বিহুগীত
পাতনি
বিহুগীত। বনগীত বিহুগীত আদি সমলখিনি নানা বন উপবনৰ পৰা বুটলি অনা তলসৰা। বহুত দিনৰ আগতেই গীত-মাতখিনি সংগ্ৰহ কৰি থোৱা হৈছিল। ১৯৯৭ চনত ডিব্ৰুগড়ৰ প্ৰখ্যাত ভট্টাচাৰ্য্য এজেঞ্চি দেৱে লিখকৰ সম্পাদিত বিহুগীতে ৰিঙিয়াই নামেৰে গীত মাতৰ এখনি সৰু আকাৰৰ পুথি প্ৰকাশ কৰি উলিয়াইছিল। খৰধৰকৈ উলিয়াব লগাত চাহিদা অনুসৰি সম-সংখ্যক পুথি সময়ত ছপাই উলিয়াব পৰা নহ'ল।
কম সময়ৰ ভিতৰতে পুথিখন শেষহৈ গ'ল। বসন্ত আগমনৰ সময় ছোৱাত পঢ়ুৱৈ সমাজে পুথিখন বৰকৈ বিচাৰিবলৈ ধৰিলে। এনে ধৰণৰ পুথি এখন প্ৰয়োজন অনুভৱ হ’ল। গতিকে অৱহেলিত হৈ থকা পুৰণা গীতমাতখিনি সজাই কিছু নতুন গীত-মাত লগ লগাই এখন পৰিবৰ্ধিত আকাৰৰ পুথি বিহুগীত নাম দি উলিওৱা হ’ল। বিহুগীত পুথিখন সুধি সমাজৰ হেঁচাতেই জনম বুলি ধৰিব লাগিব।
কেতিয়াবাই সংগ্ৰহ কৰি থোৱা গীতখিনি উপযুক্ত বাতাবৰণৰ অভাৱত অৱহেলিত হৈ পৰি আছিল। সামৰি থওঁতে বহুত গীত আগৰ ৰূপত পোৱা নহ’ল। গীত—মাতখিনি চল্লিশ ও পঞ্চাশ দশকৰ মাজ ভাগত থলিতে সংগ্ৰহ কৰি থোৱা হৈছিল। ঠিক সেই সময়ছোৱাৰ পৰাই বিহুৱে লাহে লাহে গছতল এৰিবৰ উপক্ৰম কৰিলে। আজি সেইসকল ডেকা-গাভৰু নাই। লগৰ সমনীয়াও প্ৰায় নাই। যাক সুধি পুৰণা নাম গুণবোৰ পুনৰুদ্ধাৰ কৰিব পৰা হ'লহেঁতেন। গতিকে সেইখিনিকে নতুন ৰং ৰূপদি সজাই পৰাই উলিয়াব লগাত পৰিল।
বনগীত, বিহুগীত আদি গীতবোৰ আজিৰ চাম ডেকা-গাভৰুৰ আওকণীয়া মনোভাৱ পোষণ কৰা পৰিলক্ষিত হৈছে। বনৰীয়া নাম বিহুনাম আদিৰ ঠাইত বনগীত বিহুগীত আখ্যা দিয়া হৈছে। মুকলি পথাৰৰ সৰল সহজ বিহু আহি নগৰৰ নিয়ন লাইতৰ মঞ্চত উঠিলহি। বহুতৰ মতে পৌৰাণিক এই গীতবোৰ অশ্লীল আৰু শ্ৰুতি কটুৰ। ঢোল পেঁপা গামখাৰু গগণা এঢ়ি মুগাৰ চাদৰ চেলেং পাট মেজাঙ্কৰিবোৰ বিলুপ্তিৰ পথত। বিয়া বিহু পূজা পাৰ্বনাদি সামাজিক উৎসৱবোৰ কৃষ্টি কলাৰ পৰা আঁতৰি বঙলুৱা ৰহণ পৰি পাবত গজা পৰিবেশ এটা গা কৰি উঠিছে।
নকুল চন্দ্ৰ ভূঞাদেৱৰ সম্পাদিত বহাগীত, বনগীত, বিহুগীত হঁচৰি গীত গৰখীয়া গীত (Postoral Ballads) আদি সুন্দৰভাৱে সজাই বৰ্ণনা কৰা হৈছে। প্ৰকৃততে বনগীত বিহুগীতবোৰ একেধৰ্ম্মীয়। সকলো গীতকে সকলো উৎসৱ পাৰ্বনত দুই এটা অশ্লীল বা শ্ৰুতি ত্ৰুটুৰ বুলি ভবা শব্দ অদল বদল কৰি স্থান কাল মান পাত্ৰ অনুসৰি সুৰসমলয়ত গায়ক গায়িকা সকলে পৰিবেশন কৰা দেখা যায়।
আদি ৰসৰ এই বনগীত বিহুগীত আইনাম ধাইনামবোৰ অসমীয়া ভাষা সাহিত্যৰ এক চহকী কৃষ্টি কলা ও অপূৰণীয় অঙ্গ। এই মহাৰ্য পুথিবোৰ আমাৰ মাজত তেনেই কম। যিকেইখন আছে তাৰো বহুল প্ৰচাৰ নাই। ফুলকোঁৱৰ মণিকোঁৱৰ জনাগাভৰুৰ গীত আজি সম্পূৰ্ণ বিলুপ্তি পথত। যতিপৰায়ণ শৰ্মাদেৱৰ চেনেহীৰ বিহুতলিৰ পৰা আৰম্ভ কৰি আকুল পথিক প্ৰেমিকুঁহি যৌৱন সাগৰ বিহুগীত আৰু বনঘোষা বিহুগীতে ৰিঙিয়াই পৰা ভূঞাদেৱৰ বহাগী আদিলৈকে বনৰীয়া নাম বিহুনামৰ যি কেইখন যৌন গন্ধী প্ৰেমগীতিৰ পুথি আছে সি সংখ্যাত কম ও প্ৰচাৰৰ অভাৱত মৃতপায় অৱস্থা।
পুথিখন সংকলন কৰোতে সাহিত্যিক পেঞ্চনাৰ শ্ৰীউমেশ চেতিয়াদেৱে উপদেশাদিৰে সহায়ৰ হাত আগবঢ়ালে।
শ্ৰীবিদ্যাধৰ দেউৰীদেৱৰ চাজেবাৰ পৰা পোৱা গীতখিনি বিহুগীতৰ ৰূপ দিয়া হ’ল। বন্ধুবৰ শ্ৰীভূপতি বৰুৱা শ্ৰীমোহন চন্দ্ৰ হাজৰিকা শ্ৰীঘন সোণোৱালদেৱৰ সংযুক্ত সংকলন সোণোৱাল কছাৰী হাইদাং ও হুঁচৰি গীত ও অন্যান্য সহায়ক তথ্যপাতি সংগ্ৰহৰ গইনা লৈ হাইদাং ও হুঁচৰি গীতখিনি যুগুত কৰা হ’ল।
আনন্দ বাগানৰ শ্ৰীতুলাৰাম বৰাইকৰ সৌজন্যত শ্ৰীমান দিলীপ চিৰিঙ ও হোমেন নায়কৰ সহযোগত ঝুমুৰ গীতমাতখিনি পাবলৈ সমৰ্থ হ'লো।
তদুপৰি যি সকল জ্ঞাত-অজ্ঞাত লোকে গীত পদ দি লেখি বা দেখি শুনি অথবা শুনাই সম্পাদন কাৰ্য্যত সহায় কৰিলে সেই সকলো সু-হৃদ বন্ধুলৈ হিয়াভৰা ওলগ জনালোঁ।
সদৌ শেষত ধেমাজি বুক ষ্টল এণ্ড অফ্চেট প্ৰিণ্টাৰ্চৰ স্বত্বধিকাৰ শ্ৰীনৱ কলিতাদেৱে কিতাপখন ছপাই ৰাইজৰ মাজলৈ উলিয়াই দিয়াত কৃতজ্ঞতা জ্ঞাপন কৰিলো।
ধেনুখনা
০১।০৮।২০০২
শ্ৰীবুলন চিৰিং
অসমীয়া লোক সংস্কৃতি বিহু আৰু বিহুতলিবোৰ আজি পাহৰণিৰ গৰ্ভত। কিন্তু বিহুতলিৰ আঁহত নাহৰ কিজোপাই হালিজালি অতীত স্মৃতি জীয়াই ৰাখিছে। আজি তাত ঢোলৰ ৰগৰ, পেঁপাৰ কিৰিলি, গগণা গাম খাৰুৰ ঝন ঝননি নাই। নাহৰ ফুলৰ গন্ধ পাই নাচনীৰ তৎনাই গচকি যঁতৰ নেভাঙে। চ’তে গই গই বহাগ নাহে। ভেবেলি লতাও নোফুলে। নাহৰৰ তলসৰা ঢোপাকলি ৰঙানীলা কপৌফুল লাহতী খোপাত গুজি ৰচকী নাচনীয়ে মিচিকি হাঁহি নেমাৰে। নাচি নাচি বৈ যোৱা জুৰুলি ঘামৰ টোপাল,পেঁপাৰ তিঁহিতি মাত, বিহুৰ পৰা পলাই যাওঁতে কাঁইটত থাকিযোৱা চাদৰৰ আগ ৰৈ ৰৈ প্ৰতিধ্বনি হোৱা বাউলি বিহুনামৰ কিৰিলি নাই যদিও মুক্ত প্ৰান্তৰৰ মাজত নৈ নিৰলাৰ কাষত বিস্তৃৰ্ণ ডালপাতেৰে চম্পা নাগেশ্বৰৰ ফুল ও প্ৰকাণ্ড গছ কিজোপা গম্ভীৰ মূৰ্ত্তিৰে আজিও জিলিকি আছে। এতিয়া তাত নীড় মুখি-পখীৰ অতীত বিচাৰি কৰুণ কোলাহল।
কবিৰ ভাষাত গহিন বননি শুৱনি ফুলনি নিৰলা তটিনী কেতেকীৰ হীয়াভঙা বিননি অন্তৰ থকা মানুহৰ বাবে অবুজ গায়কৰ অজান কবিতা, প্ৰেমিকৰ হা-হুতাশ
মিলন বিৰহৰ অস্ফুট ছবিৰে ৰিঙাৰিঙা নিৰলাৰ কোনোবা কোণৰ পৰা আজিও ৰৈ ৰৈ
কৰুণ গীত এটি ভাহি আহে-
তোলৈ চাই ৰঙিলী বান্ধি যাওঁ ডাঙৰী
গৰা চপাই বান্ধি যাও নাও।
২০০২চন |
(১)
প্ৰথমে প্ৰণামো আই সৰস্বতী
কন্ঠত দিয়াহি থিত।
পাহৰা নামকে দিয়াহি সোঁৱৰাই
গাই যাওঁ বতৰৰ গীত॥
(২)
আই সৰস্বতী মা বীণাপানী
তোমালৈ মানি যাওঁ কি।
তোমালৈ মাননি কৰি যাওঁ জননী
বনগীত বিহুগীত দি॥
(৩)
আই মোৰ গোসানী দেৱী পাৰেৱতী
তোমালৈ মানি যাওঁ গুৱা।
মাহদি মাননি চাউল দি জাননি
অঞ্জলি যাচিছো লোৱা॥
(8)
আইৰে থানলৈ সজালো পৰালো
কি দি মাননি কৰো।
কোচভৰি আনো বনগীত বিহুগীত
তাৰেহে মাননি কৰো।
(১)
ফুলৰে শুৱনী সেউতী মালতী
কেতেকী শুৱনী পাহি।
চেনেহী শুৱনী যৌৱনৰ জুৰণি
মুখত মিচিকিয়া হাঁহি॥
(২)
চৰাইটি চিকুণে চৰাই মনোমতী
জিৰাই বৰগছৰ ডালত।
চেনাইটি চিকুণে এখনি দাপোণে
জিলিকে জাকৰে মাজত॥
(৩)
যৌৱনৰ শুৱনী তিতাকৈ তিয়নি
গোলাপৰ শুৱনী পাহি।
যোৰফোঁট মাৰিলৈ চেনাইটি আহিছে
মিচিকি মিচিকি হাঁহি॥
(8)
বৰণৈ শুৱনী চেনীদৈ চাপৰি
লুইতৰ শুৱনী চৰ।
চেনেহী শুৱনী মনৰে জুৰণি
ডিঙিতে সাৱটি ধৰ॥
(৫)
ডিবুৰু শুৱনী লুইতৰ চাপৰি
দিহিঙৰ শুৱনী ঘাট।
চেনাইটি শুৱনী লঙে দালচেনি
বহিবৈ আছিলি তাঁত॥
(৬)
ওলাই দেখা পালো কাৰেঙৰ কলচি
সোণতে সুৱগা চৰা।
গা-ধুই থাকোঁতে চেনাইটিক দেখিলো
দেহাটি বাবৰি বছা॥
(৭)
নৈ খুবুঙীয়া পানী হাবুঙীয়া
গৰা চলঙুৱা ঘাট।
কাষতে কলহলৈ চেনাই যাই ঘাটলৈ
লগাই থৈ নগলে মাত॥
(৮)
চৰাই মনোমতী মনকে মোহিলি
কোটাহি বেঙেনা তলত।
চেনাই মনোমতী মোৰে মন মোহিলি
থাকিব নোৱাৰো ঘৰত॥
(৯)
আশী চেলেংখনি লব মই নোৱাৰো
বতাহে আমনি কৰে।
নইৰে ঘাটলৈ যাব মই নোৱাৰো
ধনে ভেটি ভেটি ধৰে॥
(১০)
নাওবাই শিকিলো চৰিয়া পানীতে
বঠাবাই শিকিলো বামত।
প্ৰথম পীৰিতি ধনে শিকাই দিলে
খনীয়া কাপোৰ জাপত॥
(১১)
চেনাইৰে দেহাটি পদুমৰ পাহিযেন
কমলা টেঙাযেন গোট
এনে বগীতৰা সোণে গিলিপ মৰা
দাপোন চাই মাৰিলি ফোঁট॥
(১২)
ইফালে ফুলনি সিফালে ফুলনি
চিঙুকোন পাহি ফুল।
ইফালে চেনাই মাত সিফালে চেনাই মাত
চিঙি যাই ধৰমৰ ডোল॥
(১৩)
মাৰে নাম দিলে ইলাচী বিলাচী
বাপেৰ নাম দিলে তৰা।
তোকে আনিবলৈ বৰমন আছিলে
নহলি ওচৰৰ গঞা॥
(১৪)
উলটি উভটি কৰ তাঁত বাতি
হাতত ৰঙা আঁচু লৈ।
ইমান কাজীহৈ কিনো ভাল কৰিলি
নিদিলি হাঁচতি বৈ॥
(১৫)
চাঁও তিনিবেলি খৰিকা মঙলখন
মাতো তিনিবেলি গণক।
চাঁও তিনিবেলি পদুলি মূৰলৈ
এবাৰো নেদেখো ধনক॥
(১৬)
চৰায়ে চৰায়ে চেনেহা চেনেহী
আকুলি বিকুলি কৰি।
তুমিয়ে আমিয়ে চেনেহা চেনেহী
বুকুতে সাৱটি ধৰি॥
(১৭)
চৰাইটি চিকুণে চৰাই মনোমতী
মাছৰে চিকুণে মোৱা।
চেনাইটি চিকুণে কেতেকী বৰণে
নেদেখো গধূলি পুৱা॥
(১৮)
ভিৰত ভিৰখালে হেঁচাত দোঁ খালে
কদমৰ চনকা ডাল।
চালে জঁইপৰে চুলে ৰঙাপৰে
ধনৰ সেন্দুৰীয়া গাল।
(১৯)
নামডাং সাকোখন কোনে বনাইদিলে
ঘনশ্যাম খনিকৰ নাই।
চেনাই যৌৱনযোৰি কোনে বনাইদিলে
আমনি নেলাগে চাই॥
(২০)
নৈ গুমগুমাই কোম্পানী জাহাজে
ঢেকী গুমগুমাই থোৰা।
গা জিনজিননি বুকু পিৰপিৰণি
গাভৰু হ’বৰে পৰা॥
(২১)
নাহৰ ফুল নিপিন্ধ তয়ে ঐ চেনেহী
তগৰ ফুল নিপিন্ধ তই।
ৰঙা ৰিহাখনি তাকো তই নিপিন্ধ
আছিলি মেমনি হৈ॥
(২২)
এনে চ'ত মহীয়া ৰদে খাঁও খাঁও
হালোৱাই বিচাৰে মৈ
তুমি কাক বিচাৰি ঢপলিয়াই আহিলা
হাতত কটা তামোল লৈ॥
(২৩)
উজাই নামচাং ভটিয়াই বাপুচাং
মাজত দিচাঙৰে সাঁকু।
সজালো পৰালো সোণৰ খাট পালেং
ৰাতি উজাগৰে থাকো॥
(২৪)
ৰঙত জিলিকিলে ৰঙাগাল দুখনি
খঙত জিলিকিলে চকু।
বহোতে জিলিকিল ককালৰ খনীয়া
উঠোতে জিলিকিল বুকু॥
(২৫)
পূৰ্ণিমাৰ জোনযেন মুখৰে চেহেৰা
বিজুলি বাতিযেন ছাঁয়া।
নিলগৰে পৰা কৰে তিৰেবিৰে
কোনজন ঈশ্বৰৰ মায়া॥
(২৬)
জিলিকি আহিছে পাঞ্চৈ নাওখনি
জিলিকি আহিছে চৈ
চৈৰে ওপৰত চেনাইটি আহিছে
ষোৰীয়া সেন্দুফোঁট লৈ॥
(২৭)
উৰি যাওঁ চেনেহীৰ লগত ঔ মইনা
ঘূৰি যাওঁ চেনেহীৰ লগত।
দাঁতৰ জিলিকনি মুখৰ মিচিকনি
ময়োযাওঁ চেনেহীৰ লগত॥
(২৮)
উজাই ডিবুৰুলৈ ধুবুনি নামিলে
ভটিয়াই নামিলে গাই।
কিনোদাই লাগিলে কোনেও নকলে
চেনাই নাওমেলি যাই॥
(২৯)
দিখৌৱে এৰিলে দিচৈ চেৰাসুঁতি
মুদৈয়ে এৰিলে বেহা।
চেনায়ে এৰিলে চোলা পিন্ধিবলৈ
মেমনি সজালে দেহা॥
(৩০)
নইৰে শুৱনী গঙাকৈ চিলনী
ফুলনি শুৱনী বন।
চেনেহী শুৱনী দেহৰে জুৰণি
পীৰিতি কৰিব মন॥
(৩১)
চৰাই উৰণীয়া পাখি বিনন্দীয়া
ডিহিঙে ভটিয়াই যাই।
ধনে ধেমেলীয়া মন চেঙেলীয়া
চকুৱে চকুৱে চাই॥
(৩২)
মহতকৈ শুৱনী নাই ঐ চেনেহী
শিঙতকৈ শুৱনী নাই।
শদীয়াৰে পৰা ধুবুৰী ঘূৰিলো
তোৰেমান ধুনীয়া নাই।
(৩৩)
কোনে স্বৰজিলে তোকে অ’ চেনেহী
কোনে নামদিলে তৰা।
তিঁয়হো নহলি চিৰালো নহলি
কামুৰি চুবাব পৰা।
(৩৪)
তোকেচাই আমনি নেলাগে মইনী
পেটতো নেলাগে ভোক।
তোৰে গঢ়েপিতে কোনে বনাই দিব
প্ৰেমৰে প্ৰতিমা মোক॥
(৩৫)
বৰণৈ বৰনৈ শুৱনী কহুঁৱা বননি
বতৰৰ শুৱনী বাট।
চেনেহী শুৱনী দেহৰে জুৰণি
বহিবৈ আছিলি তাঁত॥
(৩৬)
জপাৰে ধুনীয়া শুৱনী খনীয়া
ওৰণি দীঘলাই যাই।
খোজত চিনি পালো মাতত বুজি পালো
ধনে কাতিকৰি চাই॥
(৩৭)
পাণ বেহাই গলো মেকুৰি কণীয়া
তামোল বেহাই গলো ফালি।
ধনে গুৱাহাটী বেহাই যাওঁ এৰাতি
দেহাটি জুৰণি কৰি॥
(৩৮)
ডিবৰু শুৱনী মটীয়া চিলনী
কোবাই ভাঙিগলে শেনে।
গা জিনজিননি গামখাৰু বাজনি
তোকে চাই থাকিব কোনে॥
(৩৯)
ইয়ে বোলে পদুমী সিয়ে বুলি পদুমী
পদুমী কলৈনো যাই।
শালেকটা মেখেলা মেজাঙ্ককৰি গামোচা
পদুমীক পাবলৈ নাই॥
(80)
গাই ভালপালো বনগীত এফাকি
বজাই ভালপালো বাঁহী।
দি ভালপালো দুগালে দুচুমা
চেনায়ে পেলালে হাঁহি॥
000 000 000
(৭)
আই মৰমীয়াল খোৱাই হাঁহকণী
পানীতে উতলাই দিয়ে।
চেনাই মৰমীয়াল দিয়ে মুখত ভৰাই
নোচোবাই গিলিম যেন লাগে॥
(৮)
আমে দুলুদুপু চামে দুলুদুপ
দেহে দুলুদুপু কৰে।
যোৰীয়া যৌৱনে চেনাই দুলুদুপু
বাটত ভেটি ভেটি ধৰে॥
(৯)
দেহিঐ ঘুনুচাৰ ৰঙাকৈ গামোচা
তুমি তামোল কাটি খোৱা।
লাহৰী হাতেৰে থুৰিয়াই থুৰিয়াই
আমাকো এখনি দিয়া॥
(১০)
চিলঙৰ শুৱনী গছেকৈ গছনি
ডিবৰু শুৱনী জীঞাঁ।
চিতিকি চিবনে চেনেহী মৰমে
দুগালে দুচুমা দিয়া॥
(১১)
ইমান ধুনীয়াকৈ কোনে স্বৰজিলে
কোনে নাম দিলে তৰা।
দাঁতৰ জিলিকনি মুখৰ মিচিকনি
জিলিকে আঁতৰৰ পৰা॥
(১২)
দেহিঐ লাহৰী দেহিঐ চেনেহী
কোনে চাই থাকিব তোক।
দোলা-দাপোণ যেন তোৰে বুকুখনি
দেখিলে নেলাগে ভোক॥
(১৩)
কোনে দি যাব ৰাঁচ দোৰ পতি
কোনে দিব সোণালী মাকো।
(১)
অঔ কোমলীয়া খাবকৈ নোৱাৰি
মৌ কোমলীয়া জোল।
ধনে ধেমেলীয়া মন চেঙেলীয়া
চিঙিযাই ধৰমৰ ডোল॥
(২)
চেনেহী চিকুণে কেতেকী বৰণে
আছিলি আলাসত ৰৈ।
দেৱেকী মনিচে চিনিব নোৱাৰো
আছ অপেশ্বৰী হৈ॥
(৩)
নৈ চেঙেলীয়া গৰা কোমলীয়া
তৰা কোমলীয়া লৰে।
চেনাই কোমলীয়া বুলিব নোৱাৰে
বাটতে টোপনি ধৰে॥
(৪)
হাতে কিনো চাবি পদুমৰ পাহি যেন
দাঁতে কিনো চাবি ঘন।
এনে বগীতৰা সোণে গিলিপমৰা
