি আমি বৰ সন্তোষ পালে। আমি ভাবিছিলোঁ, উত্তৰ-অঞ্চলত আদৰ সাদৰ পাই, আপুনি দক্ষিণ অঞ্চলৰ চাহাব সকলক গালিশপনি দিব, কিন্তু দেখিলোঁ, আপোনাৰ বক্তৃতাত বিদ্বেষৰ লেশ মাত্ৰ নাই। মোৰ বক্তৃতাৰ সাৰমৰ্ম্ম এজনা ইয়াঙ্কী মহিলাই বাতৰিকাকতলৈ পঠাই মন্তব্য প্ৰকাশ কৰিছিল যে মই দক্ষিণ অঞ্চলৰ চাহাব সকলক গালিশপনি পৰা নাই, বৰঞ্চ, টাস্কেগী-স্কুলৰ পক্ষৰ পৰা তেওঁলোকৰ প্ৰতি কৃতজ্ঞতাহে জনাইছোঁ।
মই মেচিডেনৰ বক্তৃতাত ক'লা আৰু বগাৰ সমস্যাৰো আলোচনা কৰোঁ। ইয়াৰ আগেয়ে এনেবিলাক কথা মই প্ৰকাশ্যভাৱে কোনো সভাত তোলা নাছিলোঁ। ইমান দিন শিক্ষাবিষয়ক কথাহে দহজনৰ মাজত প্ৰচাৰ কৰি আহিছোঁ। গতিকে এই সময়ত মই ক'লাবগাৰ সমস্যা লৈ আলোচনা কৰাত অনেকে ভাল বুলিছিল।
গালি পাৰি কাকো ভাল কৰিব নোৱাৰি। বৰঞ্চ যি যিমানখিনি ভাল কান কৰিছে, তেওঁক সেই অনুপাতে প্ৰশংসাহে কৰিব লাগে। সেই কাৰণেই মই উত্তৰ-অঞ্চলত বক্তৃতা কৰিবলৈ গৈ দক্ষিণ-অঞ্চলৰ মানুহক গালি পৰা নাই। মই যি কথা কাৰো আগত কব নোৱাৰোঁ সেই কথা পাচত কেতিয়াও নকওঁ।
আৱশ্যক হলে মই মানুহক গালি পাৰিবলৈও পিচ নোহোহঁকো। যেতিয়া সঁচাসঁচিকৈয়ে জানো যে চাহাব সকলে কিবা অন্যায় কৰিছে, তেতিয়া মই তেওঁলোকৰ মুখৰ আগতেই গালি পাৰো। কিয়নো মই জানো যে, অনেক মানুহে স্পষ্টবাদিতা ভাল পায়। সেই কাৰণেই মই দক্ষিণ অঞ্চলৰ মানুহৰ দোষবোৰ দক্ষিণ অঞ্চলৰ মানুহকে কওঁ, সেই দোষ উত্তৰ অঞ্চলত ৰটাই লাভ নাই।
নিগ্ৰ' আৰু চাহাবৰ মাজত সম্ভাৱ বৃদ্ধি কৰা আৰু তেওঁলোকৰ মাজত বন্ধুত্ব স্থাপন কৰাই, মেচিডেনৰ বক্তৃতাত মোৰ প্ৰধান কথা আছিল। নিগ্ৰ’কো তেওঁলোকৰ কৰ্ত্তব্য বুজাবলৈ মই চেষ্টা কৰিছিলোঁ। মোৰ মতে নিগ্ৰৱে কেৱল ক্ষমতা বা অধিকাৰ পাবলৈ যত্ন কৰিলেই নহয়, তেওঁলোকে নিজৰ সঙ্কীৰ্ণতা আৰু স্বাৰ্থপৰতা এৰি সমস্ত আমেৰিকাৰ কথা ভাবিব লাগে। যুক্তৰাজ্যৰ “জাতীয় স্বাৰ্থ” কেৱল বগা বা ক'লা নহয়। যি এই জাতীয় স্বাৰ্থ বা সমস্ত আমেৰিকাৰ কথা ভাবিব নোৱাৰে তেওঁ কৰ্ত্তব্য পালনৰ অযোগ্য। নিগ্ৰ'ৱে তেওঁলোকৰ বিদ্যা, বুদ্ধি আৰু মস্তিষ্ক খটাই গোটেই আমেৰিকাৰ কথা ভবা উচিত।
এই হ'ল মোৰ বক্তৃতাৰ ৰাজনৈতিক অংশ। ইয়াৰ লগে লগে মই নিগ্ৰ’সমাজৰ উন্নতিৰ বিষয়েও অনেক কথা আলোচনা কৰিছিলোঁ। মই এঠাইত কৈছিলোঁ, “ভাই নিগ্ৰ', তোমাৰ বিদ্যা বুদ্ধি মাৰ্জিত হোৱা আৱশ্যক, তোমাৰ চৰিত্ৰ গঠিত হোৱা আৱশ্যক। নানা সজগুণ অৰ্জ্জন কৰি যদি তুমি আমেৰিকাৰ জনসমাজৰ অঙ্গস্বৰূপ হোৱা, দেখিবা কোনেও তোমাক সেই উচ্চ ঠাইৰ পৰা খেদিব নোৱাৰিব। দেখিবা কোনেও তোমাক অবনত বা পদদলিত কৰি ৰাখিব নোৱাৰিব; তুমি সঙ্কীৰ্ণতা আৰু স্বাৰ্থপৰতা এৰি সকলো সগুণৰ অধিকাৰী হোৱা, সমস্ত আমেৰিকাৰীয়ে তোমাক পূজা কৰিব।
মই জানো, এজন নিগ্ৰ'ৱে নিজৰ বিদ্যাবুদ্ধিৰ বলত তিনি বিঘা মাটি খেতি কৰি ৩০ মোণ ৰঙা আলু পাইছিল, অথচ ওচৰৰে আন আন চাহাবে খেতি কৰি কেৱল মাত্ৰ ২ মোণহে আলু পাইছিল। সেইজন নিগ্ৰ'ৱে কৃষি আৰু ৰাসায়নিক বিদ্যা ভাল জানিছিল, কিন্তু চাহাব সকলে একো নেজানিছিল। গতিকে সেই গাৱঁতে এই নিগ্ৰ'জনে সকলো মানুহৰ পৰা আদৰ আৰু সম্মান পাবলৈ ধৰিলে। এতেকে তোমালোকেও মনোযোগেৰে কৃষি আৰু শিল্পত লগি যোৱা, দেখিবা তোমালোকৰো ভবিষ্যত মুকলি হ'ব।
মই এইবিলাক চিৰদিন মানি আছো। এইবাৰেই প্ৰথম প্ৰচাৰ কৰিলোঁ। এতিয়ালৈকে সেই মতৰ পৰিবৰ্ত্তন হোৱা নাই। যিবিলাক মানুহে নিগ্ৰ'ক পীড়ন কৰিছিল অথবা তেওঁলোকক হেঁচি ৰাখিবলৈ যত্ন কৰিছিল, মই ডেকাকালত তেনে মানুহক বৰ ঘিণ কৰিছিলোঁ। আজিকালি কিন্তু তেনে মানুহক দেখিলে পুতৌ কৰোঁ। কিয়নো এই চিপৰিবৰ্ত্তনশীল সংসাৰত কাকো কোনেও বেচি দিন হেঁচা দি ৰাখিব নোৱাৰে। কাৰণ সকলোৰে এদিন উন্নত অৱস্থা আহিবই আহিব আৰু তেনে ছেঁচা দিওঁতে নিজে নিজে লাজ পাবই পাব।
মেচিডেনৰ বক্তৃতাত মোৰ নাম চাৰিওপিনে বৈ বৈ গ'ল। কিন্তু দক্ষিণ-অঞ্চলতো চাহাবসকলৰ আগত মোৰ মতবোৰ প্ৰচাৰ কৰিবৰ বিশেষ ইচ্ছা আছিল। সৌভাগ্যক্ৰমে এনে এটা সুযোগো আহি পৰিল।
১৮৯৩ চনত জৰ্জিয়া প্ৰদেশৰ আটলান্টা নগৰত এখন বৰ ডাঙৰ খৃষ্টান সভাৰ আয়োজন হৈছিল। সেই সময়ত বোষ্টন নগৰতো মোৰ বৰ কাম আছিল। তথাপিও জৰ্জিয়াৰ নিমন্ত্ৰণ ৰক্ষা কৰিলোঁ। বোষ্টনৰ পৰা আটলান্টা ২০০০ মাইল আঁতৰ। ইপিনে ৰেলেৰে গলেও বক্তৃতা দিয়া সময়তকৈ আধা ঘণ্টা আগেয়েহে সেইখিনি পাবগৈ পাৰি। তাতে আকৌ কেৱল পাঁচ মিনিট সময়হে বক্তৃতা কৰিব পাৰিম। আটলান্টাত মোটে এঘণ্টা সময় থাকিয়েই আকৌ ৰেলত বোষ্টেনলৈ ঘূৰি আহিব লাগিব। সি যি হওক, বক্তৃতা কৰিবৰ এই সুযোগ নেৰিলোঁ। সেই সভাত প্ৰায় ২০০০ হেজাৰ মানুহ গোট খাইছিল। মই পাঁচ মিনিট বক্তৃতা কৰিলোঁ। সেই সভাত মোৰ শিক্ষা প্ৰণালী আৰু লগে লগে নিগ্ৰ’জাতিৰ কৰ্ত্তব্য আৰু দায়িত্বৰ কথাও ভাঙি ক'লো। কাগজে পত্ৰে মোক প্ৰশংসা কৰিবলৈ ধৰিলে। মোৰ কাৰ্য্য উদ্ধাৰ হ'ল। দক্ষিণ- অঞ্চলৰ চাহাবসকলৰ মাজত মোৰ নাম বৈ গ'ল।
ইয়াৰ পিচত ক’লাবগা সকলোৱেই মোক বক্তৃতা দিবলৈ টনাটনি কৰিবলৈ ধৰিলে। স্কুলৰ কাম এৰি চাৰিওপিনে বক্তৃতা দি ফুৰিব লগাত পৰিলোঁ! উত্তৰ অঞ্চলত মই স্কুলৰ নিমিত্তে ধন তুলিবলৈ চাহাবসকলৰ আগত বক্তৃতা দিছিলোঁ, আৰু নিগ্ৰ'মহলত বক্তৃতা দিওঁতে তেওঁলোকৰ বৰ্ত্তমান অৱস্থা আৰু ভবিষ্যৎ উন্নতিৰ উপায় আলোচনা কৰিছিলোঁ।
এইবাৰ মই এটা জীৱনৰ বিশেষ ঘটনাৰ কথা উল্লেখ কৰিম। সেই দিনৰ পৰা মই সমস্ত যুক্তৰাজ্যত পৰিচিত হৈছোঁ। তেতিয়াৰে পৰা মোৰ নাম কেৱল দুইচাৰিজনৰ মাজতে আবদ্ধ নাথাকি গোটেই আমেৰিকাতে প্ৰচাৰ হৈ পৰিল। ১৮৯৫ চনৰ ১৮ চেপ্টেম্বৰ মোৰ জীৱনৰ এটা চিৰস্মৰণীয় দিন। সেই দিনা আটলান্টা নগৰৰ কেইজন মান জনাশুনা ভদ্ৰলোকৰ পৰা মই এখন টেলিগ্ৰাম পালোঁ,—
এই নগৰত এখন ডাঙৰ মেলা আৰু সন্মিলনৰ আয়োজন কৰা হৈছে। সেই কাৰণে যুক্তৰাজ্যৰ ধনসচিবৰ পৰা কিছু অৰ্থ সাহায্য বিচাৰিব লগাত পৰিছোঁ। যুক্তৰাজ্যৰ দৰবাৰলৈ এখন আবেদন পঠোৱা হব। আপুনিও আমাৰ লগ ল'ব বুলি আশা কৰিলোঁ।”
জৰ্জিয়া প্ৰদেশৰ ২৩ জন জনাশুনা চাহাব আৰু ৩ জন নিগ্ৰ' এই কামৰ নিমিত্তে বাচি লোৱা হ'ল। তাৰে ভিতৰত এজন ময়ো পৰিলো।
সেই দৰবাৰত কেইবাজনেও বক্তৃতা দিছিল। ময়ো মিনিটমান বক্তৃতা দিছিলো। মোৰ বক্তৃতাৰ সাৰ মৰ্ম্ম এই :- “আপোনালোকে দক্ষিণ-অঞ্চলত ক'লা আৰু বগাৰ ভিতৰত ভাতৃভাব বঢ়োৱা উচিত। আপোনালোকে সেই অঞ্চলৰ সকলো প্ৰকাৰৰ শ্ৰীবৃদ্ধিৰ কাৰণে বিশেষ যত্ন কৰা উচিত। এই মেলাত যোৱা কুৰি বছৰৰ ভিতৰত দুই জাতিৰ মাজত যি উন্নতি হৈছে, তাৰ চিন পাব। আৰু এই মেলাৰ দ্বাৰাই দুই জাতিৰ ভবিষ্যত উন্নতিৰ বাটো মুকলি হব।
নিগ্ৰোৱে ৰাজনৈতিক অধিকাৰ পাইছে সঁচা; কিন্তু, ভোট দি প্ৰতিনিধি বাচিবৰ ক্ষমতা থাকিলে একো নহয়। তেওঁলোকৰ ধনসম্পত্তি, মাটিবাৰী একো নাই। সেই কাৰণে, তেওঁলোকৰ কৃষি, শিল্প, ব্যবসায়, শিক্ষা আৰু চৰিত্ৰ গঠনত এই দৰবাৰে সাহায্য কৰা উচিত। যি জাতিৰ এনেবোৰ গুণ নাই, সেই জাতি কেতিয়াও উধাব নোৱাৰে। এতেকে আটলান্টা সম্মিলনত এই দৰবাৰৰ মহা সুযোগ ওলাইছে। উত্তৰ আৰু দক্ষিণ অঞ্চলত সন্ধি হোৱাৰ পৰা এনে সুযোগ ঘটা নাই। দৰবাৰে ইচ্ছা কৰিলে এনে মহৎ অনুষ্ঠানৰ দ্বাৰাই আমেৰিকাত নতুন যুগ প্ৰবৰ্ত্তন কৰিব পাৰিব। আশা কৰোঁ এনে কাৰ্য্যলৈ আপোনা- লোকৰ পৰা যথেষ্ট সাহায্য পাম।”
