পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৯৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "প্ৰকৃত-ভূগোল। পানীৰ দেৱাল স্বৰূপে এই মহা বান আহি..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

২০:২৫, ২১ আগষ্ট ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰকৃত-ভূগোল। পানীৰ দেৱাল স্বৰূপে এই মহা বান আহি সকলোকে গ্ৰাস কৰিলে। কোনো ৰক্ষা পাওঁ বুলি পাৰৰ গছত উঠিছিল; কিন্তু পানীৰ বেগত গছ উভলি মানুহ মৰিল, কোনো ওখ শিলৰ ওপৰত উঠি সাৰিব খুজিছিল, কিন্তু সি তৎক্ষণাৎ তল গৈ মানুহ উটি গল, যি লৰ মাৰি ওচৰৰ ওখ পৰ্বতত উঠিবলৈ সময় পালে সি মাত্ৰ সাৰিল। | বান পানী আৰু ঢলৰ ভিন্ন আছে; খৰালি কালিতকৈ পানী লাহে লাহে ওখ হৈ বাঢ়িলে ঢল অহা কয়, কিন্তু অকস্মাৎ বেগেতে পানী বাঢ়িলে, বান অহা কয়। জোৰহাটৰ কাৰৰ দিচৈ * নদীৰ বানৰ কথা প্ৰায় সকলে বুজ পায়। বান নহলেও প্ৰায় সকলে নৈতে ঢল আহে। বছৰৰ কোনো এসময়ত পানী বাঢ়ি পাৰ উপচি যায়। এই সময় সকলো নৈতে একে নহয। বাৰিষা আৰু তুষাৰ দ্ৰৱ হোৱাৰ সময় অনুসৰি, এই সময় লৰ হয়। উৰ গোলাৰ্দ্ধত যেতিয়া বাৰিষা হয়, তেতিয়া দক্ষিণ গোলদ্ধতে খৰালি এই নিমিত্তে তাত ঢল অহা সময়ে ওলোটা। যিবিলাক নৈএ অকল বৰষুণৰ পৰাই পানী পায় সেই বিলাকৰ ঢল অহা সময় উত্তৰ গোলাৰ্দ্ধত আহাৰ শাওন মাহ; কিন্তু যিবিলাক নৈৰ উৎপত্তি প্ৰধান তুষাৰৰ পৰা হইছে, যেনে ইউৰোপ আৰু উত্তৰ আশিয়াৰ নদী বিলাক ) সেই বিলাক নদীৰ ঢল সময় ঠিক জাৰ আৰু জহৰ যোৰাতে অৰ্থাৎ চত বহাগ মাহত। কাৰণ এই সময়তে বেচিকৈ তুষাৰ দৰ হয়। ৰুশিয়া

  • ইয়াকে ভোগদৈও বোল। নগা পৰ্বতৰ পৰা ওলায় আহি,

জৈৰ হাটৰ দাঁতি দি গৈ তাৰ অলপ নামতে টোকোলাই নামে ফুদ্ৰ নৈত মিলি ব্ৰহ্মপুত্ৰত পৰিছে। ইয়াৰ গতিৰ একো স্থিৰ নাই। প্ৰায় বাট সলায় থাকে, আৰু ওচৰত থকা গাওঁ, ঘৰ, পথাৰ বুড়ায়, ৰাইতৰ প্ৰায় বৰপইমাল কৰে। চকুৰ আগতে, এক নিমিষতে জাগ-ইতীয়া হৈ যাঁকে যত পায় উটায় নি কৰবাত পেলায় দিও গ। ইয়াৰ ৰে ধৰ প্ৰকোপাৰ্নিত।