লগত লৈ ফুৰিবৰ মন॥
(৫)
উজনীৰে জীঞা ধোঁৱাকৈ চন্দোৱা
পাখিয়ে নললে ঘূৰ
হাঁহিবৰ চলেৰে চিকুট মাৰি গলি
টোপনি নাহিলে মোৰ॥
(৬)
ঘাটৰে ঘটীয়া কটীয়া শিঙৰা
পথাৰৰ মটীয়া বন।
ধনে ধেমেলীয়া তিয়ঁহৰ জালি যেন
টিকুটি থাকিবৰ মন।
কোনে দিব চেনেহী দিখৌ নৈ ওপৰে
নাচনী যাবলৈ সাঁকো॥
(১৪)
দেহেহল অলীয়া দেহেহল বলীয়া
দেহা দেইপুৰি মৰে।
তামোল হোৱাহলে ফালি চালোহেঁতেন
কিহে মোক আমনি কৰে॥
(১৫)
তললৈ মূৰকৈ অ' মোৰ ফুলঁতী
কি ফুল বাছিলি তই।
ৰঙাৰিহা খনি কৰে তিৰবিৰে
থাকিব নোৱাৰো ৰৈ॥
(১৬)
কাঁহীতো নেখাওঁ মই বাটীতো নেখাঁও মই
নেখাওঁ ঐ সঁফুৰাত গুৱা।
চেনাইকে নেপালে নেচাওঁ ঐ আনলৈ
দেহাটি নকৰো চুৱা॥
(১৭)
চোমনি চোমনি পুলিকৈ চোমনি
মুগা পোহিবলৈ মন।
আইজনী বুকুখন দিখৌ নৈ বালিখন
ওমলি থাকিব মন॥
(১৮)
পানীৰে বিমলা মোলৈ আহিম বোলা
গাখীৰৰ নিচিনা ৰং।
আহোঁতে যাওঁতে তোৰে তাঁতশালে
মৰিলে দুবৰি বন॥
(১৯)
হাতো পদুমী ভৰিও পদুমী
ছোৱালী পদুমী নাম।
কেলৈ ঐ পদুমী উচুপি কান্দিছ
মই জানো কামুৰি খাম॥
(২০)
চিতিকি চিবনে বন।
চিতিকি চিবনে দুটি যউবনে
ওমলি থাকিব মন॥
(২১)
বিমলা তোমাৰে নাম।
বিমলা তোমাকে নেপাব লাগিলে
ডিবুৰু এৰি থৈ যাম॥
(২২)
কাণত জিলেমিলাই সোণে
দাঁতৰ জিলিকনি মুখৰ মিচিকনি
তোকে চাই থাকিব কোনে॥
(২৩)
তামোল কাটি দিয়া খাওঁ
ওলাই সমিধান দিয়া অ’ পদুমী
আমি ৰজাঘৰে যাওঁ॥
(২৪)
পথাৰৰ শুৱনী বন
চেনেহী শুৱনী লহঙী পহঙী
লগত লৈ ফুৰিবৰ মন॥
(২৫)
পথাৰ ঢাকি পৰিলে কাম
বনগীত গাই গাই এ আধ্যা পৰিলে
ডাকি বোলা ৰামৰাম॥
(২৬)
চমকত চাবলৈ
নহওঁ মই বিজুলি
নহওঁ মই বোৱতী নৈ অঐ নৈ পানী ঐ বঢ়ানাই ঐ
নাহৰ ফুলো ফুলা নাই ঐ
শুনা নাই ঐ কেতেকীৰ
মাতে হেৰা অঞ্জনা
কলেজানো বুজিবা
মোৰে দুখৰ বেদনা
হাঁহিবা নে কান্দিবা॥
(২৭)
তোলৈ চাই ৰঙিলী অ' ৰহিমলা
বান্ধি যাওঁ ডাঙৰি অ' ৰহিমলা
গৰাচপাই বান্ধি যাওঁ নাৱে ৰহিমলা
খোপাত বননালা
ৰঙাৰিহা পিন্ধি
বৰণটি সলালা
(২৮)
চ’তে গই গই ধনশিৰী কনেঙা
পালেহি বহাগে ধনশিৰী কনেঙা
ফুলিলে ভেবেলি লতা ঐ ধনশিৰী কনেঙা
ওঁঠৰ হাঁহি বিৰিঙা
ৰঙাৰিহা পিন্ধি লৈ
ৰাতি বিহু চাবলৈ
সাজি কাচি আহিলা॥
(২৯)
ই বনত ফুলিলে |
জানৈ বৰনৈ মাজুলী |
(৩০)
চৰাইটি চিকুণে |
হাঁহি ঐ মাধৈ ফুল |
(৩১)
নৈয়েদি উজাই যাওঁ |
অ গুণলতা |
(৩২)
তোমাৰে দেহাটি |
চেং চেং ভক্ ভক্ |
বিৰহ
(১)
চৰাইটি ধুনীয়া পাখি বিনন্দীয়া
মাছেটি ধুনীয়া মোৱা।
কিনো মায়াজালত পেলালি চেনেহী
নেদেখো গধূলি পুৱা॥
(২)
হাতলৈ কি চাবি লিহিৰি পিহিৰি
চকুদুটি বিজুলি বাতি।
মুখলৈ চালে তই দিয় হাঁহি মাৰি
টোপনি নধৰে ৰাতি॥
(৩)
চকলা টেঙাটি অকলে নেখাবি
অকলে নেখাবি বেল।
নৈৰে ঘাটলৈ অকলে নেযাবি
বাটত ডেকালৰা মেল॥
(৪)
চিতিকি চিবনে বনে ঐ চেনেহী
চিতিকি চিবনে বন।
চিতিকি চিবনে দুটি যউবনে
ওমলি থাকিব মন॥
(৫)
বৰশী লুভীয়া চেঙেলী লুতুপা
টেকেলী লুভীয়া দৈ।
ছোৱালী লুভীয়া গাঁৱৰ ডেকাল’ৰা
থাকে পানীঘাটত ৰৈ॥
(৬)
আয়ে নিদেয়ে নৈলৈ যাবলৈ
পিছলি পৰিবি বুলি।
বোপায়ে নিদিয়ে গাঁৱলৈ যাবলৈ
ডেকা ল'ৰাই ভঙাব বুলি॥
(৭)
কলৈ গৈ আছিলি পিজলী গাভৰু
সময়ত পাবলৈ নাই।
বাৰে শতুৰুৱে ফুচুলাই নিবগৈ
তোকে সোণ অকলৈ পাই॥
(৮)
নই চেঙেলীয়া গৰা কোমলীয়া
তৰা কোমলীয়া পাত।
ধনে ধেমেলীয়া মন চেঙেলীয়া
লগাই পিচৰপৰা মাত॥
(৯)
কলৈ যোৱা সেলেঙী কলৈ যোৱা পেলেঙী
লগত সৰুভনী লৈ।
ৰঙা ৰিহা খনি কৰে তিৰেবিৰে
তামোল খাই যোৱা ৰৈ॥
(১০)
পান বেহাই গলো মেকুৰী কণীয়া
তামোল বেহাই গলো ফালি।
ধনে গুৱাহাটী বেহাই যাওঁ এৰাতি
দেহাটি জুৰণি কৰি।
(১১)
চলেচাই পীৰিতি কৰিবি ললিতী
সময় চাই লগাবি মাত।
আবেলি বেলিয়া ঘাটলৈ যাওঁতে
সাবুটি ধৰিবি গাত॥
(১২)
চৰাইটি কান্দিব কুটুবাং কুটুবাং
কণীযোৰ পাৰিব বনত।
ব-বাটিছিলো সূতা কাটিছিলো
ধনলৈ পৰিব মনত॥
(১৩)
ভুৰুঙাই উৰিলে কিৰিঙা ভাটৌটি
মাইজান বাগিচাৰ পৰা।
চিৰিঙাই উঠিলে চেনাইৰে মনটি
ধনে এগাভেটা কৰা॥
(১৪)
নালেনাই বিচনী কেলৈ বনাইছিলা
নপৰে বতাহৰ বা।
কেলৈ কলিমতি ওলাই দেখাদিলা
বনজুই জলিছে গা॥
(১৫)
বৰনৈ থিয়ঘাট বাৰিষা পিচল বাট
ভৰা লুইতৰে গৰা।
যোৰফোঁট মাৰিলৈ ধনে যাই ঘাটলৈ
সাইলাস তামুলী তৰা॥
(১৬)
ইফালে দুবৰি সিফালে দুবৰি
ধনে পানী অনা ঘাট।
উলটি পালটি নেচাবি মালতী
পিচলি পৰিবি তাত॥
(১৭)
গাখীৰৰ চুঙাদৈ খোৱালি চেনীদৈ
পিয়লা বাটিতে বাকি।
নজনা পীৰিতি কেনেকৈ শিকালি
খনীয়া কাপোৰে ঢাকি॥
(১৮)
তোলৈচাই ৰঙিলী নেলাগে আমনি
টোপনি নধৰে শুই।
মাজতে কলংনৈ ইপাৰে সিপাৰে
দুপাৰে দুকুৰা জুই॥
(১৯)
বাটৰে বটুৱা কটাৰি ডবুৱা
ঘাটৰে ঘটীয়া বন।
সৰুৰে পৰা পীৰিতি কৰিলো
নেপালো তোমাৰে মন॥
(২০)
গাখীৰৰ চুঙাদৈ খোৱালি চেনীদৈ
চপাই পাৰিছিলি পাটী।
সপোনত মইনাজান দিছিলি প্ৰেমদান
টোপনি নাহিলে ৰাতি॥
(২১)
হাতত ধৰি ধৰি কলং পাৰ হলো
জাঁজি পাৰহলো ডেও।
ধনকে বিচাৰি ফুৰো অনাই বনাই
কওঁতা নহলে কেওঁ॥
(২২)
আৰ্চীৰ কনুৱা কণুৱা গণ ঐ মইনা
আৰ্চীৰ কণুৱা গণ।
ৰাখিব পাৰো মই হাতৰ পানী চলু
ৰাখিব নোৱাৰো মন॥
(২৩)
ঢেঁকী টি মৰমত ধানকে নেবানো
থোৰাটি মোহাৰি থাকো।
চেনাইটি মৰমত গাঁৱকে নোফুৰো
বুকুতে সাৱটি থাকো॥
(২৪)
এইবেলি আহুধান দাবলৈ নেপালো
বৰণৈ বৰনৈ পানীয়ে নিলে।
এইবেলি বিহুলৈ যাবলৈ নেপালো
মতামহ ৰখীয়া দিলে॥
(২৫)
সোৱণশিৰি নৈখন ইমানে সিমানে
চুলিমেলি মাৰিলো বুৰ।
ৰাতিয়ে ৰাতিটো ভাঙিলো পাতিলো
কথাৰে নপৰিল ওৰ॥
(২৬)
ই নৈত দেখিলো দেও ডঁৰিকণা
সি নৈত দেখিলো শ'ল।
সাৰপাই দেখিলো ধনৰে গামোচা
শিতানত পাহৰি গ'ল।
(২৭)
আইমান নেপালো নেখায়ে খুউৱা
নৈমান নেপালো বোৱা।
তোৰেমান এজনী নেপালো মাজনী
চকুৱে পীৰিতি কৰা।
(২৮)
নৈৰে চন্দোৱা বালি অ’ পৰুৱা
ইটাৰে বন্ধোৱা ঘাট।
ৰাতিয়ে ৰাতিটো পীৰিতি কৰিলো
দিবলৈ নেপালো হাত॥
(২৯)
ৰঙত জিলিকিলে ৰঙাকৈ হাঁচতি
হাঁহিত জিলিকিলে চকু।
বহোতে জিলিকিল ককালৰ খনীয়া
উঠোতে জিলিকিল বুকু॥
(৩০)
ধনলৈ বুলি খুন্দো পিঠাগুৰি
পৰুৱাই পিপৰাই খাই।
চাবে দিবা গাখীৰত মোলান পৰিগল
সোন্দাকল মৰহি যাই॥
(৩১)
ৰঙত মাৰিগলি ৰংফুলৰ হাঁহিটি
গঙাত মাৰিগলি বুৰ।
ধেমালি চলেৰে চিকুট মাৰিগলি
টোপনি নাহিলে মোৰ॥
(৩২)
খোৱাই পঠিয়ালে দেৱাকৈ কৰ্কৰা
ধোৱাই পঠিয়ালে ভৰি।
সজাই পঠিয়ালে চাকিৰে পোহৰত
তেতেলি পিলিঙা কৰি॥
(৩৩)
নৈত গা ধুবলৈ এৰিলো চেনাই ঐ
নৈ গৰা খহিবৰ পৰা।
আঁহত গুৰি বিহুলৈ যাবলৈ এৰিলো
বগীতৰা নহবৰ পৰা॥
(৩৪)
হাবি অঔটেঙা গোন্ধাই বিৰাজৰা
নেখাই বা থাকিব কোনে।
ইলাচী বিলাচী লঙে দালচেনি
নেচাই বা থাকিব কোনে॥
(৩৫)
গধূলি বেলিয়া আলিত লালিপাতি
জাকৈয়ে ছোৱালী যাই।
দেখো সকলোকে নেদেখো তোমাকে
মোৰ ধন চেনেহী নাই॥
(৩৬)
হাতেচাই হৰিলী গঢ়ালো আঙঠি
দিলো বালিচন্দা মাজত।
পুৱাকৈ গধূলি নেদেখো চেনেহী
তোৰে হেঙুলীয়া হাতত॥
(৩৭)
নালেনাই বিচনী নেলাগে নাচনী
মৰম নাই নেলাগে চাব।
ওলাওঁতে সোঁমাওতে দাপোনখন চাওঁতে
যৌৱন কাল ভটিয়াই যাব॥
(৩৮)
ইখনি সিখনি ধনলৈ দুখনি
বিহুৱান গামোচা বলো।
আইৰে ভয়তে দিব নোৱাৰিলো
মই কাজী অথলে গলো।
(৩৯)
যোঁজত ভাঙিগলে ম'হৰ শিং কেকোঁৰা
যৌৱন ভাঙিগলে প্ৰেমত।
সাঁচিধন ভাঙোতে চেনাই মন ভাঙিলে
নেথাকো ডিবুৰুগড়ত৷
(৪০)
ই বনত ফুলিলে |
জানৈ বৰনৈ মাজুলী |
(৪১)
তোকে চাই চাই |
|
(৪২)
নৈয়েদি উজাই যাওঁ |
অ’ বনলতা |
|
খাৱে বনলতা |
(৪৩)
হাবি হেৰাপতা |
|
(৪৪)
চমকত চাবলৈ |
অ’ আইটী দলঙী |
⸺০০⸺
(১)
হাতেচাই হৰিলী গঢ়ালো আঙঠি
খাজিলো চপৰা সোণে।
পুৱাকৈ গধূলি নেদেখো হৰিলী
তোৰে মন ভঙালে কোনে॥
(২)
হাততো নেখাওঁ মই পাততো নেখাওঁ মই
নেখাওঁ লখাই তৰাৰ পানী।
তোমাকে নেপালে নেচাওঁ ঐ আনলৈ
দেহাটি নকৰো হানি॥
(৩)
ভুকুৱাই ভাঙিলো কাঠৰে নঙলা
জপনা ভাঙিলো গুৰত।
ঘুনুচা কাঠৰে ফণি সাজিদিলো
এফেৰি নেদেখোমূৰত॥
(8)
আহু গঙাজলে নিলে ঐ চেনেহী
শালি গঙাজলে নিলে।
জাকৰে মাজৰে তোমাক বাছি ললো
দিখৌ পাৰেকৰি দিলে॥
(৫)
ধনে বনাইদিয়া জেঙু পাতৰ বিচনী
ধনে বনাই দিয়া পাটী।
ধনো নাহিলে বাতৰি নিদিলে
টোপনি নাহিলে ৰাতি॥
(৬)
তোৰে চেঙাগৰু মোৰে চেঙাগৰু
হালীকে হালতে যোৰো।
যোঁতৰ জৰিচিঙি খালে ধানৰ মুঠি
ধনৰে কপিলা গৰু॥
(৭)
মাৰৰ নোমলীয়া হলি ঐ চেনেহী
মাৰে নিদিয়ে মোক।
জাকৰ ধেমেলীয়া হলি গুনেশ্বৰী
এৰিব নোৱাৰো তোক॥
(৮)
ৰঙত দিগলি ৰংফুলৰ গামোচা
খঙত দিগলি ভুকু।
যাবৰে সময়ত চকুতে চকুদি
উদং কৰি গলি বুকু॥
(৯)
জপাত মলঙিলে জপাৰ বৰকাপোৰ
ধপাত মলঙিলে গাপত।
মাকৰ ঘৰতে জীয়েক মলঙিলে
নিদিলে যৌৱন কালত॥
(১০)
চাহপাত চিঙিলো চতাইতে মেলিলো
তেতেলি পতীয়া হ'ল।
শহুৰৰ জীয়েকটি বাটত দেখাপালো
পুৰ্ণিমাৰ জোনযেন হ’ল॥
(১১)
ফুলকাটি ফুলবাৰী পাতিলো লাহৰী
ঢোপাকলি মৰহি গ'ল।
কইনা বৰণৰ মইনা পোহিলো
সজাভাঙি মুকলি হ’ল॥
(১২)
ডিবুৰুত কিনিলো ফুলৰে হাঁচতি
চিচিমুখত বদলি হ’ল।
তৰাদৈ গাভৰুক বিয়াকৰি আনি
খুটিৰ ম'হ বিকৰে গ'ল॥
(১৩)
চতাইকৈ বাটিলি মুগাৰে মহুৰা
থিয়কৈ বান্ধিলি চুলি।
তোকে অ’ চেনেহী কোনে মন ভঙালে
ধনশিৰী পৰীয়া বুলি॥
(১৪)
নৈৰে চন্দোৱা বালি অ’ পৰুৱা
ডিবুৰুৰ মটীয়া জীঞাঁ।
অকলে লগদি পগলা কৰিলি
পাতিব নোৱাৰো বিয়া॥
(১৫)
ৰিহাত বাছিলো ৰাঙলী ডবুৰা
চেলেঙত বাছিলো গুণা।
ধনক বাছি ললো সৰুভাই যোৰীয়া
ভাঙিব নোৱাৰো কেণা॥
(১৬)
নৈয়ে এৰিলে ন-খন দলনি
বগে এৰি গলে ঘাট।
চেনায়ে এৰিলে মৰম কোমলীয়া
দেখিলে নিদিয়ে মাত॥
(১৭)
সৰুতে পিতাদেউ জকাই সাজিদিলা
নালতো বিন্ধিলে ঘুণে।
দিখৌ পাৰেকৰি দিলা বিয়াকৰি
সৰুমাছ মাৰিব কোনে॥
(১৮)
ইয়ে বোলে পদুমী সিয়ে বোলে পদুমী
পদুমীক পাবলৈ নাই।
মহগড়ৰ মুখতে পদুমী কান্দিছে
বুজনি দিওঁতা নাই॥
(১৯)
চৰাইটি কান্দিব কুটুবাং কুটুবাং
কণীযোৰ পাৰিব বনত।
ব-বাটিছিলো সূতা কাটিছিলো
তোমালৈ পৰিব মনত॥
(২০)
আয়ে বৈদিয়া ফুটুকি মেখেলা
লওঁ আটি আটি বান্ধি।
বোপাই বিয়াদিলে দুজনী লগালৈ
যাওঁ বাটে বাটে কান্দি॥
(২১)
দকৈ পুখুৰী খনালা পিতাদেউ
মই খাওঁ পিটনিৰ পানী।
জোৰুণত নিদিলা সোণৰ খাটপালেং
মই শুওঁ ডুখৰি পাৰি॥
(২২)
পৰ্বতৰ কিনাৰত মুগা পোহিছিলো
ধেনুজোঁৰ বাটোতা নাই।
ক’ত কৰি কৰি ককাই ঘৰ পাতিলো
মোৰে ঘৰ পাতোতা নাই॥
(২৩)
গাখীৰৰ চুঙাদৈ এৰিলো খাবলৈ
বগীম’হ মৰিবৰ পৰা।
আঁহতগুৰি বিহুলৈ যাবলৈ এৰিলো
মন তৰা নহবৰ পৰা॥
(২৪)
ভাবোতে ভাবোতে ভাবনা বাঢ়িলে
চিন্তোতে জ্বলিলে জুই।
গুনোতে গুনোতে ঘুকুচা হলো মই
টোপনি নধৰে শুই॥
(২৫)
গঙাত মাৰি গলে ঢৌ
প্ৰণয়ৰ ধুমুহাই পীৰিতি ভাঙিলে
যৌৱন উৰণীয়া মৌ॥
(২৬)
ম'হৰ শিং ভাঙিলে যুঁজত
জীৱন ভাঙিগলে প্ৰণয়ৰ ধুমুহাত
দেহাগল মদনৰ কোপত॥
(২৭)
হাবিয়াহ নপলাই মোৰ
যৌৱন বান্ধিললো হাতৰে মুঠিতে
গঙাত মৰিগলো বুৰ॥
(২৮)
যৌৱন জয়ী হ’ব কোন
কচুহলে খজুৱাই শাহুহলে নচোৱাই
ৰাতি হ’লৈ উজ্বলে জোন॥
(২৯)
দেহাহল ডিহিঙৰ গৰা
যৌৱন গলে যখিনী ৰূপ গলে শাঁখিনী
প্ৰেমগলে পপীয়া তৰা॥
(৩০)
পথাৰ ঢাকি পৰিলে কাম
গাই গাই থাকিলে আধ্যা নপৰে
যৌৱনৰ বলীয়া নাম॥
(৩১)
ফুলমই নহ'লো |
তাঁত খুটা ঘিলাজৰি |
|
দেখি নোভাল লাগে আইটী |
(৩২)
চমকত চাবলৈ |
অ’ সৰুফুল ফুল ফুলি আছে |
(৩৩)
তোকে চাই চাই |
ৰিজু বিজু বিজুবন |
(৩৪)
মালিনী নহলে |
|
(৩৫)
নইৰে শুৱনী |
ধনচেং ধনৰ মলা |
চেনেহী শুৱনী |
ধনচেং ধনৰ মলা |
(৩৬)
চ’তে গই গই |
ধনশিৰী কনেঙা |
(৩৭)
এ পদুম |
মাছে মাৰিবলৈ |
(৩৮)
হাবি হেৰাপতা |
কেদৈ নেকেদৈ |
(১)
আহোঁতে দেখোধন যাওঁতে দেখোধন
ওলাই মৰিমৰি জোন।
মোৰে তাঁতশালে কৰ অহাযোৱা
তোৰে মৰমিয়াল কোন॥
ওলাই দেখোধন সোমাই দেখোধন
চাওঁ বেৰচুকে জুমি।
উজনি নামনি কেউৰাজ মাৰিলো
আটাইতকৈ মৰমী তুমি॥
(২)
দিখৌৰ এসুঁতি দিচৈৰে এসুঁতি
কেনেকৈ মিহলি হ’ল।
তুমি পুলিবৰ মই বিহুবৰ
কেনেকৈ চিনাকি হ’ল॥
ধনে যাই বাটলৈ নাজিৰা হাটলৈ
মই যাওঁ ঘাটলৈ বুলি।
বাটতে লগপাই হলো চিনাচিনি
দুগালে দুচুমা দি॥
(৩)
হাতত ধৰিধৰি কলং পাৰহলো
জাঁজি পাৰহলো ডেই।
পথাৰে পথাৰে বিচাৰি ফুৰিলো
কওঁতা নহলে কেওঁ॥
ইফালে মৰি়ঢল সিফালে জীয়াঢল
মাজত বালিচৰি সুঁতি।
পথাৰে পথাৰে বিচাৰি ফুৰা নাই
