সমললৈ যাওক

বিল্বেশ্বৰ/মঠ মন্দিৰ নিৰ্মাণ

ৱিকিউৎসৰ পৰা

মঠ মন্দিৰ নিৰ্মাণ

 সেই সময়ত অসমত নাগাক্ষ নামে ৰজা এজনে ৰাজত্ব কৰিছিল আনুমানিক ৪০০ খৃষ্টাব্দ মতান্তৰে ২৫২ খৃষ্টপূৰ্বত। নাগাক্ষ বা নাগ শঙ্কৰ ৰাজপাটত থকাৰ সময়ত ইকান-সিকান কৈ বিল্বপাহাৰ প্ৰভূ শিৱৰ অৱিৰ্ভাৱৰ কথা ৰজাৰ কানত পৰিল।

 ৰজাই ভাবিলে বিল্বপাহাৰত আবিৰ্ভাৱ হোৱা প্রভু শিৱক তুলি আনি মোৰ ৰাজ মন্দিৰত প্ৰতিষ্ঠা কৰিব লাগিব। এই কথা ভাবি মহাৰাজ নাগাক্ষ হাতী, ঘোৰা, সৈন্য সামন্ত লৈ বিল্বপাহাৰত আহি চাউনী পাতিলে। ৰজা অহা খবৰ পাই দুৰ দুৰণিৰ পৰাও মানুহবোৰ লৰি আহিল। বিল্বপাহাৰ সভা ক্ষেত্ৰলৈ পৰিনত হ’ল। ৰজা নাগাক্ষই প্ৰথমতে পুজা পাঠ কৰি শিলাটো তুলিবলৈ বনুৱা লগাই দিলে। কিন্তু কি আচৰিত শিলাগোট তুলিবলৈ যিমানে যত্ন কবিলে, সিমানে শিলাগোট ক্ৰমান্নয়ে তললৈ গৈ থাকিল। উপায়ন্তৰ হৈ বনুৱা সকলে বজাৰ ওচৰত গোহাৰি দিলে যে এনে ধৰণে শিল তুলিব পৰা নেজাব। কাৰণ ইতিমধ্যে শিলাগোট সমভূমিত পদাৰ্পন কৰিছে।

 ৰজা নাগাক্ষ আচৰিত হ’ল, শিল এটাৰ ইমান শকতি। উপায়ন্তৰ ৰজাই পাহাৰৰ মাটিবোৰ আতৰাই পেলাবলৈ বনুৱা সকলক আদেশ দিলে। কথামতে কাম হ’ল। মাটিবোৰ আতৰাই পেলোৱা হ'ল। ৰজাৰ আদেশত শিলাটোত শিকলি লগাই হাতী তিনি চাৰিটা মান আনি শিকলিত ধৰি টানিবলৈ লগাই দিলে, কিন্তু কি আচৰিত যিমানে টানিছে সিমানে শিলাগোট সমভূমি পাৰহৈ বহু তললৈ গ’ল। হাতী বনুৱা সকলো ভাগৰি পৰিল।