বিষ্ণু ৰাভাই তিলক দাসলৈ দিয়া চিঠি

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
বিষ্ণু ৰাভাৰ পত্ৰলেখা
লেখক বিষ্ণু প্ৰসাদ ৰাভা
Wikimedia-logo.svg আৰু চাওক প্ৰবন্ধ.
কলাগুৰু বিষ্ণু ৰাভাই তেওঁৰ জীৱনকালত লিখা চিঠি


19th Nov,1953
S.B Gopal Ch. Road
P.O. Tezpur, Darrang


মৰমৰ তিলক,

তোমালোকৰ তাত নিজৰ ঘৰৰ দৰে থাকি বৰ ভাল আৰু আপোন যেন লাগিল৷ তাৰ ফলত আমাৰ সম্বন্ধ ঘনিষ্ঠতৰ হ’ল৷ শ্ৰীমতীয়ে তাৰপৰা আহি কেৱল তোমালোকৰেই কথা কৈ থাকে, বিশেষকৈ ৰাণু-বানুহঁতৰ কথা৷ কথাৰ অন্ত নাই৷.....

মোৰ বিষয়ে তুমি কিছু element আৰু material বিচাৰিছিলা৷ এইবাৰৰ Tour-এই আছিল প্ৰধান কাৰণ৷ কিন্তু এইবাৰো বিশেষ একো নহ’ল৷ তুমি যদি ইমান হেঁপাহেই কৰিছা তেন্তে তোমাক মোৰ জীৱনৰ এটা চমু টোকা দিম৷…

মোৰ জীৱনৰ বিষয়ে লিখিবলৈ হ’লে তুমি Andre Muroise ৰ “Ariel” for (Shelley ৰ জীৱনী) অথবা Iring Stone এ লিখা “Lust for Life”-(Vincent Gogh নামে এজন Dutch Artist ৰ জীৱনী)পঢ়িবা৷…সেই ঠাঁচত লিখিলে কিতাপৰ মূল্য বাঢ়িব৷ …মোৰ বিষয়ে জনতাৰ কি মত, ...খেতিয়ক,বনুৱা,ছাত্ৰ,মধ্যবিত্ত শ্ৰেণীৰ কি অভিমত,--বুদ্ধিজীৱীসকলৰ কেনে ভাব সেই ফাললৈকো লক্ষ্য ৰাখিবা৷ ….মোৰ জীৱনৰ Philosophy কি,-কি অৱস্থাত মই শিল্পী, গায়ক, নৃত্যশিল্পী, লেখক, কবি, সাহিত্যিক, ঐতিহাসিক, নাট্যকাৰ, চিত্ৰপৰিচালক, অভিনেতা, খেলুৱৈ আদি হ’লোঁ — সেইবিলাকো মন কৰিবলগীয়া৷ …..মোৰ private জীৱনৰ যিখিনি প্ৰকাশযোগ্য — তাৰো আভাস যাতে সমাজত ছাব নপৰাকৈ বিৰিঙে৷ কিয়নো মই ৰাজনীতিত যোগ দিলোঁ সেইফালেও মন দিবা৷…

মোৰ প্ৰথমা ভাৰ্য্যাৰ কথা৷ …এতিয়াৰ কাহিনী….সকলো আভাস দিবা৷…..জীৱনত প্ৰেমৰ কাহিনীও আছে৷সেইবিলাকো প্ৰকাশ কৰিব পাৰা,কিন্তু যাতে সিহঁতৰ জীৱিত অৱস্থাৰ জীৱনত কলঙ্ক নপৰে এনে কৌশলেৰে লিখিবা৷বাৰু মই তোমাক সহায় কৰিম৷….তবে বেছি খৰধৰ নকৰিবা৷…

অধৰবাবুক কৈছিলোঁ, --উমেশ স্বৰ্গীয়াৰী, যোগেশ বড়ো, গনেশ বড়ো, বেঙা বড়ো, ধৰ্ম্ম স্বৰ্গীয়াৰী, পুস্পকান্ত বড়ো,(বসুমতাৰী),নিগ্ৰো বড়ো, এইবিলাকৰ ওপৰত warrant আছে নে নাই ;যদি আছে কি কি case ত আছে, কেনেকৈ সেই warrant withdrow কৰিব পাৰি ইত্যাদি বিতংকৈ খবৰ লৈ মোলৈ চিঠি লিখিবলৈ৷ তেওঁ কি কৰিলে জনাবা৷…..

....আৰু বেছি নেলেখোঁ৷ বুঢ়া-বুঢ়ীক আমাৰ উভয়ৰে নমস্কাৰ জনাবা৷ তোমালোকে মোৰ মৰম ও আশিস ল’বা৷

ইতি

বিষ্ণুপ্ৰসাদ ৰাভা