পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৭৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "শব্দটোৰ অৰ্থ আৰু আৰিক হৈ থকা নাই; তাৰ ঠাইত সেই শব্..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

২১:৫১, ২৬ আগষ্ট ২০২০ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শব্দটোৰ অৰ্থ আৰু আৰিক হৈ থকা নাই; তাৰ ঠাইত সেই শব্দ উচ্চাৰণ কৰা সময়ছোৱাত যেন এটা শত্ৰুক টেটুচেপি হত্যা কৰা হৈ গ'ল। নাটকখনৰ শেষত সৰ্বশ্ৰান্ত আৰু পৰাভূত গেৰিল। নেতাৰ বিষাদ, বিহবলতা আৰু ক্ষোভক তিনিটা বাক্যৰ এটা সংলাপেৰে একমাত্ৰ ইউছুফেহে যি ৰূপ দিব পাৰিছিল, সেইটো শ্ৰোতা মাত্ৰৰে মনত থাকিব। নাটকখনৰ লেখকৰূপে মই প্ৰত্যয় গৈছে যে তেওঁ অভিনয়েৰে যি প্ৰকাশ কৰিলে সি মই বিচৰাতকৈ বহু উন্নত স্তৰ। সংলাপটো আছিল— “ৰাক্ষসী এণ্ডীজ, এতিয়া মই কাক লৈ যুদ্ধ কৰিম! —পিশাচী, তোক আৰু তেজ লাগে!—বেশ্যা, এদিন কিয় বুকুত ঠাই দিছিলি!” এই সকলো- খিনি অগতানুগতিক নিম্নস্বৰৰ অভিনয়ৰ ফলত আদৰ্শ অনাতাঁৰ অভিনয় হৈ থাকিব। অসংখ্য নাটকত এনে বহুত মূহুৰ্ত্ত আছে, আকাশবাণীত সেইবোৰ এতিয়া বাণীৱদ্ধ ৰূপত ৰখা হৈছে নে নাই মই কব নোৱাৰে। মোৰ স্মৃতি শক্তিও সকলো ক্ষেত্ৰতে প্ৰখৰ নহয়। ইফালে কিছুমান এনে নিদৰ্শন আকৌ টেইপ, লাইব্ৰেৰীত বহি শুনি মনত পেলা- বলৈও, ৰেডিঅ'ৰ চৌহদৰ ভিতৰত সোমাৱা এতিয়া মোৰ বাবে অসুবিধাজনক। সেয়ে সহজে মত