পৃষ্ঠা:পৰাচিত.pdf/৬৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত

০১:৩১, ১৩ জুন ২০২০ অনুযায়ী বৰ্তমান সংস্কৰণ

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰথম দৃশ্য]
৫৯
পৰাচিত


 বিহুৱা। আৰু ক'ত থাকিব! জুয়ে পোৰা ঘটি-বাটি দুডোখৰমান পাইছে হ'বলা।

 ভেকোলা। গাওঁখনত কোনোমতে এজন মানুহ ভাল হৈছিল। ক’ত তাত সকলোৱে আনন্দ পাব, নে ঘৰ-দুৱাৰ পুৰি নান্নং নবস্ত্ৰং কৰিব। এইখন গাৱঁৰ আৰু কি উদ্গতি হ'ব!

 বিহুৱা। এইবোৰ শিৱ বৰুৱাৰ বাহিৰে আনৰ কাম নহয়। ধৰ্ম্ম আছে, এদিন তাৰ গতি কাউৰে-শগুণে নোখোৱা হ'ব, চাবি।

 ভেকোলা। জানো ধৰ্ম্ম আছে নে নাই! ঈশ্বৰে দেখোন তাক বৰকৈ বঢ়াই দিছে।

 বিহুৱা। যি বৰ ওপৰলৈ উঠে, সি পৰোঁতেও ভালকৈ এঠেকেচা লয়। তাৰো গতি সেয়ে হ’ব।

 ভেকোলা। যাওঁচোন, ময়ো এবাৰ চায়েই আহোঁ।

 

(প্ৰস্থান।)

 বিহুৱা। সি ধনৰ গৰ্ব্বত পাপ-পুণ্য একো নমনা হৈছে পিচে সেই ধন বা কলৈ উৰি যায়!

  ( সুৰ লগাই গায়)⸺

  ধনক ধনে কৰি   ধনকে ঘটিলি

   পৰমে যতনে কৰি,

  ধন গ'ল উছলি   ধন গ’ল পিছলি,

   লগত গ’ল দুছলি খৰি।  (প্ৰস্থান। )