বিল্বেশ্বৰ/বিষয়বাব আৰু চুবুৰীৰ নাম
অৱয়ব
বিষয়বাব
| ১। | যি ব্ৰাহ্মনৰ কপিলী গাই বিৰিণাৰ ওপৰত গাখীৰ দিছিল সেই ৰূপ নাৰায়ণ ব্ৰাহ্মণক পুজাৰীৰ দায়ত্বত আৰু গোবিন্দ মিশ্ৰক বিধিপাঠকৰ দায়ত্ব দিয়া হ'ল। |
| ২। | পূজা ভোগৰ যি সকলে যোগান ধৰিব তেওঁলোকক দেউৰী উপাধি দিয়া হ'ল। দেউৰী সকলৰ বাসস্থান থকা ঠাই দেউৰী পাৰা। |
| ৩। | পুজাৰ বাবে ফুল, বেলপাত, মালা, যিজনে আনি দিব তেওঁক মালী উপাধি দিয়া হ’ল তেওঁৰ বাসস্থান মালিপাৰা |
| ৪। | পূজা সেৱাৰ সময়ত ব্ৰাহ্মণ, গায়ন, বায়ন, যাত্ৰাদল ঢুলীয়া আদি নিমন্ত্ৰণীৰ উপৰিও বিচাৰ আদিৰ নিমন্ত্ৰণ যিজনে দিব তেওঁৰ উপাধি মাতাশাৰা তেওঁৰ নামে মাতাপাৰা |
| ৫। | পুজা সেৱাত চান্দোৱা কাপোৰ যোগান ধৰাৰ উপৰিও ইচ্ছাকৃতভাবে দান-বৰঙণি যিজনে সংগ্ৰহ কৰিব তেওঁক উপাধি দিয়া হ’ল চান্দশাৰা তেওঁৰ নামে চান্দপাৰা। |
| ৬। | অকল পূজা সেৱাৰ সময়তে নহয়, মন্দিৰৰ নিত্য কৰ্মৰ সময়তো যিজনে ভড়ালৰ সম্পূৰ্ণ দায়িত্ব লব তেওঁৰ উপাধি ভড়ালী। তেওঁৰ নামে ভড়ালীপাৰা |
| ৭। | বিচাৰৰ দায়ত্ব যি জনক দিয়া হ’ল তেওঁক উপাধি দিয়া হ’ল শিকদাৰ। শিকদাৰৰ বাসস্থান শিকদাৰ পাৰা |
| ৮। | পূজা সেৱাৰ ভোগৰ বাবে প্ৰয়োজনীয় খৰি খেৰ যিজনে যোগান ধৰিব তেওঁৰ উপাধি খৰিয়া তেওঁৰ নামে খৰিয়াপাৰা। |
| ৯। | শিকদাৰৰ সহঃ বিচাৰক মুদিয়াৰ মুদিয়াৰৰ নামে মুদিয়াৰপাৰা। |
| ১০। | পুজাৰ বাবে তিল, চাউল, দুবা যিজনে যোগান ধৰিব তেওঁৰ চুবা তিলাপাৰা। |
| ১১। | পুজা সেৱাৰ সময়ত যিজনে স্বেচ্ছাসেৱাৰ কাম কৰিব তেওঁক ডেকা উপাধি দিয়া হ’ল তেওঁৰ বাসস্থান ডেকাপাৰা। |
| ১২। | বীৰত্বৰে পুজা সবাহত যিজনে গন্দগোল আদি মীমাংসা কৰিব তেওঁক বীৰ উপাধি দিয়া হ’ল। তেওঁৰ নামে বীৰাপাৰা। |
| ১৩। | কোনো মানুহৰ আকস্মিক দুৰ্ঘটনা আদিত যিজনে চিকিৎসা সেৱা আগবঢ়াব তেওঁক উপাধি দিয়া হ'ল। ওজা (বেজ) তেওঁৰ নামে ওজাপাৰা। |
| ১৪। | শিকদাৰ আৰু মুদিয়াৰৰ তলত আৰু এজন বিচাৰক সৰু সুৰা বিচাৰবোৰ তেওৱে সমাপ্ত কৰিব পাৰে। তেওঁক উপাধি দিয়া হ’ল মেধী তেওঁৰ নামে মেধীপাৰা। |
| ১৫। | বিচাৰৰ সময়ত যিজনে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিব তেওঁক উপাধি দিয়া হ'ল মেলেকী তেওঁৰ নামে মেলেকীপাৰা |