মোৰ বক্তৃতা শেষ হল; লগৰীয়া প্ৰতিনিধি সকলে মোৰ সুখ্যাতি কৰিবলৈ ধৰিলে। দৰবাৰৰ সভ্য সকলেও মোক প্ৰশংসা কৰিলে। দৰবাৰৰ পৰা আমাৰ আবেদন মঞ্জুৰ হল; সেই মেলাৰ সমুদায় খৰচ দৰবাৰে বহন কৰিবলৈ গাত ল'লে।
ইয়াৰ পিচত প্ৰদৰ্শনী পাতিবৰ আয়োজন হ'ল। নিগ্ৰ’সমাজৰ নিমিত্তেও এটা বেলেগ বিভাগ খুলিবলৈ প্ৰদৰ্শনীৰ কৰ্ত্তাসকলে স্থিৰ কৰিলে। যোৱা কুৰি বছৰত নিগ্ৰোৱেও নানা কামত নিজৰ কৃতিত্বৰ চিনাকি দিছে। সেই আটাইবোৰ বস্তু একে ঠাইতে গোট খুউৱা আৱশ্যক।
{{gap}স্থিৰ হ'ল যে, নিগ্ৰ’বিভাগত, ঘৰবাৰী, সাজসৰঞ্জাম সকলোবিলাক নিগ্ৰ'ৱেই কৰি ল'ব। নিগ্ৰ' বিভাগৰ নিমিত্তে এজন পৰিচালক লব লগাত পৰিল। সকলোৱে মোলৈকে আঙুলিয়ালে। মই স্কুলৰ কামত ব্যস্ত থকাত সেই ভাৰ ন'ল'লোঁ। মোৰ প্ৰস্তাবত আন এজন নিগ্ৰ’ৱে সেই ভাৰ ল'লে।
নিগ্ৰ’বিভাগৰ দুটা কোঠাই সকলোৰে মন আকৰ্ষণ কৰিছিল। হেম্পটন আৰু টাস্কেগী স্কুলৰ ল'ৰাবিলাকৰ হাতৰ কাম দেখি সকলো মানুহেই বৰ আচৰিত মানিছিল। বিশেষকৈ দক্ষিণ অঞ্চলৰ চাহাবসকলে আমাৰ ল'ৰাবিলাকৰ কাম দেখি বৰ ভাল বুলিছিল।
লাহে লাহে প্ৰদৰ্শনীৰ দিন ওচৰ চাপিল। প্ৰদৰ্শনী খোলাৰ কাৰ্য্যপ্ৰণালীবোৰ আলোচনা হবলৈ ধৰিলে। প্ৰদৰ্শনীৰ কৰ্ত্তা সকলে স্থিৰ কৰিলে যে, নিগ্ৰ'ৰ পক্ষৰ পৰাও এজন প্ৰতিনিধিয়ে সেই মেলাৰ সন্মিলনত বক্তৃতা দিয়া আৱশ্যক। অনেকে এই বিষয়ে আপত্তিও কৰিলে। শেষত এজন নিগ্ৰ’ৱেও বক্তৃতা দিয়াৰ কথা- সাব্যস্ত হল। ইয়াৰ কেইদিনমানৰ পিচতে মই সেই নিমন্ত্ৰণ পালোঁ।
মই মহা বিমোৰত পৰিলোঁ। কেইবছৰমান আগতে গোলাম আছিলো। মোৰ কোনো কোনো পুৰণি মালিকো এই মেলালৈ আহিব। মই স্বাধীনভাবে তেওঁলোকৰ আগত কেনেকৈ বক্তৃতা দিম? ইয়াৰ বাহিৰেও নিগ্ৰ জাতিৰ পক্ষে—চাহাবসকলৰ আগত থিয় দি বক্তৃতা কৰাৰ সুযোগ মোৰ নিমিত্তে এয়েই প্ৰথম। এই ঘটনাৰ ওপৰতে গোটেই নিগ্ৰ’জাতিৰ ভবিষ্যত নিৰ্ভৰ কৰিছে। বিশেষতঃ এই সভাত অনেক উত্তৰ-অঞ্চলৰ চাহাব আৰু নিগ্ৰ'ও উপস্থিত থাকিব। ইমানবিলাক জনাশুনা মানুহৰ আগত এই জাতীয় সভামণ্ডপত থিয় দি সকলো সম্প্ৰদায়ৰ মান-সম্মান অটুট ৰাখি বক্তৃতা দিয়াটো কিমান টান কাম তাক বোধ কৰো নকলেও হব।
মোৰ দায়িত্ব অতি গুৰুতৰ হৈ পৰিল। কিয়নো নিগ্ৰ'ৰ প্ৰতি মোৰ কৰ্ত্তব্য পালন কৰিব লাগিব, আৰু তাৰ বাহিৰেও দক্ষিণ আৰু উত্তৰ অঞ্চলৰ চাহাবসকলৰ প্ৰতিও মই কৃতজ্ঞতা প্ৰকাশ কৰিব লাগিব। মোৰ মনত নানা ভাব খেলাবলৈ ধৰিলে। কি বিষয়ে বক্তৃতা দিব লাগিব, তাকে নেজানিছিলোঁ । মই অতি ধীৰভাৱে দুই জাতিৰ সমস্যাবোৰ দকৈ বুজিবলৈ চেষ্টা কৰিছিলোঁ। ইতিমধ্যে গোটেই আমেৰিকাৰ বাতৰিকাকতবোৰে প্ৰকাশ্যভাৱে মোক নানা পৰামৰ্শ দিবলৈ ধৰিলে। কোনো কোনো কাকতে লিখিলে অমুক অমুক বিষয় আলোচনা কৰা উচিত; অমুক অমুক বিষয়ে প্রশ্ন নোতোলাই ভাল। কোনো কোনো কাকতে লিখিলে -ৱাচিংটনে যেন সভাত তোলে।” ― ইত্যাদি। মোৰ স্বজাতি আৰু দক্ষিণ অঞ্চলৰ চাহাব সকলেও মোক নানা পৰামৰ্শ দিবলৈ ধৰিলে । সি যি হওক, মই মোৰ নিজৰ কৰিব লগীয়া কাম ঠিক কৰি পেলালোঁ । ১৮ চেপ্টেম্বৰত সভা বহিব । তাৰ আগেয়েই মই বক্তৃতা লিখি পেলালোঁ, টাস্কেগীৰ শিক্ষকসকলৰ আগত মই বক্তৃতা পঢ়ি শুনালোঁ। তেওঁলোকৰ আলোচনা অনুসৰি কোনো কোনো ঠাইত হাত ফুৰালোঁ ।
১৭ চেপ্টেম্বৰৰ দিনা ল'ৰাতিৰোতা লৈ সভালৈ ৰেলত যাত্ৰা কৰিলোঁ । ৰেলত উঠিব খোজোতেই এজন চাহাব খেতিয়কে ঠাট্টা কৰি ক'লে, “ভাই ৱাচিংটন। তুমি ইমান দিন উত্তৰ অঞ্চলত নিগ্ৰ'ৰ মাজত, আৰু আমি দক্ষিণ অঞ্চলৰ মানুহৰ আগত বেচ বক্তৃতা কৰিছিলা, কিন্তু এইবাৰ তুমি টান কামত হাত দিছা, সকলোৰে আগত বক্তৃতা কৰিব লাগিব। এই পৰীক্ষাত উঠিব পাৰিলেহে তোমাক মানুহ বুলি জানিম।” সেই খেতিয়কে মোৰ মনৰ ভাব ঠিক ধৰিব পাৰিছিল । সি যি হওক, তেওঁৰ কথাই মোক অলপো ভাল লগাব নোৱাৰিছিল ।
ৰেলত যাবলৈ ধৰিলোঁ। ষ্টেচনে ষ্টেচনে অনেক চাহাৱ আৰু নিগ্ৰ'ৱে মোক লৈয়েই নানা আলোচনা কৰিবলৈ ধৰিলে । কোনো কোনোৱে মোক আঙুলিয়াই দেখুৱালে । গাড়ীৰ পৰা নমা মাত্ৰকে এজন নিগ্ৰ'ৱে আন এজনক ক'লে, “কালিলৈ এওঁ নিগ্ৰ'ৰ পক্ষৰ পৰা বক্তৃতা দিব, মই সভাত সেই বক্তৃতা শুনিবলৈ যাম।"
আটলান্টাত সেই দিনা মানুহৰ প্ৰকোপত বিব দিও বাট পাবলৈ নোহোৱা হৈছে। আমেৰিকাৰ ভিন ভিন প্ৰদেশৰ পৰা প্ৰতিনিধি, দৰ্শক, ব্যৱসায়ী আৰু শিল্পীৰ সমাগম হৈছে। সেনাবিভাগৰ মানুহ আহিছে। কাকতবোৰত সেই বিষয়ে নানা আলোচনা চলিছে।
গোটেই ৰাতি মোৰ টোপনি নাহিল। পুৱাই উঠিয়েই মই বক্তৃতাক সফলতাৰ কাৰণে ভগবানক প্ৰাৰ্থনা কৰিলো। সকলো বক্তৃতাৰ আগতে মই এইদৰে ভগৱানক প্ৰাৰ্থনা কৰোঁ।
ইয়াৰ কিছু পৰৰ পিচতে অভ্যৰ্থনা সমিতিৰ কেইবাজনো সভাই মোক সভালৈ নিবলৈ আহিল। সভালৈ যোৱাৰ আগতে এক বিৰাট' শোভাযাত্ৰা বাহিৰ হ'ল। সেই শোভাযাত্ৰাত কেইবাজনে জনাশুনা নিগ্ৰ' আৰু কেইবা দলো নিগ্ৰ’সেনাই যোগদান দিলে? এইদৰেই তিনি ঘণ্টামান শোভাযাত্ৰা কৰি, সকলো মানুহ আহি সভাঘৰত সোমাল। গৰমত মোৰ শৰীৰ তেনেই কাতৰ হৈ পৰিল। এনেয়ে চিন্তা, তাৰ ওপৰত ভাগৰ। মই পৰি যাওঁ যেন লাগিল। ভাবিলোঁ, মোৰ বক্তৃতা দিয়া নহয়। সি যি হওক, সভামণ্ডপত সোমাই পৰিলোঁ।
সভামণ্ডপ অতি আহল বহল আৰু ঘূৰণীয়া আছিল। মানুহৰ প্ৰতাপত তলৰ পৰা ওপৰলৈকে ক’তো অকণো শুদা ঠাই নাছিল। মই সভামণ্ডপত সোমোৱা মাত্ৰেই নিগ্ৰ’বিলাকে জয়ধ্বনি দিবলৈ ধৰিলে। দুই-চাৰিজন চাহাবেও সেই জয়ধ্বনিত যোগ দিছিল।
মোৰ বক্তৃতা শুনিবলৈ অনেক চাহাব সেই সভালৈ আহিছিল। কোনোৰ উদ্দেশ্য আছিল, মোৰ বক্তৃতা শুনা; কোনোৰ উদ্দেশ্য, মোক সহানুভূতি দেখুউৱা, আৰু বেচি ভাগৰ উদ্দেশ্য মোৰ ৰং চোৱা। কিয়নো মই বেয়া কৰিলেই তেওঁলোকে কব পাৰিব, “আমি আগেৰেই কৈছিলোঁ নহয়!”
সভাত বেয়া কৰিম বুলি, মোৰ এজন চাহাব বন্ধু সেই সভাঘৰতে নোসোমাল। সভা নভঙালৈকে অস্থিৰ ভাৱে তেওঁ বাহিৰতে পাইচাৰি কৰি ৰল।
________
চতুৰ্দশ অধ্যায়।
জৰ্জিয়া প্ৰদেশৰ গভৰ্ণৰ বুলকে এটা লঞ্চ বক্তৃতা দি প্ৰদৰ্শনীৰ কাম আৰম্ভ কৰিলে। তেওঁৰ পিচত ধৰ্মগুৰু নেলচনে এটা স্তোত্ৰ পাঠ কৰিলে। ইয়াৰ পিচত মিষ্টাৰ আলবাৰ্ট হাৱেলে এটা কবিতা পাঠ কৰিলে।
এইবোৰ কাম হৈ যোৱাৰ পিচত সন্মিলনৰ কাম আৰম্ভ হ'ল। প্ৰদৰ্শনীৰ সভাপতিয়ে তেওঁৰ অভিভাষণ পাঠ কৰিলে। মহিলা বিভাগৰ সভাপতি শ্ৰীমতী টমচনেও এটি সৰু বক্তৃতা দিলে। তাৰ পিচত বুলকে মোক সভাৰ মাজত চিনাকি দি ক'লে, “এওঁৰ নাম বুকাৰ ৱাচিংটন,—নিগ্ৰ’সমাজৰ এজন নেতা আৰু নামজ্বলা প্ৰতিনিধি। তেওঁ আজি আমাক নিগ্ৰ’জাতিৰ - কৃতিত্ব আৰু সভ্যতাৰ বিবৰণ দি অনুগৃহিত কৰিব খুজিছে।”
মই বক্তৃতা দিবলৈ আৰম্ভ কৰিলোঁ। চাৰিও ফালৰ পৰা জয়ধ্বনি আৰম্ভ হ'ল। হেজাৰ হেজাৰ মানুহৰ চোকা দৃষ্টি মোৰ পিনে পৰিল। মই এই বক্তৃতা দিলোঁ :—
“সভাপতি মহাশয়, প্ৰদৰ্শনীৰ আৰু সন্মিলনৰ কৰ্ত্তাসকল আৰু মোৰ মৰমৰ ৰাইজ!
