সুখ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
Content deleted Content added
"<poem> সুখ সুখ বুলি মানুহ বলিয়া নেদেখে সুখৰ ম..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
৪৩ নং শাৰী: ৪৩ নং শাৰী:
সুখৰ নপৰে ওৰ ৷
সুখৰ নপৰে ওৰ ৷
<poem/>
<poem/>

[[শ্ৰেণী:আনন্দ চন্দ্ৰ আগৰৱালাৰ সাহিত্যকৰ্ম]]

২১:১৬, ২৫ জুন ২০১৩ৰ সংস্কৰণ

<poem> সুখ সুখ বুলি মানুহ বলিয়া

       নেদেখে সুখৰ মুখ ;

সুখ বিচাৰোঁতে পায় সংসাৰত

       দুখৰ উপৰি দুখ ৷

দেখিও নেদেখা কিয় দিন-কণা

       সুখযে হাততে আছে ;

যিয়ে দিব পাৰে স্বাৰ্থ-বলিদান,

       সুখ ফুৰে পাছে পাছে ৷

অকল নিজৰ নিমিত্তে নহয়

       আমাৰ জীৱন ভাই,

পৰৰ কাৰণে খাটিব পাৰিলে

       সংসাৰ সুখৰ ঠাই ৷

পৰৰ অভাৱ, পৰৰ দুখত

       হিয়া যদি পমি যায়,

পৰক আপোন কৰিব পাৰিলে

       সংসাৰত দুখ নাই ৷

শক্তি-সামৰ্থ পৰৰ সুখত

       বিলাব পাৰিলে ভাই,

পৰৰ কাৰণে কান্দিব জানিলে

       কান্দোনতো সুখ পায় ৷

সকলো আপোন যত নৰ-নাৰী ;

       কাকনো বুলিম পৰ ?

পৰমপিতাৰ সকলো সন্তান

       পৃথিৱী আমাৰ ঘৰ ৷

গাই-গোটা-পেটে- ভঁৰাল নহ’বা ৷

       লোকৰ দুখলৈ চোৱাঁ,

মানুহৰ সেৱা, মানুহৰ পূজা,

       পৱিত্ৰ বৰত লোৱা ৷

‘মই’ ‘মোৰ’ ভাবে তললৈ নমাব

       নাপাব ৰক্ষাৰ তৰী ৷

সুখৰ দুখৰ মনেই কাৰণ

       মনক কৰিবাঁ থিত ;

ত্যাগত লভিবা পৰম সন্তোষ

       সাধিবা লোকৰ হিত ৷

স্বাৰ্থৰ বাটত দুখৰ কাঁইট,

       খোজে পতি বিন্ধে হুলে,

স্বাৰ্থৰ বাট, সেন্দুৰীয়া আলি,

       সুগন্ধি কুসুম ফুলে ৷

যথাৰ্থ নিঃস্বাৰ্থ ধৰমী জীৱন,

       বিস্ব-প্ৰেমে ভৰ-পূৰ,

বিশ্বৰ সকলো ভাই-ভনী তাৰ,

       সুখৰ নপৰে ওৰ ৷