দলনিত দাইছিলো মুঠি
(8)
চ'তৰে ছমাহ গ'ল তাঁত বাটি কৰোতে
কেলৈ নামললি কাজী।
যোৱাতো বিহুতে গামোচা খুজিলো
এইবাৰ কাটিছ পাঁজি॥
নলওঁ বুলি নললো কপৌফুল এপাহি
নেখাওঁ বুলি নেখালো বেল।
নবওঁ বুলি নবলো তোমালৈ গামোচা
পাবিত দি কাঁজলি শেল॥
(৫)
যোৰফোঁট মাৰতি খোপা জোকাৰতি
কথালৈ নকৰ কাণ।
ৰূপহী দেহাতে কেচাসোণ জলিছে
আমাকো নকৰা দান॥
অঔ কোমলীয়া খাবকৈ নোৱাৰি
ঢাপৰ কোমলীয়া পান।
অনেক মগনীয়া সুধিব পাৰো মই
যৌৱন দান দিয়াতো টান॥
(৬)
কঢ়া কুমতীয়া মধুমতী শিঙিয়া
দক্ষিণে বাসুদেউ পথাৰ।
পানী অনাচলে ঘাটলৈ আহিবা
তাতে হম দুখৰে কথা॥
আয়ে নিদিয়ে নৈলৈ যাবলৈ
পিছলি পৰিবি বুলি।
বোপায়ে নিদিয়ে ভদঙীয়া ডেকালৈ
খাবলৈ নোজুৰে বুলি॥
(৭)
বামে পাই লাখুটি কেনেকৈ এৰিলা
লেজুপাই এৰিলা জৰি।
কেনেকৈ এৰিলা থেৰেজু কলীয়া
ৰাতিটো পীৰিতি কৰি॥
গাখীৰৰ চুঙাদৈ নেখালো চেনীদৈ
চপাই নেপাৰিলো পাত।
চাকিৰে পোহৰত দাঁতৰ চিন দেখি
বুকুলৈ নিনিলো হাত॥
(৮)
চকুলৈ চালেতই মুখলৈ নেচাৱ
কেলৈ এনেকুৱা হলি।
তোকে অ লাহৰি কোনে মন ভঙালে
সোৱণশিৰি পৰীয়া বুলি।
কোনে মন ভঙা নাই কোনে মন চিঙা নাই
আপুনি বিৰহিল মন।
মোৰ মূৰ ধুবলৈ ঘিলা খুজিছিলো
সিনো কিমানৰ হ’ল।
(৯)
জীয়াঢল বাঢ়িলে মৰিঢল শুকালে
দুলুং এৰাসুঁতি হ’ল।
যোৰফোঁট মাৰোতে দাপোণখন চাওঁতে
যৌৱন কাল ভটিয়াই গ'ল॥
আয়ে নিদিয়ে পানী আনিবলৈ
হাতত দুখপাবি বুলি।
বোপায়ে নিদিয়ে ছুৰীয়া ছতাইলৈ
খাবলৈ নোজুৰে বুলি॥
(১০)
কাঁহৰে বাটিটি খিটিঙাই বাজিলে
নেজানি বুলিলো কোন।
আহিব দিছিলো ফুটেকৈ গধূলি
ভটিয়াই গলেগৈ জোন॥
বেলিপৰি আবেলি হকে ঐ চেনেহী
জোন পৰি গধুলি হক।
ওচৰ চুবুৰীয়াই খকে ভাত পানী
শতুৰু টোপনি যক॥
(১১)
নাজিৰা হাটলৈ ওলাইছা যাবলৈ
আনিবা ওদালৰ ফণি।
সৰুকৈ বাটিবা মুগাৰে মহুৰা
আনিম পোৱালৰে মণি॥
হাৰৈলৈ কিনিলো হাৰেকটা মাদলি
পাৰৈলৈ কিনিলো মণি।
বুকুৰ নোমলীলৈ বিচাৰি নেপালো
এখন হাতীদাঁতৰ ফণি॥
(১২)
খিতিখিতি কৰি তাঁতে বৈ আছিলি
তোৰে তাঁতশালে বাট।
আহোঁ তিনিবেলি যাওঁ তিনিবেলি
মুখেৰে নিদিলি মাত॥
আঁহতই পিলিঙা যাৱতই পিলিঙা
বাটৰ মৰে দুৱৰি পাত।
আগতো শতুৰু পিচতো শতুৰু
দিওঁ কেনেকৰি মাত॥
(১৩)
ভোকৰ তিনিমুঠি শুকান পিঠাগুৰি
মহলী মহ’ৰে দৈ।
ৰিহাখন থৈলৈ নাওবাই যাওঁতে
গুৰিদি নগলো মই॥
নহওঁ মই উজানৰ পুথি খলিহনা
ধৰিবি খেৱালী মাৰি।
নহওঁ পিচ বাৰীৰে টিলিকি মিঠা আম
হাতেৰে চিকুটি পাবি॥
(১৪)
বৰনৈ নিৰেমল পানী ঐ চেনেঙা
পাৰৰে কহুঁৱা বন।
কাষতে কলহলৈ ঘাটলৈ আহিলা
পগলা কৰিলা মন॥
বৰনৈ থিয়ঘাট বাৰিষা পিছল বাট
লগত সৰুভনী নাই।
বাটত জোঁটা-পোটা নকৰা চেনেঙা
আয়ে থাকে বাতৰি পাই॥
(১৬)
লং ফুলৰ গামোচা বলি ঐ ঘুনুচা
কেছ ফুলৰ গামোচা বলি।
ছাঁতে শুকুৱাই মুঠিতে লুকুৱাই
কালৈ সামৰি থলি॥
নবঁও বুলি নবলো তোমালৈ গামোচা
পাৰিত নেবাছিলো ফুল।
নিদিওঁ বুলি নিদিলো কেছফুলৰ বাবৰি
তুমি হলা অজাতি কুল॥
(১৬)
ধাননি ধাননি নাহিবি কাঞ্চনী
ধানপাতে কাটিব গা।
মোৰ যে কপালত যি হবৰ হইছে
ঘৰলৈ উলটি যা।
কাটিলে কাটকে ধানপাতে কাটক গা
তালৈ নকৰো কাণ।
তোমাৰে কাৰণে দেহাটি নেৰাখো
নেৰাখো দুখিনী প্ৰাণ॥
(১৭)
ৰেলআলি বন্ধালে কোনে অ’ চেনেহী
গড়আলি বন্ধালে কোনে।
গচ্ছিধন ভাঙোতে চেনাই মন ভাঙিলে
বুজনি দিবহি কোনে॥
কোনে মন ভঙানাই কোনে মন চিঙানাই
আপুনি বিৰহিল মন।
মোৰে তাঁতশালে কৰ অহাযোৱা
তোৰে মৰমীয়াল কোন॥
(১৮)
কেলৈ মইনা হাঁহিটি মাৰিলা
চকুৱে চকুৱে চাই।
কেলৈ খুজিলা লং ফুলৰ গামোচা
ববলৈ টোলোঠা নাই।
দুলুংনৈ পাৰহৈ হুলং গছ কাটিলো
জিৰাই যাওঁ ধুবুনী ঘাট।
পৰুৱা শিপিনীৰ টোলোঠা কাটোতে
আলষণী লাগিছে গাত॥
(১৯)
কলৈ গৈ আছিলা পানীৰে বিমলা
হাতত হেঙুলীয়া কাচি।
বাটতে লগ পাই তিনিবাৰ সুধিলো
নেমাতি আহিলা গুচি॥
আমনি ধানকে দাবলৈ গৈছিলো
কিহত বা বৰলে খালে।
ধনৰে আগতে খুলি ক'ব নোৱাৰো
লাজে হেচাঁমাৰি ধৰে॥
(২০)
চিতিকি চিবনে বনে ঐ চেনেঙী
চিতিকি চিবনে বন।
চিতিকি চিবনে দুটি যউবনে
পিটিকি থাকিব মন॥
হাবিতে লাগিলে ওলমি পৰিলে
মামৈ তামোলৰে থোক।
চিতিকি চিবনে লেৰেলা মৰমে
পিটিকি নেপাবি মোক॥
(২১)
আহুধান ৰাখিবৰ বতৰ ঐ কনেঙা
সাজিম এচলীয়া টঙি।
চৰাই ৰাখিবিনে পীৰিতি কৰিবি
কাকে কথা কবি ভাঙি॥
নৈ ঘূৰণীয়া ঘূৰণ ঐ চেনেঙা
পানী ঘূৰণীয়া পাক।
মন উৰণীয়া দেহা জুৰনীয়া
পীৰিতি বিলামে কাক॥
(২২)
কিতাপ পঢ়ি পঢ়ি কান্দ তই চেনেহী
চিঠি পঢ়ি পঢ়ি কান্দ।
নৈ ঘাটত বহি টোক চকুপানী
কালৈ চিন্তাকৰি থাক॥
আইহল অলীয়া আকুল পথিক পঢ়ি
বোপায়ে বহাগীক পাই।
তুমিয়ে আমিয়ে বিহুগীত জুৰিলো
যৌৱন সাগৰলৈ চাই॥
(২৩)
ওখ পৰেবতৰ লতা
কিনো ৰুমাল গাঁথি দিছিলি চেনেহী
মাজতে এচিটা ফঁটা॥
(২৪)
কলৈনো আছিলি গৈ
চ'তৰে ছমাহ গল মহুৰা বাঁটোতে
হাঁচতি নিদিলি বৈ॥
(২৫)
হাঁচতি থৈছো বৈ
হাঁচতিহে পাবি মোকে যে নেপাৱ
কান্দিবি আগতে লৈ।
(২৬)
হাতলৈ গঢ়ালো খাৰু
তুমি শুবাবুলি তুলিখন বনালো
মাদুৰি তুলাৰে গাৰু॥
(২৭)
নহ’ব নাচনী আৰু
চোলাটো দিছিলি বুকুলৈ নাটিলে
হাতলৈ নাটিলে খাৰু॥
(২৮)
কঠালে কঁঠালে পেলালে মুচি
উলটি উভতি আৰু নাম নেগাবি
যাগৈ ঘৰলৈ গুচি॥
(১)
হাতলৈ কিচাবি লিহিৰি পিহিৰি
দাঁতলৈ কিচাবি ঘন।
এনে বগীতৰা সোণে গিলিপ মৰা
লগত লৈ ফুৰিব মন॥
(২)
বৰনৈ শুৱনী বগীদৈ চাপৰি
ননৈ শুৱনী বন।
মোৰ ধন শুৱনী যৌৱনৰ জুৰণি
চিকুটি থাকিব মন॥
(৩)
অতিকৈ চেনেহৰ ফুলবাৰী পাতিলো
তাৰ মাজত খৰিকা জাঁই।
অতিকৈ চেনেহৰ পীৰিতি কৰিলো
থাকিবলৈ নেপালো চাই॥
(৪)
লুইতৰ শুৱনী উজাই মিৰিয়নি
ডিবুৰু শুৱনী জীঞাঁ।
দেহিঐ চেনেহী লহঙী পহঙী
গালতে এচুমা দিয়া॥
(৫)
শ’লে পানী খালে শালে পানী খালে
ভুমুকা ভুমুকি কৰি।
আচলত চল লগাই ধনে পানী খালে
নই থিয় গৰাত ধৰি॥
(৬)
চৰাইটি কান্দিব বনত অ' মইনা
চৰাইটি কান্দিব বনত।
যোৰীয়া যৌৱনত হাত ফুৰাইগলি
সদাই পৰি থাকে মনত॥
(৭)
পানী দেখি লাগিলে পানীৰে পিয়াহটি
তোক দেখি লাগিলে দয়া।
সপোন সমাজিকে ফুৰু একেলগে
কোনজন ঈশ্বৰৰ মায়া॥
(৮)
খাই ভালপালো চকলা টেঙাটি
দেখি ভালপালো ফেঁচা।
গাখীৰৰ ফেনযেন ধনৰ যৌৱনযুৰি
বৰকৈ নিদিবি হেঁচা॥
(৯)
চিৰিঙাই পৰিব মনত অ’ মইনা
ঘুপুৰাই পৰিব মনত।
চিৰিঙাই এবেলি ঘুপুৰাই দুবেলি
পৰে তিনিবেলি মনত॥
(১০)
চৰায়ে চৰায়ে চেনেহা চেনেহী
আকুলি বিকুলি কৰি।
তুমিয়ে আমিয়ে পীৰিতি কৰিলো
বুকুতে সাৱটি ধৰি॥
(১১)
হাতো লহঙী ভৰিও লহঙী
তোমাকে বুলি যাম সোণ।
পঠালি কোলাতে তুলি লৈ আইজনী
গাইযাম তোমাৰে গুণ॥
(১২)
পানীৰে বিমলা তুমি বগী হলা
গাখীৰৰ নিচিনা ৰং।
ওলাওঁতে সোমাওঁতে ৰিহাখন পিন্ধোতে
বলীয়া কৰিলি মন॥
(১৩)
ঢেকীটি মৰমত ধানকে নেবানো
থোৰাটি মোহাৰি থাকোঁ॥
চেনাইটি মৰমত গাঁৱকে নোফুৰো
বুকুতে সাবটি থাকো॥
(১৪)
সপোনত মইনাজান দিছিলা প্ৰেমদান
দিছিলা মৰমত মাত।
তোমাৰে নিচিনা ৰঙা বৰণীয়া
বুকুত দি আছিলো হাত॥
(১৫)
বজাই ভালপালো মহশিঙ পেঁপাটি
শুনি ভালপালো মাত।
দি ভালপালো ধনৰে বুকুৰে
যোৰীয়া যৌৱনত হাত॥
(১৬)
ৰাতি চাকি জলাই কি মণি গাঁথিলা
আটাইবোৰ সোণৰে পোৱাল।
ভাঙোতে পাতোতে লুটি বাগৰ কৰোতে
ৰাতিটো বেগতে পুৱাল॥
(১৭)
ওলাই দেখা পালো চেহাবৰ বঙলা
সোমায়ে দেখিলো শ'ল।
সাৰ পাই দেখিলো ধনৰে গামোচা
শিতানত পাহৰি গ'ল।
(১৮)
জিল বৰণীয়া আঁঠুৱা তৰিলো
নীল বৰণীয়া পাটী।
ধনৰে লগতে পীৰিতি কৰোতে
নোপোৱাই কালিন্দী ৰাতি॥
⸻ ○ ○ ⸻
(১)
হেঙু বৰণীয়া সোৱণশিৰি নৈ খন
জেঙু বৰণীয়া জোন।
লাখৰে বাখৰে হাতৰ গামখাৰু
চেনাই বৰণীয়া কোন॥
(২)
ইফালে ফুলনি সিফালে ফুলনি
চিঙু কোনখনি পাহি।
দুহাতে দুপাহি খোপাতে এপাহি
চেনায়ে পেলাব হাঁহি॥
(৩)
ৰৈ ৰৈ ধেমালি কৰ ঐ নাচনী
গৈ গৈ ধেমালি কৰ।
গাৰে কাপোৰকানি জুৰুলি জুপুৰি
বান্ধৈ তই ধেমালি নেৰ॥
(৪)
তোমালৈ আনিছো সৰু দৈয়া জাপিটি
আমালৈ আনিছা কি।
আনিছো গগনা ধনে বনাই দিয়া
মাজত বালিচন্দা দি॥
(৫)
মহৰে গুৱালটি ৰংমন ককাইটি
ডিঙি ভাঙি ভাঙি চাই।
নেমাতি মাতিলি নেহাঁহি হাঁহিলি
সমধত একোটো নাই॥
(৬)
ক’ত মণিজৰি বাট ঐ চেনেহী
এলেচি দুলেচি কৰি।
ক’ত কন্দাকটা কৰ গুণলতা
মাৰৰ ডিঙিতে ধৰি॥
(৭)
চুলি নেবান্ধিবি তুলি পিলেশ্বৰী
পেলাই নেবান্ধিবি চেং।
অকলে লগ দি পগলা কৰিলি
বাটতে বগৰি জেং॥
(৮)
ধনে ভাতখোৱা কাঁহী পানধোৱা
চোঁচৰি বোটলো চুবা।
কিনো মায়া জালত পেলালি সুৱাগী
নেদেখো গধূলি পুৱা॥
(৯)
আইৰে নিচিনা খনীয়া পিন্ধিলো
বাইৰে নিচিনা খোপা।
একেখন বিহুতে নাচি থৈ আহিছে৷
তোমাৰে নিচিনা ডেকা॥
(১০)
দূৰণি বটীয়া পুৰণি চিনাকি
জাপি কাটিকৰি চাই।
চাওঁ ডিঙিমেলি চেউনি আলিয়ে
ধনে কান্দি কান্দি যাই॥
(১১)
যোৰহাট জিলালৈ ওলাইছা যাবলৈ
আনিবা ওদালৰ ফণি।
সৰুকৈ বাটিবা মুগাৰে মহুৰা
আনিম পোৱালৰে মণি॥
(১২)
কাঁহীটো নেখাওঁ ঐ বাটিতো নেখাওঁ ঐ
নেখাওঁ সঁফুৰাত গুৱা।
নাজিৰা হাটলৈ নেযাওঁ ঐ লাহৰী
নিপিন্ধো ৰেচমৰ চোলা॥
(১৩)
দুলুঙৰ উজনি নৈ ভেঙুচীয়া
ৰঙাগৰা ঘাটৰে বালি।
তিতাকৈ তিয়নি যৌৱনৰ জুৰণি
আছিলি সেঁউতা ফালি॥
(১৪)
ডেওদি উৰিলে দেও ডঁৰিকণা
ছুটিদি উৰিলে শ’ল।
কাক বাঁহৰ তলতে পীৰিতি কৰোতে
বালিচন্দা উফৰি গ'ল॥
(১৫)
তোকে অ’ পমিলা কলো মই তেতিয়া
কাটিবি কপাহৰ জোলা।
নিবলৈ লাগিব জপাৰ বৰ কাপোৰ
যাবলৈ লাগিব দোলা॥
(১৬)
ৰঙাচোলা নিপিন্ধ তই ঐ চেনেহী
ঢিলাচোলা নিপিন্ধ তই।
মুগাৰিহা খনি তাকো তই নিপিন্ধ
আছিলি পদূলিত ৰৈ॥
(১৭)
ভাতে খাই গলো তপতে তপতে
পানী খাই গলো চেঁচা।
জালিকটা বেৰেদি সুহুৰি মাৰিলি
সিজাভাত কৰিলি কেঁচা॥
(১৮)
চতিয়না ওপৰে বেলিঘুৰে দুপৰে
মেলেঙত গধূলি হ’ল।
ছকুৰি ছটকা মেজাঙ্কৰি গামোচা
বেইতাৰ লগতে গ'ল॥
(১৯)
পদূলি শুৱনী গধূলি গোপালে
ফুলৰে শুৱনী পাহি।
মইনী শুৱনী মনৰে জুৰণি
মুখৰো নোগুচে হাঁহি॥
(২০)
দেহি ঐ লাহৰী দেহি ঐ চেনেহী
কোনে চাই থাকিব তোক।
দোলা দাপোণ যেন লাহৰী ছবিটি
দেখিলে নেলাগে ভোক॥
(২১)
পানী দেখি লাগিলে পানীৰে পিয়াহটি
তোক দেখি লাগিলে দয়া।
সপোণ সমাজিকে ফুৰু একেলগে
কোনজন ঈশ্বৰৰ মায়া॥
(২২)
আহু তলগল শালি তলগল
ন-জোনৰ মুখৰে পানী।
মুঠি ভৰাই ভৰাই দাবলৈ নেপালো
ধনে আনিদিয়া কাচি॥
(২৩)
কেলৈ এনেকুৱা হলা ঐ মইনা
চাঁও বেৰচুকে জুমি।
হাততে লগপাই বাটতে জুকালা
ভাই সমনীয়া তুমি॥
(২৪)
ই বনৰ বগৰী সি বনত পকিলে
কোনে আনিদিব মোক।
মাকৰ নোমলীয়া জাকৰ ধেমেলীয়া
এৰিব নোৱাৰো তোক॥
(২৫)
নৈ খুবুঙৰে পুঠি খলিহনা
জকাই খুবুঙৰে মোৱা।
কিনো মায়া জালত পেলালি সুৱাগী
নেদেখো গধূলি পুৱা॥
(২৬)
ঘাটৰে ঘটীয়া কটীয়া শিঙৰা
পথাৰৰ মটীয়া বন।
নাচনী ৰহিতা কাট সৰুসুতা
পৰলৈ নিদিবি মন॥
(২৭)
সজাভাঙি মোকোলাও সজাৰে মইনা
গৰাল ভাঙি মোকোলাও হাতী।
ডিঙিৰ মণিবেচি মইনাক মোকোলাও
টোপনি অহানাই ৰাতি॥
(২৮)
হাঁহে বাটবুলে লোদোৰে পোদোৰে
পাৰই বাটবুলে ৰৈ।
ধনে বাট বুলে চেউনি আলিয়ে
বুকুত সোমথিৰা লৈ॥
(২৯)
ধনে উজাই গ'ল মোকে বুজাই গল
দুটি সৰু হাতত ধৰি
গাৰে কেচামঙহ কাকো নিবিলাবি
এথানি এবানি কৰি॥
(৩০)
ইফালে লিহিৰি সিফালে লিহিৰি
মাজত চলঙুৱা গৰা।
কেচাই খাঁও পকাও খাঁও নকৰা মইনা
মই জানো কেচুৱা ল'ৰা॥
(৩১)
তোমালৈ আনিছো সৰুদৈয়া জাপিটি
আমালৈ আনিছা কি।
আনিছো গগণা ধনে বনাই দিয়া
মাজত বালিচন্দা দি॥
(৩২)
হাততো জেতুকা ভৰিতো জেতুকা
জেতুকা বাৰীলৈ যাওঁ।
জেতুকা পাতেৰে আঙঠি পিন্ধাই লৈ
ধনৰ ৰেহৰূপ চাওঁ॥
(৩৩)
মহমেলি গুৱালটি চাপৰি পালেগৈ
বাটত খাই গল আলু।
পিচৰ টি গুৱালে সুহুৰি মাৰিলে
একেটি খোজতে ৰলো॥
(৩৪)
সৰুকৈ বাটিবা মুগাৰে মহুৰা
চতাইকৈ পাৰিবা পাত।
আঁহোতে যাওঁতে মোৰে তাঁত শালে
লাহেকৈ লগাবা মাত॥
(৩৫)
চমকত দেখিলো চিতিকি বিজুলি
পলকত দেখিলো তৰা।
ধুনাগুৰি পথাৰত জীয়েকক দেখিলো
ৰূপতকৈ জেউতি চৰা॥
(৩৬)
চকলা চকলি বখলা বখলি
জুটুলা জৰাৰে জিম।
লংগুটি আনিবা ডালচেনি আনিবা
তোমাক বটা ভৰাই দিম॥
(৩৭)
কলৈ গৈ আছিলি পিজলি গাভৰু
সময়ত পাবলৈ নাই।
খোজত হালেজালে ৰদত জঁইপৰে
যোৱাহি এচুমা খাই॥
(৩৮)
চৰাইটি ধুনীয়া পাখি বিনন্দীয়া
কি খাই বোলালি ঠোঁট।
কতে বিহুমাৰি আহিলা গোহাঁইদেউ
কাপোৰত সেন্দুৰ ফোঁট॥
(৩৯)