দক্ষিণ অঞ্চলৰ এক তৃতীয়াংশ মানুহ নিগ্ৰ’জাতিৰ অন্তৰ্গত। এই নিগ্ৰ’জাতিক বাদ দিলে দক্ষিণ অঞ্চলত কোনো অনুষ্ঠানেই সফলতা লাভ কৰিব নোৱাৰে। এই অঞ্চলৰ আৰ্থিক, নৈতিক আৰু ৰাজনৈতিক উন্নতিৰ অৰ্থে ক'লা জাতিৰ সহযোগিতা গ্ৰহণ কৰা সকলোৰে আৱশ্যক। আপোনালোকে এই প্ৰদৰ্শনীৰ উপলক্ষে সকলো অৱস্থাতেই নিগ্ৰ’সমাজৰ সাহায্য গ্ৰহণ কৰিছে। এইদৰেই পদে পদে আপোনা- লোকে আমাৰ স্বজাতিৰ চৰিত্ৰবত্তা আৰু বুদ্ধিমত্তাৰ যথোচিত সম্মান কৰিছে। সেই কাৰণেই আমাৰ স্বজাতীয়ে আপোনালোকৰ ওচৰত তেওঁলোকৰ আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছে। মই তেওঁলোকৰ মুখপাত্ৰ হৈ এই প্ৰদৰ্শনীৰ কৰ্ত্তাসকলক তেওঁলোকৰ উদাৰতাৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ। আপোনালোকে আমাক এইদৰে সম্মানিত কৰি শ্বেতাঙ্গ আৰু কৃষ্ণাঙ্গ সমাজৰ ঐক্যবন্ধন দৃঢ় কৰি তুলিছে। আমাৰ স্বাধীনতা লাভৰ পিচত এনে ভাতৃভাব, সহায়তা আৰু মিলাপ্ৰীতি দেখা পোৱা নাই।
অকল এয়েই নহয়। আমি এই সুযোগত শিল্প আৰু ব্যৱসায়ত নতুন জীৱন আৰম্ভ কৰিছোঁ। ইমান দিন আমি ৰাজনৈতিক আৰু শিল্প কামত অপাৰগ আছিলো। গুৰিৰ ভেটি প্ৰতিষ্ঠিত হোৱাৰ আগতে আমি নানা ৰকমৰ উচ্চ অধিকাৰ লাভৰ চেষ্টা ৰাখিছিলোঁ। সম্পত্তিৰ মালিক নোহোৱাকৈয়ে আমি ইমান দিন প্ৰাদেশিক আৰু যুক্তৰাজ্যৰ দৰবাৰৰ সভ্য হবলৈ আশা কৰিছিলোঁ। কৃষি আৰু ব্যৱসায়ত পিঠি দি আমি ইমান দিন ৰাজনৈতিক আন্দোলন আৰু বক্তৃতাত সময় কটাইছিলোঁ। এনে ধৰণৰ আশা আৰু আকাঙ্ক্ষাৰ যথেষ্ট কাৰণো আছিল। যেতিয়া স্বাধীনতা লাভ কৰোঁ, তেতিয়া আমি সকলো বিষয়তে অনভিজ্ঞ আছিলোঁ। সেই কাৰণেই সংসাৰৰ যাবতীয় লোভনীয় পদ আৰু সম্মনৰ প্ৰতি আমি বৰ অনুৰক্ত হৈ পৰিছিলোঁ।
এসময়ত এখন জাহাজে সাগৰত বাট হেৰুৱাই ইফালে সিফালে ঘূৰি ফুৰিছিল। হঠাৎ এদিন এখন নতুন জাহাজৰ লগত দেখা হল। বাট হেৰুৱা জাহাজে মাস্তুলৰ পৰা সেই জাহাজৰ পিনে নিশান তুলিলে — "পানী, পানী, পিয়াহত মৰিছোঁ!” নতুন জাহাজে তেতিয়াই উত্তৰ দিলে “য’ত তোমালোকৰ জাহাজ আছে, তাতে নতুন পানী পাবা, সেই ঠাইতে বালতি পেলোৱা।”
পথভ্ৰষ্ট্ৰ জাহাজে আকৌ জনালে, "পানী, পানী, ভাল পানী দিয়া।" নতুন জাহাজে আকৌ উত্তৰ কৰিলে, “সেই ঠাইতে ভাল পানী পাবা। বালতি পেললেই ভাল পানী উঠিব।” এইদৰেই সেই জাহাজে (কইবাবাৰো পানীৰ নিমিত্তে প্ৰাৰ্থনা কৰিলে, আৰু নতুন জাহাজেও সেই একে উত্তৰকে দিলে। শেষত পথভ্ৰষ্ট জাহাজৰ কৰ্ত্তাই পানীলৈ বাল্তি পেলালে। অতি সুন্দৰ আৰু নিৰ্ম্মল পানী বাল্তিত উঠিল! তেওঁলোকৰ জাহাজ কেতিয়াবাই সাগৰ এৰি আমাজন নদীৰ মোহনা পালেগৈ।
ময়ো আমাৰ ভাই সকলক কওঁ, যতে আছোঁ ততে বালতি পেলোৱা; ভাল পানী পাবা, পিয়াহত মৰিব নালাগে।
আমেৰিকা এৰিলেই তোমালোক সুখী হব পাৰিবা বুলি ভাবিছানে? শ্বেতাঙ্গ সমাজৰ লগত তোমালোকৰ সদ্ভাব নহব বুলি ভাবিছানে? মই কওঁ তোমাকেলকে নিশ্চয় ভুল বুজিছা — সেই পথভ্ৰস্ত জাহাজৰ দৰে তোমালোকে পুৰণিৰ মোহতে মোহাচ্ছন্ন হৈ পৰি আছা।
চকু মেলি চোৱা দেখিবা, স্বাস্থ্যকৰ সুমিষ্ট পানী তোমাৰ সম্মুখতেই আছে। বুজিবা শ্বেতাঙ্গ তোমাৰ ভাই—দেখিবা আমেৰিকা তোমাৰ শ্বদেশ! আঁতৰলৈ যাবৰ প্ৰয়োজন নাই! শ্বেতাঙ্গ প্ৰতি বাসীৰ লগত ভাব বিনিময় আৰু কাৰ্য্য বিনিময় কৰা; যি দেশৰে লোণ খাইছা, সেই দেশ বায়ুৰে নিশ্বাস গ্ৰহণ কৰা দেখিবা, অতি সোনকালেই তোমালোক এটা হৃষ্টপুষ্ট আৰু চৰিত্ৰবান জাতি গঠিত হব পাৰিবা। কৃষিত মন দিয়া, শিল্পত মন দিয়া, দেশ এৰি বিদেশলৈ যাবৰ একো অৱশ্যক নকৰে। যতে আছা বাল্তি পেলোৱা, যতে আছা ততে, সকলো কামতে মনপুতি লাগি যোৱা।
দক্ষিণ অঞ্চলৰ চাহাব সকলৰ দোষ আছে স্বীকাৰ কৰোঁ। কিন্তু এই অঞ্চলত ব্যৱসায় হিচাবে নিগ্ৰ'ৱে একো অসুবিধা ভোগ কৰা নাই। বৰঞ্চ আৰ্থিক উন্নতিৰ নানা সুবিধা তোমালোকে এই অঞ্চলতে ভোগ কৰিছা। এই সুযোগৰ কথা তোমালোকে কেতিয়াও পাহৰিব নোৱাৰা।
আমি স্বাধীন হোৱাৰ বেচি দিন হোৱা নাই। আন আন স্বাধীন জাতিৰ যি অৱস্থা আমাৰো সেয়ে অৱস্থা। আন স্বাধীন জাতিৰ দৰেই নিগ্ৰীৱেও পৰিশ্ৰম স্বীকাৰ কৰা উচিত। আমালোকে নিজৰ পেটৰ ভাত নিজ হাতে মোকলাই খোৱা উচিত। সেই কামৰ নিমিত্তে পৰিশ্ৰম কৰা উচিত।
গোলামী যুগত পৰিশ্ৰম কৰিছিলোঁ, এতিয়া স্বাধীন যুগত কৰিম কি? — এনে কথা কোনো চিন্তাশীল মানুহেই নকয়। কিয়নো স্বাধীনতাৰ অৰ্থ, পৰিশ্ৰমৰ পৰা মুক্তি লাভ নহয়। স্বাধীনতাৰ যুগতো নিজ হাতে খাটি পেটৰ সংস্থান কৰিব লাগে, কপালৰ ঘাম মাটিত পেলাব লাগে।
আমাৰ নিগ্ৰ'ভাই সকলে এই কথা সদায় মনত ৰখা উচিত। স্বাধীন হৈছোঁ বুলি বিলাসৰ সুযোগ পাইছোঁ—এনে কথা যেন তেওঁলোকে কেতিয়াও নেভাবে। বৰং এতিয়াৰে পৰা আমালোকে কঠোৰ সংঘমত ব্ৰতী হব লগীয়াত পৰিছে। “চৌখিন অৰু চক্চকীয়া বস্তুৰ প্ৰলোভন এৰি, স্থায়ী আৰু কাৰ্য্যোপযোগী বস্তুৰ আদৰ কৰিব লগাত পৰিছে। অলঙ্কাৰ আৰু চৌখিন সাজপাৰ আকাঙ্খা ভাবি সাধাৰণ আৰু সৰল জীৱনৰ অৰ্থে কঠোৰ পৰিশ্ৰম কৰিব লগীয়াত পৰিছে। সকলো স্বাধীন জাতিয়েই বিবেচনা কৰা যে, কবিতা ৰচনাৰ যি কৃতিত্ব, খেতিবাতিতো সেই কৃতিত্ব। যি সকলে কোনো এক সমাজক ধনে সম্পদে উন্নত কৰিছে, তেওঁলোকৰ সন্মান কবিতকৈ কোনো গুণেই কম নহয়। আমিও এই ধনসম্পদ বৃদ্ধিৰ কাৰণে মনোযোগী হোৱা উচিত। গুৰিৰ কথা পাহৰি গ'লে উন্নতিৰ ওখ খাপবোৰ উঠিব নোৱাৰিম। আনহাতে হাত সাবটি বহি থাকি সুযোগবোৰ পাৰ হৈ যাবলৈ এৰি দিয়া অনুচিত।
মই মোৰ চাহাব ভাই সকলৰ প্ৰতিও দু-আষাৰমান কব খোজোঁ। আপোনালোকো য’তে আছে, ঠিক তাতেই বালতি পেলাওক — আপোনা লোকৰো অভাব মোচন হব। কাম কৰিবৰ নিমিত্তে বিদেশৰ পৰা মানুহ আনিবৰ একো আৱশ্যক নাই। স্বদেশৰ নিগ্ৰ’সমাজৰ মাজতেই বাল্তি পেলাওক—আমেৰিকাৰ নিগ্ৰ'জাতিৰ লগত সকলো বিষয়তে মিলা- প্ৰীতি হৈ কাম কৰক দেখিব আমেৰিকা জননী দুদিনতে প্ৰাণ পৰাক্ৰান্ত হৈ উঠিব।
এই নিগ্ৰ'ও আপোনালোকৰে ভাই। তেওঁলোক আপোনালোকৰ সুখ দুখৰ লগৰীয়া। আপোনালোক তেওঁলোকৰ প্ৰতি ঋণী নহয়নে? নিগ্ৰোজাতিৰ স্বভাৱ-চৰিত্ৰৰ কথা আপোনালোকে নজনাকৈ থকা নাই। তেওঁলোকৰ চৰিত্ৰ আৰু প্ৰভুভক্তিৰ আপোনালোকে যথেষ্ট পৰিচয় পাইছে। বিশেষ কি এই ক'লা সমাজেই আপোনালোকৰ আৰ্থিক উন্নতিৰ প্ৰধান অবলম্বন। তেওঁলোকেই অকৰাৰ দৰে ইমান দিন আপোনালোকৰ খেতিবাতি কৰি দিছে। তেওঁলোকে কেতিয়াও ধৰ্ম্মঘট কৰা নাই! আপোনালোকক ঠেকত পেলাই তেওঁলোকে নিজৰ বানচ বা আন অধিকাৰ বঢ়াবৰ নিমিত্তে চেষ্টা কৰা নাই। তেওঁলোকে বিনা বাক্যব্যয়ে আপোনালোকৰ হাবি চাফা কৰিছে, ৰেলৰ আলি বান্ধিছে, চহৰ তৈয়াৰ কৰিছে। নি’গ্ৰ কুলীয়েই মাটিৰ তলৰ পৰা আপোনালোকৰ নিমিত্তে ধাতু-ৰত্ন খানি উলিয়াইছে। তেওঁলোকৰ সাহায্যতে আমেৰিকাৰ দক্ষিণ অঞ্চলৰ মানুহবিলাকৰ সুখ-সম্পদ বৃদ্ধি হৈছে।
আপোনালোকে এনে এটা দুখকাৰী আৰু শান্ত-জাতিৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ নকৰিবনে? আপোনালোকে, আপোনালোকৰ পাৰিবাৰিক, সামাজিক আৰু আৰ্থিক উন্নতিৰ গৌৰৰে স্থল নিগ্ৰ'জাতিক কি দলিয়াই পেলাব পাৰিব? মই প্ৰাৰ্থনা কৰোঁ, হে শ্বেতাঙ্গ সমাজৰ নেতা সকল, আপোনালোকে এই ক'লা-জাতিৰ মজতে আপোনালোকৰ বালতি পেলাওক। প্ৰতি কাৰ্য্যতে তেওঁলোকৰ সহযোগিতা গ্ৰহণ কৰক। আপোনালোকে যে, ঠিক বাটেই বাট বুলিছে, এই বিৰাট প্ৰদৰ্শনীয়েই তাৰ সাক্ষী। এই বিৰাট সন্মিলনত মই যে বক্তৃতা দিবৰ সুযোগ পাইছো, ইয়েই তাৰ সাক্ষ্য। আপোনালোকে নিগ্ৰ' সমাজক যথাৰ্থক সম্মান কৰিছে।
আপোনালোকে এতিয়া আমাৰ স্বজাতিক উন্নতিৰ নতুন নতুন পথত চলিবলৈ দিয়ক। তেওঁলোকৰ উচ্চ-শিক্ষাৰ ব্যৱস্থা কৰক, তেওঁলোকৰ হৃদয়ৰ উৎকৰ্ষ সাধনত তৎপৰ হওক। তেওঁলোকক কৃষি, শিল্প, কলা, সাহিত্য, চিত্ৰ আদি সভ্যতাৰ বিবিধ বিভাগত প্ৰতিষ্ঠিত হবৰ সুবিধা দিয়ক। দেখিব,—দেশৰ মাটি সাৰুৱা হৈয়েই থাকিব,--প্ৰকৃতিয়ে ফলে- ফুলে পৰিপূৰ্ণ হৈ আপোনালোকৰ আনন্দ বৰ্দ্ধন কৰিব। আমেৰিকাৰ গাওঁবিলাক ফুলনিত পৰিণত হব—নগৰবিলাকে নিজৰ বুকুত নতুন নতুন কলকাৰখানা ধাৰণ কৰি আপোনালোকৰ আৰ্থিক অৱস্থা টনকিয়াল কৰিব। আৰু জানিব, যেতিয়া প্ৰয়োজন হব, নিগ্ৰ'ৱে আপোনালোকৰ স্বাধীনতা ৰক্ষাৰ কাৰণে শেষ বিন্দু পৰ্য্যন্ত বুকুৰ তেজ দিব। এনে ধৰণৰ বিশ্বাসী আৰু প্ৰভুভক্ত জাতি আপোনালোকে বিদেশৰ পৰা কেতিয়াও আমদানি কৰি আনিব নোৱাৰিব। আপোনালোক য'তে আছে, ত'তে বাল্তি পেলাওক।’
{{gap}আপোনালোকে পুৰণি কথা মনত পেলাওক। সেই গোলামী যুগৰ শেষ অৱস্থা, সেই দুই অঞ্চলৰ যুদ্ধৰ কথা মনত পেলাওক। সেই যুগত আমি আপোনালোকৰ সতি-সন্ততিবিলাকক পালন কৰিছিলোঁ, বুঢ়া পিতা- মাতাক সেৱা কৰিছিলোঁ, আপোনালোকৰ সুখসম্পদতো আমিও সুখ-দুখ অনুভৱ কৰিছিলোঁ। আপোনালোকৰ বিছনাৰ ওচৰত বহি কিমান দিন অনাহাৰত ৰাতি উজাগৰে আছিলে, আপোনালোকৰ অভিভাবকৰ মৃত্যুত চকুৰ পানী টুকিছিলোঁ!মুঠ কথা আমি আমাৰ বুকুৰ তেজ দি আপোনা- লোকক মানুহ কৰিছিলো। নতুন কোন জাতি আহি আপোনালোকক সেইদৰে সেৱাশুশ্ৰূষা কৰিব?
