বিল্বেশ্বৰ/মহাপ্ৰভুৰ মঠৰ চাৰিসীমা
অৱয়ব
মহাপ্ৰভুৰ মঠৰ চাৰিসীমা
অতীতৰ
| উত্তৰে- | পুখুৰী আৰু কেতেকী ফুলৰ বাগান। |
| পশ্চিমে- | বাটচ’ৰা, বাটচ’ৰাৰ কেইহাত মান উত্তৰে এজোপা সুন্দৰ তৰুৱা কদম। |
| দক্ষিণে- | এজোপা ডাঙৰ ঠালে ঠেঙুলী ভৰা বকুল গছ আৰু মঠৰ ঠিক দক্ষিণ দিশত এজোপা কঠাল গছ আছিল। গছজোপাৰ পশ্চিমত দলৈ পুৰোহিতৰ জিৰণি ঘৰ, ভোগ ঘৰ, ভৰাল ঘৰ আছিল। মঠৰ সংলগ্ন পকী সুৰঙ্গৰ পশ্চিমত নিত্যপূজা গৃহ। তাৰ পশ্চিমৰ আহল বহল ঘবটোক অতীতত ডামা ঘৰ বুলি কোৱা হৈছিল। ডামা ঘৰৰ গাতে লাগি থকাকৈ ‘মা দুর্গা মন্দিৰ’ আজিও বিৰাজ মান। |
| পূৱে- | মঠৰ পুৱ দিশত আছিল পুখুৰী । অতিজত পূৱ, পশ্চিম আৰু দক্ষিণ দিশেবে মন্দিৰত প্রৱেশ কবাব পথ আছিল। |
বৰ্তমান মঠৰ চাৰিসীমা
| পুৱ- | উত্তৰ কোণত উন্মুক্ত ভোলা নাথৰ বৃহত মার্বলব মূর্তি, পুখুৰী পুখুৰীৰ মাজত প্রভুৰ মূৰ্ত্তি উদ্যান নৱপ্রতিষ্ঠিত বিষ্ণু মন্দিব, বেলবৰণ মন্দিব। পকী দেৱালয়ৰ ওচৰে ওচৰে শুৱনি তাল গছবোৰ আৰু এজোপা পলাশ গছ। |
| উত্তৰ- | অতিথি শালা, নৱনিৰ্মিত মঞ্চ, সভাগৃহৰ লগতে বর্তমান মন্দিৰত বিবাহ যাত্ৰীৰ বাবে কিছু সা-সুবিধা থকা গৃহ। |
| পশ্চিম- | নৱনিৰ্মিত মনোমহা বাটচ'ৰা, বাটচ'ৰাৰ পশ্চিমে পূজা সবাহত দোকান পাহাৰৰ ঠাই। বৰ্ত্তমান মন্দিৰৰ পশ্চিম দক্ষিণ কোণত বৰ
ডাঙৰ দীঘল দেৱান পুখুৰী । পুখুৰীৰ পাৰত বিভিন্ন ৰঙৰ ফুলৰাজি দৰ্শকৰ মন আকর্ষণ কৰে। মনত বৰ আনন্দ দিয়ে পুখুৰীত থকা বিভিন্ন প্ৰজাতিৰ মাছৰ সমাহাৰে। |
| দক্ষিণ- | নৱনিৰ্মিত দুমহলীয়া ঘৰটো দলৈ, পুজাৰী আৰু ভক্ত সকলৰ জিৰণী কোঠা। মঠৰ সম্পূৰ্ণ চাৰিও ফাল পকী কৰা হৈছে। নিত্য পৃজাঘৰৰ গাতে লাগি আছে প্রভু গণেশ দেৱৰ মুর্তি। দেৱান পুখুৰীৰ পুৱ দক্ষিণ ফালৰ প্রৱেশ পথৰ ওচৰতে দুই তিনিটা ভাগত নিৰ্মালী, প্ৰসাদ, বেলপাত, কুপন আদি দিয়া ঠাই। |