পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
Joli (আলোচনা | বৰঙণি)
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: " Accommodate কৰিব পাৰিব, চিন্তা নাই৷ আৰু যদিহে শ্ৰীমন্ত শ..." দি পৃষ্ঠা সৃষ্ট�
(কোনো পাৰ্থক্য নাই)

১৭:০১, ৩ এপ্ৰিল ২০১৫ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Accommodate কৰিব পাৰিব, চিন্তা নাই৷ আৰু যদিহে শ্ৰীমন্ত শঙ্কৰদেৱৰ কৃপাত নাম লৈ তাৰ ভকতসকলেৰে এইটো ব্ৰহ্মাণ্ডৰ বৈকুন্ঠখন ভৰি যায়, তেন্তে তাঁৰ নথকা টেলিগ্ৰাফৰ সহায়ত আন এটা ব্ৰহ্মাণ্ডৰ বৈকুন্ঠ এখনত 'আতৈসকল'লৈ ঠাই উলিয়াব পৰাটো অসম্ভৱ বুলিনো ধৰোঁ কেনেকৈ? এই বাবে আমাৰ ভকতসকলক কওঁ- "আতৈসকল! তোমৰাসকলে গল মেলি হৰিনাম লোক, শঙ্কা নকৰিব।'-

নাম লোৱা বাপুসকল নকৰিবা হেলা৷
নামেসে ৰাখিব ঘোৰ সঙ্কটৰ বেলা৷

শ্ৰীমন্ত শঙ্কৰ হৰিভকতৰ
জানা যেন কল্পতৰু৷

আপোনাসকলৰ সহায় আছে, আপোনাসকলে নাম লওক৷