পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৮৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
সোঁ-মৰণেৰে ২৭৬ সােণে-পোৱালে
{{rh|সোঁ-মৰণেৰে|২৭৬|সোণে-পোৱালে}}


important event.
important event.

২০:৫৯, ২০ অক্টোবৰ ২০২০ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সোঁ-মৰণেৰে
সোণে-পোৱালে
২৭৬

important event.

সোঁ-মৰণেৰে মৰা—ক্ৰি, [ সম-মৰণেৰে মৰা ] বিষম অর্থাৎ অপঘাত জনিত মৰণেৰে নমৰি সম অর্থাৎ স্বাভাবিক মৰণেৰে মৰা, to die a natural death.

সােটমােচ ধােপােচ—বিং, কোনো অলাগতিয়াল বস্তু সোটমােচ কৰি ধোপােচ- কৰে পেলাই দিয়া হয়। এতেকে,—কোনো অকামিলা বস্তু বা মানুহ, a useless thing or person.

সােণ হলে দঁতাল হাতী পােন হোৱা--ক্রি, সোণ অথাৎ ঐশ্বৰ্য্য হলে হাবিৰ দঁতালহাতীকো ধৰি আনি শিকাই পোন অর্থাৎ বশীভূত কৰিব পৰা যায়। এতেকে,—ঐশ্বৰ্য্য-বিভূতি হলে সৰ্ব্ব কার্য্য সমাধা হােৱা, the making of everything easy by money.

সােণতকৈ জেউতি চৰা—বিণ, সােণৰ জেউতি অতি বেচি। এই স্থলত, সেই জেউতিতকৈও চৰা বােলা হৈছে । এতেকে,—অনুপম সুন্দৰ, exceedingly bright.

সোণৰ-রূপৰ কলচী—বিং, কলচী দ’ল আদিৰ ওপৰত জিলিকি থাকে। তাতে যদি সি সােণৰ বা ৰূপৰ হয়, তেনেহলে তাৰ তিৰবিৰণি আর বেচি হয়। এতেকে,—সর্বশ্রেষ্ঠ পুৰুষ, an illustrious personage.

সােণ-রূপৰ মুখেৰে কোৱা—ক্রি, সােণ আৰু ৰূপ বিখ্যাত ধাতু। এতেকে,— বিখ্যাত মুখেৰে কোৱা অর্থাৎ যাতে বাক্যৰ খণ্ডন হব নােৱাৰে এনে- ভাৱে বিখ্যাত মানুহে আপােন মুখেৰে কথা কোৱা, to speak out anything irrevocably or unalterably.

সােণৰ ষোলেং—বিং, ষােলেং এবিধ টেঙ্গা। সােণেৰে ষোলেঙ্গৰ আকৃতিৰে বস্তু তৈয়াৰ কৰা হয়। এতেকে,— যেই সেই বহুমূলীয় বস্তু, a valuable thing.

সোণে-পােৱালে গঁথাঁ—ক্রি. সােণে-পােৱালে গাঁথি সুন্দৰ গলমণি তৈয়াৰ কৰা হয়। অকল সােণেৰে নাইবা অকল পােৱালেৰে ভাল গলমণি কৰিব নোৱাৰি। ভাল আৰু বেয়া দুইৰো মিহলি হলে হে কামিলা বস্তু হয়। এতেকে,—ভাল আৰু বেয়া মিহলাই কোনাে লাগতিয়াল কাৰ্য কৰা, to make anything useful and permanent by blending the good and the evil harmoniously.