| ১৬। | শিকদাৰ, মুদিয়াৰ, মেধী সমাপ্ত কৰিব নোৱাৰা বিচাৰ যিজনে কৰিব বিচাৰক সৰ্বোচ্চ ভাৰাকাইঠ উপাধি দিয়া হ'ল। |
| ১৭। | পুজা সেৱাৰ সময়ত বগা কাপোৰ যিমান লাগে (বৰণৰ কাপোৰ আদি কৰি) যিজনে দিব লাগিব তেওঁৰ চুবা শুক্লাপাৰা (বৰ্ত্তমান শুকাপাৰা) |
| ১৮। | দোনা, পাত, কল, কলপুলি আদি যিজনে যোগান ধৰিব তেওঁৰ চুবা পাটকোপাৰা (উপাধি পাটোৱাৰী) |
| ১৯। | সকলো কামৰ যিজনে তদাৰক কৰিব তেওঁক মেনা উপাধি দিয়া হ’ল। তেওঁৰ নামে মেনাপাৰা |
| ২০। | সাধাৰণ ৰাইজ ব্ৰোহ্মণৰ বাহিৰে) কৰ্মকৰ্তা আদিৰ বাবে যিজনে ৰন্ধা বঢ়া কৰিব তেওঁক ঠাকুৰ উপাধি দিয়া হ'ল তেওঁৰ নামে ঠাকুৰীয়া পাৰা। |
| ২১। | পুজা সবাহত, মঞ্চ, চাইমালা এনেকি চন্দ্ৰতাপ হেঙাৰ বন্ধা আদি জৰি যিজনে যোগান ধৰিব তেওঁৰ ঠাই জৰিয়াপাৰা |
| ২২। | ইয়াৰ ভিতৰত চাৰিজন মুছলিম পাইক দিয়া হ'ল কোনো কাৰণত কোনোবাই যদি বিচাৰ নেমানে মুচলিম পাইকে তেওঁক ধৰি আনিব পাইকৰ বাসস্থান পাইকপাৰা |
| ২৩। | পাইক সকলৰ ওপৰত এজন হুজুৰ থাকিব (প্ৰধান) তেওঁৰ নামে হুজুৰীপাৰা |
| ২৪। | মন্দিৰৰ নিত্য পুজাৰ, আৰতীৰ সময়ত যি সকলে খোল তাল বাদ্য কৰিব তেওঁক বায়ন উপাধি প্ৰদান কৰা হ'ল তেওঁৰ নামে বায়নপাৰা |
| ২৫। | অতিজত দেৱ-দেৱীৰ সন্তুষ্টিৰ বাবে কিছু পুৰুষ মহিলাই দেৱ-দেৱীৰ আগত নৃত্য কৰিছিল নৃত্য শব্দৰ আধাৰত তেওঁক নট বোলা হয়। তেওঁৰ ঠাই নটপাৰা |
| ২৬। | পোহৰৰ বাবে কিছুমান ভন্দা (লাউ কামোৰা খুলি তাত শলিতা আৰু ভঙা সৰিয়হৰে পোহৰ কৰা এটা যতন) যিজনে এই ভন্দা তৈয়াৰ কৰে তেওঁৰ ঠাই ভেন্দাপাৰা |
| ২৭। | বিচাৰত দোষী সাব্যস্ত হ'লে যিজনে শাস্তি প্ৰদান কৰিব (অতি খঙাল ডেকা) তেওঁৰ ঠাই ফিৰিঙি ডেকাপাৰা বোলা হয়। |
| ২৮। | মন্দিৰৰ চৌ-পাশৰ পৰা আৰম্ভ কৰি নিস্কৰ ভূমি আদি যিজনে তদাৰক কৰিব তেওঁক ৰজাই তালুকদাৰ উপাধি দান কৰে তেওঁৰ নামে তালুকদাৰপাৰা। |
| ২৯। | মন্দিৰত কদাল, কুঠাৰ যাবতীয় অস্ত্ৰ যিজনে যোগান ধৰিব তেওঁৰ চুবুৰী কমাৰপাৰা |
| ৩০। | পুজা বা মন্দিৰৰ নিত্য কৰ্মত, ঘট, চাকী, চৰু ধূনা বাতি আদি যিজনে যোগান ধৰিব তেওঁৰ চুবুৰী কুমাৰপাৰা |
| ৩১। | বৰভিঠা বৰদেউৰীসকলৰ বাসস্থান ঠাইখিনি আন ঠাইতকৈ অলপ ওখ আছিল বাবে বৰভিঠা বোলা হয়। তেওঁলোক মন্দিৰৰ তন্ত্ৰধাৰক পদবীৰ অধিকাৰী |