বিল্বেশ্বৰ/ৰজাৰ অভিলাস ত্যাগ
ৰজাৰ অভিলাসত্যাগ
নিশা প্ৰভুৰ স্বপ্নাদেশ পাই ৰজা নাগশঙ্কৰে, প্ৰভুক নি নিজ মন্দিবত প্ৰতিষ্ঠা কৰাৰ যি হাবিলাস ৰজাই কৰিছিল, সেই হাবিলাস ৰজাই ত্যাগ কবিলে। সৈন্য সামন্ত সকলোকে ৰজাই মাতি আনি ৰাতি দেখা সপোনৰ কথা ৰজাই বিৱৰি কৈ বিল্বপাহাৰত প্ৰভূৰ মঠ মন্দিৰ নিৰ্মানৰ কথা ব্যক্ত কৰিলে। ৰাজআজ্ঞা শুনি বিল্বপাহাৰৰ চৌদিশৰ মানুহবোৰৰ মনত মহা আনন্দ, ল’ৰা-তিৰোতা, আবাল বৃদ্ধ বনীতাই, নানান উৰুলী জোকাৰেৰে ৰজাক সম্ভাষন আৰু পুজা অৰ্চনা কৰিবলৈ লৰি আহিল। ৰজাই নিজে স্নান দান কৰি প্ৰভুৰ চৰণত বেলপাত, ধতুৰা ফুলেৰে পূজা কৰি, নেজানি কৰা ভুলৰ বাবে প্ৰভুৰ চৰনত ক্ষমা বিচাৰি মন্দিৰ নিৰ্মানৰ কামত মনোনিৱেশ কৰিলে। ভাল ভাল নিৰ্মাতাক আনি ৰজাই প্ৰথমে প্ৰভুৰ মঠ নিৰ্মানৰ দায়িত্ব দিলে। প্ৰভু সমভূমিৰ পৰা তললৈ যোৱা বাবে পকী সুৰঙ্গৰ ব্যৱস্থা কৰা হ’ল। মঠৰ গাত নানান দেৱদেৱীৰ মুৰ্ত্তি খোদিত কৰা হ'ল। ওপৰত সোণৰ কলসী দিয়া হ’ল। মঠৰ ঠিক উত্তৰ ফালে এটা চাৰি কোণীয়া কুৱা খন্দা হ’ল ভক্ত সকলে তাৰ পানী, মুৰত আৰু মুখত দি প্ৰভুৰ চৰণ অমৃত বুলি সন্তোষ লভে। কিছুমান বনুৱাই প্ৰভুৰ বাটচ’ৰা, ভোগঘৰ, দলৈ, দেউৰী, পুৰোহিতৰ বাবে জিৰণি ঘৰ নিৰ্মান কাৰ্য্যত লাগি যায়। মাটি কটা বনুৱাই মঠৰ উত্তৰ পূৱ কোণত এটি পুখুৰী খান্দি তাৰ পানীৰে ভোগ প্ৰসাদ আদি তিৱোৱা কাম সহজ সাধ্য কৰি তোলে। মঠৰ পশ্চিম দিশত নিত্যপূজা ঘৰ, তাৰে পশ্চিমত বিশাল আকাৰৰ সভাঘৰ নিৰ্মান কৰা হয়।
যেতিয়া মঠ মন্দিৰৰ কাম সম্পূৰ্ণ হৈ উঠিল ৰজাৰ মনত মহা আনন্দ, ৰজাই ভাবে অকল মঠ মন্দিৰবোৰ নিৰ্মাণ হলেই নহব এই মঠ মন্দিৰত পুজা সেৱা চলি থাকিলেহে ইয়াৰ সৌস্থৱ বাঢ়িব। বিল্বপাহাৰৰ ওচৰ পাজৰৰ মানুহবোৰ ৰাজ আজ্ঞাত আহি মন্দিৰৰ চোতালত উপস্থিত হ’ল। ৰজাই সভাপাতি সমজুৱাৰ মাজত কিছু বিষয় বাব ভগাই দিলে।