ইমান দিন আমি যি কৰি আহিছিলোঁ, আগলৈকো তাকে কৰিম। আমি আপোনালোকৰ ধৰ্ম্ম, সমাজ, শিল্প, শিক্ষা, ৰাজনীতি প্ৰভৃতি সকলো কৰ্ম্মক্ষেত্ৰতে আপোনালোকৰ সহযোগী আৰু সৰু ভাইটি হৈ থাকিম। আমি আপোনালোকৰ স্বাৰ্থকে নিজ স্বাৰ্থ বুলি বিবেচনা কৰি সকলো বিষয়তে একে পৰিয়ালৰ দৰে জীৱন কটাম। আৱশ্যক হলে এই ৮০ লক্ষ নিগ্ৰ'ৱে প্ৰাণদান দি আপোনালোকৰ গৌৰৱ ৰক্ষা কৰিব। জানি ৰাখক, প্ৰত্যেক নিগ্ৰ'ৰ জীৱন সমগ্ৰ যুক্তৰাজাৰ স্বাধীনতাৰ নিমিত্তে উৎসৰ্গীত হৈ আছে।
আপোনালোকে জানিব, ক'লা আৰু বগাৰ সামাজিক লেনদেন আৰু খোৱা পিন্ধাত পাঁচ আঙ্গুলিৰ দৰে স্বতস্ব হলেও, যুক্তৰাজ্যৰ জাতীয় মঙ্গলৰ কাৰণে এই দুই সমাজ বাহুৰ দৰে এক পৰস্পৰ সাপেক্ষ। দুয়োৰে স্বাৰ্থ -সম্পূৰ্ণ এক। আমেৰিকাবাসীয়ে এক অঙ্গ এৰি আন অঙ্গৰ কেতিয়াও পুষ্টি সাধন কৰিব নোৱাৰে। আমাৰ প্ৰত্যেকৰ সম্মান আৰু স্বাধীনতা আপোনালোকৰ সম্মান আৰু স্বাধীনতাৰ ওপৰত নিৰ্ভৰ কৰিছে। আপোনালোকে নিগ্ৰ'ক হেঁচি পঙ্গু কৰি ৰাখিবৰ চেষ্টা কৰিলে, সঁচাকৈয়ে নিজে নিজেই পঙ্গু হব। তাকে নকৰি আপোনালোকে নিগ্ৰ'ক মানুহ হবলৈ সকলো ৰকমে সাহায্য কৰক। এই কামত আপোনালোকৰ যথেষ্ট পৰিশ্ৰম হব পাৰে, যথেষ্ট অৰ্থ আৰু সময় ব্যয় হব পাৰে, যথেষ্ট ক্ষতি হব পাৰে, কিন্তু অতি অল্প দিনৰ ভিতৰতে ইয়াৰ সুদেমূলে লাভ ভোগ কৰিব পাৰিব। আপোনালোকৰ চেষ্টাই অতি সোনকালেই সুফল প্ৰসাৰ কৰিব, আৰু লগে লগে যুক্তৰাজ্যও ধন্য হব।
যদি আপোনালোকে নিগ্ৰ'জাতিক তুলিবলৈ চেষ্টা কৰে, তেনে অনতিদূৰ ভবিষ্যতে ৮০ লক্ষ নতুন কণ্ঠৰ পৰা আমেৰিকাৰ যশোগান উত্থিত হব,— ৮০ লক্ষ নতুন কণ্ঠই জননী জন্মভূমিৰ বন্দনা গীত গাব। কিন্তু যদি আপোনালোকে স্বাৰ্থত্যাগ কৰি এই অবনত সমাজক তুলিবলৈ চেষ্টা নকৰে, এই ৮০ লক্ষ কণ্ঠই আপোনালোকৰ বিৰুদ্ধে দেশময় নিন্দা ৰটাব। আজি যদি আপোনালোকে নিগ্ৰ জাতিৰ বাহুবল সংৰক্ষিত কৰিবলৈ প্ৰয়াসী হয়, অনতিদূৰ ভবিষ্যতে দেখিব ১৬০ লক্ষ নতুন হাতে আপোনালোকৰ মাতৃভূমিৰ বোজা তুলি ধৰি আপোনালোকৰ বাহুৰ বোজা পাতল কৰিব। আৰু যদি আপোনালোকে তেওঁলোকৰ বাহু হলৰ পুষ্ট সাধন কৰিবলৈ চেষ্টা নকৰে, তেনেহলে দেখিব, আপোনালোকৰ বিপদ-কালত ১৬০ লক্ষ হাতে আপোনালোকক পিচলৈ টানিব। হয় আমি যুক্তৰাজাৰ দক্ষিণ-অঞ্চলৰ এক-তৃতীয়াংশ শক্তি, নহয় আমি ইয়াৰ এক-তৃতীয়াংশ দুৰ্ব্বলতা। হয় আমালোকৰ দ্বাৰা এই অঞ্চলৰ কাৰ্য্যক্ষমতা, চৰিত্ৰবত্তা, বুদ্ধিমত্তা অংশ বাঢ়িব, নহয় ইয়াৰ অংশ, অপটুত্ব, চৰিত্ৰহীনতা আৰু অজ্ঞতা বাঢ়িব। হয় আমি দক্ষিণ-অঞ্চলৰ আৰ্থিক আৰু ৰাজনৈতিক উন্নতিৰ যন্ত্ৰ স্বৰূপ হয়, নহয় আমাৰ প্ৰভাৱত আৰ্থিক আৰু ৰাজনৈতিক অবনতিৰ পিনে দক্ষিণ- অঞ্চলত বহুদূৰ নামিব।
তাৰ পিচত প্ৰদৰ্শনীৰ কৰ্ত্তাসকলৰ প্ৰতিও মোৰ নিবেদন এই যে, আমি আপোনালোকৰ এই বিৰাট আয়োজনত আমাৰ ক্ষুদ্ৰ শক্তিৰ পৰিচয় দিবৰ সুযোগ পাইছোঁ। কিন্তু দুখৰ বিষয় এই যে, এই বিৰাট প্ৰদৰ্শনীত আমি একো বেচি দেখুৱাব পৰা নাই। আপোনালোকে আমাৰ পৰা ইমান সোনকালেই একো বেচি আশা কৰিব নোৱাৰে।
ত্ৰিশ বছৰ আগেয়ে আমি কিনা গোলাম আছিলো। যেতিয়া স্বাধীনতা পাওঁ, তেতিয়া দুখন কম্বল, দুই চাৰিটা মুৰগীৰ পোৱালী আৰু অলপমান শাক-পাছলিয়েই আমৰি জীৱনৰ সম্বল আছিল। সেয়েই আমাৰ মূলধন। এই নিসম্বল অৱস্থা লৈয়েই ত্ৰিশ বছৰৰ ভিতৰত নানা কৰ্ম্মক্ষেত্ৰত থিয় দিব লগাত পৰিছোঁ। কৃষিকৰ্ম্ম, গাড়ীঘোঁৰা, ৰেল জাহাজ, কিতাপপত্ৰ, চিত্ৰকলা, মুৰ্ত্তিগঠন, দোকানদাৰী, ব্যাঙ্ক প্ৰভৃতি সকলো কামতেই আমি শিশুৰ দৰে কাম আৰম্ভ কৰিব লগাত পৰিছোঁ! বিনা মূলধনত, বিনা অভিজ্ঞতাতে আমি এইবোৰ কাৰ্য্যত প্ৰবেশ কৰিব লগাত পৰিছোঁ। ত্ৰিশবছৰৰ ভিতৰত কিমানেই বা কাম কৰিব পাৰি? তথাপিও যে, এই বিৰাট-কাণ্ডৰ এচুকত আমি আমাৰ ক্ষুদ্ৰ-সভ্যতাৰ নিদৰ্শনবোৰ আপোনালোকক দেখুৱাব পাৰিছোঁ, এইটোৱেই বৰ বিস্ময়ৰ কথা।
এই চলতে মই চাহাবসকলকো মোৰ আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰাৰ আৱশ্যক বিবেচনা কৰিছোঁ। দক্ষিণ অঞ্চলৰ চাহাবসকলৰ পৰা যোৱা ত্ৰিশবছৰত আমি অশেষভাবে সাহায্য আৰু পৰামৰ্শ পাইছোঁ। উত্তৰ অঞ্চলৰ ধনী মহাত্মা সকলেও আমাক ধন সাহায্য কৰিছে। আজি যে, আমি আপোলোকৰ আগত থিৰ দিব পাৰিছোঁ,সেই শ্বেতাঙ্গ সমাজৰ ওচৰত আমি গোটেই নিগ্ৰ সমাজ ধৰুৱা। আপোনালোকৰ সাহায্য নোপোৱা হলে, ইমান কম দিনৰ ভিতৰতে নিগ্ৰ জাতিয়ে ইমান উন্নতি দেখুৱাব নোৱাৰিলেহেঁতেন।
মই আকৌ দক্ষিণ-অঞ্চলৰ চাহাব নেতা সকলক কওঁ —এই প্ৰদৰ্শনী আৰু সন্মিলনৰ দৰে শুভ মিলন এই দুই সমাজৰ মাজত কেতিয়াও হোৱা নাছিল। এনেদৰে প্ৰীতিৰ বান্ধোনত এই দুই সমাজ বান্ধ খোৱা নাছিল। এই মিলন-মন্দিৰত থিয় হৈ ভগবানক কৰযোৰে প্ৰাৰ্থনা কৰোঁ, যেন অতীতৰ দৰে ভবিষ্যততো শ্বেতাঙ্গই কৃষ্ণাঙ্গক ভাই বুলি ভাবে। আপোনালোকে ও ভগবানৰ কৃপাত আমাক বিশ্বাস কৰিব, আমাৰ উন্নতিত আপোনালোকৰ উন্নতি বুলি ভাবিব, আৰু দুই জাতিৰ মাজত প্ৰীতীৰ বন্ধন কটকটীয়াকৈ বান্ধি যুক্তৰাজ্যত নতুন যুগ প্ৰবৰ্ত্তন কৰিব। সেই চিৰন্তন ভাতৃভাবৰ বৃদ্ধি হলেই এই প্ৰদৰ্শনীৰ সাৰ্থকতা হব।
সৰ্বশেষত কওঁ,—এইদৰেই জাতি বিদ্বেষ আৰু পীড়ন আমেৰিকাৰ পৰ লুপ্ত হলেই আৰু জাতিধৰ্ম্ম নিৰ্ব্বিশেষে ন্যায্য বিচাৰৰ প্ৰবৰ্ত্তন আৰু ৰাজনৈতিক ক্ষমতাৰ বিভাগৰ সুব্যৱস্থা কৰিলেই আমেৰিকাত নতুন যুগ প্ৰবৰ্তিত হব। সেই নৱজীবনৰ আবিৰ্ভাবতেই আজিৰ এই কৃষি, শিল্প, চিত্ৰ, কলা, আৰু বাৱসায়ক প্ৰদৰ্শনীয়ে সফলতা লাভ কৰিব। আৰু সেই সফলতাৰ লগে লগে আমিও ধন্য হম আৰু আমেৰিকাবাসীও ধন্য হব।
________
পঞ্চদশ অধ্যায়।
বক্তৃতাৰ আলোচনা।
মোৰ বক্তৃতা শেষ হোৱা মাত্ৰেই জৰ্জ্জিয়াৰ গৱৰ্ণৰ বুলকে লৰালৰিকৈ বেদিৰ ওপৰত উঠি অতি আগ্ৰহেৰে মোৰ হাত জোকাৰিলে। এইদৰেই অসংখ্য মানুহেই মোৰ সুখ্যাতি কৰিবলৈ ধৰিলে। গোটেই সভাস্থল মোৰ জয়ধ্বনিত প্ৰতিধ্বনিত হল।
মই আটলান্টাৰ পৰা টাস্কেগীলৈ ঘূৰি আহিলোঁ। বাটত মোক দেখি মানুহবিলাকে অভিবাদন কৰিবলৈ ধৰিলে। ক্ৰমান্নয়ে তিনি- মাহমান গোটেই যুক্তৰাজ্যতে কাকতেপত্ৰে মোৰ প্ৰশংসা চলিবলৈ ধৰিলে।
টাস্কেগীলৈকে মোৰ নিমিত্তে অসংখ্য চিঠি আহিবলৈ ধৰিলে। নানা-দলৰ নানা নেতা সকলে মোক ৰাজনৈতিক আন্দোলনৰ বক্তা পাতিব খুজিছিল। এক সম্প্ৰদায়ৰ নেতা এজনে মোলৈ লিখিছিল - “আপুনি যদি আমাৰ নিমিত্তে ঠায়ে ঠায়ে বক্তৃতা কৰাৰ ভাৰ লয়, তেনেহলে আপোনাক আমি এককালীন ১৫০,০০০ টকা দিবলৈ প্ৰস্তুত আছো। নহলে প্ৰতি ৰাতিৰ কাৰণে আপোনাক ৬০০ টকাকে পাৰিশ্ৰমিক দিবলৈকো সাজু আছো।” মই এনে ধৰণৰ সম্প্ৰদায়বোৰক অতি নম্ৰভাবে উত্তৰ দিছিলো— “টাস্কেগীৰ স্কুলৰ নিমিত্তেই মই মোৰ গোটেই জীৱন উৎসৰ্গ কৰিছোঁ। গতিকে আপোনাৰ অনুৰোধ ৰক্ষা কৰিবলৈ সম্পূৰ্ণ অক্ষম। বিশেষকৈ বক্তৃতা কৰা মোৰ জীৱনৰ ব্যৱসায় নহয়। আশা কৰো আপুনি মোক ক্ষমা কৰিব।” এই সময়ত মাননীয় ক্লীভলেও যুক্তৰাজ্যৰ শাসনকৰ্ত্তা আছিল। মই তেওঁলৈ মোৰ অভিভাষণৰ নকল এটা পঠালোঁ। তেওঁ তাৰ উত্তৰ দিলে – “আপোনাৰ অভিভাষণ অতি আগ্ৰহেৰে পঢ়িলোঁ। আটলান্টা, প্ৰদৰ্শনীত আন একো কাম নকৰি, কেৱল আপোনাৰ বক্তৃতাৰ কাৰণেই সম্মিলন পতা হলেও, সেই অনুষ্ঠানৰ একো অঙ্গ হানী নহলহেঁতেন। আপোনাৰ বক্তৃতাত ক'লা-বগা হয়ো সমাজৰে যথেষ্ট উপকাৰ হব।”
ইয়াৰ কিছুদিনৰ পিচতে ক্লীভলেণ্ড প্ৰদৰ্শনী চাবলৈ আহিছিল। সেই সময়ত মই তেওঁৰ লগত দেখা কৰিছিলো। মোৰ অনুৰোধত তেওঁ নিগ্ৰ’বিভাগৰ বস্তুবোৰ অতি আগ্ৰহেৰে চাইছিল। এই সুবিধাতে মতা-মাইকী অনেক নিগ্ৰ'ৱে তেওঁৰ লগত হাত জোকাৰি নিজকে কতাৰ্থ মানিছিল। অনেকে তেওঁৰ নিজ হাতৰ চহি ৰাখিবলৈ বৰ আগ্ৰহ কৰিছিল। তেৱোঁ অতি আগ্ৰহেৰে বহিত বা কাগজত নিজৰ নাম লিখি লিখি দিছিল। ইয়াৰ পিচতো কেইবাবাৰো মই তেওঁৰ লগত দেখা শুনা কৰিছিলো; কিন্তু যিমানেই তেওঁৰ কাষ চাপিছিলোঁ, তিমানেই নই তেওঁৰ গুণত মুগ্ধ হৈছিলো।
মোৰ স্বজাতি ভাই সকলে প্ৰথমতে মোৰ বক্তৃতাৰ বৰ সুখ্যাতি কৰিছিল। লাহে লাহে তেওঁলোকৰ সেই মত বদলি হল। তেওঁ- লোকৰ মনেৰে মই চাহাব-সকলৰ প্ৰশংসা বেচি কৰিলোঁ, আৰু লগে লগে মই আমাৰ জাতিৰ অধিকাৰ আৰু দাবীৰ কথা জোৰেৰ প্ৰচাৰ নকৰিলোঁ। তেওঁলোকৰ মতে মই নিগ্ৰ জাতিৰ কৰ্ত্তব্য পালনত ক্ৰটী কৰিলোঁ। এই ভাব তেওঁলোকৰ মনত দকৈ সোমাবলৈ ধৰিলে। লাহে লাহে তেওঁলোকে মোক কাগজে পত্ৰয় নিন্দা কৰিবলৈ ধৰিলে। মই ভীৰু আৰু দায়িত্বহীন, গতিকে সুবিধা পায়ো মই নিগ্ৰ জাতিৰ কাম উদ্ধাৰ কৰিব নোৱাৰিলোঁ। নিগ্ৰ’সমাজত মোৰ বদনাম ফাটি ফুটি পৰিল। এই কথাৰ লগতে মোৰ আৰু এটা কথা মনত পৰিছে। এই বক্তৃতা দিয়াৰ প্ৰায় ৫ পাঁচবছৰমান আগতে এজন সম্পাদকৰ অনুৰোধত মই আমাৰ স্বজাতিয় ধৰ্ম্মগুৰু-সকলৰ নৈতিক চৰিত্ৰ সম্বন্ধে- এটা প্ৰবন্ধ লিখিছিলোঁ। সেই প্ৰবন্ধত মোৰ অভিজ্ঞতাৰ পৰা অনেক সচা কথা লিখিছিলোঁ দেখি নিগ্ৰ' ভাই সকলে বৰ বেয়া পাইছিল। ধৰ্ম্মগুৰু-সকলৰো মোৰ প্ৰতি বৰ খং উঠিল। তেওঁলোকে আমাৰ স্কুল ভাঙিবৰ নিমিত্তে চেষ্টা কৰিবলৈ ধৰিলে। আন কি তেওঁলোকে এজন গুপ্তচৰো নিযুক্ত কৰিলে। তেওঁ আমাৰ স্কুলৰ ল'ৰাবোৰ ভঙ্গাবৰ নিমিত্তে প্ৰাণপণে চেষ্টা কৰিবলৈ ধৰিলে। অনেক বাতৰি কাকতেও মোৰ বিৰুদ্ধে এই আন্দোলনত যোগ দিলে। কোনো কোনোৱে মোৰ পৰা কৈফিয়তো খুজিলে।
মই কাকো একো উত্তৰ নিদি মনে মনে থাকিলোঁ। মই সেই বিলাক কথাৰ উত্তৰ দিবলৈ বা প্ৰতিবাদ কৰিবলৈ একো যত্ন নকৰিলোঁ। কিয়নো মই মোৰ কৰ্ত্তব্য কৰিছোঁ। যথাসময়ত মোৰ কৈফিয়ৎ: মানুহে আপোনা আপুনি বুজিব। মই আত্মৰক্ষা কৰিবলৈ যত্ন কৰাৰ একো আৱশ্যক নুবুজিলোঁ।
ভগবানৰ ইচ্ছা—সঁচাকৈয়ে সেয়ে ঘটিল। মোৰ মতকেই মানুহ- বিলাকে লাহে লাহে মানি ললে। দুদিন নৌ যাওঁতেই নানা ঠাইৰ পৰা ধৰ্ম্মগুৰু-সকলৰ চৰিত্ৰ সম্পৰ্কে নানা আপত্তি আহিবলৈ ধৰিলে। কাল- প্ৰভাৱত মোৰ কথাৰে জয় হল।
এতিয়া আটলান্টা অভিভাষণৰ বিষয়েও সেই একে কথাই খাটিল। মই মোৰ বক্তৃতাৰ প্ৰতিকূল-সমালোচনাত অকণো বিচলিত নহলোঁ। সংবাদ- পত্ৰতো মই নিজৰ মত খোলোচা কৰি প্ৰচাৰ কৰিবৰো একো আৱশ্যক। বোধ নকৰিলে। ইয়াৰ কিছুদিনৰ পিচতে হপকিন্স বিশ্ববিদ্যালয়ৰ সভাপতি শ্ৰীযুত গিলমেন চাহাবে মোলৈ এখন চিঠি লিখিলে - "মহাশয়, আটলান্টা- প্ৰদৰ্শনী পুৰস্কাৰ-নিৰ্বাচন-কাৰ্য্যত আপোনাকো এজন পৰীক্ষক নিযুক্ত কৰা হৈছে। আপুনি শিক্ষাবিভাগৰ প্ৰদৰ্শিত বস্তুবোৰ পৰীক্ষা কৰি দিব লাগিব। যদি আপোনাৰ সময় হয়, অনুগ্ৰহ কৰি টেলিগ্ৰামত উত্তৰ দিব।”
মই সেই নিমন্ত্ৰণ গ্ৰহণ কৰিলোঁ। বগা আৰু ক'লা দুয়ো বিধৰ স্কুলৰ ল'ৰাৰ কাম মই চাব লগাত পৰিলোঁ। সেই কমিটিত কেইবাজনো চাহাব সভ্য আছিল। তাৰে ভিতৰত নামজ্বলা বৈজ্ঞানিক-শিক্ষা-তত্ত্বজ্ঞ পণ্ডিত আৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক সকলো আছিল। মই তেওলোকৰ লগত একেলগে কাম কৰিব লগাত পৰিছিলো। সেই পণ্ডিত সকলৰ লগত একেলগে কাম কৰি মই সঁচাকৈয়ে বৰ আনন্দ আৰু গৌৰৱ অনুভৱ কৰিছিলোঁ। কাম শেষ হোৱাত মই অতি বেজাৰেৰেহে তেওঁলোকক এৰি আহিলোঁ।
{{gap}মই বিচক্ষণ-ব্যৱসায়ীসকলৰ সভাত বক্তৃতা দিবলৈ পালে বৰ সুখী হওঁ। বোষ্টন, নিউয়ৰ্ক, চিকাগো, বাকেলো আদি নগৰৰ সদাগৰ সকল অতি বুধিয়ক আৰু কোনো কথা কলেই তেওঁলোকে অতি সহজেই বুজিব পাৰে। তেওঁলোকক বেচি কথা ক'বৰ আৱশ্যক নকৰে। তেওঁলোক অলপ কথাৰ মানুহ। এই মহলত বক্তৃতা কৰি মই বৰ সুখপাওঁ।
ইয়াৰ পিচতে দক্ষিণ-অঞ্চলৰ মানুহবিলাকৰ আগত বক্তৃতা দিও মই বৰ সুখ পাওঁ। সামান্য উত্তেজনা পালেই তেওঁলোক বৰ উৎসাহী। তেওঁলোকে বক্তাক মূৰত তুলি লব খোজে।
এই হিচাবত মই বিশ্ববিদ্যালয়ৰ ল'ৰাবিলাকক তৃতীয় ঠাই দিওঁ। হাৰ্ভাৰ্ড, ইয়েল, মিচিগান, পেন্চলভেনিয়া প্ৰভৃতি আমেৰিকাৰ ভাঙৰ বিশ্ববিদ্যালয়ৰ ল'ৰা আৰু অধ্যাপক সকলৰ আগতো মই কেইবাবাৰো বক্তৃতা দিচ্ছে॥ ল'ৰাহতৰ আগত বক্তৃতা দি মই বেচি সুখ নাপাওঁ। মই কামৰ মানুহ পালে সুখী হওঁ।
এবাৰ বজাৰত গুজব উঠিছিল যে, নিগ্ৰ’তিৰোতাবিলাকৰ শতকৰা ১০ জনীও সতী হয়নে নহয় সন্দেহ। এনে মিছা অপবাদ প্ৰচাৰ কৰা বাস্তবিকে বৰ অন্যায়। কোনো সমাজ সম্বন্ধেই চৰিত্ৰবিষয়ক মত প্ৰচাৰ কৰা বৰ টান কাম। মই যদি নিউয়ৰ্ক নগৰৰ জঘন্য ঠাইবোৰৰ লোক সংখ্যা গণনা কৰি প্ৰমাণো কৰোঁ যে, বগা সমাজত ভাল চৰিত্ৰৰ তিৰোতা এজনীও নাই, তেনেহলে মোৰ পক্ষে দায়িত্বহীন মত প্ৰচাৰ কৰা নহব নে?
