বিল্বেশ্বৰ/মোৰ গাওঁ
-মোৰ গাঁও-
চৌত্ৰিশখন চুবুৰীৰে ভৰা ঘন বসতিপূৰ্ণ, অতিজৰ পৰা শিক্ষা সংস্কৃতিত আগবঢ়া এই বেলশৰ বিল্বেশ্বৰ গাঁও ধৰ্ম সংস্কৃতি শিল্পকলাৰে পূৰ্ণ অসমৰ এখন জাকত জিলিকা গাঁও। বেলশৰ বিল্বেশ্বৰ অতিজত মুঠ চৌত্ৰিশ চুবুৰী আছিল। বৰ্ত্তমান জনসংখ্যা বৃদ্ধিৰ লগে লগে চুবুৰীৰ সংখ্যা বৃদ্ধি হৈছে।
চুবুৰীসমূহ-
দেউৰীপাৰা, মালীপাৰা, মাতাপাৰা, চান্দপাৰা, ভড়ালীপাৰা, শিকদাৰথেৰ, মুদিয়াৰপাৰা, খৈৰাপাৰা, তিলাপাৰা, ডেকাপাৰা, বীৰাপাৰা, ভাৰাকইঠপাৰা, শুকাপাৰা, পাটকো পাৰা, মেনাপাৰা, ঠাকুৰীয়াপাৰা জৰিয়াপাৰা, পাইকপাৰা, হুজুৰীপাৰা, বায়নপাৰা, নটপাৰা, ভেন্দাপাৰা, ফিৰিঙি ডেকা পাৰা, তালুকদাৰপাৰা, চৌধুৰীপাৰা, খেদেলা পাৰা, বৰাখাট, শইকীয়াপাৰা, বৰভিঠা, পাটোৱাৰী পাৰা, কমাৰপাৰা, কুমাৰপাৰা, উজনাপাৰা
মোৰ গাঁওৰ শিক্ষানুস্থান-
| প্ৰাইমাৰী স্কুল | ১৪খন |
| হাইস্কুল- | ৩খন |
| মজলীয়া স্কুল | ২খন |
| কলেজ- | ২খন |
চৰকাৰী কাৰ্য্যালয়- চিকিৎসা, ডাকঘৰ, জনস্বাস্থ্য, থানা, কোষাগাৰ, পশুচিকিৎসালয়, চাব ৰেজিষ্টাৰ, পি ডব্লিউ দি, ইৰিগেছন, বাংলা, সমবায়,
বাণিজ্য- বিল্বেশ্বৰ দেৱালয়ক কেন্দ্ৰ কৰি ইয়াত এখন সুন্দৰ বেহা বেপাৰৰ স্থান হিচাবে গঢ় লৈ উঠিছে, কাপোৰৰ দোকান, চাহ দোকান, মনোহাৰী দোকান, লোহালক্কৰৰ দোকান, কিতাপৰ দোকান, প্ৰেছ, ফটোষ্টেট, মিস্ত্ৰি গাড়ী ভালকৰা দোকান, বিস্কুত বেকাৰী, ফাৰ্মাচী, ফলৰ দোকান, কাঠৰ দোকান ইত্যাদি- ইয়াৰ উপৰিয়ো শুক্ৰবাৰ আৰু মঙ্গলবাৰে দুদিন হাট বহে।
পৰিবহন- চৰকাৰী পৰিবহন বিভাগৰ চাৰিখন বাছ বেলশৰ আৰু বেলশৰৰ মাজেৰে গুৱাহাটীলৈ অহাযোৱা কৰে। ইয়াৰ উপৰিও কেইবা খনো বেচৰকাৰী গাড়ী গুৱাহাটীলৈ অহাযোৱা কৰে। সৰু গাড়ীৰ ভিতৰত টেম্পো, ৰিক্সা, সৰু চাৰিচকীয়া বাহন, ইলেকট্ৰিক বিক্সা আমাৰ পৰিবহনৰ আহিলা।