আলি কাষে কাষে ম’হে লালি পাতে
গুৱাল বা কেহেলৈ গ'ল।
নানবানি লগতে বিহু মাৰি থাকোতে
ম’হে বনৰীয়া হ'ল॥
(৪০)
তাঁতৰ দোৰপতি বাজে খিতিখিতি
বহিবৈ আছিলো তাঁত।
মাকোৰ খিতখিতনি গামখাৰু বাজনি
লগাই কোন ঈশ্বৰে মাত॥
(৪১)
ধনে বনাই দিয়া জেঙুপাতৰ বিচনী
ধনে বনাই দিয়া পাটী।
ধনো নাহিলে বাতৰি নিদিলে
থাকো উজাগৰে ৰাতি॥
(৪২)
খামলা এমলা টোপোলা বান্ধিলা
পাতেৰে বান্ধিলা দৈ।
ৰঙানৈ পাৰে হৈ টোপোলা মেলিলো
আহে চকুপানী বৈ॥
(৪৩)
নীল বৰণীয়া আঁঠুৱা তৰিলো
জিল বৰণীয়া পাটী।
ধনৰ ডিঙিত ধৰি শুৱলৈ নেপালো
পুৱালে কালিন্দি ৰাতি॥
(৪৪)
দীঘদি লগালি লং ফুলৰ গামোচা
বাণিত কেছফুলৰ কলি।
ছাঁতে শুকুৱাই মুঠিতে লুকুৱাই
কালৈ সামৰি থলি॥
(৪৫)
দিখৌ পাৰহলো জাঁজী পাৰহলো
জিৰালো কলীয়া বৰত।
মনৰে হাবিয়াহ থওঁ কাতিকৰি
সাৱটি তোমাৰে গলত॥
(৪৬)
কোনে দি গল ধনৰে বাতৰি
পিয়নৰ হাতৰে চিঠি।
জীয়েকে কান্দিছে ফেকুৰি ফেকুৰি
মাকৰ জিঙিতে ধৰি॥
(৪৭)
মাছৰে লেতেৰা পুঠি চেলেকনা
ভাৰৰে লেতেৰা সাঙ্গী।
ছোৱালী চেনীমাই বাটতে পানী নাই
কাছুটি আহিলা দাঙি॥
(৪৮)
ইঘাটে দুবৰি সি ঘাটে দুবৰি
তুলো কোন ঘাটে পানী।
লাহৰী চেনায়ে গা ধুই আছিলে
তুলো সেই ঘাটে পানী॥
(৪৯)
চৰাই মনোমতী মনকে মোহিলি
মাতিলি অমাতৰ মাত।
চেনাই মনোমতী চকুৰে চাৱনি
ৰিহা নাইকিয়া গাত॥
(৫০)
বিলাটি হোটলৰ বাণী কি বান্ধৈ ঐ
বিলাতী হোটলৰ বাণী।
গা-ধুই থাকোতে চেনাইটিক দেখিলো
বৈ গ’ল পীৰিতি পানী॥
— ০০ —
(১ )
চকুলৈ কি চাবি তামুলী তৰাযেন
মইনা চৰাই যেন মাত।
হাতৰে লাহৰে খাৰুযোৰ পিন্ধিলি
ললি ৰঙাৰিহা গাত॥
(২)
নই চেঙেলীয়া গৰা কোমলীয়া
তৰা কোমলীয়া পাত।
চেনেহী বুকুতে যৌৱন কোমলীয়া
ধনৰ ধেমেলীয়া হাত॥
(৩)
অঔ কোমলীয়া বৌ কোমলীয়া
মৌ কোমলীয়া জোল।
তুমি চেঙেলীয়া আমি ধেমেলীয়া
চিঙিয়াই ধৰমৰ ডোল॥
(৪)
যৌৱনৰ শুৱনী চেলেং ছকঠীয়া
গোলাপৰ শুৱনী পাহি।
ধনে ধেমেলীয়া মন চেঙেলীয়া
থাকে মিচিকিয়াই হাঁহি॥
(৫)
মাকুৰ খিত্খিতনি গামখাৰু বাজনি
দেৱৰলৈ গামোচা বওঁ।
গাতে ঠেলামাৰি নেযাবি মইনা
সমধত বৌৱেৰে হওঁ।
(৬)
দাবলৈ নেপালো হেন্দুলি হেন্দুলি
দলনি মাগুৰি ধান।
দিবলৈ নেপালো খনিয়াই খনিয়াই
ৰাঙলী মদাৰৰ পান॥
(৭)
ম'হৰে গুৱালটি লাটিবৰ ককাইটি
নলনি ডুবৰে হাবি।
একুৰি এজনী চেঁউৰী পোঁহিছ
গাখীৰ কাহানিকৈ পাবি॥
(৮)
যাই মইনা পৰলৈ আহে মইনা ঘৰলৈ
থাকে মইনা অকলৈ শুই।
চেঁচা ঢাৰী পাটী নধৰে টোপনি
আহে চকু পানী বৈ॥
(৯)
ধনৰে বাৰীতে ফেচেকা পনিয়ল
ৰঙা ফেচুলুকাই খাই।
খেদাই দে খেদাই দে অজাতি চৰাই ঐ
চেনাই হৈ মাতোতা নাই॥
(১০)
বাঁহৰে আগলৈ চাই পঠিয়ালো
বাঁহে কোনদালি পোন।
জাকৰে মাজলৈ চাই পঠিয়ালো
চেনাই পূৰ্ণিমাৰ জোন॥
(১১)
দুলুংনৈ পাৰহৈ হুলুং গছ কাটিলো
জিৰালো কদমৰ ছাঁত।
পৰুৱা শিপিনীৰ টোলোঠা কাটোতে
আলষণী লাগিলে গাত॥
(১২)
যৌৱনৰ জুৰণি মৰমৰ পুৰণি
দূৰণি বটীয়া বাট।
গাখীৰৰ ফেন যেন ধনৰ যৌৱনযুৰি
কপাহৰ জোলাযেন হাত॥
(১৩)
তোমাক অ পমিলা কলো মই তেতিয়া
খোপাত নোগুজিবা লোণ।
চৰাই উৰণীয়া মন দূৰণীয়া
খাই পাহৰিব গুণ॥
(১৪)
কুৰুতা পিন্ধিলি তই ঐ চেনেহী
ককালটি কৰিলি চিঁয়া।
ৰিহা মাৰিবলৈ এৰিলি চেনেহী
মেমনি সজালি দেহা॥
(১৫)
ফুলৰে শুৱনী ইপাহি সিপাহি
ডিবুৰ শুৱনী জীঞাঁ।
জীৱনে মৰণে তোমাৰে লগৰী
বিহুলৈ পঠিয়াই দিয়া॥
(১৬)
হাতমেলি নেপালো হাতৰ গামখাৰু
ভৰি মেলি নেপালো পাটী।
ফুলাম পাটী পাৰি মইনাক নেপালো
টোপনি নাহিলে ৰাতি॥
(১৭)
জীয়াঢল আউলি জীয়াঢল বাউলি
জীয়াঢলে ভাঙিলে গৰা।
কেলৈ কাপোৰ দাঙি দেখালি মইনা
মই কেই দিনৰ ল’ৰা॥
(১৮)
ন-জোন ওলালে বাঘে চুং সলালে
পহুচুঙত পাতিলো জাঙ্গি।
কোলাতে বহুৱাই সুধিলো ফুচুলাই
পেটকথা নকলি ভাঙি॥
(১৯)
কিনো ব-বটীয়া বাটিলি ললিতা
উঘাতকৈ চেৰেকী ঘন।
ৰ'দত ধান মেলাদি দেহাটি মেলিলি
তললৈ কৰা নাই মন॥
(২০)
আবেলি আবেলি মেঘে বৰষিলে
গধূলি বৰষে দেও।
নৈ গৰা ভঙাদি চেনাই মন ভাঙিলে
বুজাওঁতা নহলে কেওঁ॥
(২১)
আগলি বাঁহৰে পবালি গগণা
বহি তাঁত পাতত বাঁও।
আহেকি নাহে ঐ মোৰ ধন চেনেঙা
চিৰিপাতি মঙলখন চাওঁ॥
(২২)
নাজিৰা হাটলৈ ওলাইছা যাবলৈ
আনিবা পোৱালৰ মণি।
গোন্ধতোল আনিবা চিচিকৈ মালতী
ওদালৰ আনিবা ফণি॥
(২৩)
নৈ ভেঙুচীয়া পাকে ঐ ঘুনুচা
নোশুনো কেতেকীৰ মাত।
এদালি দুদালি লিহিৰি গজিছে
ধনে পানীখোৱা ঘাট॥
(২৪)
ফুলৰ নাম ইলাচী ফুলৰ নাম বিলাচী
ফুলৰ নাম খৰিকাজাই।
ধনলৈ বুলি গাথোঁ ফুলৰ মালা
শতুৰু আছেহি চাই॥
(২৫)
যৌৱনৰ শুৱনী আশী চেলেংখনী
ফুলৰে শুৱনী পাহি।
ধনৰে শুৱনীৰ ৰঙাগাল দুখনি
বিজুলী বাতিযেন হাঁহি॥
(২৬)
উজাই দিখৌ গৰাত নাগিনী নামিলে
পানীতে পৰিলে ছাঁয়া।
বায়েক নে ভনীয়েক চিনিব নোৱাৰি
কোনজন ঈশ্বৰৰ মায়া॥
(২৭)
হাঁহোতে হাঁহিলি মাতোতে মাতিলি
পদুলি বাটলৈ আহি।
চকুতে চকু দি কিনো কৈ গলি
এবেলা আছিলো ভাবি॥
(২৮)
ইবনত ফুলিলে সি বনত ফুলিলে
শুৱনী খৰিকাজাঁই।
ইফালে চেনাই মাত সিফালে চেনাইমাত
দেহা ফাটিছিটি যাই॥
(২৯)
আঁহোতে ফুলনি যাওঁতে ফুলনি
নিচিঙি চিঙিলো ফুল।
পাতৰে আঁৰতে ধনে সুহুৰিয়াই
নেজানি কৰিলো ভুল॥
(৩০)
ইমান ধুনীয়াকৈ কোনে স্বৰজিলে
ৰূপতকৈ জেউতি চৰে।
আন্ধাৰত থাকিলে বিজুলি বাতিযেন
চকু তিৰেবিৰে কৰে॥
(৩১)
উজাই ডিবুৰুৰে খহটা ডিমৰু
চিলিবৰ চিলিবৰ পাত।
ধনৰে দেহাটি জেঙুবৰণীয়া
জিলিবৰ জিলিবৰ মাত॥
(৩২)
সেউতী নিপিন্ধ তয়ে ঐ চেনেহী
মালতী নিপিন্ধ তই।
হাঁহিলে নেহাঁহ মাতিলে নেমাত
পদূলিত আছিলি ৰৈ॥
(৩৩)
বিহুবটা দিলা বিহুৱান গামোচা
তাৰো নেভাগিলে থোঁৰ।
বিধিকৈ বিধাতাক মাতো কৰযোৰে
পাতক পুনৰবি যোৰ॥
(৩৪)
ৰিহাতে বাছিলো ফুটুকি ডবুৱা
হাঁচতিত বাছিলো কেছ।
ধনক বাছি ললো সৰুভাই যোৰীয়া
ভাঙিব নোৱাৰো পেঁচ্॥
(৩৫)
কেতেকী ধুনীয়া পাখি সেউজীয়া
বুজিব নোৱাৰি আস।
চেনাইৰে দেহাটি চেং চেং ভক্ভক্
চাপিব নোৱাৰি কাষ॥
(৩৬)
ই বিলত জাকৈয়া সি বিলত জাকৈয়া
মাৰে কোন বিলত মাছ।
সৰুটি চেনাইকে শিঙিয়ে ফুটিলে
পৰিল ডেকালৰা পাছ॥
(৩৭)
সৌৱা কোন যাই বুকুৰে ধন যাই
খোজত মৰে দুবৰি বন।
উলটি পালটি নেচাবি মালতী
কেনেবা কৰিছে মন॥
(৩৮)
সেউতী ফুলিলে মালতী ফুলিলে
ফুলিলে খৰিকাজাঁই।
ধনৰে বাৰীতে যৌৱন ফুল ফুলিলে
আমনি নেলাগে চাই॥
(৩৯)
শিলে গঁথা পুখুৰী খনালা লাহৰী
পানীনো খাবহি কোনে।
বিয়া কৰিম বুলি বৰঘৰ সাজিলা
কইনা হবহি কোনে॥
(8০)
উৰাই মাৰিলি ঘুৰাই মাৰিলি
মাৰিলি পমিলাৰ গুটি।
কিহৰে খঙতে মাৰি পঠিয়ালি
খনীয়া তামোলৰ মুঠি॥
(৪১)
আইমান মৰমী নাই ঐ চেনেহী
বোপাই মান মৰমী নাই।
তাতোকৈ মৰমী তুমি গুণেশ্বৰী
আমনি নেলাগে চাই॥
(৪২)
তামোলৰ বান্ধিলো টোপলি টোপলি
মাহৰে বান্ধিলো ফাঁক।
তোমাকে যাচিলো লঙে দালচেনি
পীৰিতি যাচিমে কাক॥
(৪৩)
আগলৈ নেচালি পিচলৈ নেচালি
মোকে গৰু বাটত পাই।
অতক মানুহ গৰু কৰে অহা যোৱা
শতুৰু আছেহি চাই॥
(৪৪)
কেলৈ মইনা বৰঘৰ সাজিলা
ফুলচতি নিদিলা তাত।
কতেনো লাহৰী তাঁতশাল পাতিলা
ধনে অহা যোৱা বাট॥
(৪৫)
আঁচুৱলী ৰিহাখন ঘনাই গঁৰিয়লী
বিহুলৈ গৈছিলো লৈ।
কোনোবা পাকতে নাহৰৰ ডালতে
মেৰিয়াই আহিলো থৈ॥
(৪৬)
চৰাইটি কান্দিব বনত অ’ মইনা
কণিযোৰ পাৰিব বনত।
কাকৈ কদমতে ওলমি থাকোতে
ধনলৈ পৰিব মনত॥
(৪৭)
অতি চেনেহৰে মইনা পোঁহিলো
ঘুৰি ঘুৰি ডালতে পৰে।
অতি চেনেহৰে তৰাদৈক আনিলো
পিঠা খাওঁ পিঠা খাওঁ কৰে॥
(৪৮)
বেণী গুঁথা দেখিলো লাহৰ চুলিটাৰী
লাখৰে বাখৰে হাত।
জপনা দেওঁতে ন-জোন দেখিলো
দেওঁধনি উঠিলে গাত॥
(৪৯)
ধনৰ চেউমণি ধানৰ সোৱাগমণি
কুটুবাং চৰায়ে খাই।
দেহৰ দেওঁধনি বুকু ঢপ্ ঢপ্নি
ধনে হাঁহিমাৰি যাই॥
(৫০)
ৰৈ ৰৈ ধেমালি কৰ বণমালী
দুৱাৰত ঘুণুচা জৰি।
এৰিদে ঘুণুচা পাবহি জানোচা
বাটৰ বাটৰুৱাই দেখি॥
— ○ ○ —
ব্যঙ্গৰাগ
(১)
হাঁচতি লাহৰে টেমাটি কাঁহৰে
কটাৰি ম'হৰে শিং।
নগলে জামৰি আঙলি কামুৰি
কাললৈ ৰাখিলি চিন॥
(২)
সিংখাপৰ মেখেলা নেলাগে মইনা
নেখাওঁ গুৱালৰ দৈ।
লেৰেলা সাদৰৰ নেলাগে এচুমা
বেইতা লগীয়া পৈ॥
(৩)
নৈয়ে এৰিলে নৈয়ে চেৰাসুতি
সাউদে এৰিলে ঘাট।
চেনায়ে এৰিলে চোলা পিন্ধিবলৈ
মাতিলে নেমাতে মাত॥
(8)
হাতে কি হৰিলী মাতে কি পমিলী
গাতে কি ঘঁহিলা ৰং।
নাজিৰা হাতলৈ ওলাইছা যাবলৈ
চুলিলৈ আনিবা চং॥
(৫)
জাপি সৰুদৈয়া টুপে বগীতৰা
কেতেক বৈ থাকিম তাঁত।
গা-জিন্জিনি বুকু পিৰপিৰণি
লগাই থৈ আহোগৈ মাত॥
(৬)
জাংফাই কেৰুযোৰ পনিয়ল বাখৰবোৰ
চকু তিৰেবিৰে কৰে।
কেতেকী সজীয়া চেনাইৰে ককালটি
খোজতে মুকুতা সৰে॥
(৭)
লুইতখন শুৱনী বগীদৈ চাপৰি
দিখৌখন শুৱনী গৰা।
মনতৰা শুৱনী ৰংদৈ পথাৰত
ৰূপতকৈ জেউতি চৰা॥
(৮)
সোণৰ গামখাৰু নিপিন্ধো মইনা
নিপিন্ধো ঘুনুচা জৰি।
ৰঙাৰিহাখনি তাকো মই নিপিন্ধো
থাকিবি সাৱটি ধৰি॥
(৯)
লং ফুলৰ গামোচা বলি ঐঘুনুচা
কেছ ফুলৰ গামোচা বলি।
শুৱাই কি নোশুৱাই ধনৰে ককালত
পিন্ধি আগগুৰি চালি॥
(১০)
কলৈযাৱ ৰচকী কলৈ যাৱ পচকী
ৰিহাত পদুমফুলৰ শৰাই।
গলধনত পেলাই খোপাটি বান্ধিলি
যেনে ফেচুলুকা চৰাই॥
(১১)
কলীয়া বৰৰে মলীয়া পথাৰত
হলীয়া মতাম’হ বালো।
জাকৈয়া ছোৱালী যাই জাকিমাৰি
তুমি বুলি উলটি চালো॥
(১২)
খাব মনগল বগী হাঁহ এজনী
সোধোতা নহলে কেওঁ।
আনিব খুজিলো বগী দৈ গাভৰু
ভূলাব নেজানো ছেঁও॥
(১৩)
ফুলকাটি ফুলবাৰী পাতিলি লাহৰী
থিয়কৈ বান্ধিলি চুলি।
কেলৈ সোণামুৱা উঘালি পেলালি
বাঁজী ফুল মেলিলে বুলি॥
(১৪)
অলনি দলনি পকা চপৰাণি
আৰুবা কিমানৰ দূৰ।
কতেনো ছোৱালী পালাগৈ গোহাঁই দেউ
বাটৰো নপৰে ওৰ॥
(১৫)
বৰমপুতৰ মাজৰে বৰহমথুৰি আনিবা
গুৱালৰ আনিবা দৈ।
নাজিৰা হাটৰে জেতুকা আনিবা
থাকিম পদূলিতে ৰৈ॥
(১৬)
নালেনাই বিচনী কেলৈ বনাইছিলা
নপৰে বতাহৰ বা।
দকৈ পুখুৰী কেলৈ খনাইছিলা
চেনায়ে নোধোৱে গা॥
(১৭)
চাহপাত চিঙিলো চটাইতে মেলিলো
তেতেলি পতীয়া হ'ল।
শহুৰৰ পুতেকটি নিচেই কৈ অবুজন
বাটত ভেটা ভেটি হ'ল॥
(১৮)
ওলাই দেখা পালো চেহাবৰ বঙলা
বিজুলি জ্বলিলে বাতি।
সপোনত মইনাজান দিছিলা প্ৰেমদান
টোপনি নাহিলে ৰাতি॥
(১৯)
মাছৰে চিকুণে খলিহা বৰণে
চৰাইটি চিকুণে কুলি।
চেনেহী চিকুণে কেতেকী বৰণে
আছিলি কঠীয়া তুলি॥
(২০)
জোকাৰি পিন্ধিলো সিংখাপৰ মেখেলা
কোবাই বান্ধি ললো চুলি।
দাপোণতে চাই সেন্দুৰ ফোঁট পিন্ধিলো
বিহুলৈ ওলাই যাওঁ বুলি।
(২১)
খাই ভালপালো জেনেৰু চকলা
দেখি ভালপালো উদ।
চুই ভালপালো কপাহৰ জোলাযেন
মইনা মহলৰ দুদ॥
(২২)
জিলা নহয় ডিবুৰু তোলা নহয় গাভৰু
চিৰা নহয় গলিয়াই খাবি।
চাৰি আঙুল কপালত যদি লিখা আছে
কলৈ হেৰাই পলাই যাবি॥
(২৩)
মাছলৈ যাওঁগৈ আঁহা লগৰীয়া
ককালত খালৈটি বান্ধি।
ঘৰলৈ যাওঁগৈ আহা লগৰীয়া
লৰাটি মৰিছে কান্দি॥
(২৪)
চাউল চালিগলি সুৱৰ্ণ চালনি
বহি চালিগলি খুদু।
ফেঁচু ফেঁচু কৰি নেকান্দ বৰে কলি
মোৰে সৰুবুলি দুদু॥
(২৫)
কি ফুল বাছিলি তয়ে অ’ ফুলতী
আটাইবোৰ বাবৰি কেছ।
ধেমালি চলেৰে চিকুট মাৰি গলি
ৰাখিব পৰা নাই তেজ॥
(২৬)
হাফলু পাৰহৈ দিফলু দেখিলো
কলঙত দেখিলো গাই।
জালীকটা বেৰেদি ধনক দেখা পালো
গাত কানি কাপোৰ নাই॥
(২৭)
গা ধুই সলালো তিতাকৈ তিয়নি
ভৰি ধুই সলালো ছাঁয়া।
তোলৈ চাই ৰঙিলী টুকো চকুপানী
নহলি ওচৰৰ গঞাঁ॥
(২৮)
ঢোলৰ নাম ইলিঙা ঢোলৰ নাম পিলিঙা
কৰচন পাতৰে এঠা।
শহুৰৰ জীয়েকটি নিচেই কোমলীয়া
তামোল দি লগালে লেঠা॥
(২৯)
ৰংপুৰৰ ৰঙিলী বগী বিলৰ পমিলী
ৰঙাগড়াৰ জেতুকী বাই।
তিনি নটিনীয়ে টোপাই বুৰ মাৰিলি
মৰিম বৰবিহ খাই॥
(৩০)
অঔ কোমলীয়া মৌ কোমলীয়া
ডিঙিত লাগি লাগি ধৰে।
চেনাই কোমলীয়া বুলিব নোৱাৰে
বাটতে টোপনি ধৰে॥
(৩১)
নৰাত বান্ধিলো নৰা জাংফাই
গৰাত বান্ধিলো ভূৰ।
যৌৱন বান্ধি ললো হাতৰে মুঠিতে
দিলো গঙানৈতে বুৰ॥
(৩২)
এনে দুপৰ ৰাতি দলৌ কানমাৰি
ছকুৰি কুকুৰাৰ ভাৰ।
মোৰে পদুলিয়ে কৰ অহা যোৱা
তুমি মৰমীয়াল কাৰ॥
(৩৩)
হাবিজুই লাগিলে কুকুহা উৰিলে
ডঁৰিকে আছিলে চাই।
ভদকুলি চৰায়ে চিঠিখন লিখিলে
জাহাহুক আনিব পাই॥
(৩৪)
হলইড্ চাহাবটি কাপটন বাবুটি
ৰঙাগড়া বাগিছাৰ কুলি।
নিৰ্দোষী ছোৱালী নামকাটি খেদালে
বাঁজীপাত চিঙিলে বুলি॥
(৩৫)
মাছৰে বেজাৰত মৰিঢল শুকালে
জীয়াঢলত শুকালে শালি।
চেনাইৰে বেজাৰত দেহাটি শুকালে