আমেৰিকাৰ লগত স্পেইনৰ যুদ্ধ শেষ হোৱাৰ পিচতে যুক্তৰাজাৰ নানা ঠাইত শান্তি-উৎসৱ পতা হৈছিল। চিকাগো বিশ্ববিদ্যালয়ৰ সভাপতিয়ে মোক এনে এটা উৎসৱত বক্তৃতা কৰিবলৈ মাতিছিল। ১৬ অক্টোবৰ দেওবাৰে সন্ধিয়া সভা বহে। ইমান ডাঙৰ সভাত মই আগেয়ে কেতিয়াও বক্তৃতা কৰা নাছিলোঁ। সেই সভাত ১৬০০০ হেজাৰ মানুহ উপস্থিত আছিল।
সেই সভাত আমেৰিকাৰ সভাপতি উইলিয়াম মেক কিনলীও উপস্থিত আছিল। মই তেওঁক ধন্যবাদ দিবলৈ গৈ কৈছিলোঁ :– “আপোনাৰ উদাৰতাৰ কাৰণেই নিগ্ৰ’জাতিয়ে স্বদেশৰ কাৰণে যুদ্ধ কৰিবৰ সুযোগ পাইছে। আমেৰিকাৰ ক'লা সন্তানবিলাকে বগা ভাইহঁতৰ কাষে কাষে থাকি শত্ৰুৰ বিৰুদ্ধে যুদ্ধ কৰিবৰ সুবিধা পাইছিল। এই সুবিধাৰ নিমিত্তে আমি সকলো আপোনাৰ ওচৰত কৃতজ্ঞ।” মই এই কথা কোৱা মাত্ৰেই গোটেই সভা কপাই সভাপতি মহাশয়ৰ জয়ধ্বনি হবলৈ ধৰিলে। তেতিয়া কিনলি মহাশয়ে ঠিয় দি সভাক অভিবাদন কৰিব খোজোতেই আকৌ গভীৰ জয়ধ্বনি আৰম্ভ হল।
সভাসমিতিত বক্তৃতা কৰিবলৈ গলেই প্ৰায়েই বিপদত পৰিব লগীয়া হয়; এনে কাৰ্য্যত কিছুমান সুযোগপ্ৰিয় আন্দোলনকাৰীৰ হাত এৰোৱা বৰ কঠিন। তেওঁলোকে ৰাতিটোতে যেই সেই মানুহকে ডাঙৰ কৰিব পৰা মত প্ৰচাৰ কৰি ফুৰে। বিনা পৰিশ্ৰমতে নিগ্ৰ'জাতিক উদ্ধাৰ কৰিব পৰা বুধি ওলাইছে বুলি হাটে বজাৰে, জাহিৰ কৰি ফুৰে। তোওঁলোক ধৈৰ্য্য, সহিষ্ণুতা প্ৰভৃতি গুণৰ পক্ষপাতী নহয়। তেওঁলোকে অনেক সময়ত তৰ্কৰ খাটিতে তৰ্ক কৰে। তৰ্কযুদ্ধত হাৰিলেও তেওঁলোকে হাৰ নেমানে! এনে ধৰণৰ তাৰ্কিকক মই দূৰৰে পৰা নমস্কাৰ কৰোঁ। তথাপিও এনে মানুহৰ হাতত পৰি মই অনেকবাৰ মিছা ত্ৰ্কতে সময় আৰু শক্তি নষ্ট কৰিব লগাত পৰিছিলোঁ।
আৰু এজাত মানুহ আছে, তেওঁলোকে ডাঙৰ মানুহৰ পিচে পিচে ঘুৰি আমোদ পায়। তেওঁলোক এক প্ৰকাৰ উৎপাতস্বৰূপ। নিজৰ একো কাম-কাজ নাই, কেৱল লোকৰ সময় নষ্ট কৰাই তেওঁলোকৰ ধৰ্ম্ম। এদিন বোষ্টন-নগৰত সন্ধ্যাসময়ত এখন ডাঙৰ সভাত বক্তৃতা কৰিছিলোঁ। পিচদিনা অতি পুৱাতেই এখন কাৰ্ড আহি উপস্থিত। মই লৰালৰিকৈ উঠি বৈঠকখানাতে ভদ্ৰলোকৰ লগত দেখা কৰিবলৈ গলো। গৈয়েই দেখোঁ, তেওঁ আগৰে পৰা বহি আছে। তেওঁ কলে "কালি ৰাতি আপুনি বেচ ভাল কথা কৈছিল। মোৰ শুনি ভাল লাগিছিল। আজিও দু-আষাৰমান ভাল কথা শুনিম বুলি পুৱাই আহিছোঁ।
মোৰ বন্ধুসকলে অনেক সময়ত মোক সোধে, "ৱাচিংটন : তুমি ইমান সময়ত মোক কত পোৱা? সদায় তোমাক বাহিৰতে ঘূৰা দেখোঁ; অথচ টাস্কেগী স্কুলৰ কামো বেচ ভালকৈয়ে চলিছে। তুমি ইমানবোৰ কাম কৰিবলৈ সময় কেতিয়া পোৱা?
এনেবোৰ প্ৰশ্নৰ উত্তৰ মই অতি সাধাৰণ ভাবেই দি থাকোঁ— “দেখা ভাই, এটা কথা; মানুহে সাধাৰণতে কয়” “যি কান নিজে কৰিব পাৰা, সেই কাম অনক কৰিবলৈ নিদিবা।” মই হলে এই কথা মানিব নোখোজোঁ। মই এটা নতুন নিয়ম কৰিছোঁ। মোৰ মত এই যে, আনে যি কাম ভালকৈ কৰিব পাৰে সেই কামুৰ নিমিত্তে তুমি মূৰ ঘমাই নমৰিবা! তুমি নিশ্চিত্তে আন কাম কৰি থাকা। এই নিয়ম অনুসাৰে চলিব পাৰিছোঁ দেখিয়েই টাস্বেগীৰ কামো চলিছে, ইপিনে বাহিৰা কাম কৰিবলৈকো যথেষ্ট সময় পাওঁ।
টাক্সেগীৰ কাম আজিকালি বৰ ভাল বন্দোবস্তৰ ওপৰতে চলিছে। ইয়াৰ পৰিচালনাৰ কাম আজিকালি অতি সুন্দৰ আৰু শৃঙ্খলাবদ্ধ। কোনো এজন মানুহৰ অভাব হলে, একো হানি নহয়। কোনো এজন মানুহ সদায় লাগি নেথাকিলেও চলে। বৰ্ত্তমান আমাৰ কৰ্ম্মচাৰীৰ সংখ্যা ৮৬ জন। শ্ৰমবিভাগ আৰু দায়িত্ব- বিভাগ ইমান সুন্দৰ হৈছে যে সকলো কাম কলৰ দৰে চলে। বেচি ভাগ শিক্ষক আৰু কৰ্ম্মচাৰীয়ে অনেক দিনৰ পৰা এই কাম কৰি আহিছে। মোৰ দৰে তেওঁলোকেও স্কুলৰ দায়িত্ব বুজে আৰু সেই দৰেই কাম কৰে। তেওঁলোকে স্কুলৰ কাম নিজৰ ঘৰৰ কাম বুলি ভাবে।
মই পৃথিবীৰ যি ঠাইতে থাকোঁ, দিনে দিনে মই টাক্সেগীৰ বাতৰি পাওঁ। মই এই কাৰণে দৈনিক হিচাপ ৰাখিবৰ কাৰণে এটা নতুন নিয়ম বাহিৰ কৰিছোঁ। এই কাৰ্য্য-তালিকা আৰু হিচাব বহি চাই, মই প্ৰতিদিনৰ আয়, ব্যয়, ছাত্ৰ-সংখ্যা, কাৰাখানাৰ অৱস্থা, "খেতিৰ আমদানী, ৰপ্তানী, দেনা-পাওনা, শিক্ষক আৰু ছাত্ৰৰ সম্বন্ধ প্ৰভৃতি সকলো বিষয়কে অতি সহজেই বুজি লওঁ। আন কি কোনো ল'ৰাই কি কাৰণে স্কুলত উপস্থিত থাকিব পৰা নাই, সেই কথাও এই কাৰ্য্য তালিকাৰ পৰা জানিব পাৰোঁ। বিশেষ কি, আঞ্জাৰ মাংস কেঁচাই আছে নে পুৰি গৈছে, শাক-পাছলি বজাৰৰ পৰা অনা হৈছে নে নিজৰ বাৰীৰে পৰা আনিছে, সেই কথাও মই ৪০০০ হেজাৰমাইল আঁতৰত থাকিও কব পাৰোঁ।
মই প্ৰতিদিনেই দৈনিক কামবোৰ শেষ কৰি পেলাওঁ। সুবিধা হলেই পিচ দিনাৰ কিছু কামো আগ দিনাই কৰি ৰাখোঁ। কিন্তু মই সদায়েই দুৰ্ঘটনাৰ নিমিত্তে প্ৰস্তুত থাকে।। সকলো কাম আৰম্ভ কৰাৰ আগতেই মই মনতে ভাবোঁ,আজি হয়তো ঘৰত জুই লাগিব পাৰে, অথবা কোনো ছাত্ৰৰ কিবা দুৰ্ঘটনা ঘটিব পাৰে, অথবা কোনো সংবাদ-পত্ৰত মোৰ বিৰুদ্ধে কিবা নিন্দা বাহিৰ হব পাৰে। মই প্ৰথমৰ পৰাই এনে দুৰ্ঘটনা, লোকনিন্দা, অপমান, বিফলতা আদিৰ নিমিত্তে বুকু পাতি থাকো। সেই কাৰণেই মোৰ মুৰৰ ওপৰত ধুমুহা হৈ যায়, মই অকণো বিচলিত নহওঁ। মই গম্ভীৰভাৱে, স্থিৰ চিত্তেৰে সকলো যাতনা, সকলো বেদনা আৰু সকলো গ্লানি সহ্য কৰোঁ। মনক প্ৰশাত্ত ৰাখিবৰ কাৰণেই মই আগৰে পৰা বিফলতাৰ কথা ভাবি -ৰাখোঁ। গতিকেই বিফলতাই মোৰ মন দমাই ৰাখিব নোৱাৰে।
জিৰণি কাক বোলে, মই কব নোৱাৰো। যোৱা ১৯ বছৰৰ ভিতৰত মই এদিনো কামৰ পৰা ছুটি লোৱা নাই। কিন্তু ১৮৯৯ চনত কেইজনমান বন্ধুৱে জোৰ কৰি মোক ইউৰোপলৈ তিনি মাহৰ কাৰণে পঠাইছিল। তেওঁলোকেই মোৰ, সকলো ব্যয় বহন কৰিছিল। এই তিনিমাহ কিন্তু মোৰ সম্পূৰ্ণ ছুটি। তাৰ বাহিৰে মই কেতিয়াওঁ কোনো ৰকমৰ বিদায় লোৱা নাছিলোঁ। মই প্ৰত্যেক দিনে সুখেৰে শুবৰ কাৰণে চেষ্টা কৰোঁ; “ভালকৈ শুবলৈ পালে, মোৰ কোনে৷ ভাগৰৰ কাৰণ নেথাকে। এতিয়া শৰীৰক নই এনেকৈ বল কৰিছোঁ, যে ২০ মিনিটমান শুবলৈ পালেই মই আকৌ নতুন উদ্যমেৰে কাম আৰম্ভ কৰিব পাৰোঁ।
ৰেলগাড়ীত অহা যোৱা কৰোঁতেই মই যি অলপ পঢ়িবলৈ পাওঁ। তাৰ বাহিৰে কিতাপ পঢ়িবৰ নিমিত্তে মোৰ অকণিও সময় নোলায়। বাতৰিকাকত পঢ়িবলৈ মই বৰ ভাল পাওঁ। এনে ধৰণৰ কাকত বিমান পাৰো পঢ়োঁ। ভাল বেয়া বিচাৰ নকৰো। অৱশ্যে সভ্যতাৰ খাতিৰতো ডাঙৰ গ্ৰন্থাকাৰৰ কিতাপ পঢ়িবলৈ বাধ্য হৈছোঁ। তাকে নকৰিলে ভদ্ৰসমাজত আৰু বন্ধু মহলত মুখ উলিওৱা বৰ টান হৈ পৰে। কিতাপৰ মাজত জীৱন চৰিত্ৰবোৰ মোৰ বৰ আদৰৰ বস্তু। উপন্যাস বা নাটক মই কেতিয়াও নপঢ়োঁ। মই কোনো কাল্পনিক ঘটনা বা মানুহৰ জীৱনৰ আলোচনা কেতিয়াও ভাল নাপাওঁ। তেজ-মঙহৰ মানুহে সংসাৰত যি কাম কৰিছে, সেইবোৰৰ যথাৰ্থ বিবৰণ জানিবৰ কাৰণে মই সদায় উৎসুক। মহাপ্ৰাণ সভাপতি আব্ৰাহাম লিঙ্কল সম্বন্ধে আমেৰিকাৰ বাতৰিকাকত, সমালোচনা-পত্ৰ, কিতাপ আৰু প্ৰবন্ধবোৰত যি ৰচনা প্ৰকাশ হৈছে, সেইবোৰৰ মই এটা কথাও বাদ দিয়া নাই। সাহিত্য-সংসাৰত তেওঁ মোৰ ধ্ৰুবতৰা। তেওঁৰ জীৱনী আলোচনা কৰিয়েই এই মোৰ কৰ্ম্মজীৱন পৰিচালনা কৰিছোঁ।