কৰ্ম- এই গাঁওত মন্ত্ৰী- মিনিষ্টাৰ, শিক্ষক, ডাক্তৰ, কবি, সাহিত্যিক, অভিনেতা, নাট্যকাৰ, প্ৰযোজক, গায়ক, গায়িকা, মুক্তিযোদ্ধা, কেবাণী মহৰী, হালোৱা, মণ্ডল, ঠেলাৱালা, ৰিক্সাৱালা, বেপাৰী, কাৰিকৰ আদি আমাৰ উপাৰ্জনৰ পথ৷
সংস্কৃতি- সংস্কৃতিৰ দিশত আমাৰ অৱদান লেখত লবলগীয়া
নাট্যশিল্পী- স্বৰ্গীয় ভৈৰৱ বৰ্মন, স্বৰ্গীয় উগ্রমেনা,স্বর্গীয় অখিল বর্মন, স্বর্গীয় কুমুদ বর্মন, শ্রীকনক শৰ্মা, শ্রীজিৱেশ্বৰ ডেকা, শ্রীভোগী বৰ্মন, শ্রীবৰোদা মেনা, শ্ৰীমীনা কুমাৰী,স্বৰ্গীয় ভাস্কৰ বৰ্মন, নৃত্যশিল্পী বিনোদ বৰ্মন, শ্রীনৰেন পাটোৱাৰী, শ্ৰীৰঞ্জিত মিশ্র
| পুতলা নাচ- | স্বর্গীয় কবি ডেকা |
| চিত্রশিল্পী- | স্বৰ্গীয় লক্ষী মজুমদাৰ |
প্রযোজক- স্বৰ্গীয় বানেশ্বৰ ডেকা, স্বৰ্গীয় গজেন মজুমদাৰ (প্ৰথম বেলা যাত্রাদল), স্বর্গীয় অক্ষয় তালুকদাৰ (ৰূপৰাণী নাট্য সমিতি )
| পুতলা নাচ- | স্বর্গীয় কবি ডেকা |
| শ্রীযাদব সেন ডেকা- | কল্পনা (মহিলা থিয়েটাৰ |
| শ্রীভোগী বর্মন- | মহাভৈৰৱ যাত্রাদল |
| শ্ৰীকৰুনা চৌধুৰী- | স্মৃতি নাট্য সংঘ |
| স্বর্গীয় প্রতাপ ভড়ালী | |
| স্বৰ্গীয় মহিধৰ পাটোৱাৰী | |
| শ্ৰীৰঞ্জিত মিশ্র- | ঐনিতম |
| শ্রীদিলীপ মেনা- | অনুৰাগ থিয়েটাৰ |
| ওজাপালী শিল্পী- | |
| স্বৰ্গীয় নৰোৰাম বৰ্মন | (ওজা) |
| স্বৰ্গীয় ৰঙো বৰ্মন | (ডাইনাপালী) |
| স্বৰ্গীয় বিষ্ণুৰাম হালৈ | (ডাইনাপালী) |
| স্বৰ্গীয় ললিত হালৈ | (ওজা) |
| স্বৰ্গীয় হৰকান্ত হালৈ | (ওজা) |
| স্বৰ্গীয় চক্ৰধৰ মেনা | (ওজা) |
| স্বৰ্গীয় নিভাষা বৰ্মন | (পালী) |
| স্বৰ্গীয় গুদা বৰ্মন | (পালী) |
| স্বৰ্গীয় দেবী বৰ্মন | (পালী) |
| স্বৰ্গীয় জল্টিৰাম বৰ্মন | (পালী) |
| স্বৰ্গীয় পূৰ্ণা বৰ্মন | (পালী) |
| বৰ্ত্তমান | |
| শ্ৰীহৰমোহন ৰাজবংশী | (ওজা) |
| শ্ৰীপ্ৰভাত হালৈ | (ডাইনাপালী) |
| শ্ৰীবিচিত্ৰ ৰাজবংশী | (ওজা) |
| শ্ৰীদিলীপ ৰাজবংশী | (ডাইনাপালী) |
| শ্ৰীশনিৰাম ৰাজবংশী | (পালী) |
| শ্ৰীকৈলাশ বাজবংশী | (পালী) |
| শ্ৰীবিৰেণ ৰাজবংশী | (পালী) |