যেনে বগীনদী বালি॥
(৩৬)
নাচনী ছোৱালী দীঘল চুলিটাৰী
ঘঁহে বুঢ়ীআয়ে তেল।
যলৈকে নেযাওঁ মই ততে গৈ শুনোগৈ
নাচনী ছোৱালীৰ মেল॥
(৩৭)
অঔটেঙা নেখাবি তিনিকৈ বাকলি
জৰাও নেখাবি জিম।
অফুলনি ছোৱালী বাটত নোজুকাবি
মূৰতে তিয়নি দিম॥
(৩৮)
লাই হালে জালে আবেলি বতাহে
লফা হালেজালে ঠাল।
চেনাই হালে জালে যোৰীয়া যৌৱনে
যেনে পকা আমৰ ডাল॥
(৩৯)
পিয়াহৰে পানী নহলি হৰিলী
নহলি বোৱতী নৈ।
নহলি খাবলৈ পিটিকি সানি লৈ
ৰঙাগড়া গুৱালৰ দৈ॥
(8০)
গছৰ নাম কমলা মাছৰ নাম বিমলা
চৰাই নাম আছিলে বগ।
তোমাৰ নাম দিছিলে ইন্দ্ৰজিত মালতী
কোনদিনা পাই যাম লগ॥
(৪১)
টোকোন কাটি টোকোনা হলো ঐ চেনেঙা
কুণ্ডাকাটি টোকোনা হলো।
মনতৰা গাভৰুক বিয়া কৰি আনি
টকাৰ মুখ নেদেখা হলো॥
(৪২)
আৰৈ ঐ নহলে পাৰৈ ঘৰ নজলে
তেলে নাই নজ্বলে চাকি।
চেনাইটি নহলে বিচনা নজ্বলে
নোপোৱাই কালিন্দি ৰাতি॥
(8৩)
আমে দুলুদুপু চামে দুলুদুপু
গাঁতৰ দুলুদুপু চেঙা।
চেনাইৰে বুকুতে যৌৱন দুলুদুপু
যেনে সোমথিৰা টেঙা॥
(88)
গাৰে কাপোৰ কানি ফুটুকা ফুটুকি
কলৈনো আছিলি গৈ।
জহনিত যাৱতী খোপাত জুই লাগতি
কেনেকৈ আছিলি ৰৈ॥
(৪৫)
হাতী লুঙেলুঙে লাঙীজাল পাতিলো
পহুচুঙত পাতিলো জাঙ্গী।
কোলাতে বহুৱাই সুধিলো ফুচুলাই
পেটকথা নকলি ভাঙি॥
(৪৬)
পানৰে আনিলো মুজুৰা মুজুৰি
তামোলৰ আনিলো ধেনা।
ধনক বাছিললো সৰুভাই যোৰীয়া
ভাঙিব নোৱাৰো কেণা॥
(8৭)
নকৈ সজালে ৰংঘৰ কাৰেংঘৰ
কলচি বন্ধালে সোণে।
ডা-ডাঙৰীয়া মৈদামৰ টোপনিত
ৰংনো চাবহি কোনে॥
(৪৮)
দলনি ওপৰে কি চৰাই উৰিলে
আটাই ৰঙাৰঙা ঠোঁট।
অকল বগীতৰা সোণে গিলিপ মৰা
কপালত সেন্দূৰ ফোঁট॥
জাত লগাই গোৱা গীত
(১)
আজি দেখোন নাচনী
চিনিবকে নোৱাৰো
হাতত নো গামে খাৰু
দিলে নো কোনেবাৰু
মুগাৰিহা পিন্ধি লৈ
যোৱা নো কেনি বাৰু
নাহৰ কপৌ গুজি দিম যেন
লাগে ভনী অ’ তৰু
তুমি কাষত থাকিলে চোন
মাতিবকে নোৱাৰো
মাতিবকে নোৱাৰো॥
(২)
অজানৈ কলৈ যাম কি কৰিম
নিজানৈ ক’তে সোমাই মৰিম
অজানৈ নিজানৈ কলৈ গৈ পাহৰিম তোক।
অজানৈ মিচিমি আহিব
নিজানৈ বৰেবিহ আনিব
অজানৈ নিজানৈ তাকে খাই পাহৰিম তোক॥
(৩)
নাচনী ঐ শিৱদ’লৰ পূজাৰী
নাচনী ঐ চিচা খাৰু বেপাৰী
তোমাৰ যোগ্য নহওঁ আমি
তুমি বগী ছোৱালী
অঐ জান
বগী হলে নহ'ব
কামে কাজে লাগিব
দলনি ঐ পথাৰত
ভূঁই ৰুব লাগিব॥
(8)
মা জান মাজনী ঐ আহাঁচোন কাষলৈ
মা জান মাজনী ঐ নেযাবা দূৰলৈ
মা জান মাজনী ঐ নহওঁ মই চিলনী
থপিয়াই নিবলৈ॥
(৫)
চেনাইটি ঐ
তোমালৈ আনিছো পোৱালমণি লৈ
খোপাত গুজি মালতী
ওলাই আঁহা নাচনী
হাততে টকাটি বিহু তলি লৈ
ককাল নো ভাঙি ভাঙি
নাচি আহা নাচনী
চেনাইটি ঐ
তোমালৈ আনিছো পোৱামণি লৈ॥
(৬)
তোলৈ চাই ৰঙিলী |
অ নাজিতৰা |
(৭)
মইনা জানৈ চমকত চাবলৈ
মইনা জানৈ নহওঁ মই বিজুলি
মইনা জানৈ নিজান জানৈ
নহওঁ মই বোৱতী নৈ।
মইনা জানৈ চৰাই হোৱা হ'লে
মইনা জানৈ উৰি গলোহেঁতেন
মইনা জানৈ নিজান জানৈ
দুহাতে দুপাখি লৈ॥
(৮)
তোমালৈ চাঁওতে |
হায়ৈ লালি জাপি |
(৯)
কোনে স্বৰজিলে
তোকে নাজিতৰা
কোনে নাম দিলে জয়া।
তোকে আনিবলৈ
বৰমন আছিলে
হাতত নাইকীয়া টকা ঐ
ৰ' ৰ' ৰতি
মইনামতি
যোৰহাটৰ বৰটি
একেচাতে উৰুৱাই
একেচাতে উৰুৱাই দিম॥
(১০)
নইৰে শুৱনী মন নহয় তুলাপাত
গঙাকৈ চিলনী মন নহয় তুলাপাত
পুখুৰী শুৱনী ঘাট ঐ
মন নহয় তুলাপাত
উৰি উৰি যাবলৈ
যৌৱন নহয় চিকাৰূপ
চন্দুকতে থবলৈ
সময় নাই যাবলৈ
মনৰ মৰম দিবলৈ
অন্তৰৰে কথাবোৰ
তোমাক ভাঙি কবলৈ॥
যৌৱনৰ শুৱনী মন নহয় তুলাপাত
মনৰে জুৰণি মন নহয় তুলাপাত
বহিবৈ আছিলি তাঁতে ঐ—
মন নহয় তুলাপাত
উৰি উৰি যাবলৈ
যৌৱন নহয় চিকাৰূপ
চন্দুকতে থবলৈ
সময় নাই যাবলৈ
মনৰ মৰম দিবলৈ
অন্তৰৰে কথাবোৰ
তোমাক ভাঙি কবলৈ
তোমাক ভাঙি কবলৈ॥
(১১)
ৰঙতমাৰিগলি নৈ কাষৰে লিহিৰি
ৰঙাকৈ হাঁহিটি নৈ কাষৰে লিহিৰি
গঙাত মাৰি গলি বুৰে ঐ—
নৈ কাষৰে লিহিৰি
হালিছে ঐ জালিছে
নাচনী তোমাৰ কাৰণে
কান্দি আছে অন্তৰে
চকুলো মোৰ বাগৰে
মনে তোমাক বিচাৰে
হিয়াধুনি মৰো জিউ
হিয়াধুনি মৰোজিউ লাগে॥
ধেমালি চলেৰে নৈ কাষৰে লিহিৰি
চিকুট মাৰি গলি নৈ কাষৰে লিহিৰি
টোপনি নাহিলে মোৰে ঐ—
নৈ কাষৰে লিহিৰি
হালিছে ঐ জালিছে
নাচনী তোমাৰ কাৰণে
কান্দি আছে অন্তৰে
কান্দি আছে অন্তৰে
চকুলো মোৰ বাগৰে
মনে তোমাক বিচাৰে
হিয়াধুনি মৰো জিউ
হিয়াধুনি মৰোজিউ লাগে॥
(১২)
এ দেহি তোলৈ চাই চাই হায়ৈ ডঁৰিকণা
এ দেহি বিষাল চকুদুটি হায়ৈ ডঁৰিকণা
এ দেহি থিয়হৈ বিষালে ভৰি ডঁৰিকণা
পুঠি খলিহনা
ৰূপৰ পানে বটা
তুমি তামোল কটা
ৰৈ ৰৈ ধেমালি
কৰা ডঁৰিকণা
পুঠি খলিহনা
ৰৈ ৰৈ ধেমালি
ৰৈ ৰৈ ধেমালি কৰা।
এ দেহি কোনে স্বৰজিলে হায়ৈ ডঁৰিকণা
এ দেহি তোকে ঐ লাহৰী হায়ৈ ডঁৰিকণা
এ দেহি মৰম নাইকীয়া কৰি ডঁৰিকণা
পুঠি খলিহনা
ৰূপৰ পানে বটা
তুমি তামোল কটা
ৰৈ ৰৈ ধেমালি
কৰা ডঁৰিকণা
পুঠি খলিহনা
ৰৈ ৰৈ ধেমালি
ৰৈ ৰৈ ধেমালি কৰা॥
(১৩)
আজি বিহু বিহু বনত পখি বিনালে
কালি বিহু বিহু বনত পখি বিনালে
আছিলো বটিয়া বাটি ঐ—
বনত পখি বিনালে
বিহু বিহু লাগিলে
নাচনী তোলৈ মনত পৰি
মৰো জিউ লাগিলে মন।
পদূলি মূৰতে বনত পখি বিনালে
সুহুৰি শুনিলো বনত পখি বিনালে
টোপনি নাহিলে ৰাতি ঐ—
বনত পখি বিনালে
বিহু বিহু লাগিলে
নাচনী তোলৈ মনত পৰি
মৰো জিউ লাগিলে
মৰো জিউ লাগিলে মন॥
(১৪)
পাহাৰ বগাই বগাই
জানৈ কপৌফুল মই আনি দিম
জানৈ কপৌ ফুল মই আনি দিম
জানৈ নলওঁ বুলি নকবা দেই।
এইবেলি বিহুতে
জানৈ বিহুৱান মই আনি দিম
জানৈ বিহুৱান মই আনি দিম
জানৈ নলওঁ বুলি নকবা দেই॥
(১৫)
নৈ পানী বাঢ়িলে
নাহৰ ফুল ফুলিলে
বিহু বিহু লাগিলে গাত
নাহৰ ফুলৰ গন্ধ পাই
নাচনী তত্ নাই
শালতে এৰিলে তাঁতে ঐ
ৰুণুজুন জুনজুন জুন অ’ আইটী
ফুল ফুল ফুল ফুল ফুল অ’ আইটী
কেৰুমণি সোলুকাই দে অ’ আইটী
লাই লৈ লফালৈ
দালি বনাই খিচিৰি
দালি বনাই খিচিৰি খাওঁ॥
(১৬)
চিলঙৰ শুৱনী |
নই আইটী নইফুল |
ডিবুৰু শুৱনী পানী আইটী নইফুল
খোপাত মাৰ গেজেংফুল
হাততে ঐ জেতুকাৰ বোল৷
চেনেহী শুৱনী নই আইটী নইফুল
লহঙী পহঙী নই আইটী নইফুল
মুখৰো নোগুছে হাঁহি আইটী নইফুল
খোপাত মাৰ গেজেংফুল
হাততে ঐ জেতুকাৰ
হাতৰে ঐ জেতুকাৰ বোল॥
(১৭)
চমকত চাবলৈ হায়ৈ ৰাধা হাৰলী
নহওঁ মই বিজুলি হায়ৈ ৰাধা হাৰলী
নহওঁ মই বোঁৱতী নৈয়ে ৰাধা হাৰলী
যমুনালৈ নেযাবি
শ্ৰীকৃষ্ণ গোসায়ে
ঘিলা খেল ঐ খেলিছে
বাটত ধৰি জোকাব
হাতত ধৰি নচাব
গাৰে নো কাপোৰ কানি
জুৰুলি ঐ জুপুৰি।
হায়ৈ ৰাধা হাৰলী তেওঁ তোমাক নেৰিব
মেঘে নো বৰষিব
নাৱে নো চুঙাখোৱা
বঠা নো পোপাখোৱা
সাতো নো সাগৰৰে
ধুমুহা ঐ বলিব
আয়ৈ দেহি ৰাধিকা
ভৰা নোকৈ যমুনা
নাৱে নো হেঙুলীয়া
বঠা নো হেঙুলীয়া
তোমাৰে ঐ আমাৰে
দেহা নো চেঙেলীয়া
চেনাইটি ঐ যমুনা ঐ নকৰে
যমুনা ঐ নকৰে পাৰ॥
(১৮)
কেনেকৈ ধৰিলে তোকে ঐ মণিৰাম
কেনেকৈ ধৰিলে তোক
ইফালে যোৰহাট সিফালে গোলাঘাট
চিঠি লিখি ধৰিলে মোকে ঐ
ৰহেমতী ৰহেদৈ
নগাটেঙা কৰেদৈ
নাচনী নাচনী নাচনী ঐ
তত্ নাই তোমাৰে গাত
অহ্ নামদাং লটক ঐ
মণিৰাম দটক ঐ
ধৰি নিলে কটকীৰ ঘাঁই
হাতীৰে মাউতক
পলুৱাই লইনো গল
গুৱাহাটী চহৰত পাই
অঐ চূণগুড়ি পাণগুড়ি
জমি জমি জমি ঐ
লাউখৰা দুপৰি দাঁত
কোনে হৰি নিলে
জীয়াৰী জীয়াৰী জীয়াৰী ঐ
নোশুনো মইনাৰ মাত
মই মাৰো জাত, কমলাৰ গাত
হুৰাই ৰাঙলী বাই
নাচনী নাচনী নাচনী ঐ
ৰিহা নাই তোমাৰে গাত॥
(১৯)
তোমাৰে ছবিটি হায়ৈ লিলি
কাগজত আঁকি লৈ হায়ৈ লিলি
দুৱাৰত ওলোমাই থমে লিলি কিনো দিলি
মৰম দিলি চেনেহ দিলি
চিৰা বুলি চাউল দিলি
চেনি বুলি নিমখ দিলি
গাখীৰ বুলি পানী দিলি
তামোল বুলি চালি দিলি
আয়ৈ দেহি হায়ৈ লিলি
তোৰে কথা খেলি মেলি
চেনাইটি ঐ নচুৱাই থাকিম বন॥
ওলাওঁতে এচুমা হায়ৈ লিলি
সোমাওঁতে এচুমা হায়ৈ লিলি
ৰাতি হ’লে বিচনাত লমে লিলি কিনো দিলি
মৰম দিলি চেনেহ দিলি
চিৰা বুলি চাউল দিলি
চেনি বুলি নিমখ দিলি
গাখীৰ বুলি পানী দিলি
তামোল বুলি চালি দিলি
আয়ৈ দেহি হায়ৈ লিলি
তোৰে কথা খেলি মেলি
চেনাইটি ঐ নচুৱাই থাকিবৰ
নচুৱাই থাকিবৰ মন॥
(২০)
লালৈ আমাৰে নাচনী
লালৈ সৰুটি সৰুটি
লালৈ নাচোতে পৃথবি লৰে;
লালৈ নাচোতে নাচোতে
লালৈ সৰুটি নাচনী
লালৈ ককাল হালিজালি পৰে॥
(২১)
কলৈ যাম কি কৰিম ল’হ’না কল’হনা
ক’তে সোমাই মৰিম ল’হ’না কল’হনা
কিনোখাই পাহৰিম লহ’না কল’হনা
ক’লিহি দৈ
ক’লেহেনো তোক॥
⸻০০⸻
(১)
আজি বিহু বিহু কালি বিহু বিহু
নাহৰ ফুল ফুলিব বতৰ।
কেতেকী চৰায়ে কাটে সৰুসূতা
মৰুৱা কাঠৰে যঁতৰ॥
(২)
ইনৈয়ে উজালে মাছেকি মগৰে
সিনৈয়ে উজালে শিহু
ইফালে ঢোলমাত সিফালে ঢোলমাত
পাতিম কোন ৰাজতে বিহু॥
(৩)
বালিয়ে বালিয়ে উজাই গৈ আছিলো
বালিৰে লুহিয়া খাই।
বালিৰে পৰা উলটি আহিলো
ৰাতি বিহু বাতৰি পাই॥
(8)
আগলি বাঁহৰে পবালি গগণা
বহি তাঁত পাতত বাঁও।
মহৰ শিঙৰ পেপাটি বনকীয়াই আনাগৈ
ৰাতি বিহু চাবলৈ যাওঁ॥
(৫)
নাচনী ৰহিতা কাট সৰু সুতা
বিকুলৰ নলি যেন মাত।
ৰদপাই জিলিকে ৰঙাগাল দুখনি
হাঁহোতে জিলিকে দাঁত॥
(৬)
এপৰ দুপৰ কৰি কুলিয়ে মাতিলে
ৰাতি কোন পৰৰে মাত।
নাচনী নাচিছে পৃথবি লৰিছে
মাটিত চাৰি আঙুল ফাট॥
(৭)
ন-পানী বঢ়া নাই নাহৰ ফুল ফুলা নাই
শুনা নাই কেতেকীৰ মাত।
গাঁৱৰ ডেকা লৰা জোমেজোমে ফুৰা নাই
গোন্ধতেল ঘঁহা নাই গাত॥
(৮)
ভঁৰালৰ তলতে দীঘল জলকীয়া
তললৈ মেলিলে শিয়া।
চাইথাক চাইথাক গাঁৱৰ ডেকালৰা
বহাগত পাতি যাম বিয়া॥
(৯)
উজাই আহিলে চেহাবৰ লৰাটি
চেৰাপ খাই পেলালে চিচা।
গগণা বাজিছে গামখাৰু বাজিছে
হাত মেলিমেলি নচা॥
(১০)
নৈৰে পাৰৰে নাৰায়ণ শিমলু
আমি বিহুকৰা ঠাই।
উটুৱাই নিনিবা নাৰায়ণ দেৱতা
তামোল দি মাতোতা নাই॥
(১১)
সাজেনে কাচোনে নাচনী চিকুণে
ককালটি বীণাৰে গোট।
এনে বগীতৰা সোণে গিলিপমৰা
দাপোণ চাই মাৰিলি ফোঁট॥
(১২)
সৰুতে পিতাদেউ জকাই সাজিদিলা
নালতো বিন্ধিলে ঘূণে।
দিখৌ পাৰে কৰি দিবা বিয়াকৰি
ৰাতি বিহুত নাচিব কোনে॥
(১৩)
চৰাইটি কান্দিলে বনত অ’ নাচনী
চৰাইটি কান্দিলে বনত।
গগণা বাজিলে গামখাৰু বাজিলে
বিহুলৈ পৰিলে মনত॥
(১৪)
আজিকি উৰুকা কালিকি গৰুগা
সলাই বৰগছে পাত।
গাঁৱৰ গাভৰুৱে বৰণটি সলালে
ললে ৰঙাৰিহা গাত॥
(১৫)
বিহুতলি শুৱনী কোনে সমনীয়া
বিহুতলি শুৱনী কোন।
বিহুতলি শুৱনী ৰঙিলী পমিলী
যেনে পূৰ্ণিমাৰে জোন॥
(১৬)
চ'তৰে শুৱনী মদাৰ ফুল এপাহি
বতৰৰ শুৱনী বন।
বিহুতলি শুৱনী সৰু আইটী নাচনী
পলুৱাই নিবৰে মন॥
(১৭)
চিৰিপ চিৰিপ কৰি কাপোৰ ধুই আছিলো
চিৰি লুইতলৈ চাই।
চিৰি লুইততে সুহুৰি মাৰিলে
চেনাই নাও মেলি যাই॥
(১৮)
উলি তামোলৰে পুলি ঐ মালীবাই
উলি তামোলৰ পুলি।
ফুটুকা ফুটুকি নাচনী চোলাটি
মেঘে বৰণীয়া চুলি॥
(১৯)
ইয়ে বোলে শিপিনী সিয়ে বোলে শিপিনী
কেলৈ নাম ললি কাজী।
আজিকি উৰুকা কালিকি গৰুগা
কেতিয়া কাটিবি পাঁজি॥
(২০)
জোন বৰণীয়া নাচনী চেহেৰা
তঁৰা বৰণীয়া চকু।
মাছে বাকলিয়া নাচনী চোলাটো
নাচোতে নলৰে বুকু॥
(২১)
নাচনী নাচনী সৰু আইটী নাচনী
খোপাতে মালতী ফুল।
খাই চিকা চন্দা পিন্ধে ধোবাই ধোৱা
হাততে জেতুকা বোল॥
(২২)
চিতিকি চিবনে বনে ঐ নাচনী
চিতিকি চিবনে বন।
গগণা বাজিছে গামখাৰু বাজিছে
নাচি নাচি থাকিব মন॥
(২৩)
নাচিব জানিও নেনাচ নাচনী
তোক জানো কিহবাই পাই।
জীৱটি যাবগৈ যমৰজা থানলৈ
শ-টি শগুণে খাই॥
(২৪)
চৰাইটি চিকুণে চৰাই মনোমতী
জিৰাই বৰগছ ডালত৷
নাচনী চিকুণে এখনি দাপোণে
শুৱাই বিহুতলী মাজত৷
(২৫)
ৰাতি চাকি জলাই কি মণি গাঁথিলা
আটাইবোৰ সোণৰে পোৱাল৷
হাতত হাত ধৰি নাচিবলৈ নেপালো
ৰাতিটো বেগতে পুৱাল॥
(২৭)
আমগুৰি অমৰা কঠালগুৰি দমৰা
ভাটিচুকৰ চেঁউৰী গাই।
মনাই মেধি চুকৰে নাচনী আহিছে
গাত ৰঙাৰিহা নাই॥
(২৮)
সিয়ে বোলে পদুমী সিয়ে বোলে পদুমী
পদুমী কলৈনো যাই।
লেম্ বাতি লগাই লৈ ৰংমনক আগত লৈ
ৰাতিবিহু চাবলৈ যাই॥
⸺০০⸺
(১)
আজিচোন নাচনী চিনিব নোৱাৰো
খোপাতে নাহৰৰ ফুল।
ক’ত পালা নাচনী ৰঙাৰিহা খনি
কোনেদিলে জেতুকাৰ বোল॥
(২)
অতি চেনেহৰে মুগাৰে মহুৰা
অতি চেনেহৰে মাকো।
অতি চেনেহৰে ৰঙালী বিহুটি
নেপাতি কেনেকৈ থাকো॥
(৩)
পথাৰৰ মাজতে আঁহতৰ তলতে
শুনিলো টকাৰে মাত।
টোপোলাৰ সেন্দূৰে থাকিল টোপোলাতে