বছৰে প্ৰায় ছমাহ এই টাস্কেগীৰ বাহিৰে কটাওঁ। ইয়াত মোৰ বৰ উপকাৰ হয়। কিয়নো, প্ৰথমতে কামৰ সালসলনিয়েই জিৰণি স্বৰূপ। নতুন নতুন মানুহৰ লগত মিলি, নতুন কৰ্ম্মক্ষেত্ৰত পৰি নতুন জীৱন লাভ কৰোঁ। দ্বিতীয়তে একেঠাইতে থাকিলে সেই ঠাইৰ সৰু সুৰা কাম বোৰত দিন কটাব লগাত পৰে। এটা ঠেক সীমাৰ মাজত জীৱন ঘূৰিপকি থাকে। কৰ্ম্ম আৰু চিন্তাশক্তিৰ বিকাশ বন্ধ হৈ যায়। শেষত মনৰ স্ফূৰ্ত্তি আৰু আনন্দ নোহোৱা হয়। কিন্তু আঁতৰত থাকিলে, সেই ঠাইৰ দোষ আৰু অসম্পূৰ্ণতাবোৰ চকুত নপৰে। তৃতীয়তে নতুন নতুন অনুষ্ঠান আৰু কৰ্ম্মকেন্দ্ৰৰ কাৰ্য্য প্ৰণালী দেখি নানা বিষয়েই জ্ঞান বাড়ে। বিদ্যাদানৰ বিচিত্ৰ নিয়মবিলাক দেখি নিজৰ যথেষ্ট অভিজ্ঞতা জন্মে। ইয়াৰ বাহিৰেও ডাঙৰ ডাঙৰ পণ্ডিত, অধ্যাপক, বিজ্ঞানবীৰ শিক্ষাপ্ৰচাৰক আৰু সাহিত্যৰথী সকলৰ লগত আলাপ পৰিচয় আৰু ভাব বিনিময় হয়। এনেবোৰ কামৰ পৰাও বিশেষ লাভ পোৱা যায়।
______
ষোড়শ অধ্যায়।
য়ুৰোপত তিনিমাহ।
১৮৯৯ চনত, অৰ্থাৎ মোৰ ৩৯| ৪০ বছৰ বয়সত মই য়ুৰোপত ফুৰিবৰ সুবিধা পাওঁ। এই সুযোগ অতি আচৰিত ৰকমে ঘটিছিল। ইয়াৰ আগেয়ে য়ুৰোপত ফুৰিবৰ কাৰণে মোৰ অকণো ইচ্ছা বা চেষ্টা নাছিল।
এদিন সন্ধ্যাসময়ত বোষ্টন-নগৰত কেইজনীমান ইয়াঙ্কী মহিলাই স্কুলৰ নিমিত্তে ধন তুলিবৰ কাৰণে এখন সভা পাতিছিল। বৰ ধূমধামৰে সভাৰ কাৰ্য্য-শেষ হৈছিল। ময়ো সেই সভাত উপস্থিত আছিলো। এজনে মোক দেখি ক'লে; —"ৱাচিংটন মহাশয়, আপোনাক বৰ দুৰ্ব্বল দেখা গৈছে। আপুনি খাটি খাটি তেনেই কাহিল হৈ পৰিছে। আপুনি কিছু দিনৰ নিমিত্তে কামৰ পৰা অৱসৰ লোৱা উচিত। অন্ততঃ মনৰ চিন্তাকন কৰিবৰ অৰ্থেও আপুনি কিছুদিন জিৰণি লোৱা ভাল।” তেওঁৰ পিচতে আন এজনে ক'লে : -“ এই দেশ এৰি আন” ঠাইলৈ গলেও আপোনাৰ চিন্তাৰ কিছু লাঘৱ হব। আঁতৰত থাকিলে আপোনাৰ স্কুলৰ নিমিত্তে চিন্তা কমি আহিব। আৰু আপুনিও দুদিনমান মুকলি মুৰীয়াকৈ ফুৰিব পাৰিব। দিনৰ দিনটো ভাবি থাকিবৰ একো প্ৰয়োজন নহব। ইয়াৰ পিচতে এজনা মহিলাই সুধিলে, “আপুনি—কেতিয়াবা য়ুৰোপলৈ গৈছিলে নে?” মই আন দুজনৰ কথাত একো উত্তৰ নিদি কেৱল তেওঁলোকৰ সহানুভূতিৰ নিমিত্তে ধন্যবাদ দিলোঁ। কিন্তু মহিলাজনীক উত্তৰ দিলোঁ, —" য়ুৰোপলৈ যোৱাৰ কথা মই ইমান দিনে ভবাই নাই।” ইয়াৰ কেইদিনমানৰ পিচত এখন চিঠি পালো, "বোষ্টন-নগৰ কেইজনমান ইয়াঙ্কী পুৰুষ আৰু মহিলাই আপোনাক নিমিত্তে ধন তুলিছে। আপুনি যাতে আপোনাৰ স্বাস্থ্যৰ নিমিত্তে কিছু দিন ইউৰোপত ফুৰিব পাৰে, এয়েই তেওঁলোকৰ ইচ্ছা। আপুনি নিশ্চয় যাব লাগিব। এই অনুৰোধ নেৰাখিলে নচলিব। আমি আপোনাৰ কামৰ নিমিত্তে, আপোনাৰ স্কুলৰ নিমিত্তে, আপোনাৰ জাতিৰ নিমিত্তে এই অনুৰোধ বা আদেশ কৰিছোঁ। আশা কৰো আপুনি নিগ্ৰ’সমাজৰ ভৱিষৎ ভাবি আমাৰ এই আদেশ পালন কৰিব।”
মই তেওঁলোকক জনালোঁ আপোনালোকৰ অনুগ্ৰহ-পত্ৰ পাই যাৰ পৰ নাই সুখী হলো। কিন্তু মোৰ পক্ষে আমেৰিকা এৰা সম্প্ৰতি অসম্ভৱ। এবছৰ মানৰ আগেয়ে কথাৰ চলতে মোৰ এজন ধনী বন্ধুৱে মোক ইয়াৰ কাৰণেই গোটেইখিনি খৰচ দিওঁ বুলিছিল। তেতিয়াই মই তেওঁৰ অনুৰোধ ৰক্ষা নকৰিলোঁ। মই সম্প্ৰতি কামত ইমান ডুব গৈ আছো যে, সেই পুৰণা বন্ধুৰ কথা একেবাৰেই পাহৰিলোঁ। এতিয়া আপোনালোকৰ পৰা চিঠি পাইহে মোৰ সেই কথা মনত পৰিছে। সি যি হওক, মই আপোনালোকৰ সন্মান ৰক্ষা কৰিব নোৱাৰি বৰ দুখিত হ'লো। মই আমেৰিকা এৰিলে টাস্কেগীৰ বিশেষ একো ক্ষতি নহয়। কিন্তু অজিকালি তাৰ খৰচ ইমান বাঢ়িছে যে, মই নহলে ইমানখিনি ধন তোলোতা- মানুহ নাই। গতিকে মোৰ ইউৰোপ-ভ্ৰমণ আৰু টাস্কেগীৰ সৰ্ব্বনাশ একে কথা।”
মোৰ চিঠি পাই এজনে লিখিলে - আপুনি টাস্কেগীৰ খৰচৰ বাবে ভাবিব নেলাগে। আমিয়েই সকলো দায়িত্ব গাত পাতি লৈছোঁ। শ্ৰীযুত হিগিন্চন আৰু তেওঁৰ বন্ধুৱে আপোনাৰ অবিহনে টাস্কেগীৰ সকলো খৰচ বহন কৰিবলৈ গাত লৈছে। তেওঁলোকে নিজৰ নাম প্ৰকাশ কৰিব নোখোজে; গতিকে আশা কৰোঁ, আপত্তি কৰিবৰ আপোনাৰ একো কাৰণ নাই।”
গতিকে মই ইউৰোপলৈ যাবলৈ বাধ্য হ'লোঁ। মোৰ মনত নানা তৰহৰ ভাৱ আহিবলৈ ধৰিলে। মোৰ ল'ৰাকালৰ গোলামপটী, গোলামপটীৰ অনাহাৰ আৰু অনিদ্ৰা, ডেকাকালৰ জীৱন সংগ্ৰাম— সকলো সময়তে দাৰিদ্ৰ আৰু নৈৰাশ্যৰ ঘাত-প্ৰতিঘাট— এই সকলোবোৰ চিত্ৰ একে একে মনত উদয় হ'বলৈ ধৰিলে। আধা-বয়সৰ আগেয়ে মই কেতিয়াও মেজত বহি খানা খোৱাৰ কথা কব নোৱাৰোঁ। ইউৰোপ, লণ্ডন, পেৰিছ আদি ঠাইবোৰক মই স্বৰ্গৰাজ্য বুলিয়েই ভাবোঁ। আজি সেই স্বৰ্গৰাজ্যলৈ যাৰলৈ ওলালো! আজি মই সুন্দৰ সাজ পাৰ পিন্ধি সুখাদ্য উপভোগ কৰি কৰি ইউৰোপ ভ্ৰমণলৈ যাত্ৰা কৰিম! এই এটাইবোৰ কথা মোৰ নিমিত্তে সপোন যেন বোধ হ'ল।
মোৰ আৰু চিন্তা হ'ল। মোৰ ভাইসকলে মোক কি ভাবিব? মই যে বাধ্য হৈ বাহিৰলৈ যাবলৈ ওলাইছোঁ, তেওঁলোকেতো সেই কথা নুবুজিব? তেওঁলোকে ভাবিব — আজিকালি মোৰ গতিবিধি বেলেগ হৈছে, মই ডাঙৰ-মানুহৰ লগত ফুৰিবলৈ শিকিছোঁ, মই ডাঙৰ-মহলত মিলামিছা কৰি মনৰ আনন্দে দেশবিদেশত ঘূৰি ফুৰি নামজলা মানুহ হব খুজিছো। তেওঁলোকে মোৰ মনৰ কথা মুবুজিব, মোক তেওঁলোকে ক্ষমা নকৰিব। তেওঁলোকে ক'ব, "কাম কৰিলে দুদিনতে সকলোৰে মুৰ বিষায়। সেয়া নেদেখি নে নিগ্ৰ' এজন অধঃপাতে গলেই! ভাবিছিলোঁ, মানুহজনৰ পৰা নিগ্ৰ'ৰ কিবা অলপ উপকাৰ হব, কিন্তু দুদিনৰ ভিতৰতে তেৱোঁ তললৈ গ'ল। তেওঁ যেন স্বৰ্গৰ পৰাহে নামি আহিছে। তেওঁক এতিয়া আমি পূজিব লাগে। ৱাচিংটনেও সেই একেটা বাটকে ধৰিলে। তেৱোঁ এতিয়া নেতা হবলৈ ধৰিলে। মানুহে কথাতে কয়, মান আৰু যশৰ আশা সাধু সন্ন্যাসীয়েও নেৰে । “এবাৰ এই যশলৈ মন গ'লে, সেই মানুহৰ দ্বাৰা সংসাৰত একো উপকাৰ নহয় । গতিকে ৱাচিংটনৰ অৱস্থাও তেনেকুৱাই হৈছে।”
পৰনিন্দাৰ কথা এৰি দিলেও, নিজৰ মনক প্রবোধ দিওঁতেও বহুত পৰ গ'ল। ধৰিলোঁ বাৰু, টাস্কেগীৰ নিমিত্তে তিনি চাৰি মাহ মানৰ খৰচ-পত্র পাম ; ধৰিলোঁ বাৰু, মই, নহলেও স্কুলৰ একো লোচকান নহয়, কিন্তু ইমান দিন একো নভবাকৈ একো নকৰাকৈ কেনেকৈ থাকিম ? মই ভগবানক ফাঁকি দিব খুজিছো নে কি ? এনেকৈ বিদায় লৈ আঁতৰি যোৱা স্বাৰ্থপৰতাৰ কাম নহব নে ? কাম এৰি হাত সাবটি বহি থকা যে, মোৰ পক্ষে অসম্ভৱ। জীৱনততো আৰু কেতিয়াও জীৰণি লৈ পোৱা নাই !
