পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৯৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত

১৬:৩৫, ৬ মে' ২০২০ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
প্ৰাকৃত-ভূগোল।

ভিতৰৰ ভাপ হৈ উঠি আরু উদ্ভিজ বস্তুএ টানি নিয়াৰ পাছত, যিখিনি পানী বাকি থাকে এটাই খিনি এসময়ত প্ৰধান নদীয়ে দি গৈ সাগৰত পৰে।

 নদী বিলাকৰ সকলোৰে একে পতি নহয়। কোনো খন নদী ভয়ঙ্কৰ তৰ্জ্জন গৰ্জ্জন কৰি ফেনে ফোলোকাৰে উপচি বৰ বেগেৰে সাগৰত সোমাইছে। কোনো খনে বা অতি মৃদু গতিৰে অনেক পাকলৈ, তাৰ কৰ যোগাইছে। কোনো বাৰিষা অত্যন্ত প্ৰবল বেগেৰে পাৰ ওপোচাই বৰ পানী কৰি ৰৈ যায়, কিন্তু খৰালি শুকাই প্ৰায় সম্পূৰ্ণ তলীৰ পকা বালি ওলায়। অষ্ট্ৰেলিয়া আরু স্পেন দেশৰ নদী বিলাকেই ইয়াৰ দৃষ্টান্ত। কেনেডাৰ চেণ্ট্‌লৰেঞ্চ প্ৰভৃতি কোনো কোনো নদীৰ পানী গোটেই বছৰ সমানে বৈ থাকে, জলসত্ৰৰ ঢাল অনুসাৰে নদী বিলাকৰ গতি পৃথক হয়। যি নৈৰ জলসত্ৰৰ ঢাল প্ৰায় সমান অৰ্থাৎ যাৰ জল-সত্ৰ ক্ৰমে চাপৰ হৈ আহে সেই নদীৰ গতিও ধীৰ; আরু সেই নিমিত্তে বওঁতে অলপ বাধা পালেই পাক লয়। যি নৈৰ জলসত্ৰ গড়ণীয়া তাৰ পানী অত্যন্ত বেগেৰে ৰৈ যায়, আরু বৰষুণ পৰা মাত্ৰ বান স্বরূপে বাগৰি যায়, কিন্তু খৰালি তাৰ তলী ওলায়। চেণ্ট্‌ লৰেঞ্চৰ নিচিনাকৈ যদি কোনো নৈ ডাঙ্গৰ হ্ৰদ, বিল বা পিটনিৰ মাজে আহে তেন্তে তাৰ পানীৰ গতি গোটেই বছৰৰ নিমিত্তে সমান বা প্ৰায় সমান থাকে। কাৰণ ঢল আহি প্ৰথমে সেই জলাধাৰৰ জল-সীমা ওখ কৰে আ{{বঙালী ৰু} তাৰ পৰাই গোটেই বছৰ অলপ অলপকৈ পানী সমানে ওলাই থাকে।

 জলাধাৰৰ বাহিৰেও, জল-সত্ৰৰ বৰ বহল বিস্তাৰ, তুষাৰ আৰু নিহাৰ-বাহ, পৰিশোষণ-শীল ভূমি আদি আ{{বঙালী ৰু} অনেক “বান কমাওঁতা” আছে। কিন্তু সকলোৰে ভিতৰত জলাধাৰেই এই বিষয়ত পকা। মিচিচিপি নদীৰ জল-সত্ৰৰ নিচিনা বৰ বহল হলে, এঠাইৰ খৰাঙ্গ অৱস্থায় আন ঠাইৰ বাৰিষাক কটাব পাৰে; সেই