পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত

১৫:২৫, ৮ মে' ২০২০ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰাকৃত-ভূগোল।

টানি থাকে। পৃথিবীএও তাৰ ওপৰত থকা বা দূৰত থকা সকলো বস্তুকে আরু সকলো বস্তুএ পৃথিৰীক নিজ নিজ গাৰ ফাললৈ টানি আছে। কিন্তু পৃথিবীৰ এই প্ৰকাণ্ড শৰীৰৰ মানত, আমি সচৰাচৰ দেখা বস্তু বিলাক ইমান ক্ষুদ্ৰ যে ভিতৰৰ কোনো দুই বস্তুৰ পৰস্পৰৰ মাজত থকা আকৰ্ষণ শক্তিৰ কাৰ্য্য দেখিবলৈ- নেপাওঁ। কিন্তু পৃথিবীৰ পৰা বহু দূৰত শূন্য জগতত সকলো পদাৰ্থৰ আকৰ্ষণ শক্তিৰ কাৰ্য্য দেখা গৈছে আক পৃথিবীৰ ওপৰতত পৰ্ব্বত বিলাক কিছু ডাঙ্গৰ বুলি সিহঁতৰ আৰু আন এটা বস্তুৰ মাজত যি আকৰ্ষণ শক্তি থাকে তাৰ কাৰ্য্য দেখিবলৈ পোৱা যায়। এটা পৰ্ব্বতৰ ওচৰত এটি ওলোম ধৰিলে জৰি ডালি আন ঠাইত যেনেকৈ পৃথিবীলৈ লম্ব হয় সেই দৰে তাত নহৈ যৎকিঞ্চিৎ পৰ্ব্বতৰ ফাললৈ ঢাল লয়; কিন্তু ইয়াক চকুৰে ঠাৱৰিব নোৱাৰি। মাত্ৰ পণ্ডিত সকলে যন্ত্ৰ আৰু গণনাৰ আশ্ৰয় লৈ স্থিৰ কৰিছে। পৃথি- বীৰ ওপৰত হলে পৃথিবীৰ আকৰ্ষণ শক্তিহে প্ৰধানকৈ প্ৰকাশ পায়; তাৰ কাৰ্য্য অহৰ্নিশে দেখা পাবই লাগিছোহঁক। জড় পদাৰ্থৰ নিজে লৰিবৰ ক্ষমতা নাই; তাক যতে থোৰা যায় ততে থাকে। বাহিৰৰ পৰা কোনো টান বা ঠেলা নেপালে নলৰে। তেন্তে গছৰ ফল, শেনিৰ পৰা এৰালে যে মাটিলৈ নামি আহে এইটি পৃথিবীৰ আকৰ্ষণ শক্তিৰ বাহিৰে আনৰ কাৰ্য্য হব নোৱাৰে; পৃথিবীৰ ফালৰ পৰা এটা টান নপৰা হলে শেনিত লাগি থাকোঁতে যতে আছিল এৰাতত তুতে থাকিব লাগিছিল; নতুবা আন এফাললৈও যাব পাৰিলে হেতেন। এই টান সকলো বস্তুৰ ওপৰত সদা সৰ্ব্বদা আছে। যেতিয়ালকে আকৰ্ষণ শক্তিৰ বিৰোধে আন এটা সমতুল শক্তিএ বস্তুটিক ৰক্ষা কৰি থয় তেতিয়ালকে মাটিলৈ নপৰে। ৰক্ষা কৰিব নোৱাৰা হোৱা মাত্ৰ মাটিলৈ আহে। গছত ফল ওলোমাই ৰখা শেনি পকি পচি যেতিয়াই আশৰ সমান বলেৰে