সি যি হওঁক, যাবলৈ বাধ্য হলো। ১০ মে' তাৰিখে যাত্ৰা কৰিলোঁ । শ্ৰীযুত গেৰিচন আৰু আন আন ইয়াঙ্কী বন্ধুসকলে ফ্রান্স আৰু ইংলণ্ডলৈ তেওঁলোকৰ কেইবাজনো বন্ধুলৈ মোৰ চিনাকি দি চিঠি দিলে । তেওঁলোকে নানা ঠাইলৈ লিখি মোৰ থকাৰ ব্যবস্থাও কৰি ৰাখিলে। নিউয়র্কত জাহাজত উঠিলোঁ। জাহাজতে এখন চিঠি পালো। লেখা আছে। দুজনা ভদ্র মহিলাই স্কুলৰ ছোৱালীবিভাগৰ ঘৰ সাজিবৰ নিমিত্তে খৰচৰ ভাৰ লৈছে । আমাৰ জাহাজৰ নাম “ফিচলেগু।” 'বেডষ্টাৰ লাইন' কোম্পানীৰ ই এখন বৰ ডাঙৰ আৰু সুন্দৰ জাহাজ। মই আগেয়ে কেতিয়াও জাহাজত উঠি পোৱা নাই। গতিকে কৌতুহল হৈ চাৰিওপিনে ঘূৰি-পকি জাহাজখন চালোঁ। ভাবিছিলোঁ, নিগ্ৰ" বুলি জাহাজত মই ঠেকত পৰিব লাগিব; কিন্তু এতিয়া দেখিলোঁ, জাহাজৰ মানুহে মোক চিনি পায় । জাহাজ এৰাৰ লগে লগে মোৰ বোধ হ'ল মোৰ যেন কান্ধৰ পৰা এটা ডাঙৰ বোজা নামিল। মনটো পাতল লাগিল। মই মোৰ কোঠাত সোমাই দিনে ১৫ ঘণ্টামানকৈ শুবলৈ ধৰিলোঁ। তেতিয়াহে বুজিলোঁ, মোৰ শৰীৰত ভাগৰ আৰু দুৰ্বলতা বৰ বেচি আছিল। এই কেইদিন একে ঠাইতে একে বিছনাতে ৰাতিদিন শুইছিলোঁ— অথচ কৰিব লগীয়া একো কাম নাছিল। মোৰ জীৱনত এনে অভিজ্ঞতা আৰু কেতিয়াও পোৱা নাছিলোঁ। তেতিয়া মোৰ সেই ল'ৰাকানৰ কথা মনত পৰিল। তেতিয়াই অনাহাৰে মাটিত শুয়ো ভাল টোপনি আহিছিল।
দহদিনৰ মুৰত বেলজিয়ম প্ৰদেশৰ এন্টোৰীপ নগৰ পালোগৈ। সেই দিনা বেলজিয়মত কিবা উপলক্ষে ছুটিৰ দিন আছিল। সকলোৱেই আনন্দত মতলীয়া । বেলজিয়মৰ মানুহবিলাকে বছৰেকত কেইবাদিনো এইদৰে আনন্দতে কটায়। নগৰৰ মুকলি পথাৰৰ আগতে মোৰ হোটেল। মোৰ কোঠাৰ পৰা সেই ঠাইৰ দৃশ্যবোৰ অতি সহজেই দেখিবলৈ পাইছিলোঁ। গাওঁৰ পৰা অনেক মানুহ চহৰলৈ আহিছিল। নানা ঠাইত নানা ৰঙৰ ফুল বিক্ৰী হৈছে, তিৰোতাবিলাকে গাখীৰৰ ভাৰবিলাক আনিছে, ভাৰবিলাক ডাঙৰ আৰু চক্চকীয়া। কুকুৰে সেই ভাৰবোৰ টানে। মানুহবিলাক গিৰ্জাঘৰলৈ অহাযোৱা কৰিছে। এই দৃশ্যই মোৰ চকুত এক নতুন বাতৰি আনি দিলে।
কিছু দিন এই চহৰতে কটালোঁ। তাৰ পিছত কেইজনমান বন্ধুৰ চিঠি পাই হলেণ্ডলৈ যাত্ৰা কৰিলোঁ। লগত কেইজনমান আমেৰিকানো আছিল। আমাৰ জাহাজতেই তেওঁলোকো আমেৰিকাৰ পৰা আহিছিল। তেওঁলোকৰ মাজত কোনো কোনো চিত্ৰকৰো আছিল— তেওঁলোকে অতি সুন্দৰ চিত্ৰ আঁকিব জানিছিল । হলেণ্ডত ঘুৰি বৰ ভাল লাগিছিল । এখন পুৰণি ধৰণৰ নাওত উঠি খালে খালে গোটেইখন চহৰ ফুৰি ফুৰিছিলোঁ। এই উপয়েৰে তেওঁলোকৰ গাঁৱলীয়া জীৱনৰ অনেকখিনি কথা জানিব পাৰিছিলোঁ। খালেদি গাওঁৱোৰ চাই ফুৰি ফুৰি আমি ৰটাৰ্ডাম পালোঁগৈ। তাৰ পিচত হেগ নগৰ চালো। তাত তেতিয়া যাৱতীয় নীতিবিশাৰদ পণ্ডিত সকলে শান্তি সম্মিলন পাতিছিল। এজন নিগ্ৰ'ও প্ৰতিনিধি হৈ সেই সভালৈ আহিছিল। তেওঁলোকে আমাক পাই বৰ সন্তোষ পালে।
হলেণ্ডৰ কৃষিকামৰ পৰা অনেকখিনি কথা শিকিলোঁ। তাৰ পশুপালনো অতি চমৎকাৰ। হলষ্টাইনৰ গাই আৰু বলধ বিলাক পৃথিবীৰ ভিতৰত অতি উত্তম। হলেণ্ডৰ খেতিয়কবিলাকে অতি কম মাটিতে বেচি শস্য উৎপাদন কৰে। খেতিকামত তেওঁলোকৰ দক্ষতা দেখি মই বৰ আচৰিত হৈছিলোঁ। আগেয়ে মই কেতিয়াও নেভাবিছিলোঁ যে, অতি কম মাটিতে ইমান বেচি খেতি কৰিব পাৰি। এতিয়া দেখি বোধ হল, হলেণ্ডত অকণমান্ত মাটিও পৰি নাথাকে। সকলো ঠাইতে সুন্দৰ খেতি চলিছে। চাৰিওপিনে সেউজীয়া পথাৰ; সেই পথাৰবোৰত ৪০০/৫০০ জনী গাই আৰু বলধে আনন্দে ঘাঁহ খাই ফুৰিছে! এনে ধৰণৰ গোপচাৰ আৰু গাই-বলধ চাবলৈ সকলো মানুহেই হলেণ্ডলৈ অহা উচিত।
হলেণ্ডৰ পৰা বেলজিয়ামলৈ ঘূৰি আহিলোঁ। এইবাৰ এন্টোৰীপলৈ ন’গ'লোঁ। ব্ৰুচেল্চত কেইদিনমানহে আছিলো। তাত ওয়াটালুৰ যুদ্ধক্ষেত্ৰ চাই আহিলো। তাৰ পিচত ফ্ৰান্সলৈ আহি প্ৰথমতে পেৰিচ নগৰতে নামিলোঁ। সেইখিনি পোৱা মাত্ৰেই এখন নিমন্ত্ৰণ পালো। পেৰিচ চহৰৰ ইউনিভাৰ্সিটি ক্লাবে আমাৰ আমেৰিকাবাসী কেইজন মান জনা-শুনা মানুহক নিমন্ত্ৰণ কৰিছে। ফ্ৰান্স যুক্তৰাষ্ট্ৰীয় প্ৰতিনিধি এই সভাৰ সভাপতি আছিল। যুক্তৰাষ্ট্ৰৰ ভূতপূৰ্ব্ব সভাপতি শ্ৰীযুত হেৰিচনকো সেই সভালৈ মতা হৈছিল। তেওঁ সেই সভাত উপস্থিত আছিল।
খোৱাবোৱাৰ পিচত বক্তৃতা আৰম্ভ হল। হেৰিচন মহাশয়ে মোৰ কথা আৰু টাস্কেগী-স্কুলৰ কথা সেই সভাত প্ৰচাৰ কৰিলে। মোৰ দ্বাৰা নিগ্ৰ' সমস্যা কেনেকৈ মীমাংসা হৈছে, তাৰ কথাও তেওঁ সভাত কলে।
আমেৰিকাৰ এজন নিগ্ৰ'-চিত্ৰকৰৰ কথা পেৰিচ নগৰত জনাজাত হৈ পৰিছে। সকলো শ্ৰেণীৰ ফৰাচীয়েই তেওঁৰ কাম প্ৰশংসা কৰে। আন কি লুকচেমবাৰ্গ চিত্ৰশালাতো তেওঁৰ চিত্ৰবোৰ ৰখা হৈছে। ইমান ডাঙৰ চিত্ৰশালাতো নিগ্ৰ'ৰ স্থান হোৱা দেখি ফ্ৰান্সৰ ইয়াঙ্কীবিলাকে বৰ আচৰিত মানিবলৈ ধৰিলে। সেই চিত্ৰকৰৰ নাম হেনৰি টেনাৰ। তেওঁৰ লগত মোৰ কথাবতৰাও হল। তেওঁক দেখি মোৰ মনত পৰিল, “ৰূপে কি কৰে বাপু গুণ যদি থাকে।" জগৎ বাস্তৱিকেই গুণৰ দাস। বিদ্যা-বুদ্ধি থাকিলে সংসাৰত সকলোকে বশলৈ আনিব পাৰি। এই কথা মই নিগ্ৰ’ভাইসকলক সদায় কৈ আছো। ফ্ৰান্সত টেনাৰৰ প্ৰতিপত্তি দেখি মোৰ সেই কথা ঘনেপতি মনত পৰিবলৈ ধৰিলে। ইউৰোপ আৰু আমেৰিকাৰ অনেক মানুহেই টেনাৰৰ ছবিবোৰ চাই গৈছে। কিন্তু কোনেও কাকো সোধা নাই, “এই বোৰ কাৰ হাতৰ তৈয়াৰি। তেওঁৰ গাৰ বৰণ ক'লা নে বগা? তেওঁ ইংৰাজ নে, জাৰ্ম্মাণ, নে আমেৰিকাৰ নিগ্ৰ'!” যি মানুহেই ভাল কাম কৰিব পাৰে, তেওঁ সংসাৰত প্ৰতিষ্ঠা লাভ কৰিবই কৰিব। তেওঁক বাদ দিলে মানবজাতি দুখীয়া হব। শক্তিমানৰ জয় অৱশ্যম্ভাবী।
ফৰাচী-জাতিটো বৰ হুজুগপ্ৰিয় বুলি বোধ হ'ল। তেওঁলোক কেৱল বিলাসতে মগ্ন। তেওঁলোকৰ নৈতিক চৰিত্ৰও আমাতকৈ উচ্চ-অঙ্গৰ বুলি মনে নধৰিলে। অৱশ্যে তেওঁলোক এটা আমাতকৈ পুৰণি জাতি। ইউৰোপৰ বিশাল মানব-সমাজৰ মাজত থাকোঁতে থাকোঁতে তেওঁলোকৰ বিদ্যাবুদ্ধি কিছু পৰিমাণে মাৰ্জিত হৈছে। জীৱন সংগ্ৰামৰ চাকনৈয়াতে পৰি টিকি থাকিবৰ হলে নানা প্ৰকাৰ শক্তিসামৰ্থ্যৰ আৱশ্যক হয়। আৰু এই সংগ্ৰাম কৰি থাকোঁতে থাকোঁতেই নানাবিধ নতুন শক্তিও অৰ্জিত হয়। আমাৰ স্বজাতিও কালত যে এনে শক্তিসম্পন্ন হব, তাত কোনো সন্দেহ নাই। ফৰাচীবিলাকে আমাতকৈ কিছু দিন আগৰে পৰা জীৱন আৰম্ভ কৰিছে। আমি বহুত-দিন পিচত হে কৰিছোঁ। এইয়ে যি প্ৰভেদ। ফৰাচীবিলাক সত্যবাদী বুলি মোৰ মনে নধৰিলে। তেওঁলোকে কথাৰ মূল্যও বেচি স্বীকাৰ নকৰে। এইবিলাক বিষয়ত তেওঁলোক আমাতকৈ উচ্চশ্ৰেণীৰ মানুহ নহয়। বৰঞ্চ কোনো বিষয়ত নিগ্ৰ’ৱেই তেওঁলোকতকৈ উন্নত। কিয়নো তেওঁলোকৰ জীৱৰ প্ৰতি দয়া নাই বুলিলেও চলে। তেওঁলোক গৰু-ছাগলি প্ৰভৃতি ইত-জন্তুৰ প্ৰতি বৰ নিৰ্দ্দয়। মোটৰ ওপৰত ফ্ৰান্স এৰাৰ আগতে মই মোৰ জাতিৰ, ভবিষ্যৎ উজ্জ্বল হে দেখিছিলো।
পেৰিচৰ পৰা লণ্ডনলৈ আহিলোঁ। তেতিয়া জুলাই মহৰ প্ৰথম সপ্তাহ। লণ্ডনত তেতিয়া মহা সমাৰোহ। পাৰ্লিয়ামেণ্ট মহাসভাৰ কাম আৰম্ভ হৈছে। মোৰ ইয়াঙ্কী বন্ধুসকলে আগেয়েই লণ্ডনৰ কেইবাজনো মানুহলৈ চিঠি লিখিছিল। মই সেইখিনি পোৱা মাত্ৰকেই অনেকে বক্তৃতা দিবলৈ অনুৰোধ কৰিলে। মই স্বাস্থ্যৰ নিমিত্তে ফুৰিবলৈ আহিছোঁ বুলিহে অনেকৰ হাত সাৰিব পাৰিলোঁ। কিন্তু কেইবা ঠাইতো বক্তৃতা দিবলৈ বাধ্য হৈছিলোঁ। লণ্ডন, বাৰ্মিংহাম, ব্ৰিষ্টল প্ৰভৃতি ঠাইত ডাঙৰ মানুহসকলে মোক আলহি থাকিবলৈ নিমন্ত্ৰণ কৰিছিল।
ইংলণ্ডৰ কেইবা ঠাইতো দাস-নিবাৰণ-সমিতিৰ বন্ধু আৰু সভ্য সকলৰ লগত দেখাশুনা আৰু কথাবাতৰা হৈছিল। তেওঁলোকে আমেৰিকাৰ দাসত্ব প্ৰথা গুচাবৰ নিমেত্তে অনেক চেষ্টা কৰিছিল বুলি জনা গ'ল। পালিয়ামেণ্টৰ কমন্স সভাৰ ঘৰত শ্ৰীযুক্ত ষ্ট্যানলি মহোদয়ৰ লগত মোৰ অনেক কথাবাতৰা হৈছিল। তেওঁ আফ্ৰিকাৰ বিষয়ে অনেক গল্প কৰিলে। সেই কথাৰ পৰা বুজিলো নিগ্ৰ'ৱে মাতৃভূমি আফ্ৰিকালৈ উলটি গ’লে একো সুখ নেপাব। গতিকে আমেৰিকাকে তেওঁলোকে জন্মভূমি আৰু মাতৃভূমি বুলি মানি লোৱা কৰ্ত্তব্য। এতিয়া আমেৰিকাই তেওঁলোকৰ স্বদেশ আৰু স্বৰ্গভূমি।
মই এই চাৰিজন সম্ভ্ৰান্ত ইংৰাজৰ গাঁৱলীৰা-ঘৰতো থাকিবৰ সুযোগ পাইছিলোঁ। তেওঁলোকৰ পাৰিবাৰিক আৰু সামাজিক অৱস্থা দেখি, তেওঁলোকক আমেৰিকাবাসীতকৈ বেচি সুখী বুলি অনুমান হ'ল। তেওঁলোকৰ পাৰিবাৰিক আৰু গৃহস্থালী প্ৰথাবোৰ আদৰ্শ যেন লাগিল। তেওঁলোক সুখেৰে থাকে আৰু কলৰ দৰে কামকাজ সম্পন্ন কৰে।
এই দেশৰ চাকৰেও বেচ ভদ্ৰতা জানে। আমেৰিকাত চাকৰ পোৱাই নাযায়। আৰু পালেও সিহঁতে গিৰীহঁতক মুঠেই মান নকৰে। আমেৰিকাৰ চাকৰে বুজে যে, চাৰিবছৰমানৰ ভিতৰতে সিহঁত মালিক হ'ব। ইংলণ্ডৰ চাকৰ চিৰকাল চাকৰেই থাকে, গতিকে উচ্চ আকাঙ্ক্ষা সিহঁতৰ নাই। কোন নিয়ম ভাল, তাৰ উত্তৰ মই দিব নোৱাৰিলো।
ইংলণ্ডত মানুহে আইন আৰু শাসন-প্ৰণালী মানি চলে। অতি সহজেই তেওঁলোকে ডাঙৰ ডাঙৰ কামবোৰো কৰিব পাৰে। ইংৰাজ জাতি ধীৰ জাতি—সকলো কামতে তেওঁলোকে বেচি সময় নিয়ে। কিন্তু আমেৰিকাৰ মানুহবিলাকৰ স্বভাৱ ইয়াৰ ঠিক বিপৰীত। তেওঁলোক সদায় অস্থিৰ, সদায় উদ্বিগ্ন আৰু চঞ্চল, মনে মনে থাকি ধীৰভাৱে কোনো কাম কৰিব নেজানে। ধীৰ ইংৰাজবিলাকে চঞ্চল ইয়াঙ্কীতকৈ কোনো গুণেই কম কাম কৰা নাই।
আমেৰিকাবাসীৰ তুলনাত ইংৰাজবিলাক গম্ভীৰ আৰু চিন্তাশীল। তেওঁলোকে কথাই কথাই নেহাঁহে আৰু কোনো প্ৰস্তাৱত হঠাৎ উত্তেজিত নহয়। তেওঁলোকে শান্তভাৱে কথাটো দকৈ বুজিবলৈ চেষ্টা কৰে।
ইউৰোপত এইদৰেই তিনি মাহ গ'ল। তাৰ পিচত সেণ্ট লুই জাহাজত উঠি আমেৰিকালৈ যাত্ৰা কৰিলোঁ। এই প্ৰদেশৰ মেলডেন নগৰতে মই ল'ৰালি কাল কটাইছিলোঁ। দুইখন চিঠিতে মোক চাৰ্লষ্টন নগৰলৈ যাবলৈ অনুৰোধ কৰিছিল। মই চিঠিৰ নিমন্ত্ৰণ অগ্ৰাহ্য কৰিব নোৱাৰিলোঁ। কিয়নো সেই নগৰ মোৰ বাল্যলীলাৰ নিকেতন আছিল।