খাবলৈ নহলে ভাত॥
(8)
ব-চৰাই উৰিলে ডম্বৰু বাজিলে
চেহাবৰ মনতো ৰং।
গাঁৱৰ গাভৰুৱে বিহুতলি ভৰিলে
ডেকালৰা মনতো ৰং॥
(৫)
ঢাপে ঢাপে চৰিলে ঢপিলিকা চৰাইটি
বাঘলৈ নকৰে ভয়।
ৰঙতে ৰচকী আমাৰে নাচনী
চেহাবলৈ নকৰে ভয়॥
(৬)
কলগছ শুৱনী কলাডিল ৰূপহী
এবেলা আছিলো চাই।
বিহুতলি পৰা উলটি আহিলো
গাঁৱৰ ডেকালৰা নাই॥
(৭)
নচুৱাই থাকিব মনে ঐ নাচনী
নচুৱাই থাকিব মন।
নচুৱাই থাকোতে পলুৱাই নিনিবা
ভৰিব লাগিব ধন॥
(৮)
কোনে নাম দিলে লুকু ঐ নাচনী
কোনে নামদিলে লুকু।
কোনে দিলে নাচনী বিহু জাকিত চোলা
নাচোতে নলৰে বুকু॥
(৯)
ত'তে দেখিলো ইয়াতে চিনিলো
সেইযোৰি নাচনী কোন।
এজনী ৰঙিলী এজনী পমিলী
যেনে পুৰ্ণিমাৰে জোন॥
(১০)
বিহুকৰি থাকিব মনে ঐ নাচনী
বিহুকৰি থাকিব মন।
বিহু কৰি থাকোতে পলুৱাই নিনিবা
ভৰিব লাগিব ধন॥
(১১)
আলিয়ে নেযাবি বালিয়ে কাটিব
পথাৰে নেযাবি বোকা।
চৰাই হালধীয়া দূৰৈকৈ নেযাবি
ৰাৱণে হৰিব সীতা॥
(১২)
কোঁটকোৰা গছৰে ফণিখন সাজিলো
ফণীদৈ মূৰলৈ চাই।
সপোণ সমাজিক বেয়াকৈ দেখিছো
ফণিখন হেৰাব পাই॥
(১৩)
ন-পানী বঢ়নাই বঢ়ানাই নাহৰ ফুল ফুলা নাই
শুনা নাই কেতেকীৰ মাত।
গাঁৱৰ ডেকালৰাই জোমে জোমে ফুৰা নাই
বিহু বিহু লগা নাই গাত॥
(১৪)
চৰায়ে নামটি কটাৰী ডবুৱা
মাছৰে নামটি মালী।
নাচনী নামটি ধিতাই কোমলীয়া
নাচোতে পৰিলে হালি
(১৫)
মাৰো নাচনী বাপেৰো নাচনী
তোকো নাচনীলৈ দিলে।
গিৰিপ্ গিৰিপ্ কৰি নেনাচ নাচনী
মৰিবি গেজেলা কিলে
(১৬)
কেতিয়া আহিলা ৰূপহী নাচনী
কৰ্কৰা নাহিলা খাই।
কৰপৰা আহিলা হাবুঙীয়া ডেকাটি
জেপত লংগুটি নাই॥
(১৭)
আইটী আইটী পয়চা দিম চাৰিটি
ৰিহাত পদুমৰ চকা।
গিৰিপ গিৰিপ কৰি নাচি নাচি নাচনী
বিহু তলি কৰিদে বোকা॥
(১৮)
নাচনী ৰহিতা কাট সৰুসূতা
ধনলৈ ৰূপীয়া চোলা।
ৰূপীয়া চোলাতে হালধী লাগিলে
ধোবালৈ বাতৰি দিয়া॥
(১৯)
ধোবাই বুলিলে ধুমে কেনেকৰি
আটাইবোৰ হালধি চেকা।
নাচনীয়ে বুলিলে পিন্ধিম কেনেকৰি
আটাই মণিচালৰ চেকা॥
(২০)
গগণা শুৱনী গগণা পুৰণি
গগণা বিন্ধিব ঘুণে।
দিখৌ পাৰেকৰি দিব বিয়াকৰি
গগণা বজাব কোনে॥
(২১)
নাচনী চিকুণে এখনি দাপোণে
ককালটি বীণাৰে গোট।
এনে বগীতৰা সোণে গিলিপ মৰা
দাপোণচাই মাৰিলি ফোঁট।
(২২)
ন-পানী বাঢ়িলে ন-জোনটি ওলালে
সলাই বৰেগছে পাত।
আমাৰ নাচনীয়ে বৰণটি সলালে
ললে ৰঙাৰিহা গাত॥
(২৩)
লবৰ মনে গলে ফুলৰে হাঁচতি
হাতৰো নহলো কাজী।
বায়ে নজনাকৈ ব-চুঙা দিছিলো
গগণা নিদিলি সাজি॥
(২৪)
আগলি বাঁহৰে পবালি গগণা
বহি তাঁতপাতত বাঁও।
আহেকি নাহে ঐ আমাৰে নাচনী
চিৰিপাতি মঙলখন চাওঁ॥
(২৫)
বছৰি বছৰি আমে মলিয়ালে
বছৰি বছৰি খাওঁ।
এইবেলি আমেখন কোনে খাইযাব
আমি শদীয়ালৈ যাওঁ॥
(২৬)
একশলৈ নকৰো ভয়ে ঐ নাচনী
দুইশলৈ নকৰো ভয়।
ছকঠীয়া দোণেৰে জুখি থৈ আহিছো
চালিচলৈ নকৰো ভয়॥
(২৭)
আইৰে নিচিনা মেখেলা পিন্ধিলো
বাইৰে নিচিনা খোপা।
একেখন বিহুতে নাচিথৈ আহিছো
তোমাৰে নিচিনা ডেকা॥
(২৮)
চিতিকি চিবনে বনে ঐ নাচনী
চিতিকি চিবনে বন।
চিতিকি চিবনে নাচনী মৰমে
নচুৱাই থাকিব মন॥
(২৯)
অঔ কোমলীয়া খাবকে নোৱাৰি
দাঁতে কোমলীয়া ভাগে।
যৌৱন কোমলীয়া বিলাব নোৱাৰোঁ
বিয়া পাতি দিব লাগে॥
(৩০)
চিৰিপ চিৰিপ কৰি কাপোৰ ধুই আছিলো
চিৰি লুইতলৈ চাই।
চিৰি লুইততে সুহুৰি মাৰিলে
চেনাই নাওমেলি যাই॥
(৩১)
শালিকী চৰায়ে কিৰিলি মাৰিলে
গছৰ গুটি খাবলৈ পাই।
গাঁৱৰ ডেকালৰাই কিৰিলি মাৰিলে
গাভৰু মুখলৈ চাই॥
(৩২)
বিহুতী চৰায়ে কৰে বিহু বিহু
আমাৰ বিহুত কাপোৰ নাই।
লগৰ সমনীয়াই সুধে বেঢ়ি বেঢ়ি
সৰুতে মৰিলে আই॥
(৩৩)
হাবিলৈ গৈছিলো কটাৰী নিনিলো
লতাই বেঢ়ি বেঢ়ি ধৰে।
বিহুলৈ গৈছিলো গামোচা নিনিলো
ডেকাই বেঢ়ি বেঢ়ি ধৰে॥
(৩৪)
এইবেলি বিহুখন উৰুঙা পুৰুঙা
ওপৰলৈ টানিলে খৰ৷
নামৰ জুনা শুনি ৰচকী নাচনী
ঘৰলৈ মাৰিলে লৰ॥
(৩৫)
চৰকাৰৰ ঘৰৰে টকা ঐ নাচনী
চৰকাৰৰ ঘৰৰে টকা।
চৰকাৰৰ ছটকা অনা ধাৰেকৰি
নাচনীৰ ফাটিলে চোলা॥
(৩৬)
জোন বৰণীয়া নাচনী চেহেৰা
তৰা বৰণীয়া চকু৷
হেঙু বৰণীয়া নাচনী চোলাটো
জেঙু বৰণীয়া বুকু॥
(৩৭)
ইদালি ইকৰা কোনে কাটি নিলে
সিদালি মুকলি হ’ল৷
আমাৰে নাচনী কোনে ধৰি নিলে
বিহুতলি মুকলি হ’ল॥
(৩৮)
চৰাই মনোমতী মনকে মোহিলি
কোটাহী বেঙেনাৰ তলত৷
নাচনী নাচিলি আমাৰ মন মোহিলি
থকিব নোৱাৰো ঘৰত॥
(৩৯)
কোটচোলা কুৰুটা গুদাম আছে চাৰিটা
চাৰিকো চাৰিয়ে চৰে৷
নাচনী চকুলৈ চাবকে নোৱাৰি
জালুক জলকীয়াই পুৰে॥
(৪০)
ইয়ে বোলে এইজনী
কাৰ ঘৰৰ ছোৱালী
সিয়ে বোলে এইজনী
কাৰ ঘৰৰ ছোৱালী
চাউল কঠা ভাত খাই
কটালি কটালি
নেখাবনো কেলৈ
গাভৰু ছোৱালী
হাততে খাৰু দেখিবলৈ বাৰু
ডিঙিতে মণি দেখিবলৈ লণি
নচুৱাই থাকিবৰ
নচুৱাই থাকিবৰ মন
নচুৱাই থাকোতে
পলুৱাই নিনিবা
ভৰিব লাগিব ধন॥
(৪১)
অয়েচৈ নাচনী বালিয়ে বালিয়ে
অয়েচৈ নাচনী উজাই গৈ আছিলো
অয়েচৈ নাচনী অয়েচৈ নাচনী
বালিৰে বগৰি খাই।
অয়েচৈ নাচনী বালিৰে পৰা
অয়েচৈ নাচনী উলটি আহিলো
অয়েচৈ নাচনী অয়েচৈ নাচনী
ৰাতিবিহু বাতৰি পাই॥
(৪২)
বিহুগাই আহিলো
কলীয়া মেখেলা
পাহৰি শৰাইতে থলো আইটী পানীমলা
ৰৈ ৰৈ ধেমালি
কৰা আইটী চেনি মলা
ৰৈ ৰৈ ধেমালি
ৰৈ ৰৈ ধেমালি কৰা।
ইবাৰৰ দোষকে
ক্ষেমিবা সবেও
দুনাই ভালেকৰি গামে আইটী পানীমলা
ৰৈ ৰৈ ধেমালি
কৰা আইটী চেনিমলা
ৰৈ ৰৈ ধেমালি
ৰৈ ৰৈ ধেমালি কৰা॥
(৪৩)
নাচনী ৰহিতা
জিপ জিপ্ ঐ কাটে সৰুসূতা
জিপ জিপ্ ঐ জিপ্ জিপ্ ঐ
ধনলৈ ৰূপীয়া চোলা
⸺০০⸺
(১)
আজিকি উৰুকা কালিকি গৰুগা
নাহৰ ফুল ফুলিবৰ বতৰ।
নাহৰ ফুলৰ গন্ধপাই নাচনীৰ তত্ নাই
গছকি ভাঙিলে যঁতৰ॥
(২)
আজি বিহু বিহু কালি বিহু বিহু
বিহুলৈ কেইদিন বাকী।
নাচনী অহা নাই ঢোলৰ মাত শুনা নাই
আমনি লাগিছে থাকি॥
(৩)
ওলাই জাকিমাৰি মোৱামাছ এজাকি
উলাই জাকিমাৰি তৰা।
ওলাই জাকিমাৰি আমাৰে নাচনী
কোন সৰগৰে পৰা॥
(৪)
নাচোতে ভাগিব ককাল ঐ নাচনী
নাচোতে ভাগিব ককাল।
লোহাৰো এডোখৰ তিখাৰু এডোখৰ
ককাল জুৰাবলৈ ভাল॥
(৫)
উঘাকৈ চেৰেকী ঘূৰে ঐ বসন্তি
উঘাকৈ চেৰেকী ঘূৰে।
নাচনী নাচিছে গামখাৰু বাজিছে
মনে উৰু উৰু কৰে॥
(৬)
জিলিকি আহিছে চৰা নাওখনি
জিলিকি আহিছে চৈ।
চৈৰে ওপৰত নাচনী আহিছে
যোৰীয়া সেন্দুফোঁট লৈ॥
(৭)
গগণা শুৱনী গগণা পুৰণি
গগণা কিহেৰে বাওঁ।
দুফালে দুচটা মাজত লুৰিকটা
মৃগাসূতা লগায়ে বাওঁ॥
(৮)
খিটিখিটি কৰি তাঁতৈবৈ আছিলো
দোৰপতি শুৱলা মাত।
নাহৰৰ তলতে ঢোলৰ মাত শুনিলো
খাবলৈ নহলে ভাত॥
(৯)
নৈ চেলেঙীয়া গৰা কোমলীয়া
তৰা কোমলীয়া জোপা।
নাচনী চোলা টি মাছে বাকলীয়া
ঘিলা চকলীয়া খোপা॥
(১০)
অঔৰে গছতে মৌৱে নাইকীয়া
ককাই পাৰিদিয়া খাওঁ।
ইকৰা পাতেৰে জাহাজ বনাই দিয়া
আমি শদীয়ালৈ যাওঁ॥
(১১)
ত'তে দেখিলো ইয়াতে চিনিলো
সেই যোৰি নাচনী কোণ।
হাততো জেতুকা ভৰিতো জেতুকা
নেচাই বা থাকিব কোন॥
(১২)
আজি কি উৰুকা কালি কি উৰুকা
চিৰে গৰখীয়াই তৰা।
যোৰফোঁট মাৰি লৈ নাচনী আহিছে
জিলিকে আঁতৰৰ পৰা॥
(১৩)
নাচনী মুৰটো বিৰিঙা জোপাটো
এদোণ সৰিয়হৰ তেল।
এচিচা তেলেৰে জোঁটকে নেভাগে
ডেকালৰাৰ নেভাগে মেল॥
(১৪)
গুণাদিয়া ৰিহাখন গুণাদিয়া মেখেলা
চকু তিৰেবিৰে কৰে।
নাচনী ফাললৈ উলটি চাওঁতে
চকুৱে চকুৱে পৰে॥
(১৫)
ধনে সাজিদিয়া লাহৰী গগণা
নাহৰৰ তলতে বাওঁ।
ধনো নাহিলে বাতৰি নিদিলে
ওলাই পদুলিলৈ চাওঁ॥
(১৬)
পানদিয়া পদুমী চুণদিয়া চেনেহী
তামোল কাটি দিয়া খাওঁ।
কাক বাঁহৰ টকাটি সাজিদিয়া ককাইটি
বিহু মাৰিবলৈ যাওঁ॥
(১৭)
মহৰ শিঙৰ পেঁপাটি নবজাবি ককাইটি
মনে মোৰ কেনেবা কৰে।
পেঁপাৰ মাতশুনি ৰবকৈ নোৱাৰো
হাতৰ বন সুলকি পৰে॥
(১৮)
অতি চেনেহৰ মৃগাৰে মহুৰা
অতি চেনেহৰ মাকো
তাতোকৈ চেনেহৰ ৰঙালী বিহুটি
নেপাতি কেনেকৈ থাকো॥
(১৯)
ৰৈ ৰৈ ধেমালী কৰ বনমালী
গৈ গৈ ধেমালী কৰ।
গাৰে কাপোৰখনি চিৰিলি চিৰিলি
বান্ধৈ তই ধেমালী নেৰ॥
(২০)
আজি বিহুবিহু কালি বিহুবিহু
বিহুলৈ কেইদিন বাকী।
ধনো নাহিলে বাতৰি নিদিলে
আমনি লাগিছে থাকি॥
(২১)
ৰাতি চাকি জলাই কি মণি গাঁথিলা
চকু তিৰেবিৰে কৰে।
ধনৰ চেওমণি বটীয়া পুৰণি
ওলমি বুকুতে পৰে॥
(22)
শিলে বালিচৰাই গিলে ঐ নাচনী
শিলে বালি চৰাই গিলে।
আমাৰে বিহুলৈ নাচনী নাহিলে
কোনেনো পলুৱাই নিলে॥
(২৩)
নৈ গোমগোমাই কোম্পানী জাহাজে
ঢৌৱে গোমগোমাই গৰা।
গা জিন্জিনাই বুকু পিৰপিৰাই
গাভৰু হবৰে পৰা॥
(২৪)
কেতিয়া আহিলা কতেপাই বহিলা
বাটত খাই আহিলা কচু।
চুৰীয়া চতাইটো হাবুঙীয়া ডেকাটো
পেপাটো বজাই দে নাচো॥
(২৫)
হাততে হালধি নলবি মালতী
চুলিমেলি নলবি তেল।
নৈৰে ঘাটলৈ অকলে নেযাবি
বাটত ডেকালৰা মেল॥
(২৬)
ত’তে দেখিলো ইঙিতত বুজিলো
চেনায়ে গগণা বাই।
কিনো অমাতৰ মাতে ঐ চেনেহী
হেদামে সৰকি যাই॥
(২৭)
বিহুতলি শুৱনী কোনে ঔ নাচনী
ৰূপতকৈ জেউতী চৰে।
গুণাদিয়া ৰিহাখন গুণা দিয়া মেখেলা
চকু তিৰেবিৰে কৰে॥
(২৮)
নাচ্ নাচ্ বুলিলে নেনাচ নাচনী
তোকজানো কিহবাই পাই।
গাভৰু বুলায়ে ওফন্দি ফুৰিছ
চিকুটি পাবলৈ নাই॥
(২৯)
ইয়ে বোলে সেন্দুৰী সিয়ে বোলে সেন্দুৰী
সেন্দুৰী কলৈনো যাই।
হাততো জেতুকা ভৰিতো জেতুকা
সেন্দুৰী বিহুলৈ যাই॥
(৩০)
বছৰি বছৰি আমে মলিয়ালে
বছৰি বছৰি খাঁও।
এইবেলি আমেখন কোনে খাই যাব
আমি শদীয়ালৈ যাৱে লীলা
মা-লিলৌ ইলিলৌ ফোঁট
আকৌ লিলা মালিলৌ ইলিলৌ
ধৰি ধৰি নিলে লিলে ইলিলৌ
ডেৰকুৰি ভৰি লিলে ইলিলৌ ফোঁট॥
(৩১)
বিহুৰে বিৰিণা
পাতে সমনীয়া
বিহুৰে বিৰিণা পাত।
বিহু থাকেমানে
বিহুকে বিনাবা
বিহু গলো বিনাবা কাকে ঐ -
মইনা নাইব’ জিলতি অব’
কোনে দিলে নাচনী জিলতি অ’ব’
হাতত গোটাখাৰু জিলতি অ’ব’
বহিলে জুনুকাই বাজে অঐ
নচুৱাই থাকিবৰ মন,
নচুৱাই থাকোতে
পলুৱাই নিনিবা
ভৰিব লাগিব ধন॥
(৩২)
চেনি পাৰেহ’লে |
জিপ জিপ ঐ খলিহা নাচনী |
(৩৩)
তিতিকি তিতাফুল
যোৰহাটৰ গোলাপফুল
চেনিমৰা বাগিচাৰ চিঠি আমাৰ যোৱান
চলাই দে মেচিন গান
সীমান্তিত শতুৰৰ
মাতে আমাৰ যোৱান
চলাই দে মেচিন গান
শদীয়া ৰণলৈ
শদীয়া ৰণলৈ যাওঁ॥
— ○ ○ —
(১)
ন-জোনটি ওলালে ন-পানী বাঢ়িলে
সলাই বৰগছে পাত।
গগণা বাজিছে গামখাৰু বাজিছে
বিহু বিহু লাগিছে গাত॥
(২)
গছৰে আগতে ৰূপহী থেকেৰা
ককাই পাৰিদিয়া খাওঁ।
পাঞ্চৈ নাওখনি ঘাটে চপাইদিয়া
ফাটবিহু চাবলৈ যাওঁ॥
(৩)
ভাত ৰান্ধি দিয়া খাৱে ঐ পৰুৱা
পানী আনি দিয়া খাওঁ।
আতোলা সোণেৰে বিৰি গঢ়াই দিয়া
বিহু মাৰিবলৈ যাওঁ॥
(8)
ডিবুৰু ভেটিব নলে ঐ নাচনী
ডিবুৰু ভেটিব নলে।
এতিয়া নাচনী মালিহা মাৰিছ
ছোৱালী আনিব মনে॥
(৫)
ইফালে নাচনী সিফালে নাচনী
তিঁহিতি পেঁপাৰে মাত।
ঢোলৰ চাপৰ শুনি ৰঙাগড়া নাচনী
দেওধনি উঠিলে গাত॥
(৬)
অতি চেনেহৰে মুগাৰে মহুৰা
অতি চেনেহৰে মাকো।
অতি চেনেহৰে ফাটবিহু খনি
নেপাতি কেনেকৈ থাকো॥
(৭)
পানত পদুমৰ চকা ঐ নাচনী
চূণত পদুমৰ চকা।
লংগুটি নানিলা দালচেনি নানিলা
তুমি কোন দেশৰে ডেকা॥
(৮)
ইফালে ঢোলৰ মাত সিফালে ঢোলৰ মাত
মাজত সেলেংগুৰি নৈ।
আশী চেলেং থৈলৈ নাচিবলৈ ধৰিলি
থাকিব নোৱাৰো ৰৈ॥
(৯)
নাহৰৰ তলতে টকাৰ মাত শুনিলো
ওলাই পদূলিলৈ চাওঁ।
হাততো জেতুকা ভৰিতো জেতুকা
ফাট বিহু চাবলৈ যাওঁ॥
(১০)
ৰূপৰ ধোঁৱাখোৱাত খালি ঐ মণিৰাম
সোণৰ ধোঁৱাত খালি।
কিনো ৰজাঘৰৰ শতুৰু শালিলি
ডিঙেত চিপেজৰি ললি।
(১১)
লংগুটি আনিবা খামে ঐ নাচনী
দালচেনি আনিবা খাম।
ম'হ শিঙৰ পেপাটি বনকিয়াই আনিবা
ফাটবিহু চাবলৈ যাম॥
(১২)
ঢোলৰ ধম্ ধম্নি পেঁপাৰে কিৰিলি
নোশুনি পৰজাৰ মাত।
নাচনী নাচিছে গামখাৰু বাজিছে
পৃথবি মেলিছে ফাট॥
(১৩)
টেকেলি পৰিলে নাদত কি নাদৈ ঐ
টেকেলি পৰিলে নাদত।
জাপমাৰি সাৰিলে ফৌজদাৰী চিপাহী
মণিৰাম পৰিলে ফাদত॥
(১৪)
হাততো জেতুকা ভৰিতো জেতুকা
মুখত মিচিকীয়া হাঁহি।
নাচোতে নাচোতে ৰঙাগড়া নাচনী
আশীচেলেং পৰিলে খহি॥
(১৫)
সুতুলি সুতুলি মাটিৰে সুতুলি
সুতুলি কিহেৰে বাওঁ।
ককালৰ খোচনিত সুতুলি আনিছো
আঙুলি বোলায়ে বাওঁ॥
(১৬)
ইয়ে বোলে পদুমী সিয়ে বোলে পদুমী
পদুমী কলৈনো যাই।
হাততো জেতুকা ভৰিতো জেতুকা
ফাটবিহু চাবলৈ যাই॥
(১৭)
কেনেকৈ ধৰিলে তোকে ঐ মণিৰাম
কেনেকৈ ধৰিলে তোক।
ইফালে যোৰহাট সিফালে গোলাঘাট
চিঠিলিখি ধৰিলে মোক॥
(১৮)
জালভাৰী বৰুৱা কিমান ডাঙৰীয়া
