বিল্বেশ্বৰ/ৰজাৰ প্ৰতি স্বপ্নাদেশ
অৱয়ব
ৰজাৰ প্ৰতি স্বপ্নাদেশ
নিশাৰ আহাৰ ৰজাই নকৰি গ্ৰহণ।
বিষাদিত মনে ৰজা কৰিছে শয়ন॥
নিশা ভাগে স্বৰ্গদেউক দেখালা সপোন।
শুনা শুনা ৰজা মই দেৱ পঞ্চানন॥
গৌৰীপতী দিগাম্বৰ মই ধৰি শিলাকায়।
এই বিল্বপাহাৰত থাকিব সদায়॥
য'ত দিন থকিম মই এই পুন্যস্থানে।
মাৰি মৰক অমঙ্গল নহয় কোনোদিনে।
যেহিজনে পুজে মোক একাচিত্ত মনে।
মনোবাঞ্চা সিদ্ধি তাৰ কৰিম চিৰদিনে॥
সিকাৰণে শুনা ৰজা মোহৰ বচন।
এই স্থানে মঠ মন্দিৰ কৰহা নিৰ্মাণ।
নকৰিবা মিচাকষ্ট মোক তুলিবৰ।
মইয়েই আৰাধ্য তোমাৰ উমাপতি হৰ॥