যথা সময়ত চাৰ্লষ্টনত গাড়ীৰ পৰা নামিলোঁ। সেই ঠাইৰ ভূতপূৰ্ব্ব শাসনকৰ্ত্তা আৰু অসংখ্য মানুহে মোক অভ্যৰ্থনা কৰে। তাৰ পিচৰ দিনা বৰ্ত্তমান শাসনকৰ্ত্তাৰ ঘৰত এক দৰবাৰ বহিল। সেই ঠাইত মোৰ নিমিত্তে যথেষ্ট আদৰ অভ্যৰ্থনাৰ আয়োজন হৈছিল।
_______
সপ্তদশ অধ্যায়।
উপসংহাৰ।
অনেকে মোক সোধে, “ডাঙৰীয়া, জীৱনৰ কোন ঘটনা আপোনাৰ পক্ষে বেচি আচৰিত?” এই প্ৰশ্নৰ উত্তৰ দিয়া মোৰ পক্ষে অসম্ভৱ। কিয়নো মোৰ জীৱনৰ সকলো ঘটনাই আচৰিত। তথাপিও সকলো- বোৰ কথা দকৈ গমি চালে দেখিবলৈ পাওঁ যে, হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ সভাপতি শ্ৰীযুক্ত চাৰ্লচ উইলিয়াম এলিয়ট চাহাবে মোলৈ যিখন চিঠি লিখিছিল, তাতে মই বেচি আচৰিত হৈছিলোঁ।
মই ইউৰোপলৈ যোৱা দুইতিনিবছৰমানৰ আগতেই এলিয়ট চাহাবে মোলৈ এখন চিঠি দিছিল। ১৮৯৬ চনৰ নে মাহত অৰ্থাৎ মেৰি ৩৬/৩৭ বছৰ বয়সত সেই চিঠিখন পাওঁ। তাৰ কিছুদিনৰ আগতে মই আটলান্টা সন্মিলনত বক্তৃতা কৰিবলৈ গৈ গোটেই আমেৰিকাত বিখ্যাত হৈ পৰিছোঁ।
এলিয়ট চাহাবে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পক্ষৰ পৰা মোক এটা অনাৰেৰী উপাধি দিব খোজে। সেই উপাধি লবৰ নিমিত্তে জুন মাহত, মই সেই উৎসৱত যোগদান দিব লাগে। এয়ে সেই চিঠিৰ মৰ্ম্ম।
হাৰ্ভাৰ্ড আমেৰিকাৰ অৰ্তি শ্ৰেষ্ঠ বিশ্ববিদ্যালয়। সেই বিশ্ববিদ্যালয়ৰ সভাপতিৰ পৰা এই সম্মান লাভ! যি সম্মান আমেৰিকাৰ শ্ৰেষ্ঠ বিজ্ঞান বীৰ আৰু সাহিত্যৰথীগণে পাবৰ যোগ্যং সেই সম্মান ল'বলৈ মোক নিমন্ত্ৰণ! সঁচা কথা ক'বলৈ গ'লে এই চিঠিয়ে মোক অতিকৈ বিস্ময় লগাই দিছিল।
হাৰ্ভাৰ্ডৰ এম, এ উপাধি ল'বৰ নিমিত্তে কেম্ব্ৰিজ নগৰলৈ গ'লে।। অতি সমাৰোতেৰে বিশ্ববিদ্যালয়ে মোক উপাধি-পত্ৰ দান কৰিলে। তাৰ পিচত সভাপতিয়ে যি সকলে মোৰ দৰে উপাধি পাইছিল, তেওঁলোকক এটা ভোজ দিলে। সেই ভোজত আনবিলাকৰ পিচত বক্তৃতা কৰিলো। মই ক'লোঁ—
“আজি হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ে মোক সম্মান কৰি গোটেই নিগ্ৰ’ জাতিক সম্মান কৰিছে। আপোনালোকে যে মোক এনেকৈ সম্মান কৰিছে, তাৰ বাবে আপোনালোকেই দায়ী। মই এই সন্মানৰ উপযোগী হ'ব পৰা হ'লে যে, যাৰ পৰাই সুখী হলোহেঁতেন, সেই বিষয়ে অকণো সন্দেহ নাই।
সি যি হওক, এই উপায়েৰে আপোনালোকে আমেৰিকাৰ এটা ডাঙৰ সমস্যাৰ মীমাংসা কৰিব খোজাত মই বৰ আনন্দ পাইছোঁ। কিয়নো যুক্তৰাজাৰ শিক্ষিত আৰু ধনী মানুহ সকলে অশিক্ষিত আৰু দুখীয়া জনসাধাৰণৰ লগত মিলাপ্ৰীতিৰে থাকিব পাৰিব — বৰ্ত্তমানত সেই কথাই আমেৰিকাবাসীৰ প্ৰধান ভাবিবৰ বিষয়। সৌ যে দূৰত বিকনষ্ট্ৰীটত প্ৰকাণ্ড অট্টালিকাবোৰ আছে, তাৰ মানুহবিলাকে আলাবামা প্ৰদেশৰ কুঁহিয়াৰ তলিৰ কুলীবিলাকৰ তপত নিশ্বাস অনুভৱ কৰিব পাৰে নে? যুক্তৰাজ্যৰ স্বদেশসেৱক সকলৰ এতিয়া আৰু আন কাম নাই। কি উপায়েৰে লাখ লাখ দৰিদ্ৰ, অৱনত আৰু পদদলিত নৰনাৰীৰ কান্দোন শিক্ষিত, ধনবান আৰু উন্নত মানুহৰ কাণত সোমায়, সেই বিষয়ে আলোচনা কৰক।
সেই সমস্যাৰ মীমাংসা কৰিবৰ কাৰণেই হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় ব্ৰতী হৈছে বুলি অনুমান কৰোঁ। আমেৰিকাৰ সৰ্ব্বশ্ৰেষ্ঠ বিশ্ববিদ্যালয়ে মোৰ দৰে নগণ্য কৃষ্ণাঙ্গ, উচ্চশিক্ষাহীন নিগ্ৰ'ক সম্মান কৰি এই দেশৰ নিম্ন-জাতিক ওপৰলৈ তুলিবলৈ বাট দেখুৱাই দিছে। এই কামত হাৰ্ভাৰ্ড অবনত নহল, অথচ আমাৰ দৰে দুখীয়াৰ হৃদয়তে আশাৰ সঞ্চাৰ হ'ল।
মই এই ক্ষুদ্ৰ জীৱনত মোৰ অবনত জাতিক নানা উপায়েৰে উন্নত কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু মোৰ নগণ্য শক্তিৰ দ্বাৰাই কৃষ্ণাঙ্গ শ্বেতাঙ্গ সমাজত ভাতৃভাৱ বৰ্দ্ধন কৰিবলৈও যথাসাধ্য চেষ্টা কৰিছোঁ। ইমান দিন মোৰ পৰা আমেৰিকা মাতৃয়ে যি পাইছে, আজিৰ এই গৌৰৱত ভূষিত হৈয়ো মোৰ পৰা সেই ধৰণৰ কৰ্ম্ম আৰু চিন্তা আপোনা লোকে আশা কৰিব পাৰে।
মই আমেৰিকাৰ জাতীয় আদৰ্শক নিজ জীৱনৰ আদৰ্শৰূপে গ্ৰহণ কৰিছো। আমেৰিকাৰ সকলো জাতিকে সেই জাতীয় আদৰ্শত গঠিত হোৱা চাব খোজো। মই ক'লা আৰু বগাৰ লক্ষ্য পৃথক বুলি বিবেচনা নকৰৰোঁ। মোৰ মতেৰে দুই লক্ষাই এক। এই দুই জাতিকে আমেৰিকাৰ এক আদৰ্শত গঢ়ি তোলা উচিত। দুয়োৰে উন্নতি বা অবনতি এক মাপকাঠিতে খুজিব লাগিব।
অহা ৫০ বছৰৰ ভিতৰত মোৰ স্বজাতিয়ে আমেৰিকাৰ সাঁচত ঢাল খাই উন্নতি কৰিব—সকলো বিষয়তে শ্বেতাঙ্গৰ লগত ঐক্য ৰাখি বিকাশ লাভ কৰিব। সমগ্ৰ যুক্তৰাজ্যৰ কঠোৰ সাধনাৰ ভিতৰেদি নিগ্ৰ’সমাজে শিল্প, ব্যৱসায়, সাহিত্য, সেৱা, চৰিত্ৰ আৰু কৰ্ম্ম পৰীক্ষিত হৈ হৈ আমেৰিকা জননীৰ অন্যতম সুদক্ষ অঙ্গত পৰিণতি লাভ কৰিব।”
মই টাস্কেগীত স্কুল স্থাপন কৰোতে বিশ্বাস কৰিছিলো যে, ভবিষ্যতে মোৰ স্কুলৰ চূড়ান্ত উন্নতি হব।, যুক্তৰাজ্যৰ সভাপতিক এই স্কুল দেখুৱা- বৰ নিমিত্তে অযোগ্য নহব। মোৰ সেই আকাঙ্ক্ষা পূৰ্ণ হৈছিল। ১৮১৮ চনত সভাপতি মেক্কিন্লি আটলান্টালৈ আহিছিল। সেই উপলক্ষে তেওঁ আৰু তেওঁৰ কৰ্ম্মচাৰী সকল টাস্কেগীলৈ আহিছিল। ১৬ ডিচেম্বৰৰ দিনা ক্ষুদ্ৰ টাস্কেগীনগৰ মহানন্দত পূৰ্ণ হৈ পৰিল। ক'লা বগা দুই সমাজেই সভাপতি মহাশয়ৰ অভ্যৰ্থনাত যোগদান দিলে। স্কুলঘৰো যথাবিহিতৰূপে সজোৱা হৈছিল। সভাপতি মহাশয়ে বক্তৃতা দিওঁতে কৈছিল,—“টাস্কেগীৰ প্ৰতিষ্ঠাতা বুকাৰ ৱাচিংটন, নিগ্ৰ জাতিৰ অন্যতম নেতা। তেওঁ স্বদেশ বিদেশ সকলো ঠাইতে যথেষ্ট খ্যাতি লাভ কৰিছে। তেওঁৰ শিক্ষা-প্ৰচাৰ, বাগ্মিতা আৰু মানৱসেৱা সকলো ঠাইতে জনাজাত।”
প্ৰায় ১৯ বছৰ কাল কামৰ পিচত টাঙ্কেগীস্কুলত যুক্তৰাজ্যৰ সভাপতিৰ প্ৰথম পদাৰ্পণ হ'ল। কুৰিবছৰৰ আগতে এটা এৰা ঘৰত আমাৰ প্ৰথম কাম আৰম্ভ হৈছিল। তেতিয়া লৰাৰ সংখ্যা কেৱল ০০, আৰু শিক্ষক এজন আছিল। এতিয়া আমাৰ ৬৯০০ বিঘা মাটি—তাৰে ৩০০০ বিঘাত ল'ৰাহঁতে খেতি কৰে। আমালোকৰ এতিয়া ৬৬ টা ডাঙৰ ডাঙৰ ঘৰ, তাৰ ভিতৰত ৬২টা ল'ৰাহঁতে নিজ হাতে সজা। আজি এই স্কুলত ৩০ প্ৰকাৰ কৃষি আৰু শিল্প-বিষয়ক কাম শিকোৱা হয়। আমাৰ পাচ কৰা গ্ৰেজুৱেট, আমেৰিকাৰ প্ৰদেশে প্ৰদেশে শিক্ষকতা, ব্যৱসায় আৰু শিল্পকৰ্ম্মত নিযুক্ত আছে। দিনে দিনে এনে পাচ কৰা ল'ৰা বিচাৰি মানুহে মোক ইমান দিগ দিয়ে যে, মই বাধ্য হৈ তেওঁলোকক অনেক সময়ত নিৰাশ কৰিব লগাত পৰোঁ।
ঘৰৰ মূল্য সম্প্ৰতি ২,১০০,০০০ টকা। ইয়াৰ বাহিৰেও নগদ ধন ৩,০০০,০০০, টকা আছে। বাৰ্ষিক খৰচ আজিকালি ৪৫০,০০০ টকা। এতিয়া আমাৰ ছাত্ৰসংখ্যা ১৪০০। আমেৰিকাৰ ২৭ খন প্ৰদেশৰ পৰা ল'ৰা আহে। ইয়াৰ বাহিৰেও আফ্ৰিকা, কিউবা, পোৰ্টোৰিকা, জামেইকা প্ৰভৃতি দূৰ ঠাইৰ পৰাও ল'ৰা আহে। বৰ্ত্তমান আমাৰ শিক্ষক আৰু কৰ্ম্মচাৰীৰ সংখ্যায় ১১০। তেওঁলোক সপৰিবাৰে থাকে। স্কুলৰ চাৰিও কাষে এইদৰেই অন্ততঃ ৭০০ জন মানুহ থাকে।
১৮৯০ চনত টাস্কেগীত প্ৰথমতে নিগ্ৰ - মহাসম্মিলনৰ ব্যৱস্থা কৰোঁ। তাৰ পিচৰ পৰা প্ৰতি বছৰে সেই সম্মিলনৰ অধিবেশন বহে। প্ৰায় ৮০০ কি ৯০০ মান নিগ্ৰ’ৱে প্ৰতি বছৰেই এদিনকৈ টাঙ্কেগীত কটায়। এই দিনা নিগ্ৰ জাতিৰ, আৰ্থিক,সামাজিক, শিক্ষা-সম্বন্ধীয়, নৈতিক আৰু আন আন সকলো প্ৰকাৰ উন্নতিৰ উপায় আলোচনা হয়। এই সম্মিলনকে নিগ্ৰ' জাতিৰ জাতীয় সম্মিলন বুলি কব পাৰি। ইয়াৰ বাহিৰেও যোৱা দহবছৰত গাঁৱে গাঁৱে নগৰে নগৰে সৰু বৰ নানা তৰহৰ অসংখ্য প্ৰাদেশিক সম্মিলনীও স্থাপিত হৈছে। এই ধৰণৰ সম্মিলনৰ সাহায্যত নিগ্ৰজাতিৰ কৰ্ম্মশক্তি আৰু চিন্তা- শক্তিয়ে অসীম প্ৰভাৱ লাভ কৰিছে। টাস্কেগীত প্ৰতি বছৰেই নিগ্ৰ' মহা-সম্মিলনৰ পিচ দিনা আৰু এটা সম্মিলনৰ অধিবেশন হয়। সেই সম্মিলনীৰ নাম 'কৰ্ম্ম-সমিতি'। এই সমিতিত নিগ্ৰ সমাজৰ নানা কেন্দ্ৰৰ পৰা যি সকল শিক্ষা প্ৰচাৰক কাৰ্য্যত ব্ৰতী আছে, তেওঁলোকে পৰামৰ্শ কৰি পিছৰ বছৰৰ নিমিত্তে কৰ্ত্তব্য স্থিৰ কৰে। গতিকে এই সমিতিক নিগ্ৰ’সমাজৰ শিক্ষাসম্মিলন বুলি ক'ব পাৰি। মোটৰ ওপৰত ক'বলৈ গ'লে 'শিক্ষা-সমিতি' 'নিগ্ৰ’ মহা-সম্মিলনৰ' কাৰ্যনিৰ্বাহক সমিতি।
১৯০০ চনত মই নিগ্ৰজাতিৰ ব্যৱসায় সম্মিলনো প্ৰবৰ্ত্তন কৰিছোঁ। এই সম্মিলনৰ প্ৰথম অধিবেশন বোষ্টন নগৰত বহিছিল। যুক্তৰাজ্যৰ ভিন ভিন ঠাইত যি সকল নিগ্ৰ' ব্যৱসায় আৰু বাণিজ্যত লীন আছে তেওঁলোকেই এই সম্মিলনত যোগ দান দি ভাব বিনিময় কৰিবৰ সুযোগ পায়। এই ডাঙৰ অনুষ্ঠানৰ পৰাই সৰু সৰু অসংখ্য প্ৰাদেশিক ব্যৱসায় সম্মিলনৰ সৃষ্টি হৈছে।
এই কিতাপ মই মোৰ জন্মভূমি ভাৰ্জিনিয়া প্ৰদেশৰ ৰিচমণ্ড নগৰত
বহি শেষ কৰিলোঁ। আজি ১৯০১ চন। ৩৫ বছৰৰ আগেয়ে এই চিমণ্ড
নগৰ গোলামী প্ৰথাৰ প্ৰধান কেন্দ্ৰ আছিল। ২৫ বছৰৰ আগতে, আমালোকে
স্বাধীনতা লাভ কৰাৰ কেইবছৰমানৰ পিচতে এই নগৰতে প্ৰথম ৰাতি
-অনাহাৰে আলিদাতিত তক্তাৰ তলত মাটিত শুই কটাইছিলো। আৰু সেই
ৰিচমণ্ডত মই যোৱা ৰাতি ক'লা বগা দুয়ো সমাজৰ শ্ৰোতামণ্ডলীৰ মাজত
মোৰ আশাৰু বাণী প্ৰচাৰ কৰিলোঁ। যি ঠাইত ২৫ বছৰৰ আগেয়ে মোক
এটা আলু দিও পেটৰ ভোক মাৰিবলৈ এজন মানুহ নোলাইছিল, আজি
সেই ঠাইৰ হাজাৎ হাজাৰ মতা-তিৰোতা, শিক্ষিত সম্প্ৰদায় আৰু প্ৰদেশ ৰাষ্ট্ৰৰ
সকলো কৰ্ম্মচাৰীয়েই মোক আদৰ সাদৰ আৰু সম্বৰ্দ্ধনা কৰিবলৈ উত্তাৱল!
-কালৰ কি বিচিত্ৰ গতি!!
⸻
সমাপ্ত।
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )