সমললৈ যাওক

বিল্বেশ্বৰ/মুৰ্ত্তি বিশেষত্ব

ৱিকিউৎসৰ পৰা
 

 মুৰ্ত্তি বিশেষত্ব

 

 আন ঠাইৰ দৰে বিল্বেশ্বৰ দেৱালয়ত মাটিৰ নিৰ্মিত মুৰ্তি নাই। ধাতুৰে নিৰ্মিত স্থায়ী দেৱী প্ৰতিমাৰ লগতে বাঁহৰএটি দেৱী সাজি নানান বস্ত্ৰ অলংকাৰেৰে সৰ্জিত কৰি সজাই পৰাই দেৱী দুৰ্গাৰ পূজা কৰা হয়। ইয়াৰ উপৰিয়ো নৱপত্ৰিকা ৰামকলৰ দেৱী এটা তৈয়াৰ কৰা হয়। ইয়াৰ উপৰিও নৱপত্ৰিকা ৰামকলৰ দেৱী এটা তৈয়াৰ কৰা হয়।

বলি- প্ৰতিপদ এটা ছাগলী সপ্তমী আৰু নৱমী তিথিত মাৰ পূজাত বলি প্ৰদান কৰা হয়। অষ্টমী পূজা অৰ্ধৰাত্ৰী পূজাত বলি হয়। সন্ধি পূজা দিনটো মহাপূজা’ বোলা হয়।

ভোগ- নিত্য ভোগৰ উপৰিও নৱমী পূজাৰ দিনা ভোগ দান কৰা হয়। বৰ ৰাণী ফুলেশ্বৰীৰ দিনৰ পৰা পূজা উদযাপন কৰা হয়।

হোমশান্তি- নৱমী পূজাৰ বলিৰ পিচত হোম আৰু মহাশান্তি প্ৰদান কৰা হয়। পূজাৰ আটাই কেইদিন বৈদিক পদ্ধতি অনুসৰি পূজা আৰতি, ওজাপালী, ঢুলীয়া নাম আদিয়ে বিল্বেশ্বৰ দেৱালয় ৰজন জনাই থাকে। বিভিন্ন থিয়েটাৰ দলৰ মাইক সমূহৰ ভিন্ন সুৰিয়া গীত, মাত আৰু শুৱলা কণ্ঠস্ববেবে ঘোষক ঘোষিকাই জন সমুদ্ৰত লহৰৰ দৃষ্টি কৰে।

কাতি- কাতি মাহত (তিথি ব্যতিৰেক) আহিনত খ্ৰীলক্ষ্মী দেৱীৰ, পূৰ্ণিমা তিথিত পূজা কৰা হয়। দেৱালয়ৰ লক্ষী পূজাত হাঁহ বলিৰ প্ৰথা আছে।