বেলাত চাৰিসাজি খাই।
গোমচেং চোলাটো পিঠিতে পেলাই লৈ
ঘোঁৰা খেলিবলৈ যাই॥
(১৯)
কাহানি আহিলা হাবুঙীয়া ডেকাটি
জেপত লৈ পমিলাৰ গুটি।
কেতিয়া আহিলা বগী বিলৰ গুৱালটি
মেনা ম'হৰ পিঠিতে উঠি॥
——○○—
(১)
কৃষ্ণাই মূৰতে বকুল ফুল এপাহি
নিয়ঁৰ পাই মুকলি হ’ল ঐ গোবিন্দই ৰাম।
(২)
ৰাধাই বোলে কৃষ্ণাই আমাক পাৰে কৰা
এই যমুনাৰে জল ঐ গোবিন্দই ৰাম।
(৩)
বাঁহপাত ঐ বেচেন্তী ঐ
কটাৰী খিলিঙাই বাজে না ৰৈ।
(8)
পাত ঐ পচলা মাধৈ ফুলৰ মালা
মালিনী ঐ খৰকৈ যতন কৰা।
(৫)
ধনশিৰি বগৰি সোৱণশিৰি নৈ
আঁহযাওঁ লগৰী ওমলো গৈ।
(৬)
দেউতাৰ পদুলি গুন্ধাইছে মধুৰি
কেতেকী মলেমলাই ঐ গোবিন্দই ৰাম।
(৭)
ৰংপুৰ ৰঙামণি পিন্ধাই দিয়া সৰুভনী
হুঁচৰি গাবলৈ যাঁও ঐ গোবিন্দই ৰাম।
(৮)
কায়স্থৰ কূলে কুসুম্বৰ ঘৰে
শংকৰদেউ অৱতাৰ ধৰে ঐ গোবিন্দাই ৰাম।
(৯)
হুঁচৰি বাই ঐ পদুমৰ চকা
শৰাইতে দিয়াহি একুৰি টকা।
(১০)
হুঁচৰি এ হাওঁ মনাই মেধিৰ ঘৰতে গাঁও।
(১১)
শংকৰদেউ আমাৰ নিজা গুৰু দৈৱকী নন্দন দেউ হে।
(১২)
তেতেলি তলতে কৰো তাঁতবাটি
পাহৰি আহিলো কুচি ঐ গোবিন্দাই ৰাম।
(১৩)
হাতত কাৰেফাইল’ হেৰ দদাই
মাৰৈ মাৰৈ বালি চৰাই।
(১৪)
হুঁচৰি বাই ঐ দলৌ চৰাই
তামোল থোকি পান গুচি ৰূপৰ শৰাই।
(১৫)
কানাই গল ফুলে পাৰিবলৈ
হাততে হাঁকুটি লৈ গ'ল।
(১৬)
হুৰে হুৰে বাই ডোলত কাপোৰ ঘূৰে
উমনিৰ কুকুৰাই কেঁউ কেঁউ কৰে।
(১৭)
কেৰেলা ঐ বেঙেনা ঐ
তোৰে বহে বতৰ যায়েনা ৰৈ।
(১৮)
পালেহি বলীয়া চ’তে না ৰৈ
আহ যাওঁ লগৰী ওমলো গৈ।
(১৯)
ধনশিৰি বগৰী সোৱণশিৰি নৈ
কোবাই দে বগৰী জাঁত জাঁত কৈ।
(2০)
ৰৈ বৈ যাই পিন্ধোতা নাই
চম্পা নাহৰৰে কলিনা ৰৈ।
(২১)
মোৰ ধন বেথাবৰ ঐ
বিহুৰে বাতৰি কোৱানা ৰৈ।
(২২)
ৰঙিলী ঐ পমিলী ঐ
আহ যাওঁ লগৰী ওমলো গৈ।
(২৩)
কি মাছ মাৰিব পুঠিনা ৰৈ
আহ যাওঁ লগৰী ওমলো গৈ।
(২৪)
হুৰাই ল’ পূৰ্ণিমাৰে জোন
হেঁপেটি মাৰোপতি চাপৰি বাওঁপতি
সেইটিবা সেইটিবা নাচনী কোন।
(২৫)
গিৰিপ গিৰিপ ঐ কলীমতী কাঠৰ শৰাই
কি ফুল পিন্ধিলি খোপা ভৰাই
জাঁই পিন্ধো যূতি পিন্ধো পিন্ধো দুৱামৰি
পেঁপাটো বজাই দে নাচো ঘূৰি ঘূৰি।
(২৬)
হুৰাই ল’ পুৰৈ শাকৰ ভাজি
হুঁচৰি গাবলৈ আহিছো আজি
খৰধৰ কৰা বাই কাছুটি সৰিল
চিৰাদিয়া পিঠাদিয়া নাচনী মৰিল।
(২৭)
হুৰাই ল’ চৰু নিলে চুৰে
ভিতৰতে কিনো কৰা তিনি সতিনীয়ে
এজনীয়ে লাৰে চাৰে এজনীয়ে বাছে
এজনীয়ে ভিতৰতে ঘূৰি ঘূৰি নাচে।
(২৮)
হুৰাই ল’ যঁতৰৰ শলা
নাজিৰা হাতলৈ নেযাওঁ ল'
নিপিন্ধো ফুলৰে মালা।
(২৯)
হুৰাই ল' স্বৰগৰ তৰা
খাৰীনাকী ছোৱালী পেটুৱা দৰা
দৰাই বোলে জেতুকী ভাতখাৱ এনাও
খালৈ যেন পেটতোৰ পানী খাৱ দুনাও।
—০০—
(৩০)
ঘোষাঃ আইধন বিনন্দীয়া হৰিধন ঐ লহৰীয়া
পদঃ তেতেলি তলতে কৰো তাঁত বাটি ল’হ’ লহৰীয়া
পাহৰি আহিলো কুচি শৰীলৰে ল’হ’ লহৰীয়া।
কুচিৰে লগতে পগলাই কিলাব ল’হ’ লহৰীয়া
যামে আই ঘৰলৈ গুচি শৰীলৰে ল’হ’ লহৰীয়া
মাৰৰ ঘৰলৈ যাবি তই পাগলী ল’হ’ লহৰীয়া
বাটতে খপোৱা দিমে শৰীলৰে ল’হ’ লহৰীয়া
বাটতে খপোৱা দিবি তই পগলা ল’হ’ লহৰীয়া
হাবিত লৰে মাৰি সোমাম শৰীলৰে লহ’ লহৰীয়া
হাবিত লৰে মাৰি সেমাবি পাগলী ল’হ’ লহৰীয়া
হাবিজুই লগায়ে দিমে শৰীলৰে ল’হ’ লহৰীয়া।
হাবি জুই লগায়ে দিবি তই পগলা ল’হ’ লহৰীয়া
ধোঁৱাৰে লগতে উৰিম শৰীলৰে ল’হ’ লহৰীয়া
ধোঁৱাৰে লগতে উৰিবি পাগলী ল’হ’ লহৰীয়া
হাঁকুটি লগায়ে ধৰিম শৰীলৰে ল’হ’লহৰীয়া
হাঁকুটি লগায়ে ধৰিবি পগলা ল’হ’ লহৰীয়া
লেধায়ে শামুকে হমে শৰীলৰে ল’হ’ লহৰীয়া
লেধায়ে শামুকে হবি তই পাগলী ল’হ’ লহৰীয়া
তোকে চূণে পুৰি খামে শৰীলৰে ল’হ' লহৰীয়া
মোকে চূণপুৰি খাবি তই পগলা লহ’ লহৰীয়া
দুগালে দাকিয়ে দিমে শৰীলৰে ল’হ’ লহৰীয়া।
দুগালে দাকিয়ে দিবি তই পাগলী ল’হ’ লহৰীয়া
মুখত তেলে ঘঁহি দিমে শৰীলৰে ল’ই’ লহৰীয়া
মুখত তেলে ঘঁহি দিবি তই পগলা ল’হ’ লহৰীয়া
তোমাৰে দেহতে মিলিম শৰীলৰে লহ’ লহৰীয়া।
(৩১)
ঘোষাঃ হাতৰে চাপৰি আহক ঘনে কৰি
ভৰিৰ গিৰিপনি যক ঐ লহৰীয়া।
পদঃ শংকৰ দেউ ৰজাৰে পুতেক মণিকোঁৱৰ যক ঐ লহৰীয়া
কিছুতে ক্ষতিক্ষণ নায়ে শৰীলৰে যক ঐ লহৰীয়া
এবেলা দুলাতে এবেলা ঘোঁৰাতে যক ঐ লহৰীয়া
এবেলা খেলিখেলায়ে শৰীলৰে যক ঐ লহৰীয়া
খেলিকে খেলায়ে ৰঙকে নেপালে যক ঐ লহৰীয়া
ঘিলা খেলিবলৈ যায়ে শৰীলৰে যক ঐ লহৰীয়া
ঘিলাকে খেলিয়ে ৰঙকে নেপালে যক ঐ লহৰীয়া
নদীত গা ধুবলৈ যায়ে শৰীলৰে যক ঐ লহৰীয়া
এপতা পানীতে কোঁৱৰ গা নোধোলে যক ঐ লহৰীয়া
এগাঠি পানীলৈ যায়ে শৰীলৰে যক ঐ লহৰীয়া
এগাঁঠি পানীতে কোঁৱৰ গা নোধোলে যক ঐ লহৰীয়া
একাঠু পানীলৈ যায়ে শৰীলৰে যক ঐ লহৰীয়া
একাঠু পানীতে কোঁৱৰ গা নোধোলে যক ঐ লহৰীয়া
এককাল পানীলৈ যায়ে শৰীলৰে যক ঐ লহৰীয়া
এবুকু পানীতে কোঁৱৰ গা নোধোলে যক ঐ লহৰীয়া
এডিঙি পানীলৈ যায়ে শৰীলৰে যক ঐ লহৰীয়া
এজাবুৰ দুজাবুৰ মাৰে সাত জাবুৰ যক ঐ লহৰীয়া
পাৰতে মচিলে ভৰি শৰীলৰে যক ঐ লহৰীয়া
আৰু দুনাই জাবুৰ মাৰোতে কোঁৱৰক যক ঐ লহৰীয়া
নিলে জল কুঁৱৰীয়ে হৰি শৰীলৰে যক ঐ লহৰীয়া।
(৩২)
জুনা: ভলুকা বাঁহৰে আখি ঐ দদাই দেউ
ভলুকা বাহৰে আখি।
তলে বোকাপানী ওপৰে বৰষুণ
আমাকো নথবা ৰাখি॥
(৩৩)
উজাই চৰিব শিহুকৈ ঘঁড়িয়াল
ভটিয়াই চৰিব মোৱা।
এখন গুণাৰ চেলেং দিয়া আগবঢ়াই
ভনিটী গাভৰু হোৱা॥
(৩৪)
আমাৰে বিহুখন উৰুঙা পুৰুঙা
ঢোলৰ মাত নোহোৱা হ'ল।
নামতী থাকিলে নগাওঁ জিলাতে
নাচনী শদীয়াত ৰল॥
(৩৫)
বোৱালে মেলিব পোখা অ’ দেউতা
বোৱালে মেলিব পোখা।
এটকা চিকাৰূপ নেপাব লাগিলে
চোতালখন কৰিযাম বোকা॥
(৩৬)
কাৰফাই ধেনুৰে জোঁৰে হৰি হৰি
কাৰফাই ধেনুৰে জোঁৰ।
দেউতাৰ চোতালত বিহু মাৰি মাৰি
কাছুটি সুলকিল মোৰ॥
(৩৭)
পেঁপা সাজি দিব কোনে ঐ নাচনী
টকা সাজি দিব কোনে।
মৰাণৰ মুচীয়াৰ ঘৰত নাইকীয়া
ঢোল চাইদিব কোনে॥
(৩৮)
চফা নাহৰৰে পাতে বাই কিৰিঙী
চফা নাহৰৰে পাত।
বৌদেউ শিপিনী হাঁচতী নিদিলে
শৰাইলৈ নেমেলো হাত॥
(৩৯)
ঢোলৰে বৰটি লৰিল সমনীয়া
ঢোলৰে বৰটি লৰিল।
কালিৰে পৰা ভাতে নাইকীয়া
কাছুটি সুলকি পৰিল॥
(8০)
ৰিঙেকৈ পহুৰে শিঙে সেউজীয়া
দুবৰি কজলা ডাল।
আমাৰে বিহুতে ঢোলে নাইকীয়া
বজাও খোলাকটি তাল॥
(৪১)
ৰাজমাউ দেউলত ঢোলে গিৰগিৰালে
আহিলে মৰাণৰ দল।
উলাই স্বৰ্গদেউ দিয়াহি সমিধান
আমাৰ যাবৰ সময় হ’ল॥
(৪২)
আলিয়ে আলিয়ে যাই বালিমাহী
এখুজি দুখুজি লেখি।
খুৰা লগা কৰণি যাই বাটবুলি
হাঁচতি আনোগৈ বুলি॥
(৪৩)
দেউতাৰ বৰঘৰ ফুল চতি লগোৱা
চাপৰি চাপৰি যাবা।
ৰজাই বটাদিয়া সোণালী পাগুৰি
আলান্ধু লাগিব চাবা॥
(৪৪)
নামৰো নেজানো সুৰে অ’ বৌদেউ
পদৰো নেজানো সুৰ।
কিনো চাই আছা ভিতৰলৈ যোৱাগৈ
মেলাগৈ জপাৰে মূৰ॥
(৪৫)
পানত পদুমৰ চকা ঐ দেউতা
চূণত পদুমৰ চকা।
তোমাৰ ধনেৰে কিনো দল বন্ধাবা
বচনে এহেজাৰ টকা॥
(৪৬)
উজাই ৰজা দুৱাৰ ৰাজমাও ওলালে
সজাই কিৰিঙীয়া হাতী।
নাচনী গাৰে চোলাটো ফাটিলে
কাকতিক আনাগৈ মাতি॥
(৪৭)
চিলাই পুঠি মাছ নিব সমনীয়া
চিলাই পুঠি মাছ নিব।
একে লগৰ বিহুৱাই নিলে দহটকা
আমাক কুৰি টকা দিব॥
(৪৮)
কাগজৰ টকাকে বেছিহেন দেখিলা
কৰণি নানিলা পাই।
ককালৰ খনীয়া দিওঁ দলিমাৰি
কৰণি আনাগৈ চাই॥
(৪৯)
পান দিয়া পদুমী চূণ দিয়া চেনেহী
তামোল কাটি দিয়া খাওঁ।
ওলাই পদুমী দিয়া অ’ সমিধান
আমি ৰজাঘৰে যাওঁ॥
(৫০)
সুতুলি সুতুলি মাটিৰে সুতুলি
সুতুলি কিহেৰে বাওঁ।
ককালৰ খোচনিত সুতুলি আনিছো
আঙুলি বোলায়ে বাওঁ॥
(৫১)
এটা বাটিত নহৰু এটা বাটিত পুনৰো
এটা বাটিত খুতুৰা শাক।
বছেৰেকৰ বিহুতে আৰ্শীবাদ কৰিছো
গৃহস্থ কুশলে থাক॥
(৫২)
এ মৰমজান |
|
এ মৰমজান |
থিয় হৈ বিষালে |
(৫৩)
এ সৰুমাই |
নৈত পৰি নমৰো |
(৫৪)
ৰহদৈ ঘিলাদৈ |
চমকত চাবলৈ |
ৰহদৈ ঘিলাদৈ চৰায়ো নহলো
ৰহদৈ ঘিলাদৈ উৰিগৈ চাবলৈ
ৰহদৈ ঘিলাদৈ ৰহদৈ ঘিলাদৈ
দুহাতে দুপাখি লৈ॥
(৫৫)
বিহু বিহু বিহুটি
আমাৰ বিহু তিনিটি
কাতি বিহু কঙালি
মাঘৰ বিহু ভোগালী
বহাগ বিহু ৰঙালী
কৰি যাওঁ ধেমালি
ডালত কপৌ ফুলিলে
ঢোল পেঁপা ঐ বাজিলে
পেঁপাৰ মাতে বলীয়া কৰিলে
নাচি নাচি নাচনী আহিলে
পেপাই মাতে তিহিঁতি
নাচি থাকা ভনিটী
নাচনী অঐ
নচুৱাই থাকিবৰ মন।
(৫৬)
সবাতকৈ শুৱনী
হলি ঐ চেনেহী
ললি গুণেশ্বৰী নাম
দিনে ৰাতি কৰি
ঈশ্বৰক খাটিছো
তোকে কেনেকৰি পামে ঐ
নৈ পানী ঐ বঢ়া নাই ঐ
কুলিৰ মাতো শুনা নাই ঐ
শুনা নাই ঐ কেতেকীৰ
মাতে হেৰা অঞ্জনা
কলে জানো বুজিবা
হাঁহিবা নে কান্দিবা
মোৰে দুখৰ বেদনা॥
(৫৭)
বিহুৰে বিৰিণা
পাতে সমনীয়া
বিহুৰে বিৰিণা পাত
বিহু থাকে মানে
বিহুকে বিনাবা
বিহু গলে বিনাবা কাক বাই জিলতী ঐ
এই বেলি বানেহে
বানে বাই জিলতী ঐ
এইবেলি বানেহে
এইবেলি বানেহে বান॥
(৫৮)
আজি বিহু বিহু |
অ’ বাই সেউতী ঐ |
(৫৯)
জালভাৰী বৰুৱা
কিমান ডাঙৰীয়া
বেলাত চাৰিসাজি খায়
গোমচেং চোলাটো
কান্ধতে পেলাই লৈ
ঘোঁৰা খেলিবলৈ যায়ে কাই বেথাবৰ ঐ
ধিন্খিটৌ ধিন্খিটৌ বজালা
ঢোলে কাই বেথাবৰ ঐ
ধিন্খিটৌ ধিন্খিটৌ বজালা ঢোল॥
—০০—
(১)
ন-চিন্ কোমলীয়া
ঙ চিন্ কোমলীয়া
ন-লেক বুজাই লাং
ঙ লেক বুজাই পে।
নৈ চেঙেলীয়া গৰা কোমলীয়া
পাৰৰ কোমলীয়া বন।
তুমি চেঙেলীয়া আমি ধেমেলীয়া
বুজাব নোৱাৰো মন॥
(২)
জিল্লেলে ৰঙ্ঙামে
জিলাটকি কামালা
দঃলুচে ৰঙ্ঙামে
মেঃনাম্ ঐবি কামালা।
নগৰৰ উৰুঙা নচলে চিনেমা
পথাৰৰ উৰুঙা বন।
গাঁৱৰে উৰুঙা নহলে কনেঙা
ঘৰতো নবহে মন॥
(৩)
কুয়াব তাগ্ লা দপেব
মেঃনাম ঐনম্ পাঃমিলা
ঐন গিপে এম্মিল
নাঃনে বাংবুম্ চাৰিপে।
আইকে তেজিব পাৰো ঐ চেনেঙী
বোপাইকো তেজিয়ে যাম।
তোমাকে চেনেঙী আনিব পাৰিলে
কটনা কাটিয়ে খাম॥
(8)
ঐয়া মেঃনানে
ঐনক্ গুঃনেন্ মেঃনানে
কোমলীয়া দেয়াচে
কোলাপৰি গেদুনে।
দেহেহল অলীয়া দেহেহল বলীয়া
গোৱাকে গাবলৈ ললো।
তোমাৰে কথাকে ভাবোতে চিন্তোতে
বেঙেনা কলীয়া হ'লো॥
(৫)
ৰাম্কৗ বিনাম্ তুলকি
লেক্ কামাঙ পদূলি
কনাংকৗ বিনাম্ আঙঠি
গীক্ কামাঙ আঙলি।
ৰামে দি পঠিয়াই তুলসি পুলিটি
ৰুবলৈ পদুলি নাই।
ধনে দি পঠিয়াই চেনেহৰ আঙঠি
পিন্ধিবলৈ আঙলি নাই॥
(৬)
চঃয়োবে ৰঙ্ঙামে
চঃয়াবে ৰঙ্ঙামে
ঐ নেবি কামালা
ঐঙক্ আচিন্ ৰঙ্ঙামে।
ঘৰ ও উৰুঙা বিচনা উৰুঙা
উৰুঙা চোতালৰ বন।
তুমি ঐ চেনেঙা লগত নাইকীয়া
ঘৰতো নবহে মন॥
(৭)
বঃবি লঃলিন্ এচাৰ্ দ
টুংগৗদ যুৱলা দুদ্ দেম্
নমৗ মাঞিল্ কাঃপালা
দাৰব্ লাংকুল্ কাপ্দুনৗ।
ৰিব্ ৰিব্ বতাহত আছিলো চোতালত
চিল্মিল টোপনি ধৰে।
চক্ মক্ সপোনত তোমাকে দেখিলো
কান্দিলো নকন্দা চলে॥
(৮)
অপিচাৰ্ দক্ অপিছে
চুণ য়ন্নাম্ অকুম্দে
ঐ-ঙঞিক্ দুঙ্কদে
জুপুৰীয়াই পঁজাদে।
নেলাগে কনেঙা চেহাবৰ বঙলা
নিপিন্ধো মালতী পাহি।
জুপুৰী পঁজায়ে বৈকণ্ঠ ভূৱনে
থাকিবা মিচিকি হাঁহি॥
(৯)
ঙক্কে মেঃনাম কঃনেদে
ঙক্কেপ্ গিপে এম্গেলা
পুমচাঙঃনাম আচিদ্
বৰকিপে কুঃদুঃনে।
দেহা জুৰণীয়া মন মোহনীয়া
দেখি মৰম লাগে তোক।
এচলু পানীতে বৰশী বোৱাদি
চলনা কৰিছ মোক॥
(১০)
ইচিং জুম্দক্ কাংকানে
নাঙৰ ঐ পুলিদে;
কঃনেং জুম্দক্ কাংকানে
মেঃনাম্ ঐ কঃনেদে।
বসন্তৰ শুৱনী নাহৰৰ পুলিটি
ৰঙাকৈ সেন্দুৰী পাহি।
জাকৰে শুৱনী মোৰ ধন চেনেঙী
মুখৰো নোগুচে হাঁহি॥
(১১)
কুৰৱাঙই আচুৱদেম্
ধুমুহাঙে যিঃপান্ ত
ঐ-গুঞিক্ পীৰিতি
অতুৰুঙে মঃপান্ ত
অতি চেনেহৰে কুঢ়া চৰাই বাহটি
বতাহে থেকেচি ভাঙিল।
চেনেহৰ চুমায়ে নাকটি চিঙিলে
পঙাকথা পঙাতে থাকিল।
(১২)
নক্কে ৰিবি আঙুক
ঙক্কে উগন্ আঙুক
অচিনাঙে অয়েপে
অম্চেদচুলা লেঃৰিপে।
চৰায়ে চৰায়ে পীৰিতি কৰিলে
পাখিতে লগালে পাখি।
তুমিয়ে আমিয়ে দিও লগন গাঁথি
ৰিবিগাচেং কৰি যাওঁ সাখী॥
(১৩)
আপিন্ দক আৰাম্দ
ঐনক্ য়াল্লম কাবেগ্ লা
মৃৰচি দৃগদাগ্ এমগেলা
মিক্চি তিত্চুল কাপ্দুনে।
ভাত পাতত বহি দেখিলো চেনেঙা
কাঁহীতে তোমাৰে ছবি।
শোগে খুন্দামাৰি চকুলো টুকিলো
জলকীয়াই পুৰিছে বুলি॥
(১৪)
কাঃমানে কিচাপে
বেৰ্মানে কিচাপে
শতুৰু আমিগ্দে
বেৰ্ য়ত্লা কাঃদুনে।
নেচাঁও নেচাঁও বুলি থাকিব নোৱাৰো
লাহৰী ছবিটি তোৰ।
দিনটোৰ ভিতৰত এবাৰ নেদেখিলে
শৰীল পুৰিমৰে মোৰ।
(১৫)
ঐয়া চিয়াদ্পে
আবুং আচি চিয়াদপে
মেঃনাম ঐ আতেৰণম্
যাৎপানই দুঃবনে।
নৈ ঘূৰণীয়া ডকা চাকনৈয়া
উটিলে জাঁজৰি থুপ।
প্ৰেমৰ চাকনৈয়াত পৰিলি চেনেঙা
বিচাৰি নেপালো তোক॥
(১৬)
ঐয়া ততেকপে
কাগৰীয়ই ততেকপে
ৰুনে বি-দিবি
তিৰ্ পানই চুদুনে ঐ ঐয়া।
নৈয়ে ভাঙিলে নৈ থিয়গৰা
ঢৌৱে ভাঙিলে ঘূলি।
খাগৰি ভঙাদি কোনে মন ভাঙিলে
সোৱণশিৰি পৰীয়া বুলি॥
(১৭)
আঃমৈ গাদ্ য়ুমা
মুটিদেম তুঃয়ুমা
কেমেৰাঙক পায়ামিল
পটো মাৰিলা মৌপ্পাব
ইমান ধুনীয়াকৈ ধান দাই গলি
বান্ধিলি হেঙুলী মুঠি।
কেমেৰা নেপালো লাহৰী দেহাটিৰ
ছবিটি লবলৈ তুলি॥
(১)
ফাগুনিয় দিনহ ৰিপ্ ৰিপ্ মুকুৱা
আঁয় দেহা মুকলি নয়।
বহাগীয় দিনহ নিয় গেমা পুঁমাৱা
আঁয় মন মুহিংনা লাই॥
ৰিব্ ৰিব বসন্তৰ মলয়া বতাহত
দেহাটি পৰিলে শাঁত।
কিনো চেলেং চোলা পিন্ধিছ চেনেহী
বনজুই জ্বলিছে গাত॥
(২)
চ'ত মহীয়া চাদুহ কেতুৰি মাকিৰে
আঁয় দেহা নাংনা কেৰি।
আৰে ননা মইনাচি ভাবিব গুনিম
অভাগি বলিয়া চাৰি॥
তোকে চাই মই নাচি নেলাগে আমনি
জেউতি জিলিকে গাত।
চিন্তোতে শুকালে লাহৰী দেহাটি
চ'তৰ যেন কেতুৰি পাত॥
(৩)
মিলিবাই দিনহ যুৱাবাৰী চচিহ
ইগাবা দুবাকে উগাই।
ননানে হিজেমত হেলা অভাগিয়া
মুকু মিজি নিজেৰে হিগাই॥
বাঁহনি বাৰীতে কি চৰাই কান্দিলে
আকুলি বিকুলি কৰি।
তোলৈ মনত পৰি ওলাই চকুপানী
দেহা যাই এফালি মৰি॥
(8)
চ’ত মহীয়া চাদুহ কুলি দুৱা উগামত
বিচুনা শুৱৰি কুই।
চাঁকু কুৰমত্ চ্ছিমাতাই মাই কিৰমত্
ননা বুজি মন কুই॥
বসন্ত আহিলে বিহু বিহু লাগিলে
কুলিয়ে মাতিলে বনত।
গধূলি বিচনাত শুবলৈ যাওঁতে
তোমালৈ পৰিলে মনত॥
(৫)
বগাজি জেৰুণা দাচ্ছাৰে বেতিলৈ
বেতিবহ আমনি কৰি।
অবুজা শুমিনা দাচ্ছাৰে বুজা নৈ
বুজাংনাগ বুজানৈ গেৰি॥
ভগাকৈ জেউৰা কিমাননো ভেটিমে
আকৌ ভাগি ভাগি পৰে।
অবুজন মনকে কিমাননো বুজামে
বুজনি নেমানে মনে॥
(৬)
বালি চন্দাই লেকিয়া নিয় বুজি হাকুৰু
চিৰি জিলিকিংনা দুমেই।
চচু মিচ্ছিগকে মইনা দুৱাই লেকিয়া
কিনাতংনা ৰকচ্চি নিমাই॥
তোৰে গাল দুখনি বালিচন্দাৰ দৰে
জেউতি জিলিকে ৰাতি।
মোৰ মন বলীয়া কিৰিলি চেনেহী
মইনা মাতেৰে মাতি॥
(৭)
কাচিতৰা চ্ছিয়াঁনা দাকিংনে নিন্ দে
আচুগুৰু ইয়ামত হঁয়া।
ননা বুজি মই নাচি দাকিংনে লাহান্ দে
কুচিৰি হঁয়াম্ ত হঁয়া॥
পিছলকৈ বামিমাছ ধৰিম কেনেকৰি
বালি দি নধৰো মানে।
তোমাক অ’ চেনেহী পামে কেনে কৰি
দৰব জাতি নকৰো মানে॥
(৮)
কাংনা বিনানি পঁপঁয় কেতেকী
পঁপঁয় দাল ইগাবা ননি।
বালি আতিগুহ অভাগি বিনানি
ননা বুজি নিমায়া নিনা॥
বৰণৈ শুৱনী বগীদৈ চাপৰি
কেতেকী শুৱনী ডাল।
গাঁৱৰে শুৱনী মোৰধন চেনেহী
ৰঙাকৈ দুখনি গাল॥
(৯)
বিৰি বিৰি নংনা মোকো পিচা বেমহ
পঁপই চিছয়া কোংনা কেৰি।
বুজাংনাকে ইবাচি বুজামায়া ননানে
চাই চ্ছুনানে লাৰি॥
ৰিব্ ৰিব্ বতাহে গছৰ পাত চিঙিলে
মলয়াই সাৰিলে ধুলি।
তোকে অ’ চেনেহী কোনে মন ভঙালে
শদীয়া সিপাৰৰবুলি॥
(১০)
নিচিছাবেচোন ইবাচি নিয়ঁ যাঁ বুৰহ
ননু বুৰচ্ছালে কৰি।
কবাই গম মিমাংনা আঁ অভাগিয়া
ননা ইতকুনই কৰি॥
অ মোৰ লাহৰী কৈ যোৱা বাতৰি
তুমি কোন গাঁৱৰে জী।
ৰদত তিৰেবিৰাই ৰঙাগাল দুখনি
বুকুত তিৰেবিৰাই কি॥
(১১)
পৰ্বত বতেকু মেজ্জিবা চ্ছঁম্ পিচা
আমিৰিহ বতেকু গড়।
আনা ন নিমানই গঙাচিলনি হাজিকু
যিদিনা মাগিকো বৰ॥
যেনেকৈ ধৰিব নোৱাৰি ধুনীয়া
পৰ্বতৰ গাহৰি গড়।
আমাকে পাবলৈ গঙা চিলনি হৈ
বিধাতাক মগাগৈ বৰ॥
(১২)
ভাটৌ দুৱামালি যৌৱন সোণোৱালী
জীৱন মহিৰুবা গড়া।
জীয়ৰী কালৰে বিচ্ছিগ ইজয়া মত
চ্ছিমিমাই দাৰে বৰা॥
যৌৱন সোণোৱালী যেনে নৈ বালি
যেনে উৰণীয়া পখি।
নৈ গৰা খহাদি যৌৱন যাব খহি
তালৈ মনত পেলাই চাবি॥
(১৩)
ন চাৰণ ইবাচি কোমলীয়া দেহাচি
দুমান্ না চচাৰে ন।
নিয় গিদৰনিয় য়য় উগাৰণ
বানা তাবিৰিণা ন।
তোমাৰে দেহাটি ফুলৰে পাহিযেন
বিকুলৰ নলি যেন মাত।
অকলে কিমানদিন থাকিবা চেনেহী
দোষ দি আই বোপাই গাত॥
(১৪)
মালতী ইবানা ইতংনা মইনাচি
গোলাপ ইতম্জিয়ামা চাই।
ইগাবা দাগাবা মচি দুমহ নে
দানইনু চ্ছাবানা লাই॥
মাধৈকৈ মালতী এৰিলি চেনেহী
ধুনীয়া গোলাপফুল পাই।
পুৰণা পীৰিতি এৰিলি চেনেহী
তোৰেমান এজনী নাই॥
(১৫)
নিয়পাই হাতিগাবা মিজিগ ইগাবা হিজেংনা
আয় মুকুমিজি দিগানৈ নিনি।
নিয় মৰম না আ হানৈ নিমামা নিমা
শপত হাবেম দে মকা হায়াম নিনা॥
মিচিকি হাঁহিৰে মৰম লগাই লগাই
দেখি চকুপানী বৈ।
তোমাকে পামেযেন উমলি থাকিমযেন
ভাতৰ কাহী হেঁচুকি থৈ॥
(১৬)
উজাই চৰিব |
ৰিং ৰিং ৰাং ৰাং কৰে মন |
(১)
য়ু মায়াকো ভৰপৰি ম বস্তা
গয়ু মেৰে কলিলৗ অৱস্থা।
বসন্তৰ শুৱনি ৰঙাকৈ ফুলনি
আমনি নেলাগে চাই
তোমাৰে ৰেহৰূপ চাওঁতে চাওঁতে
যৌৱন কাল ভটিয়াই যাই॥
(২)
কালী হোকি ভনে কৗত ৰছেউ ছাৰেই গৗৰী
মায়া লাউছু ভনছে অৰে তৗ নক্কলি মৗৰী।
তোমাৰে বৰণটি কল্পনা কৰিলো
তুমি যেন বসন্তৰ কুলি
দিঠকত দেখিলো বগী ৰাঙঢালি
মেঘে বৰণীয়া চুলি॥
(৩)
পানী পৰি ৰিমিজিমি গলিগায়া জিমিন
মাঁয়া গৰণে মত হাওলা নিৰ্মায়াৰো তিমি
চিমে চিমে কৰি মেঘে বৰষিলে
তিতিলে চোতালৰ ধূলি
চকুলৈ চালেও মুখলৈ নেচাৱ
কলৈ এনেকুৱা হলি॥
(8)
কৰকে নজৰ লায়েৰৗ মায়া লায়েউ তিমিলে
ৰিছায়ে ঝেই বৗলেৰ মায়া লায়েউ তিমিলে।
মৰম লগাই লগাই চেনেহো লগালি
নোচোৱা চেৱৰে চাই।
এদিন দুদিন কৰি মোৰে মন ভঙালি
তোৰে মান এজনী নাই॥
(৫)
মিঠৗ মিঠৗ ফুলকৗ গন্ধ ফুলকৗ ৰচইমা
কোন পাপী আই পৰি ফুলকৗ ৰচই মা
ৰূপেৰে ভূলালি ৰূপহী ভোমোৰা
গুণেৰে ভূলালি পাহি।
কোন শতৰুৱে তোৰে মন ভঙালে
বসন্ত মলয়াত আহি॥
(৬)
আশা ভৰি তিভ্ৰৗমায়া মুটু ভৰি মায়া
জতা হেৰো উতেই দেখছু তিস্ৰৌ সৱই মায়া
গীত বনাই গাই ৰৌকি তিস্ৰৌ সৱই মায়া
তোমাৰে মৰমে বুকুখন ভৰিলে
চেনেহৰ বলিলে বান।
তোমাক যেন লগতলৈ ওমলি ফুৰিমগৈ
গাই গাই যৌৱনৰ গান॥
⸻
ঝুমুৰ গীত
(১)
বসন্ত বহিল’ সখা কুকিল’ কান্দিল’ ৰে
এমন সময় প্ৰিয় সখা বিদেশে ৰহিল ৰে।
বসন্ত আহিলে ৰমকে জমকে
কুলিয়ে জনালে মাতি।
কোনোবা বিদেশত আছাগৈ মইনা
টোপনি নধৰে ৰাতি॥
(২)
লাল শাড়ী পায়ে ঘুংযুৰ ত’কে চাজেলা
সজনী ৰে’ তকে বৰ মৰম লাগেলা।
হাততো জেতুকা ভৰিতো জুনুকা
ওঁঠতে হেঙুলি ৰঙ।
ৰঙা শাড়ীখনি কৰে তিৰেবিৰে
লগত লৈ ফুৰিবৰ মন॥
(৩)
চেহেৰা গোলাপ তৰি বুলি মিঠা ত’ৰ
তোকে দেখল দিন দিন কাটে নাহি ম’ৰ।
গোলাপৰ পাহিযেন তোমাৰে ছবিটি
মাতত মৌ বৰষি যাই।
তোমাৰে ৰেহৰূপ চাওঁতে চাওঁতে
এদিনে এবছৰ যাই।
(8)
কবে উঠে মনস্তাপ দিবনেকি জলেঝাপ
ঝাপদিলে ডুবিয়া পৰব কতদিনে শ্যাম লাগল পাব।
ভাবোতে ভাবনি নধৰে টোপনি
তোমাক কেনেকৰি পাম।
কেতিয়াবা মইনাজান এনে বেয়া লাগে
জানোদিম নৈতে জাপ॥
(৫)
ঢ’ল বাজে মাদল বাজে বাজে হাতেৰ কঙ্কণ ৰে
কৰম পূজায় মিনি নাচে লাল পিচল শাড়ী ৰে।
ঢোল ও বাজিলে মাদলো বাজিলে
জুনুক জুনুক বাজিলে খাৰু।
ৰঙা শাৰী পিন্ধি মিনিজনী নাচিলে
নেচাই বা থাকিব পাৰো॥
(৬)
তুই আছ অনেক দূৰে কবে আবে মোৰ ঘৰে
দয়ালিনী ৰে কমলিনী ৰে কতদিনে ধ্বনি হবে দেখাৰে।
কাহানি বলিব বসন্ত মলয়া
কাহানি মাতিব কুলি
কাহানি আহিবা আমাৰে ঘৰলৈ
দীঘলকৈ ওৰণি তুলি।
তৰি = সাদিশ্য বুলি = মাত কাটে = সময়।
⸺০০⸺
সোণোৱাল কছাৰী গীত
হাইদংও হুঁচৰি গীত
বাৰে মন্ত্ৰ
(১)
শ্ৰীকৃষ্ণায়ে নমঃ অ গিৰিহঁত ভাল, ছালিপান কটা আগত ভৰাল পিছত গড়াল,উত্তৰে চৰু, দক্ষিণে গৰু, পুখুৰীত মাছ, বাৰীত তামোল পাণ, নদন বদন হক, গৃহস্থ কুশল হক।
ইয়ৰি হুঁচৰি
হুঁচৰি চৈতা
পানী নাই নৈতা
যিবা আছে পকাণ্ডটি
সিওগল ঘুমটি।
ইবাৰীৰ বাঁহ ঐ সি বাৰীৰ বাঁহ
দুই বাঁহ লগ লাগি যাই চ’ত মাহ।
ইনালাহী বাই ঐ বীনালাহী বাই
চাউল চালিবলৈ চালনী নাই।
শাকত দিলে শুকটি মাহত দিলে গাজ
লৰা বুঢ়া বিহু কৰো নাই একো লাজ।
এলেঙ পেলেও ঐ এলেঙ পেলেঙ
তুমি বৈ দিয়া সৰু সূতা চেলেং।
লুইতৰ শিহু ঐ মাছধৰি খায়
দুমাহী বিহু ঐ আহে আৰু যাই।
তৰালী মৰালী ঘৰত আছাকোন
চ’ত মাহৰ বিহুতে ওলাই মাতাচোন।
এদোন ধানৰে দুইদোন তুঁহ
জাৰত কঁপি মৰিছ জুহালতে শুহ।
উমনি কুকুৰাই বাঁহ তলত চৰে
খোপাতে ধৰিলে কেং কেং কৰে।
চোতালৰ বগৰী পাত ঝেং ঝেং
ভাল বোলা বোৱাৰী দাঁত সেৰেঙ সেৰেঙ।
মাছ ধৰি খাই ঐ লুইতৰ শিহু
সোমবাৰে উৰুকা মঙলবাৰে বিহু।
বাৰটা বাঁহৰে তেৰটা কামি
লৰা-বুঢ়া চাপি আহা বিহুকৰো আমি।
লো যেন দাঁত ঐ জবকা হেন হাত
সিয়েহে খাই ঐ চুকা ধপাত।
লাউত দিবা হেদালি জিকাত দিবা জেং
দিব থব পাওঁ বুলি মাত ঝেং ঝেং।
লাই কুচি কুচি ঐ জিকা কুচি কুচি
জালুক বুলি গালমাৰো ভীম কলৰ গুটি।
একো চৰাই নেকান্দিলে কান্দিলেক কুলি
ন বোৱাৰীৰ দেখোন দাঁত নাই সুলী।
আম জাম কেৰেলা থৈ আহো গৈ
যমৰজা কেনেকুৱা চাই আহো গৈ।
নুৰুই নেকাটি খাই ঐ আহু আৰু শালি।
নবই নেকাটি পিন্ধে ঐ হালি জালি
কাজীয়ে মেখেলা পিন্ধে খমখমাই যাই
অকাজীয়ে মেখেলা পিন্ধি আলিবাটলৈ চাই।
⸺০০⸺
পচলাৰ উক্তি
(২)
হাঁচতী ঐ হুঁচৰি বাই
বহনা ঐ নাচি নাচি যাই।
ইনালাহী বাই ঐ চেং চেং কৰে
ভিতৰতে কিনো কৰা তিনি ভনীয়েৰে।
সৰুবায়ে বুলিলে বৰজনী বাই
ভদঙীয়া আলহীয়ে কিহেৰেবা খাই।
এদিনীয়া আলহী এঙুৰ ভেঙুৰ
জাকৰুৱা আলহী হেৰাম নেগুৰ।
বৰ বায়ে বুলিলে ভাবি গুণি চাওঁ
ভীম কলৰ পুলি যেন বাৰীত দেখা পাওঁ।
ক’ত আছে চিগা কাচি চেং কলি দা
পচলা আনিবলে কোনজনি যা।
ছিগা কাচি হাতত লৈ বাৰীত হল থিয়
সৰু সৰু পচলাৰ উৰিগল জীৱ।
কাটিলেক পচলা আনিলেক টানি
বাঁহ জেঙৰ খোচ খাই ৰান্ধনি হল কানি।
আনিলেক পচলা কাটিলেক পাত
মজিয়াত পেলাই লৈ দিলে থিয় ঘাপ।
পচলাৰ পানীয়ে মজীয়া বুৰিল
সৰু সৰু জীৱবোৰ চাঙত উঠিল।
কলৈ যাওঁ কি কৰো কতপাম তৰ
ক্ষণ গণি আলহী ভিৰাই মাৰিল লৰ।
⸺০০⸺
থুপৰীৰ গীত
(৩)
হুঁচৰি ঐ ধনশিৰি বাই
বিহুটি আনোগৈ টকা বজাই।
আম গছৰ আমৰলী মদা গছৰ হলৌ
থুপৰীয়ে তাঁত লগাই চুলি জলৌ মলৌ।
তাই হেনো নিচিনে তাঁতৰ বিহা
নবৈ নেকাটি পিন্ধে সিংখাপৰ ৰিহা।
একো চৰাই নেকান্দিলে কান্দিলেক কুদু
থুপৰীৰ গালতে চুমাখালে হুদু।
আদপোৱা সুতা কাটি বেৰত থলে তুলি
হালোৱাই লৈ গল মৈ জৰি বুলি।
আৰু পোৱা কাটিলেক সবাতকৈ সৰু
তাৰেই বান্ধিলে ডমৰা গৰু।
আম লখু লখু ঐ চাম লখু লখু
বাৰহাত তাঁতশাল তেৰহাত মাকো।
দেখিবলৈ লেতেৰা বিহুচেৰা তাঁত
শুনিবলৈ লেতেৰা থুপৰীৰ মাত।
বহিবলৈ লেতেৰা ঠেংখুৰা পীৰা
খাবলৈ লেতেৰা আধাখুন্দা চিৰা।
তয়ো বগা ময়ো বগা একে বিলৰ মাছ
পেঁপাটো বজাই দিও ঘুৰি ঘুৰি নাচ।
⸺ ০০⸺
পোহাৰী গীত
(8)
হেমালী ঐ চেৰেংদৈ চিয়া
হাতত চাপৰ মাৰি চেৰেংদৈ বিয়া।
হেমালী হেমালী বাটত পাই ধেমালি
ধেমালি বতৰে যায়ে না ৰৈ।
ৰঙাকৈ ৰচনা ঠৰঙা পচলা
পাহৰি নিদিলা লোণে না ৰৈ।
ফলীয়া তুহঁৰে জুই না ৰৈ
লগাই দিয়া গীতকে গাবকে নেজান
কতেনো আছিলি শুৱেনা ৰৈ।
খেৰ ঐ কাটিলো মুথুৰি বান্ধিলো
পথাৰত দি গলো ভেটা না ৰৈ।
লগাই দিয়া গীতকে গাব ঐ নেজান
কৰেণো ভেলেঙা ডেকা না ৰৈ।
হেমালী হেমালী কৰো ঐ ধেমালি
তুহঁকে গাল মাৰো সান্দহ গুৰি বুলি।
কাজীয়ে ধান বানে ধমৰ ধমৰ কৰি
লৰিলে কাণৰে কেৰু না ৰৈ।
চেনেহৰ লাখৌ মোৰ অতিকৈ থুপৰি
বেলি দূপৰলৈ শুৱে না ৰৈ।
লাখৌ মোৰ নেযাই ঐ কবাগৈ বুজাই ঐ
বাটতে টোপনি ধৰে না ৰৈ।
(৫)
হুঁচৰি বাই ঐ হাদৈ হিয়া
চাদৈ চকলাক বিয়া কৰি নিয়া।
চিচিলিক লাই হেনু চিচিলিক লাই
চিৰিমিৰি কটাৰীয়ে গুৱা কাটি খাই।
মিৰি গাঁৱৰ মিৰিয়নী চাঙে চাঙে নাচে
খিৰিং ৰজাই ঢোল বাই নাগিনীয়ে নাচে।
কটা নাকত ফটাকানি কিহৰ ঢাকনি
যাচি যদি নেযায়েই কিহৰ ৰান্ধনী
বাই থাক বাই থাক চাপক নেচাপক ঘাট
মাতক নেমাতক লুৰুপীয়ে লগাই যাওঁ মাত।
গৈ থাক গৈ থাক বাটকুৰি বাই
হেমালী ৰাজ্যত ধেমালি কৰো ৰহিমলাক পাই।
কোন সাধু কোন চোৰ বিত পালে মিছা
যোৱন কালত জাত নাই যেনেকুৱা ইচ্ছা।
চিলিলিক লাই ঐ চিলিলিক লাই
ডাল ভাঙি ফল খালে হলৌ বান্দৰাই।
কাজীয়ে কাপোৰ পিন্ধে ঘমঘমাই যাই
অকাজীয়ে ধুন মাৰে গাত কাপোৰ নাই।
মোৰ পো অজলা খাই কেচা লোণ
বেৰফালি চাইজুমি ছোৱালী জনী কোন॥
— সমাপ্ত —
এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।
ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলভ্য।
এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।